অঙ্গনঃ সপ্তম বৰ্ষঃ ৫ নং সংখ্যা




১) অঙ্গনত সামাজিক মাধ্যম যেনে, ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰা হয়। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখাৰ লগতে লেখকে সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহয়।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম আৰু সবিশেষ উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে অঙ্গনলৈ প্ৰবন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাতো প্ৰকাশ নাপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
96786968616000709096/ 9127564124.

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
10 জুন 2026.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকাসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব। লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ 5
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
সম্পাদকীয় ঃ হেমেন নাথ
প্ৰৱন্ধ ঃ ৰণ্‌জিৎ গগৈ, কুণ্ডিল হাজৰিকা, যমুনা দুলু বৈশ্য, প্ৰণৱ ফুকন
ধাৰাবাহিক ঃ ৰূপা গগৈ
কবিতাঃ ৰীতা বৰুৱা, বন্দনা সন্দিকৈ, ৰাজেন বৰা, অজিত বৰা, সত্য নাথ শৰ্মা, শিকি মেধি, দীপাঞ্জলি চেতিয়া গগৈ, মফিদা বেগম, জয়ন্ত ৰাজবংশী, মিনতী মহন্ত, প্ৰৱীন ৰাজবংশী, নাং লীজাশ্ৰী  বন্দী গোঁহাই, ড০ আৰমেদা আহমেদ, নলিনীকান্ত ধিং, ৰুমি কলিতা দত্ত , ৰিনচুম লাহন, অনন্ত কুমাৰ ভূঞা, বশিষ্ঠ ত্ৰিদিপ শৰ্মা আৰু  শিল্পী দাস (প্ৰিয়)
অনুবাদ ঃ প্ৰাণ কৃষ্ণ গোস্বামী 
অণুগল্প ঃ গীতামণি কলিতা, গৌৰী দেৱী, শৰৎ হাজৰিকা 
এক মিনিটৰ গল্প ঃ মনোৰমা দাস
গল্পঃ মুনমালা শৰ্মা
শেষ পৃষ্ঠাৰ লেখা ঃ মঞ্জিত হাজৰিকা 

অঙ্গন: পৃষ্ঠাঃ 6
অঙ্গন
(মাহেকীয়া ই আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ

সহঃ সম্পাদকঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা

উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া

ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা

আৰ্হি পাঠঃ শ্যামলী গগৈ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

অঙ্গন: পৃষ্ঠাঃ 7
সম্পাদকীয়ঃ

অসমীয়া ভাষাৰ ইটো সিটো

বৰ্তমান সময়ত অসমৰ চৌদিশে সততে শুনিবলৈ পোৱা এটি গুৰুত্বপূৰ্ণ বিষয় হৈছে অসমীয়া ভাষালৈ নামি অহা গভীৰ সংকট। সমীক্ষামতে অসমত সৰ্বমুঠ জনসাধাৰণৰ প্ৰায় ৪৮.৩৮ শতাংশই অসমীয়া ভাষা ব্যৱহাৰ কৰে। উল্লেখ্য যে ১৯৭১ চনৰ লোকপিয়ল অনুসৰি অসমত প্ৰায় ৫৯.৫৩ শতাংশ লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল। অৰ্থাৎ চমুকৈ ক'বলৈ গ'লে অসমীয়া ভাষা ব্যৱহাৰ কৰা লোকৰ সংখ্যা সময়ৰ লগে লগে কমি গৈছে। ই নিশ্চয়কৈ আমাৰ সকলোৰে বাবে এটি গভীৰ চিন্তাৰ বিষয়।

অলপ দকৈ ভাবি চালে দেখা যায় যে অসমীয়া ভাষাটোক আমি নিজেই জ্ঞাতে-অজ্ঞাতে বিপদৰ মুখলৈ ঠেলি দিছোঁ। অলপ বিস্তৃতভাবে লিখিলে কথাখিনি বুজাত সুবিধা হ'ব।

আমি সকলোৱে জানো যে সময়ৰ লগে লগে সমগ্ৰ বিশ্বৰ লগতে বৰ্তমান অসমতো সামাজিক মাধ্যমসমূহৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এই জনপ্ৰিয়তাৰ লগে লগে সামাজিক মাধ্যমত আমাৰ ভাষাটোৰ প্ৰয়োগো বৃদ্ধি পাইছে। সামাজিক মাধ্যমত সাহিত্য-চৰ্চা কৰাৰে পৰা আদি কৰি বাৰ্তা প্ৰেৰণলৈকে সকলোতে আজিকালি অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ লোৱা দেখা যায়। কিন্তু এইদৰে বহুলভাবে ভাষাটোৰ ব্যৱহাৰতেই ভাষাটোৱে আটাইতকৈ বেছি সমস্যাৰ মুখামুখী হৈছে। কিয়নো, সাধাৰণতে সামাজিক মাধ্যমত সাহিত্য-চৰ্চা কৰাৰ ক্ষেত্ৰত গৰিষ্ঠ সংখ্যক লোকেই ভাষাটোৰ শুদ্ধ ৰূপ ব্যৱহাৰৰ প্ৰতি অনিহা প্ৰকাশ কৰা দেখা যায়। এইদৰেই বহুতো অসমীয়া শব্দৰ ভুল বানানেৰে উভৈনদী হৈ পৰিছে সামাজিক মাধ্যমৰ পৃষ্ঠাসমূহ যিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক ভ্ৰান্ত কৰি তোলাৰ আশংকা নুই কৰিব নোৱাৰি। 

আন এটি আমি সততে কৰি থকা ভুল হৈছে অসমীয়া লিপি ব্যৱহাৰ নকৰি ইংৰাজী লিপিত অসমীয়া ভাষা লিখি থকাটো। এইদৰেও আমি নিজৰ ভাষাটোৰ ক্ষতি কৰি আছোঁ। ইয়াৰ লগতে অন্য এটি গুৰুতৰ সমস্যা হৈছে আমাৰ বহুতেই কথাই কথাই অসমীয়া ভাষা ব্যৱহাৰৰ নামত জধে মধে ইংৰাজী, হিন্দী বা অন্য ভাষাৰ শব্দৰ প্ৰয়োগ কৰা। এনে লোক বহু কম দেখিবলৈ পোৱা যায় যিয়ে মঞ্চত ভাষণ প্ৰদান কৰোঁতে অথবা লিখোঁতে সম্পূৰ্ণৰূপে কেৱল অসমীয়া শব্দহে  ব্যৱহাৰ কৰে।

গতিকে আমি এনেবোৰ বিষয়ত গুৰুত্ব আৰোপ কৰিবৰ হল। এইদৰে আমি আমাৰ নিজৰ সুৱলা ভাষাটোক জটিলতাৰ পৰা  কিছু পৰিমানে হলেও মুক্ত কৰিবলৈ নিশ্চয় সক্ষম হ'ম।


হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ 8
প্ৰৱন্ধঃ

আহোমসকলৰ পৰম্পৰাগত পানীয় 
সাজ বা সাজপানী, ৰহী অথবা সোমৰস

ৰণ্‌জিত গগৈ

অসমীয়া সংস্কৃতি সঁচাই বৈচিত্ৰ্য ৷ ইয়াৰ সাংস্কৃতিক উপাদান সমূহৰ অপূৰ্ব সমাহাৰে সমগ্ৰ অসমৰ সাংস্কৃতিক পথাৰখনক সকলোফালৰ পৰা যিদৰে সমৃদ্ধিশালী কৰি তুলিছে সেই কথালৈ লক্ষ্য কৰিলে এনে বণাৰ্ঢ্য সংস্কৃতিৰে বৈচিত্ৰময় ৰূপ পৰিগ্ৰহণ কৰা এক বিশাল সংস্কৃতি যেন পৃথিৱীতে বিৰল৷ বিভিন্ন সৰু-বৰ নদ-নদী, সুঁতিয়ে বিশাল ব্ৰহ্মপুত্ৰনদীৰ সৃষ্টি হোৱাৰ দৰেই বিভিন্ন জাতি-জনজাতিৰ নিজা নিজা বৈশিষ্ট্যৰে সমৃদ্ধিশালী কৃষ্টি পৰম্পৰাই অসমীয়া জাতিটোক সকলো ফালৰ পৰাই সমৃদ্ধিশালী কৰি তুলিছে৷

সমগ্ৰ অসমৰ প্ৰতিটো জাতি-জনজাতিৰে নিজা নিজাকৈ সাজ-পাৰ, নৃত্য-গীত, খাদ্য-সম্ভাৰৰ দৰে বিজ্ঞান সন্মতভাৱে নিজাকৈ থলুৱা ভাৱে প্ৰস্তুত কৰা পৰম্পৰাগত পানীয়ও এক মুখ্য উপাদান ৷ এক এৰাব নোৱৰা সাংস্কৃতিক ভাৱে গুৰুত্ব থকা এই উপাদান পৰম্পৰাগত পানীয় সমূহৰ বেলেগ-বেলেগ জনগোষ্ঠীৰ বেলেগ বেলেগ নাম আৰু ইয়াৰ প্ৰস্তুত প্ৰণালীও সুকীয়া সুকীয়া৷ আহোমসকলৰ পৰম্পৰাগত পানীয়বিধৰ নাম সাজ বা সাজপানী ৷ ৰহী অথবা সোমৰস৷ মিচিং সকলৰ পৰম্পৰাগত এই পানীয় বিধৰ নাম আপং আৰু ছাই মদ, দেউৰী সকলে কয় চুঁজে, তিৱাসকলে কয় জ্যু, ৰাভাসকলে কয় চকো-মাখাম-ছিনছিনিয়া ইত্যাদি৷ কোনো এটা জনগোষ্ঠীৰ বিষয়ে আলোচনা কৰিলে সেই গোষ্ঠীটোৰ সকলো কথাই চকু দিয়াটো অত্যন্ত প্ৰয়োজন৷ এই লেখাৰ মুখ্য বিষয় হ’ল আহোমসকলৰ পৰম্পৰাগত পানীয় সাজ বা সাজ পানীৰ প্ৰস্তুত সম্পৰ্কে এক আলোচনা৷

অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী আহোমসকলৰ মুখ্যপানীয় সাজ বা সাজপানী৷ অৱশ্যে কোনো কোনো লোকে ইয়াক লাওপানী বুলিও কয়৷ এই সাজ বা লাওপানীক এক নিৰ্দিষ্ট নিয়মৰ মাজেৰে প্ৰস্তুত কৰা হয়৷ ইয়াক মূলতঃ চাউলৰ পৰা বনৌষধিৰ যোগেদি প্ৰস্তুত কৰা হয়৷ ধৰ্মীয় পৰম্পৰাৰ লগতে খাদ্যৰ তালিকাতো তথা অতিথি শুশ্ৰূষাৰ লগতো এই পানীয়ই বিশেষ স্থান লাভ কৰি আহিছে৷ কোনো কোনো ঠাইত চাহপানীৰ দৰে অতিথিক এই পানীয়ৰে আতিথ্য আগবঢ়ায়৷ জনগোষ্ঠীয়লোকৰ এনে পৰম্পৰাক সততে উলাই কৰিব নোৱাৰি৷ বহু সময়ত এনে বনৌষধিৰে প্ৰস্তুত কৰা পানীয় শৰীৰৰ বাবে অপকাৰী বুলি ক’ব পৰা নাযায় যদিহে ই মাত্ৰাধিক্য নহয়!

প্ৰায়বিলাক আহোমেই এই সাজপানী গ্ৰহণ কৰে যদিও আহোমসকলৰ ভিতৰপকীয়া ঠাল আৰু দেওধাই-বাইলুং-মহন আদি পুৰোহিত শ্ৰেণীয়ে সাজপানীক সকাম-নিকাম, পূজা-পাৰ্বন আদিত পুণ্য দ্ৰব্য হিচাপে গ্ৰহণ কৰে৷

মৃতকৰ সকাম, ৰাতিসেৱা, আদিৰ উপৰি বছৰেকৰ মূৰত অনুষ্ঠিত সকাম, বিহু আদি অনুষ্ঠান সুঁৱৰি ‘শলিতা লগোৱা’ আদি কাৰ্যত এই পানীয় বিধ লাগিবই৷ আহোমসকলৰ পবিত্ৰ অনুষ্ঠান মে-ডা-ম-মে-ফি পূজাত অন্যান্য দ্ৰব্যৰ লগতে ওপৰিপুৰুষ বা দেৱতাসকলৰ বাবে উৎসৰ্গা কৰা বাবেই এই সাজপানীক ‘দেওৰস’ বুলিও কোৱা হয়৷ ভাতগেলাই প্ৰস্তুত কৰাৰ বাবে, প্ৰস্তুতিত সামান্য তাৰতম্য হ’লেই টেঙা টেঙা গোন্ধাই, খোৱাৰ পাছত কোনোলোকে কিছু মাতলামি কৰাৰ বাবে সাধাৰণলোকে এই দ্ৰব্য সেৱন কৰা জনক তুচ্ছ্যাৰ্থত গেলাখোৱা বুলিও তিৰস্কাৰ কৰা শুনা যায়৷

