অণুগল্পঃ প্ৰতিযোগী ১০

 


বোজা 

ৰমলাই তাইৰ স্ফীত পেটটোলৈ চাই থৰ লাগিল ৷ ক"ত কেনেকৈ কি হ’ল তাইচোন ধৰিবকে পৰা নাই_  একো কৰিবয়ো পৰা নাই ৷ সজল  দুচকুৰে  একে থিৰে তাইলৈ চাই থকাৰ বাহিৰে ৷
দাৰিদ্ৰতাৰ  বোজা খিনি অকলে ভাৰ বব নোৱাৰি তাইয়ে এদিন   তেৰ বছৰীয়া জীয়েকক  মহাজনৰ ঘৰলৈ  কাম কৰিবলৈ পঠিয়াইছিল ৷
আজি নমাহে তাইৰ বোজা টো কমক চাৰি    ভাৰৰ ভৰত তাই একেবাৰে কোঙা হৈ পৰিল ৷ 


চম্পা দাস দুৱৰা
শিৱসাগৰ, 9678132871

Post a Comment

0 Comments