সীমা

যেনিতেনি তেজ ওলোৱা বন্ধ কৰিবলৈ ঘৰখনত যি দুই এখন চাফা কাপোৰ আছিল পোন্ধৰ বছৰীয়া সীমাৰ গুপ্তাংগত বাপেক কমলেশ্বৰে তাৰ কান্ধৰ গামোছাখনেৰে কেনেবাকে হেঁচা দি ৰাখি বিচনা চাদৰখনেৰে মেৰিয়াই তাইক দাংকোলাকৈ দাঙি নি নিজৰ ৰিক্সাখনৰ চিটত একাটিকৈ আউজাই বহাই পুৰণি গাৰু দুটা মূৰত দুখ নোপোৱাকৈ দি তাইক ৰছীৰে ৰিক্সাৰপৰা পৰি নোযোৱাকৈ বান্ধিলে আৰু  জীয়েকক পাগলৰ দৰে হৈ সুধিলে তাই ঠিকে আছেনে?  তাৰপাছত কমলেশ্বৰে খৰখেদাকৈ ৰিক্সাখন হস্পিতাললৈ বুলি চহৰলৈ চলালে৷ জীয়েক মূৰ্চা গৈছে৷ মাক সৰুতে ঢুকোৱাত কমলেশ্বৰৰ হাততে ডাঙৰ দীঘল হৈ শান্ত সীমাজনী গাভৰু হ’ল৷ ৰিক্সা চলাই যি পাইছে তাৰেই বাপেক জীয়েকে খাই লৈ কোনোমতে চলি আছে৷ জীয়েক পঢ়িশুনি ডাঙৰ মানুহ হওক এয়াই কমলেশ্বৰৰ সপোন৷ পিছে সিদিনা সপোন ভগাৰ দুখত কমলেশ্বৰে চিঞৰিবলৈ তথা কান্দিবলৈ পাহৰিছে৷ সীমাহঁতৰ গাৱঁত মানুহ বুলিবলৈ অ’ত ত’ত এঘৰ দুঘৰ মানুহ৷ সাত আঠ কিলিমিটাৰ দূৰৰ চহৰৰ হাইস্কুল এখনৰ শিক্ষক গাৱঁৰে ৰমাকান্তক আজি বিশ বছৰে কমলেশ্বৰে নিজৰ ৰিস্কাত স্কুললৈ অনা নিয়া কৰিছে৷ যি গৰাকী ৰমাকান্তই সীমাক সৰুৰেপৰা নিজৰ জীয়েকৰ দৰে মৰম কৰি ডাঙৰ হৈ বিদ্যালয়লৈ যোৱাত পঢ়াশুনা কৰিবলৈ শিকোৱাৰ লগতে তাইৰ পঢ়াশুনাৰ খৰচ কমলেশ্বৰৰ হাততে তুলি দি সহায় কৰি আহিছে সিগৰাকী ৰমাকান্তক সিদিনা কমলেশ্বৰে চহৰৰপৰা গাৱঁৰে এজনক ৰিক্সাত লৈ আহি থাকোতে সীমাক পঢ়ুৱাবলৈ আহি তাইক তাৰ কামনাৰ বলী কৰি থৈ পদুলিমুখেৰে ওলাই যোৱা দেখিবলৈ পাব কমলেশ্বৰে কেতিয়াও ভবা নাছিল৷ বেৰত ওলোমাই থোৱা ভগৱানৰ ফটোখনৰ বাহিৰে এই নিৰ্মম জঘন্য কাহিনীৰ কথা জানিবলৈ তথা সীমাক বচাবলৈ সিহঁতৰ ঘৰৰ আশেপাশে সেই সময়ত কোনো নাছিল৷

দীপজ্যোতি দাস

কৰিয়া, নলবাৰী, মো-৮৮২২৬৪১৫৪৭