এই পানীয় বিধক সকলোৱে প্ৰস্তুত কৰিব নাজানে বা সকলোৰে হাতত ই ভাল নহয়৷ অভিজ্ঞলোকৰ হাতত নিৰ্দিষ্ট নিয়মৰ মাজেদি প্ৰস্তুত কৰিলেহে সাজপানী অধিক তৃপ্তিদায়ক হৈ উঠে৷ অসমৰ সকলো ঠাইতে ইয়াৰ ঔষধৰ ব্যৱহাৰ বা প্ৰস্তুত প্ৰণালী কিছু কিছু সুকীয়া হোৱা দেখা যায়৷ সাজপানীৰ বাবে প্ৰয়োজনীয় প্ৰথম বস্তু হ’ল আৰৈ চাউল৷ আৰৈ চাউলো আক’ মৰহা ধানৰ বা ভঁৰালৰ তল সৰা ধানৰ হ’লে অধিক সুস্বাদু হয়৷ বৰাধানৰ পৰাও প্ৰস্তুত কৰা হয়৷ বৰাধানৰ পৰা প্ৰস্তুত কৰিবলৈ হ’লে প্ৰথমে ‘চেৱা দিয়া ভাত’ অথাৰ্ৎ ভাপত দিয়া ভাত সিজাই ল’ব লাগে৷ বৰাধানৰ সাজ অধিক চোকা হয়৷ বেছিকৈ খালে ই মূৰ টিং টিঙাই৷ মূৰটো গধূৰ গধূৰ লাগে৷ বৰাধানৰ সাজপানীৰ ওপৰিও দৰৱ সনা ভাতখিনি টেকেলিত থোৱাৰ আগতে ডলাত থকা ভাত খিনিও খাব পাৰি৷ ই বেছ মিঠা মিঠা হয়৷ ইয়াক তোলা বোলে৷ ক’কা কলাৰ দৰে খোৱাৰ পাছত বহুসময় লৈকে পেটৰ পৰা জ্বলা জ্বলা উগাৰ আহি থাকে৷ লাহি চাউলৰ পৰা প্ৰস্তুত কৰা সাজহে মানুহে বেছিকৈ ব্যৱহাৰ কৰে৷ সাজ প্ৰস্তুত কৰিবলৈ লোৱা চাউলখিনি আমি খাবলৈ লোৱা ভাতৰ দৰে ভালকৈ ধোৱা নহয়৷ চলা বা জৰাও নহয়, অলপ অলপ তুঁহ আদি থাকেই ৷ সিজাওঁতেও কিছু চাউলিয়াকে ভাতখিনি ৰন্ধা হয়৷ তাৰ পাছত এখন ডলাৰ ওপৰত কলপাত দি তাৰ ওপৰত ভাতখিনি মেলি দিয়া হয়৷ ভাতখিনি কিছু গৰম হৈ থাকোতেই তাৰ ওপৰত সাজৰ দৰৱ বা সাজৰ পিঠা চটিয়াই দিয়া হয়৷ সাজৰ দৰৱখিনি প্ৰথমে মিহিকৈ ভাঙি ডলাৰ ওপৰত থকা ভাতখিনিত ভালকৈ চটিয়াই দিয়া হয়৷ সকলোতে যাতে সমানেই দৰৱ পৰে তাৰ প্ৰতি চকু দিয়া হয়৷ দৰৱ সানি-মেলি পুনৰ কলপাতেৰে ভালকৈ ঢাকি সুৰক্ষিত ঠাইত ৰখা হয়৷ ভাতৰ লগত সনা দৰৱৰ পৰিমানৰ ওপৰতে সাজপানীৰ গুণাগুণ নিৰ্ভৰ কৰে৷ এনেদৰে থওঁতে যাতে টেঙা বা নিমখ আদি তাত নালাগে সেই কথাটো অতি মন কৰিবলগীয়া কথা৷ ওচৰত টেঙা আদি থাকিলে বা তাৰ ৰস পৰিলে ই অতি টেঙা হৈ যাব পাৰে৷ ঠাণ্ডাকালি দৰৱ সানি থোৱা ভাতবিলাকৰ পৰা ৰস নিগৰিবলৈ বা টেকেলিবিলাক ঘামিবলৈ পাঁচ-সাতদিন লগাৰ বিপৰীতে গৰমৰ দিনত দুই-তিনিদিনতে কলপাতৰ তলফালে নিগৰি নিগৰি পানী বাহিৰ হোৱাৰ লগতে এটা মিঠা মিঠা গোন্ধে ঠাইখিনি মল মলাই তোলে৷ তেতিয়া বহুদিনৰ পৰা ধোৱা চাঙত ধোঁৱা খোৱাই শুকান কৰি থোৱা মাটিৰ কলহত ভাতখিনি ভৰাই টেকেলিৰ মুখত ধানখেৰ বা কলপাতৰ সোপা দি ধোৱা চাঙত বা পাকঘৰৰ চুকত আচুতীয়াকৈ থোৱা হয়৷ গৰমৰ দিনত প্ৰায় পাঁচ-ছয়দিনৰ মূৰত কলহৰ গাৰ পৰা পানী নিগৰিবলৈ ধৰে অথাৰ্ৎ কলহটো ঘামিবলৈ ধৰে৷ যিমান দিনলৈ থব পাৰি সিমানে ভাল৷ তেতিয়া ই বুঢ়া হয়৷ সাজ পানী কাঢ়া হয়৷ ঠাণ্ডাদিনত অৱশ্যে অধিক সময় প্ৰয়োজন হয়৷ লাহি-শালি ধানৰ সাজপানী পোন্ধৰ দিনৰ ভিতৰতে বুঢ়া হয়৷ কিন্তু বৰাধানৰ দৰৱ সনা ভাতখিনি দুই-তিনি মাহলৈকে থ’ব পাৰি৷ তেতিয়া তাৰ ৰসৰ বৰণ একেবাৰে কলীয়া জামুৰ দৰে বৰণৰ হৈ পৰে৷ দৰব সানি থোৱা এই ভাতখিনিক সাজৰ মেৱা বা তুলা বোলে৷ ইয়াক পানী নিদিয়াৰ আগতে খাবলৈ বৰ ভাল ৷ ইয়াৰ সোৱাদ খুব মিঠা আৰু জলা জলা৷ খোৱাৰ পাছত ক’ককলাৰ দৰে উগাৰ আহিলে নাকে -মুখে ঝণ্‌ঝণাই যায়৷ এই ভাৱ বহু দেৰি লৈকে থাকে৷ কলহত ভাতখিনি ভৰোৱাৰ পাছত টেকেলিটো ঘামি পানী ওলালেই তাত নিৰ্দিষ্ট পৰিমাণে পানী ঢালিব পাৰে৷ পানী ঢলাৰ এদিনৰ পাছত সাধাৰণতে তাৰ ৰস বাহিৰ কৰিব পাৰে যদিও বেছি দিন থাকিলে তাৰ গুণগত মান আৰু ৰং কাঢ়া হৈ আহে৷ কলহৰ মুখে একতীয়াকৈ যিখিনি ৰস বাহিৰ কৰা হয় তাক ৰহী বোলে৷ তাৰ পাছত যেতিয়া পুনৰ টেকেলিত পানী ঢালি কোনো পাত্ৰৰ মুখত খৰাহী এটা থৈ তাত কলহটো উবুৰিয়াই দি সেই সাজৰ সিতা খিনি হাতেৰে চেপি সকলো ৰস উলিওৱা হয় সেয়াহে হ’ল প্ৰকৃত সাজ পানী৷ কেতিয়াবা কেতিয়াবা ৰহীখিনি নাবাকি তাতে আৰু পানী দি সিতাখিন চেপা হয় তেতিয়া সাজ বা সাজপানীখিনি অধিক সুস্বাদু হয়৷ পূজা-পাৰ্বন বা একেবাৰে আপোন আত্মীয়ৰ আগমন ঘটিলে গৃহস্থই এনে সাজ উলিয়াই৷ ৰহী অলপ খালেই নিচা ধৰে৷ কিন্তু সাজপানী বহুত খাব পাৰি৷ বৰাধানৰ সাজ পানী বেছিকৈ খালে পিছ দিনা অৱশ্যে মূৰটো টিংটিঙাই উঠে৷ কোনো কোনো ঠাইত টেকেলিত থকা ভাতখিনিত পানী ঢালি তাৰ সিতা সহ সকলো ঘুলি একেবাৰে ডাঠ কৰি খোৱা হয় ৷ এনে হ’লে ভাতৰ দৰে পেটো ভৰে নিচাও লাগে৷ আগৰ দিনত আহোম সকলে পুৱা-গধূলি নিয়মিত ইয়াক ব্যৱহাৰ কৰাৰ ওপৰিও পূজা-পাৰ্বনত আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰিছিল৷ আলহি অতিথিক সাদৰেৰ অপ্যায়ন কৰিছিল৷ ৰহীক আহোম সকলে ‘লুক-লাও’ আৰু সাজপানীক ‘নাম-লাও’ বুলিছিল৷ বুঢ়া-বুঢ়ীসকলৰ মুখত সেয়ে লাওখাই আহিলো বুলি কোৱা শুনা যায়৷
 সাজ বা সাজপানী প্ৰস্তুত কৰা গোটেই প্ৰক্ৰিয়াটোতে জড়িত হৈ আছে ৰাসায়ন বিজ্ঞান৷ অতীতৰ অনাক্ষৰী গ্ৰাম্য সমাজৰ এই উদ্ভাৱকসকল কিন্তু বৰ সাধাৰণ নাছিল৷ জীৱনৰ বিভিন্ন অভিজ্ঞাতৰ মেটমৰা জ্ঞানেৰে ইমান সফল ভাৱে প্ৰস্তুত কৰিছিল সঁচাই ভাৱিলে আজি আচৰিত লাগে৷ ঔষধৰ অলপ হেৰ-ফেৰৰ বাবেই তাৰ প্ৰকৃত গুণা-গুণ সাল-সলনি হৈ যাব পাৰে৷ সেয়ে যথেষ্ট সাৱধানতা অৱলম্বন কৰি এই সাজ পানী প্ৰস্তুত কৰিব লাগে৷ 

সাজৰ দৰৱ বা সাজৰ পিঠা প্ৰস্তুত কৰিবলৈ প্ৰায় ১০০ বিধান মান বনৌষধিৰ দৰকাৰ৷ আগৰদিনত অসমত পযাৰ্প্ত পৰিমাণে গছ-গছনি, বন-লতিকাই ঠাহখাই আছিল তেতিয়া এই বনৌষধিবিলাকৰ অভাৱ নাছিল৷ লাহে লাহে প্ৰকৃতিলৈ পৰিৱৰ্তন আহিল গছ-বন নোহোৱা হৈ আহিল সাজৰ দৰৱ প্ৰস্তুত কৰিবলৈকো সততে বনৌষধি বিচাৰি নোপোৱা হৈ আহিল৷ যদিও প্ৰায় ১০০ বিধ বনৌষধিৰ ব্যৱহাৰ কৰিছিল বুলি জনা যায়, তথাপি কিন্তু অমিল ভাৱে দৰৱৰ ব্যৱহাৰ কৰিছিল৷ দৰৱৰ সংখ্যা ক্ৰমাত কমি আহিছে৷ তাৰে অতি প্ৰয়োজনীয় যিবিলাক নিদিলেই নহয় তেনে বনৌষধি কিছুমান নাম উল্লেখ কৰা হ’ল- তেজমুই, বন জালুক, পাতি-শোতা, বিয়নি-সাপোতা, বৰমানিমুণি, সৰুমানিমুণি, গপছৈ, কপৌ ঢেকীয়া, এচাৰি লতা, বাত-দোলা-মালি, মিঠাপাত, কঁঠালপাত, কুঁহিয়াৰ পাত, বিহলঙনী গুটিজালুক, গছ মাহদী, লতা-মাহদী, পাজি শিপা, পানছৈ, আঁঠু ডঙা, মধুৰীপাত, কাঁচি দৈয়া, সুৱদিপাত, বনজলকীয়া, মদটি শিপা, ধঁপাত তিতা পাত, পৃথিৱী ঢকা, মাক-পোৱালী, দোৰোণ বন, জটীয়া ঢেকীয়া, হোৰাপাত, সোহনীবন, বৰসুমথুৰি, বন আমলখি ইত্যাদি৷ সকলোবিলাক বনৌষধ হাবিৰ পৰা বা বাৰীৰ পৰা বুটলি আনি ৰ’দত শুকুৱাই তাৰ পাছত ঢেকীত খুন্দি গুৰি কৰি পোলোৱা হয়৷ আৰৈ চাউলৰ পিঠা খুন্দি তাত নিৰ্দিষ্ট পৰিমানৰ বনৌষধ সানি সেই পিঠাখিনিত আগৰ ঘাই দৰৱৰ গুটিকেইটা মিহলি কৰি দিয়া হয়৷ পিঠাখিনিত পানী চটিয়াই সৰু সৰু পিঠাৰ লাড়ু কৰি ঘৰৰ চোকত ধানখেৰ পাৰি তাৰ ওপৰত দৰৱ সনা পিঠাৰ লাড়ুবিলাক মেলি দি তাৰ ওপৰত বিহলঙনি দি ঢাকি থোৱা হয়৷ গৰমৰ দিনত দুদিনতে সেই পিঠাৰ লাড়ুবিলাক ঘামি ঘামি ভেকুৰিবলৈ আৰম্ভ কৰে ৷ তেতিয়া এখন চালনিত সেই পিঠাবিলাক তুলি পাকঘৰৰ জুহালৰ ওপৰত ধোঁৱা খাবলৈ দিয়া হয়৷ কেইবাদিনৰো শেষত পিঠাবিলাক শুকান হৈ পৰে তেতিয়া ই সাজ প্ৰস্তুত কৰিব পৰা হৈ পৰে৷
 এনে এক ৰাসায়নিক প্ৰক্ৰিয়াৰে প্ৰস্তুত এই পৰম্পৰাগত পানীয় সাজপানী শৰীৰৰ বাবে অপকাৰ নহয় বৰং উপকাৰীহে। কিন্তু তাৰ পৰিমাণ আচলতে অত্যাধিক হোৱাটো উচিত নহয়৷ পৰম্পৰা ৰক্ষা কৰি ইয়াক সেৱন কৰাটো অৱশ্যেই দোষণীয় নহয়৷ কিন্তু সুৰাই মানুহৰ মাজত অশান্তি সৃষ্টি কৰে, সুখৰ ঘৰ ভাঙে, সেয়ে সুৰাপান কৰাটো কেতিয়াও ভাল বুলিব নোৱাৰি৷ বৰঞ্চ সুৰা পানৰ পৰা আঁতৰি থাকিব পৰাটোহে ভাল কথা৷ পৰম্পৰাগত পানী প্ৰস্তুতিৰ সমগ্ৰ প্ৰক্ৰিয়াটো এনেদৰে দাঙি ধৰি কোনো লোকক এনে পানীয় সেৱনৰ প্ৰতি আকৃষ্ট কৰাটো আমাৰ উদ্দেশ্য নহয়৷ কিন্তু কেনেদৰেনো ইয়াক অতীতৰ মানুহে এই সাজপানী প্ৰস্তুত কৰিছিল তাক আজিৰ সমাজক জনোৱাটোহে আমাৰ উদ্দেশ্য৷ আমাৰ খাদ্য সম্ভাৰ এনে বৰ্ণময় প্ৰস্তুত প্ৰণালীৰ যি অৱদান অনাক্ষৰী লোকসকলে দি থৈ গৈছে তাক লৈ আমি গৌৰৱ কৰিব পাৰো৷

ঠিকনা:
শব্দ প্ৰকাশ, যোৰহাট

অঙ্গন: পৃষ্ঠাঃ 9
লাউ খা , বেঙেনা খা , বছৰে বছৰে বাঢ়ি যা বছৰৰ বিহুটি পৰম্পৰা

যমুনা দুলু বৈশ্য
                              
ঋতুৰাজ বসন্তৰ প্ৰকৃতিৰ নৱ নৱ ৰূপেৰে সাজি-কাচি আহি বিহু অহাৰ বতৰা দিয়ে ।
অসমীয়াৰ জাতীয় উৎসৱ তিনিটা বিহুৰ ভিতৰত ব'হাগ বিহু, ৰং-ৰহ‌ইচৰ উৎসৱৰে বহাগ বিহুটি চ'ত মাহৰ শেষৰ দিনা অৰ্থাৎ সংক্ৰান্তিৰ পৰা আৰম্ভ হয়। 
বিভিন্ন ফুল ফুলে চম্পা, নাগেশ্বৰ, সেউতী, তগৰ, নাহৰ আদি বহাগ বিহুৰ লগত জড়িত। 
         চেনেহীৰ মনৰ মৰমৰ উমান ল'বলৈ গায়
       "চম্পাফুলে শুৱাবনে 
        নাহৰ ফুলে শুৱাবনে
        তগৰৰ কলিটিয়ে
        চেনেহীৰ মন-জুৰাব।"

