অণুগল্পঃ প্ৰতিযোগী ৯

 


অমানুহ

দুদিনমান আইতাকহঁতৰ লগত থাকক বুলি চাৰিবছৰীয়া পাহিজনীক মাক-দেউতাকে গাঁৱৰ ঘৰত থৈ গ'লহি ।  কণমানিজনীয়ে অনবৰতে আইতাকৰ চাদৰৰ আঁচলত ধৰি ফুৰে । ৰাতি শুৱৰ পৰত আৰু দুপৰীয়া ভাত খাই উঠাৰ পাছত আইতাকে কোৱা সাধুবোৰ তাই বৰ মনোযোগেৰে শুনি পাছত আইতাকক ক'য় । অনাবিল আনন্দেৰে ভৰি পৰে আইতাকৰ মন ।
গতানুগতিক দিনবোৰৰ মাজতে এদিন দুপৰীয়া সাধুৰ মেলখন মাৰি থাকোতেই দুয়ো টোপনি গ'ল । সাৰ পাই আইতাকে বুকুৰ মাজত পাহিক নাপাই বিচাৰি ফুৰিলে । নাই ... , ঘৰটোৰ ভিতৰতে ছোৱালীজনী নাইকীয়া হ'লচোন । বিচাৰি ফুৰোতে এপাকত গৈ চোতালৰ এমূৰে থকা খেৰৰ মেজীটোৰ কাষত অৰ্ধচেতন অৱস্থাত নিম্নাংশ তেজেৰে লুতুৰি-পুতুৰি হৈ তাইক পৰি থকা দেখা পালে । ঘৰখনত হুলস্থূল লাগিল । দৌৰাদৌৰিকৈ তাইক হস্পিতাললৈ লৈ যোৱা হ'ল। চকুপানী টুকি মহিলা ডাক্তৰ গৰাকীয়ে ক'লে "তাইৰ এটা গুৰুতৰ অস্ত্ৰোপচাৰ কৰিব লাগিব" ।
প্ৰাথমিক চিকিৎসাৰ পাছত আইতাকৰ হাতখনত ধৰি পাহিয়ে ক'লে " মই খুড়াক বেয়া পালো । খুড়াক আৰু কেতিয়াও নামাতো ..." ।


পূৰৱী চক্ৰৱৰ্তী সূত 
লাওখোৱা পথ (উত্তৰ হয়বৰগাঁও)
নগাঁও, ম'বাইল ফোন নং -- 7002930271

Post a Comment

0 Comments