অণুগল্পঃ প্ৰতিযোগী ৮

 


নাৰী নিৰ্যাতন

তাই প্ৰতিদিনে নিৰ্যাতিত হয়। শাৰীৰিকভাবেও আৰু মানসিকভাবেও। তাই নিৰ্যাতিত হয় তাইৰ জন্মদাতা পিতৃৰ পৰা। তাই নিৰ্যাতিত হয় তেতিয়া, যেতিয়া তাইক পিতৃয়ে কয় জাৰজ বুলি। যেতিয়া তাইৰ সৰু কিবা কাৰণতে পিতৃৰ ভৰিৰ চেণ্ডেল তাইৰ গালত পৰে। সেই সময়তে তাইৰ মাকজনীও নিৰ্যাতিত হয় মদাহী আৰু ভঙুৱা স্বামীৰ হাতত। যেতিয়া স্বামীৰ কবলৰ পৰা সন্তানক সুৰক্ষা দিব লগা হয় তেতিয়া মাকজনী নিৰ্যাতিত হয়। মাকজনী নিৰ্যাতিত হয় তেতিয়া, যেতিয়া যৌতুকক লৈ তাচ্ছিল্য কৰে।

মিতালী কলিতা

বৰবাৰী (লচিমা), নলবাৰী , ফোন:-৬০০৩২৯৫২০৬

Post a Comment

0 Comments