    তেনেকৈ বহাগ বা ৰঙালী বিহুটিৰো প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। সেয়া হ’ল--
গৰু বিহু,
মানুহ বিহু,
গোসাঁই বিহু,
তাঁতৰ বিহু,
নাঙলৰ বিহু,
জীয়ৰী বা চেনেহী বিহু আৰু
চেৰা বিহু।

গৰু বিহু:- ব’হাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জন-জীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উছৰ্গা কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হয়। সেইদিনা গৰুক গো-লক্ষ্মী হিচাপে জ্ঞান কৰি পূজা অৰ্চনা কৰা হয়। সেইদিনা ৰাতিপুৱাই গৰু-ম’হক মাহ-হালধিৰে নোৱাই, কপালত ফোঁট দি দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ, বিল বা পুখুৰীলৈ নি সমূহীয়াভাৱে গা ধুওৱা হয় আৰু বাঁহৰ শলাৰে নিৰ্মাণ কৰা ‘চাট’ত সী লোৱা লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিঁয়হ, হালধি, কেতুৰি আদি গালৈ দলিয়াই এইদৰে গোৱা হয়-
“ লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ বৰ গৰু। ”
এনে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পাছত গৰুবোৰক মুকলিকৈ পথাৰত চৰিবলৈ এৰি দিয়ে। গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তু‍ঁহ অন্যান্য বন-পাত জ্বলাই ‘যাগ’ দিয়া হয়। মাখিয়তী আৰু দীঘলতি পাতেৰে মাখি ম'হৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা হয়। গৰু গোহালিত সোমালে আদৰ-সাদৰ কৰি লাউ পিঠা আদি খাবলৈ দিয়া হয় আৰু ডিঙিত নতুন পঘা দিয়া হয়। তাৰ পিছত মাখিয়তীৰ পাতেৰে বিচি দি এইদৰে গোৱা হয়-“মাখিয়তীৰ মাখিপাত, মাখি মাৰোঁ জাত জাত। ” এনে কৰিলেও বছৰটোলৈ মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা হাত সাৰি থাকিব পাৰি। আমাৰ সমাজত সেইদিনাৰ পৰাহে বিচনীৰ ‘বা’ লোৱা নিয়ম।

মানুহ বিহু:-- গৰু বিহুৰ পাছদিনা মানুহ বিহু। নামনি অসমত সেইদিনাৰ বিহুক ‘বৰ দোমাহী’ বোলা হয়। পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ আদান-প্ৰদান হয়। আমাৰ সমাজত বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে। এই দিনটোতে ব্ৰাহ্মণ-দৈৱজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্থা কৰা হয়। নতুন বছৰটো যাতে কোনো বিপদ-বিঘিণি নোহোৱাকৈ ধুমুহা-বৰষুণ, বজ্ৰপাত আদিৰ পৰা ৰক্ষা পৰি সুখ-শান্তিৰে কটাব পাৰি তাৰ বাবে নতুন বছৰটোৰ প্ৰথম দিনাই দৈৱজ্ঞৰ হতুৱাই নাহৰ পাতত তলৰ মন্ত্ৰটি(শ্লোকটি) লিখি দুৱাৰ মুখত বা ঘৰৰ চালত গুজি থোৱাৰ নিয়ম প্ৰচলিত আছে।
“ দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে। ”

গোসাঁই বিহু:-- ৰঙালী বিহু বা ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ হয়।

তাঁতৰ বিহু:-- অসমীয়া মহিলাৰ আদৰৰ সম্পদ হ'ল ‘তাঁতশাল’খন । সেয়ে বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’। সেইদিনা বোৱনীসকলে তাঁতশালৰ সজুঁলি সমূহ ভালকৈ মছি-কাছি বান্ধি ওপৰত উঠাই থয়।

নাঙলৰ বিহু:-- পঞ্চম দিনা কৃষিকৰ্মৰ মূল সঁজুলি ‘নাঙলৰ বিহু’। সেইদিনা খেতিয়কে নাঙলটো ঠিকে আছেনে নাই চাই-চিতি ঠিক কৰি লয় আৰু খেতি কৰিবৰ বাবে সাজু হয়।

জীয়ৰী বা চেনেহী বিহু:-- ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে; সেয়ে সেইদিনা ‘জীয়ৰী বা চেনেহী বিহু’।

চেৰা বিহু:-- শেষৰ দিনা ‘চেৰা বিহু’। কিছুমানে ইয়াক "এৰা" বিহু বুলিও কয়। এয়ে ব’হাগৰ “সাতবিহু”। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা হয়- “ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; ন-ভাতে পুৰণি ভাতে জীণ যাওক। ” এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়।
            গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যিকোনো এদিনত এশ এবিধ শাক খোৱা নিয়ম আছে। এশ এবিধ শাকৰ আঞ্জা ৰোগৰ মহৌষধ। এশ এবিধ নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয়। ইয়াকে ‘সাতশাকী’ বোলে। নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ কোনো কোনো ঠাইত বিহুক ‘বিষুৱা’ বোলে। উজনি অসমত গৰু বিহুৰ পৰা ব’হাগৰ ছয় তাৰিখলৈকে সাতদিন জুৰি সাতবিহু পালন কৰাৰ দৰে নামনিত বিশেষকৈ কোচ-ৰাজবংশী লোকসকলে গৰু বিহুৰ পৰা সাতদিনলৈকে “সাত বিহু” বা ‘সাত বিষুৱা’ পালন কৰে।
          এই সাতটা বিহুক ‘সাতবিহু’ নামেৰে জনা যায়। আনহাতে কিছুমান ব্যক্তিয়ে আকৌ বহাগৰ বিহুৰ এই অনুষ্ঠানসমূহক তলত দিয়াৰ দৰে ভাগ কৰিছে:-

চ’তৰ বিহু: -- চ’তৰ নিশা ডেকা-গাভৰুৱে বিহুৰ আখৰা কৰে আৰু আখৰা কৰা প্ৰথম নিশাটোয়ে হ’ল চ’ত বিহু।

ৰাতি বিহু: -- চ’ত বিহুৰ আখৰাৰ পৰৱৰ্তী বিহু মৰা নিশাবোৰক ৰাতি বিহু বুলি কোৱা হয়।
গৰু বিহু:-- চ’তৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। গধূলি ধূপ-ধূনা আদি দিয়া হয়।
মানুহ বিহু বা চেনেহী বিহু:- এক ব'হাগৰ দিনাখন এই বিহু পতা হয়। এই বিহুটোক আপোনজনে আপোনজনক বিহুৱান দিয়ে। বিহুগীত, হুঁচৰি গীত গাই অতি আনন্দ কৰে।

কুটুম বিহু: - ব'হাগৰ দ্বিতীয় দিনটো কুটুম বিহু। এই দিনা জী-জোঁৱাইসকল মাকহঁতৰ ঘৰলৈ যায়। ইষ্ট-কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা-সত্কাৰ কৰে।
মেলা বিহু বা হাট বিহু: -- এই বিহুৰ দিনা পথাৰৰ মাজত এডাল গছক প্ৰতীক হিচাপে লৈ তাৰ তলত গাভৰুসকলে বিহু নাচে। গছ জোপালৈ বিহুৱান, তামোল-পাণ আদি আগবঢ়ায়। 
চেৰা বিহু বা এৰা বিহু: - বহাগ বিহুত ডেকা-গাভৰুৱে নাচি-বাগি ভাগৰি পৰে আৰু সপ্তম দিনা অতি আদৰৰ বিহুটিক সমাপ্ত ঘটায়। সেই দিনাখন বিহুৱানবোৰ পুনৰ ধুই বিহুক বিদায় দিয়ে।
           এনেদৰে অঞ্চল বিশেষে ব'হাগ বিহুৰ ভাগ সমূহ ভিন ভিন দেখা যায়। উজনি অসমৰ কোনো কোনো ঠাইত সাত বিহুৰ এটা দিন দেউৰী বিহু বুলিও পালন কৰা দেখা যায়। আজিকালি কোনো কোনো অঞ্চলত গোটেই ব’হাগ মাহ ধৰি বিহুৰ ৰং-ৰহইচ, নাচ-বাগ চলে যদিও প্ৰথম ছদিন আৰু শেষৰ দিনটোৰ বাহিৰে বাকী দিনবোৰৰ নিৰ্দিষ্ট কোনো নাম নাথাকে। অৱশ্যে বিহু সাতদিনেই থাকক বা এমাহেই থাকক বিহুৰ শেষৰ দিনা চেৰা বিহু।

শুৱালকুছি

অঙ্গন: পৃষ্ঠাঃ 10
সামাজিক মাধ্যম আৰু সাহিত্যৰ নৱ-দিগন্ত

কুণ্ডিল হাজৰিকা 

মানৱ সভ্যতাৰ বৌদ্ধিক বিৱৰ্তনত সাহিত্য আৰু প্ৰযুক্তিয়ে সদায় এক ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আহিছে। একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ যুগত ‘ছ'চিয়েল মিডিয়া’ বা সামাজিক মাধ্যম হৈছে সাহিত্যৰ এক শক্তিশালী আৰু অপৰিহাৰ্য বাহন। ইয়াত শব্দই কেৱল কাগজৰ বুকুতেই নহয়, বৰঞ্চ এক গোলকীয় তৰংগৰ মাজেৰে নিমিষতে বিশ্বব্যাপী জনমানসত নিজৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছে।
            বৰ্তমান সময়ত সামাজিক মাধ্যমসমূহে সাহিত্যক এক ‘গণতান্ত্ৰিক মৰ্যাদা’ প্ৰদান কৰিছে। পূৰ্বতে এজন সাহিত্যিকৰ বাবে প্ৰতিষ্ঠানিক স্বীকৃতি বা সম্পাদকৰ নিৰীক্ষণ আছিল উত্তৰণৰ একমাত্ৰ পথ। কিন্তু আজিৰ তাৰিখত ফেচবুক, বা বিভিন্ন ব্লগিং প্লেটফৰ্মৰ জৰিয়তে এজন উদীয়মান লেখকে নিজৰ সৃষ্টিশীল সত্তাক উন্মোচিত কৰিবলৈ এক মুক্ত আৰু স্বতন্ত্ৰ মঞ্চ লাভ কৰিছে। ই লেখক আৰু পাঠকৰ মাজত এক তাৎক্ষণিক আন্তঃক্ৰিয়াশীল পৰিৱেশৰ সূচনা কৰিছে, যাৰ ফলত সাহিত্যই এক সজীৱ চৰিত্ৰ লাভ কৰিছে। অণুগল্পৰ সংক্ষিপ্ততা আৰু কবিতাৰ ব্যঞ্জনাই এই মাধ্যমৰ জৰিয়তে এক নতুন বৌদ্ধিক বিপ্লৱৰ সূচনা কৰিছে।
            গ্ৰহণযোগ্যতাৰ দিশৰ পৰা চাবলৈ গ’লে, এই মাধ্যমে সাহিত্যক অভিজাত শ্ৰেণীৰ মাজৰ পৰা উলিয়াই আনি সৰ্বসাধাৰণৰ হাতৰ মুঠিত অৰ্পণ কৰিছে। অসমীয়া সাহিত্যৰ ক্ষেত্ৰত ইয়াৰ জৰিয়তে বিলুপ্তপ্ৰায় বহুতো শব্দ আৰু জতুৱা ঠাঁচ নৱপ্ৰজন্মৰ মাজত নতুনকৈ চৰ্চিত হৈছে। অৱশ্যে, সঠিক সম্পাদনাৰ অভাৱত বহু সময়ত অগভীৰ লেখাই সাহিত্যৰ গাম্ভীৰ্য লাঘৱ কৰা বুলিও অভিযোগ উঠে। তথাপিও, আধুনিক বিশ্বত এই মাধ্যমৰ প্ৰয়োজনীয়তাক অস্বীকাৰ কৰিব নোৱাৰি।
          ভৱিষ্যতৰ সম্ভাৱনালৈ লক্ষ্য কৰিলে দেখা যায় যে সাহিত্যৰ যাত্ৰা ডিজিটেল মাধ্যমৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিব। আগন্তুক সময়ত সাহিত্যই কেৱল ছপা আখৰৰ মাজত আৱদ্ধ নাথাকি ‘মাল্টিমিডিয়া’ ৰূপ ধাৰণ কৰিব। কৃত্ৰিম বুদ্ধিমত্তা আৰু উন্নত অনুবাদ প্ৰযুক্তিৰ জৰিয়তে আঞ্চলিক ভাষাৰ সাহিত্যই অতি সহজেই আন্তৰ্জাতিক মৰ্যাদা লাভ কৰিব। ই-বুক আৰু অডিঅ’ বুকৰ ক্ৰমবৰ্ধমান চাহিদাই ভৱিষ্যতে সাহিত্যক চাক্ষুস আৰু শ্ৰাব্য—উভয় মাধ্যমৰে অধিক প্ৰাণৱন্ত কৰি তুলিব।
         পৰিশেষত ক’ব পাৰি যে প্ৰযুক্তি কেৱল এটা সাধনহে, সাধ্য নহয়। সাহিত্যৰ সাৰ্বজনীন আবেদন আৰু মানৱীয় মূল্যবোধসমূহ সদায় অটুট থাকিব লাগিব। লেখকৰ সৃষ্টিশীল সততা আৰু পাঠকৰ সুস্থ বিচাৰবোধেহে সামাজিক মাধ্যমৰ সাহিত্যক এক মহৎ উদ্দেশ্যৰ ফালে ধাৱমান কৰিব পাৰিব।

ঠিকনা:- যোৰহাট, টীয়ক 
দূৰভাষ:- ৭০৯৯৩৫৪৪৭৪

অঙ্গন: পৃষ্ঠাঃ 11
বাপতি-সাহোন "ৰঙালী বিহুৰ" উৎপত্তি কিছু কথা 

জেচমিন চুলতানা 

 বিহু বুলিলেই প্ৰত্যেক অসমীয়াৰ বুকুত এক মিঠা শিহৰণ জাগে । বিহু মানেই জন্মে জন্মান্তৰ পৰা বৈ অহা এটা আবেগ যি আবেগে জাতি ধৰ্ম নিৰ্বিচাৰে এক সমন্বয়ৰ সেঁতু সৃষ্টি কৰে । বিহু  কেতিয়া ক'ত কেনেকৈ আৰম্ভ হৈছিল তাৰ সঠিকতা ক'ব পৰা নাযায় যদিও বহু পথদ্ৰষ্টাৰ কথাৰে বাগৰি আহিছে যে তাহানিতে পৃথিৱীৰ অন্যান্য ঠাইৰবোৰৰ দৰে অসমতো মানুহে চিকাৰ কৰি খায় যাযাবৰী জীৱন নিৰ্বাহ কৰিছিল। ক্ৰমবিকাশৰ লগে লগে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী পৰিবৰ্তন হ'ব ধৰিলে। মানুহে কৃষি কৰ্ম কৰিবলৈ শিকি যাযাবৰী জীৱন এৰি স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। আঘোণৰ শেষত কৃষিকাৰ্য সামৰি ভঁৰালত সোণগুটি চপায় মানুহে আৰু এটা খেতি আৰম্ভ কৰাৰ আগতে কিছু সময় নিচিন্ত জিৰণি পায় । সেই সময়তে মাঘৰ শেষৰ পৰা ফাগুনৰ আৰম্ভণীতে হোৱা ঋতু পৰিৱৰ্তনৰ ফলত প্ৰকৃতিৰো পৰিবৰ্তন হ'ব ধৰে । বাটৰ ধূলি উৰুৱাই ফাগুন আহে, ফাগুনৰ প্ৰথম চাতি বা লাগি মানুহৰ মনবোৰ ৰাই-জাই কৰিবলৈ লয় । চ'তৰ বা চাতি গাত লাগো কি নালাগোতেই কুলি কেতেকীৰ মাতে বনৰীয়া ফুলে  জাতিষ্কাৰ হৈ পৰে প্ৰকৃতিৰ চাৰিওফালে এনেহেন পৰিবেশত তাহানিৰ ডেকা-গাভৰুয়ে চৰাইক লৈ ফুলক লৈ কাব্য ৰচনা কৰিছিল । সময় বাগৰাৰ লগে লগে সেইবোৰেই গীতলৈ ৰূপান্তৰিত হ'ল । সেই সময়ত এটা নিয়ম আছিল মানুহবোৰ যিহেতু কৃষিজীৱি, কৃষি আৰম্ভ কৰাৰ আগতে তেওঁলোকে সেৱা কৰি পথাৰত নামিছিল । এটা খেতিৰ পৰা আন এটা খেতি কৰিবলৈ যাওঁতে প্ৰায় তিনি চাৰি মাহ সময় পাইছিল। সেই সময়ত তেওঁলোকে ভাবিলে যে এই সময়ছোৱাত এনেই নাথাকি সকলোৱে লগ লাগি কাব্য ৰচনা কৰি  আনন্দ কৰা যাওক। সেয়ে তেওঁলোকে পথাৰৰ মাজত অৰণ্যৰ কাষত লগ হৈ কাব্য চৰ্চা কৰিছিল। তেওঁলোকে ৰচনা কৰা কাব্যত সুৰ দিলে, কাব্যই গীতৰ ৰূপ ল'লে, সেই গীতত কোনোবাই আকৌ বাজানা দিবলৈ গৈ হাতৰ আঙুলিৰে ওঁঠৰ পৰশত  ধুনীয়া সুৰ তুলিলে কালক্ৰমত সেইটোৱেই গৈ ম'হৰ শিঙৰ পেপা হ'ল গৈ বুলি বিজ্ঞ সকলৰ পৰা জনা যায়। তেওঁলোকে গীত ৰচনা কৰি বাটেৰে অহা-যোৱা কৰোঁতেও গায় ফুৰিব ধৰিলে । কালক্ৰমে সেই গীতবোৰ বিহুগীত ৰূপে পৰিচিত হৈ পৰিল । বিহু গীতৰ সুৰ তালত পদচালনা আৰম্ভ হ'ল হয়তু তেনেকৈয়ে বিহু নাচৰো সৃষ্টি হ'ল । সেই সময়ৰ প্ৰখৰ স্মৃতি থকা প্ৰবল কল্পনা সিক্ত ব্যক্তি জনৰ মুখত সৃষ্টি হৈছিল গছ-গছনি প্ৰকৃতিৰ কথাৰে ঠিক এইদৰে 

       "কিনো চ'ত মহীয়া বতাহ জাকি মাৰিলে
          গছে বনে সলালে পাত।"
                সেই সময়ৰ এটা কথা নকৈ নোৱাৰি যে তেতিয়াৰ বিহু , গাঁৱৰ ডেকা-গাভৰু উভয়ৰে সৃষ্টি আছিল । তেওঁলোকে উভয়েই লগ হৈ গছৰ তলত ৰাতি বিহু মাৰিছিল। এই কথা ১৯২৫ চনৰ ৰজনীকান্ত বৰদলৈ দেবৰ উপন্যাস 'ৰঙিলী'ত স্পষ্ট ভাৱে প্ৰকাশ পাইছে । বিহুগীতবোৰৰ মাজৰে বেছিভাগ বিহুগীতত প্ৰেম, বিৰহ, মিলন, তুলনা আদি  পোৱা যায়।
   ঠিক এই দৰে ------ 
      ১) "বোকাৰে গৰৈ মাছ , বোকাতে ঘুৰিলে 
          ওপৰত উৰিলে বক ,
         মনৰ কথাষাৰ মনতে থাকিলে 
         ক'বলৈ নাপালো লগ ।"
     ২) "চৰাই হালধীয়া পাখী বিনন্দীয়া 
            খুটি খায় অৰণ্যৰ পোক ,
          দিনৰ দিনটো এবাৰ নেদেখিলে 
         পেটতো নালাগে ভোক।"                     বিহু তেতিয়াৰে পৰা এতিয়ালৈকে যে নিৰবধী বৈ আছে আচলতে এইখিনি পোৱালৈকে  বহুতো আগ্ৰজ পুৰোধা ব্যক্তি সকলৰ বহু ত্যাগ ও অৱদান জড়িত আছে । তেতিয়াৰ দিনত শিক্ষাৰ ব্যৱস্থা কাগজৰ ব্যৱস্থা নাছিল বাবে তেওঁ লোকে ৰচনা কৰা কাব্য মনতে ৰাখিব লাগিছিল আৰু সেইবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মৌখিকভাৱে প্ৰচলিত হৈ কাগজ কলমৰ দিনলৈ আহিল । ১৪৪৯ চনত গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ পিছত তেওঁ মাজুলীত থকাৰ সময়ত বিহুগীত সমূহত ৰাম, হৰি, কৃষ্ণ সংযোজন হ'ল। "জয় অ হৰি বোলা " যিটো আজি কালি আমি  গৃহস্থক আশীৰ্বাদ দিবলৈ গোৱা শুনা পাওঁ । 
          ১৬৯৪ পৰা ১৭১৪ চনৰ ভিতৰত বিহুগীতে ৰাজকীয় মৰ্য্যাদা পালে। সেই সময়তে স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুক গছৰ তলৰ পৰা আনি চোতাল গচকায়। ইতিহাসে কয় যে স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰৰ বাকৰিত বিহু গাবলৈ দলবোৰক আমন্ত্ৰণ কৰি নিছিল । ভালকৈ পৰিবেশন কৰিব পৰা দলটোৰ লগতে অনান্য দলবোৰকো বহুতো ভাল ধৰনেৰে সন্মান কৰি পুৰস্কৃত কৰিছিল । মঞ্চ ও প্ৰতিযোগিতা মুলক বিহুৰ আৰম্ভণি হয়তো তেতিয়াৰ পৰাই হৈছিল । ১৮২৬ চনত মানৰ লগত ইয়াণ্ডাবু সন্ধি কৰি  ইংৰাজে যেতিয়া  অসমৰ শাসনভাৰ নিজৰ হাতলৈ আনিলে তেতিয়াই অসমত স্কুল কলেজ হ'ল । ৰাস্তা-ঘাট উন্নত হ'ল , ৰে'লৱেৰ ব্যৱস্থা হ'ল, তেল, গেছ আদিকে ধৰি বিভিন্ন কল-কাৰখানা স্থাপন হ'ল আৰু তেতিয়াই  ডাঙৰ কথাটো হ'ল যে আমাৰ অসমীয়া সমাজখন দুটা ভাগত বিভক্ত হৈ  বিহুটো ক'ৰবাত ম্লান পৰি ৰ'ল। অসমীয়া কিছু মানুহ ইংৰাজৰ তলত চাকৰি কৰিবলৈ ল'লে । কিছু মানুহ ব্যৱসায় লগত জড়িত হৈ থাকিল যদিও কিছু মানুহ খেতিৰ কামতে ব্যস্ত হৈ থাকিব লগীয়া হ'ল । চাকৰিয়াল অসমীয়া সকলে তেওঁলোকৰ সতি-সন্ততি বোৰক স্কুলত পঢ়িবলৈ লগালে সেইবাবেই ৰাতি বিহু মৰা পৰ্বটো তেতিয়াই অন্ত পৰিছিল কিন্তু বিহুটোক হৃদয়ত স্থাপন কৰি অসমীয়া কৃষক সমাজখনে এতিয়া লৈকে ধৰি ৰাখিলে । ৰাতি বিহু নাইকিয়া হ'ল যদিও অসমৰ মৰাণ জনগোষ্ঠীটোয়ে এই সংস্কৃতি আজিও ধৰি ৰাখিছে তেওঁলোক সহস্ৰ প্ৰণামৰ যোগ্য । 
           আনহাতে, দিন বাগৰি যোৱাৰ লগে লগে শিপাক অভিন্ন কৰি ৰাখিব নোৱাৰা অসমীয়াৰ সুযোগ্য সন্তান  সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাই ভাবিলে যে চাকৰিয়াল মানুহে যিহেতু দিনত সময় নাপায়  তেওঁলোকৰ সুবিধাৰ্থে মঞ্চ পাতি বিহু প্ৰতিযোগিতা অনুষ্ঠান পতাটো ভাল হ'ব। তেখেতৰে উদ্যোগত ১৯৫১ চনত গুৱাহাটী লতাশিল খেলপথাৰত অনুষ্ঠিত হোৱা বিহু সন্মিলনখনেই আছিল অসমৰ প্ৰথমখন মঞ্চ বিহু অনুষ্ঠান। এই অনুষ্ঠানৰ পিছতেই  বিহু মুকলি পথাৰৰ পৰা মঞ্চকলাৰ ৰূপলৈ ৰূপান্তৰিত হোৱা বুলি বহু সময়ত বহু বিহু বিশেষজ্ঞ আৰু বিহু সমন্ধীয় কিতাপবোৰত পোৱা যায়। ইয়াৰ উপৰিও তেজপুৰৰ উষা ছাত্ৰ সভাই  ১৯২১চনত, বিহু পাতিছিল বুলি জনা যা‌য় । ১৯৩১ চনত গুৱাহাটীত, ১৯৩৫ চনত দেৰগাঁওত, ১৯৪১চনত শিবসাগৰত, ১৯৪৮ চনত ডিব্ৰগড়ত স্বনামধন্য কিছু পুৰোধা ব্যক্তিৰ উদ্যোগত পৃথকে পৃথকে মঞ্চ বিহু পতা হৈছিল বুলি ধাৰণা পোৱা যায় । যিকি নহওক স্বাধীনতাৰ পিছত ৰাধাগোবিন্দ বৰুৱা দেৱৰ উদ্যোগত হোৱা গুৱহাটী লতাশিল খেলপথাৰৰ বিহু সন্মিলনখনকেই বিহু মঞ্চৰ  মাইলৰ সুতা বুলি গোটেই অসমে ক'ব বিচাৰে ।
        যেতিয়ালৈকে অসমৰ বুকুয়েদি বুঢ়া লুইত বৈ থাকিব। অসমৰ প্ৰাকৃতিক  সৌন্দৰ্য মোহনীয় হৈ থাকিব। অসমত অসমীয়াৰ প্ৰাণ থাকিব তেতিয়ালৈকে অসমত অহা প্ৰতিটো বসন্তত  অসমীয়াই প্ৰাণ ঢালি বিহুগীত গাবই, বিহু পাতিবই । সুধাকণ্ঠ ড০ ভুপেন হাজৰিকা দেৱে গীতেৰে কৈ গৈছে 
  " ব'হাগ মাথোঁ এটি ঋতু নহয় 
              নহয় এটি মাহ ।
    অসমীয়া জাতিৰ ই আয়ূস ৰেখা
               গণ জীৱনৰ ই সাহ 
               গণ জীৱনৰ ই সাহ।"

অঙ্গন: পৃষ্ঠাঃ 12
ড: ভূপেন হাজৰিকাৰ গীতত ইতিহাস সচেতনতা 
(প্ৰথম খণ্ড)

প্ৰণৱ ফুকন

ড° ভূপেন হাজৰিকা আছিল এজন সমাজ সচেতন ব্যক্তি ৷ তেখেতৰ বাবে এই সমাজ সচেতনতাৰ এটি দিশ আছিল ইতিহাস সচেতনতা, কাৰণ ইতিহাসৰ জড়িয়তে সমাজে বহু শিক্ষা ল’ব পাৰে; অতীতৰ ভুল বা ভালবোৰ চালি-জাৰি চাই শিক্ষা লৈ ভৱিষ্যতৰ সোপান গঢ়িব পাৰে ৷ ইতিহাসৰ শিক্ষাৰ অবিহনে কোনো জাতি বা দেশ উন্নতিৰ জখলাত বগাব খুজিলে সেই জাতি বা দেশ হৈ পৰে ছিন্নমূল ৷ ড: ভূপেন হাজৰিকাই এই কথা ভালদৰেই উপলব্ধি কৰিছিল ৷ সেয়ে তেখেতে বিভিন্ন গীত আৰু গীতি-কবিতাৰে অসমৰ, ভাৰতৰ আৰু সমগ্ৰ বিশ্বৰে ইতিহাস আমাক জনাই জাগ্ৰত কৰি গ’ল ৷ আমি পৰ্য্যায়ক্ৰমে তেখেতে গীত আৰু গীতি-কবিতাৰে সমুজ্জ্বল কৰা ইতিহাস সচেতনতাৰ পৰ্য্যালোচনা কৰিবলৈ চেষ্টা কৰিম ৷

 ড: ভূপেন হাজৰিকাৰ গীত আৰু গীতি-কবিতাত অসমৰ ইতিহাস: অসমৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ বাবে আৰু অসমৰ ৰাইজক ইতিহাস সোঁৱৰাই দি আগবাঢ়ি যাবলৈ উদ্দীপনা জগাবলৈ ড: হাজৰিকাই তেখেতৰ অনেক গীত/ গীতি-কবিতাত অসমৰ ইতিহাসৰ বিভিন্ন কথা উল্লেখ কৰি গ’ল ৷ এনে কেইটিমান গীত/ গীতিকবিতাত চকু ফুৰাই আমিও ইতিহাসৰপৰা শিক্ষা লওঁ আহক ৷

কামৰূপ/ অসম এসময়ত সকলো দিশৰপৰা আগবঢ়া আছিল ৷ অগ্নিগড়ৰ আশ্চৰ্য্যজনক স্থাপত্য অতি উল্লেখনীয় আছিল ৷ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ কোঁৱৰক সেই গড়ৰ ভিতৰত উষাৰ সৈতে থকাৰ বাবে শ্ৰীকৃষ্ণই বাণৰজাৰ এই গড় আক্ৰমণ কৰে ৷ শিৱভক্ত বাণৰজাৰ ৰক্ষাৰ বাবে সদাশিৱও এই ৰণত লিপ্ত হৈ পৰে যিখন ৰণক হৰিহৰ যুদ্ধ বোলা হয় ৷ নাতিয়েকক উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণই অগ্নিগড়ত অগ্নি সংযোগ কৰে যদিও এই গড় সম্পূৰ্ণকৈ ধ্বংস কৰাত ব্যৰ্থ হয়, এনে উচ্চ মাণদণ্ডৰ আছিল ইয়াৰ স্থাপত্য ৷

কলিয়াভোমোৰা বৰফুকনে অষ্টাদশ শতিকাতে কলিয়াবৰৰপৰা শিলঘাটলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত সেতু বান্ধিবলৈ খুটা পুতিছিল; তেওঁৰ অকাল মৃত্যুৰ বাবে এই কাম হৈ নুঠিলগৈ ৷ অগ্নিগড়ৰ স্থাপত্য গীতি-কবিতাত ড: ভূপেন হাজৰিকাই আমাক এই কথাবোৰ সোঁৱৰাই দি শিক্ষা লৈ অতীতৰ ঐতিহ্য ঘূৰাই আনিবলৈ আহ্বান জনায়:

 অগ্নিগড়ৰ স্থাপত্য 
 কলিয়াভোমোৰাৰ 
 সেতু নিৰ্ম্মাণ-জ্ঞান-জ্যোতিৰ্ম্ময় 
 এহি স্থানতে ....

তেজপুৰত কৈশোৰ কটোৱা আৰু সঙ্গীত-সংস্কৃতিৰ শিক্ষা লোৱা ড: হাজৰিকাৰ বাবে এই ঠাই আছিল অতি আপোন ৷ তেজপুৰ যে অসমৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ হৈ পৰিছে, সেই কথা জনাই বাণ ৰঙ্গমঞ্চৰ শতবাৰ্ষিকী উপলক্ষে লিখা “ আজি কি আনন্দ পেখোঁ ” গীতেৰে কেনেদৰে ইয়াত অসমীয়া নাটৰ নৱজন্ম হৈছিল সেই বতৰা দি যায়:

 ওঠৰশ ছয়ানব্বৈত হে’ লক্ষ্মীকান্তৰ গৃহত 
 পূজা পাতি হৰিশ্চন্দ্ৰ কৰে অভিনীত হে’৷... 

 উনৈশ শ তিনি চনত হয় পাৰ্টি এমেচাৰ 
‘ ভ্ৰমৰঙ্গ’ ‘জয়মতী’ৰ পাতে থিয়েটাৰ হে’৷... 

 উনৈশ শ ত্ৰিশ চনত হে’ এক ৰঙ্গমঞ্চ হৈলা 
 শ্ৰীমন্ত শঙ্কৰৰ নামে নামাকৰণ কৈলা হে’ ৷....

“ টিহু হ’ল তোমাৰ নাম ” গীতি-কবিতাত ড: ভূপেন হাজৰিকাই এনে এক বুৰঞ্জীৰ ঘটনা আমাক কৈ গৈছে যি ঘটনা সম্পৰ্কে বহু ইতিহাসবিদো অবগত নহয় ৷ সেই ঘটনা হৈছে চতুৰ্দ্দশ – পঞ্চদশ শতিকাৰ ভোট-বড়োৰ ৰণ; সেইবাবেই যে ঠাইখনৰ নাম বৰবৰী হ’ল, সেই ইতিহাসো সুঁৱৰিছে তেখেতে ৷ তদুপৰি শিঙৰা সত্ৰ স্থাপনৰ ইতিহাসো আমাক জনাই গ’ল:

 চতুৰ্দ্দশ-পঞ্চদশ শতিকাত হয় ভোট বড়োৰ ৰণ 
 প্ৰমাণ ৰূপে ‘বৰবৰী’ৰ হয় হয় নামকৰণ৷.... 

 গন্ধৰ্ব্ব ৰায়ক আজ্ঞা দিলে এ’ হে’ গুৰু মাধৱদেৱে 
 মনোহৰে আজ্ঞা পালে এ’ শ্ৰীদামোদৰ দেৱৰ 
 সেয়ে হৈছিল স্থাপনা শিঙৰা সত্ৰৰ৷..... 

সন্ধেলা গাওঁ সত্ৰ আৰু সৎসঙ্গী সত্ৰ স্থাপনৰ ইতিহাসো ইয়াতে পোৱা যায় ৷ ফুলেশ্বৰী কুঁৱৰীৰ সুতিকা ৰোগ হোৱা আৰু ভৱকান্ত ভট্টাচাৰ্য্যই সেই ৰোগ নিৰাময় কৰাৰ দৰে সাধাৰণতে কোনো বুৰঞ্জীৰ পুথিত নোপোৱা কথাও ভূপেন হাজৰিকাই কৈ গ’ল ইয়াতে ৷ ইয়াৰ বাহিৰেও টিহু অঞ্চলৰ অনেক ইতিহাস এই গীতি-কবিতাত পোৱা যায় ৷

 সন্তদেৱে পাতি দিলা হে’, সন্ধেলা গাওঁ সত্ৰ.... 
 শঙ্কৰদেৱৰ সময়ৰে হে’, এ’ বাসুদেৱ চৌধুৰী 
      সৎসঙ্গী সত্ৰ পাতে গুৰুক প্ৰণাম কৰি ৷.... 

 আহোম ৰজাৰ দিনতো এ’, বহু পুখুৰী খনাই 
   টিহু অঞ্চল সজাইছিলা তৃষ্ণা গুচুৱাই ৷ 
 টিহু থানাৰ মাজ সত্ৰৰ এ’, কাঠৰ বিগ্ৰহ কৰি, 
     ধাতুৰ গঢ়া বুলি মানে নিলা চুৰ কৰি ৷.... 

এনেধৰণৰ ইতিহাস আমি আন ক’তোৱেই সহজে নাপাওঁ ৷

উনবিংশ শতিকাৰ আৰম্ভণিতে বুঢ়াগোঁহাই পূৰ্ণানন্দৰ সৈতে অৰিয়াঅৰিৰ পৰিপ্ৰেক্ষিতত বদন বৰফুকনে প্ৰথমে কলিকতাৰ ইংৰাজ কৰ্তৃপক্ষক অসম আক্ৰমণ কৰিবলৈ অনুৰোধ কৰে ৷ সেই প্ৰচেষ্টাত বিফল হৈ বদন যায় মানদেশৰ ৰজা বদৌপয়াৰ কাষলৈ ৷ মানৰজা অতি সহজেই মান্তি হৈ অসম আক্ৰমণ কৰিবলৈ বদনৰ লগত সেনা পঠিয়ায় ৷ মান সেনাৰ নিৰ্দয়তা আৰু বৰ্বৰতাৰ ফলত হোৱা অবৰ্ণনীয় পৰিস্থিতিত বাধ্য হৈ মণিৰাম দেৱান ইংৰাজ কৰ্তৃপক্ষৰ কাষ  চাপে ৷ পাছে গোজেই গজালি হৈ ইংৰাজে অসম অধিকাৰ কৰে ৷ বদনৰ দেশদ্ৰোহিতাৰ ফলতে অসমে স্বাধীনতা হেৰুৱায় ৷ এই কথা ভূপেন হাজৰিকাই মণিৰাম দেৱান বোলছবিৰ বাবে ৰচনা কৰা এটি গীতেৰে সকলোকে এনে দেশদ্ৰোহিতাৰপৰা বিৰত থকিবলৈ সকলোলৈকে আহ্বান জনালে ৷

ৰাইজ যদি ৰজা হয়, নৃপতিনো কোন? 
দেশখন বেচোঁতা, এই বদনটিনো কোন? 

(আগলৈ)

অঙ্গন: পৃষ্ঠাঃ 13
ধাৰাবাহিকঃ

নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ

(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
✍ৰূপা গগৈ

(খণ্ড ২৮)

       আধাঘণ্টা মানৰ পাছত নাৰ্চ এগৰাকী ৰূমৰ পৰাই ওলাই আহিল । তেওঁ ক'লে পেচেণ্টৰ জ্ঞান ঘূৰি আহিছে । মাত আৰু চকু বৰ্তমানলৈ মেলা নাই মাথোঁ হাত ভৰি মূৰহে লৰাইছে । সম্পূৰ্ণ জ্ঞান অহালৈ অলপ ৰ'ব লাগিব। কথাষাৰ কৈ তেওঁ আকৌ ভিতৰলৈ সোমাই গ'ল । তেওঁৰ কথা শুনি মনে মনে ভগৱানক ধন্যবাদ জনালোঁ । আগেয়ে সময়বোৰ কেনেকৈ যায় গমেই নাপাওঁ । আনৰ কেনে অনুভৱ হৈছিল মই নাজানো । মোৰ বাবে এই সময়খিনিৰ এক মিনিট সময়ো যেন এবছৰ এনে লাগিছিল । আকৌ পৰাগৰ সম্পূৰ্ণ জ্ঞান অহালৈ অপেক্ষা কৰি থাকিলোঁ ।
        অৱশেষত অপেক্ষাৰ অন্ত পৰিল । ডক্তৰে ক'লে"---তেওঁ শাৰীৰিক আৰু মানসিকভাবে বহুত দুৰ্বল হৈ আছে । তেওঁক আপোনালোকে দেখা কৰি অকল মাতষাৰ দিব পাৰিব । কিন্তু কোনো মানসিক প্ৰেচাৰ নিদিব । ইতিমধ্যে তেওঁৰ বহুত বেয়াকৈ মানসিক চাপত ভূগি আছিল সেয়ে জ্ঞান অহাত ইমান পলম হৈছে । বেছিকৈ মানসিক হেঁচা দিলে তেওঁ মানসিক ভাৰসাম্য আকৌ চিৰদিনৰ বাবে হেৰুৱাব পাৰে । সেয়ে আপোনালোকে কথা কওঁতে সাৱধান হোৱা উচিত । আপোনালোকে বেছি হৈ হাল্লা নকৰিব । দুই এজনে দেখা কৰি আহক । কথা কেইটাৰ কৈ ডক্তৰজন আঁতৰি গ'ল ।
          ডক্তৰে কোৱা লগে লগে সোণালী দুৱাৰ ঠেলি ভিতৰলৈ যাবলৈ ওলাল । তাই যাবলৈ বিচৰাত ৰীমাই তাইৰ হাতখনত থাপ মাৰি ধৰি ক'লে"--- তই নোৱাৰ যাব । ৰূপা যাব পৰাগৰ ওচৰলৈ । মোলৈ চাই ৰূপা তই যা বুলি ক'লে।"
       মই ক'লো"--- ইচ্‌ ! তাইক যাব দেচোন । বাধা নিদিবি । কিনো এইবোৰ টনা-আঁজোৰা কৰি থাক দেখিবলৈ বেয়া লগাকৈ । বাকী মানুহবোৰে পাগল বুলিয়ে ভাবিব ।
        মই তেনেকৈ কোৱাত ৰীমাই সোণালীৰ হাতখন এৰি দিলে । সোণালীয়ে মোলৈ খং চকুৰে চাই ভিতৰলৈ সোমাই গ'ল । আমি খিৰিকীৰে বাহিৰৰ পৰা চাই থাকিলোঁ । 
          মই ইফালে-সিফালে চাই নিলয় আৰু গুঞ্জনহঁতক দেখা নাপাই নিশাক সুধিলোঁ ইহঁত কেইটা ক'ত গ'ল ? ইমানপৰে ৰৈ থাকিলে এতিয়া জ্ঞান অহাৰ কথা গম পাই আঁতৰিল যে । সিহঁতে পৰাগৰ কাষলৈ যাব লাগিছিল ।
      মোৰ কথাত নিশাই ক'লে"---জানো ক'ত গ'ল ইহঁত কেইটা । আছে চাগৈ কেনিবা ক'ৰবাত । 
        পৰাগৰ কাষলৈ গৈ সোণালীয়ে তাৰ সোঁহাতখনত ধৰি পৰাগ পৰাগ বুলি কেইবাৰো মাতিলে । লাহে লাহে গাত ধৰি অকণমান গাটো জোকাৰি দিলে । পৰাগ প্লিজ এবাৰ চকু মেলি চোৱা বুলি কৈ থাকিল । কিন্তু পৰাগে চকু নেমেলিল আৰু এষাৰো মাত নামাতিলে । 
তাই তাৰ একো সঁহাৰি নাপায় দুখ মনে পৰাগৰ কাষৰ পৰা আঁতৰি আহিল । পৰাগৰ কোনো সাৰ-সুৰ নেদেখি মোৰ ভয় লাগিল । কি হ'ল আকৌ ! ডক্তৰে জ্ঞান অহা বুলি কৈছিল কিন্তু তাৰচোন একো খবৰেই নাই । কোঠাৰ ভিতৰত নাৰ্চ দুগৰাকীও আছিল । তেওঁলোকেও কিন্তু একো মতা নাছিল । মাথোঁ পৰাগ আৰু সোণালীলৈ চাই আছিল ।
        সোণালী ওলাই অহাত মই লাহে লাহে ভিতৰলৈ সোমাই গ'লোঁ । মই সুমোৱাৰ লগে লগে মোৰ পাছে পাছে নিশা আৰু সৌৰভও আহিল । পৰাগৰ কাষ চাপি যাওঁতে হাত-ভৰিবোৰ কঁপিছিল । বুকুৰ ধপ্‌ধপ্‌নিবোৰ বাঢ়ি আহিছিল । কি ক'ম পৰাগকক একো ভাবি পোৱা নাছিলোঁ । মোলৈ নাৰ্চ দুগৰাকীয়ে লক্ষ্য কৰি আছিল । কি কৰোঁ নকৰোঁ কৰি আছিলোঁ । তাৰ মুখলৈ চালোঁ আগৰ তাৰ মুখৰ যি উজ্বলতা সেই উজ্বলতা কমি গ'ল । চকু দুটা মুদি উশাহ লৈ সি শুই আছে । মোৰ সোঁহাতখন তাৰফালে আগবঢ়াই নি তাৰ হাতখনত মোৰ হাতখন দিয়াৰ লগে লগে সি মোৰ হাতখন খামুচি ধৰিলে । তেতিয়াহে বুকুৰ ধপ্‌ধপ্‌নি অকণমান কমিলে যে তাৰ জ্ঞান আছে । মোৰ বাওঁহাতখন তাৰ মুখ আৰু কপালত বুলাই দিলোঁ । এবাৰ সৰুকৈ মাতিলোঁ পৰাগ চকু মেলাচোন এবাৰ । কিন্তু সি চকু মেলা নাছিল । মোৰ হাতখনত তেতিয়াও খামুচি ধৰি আছিল । নাৰ্চ এগৰাকীয়ে নিশাক ইংগিতেৰে কিবা এটা সুধিলে । নিশ্চয় ভালপায় নেকি বুলি সুধিছিল চাগৈ । কাৰণ নিশাইও মূৰ জোকাৰিছিল বাবে অনুমান কৰিছোঁ । সিহঁত পৰাগৰ ভৰিৰ ফালে থিয় দি আছিল ।
        পৰাগে চকু নেমেলা দেখি এইবাৰ তাৰ মুখৰ ওচৰলৈ মোৰ মুখখন নি কাণৰ ওচৰত সৰুকৈ আকৌ মাতিলোঁ পৰাগ মোক বেয়া পাই আছা ন' । এনেকেই তোমাক দুখ দিয়াৰ বাবে মই দুঃখিত । কিন্তু তুমি কিয় মোৰ বাবে নিজক এনেকৈ শাস্তি দিছা । মই যে কিমান কষ্ট পাইছোঁ তোমাৰ এই অৱস্থাৰ বাবে । প্লিজ, মোক ক্ষমা কৰি দিয়া । প্লিজ, এবাৰ চকু মেলা না । মই সৰু সৰুকৈ কি কৈছোঁ সিহঁতে কাণ থিয় কৰি আছিল শুনিবলৈ । কিন্তু পৰাগৰ বাদে আন কোনেও শুনি পোৱা নাছিল । তেতিয়াও সি চকু মেলা নাছিল । মোৰ প্ৰতি থকা তাৰ ভালপোৱা আবেগবোৰে মোক বিহ্বল কৰি পেলাইছিল । চকু নেমেলা দেখি আবেগিক হৈ তাৰ বুকুত মূৰ থৈ উচুপি উঠিলোঁ আৰু ক'বলৈ ধৰিলোঁ--- 
                মোক যদি সঁচাই ভালপাইছিলা কিয় মাফ কৰি দিব নোৱাৰা । ইমানকৈ কোৱাৰ পাছতো এবাৰ চকু মেলি নোচোৱা যে । যদি তুমি মোক সঁচাই ভালপোৱা সকলোৰে আগত তোমাক ভালপাওঁ বুলি চিঞৰি কোৱাৰ আগতে চকু মেলা । কিয়নো তোমাৰ বাদে কাৰো আগত ধৰা দিব নোখোজো মই যে তোমাক ভালপাওঁ বুলি । আৰু মোৰ প্ৰেমক যদি আদৰ -সন্মান কৰা তুমি নিশ্চয় মোৰ কথাত সন্মত হ'বা । আৰু যদি মই সকলোৰে আগত ধৰা দিব লাগে তেতিয়া বুজিম তুমি মোৰ মৰম ভালপোৱাক সন্মান নকৰা । এতিয়া তোমাৰ ওপৰত মোৰ মৰমক জীয়াই ৰখা নে হত্যা কৰা । কথাখিনি কৈ তাৰ চকুলৈ চালোঁ সি চকু মেলা নাই । হ'ব বুজিলোঁ বুলি কৈ তাৰ হাতৰ পৰা হাতখন এৰোৱাই তাৰ কাষৰ পৰা আঁতৰি আহিব লওঁতেই তাৰ দুহাতে মোক তাৰ বুকুত সাৱতি ধৰি মোৰ গালে-মুখে চুমা খাই এই মই পাই গ'লোঁ বুলি চিঞৰি উঠিল । তাৰ মুখমণ্ডল হাঁহি আৰু আনন্দত উজ্বলি উঠিল । মই তাৰ মুখলৈ চাই অবাক হৈ পৰিলোঁ । তাৰমানে সি ইমান সময়ে অভিনয় কৰি আছিল মোৰ পৰা কথা উলিয়াবৰ বাবে । 
     পৰাগে পাই গ'লোঁ বুলি কোৱাৰ লগে লগে ৰূমলৈ লগৰবোৰ ছাৰ দুজনো সোমাই আহি বাঃ বাঃ বঢ়িয়া বুলি সকলোৱে হাত-চাপৰি বজালে । ছাৰ দুজনে পৰাগলৈ চাই হাঁহি মাৰি বুঢ়া আঙুলি দেখুৱাই চাব্বাচ পৰাগ । নাৰ্চ দুগৰাকীয়েও মোলৈ চাই হাঁহিলে । মই তেতিয়াহে বুজিলোঁ ইহঁতে এইখন মোৰ বাবে নাটক ৰচি অভিনয় কৰি আছিল । কথাষাৰ বুজি পাই খঙেৰে তাৰ কাষৰ পৰা আঁতৰি ওলাই আহিব লওঁতেই পৰাগে বিচনাৰ পৰা নামি নাচি নাচি গান গাবলৈ ধৰিলে---
           "আইনা ভঙাদি ভাঙিব হিয়াখনি
           লুইতৰে সোঁতে ব'বগৈ চকুপানী
           তুমি এৰি আঁতৰি গ'লে ।
            বতৰো নহয়চোন গোমা গোমা
             ভালপোৱা কিয় কৰা আধৰুৱা..."

        দেখিলোঁ সমীৰ , নিলয় , গুঞ্জন, চন্দনহঁতে হাতে হাতে বাদ্যযন্ত্ৰ বজাইছে । বাকীবোৰে স্ফূৰ্তি কৰি গানৰ তালে তালে নাচিছে । কোঠাৰ ভিতৰত নাচ-গানৰ সুৰ -তাল শুনি মেডিকেলত থকা ডেকা-বুঢ়া-বুঢ়ীয়ে হাত জোকাৰি নাচিবলৈ গাবলৈ লাগিল । সকলোৱে মোক বেঢ়ি ধৰি নাচিবলৈ গাবলৈ ধৰিলে । ইমান আনন্দ আৰু উল্লাসৰ পৰিবেশত মই অভিভূত হৈ পৰিলোঁ । পৰাগে মোৰ কাষে কাষে ঘূৰি গাই আছে ---
            "অমিয়া অমিয়া মাত--
           দেৰিকৈ আহিবা আহি নক'বা যাবৰে হ'ল
            বুকুতে অগণি জ্বলাই নক'বা যাবৰে হ'ল
            বুকুৰে মৰম যাচিবলৈ দিয়া এপল দুপল..."
ক্ষন্তেকতে চিকিৎসালয়খন এখন বিহুৰ ৰঙ্গমঞ্চৰ দৰে হৈ পৰিল । পৰাগৰ গানৰ সুৰত ডক্তৰ নাৰ্চেবোৰেও ৰৈ থাকিব নোৱাৰিলে তেওঁলোকে পৰাগৰ লগত এপাক নাচিলে । পৰাগৰ এনে পৱিত্ৰ প্ৰেম দেখি মেডিকেলত থকা বৃদ্ধ -বৃদ্ধা কেইগৰাকীয়ে পৰাগৰ মূৰত হাত ফুৰাই মৰম আৰু আশীৰ্বাদ যাচিলে । পৰাগে তেওঁলোকৰ চৰণ চুই সেৱা জনালে । এনে মূহুৰ্তত মই আবেগিক নহৈ নোৱাৰিলোঁ । আনন্দতে চকুলো বৈ আহিছিল ।
 
 (ক্ৰমশঃ)

অঙ্গন: পৃষ্ঠাঃ 14
অণুগল্পঃ

সংশোধন

গীতামণি কলিতা

মিলাপ্ৰীতিৰে থকা মানুহখিনিৰ মাজৰ সম্পর্কবোৰ দুই-এগৰাকীৰ কাৰণেই যে মনোমালিণ্য ঘটিল ...এই কথা চুবুৰীৰ মানুহখিনিয়ে পলমকৈ হ'লেও বুজি পালে। অৱশেষত, তেওঁলোকেও নিজৰ ভুল বুজি এনে কুটনীতি কামবোৰ এৰি পুনৰ মানুহখিনিক একতাৰ জৰীৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰিলে। 

ঠিকনা:
যোৰহাট, ভাতেমৰা পথ

অঙ্গন: পৃষ্ঠাঃ 15
শিকন 

গৌৰী দেৱী 

বিয়াখনত জোঁৱায়েকে দেহেকেহে খাটিছে । টোপোলা পেলোৱাৰ পৰা ধৰি বিয়াৰ পাছৰ অভ্যৰ্থনাৰ দিনাও টাকুৰি ঘুৰাদি ঘূৰিছে । 
বিয়াঘৰৰ সকলোবোৰ জোঁৱায়েক মানৱৰ প্ৰশংসাত পঞ্চমুখ । গৰ্ব্বত বুকু ফুলি আছে অলিৰ লগতে মাক দেউতাকৰো । বিয়াৰ পৰ্ব শেষ হ'ল । মানৱ যাবলৈ দৌৰা দৌৰি লগাইছে । অলিৰ যাবলৈ মন নাই । এক সপ্তাহৰ পাছত মানৱৰ ভায়েকৰ বিয়া । অলিৰ অজুহাতৰ ওপৰত অজুহাত দেখি থৰ কাচুতি হেৰুৱাই মানৱে অকলেই গাড়ী দৌৰালে ঘৰলৈ বুলি । 
অলিৰ সদ্যবিবাহিত দাদাক বৌৱেকে কিবা আলোচনা কৰি আছে । অলি কাষ চাপি গ'ল । দাদাকে কৈ আছে ফোনত ..."চিন্তা নকৰিব ,মই বিয়াৰ দুদিন আগতেই যাম.আঁঠমঙলাৰ নিয়মটো শেষ হ'লেই হ'ল "।
অলিয়ে গম পালে মানৱৰ লগত কথা পাতি আছে দাদাকে । অলিৰ কিবা কিবি লাগিল । মানৱক অকলে পঠিয়াই তাই ভুল কাম কৰা নাইনে । দাদাকে তাইৰ মুখখনলৈ চায় ক'লে "চা অলি, মানৱ খুব ভাল মানুহ ..ভাল মানুহজনক ভাল হৈ থাকিবলৈ দিবি। বাকীখিনি তোৰ হাতত । "
অলপ পিছত সকলোৱে দেখিলে যে বেগ পেক কৰি অলি চোতালত । দেউতাকে তাইক থৈ আহিবলৈ ওলাল । তেওঁৰ মনত অপাৰ আনন্দ 
 জীয়েকে কথাখিনি বুজি পোৱা বাবে । 

তেজপুৰ

অঙ্গন: পৃষ্ঠাঃ 16
তন্ত্ৰকাৰীৰ তন্ত্ৰ

শৰৎ হাজৰিকা

“আমাৰ শিপা ৷ আমাৰ কথা ৷ আমাৰ মাটি ” এনে কথা কোৱা ভণ্ড জাতীয় নেতাহঁত ক’লৈ গ’ল ? নিজৰ মাটিত নিজৰ শিপা থকাৰ পিছতো শিপা হেৰুৱাইছোঁ ৷ জাতীয়তাবাদ কৰি সিহঁত
গজগজীয়া ৷ নহয় ৷ নহয় ৷ নেদেখা শক্তিৰ হাতোৰাত সিহঁত বন্দী ৷ কাৰণ
সিহঁতৰ বিৰুদ্ধে প্ৰতিবাদ আৰু প্ৰতিবাদৰ আঙুলি উঠোৱাটো সিহঁতৰ সহ্য নহয় ৷ আচল দালাল যে সিহঁত ৷ সিহঁতৰ স্বৰূপটো উলাই পৰাৰ ভয়ত শকত ধনৰ বলেৰে এনে নেতাহঁতক জেপত থয় ৷ আৰু লোকচক্ষুত সিহঁত হৈ পৰে জাতীয় দালাল ৷ গণতন্ত্ৰক ৰাজতন্ত্ৰ কৰা এনবোৰ তন্ত্ৰকাৰী জাতিৰহকে মাত মতা জাতীয় নেতাৰ জীৱনলৈ মৃত্যু ভাবুকি নামি অহাৰ শংকাত নিমাত ৷
কথাষাৰৰ উত্তৰ হিচাপে বনজিতে ত্ৰৈলোক্যক ক’লে ৷
ত্ৰৈলোক্যই একচেকেণ্ড কিবা এটা ভাবি তাৰ কথাত হয়ভৰ
দিলে ৷
কিন্তু মনত দোলা দি থাকিল জাতি আৰু সমাজৰহকে কাম কৰিবলৈ গ’লে এনে নিস্বাৰ্থ মানুহ বহু প্ৰমাদৰ ভাগী অথবা বিপদৰ মোকাবিলা হ’বলগীয়া হয় বুলি সি নজনা নহয় ৷ সেইবুলি ঘৰৰ মাটিতে খিলঞ্জীয়াক ভাবুকি দিলে নিমাতে থকা কথাটোত সি পতিয়ন যাব পৰা নাই ৷ কিবা অংকৰ বুজাবুজি নহয়তো ? ” ওঁ হ’বও পাৰে ৷
সৌ সিদিনা জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোও ৰাজতন্ত্ৰৰ তন্ত্ৰকাৰী সকলৰ হাতোৰাত বন্দী নহয়জানো ?

ঠিকনা:
ৰঙাগড়া ঘাট
গোলাঘাট (অসম)
ফোন—৯১০১০২৫৬৬৪

অঙ্গন: পৃষ্ঠাঃ 17
এক মিনিটৰ গল্প:
সৰগীয় প্ৰেম

মনোৰমা দাস
                     
         মোৰ দেউতা ককা-আইতাৰ একমাত্ৰ সন্তান । সেয়ে মোৰ জন্মৰ আগে আগে মাক মামাহঁতৰ তাত থৈ আহিছিল বুলি পিছত গম পাইছিলোঁ । সেয়ে সৰুকালত চেনেহৰ আটোলতোল কোলাতে মই ডাঙৰ হ'লোঁ ।  স্কুললৈ যাব পৰা হ'লোঁ । সৰু মামাৰ আঙুলিত ধৰিয়ে ফলি পুথিৰে পিঠিত বেগ লৈ টুক টুক কৈ স্কুললৈ গৈছিলোঁ । বেঞ্চত বহুৱাই , মামা ঘৰলৈ উভতিবলৈ লওঁতেই ঠেহ পাতিছিলোঁ । প্ৰধান শিক্ষক হুজুৰী ছাৰে আহি ক'লে-ভাল ছোৱালী এনে নকৰে নহয় । ছাৰে মোৰ মূৰত হাত ফুৰাই নিলয়ৰ কাষতে বহুৱাই দিলে । এটা সময়ত নিলয় মোৰ অভিভাবক হৈ পৰিল । কিয় জানোঁ নিলয়ৰ প্ৰতি এক অনামী ভালপোৱাই মোৰ কলিজাত ঠাই পালে । সি স্কুললৈ আহি নোপোৱালৈকে মোৰ মন ভাল নলগা হ'ল । বকুল ফুলৰ মালা গাঠি দি তাক ঘৰলৈ নিবলৈ কওঁ । লেইজাৰৰ সময়ত বগৰী, আমলখি, কেতিয়াবা পনিয়ল, লেতেকু আদি লগে ভাগে নিলয়ৰ লগত খাওঁ । কিবা এটা তাৰ লগত খালেহে মনটো ফৰকাল লাগে ।        
         সেই নিলয়ে বাৰু মোক এতিয়া মনত পেলায় নে ? মোৰ কিন্তু নিলয়ৰ প্ৰতি এতিয়াও কিবা এটা যেন সেউজীয়া হৈ আছে ।         
          আজি কিছুদিন আগতে মোৰ ল'ৰা প্ৰতীক মেডিকেল এণ্ট্ৰেঞ্চ দি ঘুৰি আহোঁতে বাটতে লগ পোৱা এজন মানুহে কথা প্ৰসংগত সুধিছিল হেনোঁ-- তোমাৰ দেউতা আৰু মাৰ নাম কি ?           
          মই তাৰ কথা শুনি কৈছিলোঁ-- এহ ক'ৰ মানুহ ? কি কথা ? কোনো কথা নজনাকৈ নাম ঠিকনা ক'ব নালাগে নহয় । ল'ৰা প্ৰতীকে পুনৰ ক'লে- মা যে আৰু ! বুজিছা মা তোমাৰ নামটো কোৱাৰ লগে লগে তেওঁ তোমাক চিনি পাওঁ বুলি ক'লে আৰু কি জানা মা ! সিদিনাখন কেণ্টিনত চাহ মিঠাই খাওঁতে মোৰ দিব লগা পইচাখিনি তেখেতে দিলে ।
   অ' মা, তোমাক ভালদৰে চিনি পায় । তোমাৰ লগত বোলে একেলগে পঢ়িছিল । কি ? কোন বাৰু হ'ব পাৰে ? মোৰ লগত একেলগে পঢ়া ? নিশ্চয় নিলয়ে হ'ব । কিন্তু অ'ত বছৰৰ পাছত --? হয়তো নিলয়ৰ হিয়াত তেতিয়া হ'লে মোৰ নামেৰে এডাল অদৃশ্য ৰেখা অঁকা আছে ।।

ঠিকনা,
বস্তন,আমেৰিকা

অঙ্গন: পৃষ্ঠাঃ 18
অনুবাদ কবিতাঃ

বন্ধুত্ব

(মূল হিন্দী- হৰিবংশ ৰায় বচ্চন
অনুবাদ-প্ৰাণ কৃষ্ণ গোস্বামী)

মই স্মৰণিকাৰ পাত লুটিয়ালে
কোনো কোনো বন্ধুলৈ 
বহুত মনত পৰে ...
পাৰ হৈ যোৱা কিছু 
সময়ৰ কথা ভাবিলে
আন বহু বন্ধুলৈ 
বহুত মনত পৰে ... 
কোনে জানে তেওঁলোকে আজি 
ক’ত কি পৰিৱেশত কৰিছে বসতি।
যেতিয়া কটাওঁ মই বিনিদ্ৰ ৰজনী
কোনো কোনো বন্ধুলৈ 
বহুত মনত পৰে ...
কিছু কথা আছিল ফুলৰ দৰে
কিছু শব্দ ভৰি আছিল সুগন্ধিৰে
আজি এই বাগিছাত ফুৰোতে টহলি
মনলৈ আহিছে বহু বন্ধুত্বৰ স্মৃতি।
সবাৰে জীৱন সলনি হ’ল 
আজি গঢ় ল’লে নতুন সাঁচত
কোনোবা ব্যস্ত নিজৰ কামত
খেনোক নাই বন্ধুৰ প্ৰয়োজন
সকলো ক’ৰবাত হেৰাই গ’ল
‘তই’ৰ পৰা ‘তুমি’-‘আপুনি’ হ’ল
অতীত জীৱনৰ কথা সুঁৱৰিলে  
পুৰণি বন্ধুলৈ বহুত মনত পৰে। 
নিজৰ গতিত গৈ আছে সময়
এক স্মৃতিগ্ৰন্থহৈ পৰিছে এই জীৱন
কেতিয়াবা কাৰোবাৰ স্মৃতিয়ে
দিয়ে বহু দুখ,
কেতিয়াবা সোঁৱৰণৰ গইনাতে 
জীৱনৰ খোজ।
পাৰত বিচাৰি নাপাবা সমূদ্ৰী মুকুতা
হেৰোৱা পুৰণি বন্ধুকো ঘুৰাই নোপোৱা
হে’ বন্ধুসসকল, 
হাঁহি-মাতি জী লোৱা এই ক্ষণ
পুনৰ উভতি নাহে
বন্ধুত্বৰে ভৰপুৰ অতীত জীৱন।

অঙ্গন:  পৃষ্ঠাঃ 19
কবিতাঃ

যাওঁ বুলি গুচি যাব নোৱাৰি

ৰীতা বৰুৱা

চকু মুদিলে পোহৰ
মেলিলেহে এন্ধাৰ দেখা 
সময়

তথাপি 
যাওঁ বুলি গুচি যাব নোৱাৰি
নযাওঁ বুলিও নোযোৱাকৈ থাকিব নোৱাৰি

এতিয়াও 
তোমাৰ হাতত মোৰ হাত 
মোৰ হাতত তোমাৰ

বাটো একেটাই 
মাথোঁ ঘাট
আগ বা পাছ ।

অঙ্গন:  পৃষ্ঠাঃ 20
যোৱা নিশা মোৰ টোপনি নহ'ল

অজিত বৰা

পুৱতি নিশাতে উঠিলোঁ
ওৰেটো নিশা মই কবিতা এটিৰ সৈতে কটালোঁ
সময়বোৰ সুখপ্ৰদ নাছিল বুলি নকওঁ
বেচ প্ৰত্যয়েৰে ক'ব পাৰোঁ সম্প্ৰতি মই এজন সুখী মানুহ

কবিতাটো সপোনৰ হাতত ধৰি আহিছিল
সপোনৰ আঙুলিকেইটিত শব্দৰ সুকোমল স্পৰ্শ আছিল
শব্দবোৰে মোক লাহেকৈ চুই দি 
শিশু এটিৰ দৰে খিলখিলাই হাঁহিছিল
সেই হাঁহিত প্ৰাপ্তিৰ ৰ'দালি আছিল

আজি মোৰ প্ৰেছাৰটো বাঢ়িছিল
তেজত শৰ্কৰাৰ মাত্ৰাও অলপ বেছি পালোঁ
ডাক্টৰৰ ওচৰলৈ গ'লো
প্ৰেছাৰটো জুখি ক'লে সকলো ঠিকেই আছে দেখোন
বুকুত শব্দৰ বোজ লৈ আপুনি বৰকৈ নাহাঁহিব
শব্দবোৰ বৰ মৰম আকলুৱা

বয়স মোৰ বাঢ়িছে বুলিও নকওঁ
মাথোঁ ৬৫ টা বসন্ত গৰকিছোঁহে
সৌবোৰচোন মোৰ সমবয়সৰে তজবজিয়া একোটা হৈ ওলাই সোমাই ফুৰিছে
ইচ্ছা কৰিলেই হাঁহিব পাৰিছে, 
কথা পাতিছে
মইনো কিয় নাহাঁহিম, নাপাতিমেই বা কিয় কথা! 
ডাক্টৰজনলৈ অৱশ্যেই মোৰ অলপ খং উঠিছে

মই ওৰেটো জীৱন সা-ৰে ৰ'ব খুজিছোঁ
শুবলৈ মোৰ অলপ শংকা হয়
মানুহ শুলে শুবই খোজে
শোৱা মানুহে গান নাগায়, কবিতা নিলিখে, নাপাতে কথা

মই সোণাৰু এজুপি হৈ ফুলি থাকিব খুজিছোঁ
চৰাই হৈ উৰি থাকিব খুজিছোঁ
পকা ৰবাবৰ ফুৰফুৰিয়া গোন্ধ হৈ বতাহত ভাহি ৰ'ব খুজিছোঁ

মোৰো তেওঁলৈ মনত পৰে কেতিয়াবা
তেওঁ বা এতিয়া ক'ত নাজানো
ঠিকনাটো মোৰ মনত নাই
যোৱা নিশাৰ সপোনটোৰ সৈতে তেওঁ অহা নাছিল
ভাললগাবোৰ অৱশ্যেই জীয়াই আছে

কথাবোৰো আজিকালি বৰকৈ পাহৰা হৈছো
পাহৰা অসুখটোৰ বহন বৰ কষ্টকৰ
পাহৰি পাহৰিও দেখোন কিছুমান কথা পাহৰিব নোৱাৰো
সোঁৱৰণীক চুই চাবলৈ মোৰ বৰ মন যায়

যোৱা নিশা সা-ৰে থাকি মোৰ বেয়া নালাগিল
কবিতাটো আৰু মই ওৰেটো নিশা ওমলিলোঁ।।

অঙ্গন:  পৃষ্ঠাঃ 21
যন্ত্ৰণা

বন্দনা সন্দিকৈ

বুকুৰ মাজত ঠুনুকা হৃদয়খন লৈ
মই নিজেই আঁজুৰি আছোঁ যন্ত্ৰণা
নোপোৱা বোৰৰ বাবে হামৰাও কাঢ়ি
সপোন ভঙাৰ অজুহাতত
পি আছোঁ বিষাদ প্ৰতিপল

আন্ধাৰে-পোহৰে বুলিছোঁ পথ
খলাবমাত উজুতি মাৰি ছিঙিছোঁ নখ
কোলাহলৰ মাজত বিচাৰি নিজকে
হাবাথুৰি খাই ফুৰোঁতে
অন্তৰাত্মাই ক'লে কাণে কাণে

মায়া মায়া কেৱল 
মায়া

পাবি জানো বিচাৰি নিজৰ প্ৰতিচ্ছবি
মোৰ মোৰ বুলি বুকুত সাৱটি থকা
আপোনৰ মাজত
আঁচলৰ মমতাক উপহাস কৰি
সন্তানো আঁতৰি যায় এদিন

দৃষ্টিৰ সিপাৰে ৰৈ আছে
তোৰ সকলো আপোন
সেয়াই চিৰন্তন

বাকী সকলো মিথ্যা
সপোন সপোন যেন
ধাৰাষাৰ বৰষুণ
উপচাই দুনয়ন ।

অঙ্গন:  পৃষ্ঠাঃ 22
কেতিয়াকৈ হ’ব ইটি কথাৰ ইতি

ৰাজেন বৰা

ৰঙীন ৰুমালখনকে হেৰুৱাইছিলানে অকল
হেৰুৱালা ৰসাল হৃদয় ৰতন
প্ৰচণ্ড সাহস সহৃদয়তা পৱিত্ৰতাৰ বিপৰীতে হ’লা প্ৰতাৰিতা পৰিত্যক্তা
কোনে দেখিলে তোমাৰ অন্তৰ্লীন শোকগাঁথা
ডেছদিমনা, ডেছদিমনা

পানীত পৰা মিনাকৰা আঙুঠিটো যিমান চিনাকি আছিল দুষ্মন্তৰ
সমানে আছিল নে ৰজাৰ ওচৰত তোমাৰ প্ৰেমৰ পৰিচিতি
শকুন্তলা

সীতাইও দিব লগা হৈছিল
সতীত্বৰ অগ্নি পৰীক্ষা
পৰীক্ষক নে প্ৰজা জনপ্ৰিয়তাৰ ৰক্ষক আছিল স্বয়ং প্ৰভু ৰাম
...........................

যুগে যুগে দেশে মেশে
ৰণৰ ঢাল, জুৱাৰ পণ, সন্ধিৰ সম্পদ, প্ৰেমৰ পণবন্দী তুমি
তত্ৰাচ চকু দেখি বৰালি পৰিলে খালত পাবা জানো পৰিত্ৰাণৰ পথ
ইতিমধ্যেই ইতিহাসৰ ইমানবোৰ সীমাহীন ইত্যাদি ইত্যাদি
বিপদৰ ভয়ত সঁহিলেই সম্পদ মানি
বন্দীত্বৰ নেপেলাবা নে ইতি...

অঙ্গন:  পৃষ্ঠাঃ 23
কষ্টৰ প্ৰয়োজন   

ড০ আৰমেদা আহমেদ

আৰু অলপ কষ্টৰ 
আছিল প্ৰয়োজন ---
ব'হাগৰ বৰদৈচিলাই
মূধচত ওলমি থকা শোক
উৰুৱাই নিলে, 
দুখ সেই বাবেই---
এতিয়া দুখ অবিহনে
মনিব নোৱাৰা হ'লো
পথৰুৱা আলি---
সমাজে যেতিয়া
অইনৰ যন্ত্রণা চাবলৈ
আস্ফালন কৰে! 
কিয়নো আঘাতৰ
প্ৰেমত নহম অধীৰ ?
শোক অবিহনে কলম স্থবিৰ
চকুলো শুকাই থাকে চকুতে--
অঞ্জন ভেটা দি নেথাকে তেতিয়া। 
সকলোৰে যত আছে
শোক তাপ যন্ত্রণা
মোকেই দিয়া, 
প্ৰয়োজন এতিয়া বহু কষ্টৰ, 
সুখত হেৰুৱাব নিবিচাৰোঁ
মনুষ্যত্ব!! 
মানবীয়তাৰ পোছাকযোৰৰ দুখ
কোনোবা আজন্ম প্ৰেমিকৰ যেন
মিঠা আলীংগন। 
কলমে পাহাৰ ব'গাব পাৰে
খহি পৰা ৰঙচুৱা মাটিত
পিছলি নপৰে ভৰি, 
কলমে লহৰে লহৰে
ধেমালি কৰিব পাৰে
নপৰে ভাগৰি
কঠীয়া সিঁচিব পাৰে, 
ছিৰাল ফাঁট মেলা ভূগর্ভৰ
যাঁতনা বুজিব পাৰে!! 
শোক এতিয়া মৃত
সঞ্জীৱনী সুধা, নিচাসক্ত হলেই
ছিগিব পাৰে
কৃটিম সম্পকৰ বান্ধ!! 
হলাহল বৰণীয়া হোৱাৰ আগতেই
আৰু অলপ কষ্টৰ প্ৰয়োজন---
ভীষণ প্ৰয়োজন----
মানুহ চিনি পাবলৈ
তাতকৈ ভাল লগন আৰু
নাহিব দুনাই---

গুৱাহাটী।

অঙ্গন: পৃষ্ঠাঃ 24
শ্যামলীৰ আৱেগ 

দীপাঞ্জলি চেতিয়া গগৈ

আকাশ নিনাদি উৰি যোৱা পখীৰ কাকলিত সাৰ পায় অৰণ্যখনি,
পূৱালীত সূৰুযৰ প্ৰথম কিৰণত
কেৰমেৰাই উঠে বিৰিখৰ ডাল পাত,
ভবাতো নাছিল তিমিৰ নিশাত এজাক ধুমুহা বলিব,
তচনচ্ কৰি থৈ যাব অৰণ্যৰ সেউজীয়াক,
পংগু কৰি পেলাব বৃক্ষৰ দুহাত,
আঘাতবোৰে উকমুকায়,
ভাগি যোৱা অংগৰ বিননিবোৰ এটি কৰুণ সুৰ হৈ গছৰ ফাঁকে ফাঁকে প্ৰতিধ্বনি হয়,
কোন কাৰনো মৰমৰ ,
কোন কাৰনো চেনেহৰ,
কোননো কাৰ আপোন,
প্ৰকৃতিয়েই ধ্বংস কৰিবলে জানো বাট চায় প্ৰকৃতিক,
কিঞ্চিতো আৱেগ আছেনে,
আছেনে অনুৰাগ শ্যামলীৰ বক্ষতে শ্যামলীৰ প্ৰতি,
তেনে মানৱী সত্তাৰে বা প্ৰমূল্য থাকিব ক'ত,
ধৰিত্ৰীৰ বুকুত জনম লৈ
চেনেহৰ পিয়াহত আতুৰ পৰাণ,
কোনজাক সমীৰণে যাচিব অকৃত্ৰিম ভালপোৱাৰ এপাহি গোলাপ,
আশাৰ দুচকুয়ে হাবাথুৰি খায় বিশ্বাসৰ আলি কেঁকুৰীত,
প্ৰকৃতিৰ আঁচলতেই হ‌ওক,
মানৱী জীৱনৰে হ‌ওক,
তথাপিও আমি পৰিপূৰক, অৰণ্যৰ বিনে জানো উশাহ বয়,
মৰমেহে শ্যামলীক সজায় 
চিৰ বিনন্দীয়া সাজেৰে ৰাঙলী ৰূপহী কৰি... 
 
যোৰহাট

অঙ্গন: পৃষ্ঠাঃ 25
ব'হাগ অহা বাটত

জয়ন্ত ৰাজবংশী

ব'হাগ অহা বাটত
ৰৈ থাকে একো একোটা আলি
য'ত বহি পিতাইয়ে পথাৰৰ কথা 
ওঁঠত পিন্ধিছিল হেঁপেহেৰে

ব'হাগ অহা বাটত
ৰৈ থাকে পদূলিৰ কপৌজুপি
যাক মৰমেৰে চিঙি
কলদিলীয়া খোপাত পিন্ধাই
পথাৰত কঠীয়া ৰোৱাৰ কথা চহোৱা হৈছিল

ব'হাগ অহা বাটত
ৰৈ থাকে মেঘৰ জোলোঙা
যি ঢোলৰ চাপৰত নামি আহে
বুকুৱে বুকুৱে মাটি কথাৰ তেজ পিন্ধিব

ব'হাগ অহা বাটত
ৰৈ থাকে চৰাইৰ ঠোঁটত মৰমী সুৰ
যি সুৰৰ বাবে ম'হৰ শিঙাতো প্ৰেম আহে
সৰু দৈয়া জাপিটো নামে শিল

ব'হাগ অহা বাটত
ৰৈ থাকে একো একোটা সুহুঁৰি
যি সুহুঁৰি বাজি উঠে বাঁহীৰ দেহত
গগনাৰ সুৰত বৰষুণ নামে

ব'হাগ অহা বাটত
ৰৈ থাকে প্ৰেমৰ পোন বাট
যি বাটৰ কথা পিন্ধে গছৰ ডালে
যি বাটৰ কথা পিন্ধে আপোন পথাৰে ।।

অঙ্গন: পৃষ্ঠাঃ 26
নিৰ্বাচনৰ উৎসৱ

মফিদা বেগম

অংক মিলাই মিলাই 
আহিল ন তাৰিখটো
উৎসৱ নিৰ্বাচনৰ ৷
কাক দিম অংক মিলাই মিলাই
শাৰী পাতি ৰৈ আছো 
এক ভোটাধিকাৰ অপেক্ষাত
এভিৰেমক স্পষ্টকৈ স্পৰ্শ আশাত
এটাই সুযোগ 
সম অধিকাৰ সাব্যস্ত 
বহু মানুহ বহু মন পঢ়িব নোৱাৰো
বুলি জানিও 
মূৰটোৱে চিন্তা কচৰৎ কৰে
আইক কাইলৈ কাৰ হাতত দিম
নায়কক নে খলনায়কক ?
দিনক ৰাতি কৰি কৃষ্ণৰ 
ভাও দিলে আৰু চালোঁ ৷
নীলা শিয়াল জাক জাক
ৰক্ষকে যদি ভক্ষক হয়
ইফালে-সিফালে পাকঘুৰি
চাই আছো
কোন সোঁতত যোৱা মৰা
 মাছ ? কোনে
চল চাই কঠীয়া সিচিব ?
নীলা আকাশ চুই 
আহিব শান্তি নিৰ্ণায়ক ৷
নিৰ্ণয় হ’ব সুযোগ্য প্ৰতিনিধি
মেলি দিব সেউজীয়া পৰিবেশ
সবাৰে আগত তেজস্বী হৈ 
আইয়ে খোজ দিব ৷

অঙ্গন: পৃষ্ঠাঃ 27
সৰাপাতেও বহু কথা কয় 

মিনতী মহন্ত 

কিমান যুগ পাৰ হৈ গ'ল
খালি ভৰিৰে কোমল দুবৰি গছকা ,
এতিয়া যে পথবোৰ কংক্ৰিতৰে ভৰা !

কলমত চিঞাহী ভৰোৱাৰ
দিনবোৰো হেৰাল ;
সেয়েহে --
শব্দৰো আঁত হেৰুৱাইছোঁ ।
বাক্যবোৰো ৰুগীয়া হৈ আহিছে ;
ভাষাৰ উত্তৰণত খেলিমেলি !

নিপোটল সুস্থ সৱল পৃথিবীত
জিলিকাবলৈ সম্বন্ধৰো সাঁথৰ।

ক'ৰবাত আত্মবিশ্বাসৰ বিষক্ৰিয়াই
নিয়ৰৰ মুকুতাক লুপ্ত কৰিলে।
থুনুকা কলিজাত আঘাটপ্ৰাপ্তৰে থকা-সৰকা ।

বিষাদবোৰ বেছি আপোন হোৱাৰ সময়তে
পাপ-পূণ্যৰ বিচাৰকৰ ফাইলটো
চাবলৈ বৰ মন যায় !
দোমোজাৰ মাজতে যদি পোৱা যায়
ৰঙীন সৰাপাতৰ অস্তিত্বতে
এটুকুৰা বিমল শান্তি ।

অঙ্গন:  পৃষ্ঠাঃ 28
মৰহা ফুলৰ পাপৰি

প্ৰৱীণ ৰাজবংশী

জোনাকৰ এটি বাটত
সময় বৰ ক’ম  
নিঃশব্দ কোলাহল
নিঃসঙ্গ মাতাল নিশাটি
নিস্তব্ধতা নিস্বাৰ্থ ভালপোৱা 
এপাহি মৰহা ফুলৰ পাপৰি ৷

আছে জীৱন তৃষ্ণাৰ গাথা
আছে নীৰৱতাৰ অযুত ভাষা
নাই কোনো আক্ষেপৰ বাসনা
সঁচা ৰং জীৱনৰ অযুত বেথা
এপাহি মৰহা ফুলৰ পাপৰি ৷

নিৰ্মাণ আলসুৱা সময়
শব্দৰ সতে আছে মিতিৰালি
জীৱন যুদ্ধত আজি লিপ্ত
অপেক্ষা মাথোঁ সতেজ হ'বলৈ
মন গ'লেই বাকি দিব এসাগৰ
সঁচা ভাল লগা সঁচা মানৱতাৰ
হেৰাই যোৱা শব্দৰ ঝংকাৰ ৷

নিমাত নীৰৱতা আকুলতাৰে
ভৰা এই সময় এই জীৱন
হেৰাই যাবলৈ নিদিবাচোন
সেউজীয়া ৰং বোৰ সময়বোৰ
সতেজ হ'বলৈ দিয়া মুক্ত মনে
তোমাকেই কৈছোঁ তোমাকেই কৈছোঁ
এপাহি মৰহা ফুলৰ পাপৰি (ৰাজ) ৷৷

অঙ্গন:  পৃষ্ঠাঃ 29
ৰঙা শিমলু

নাং লিজাশ্ৰী বন্তী গোহাঁই

ফাগুনৰ আচলত ধৰি ৰঙা শিমলু তই ৰিঙিয়াই মাতিছ ফাগুণী মলয়াক।
শিমলু তই সচাঁই আচৰিত অ' নাই তোৰ আমোলা-মোল সুগন্ধ
তথাপিও চাৰিওফালে সুৱাস বিলায় ফুৰিছ ।
গোন্ধ বিহীন বাবে তোক 
কৰে অনাদৰ
সেই বাবে প্ৰেয়সী খোপাত গুজি নিদিয়ে
তোল ফুলৰ পাহিটি।
তোৰ গোন্ধ নাই বাবে চাগে পূজাত অৰ্পন নকৰে তোক।
 শিমলু অ' তোৰ যে ফুলৰ পাঁচটি পাহি
দেখিবলৈও তই শুৱনী।
বৰ ভাল লাগে তোক অ'
শিমলু তই ইমান ওখ কিয় ?
তোক যে মই ঢুকিয়ে নাপাওঁ এবাৰ হাত বুলাই চাবলৈ ।
অ' শিমলু ভালেই কৰিলি তই ওখ হৈ নহলেবা যে তই হেঁপাহ পলোৱাই ফুলিব নাপালি হয়। 
অ' শিমলু বেছি অহংকাৰ নকৰিবি তই  
নহ'লে আকৌ কপাহ হোৱা লগে লগে ফাগুনৰ পছোৱা জাকে আহি উৰুৱাই নিব তোক বহুত দূৰলৈ।

ঠিকনা:
লক্ষীমপুৰ নাওবৈচা
দূৰভাষ -৭০৮৬৫৪৫০৫০

অঙ্গন: পৃষ্ঠাঃ 30
হোম কোৱাৰানটাইন 

নলিনী কান্ত ধিং 

অভিপ্ৰয়াণ আৰু ভাষা
সেউজীয়া হত্যাতহ সালোক সংশ্লেষণৰ তাৰতম্য ,
ভাইৰাছৰ জিনোম সলনিৰ স্পৃহা অদম্য ।
তেলৰ বিনিময়ত যুদ্ধাস্ত্ৰ ,
অস্ত্ৰ ব্যাৱসায়ীৰ তত্ত্ব ।
ভাইৰাছ বিষাণুৰে যুদ্ধবাজ নেতাৰ লবি ,
মুষ্টিমেয় ব্যক্তিবিশেষৰ হাতলৈ যায় ৰাষ্ট্ৰীয় পুঁজি ।
ঘৰত আবদ্ধ হোৱা সেউজীয়া মনবোৰ ,
মহাবাহুৰ বাকৰিত জিলমিল অভ্ৰৰ আশাৰ চমকানিবোৰ ,
মনপৰশা শান্তিৰ আলয়ৰ আলোকিত কবিতাৰ সময়বোৰ ,
প্ৰেম আৰু পানীৰ বান্ধোনত কবিতাৰ প্ৰশান্তি আৰু প্ৰতিৰোধে ,
মহাবাহুৰ মৰ্মৰস্থলি আৰু দুই পাৰ একতাৰ সংহতিৰে উপচি পৰে ,
জাতি-ধৰ্মৰ ঠেক বাধাৰ প্ৰাচীৰ ভাঙি চিঙি চূৰমাৰ কৰি ,
সমাহিত সহনশীল নমনীয়তাই ৰাখে হিয়াৰ টানৰ এনাজৰী ।
দুষ্টচক্ৰই লুইতৰ পানীৰ বানান কৰি, বিভেদ আনিবলৈ
হিয়া ভাঙিব পাৰিবনে চূৰমাৰ কৰি ?
সেয়েহে , বহ্নিমান মহাবাহু জাগ্ৰত প্ৰহৰী ।

জালুকবাৰী 
গুৱাহাটী – ৭৮১০১৩

অঙ্গন: পৃষ্ঠাঃ 31
ল'ৰাহঁত
         
ৰুমী কলিতা দত্ত

ঐ ল'ৰাহঁত শুনচোন
কি কৰি আছ বাৰু তহঁতি
বিহু আহি পালেহি
ঢোলটো ওপৰত ওলোমাই থবি নেকি ?
পেঁপাটো বজাই নাচাবি জানো
মই নাই বুলি তহঁতি 
বিহুটিক আদৰি নলবিনে 
বিহু নোগোৱাকৈ থাকিবিনে ?

মই আছোঁ চাচোন
এপাহ ফুল হৈ সুগন্ধি বিয়পাই
এজনী পখিলা হৈ প্ৰকৃতি সজাই।

আহ, আহ মোৰ ওচৰলৈ
কুলিজনীও অহা নাই অ'
বৰষুণো আহিবলৈ মন কৰা নাছিল
আৰু...
এতিয়া বেলিয়েও ওলাওঁ নে নোলাওঁ 
তাকেহে ভাবিছে যেন পাওঁ ।

দুখ নকৰিবি অ'
মই আকৌ আহিম
তহঁতৰ আশাবোৰ পূৰ কৰিম
মৰমবোৰ আঁকোৱালি লম
মই জুবিন হৈয়ে থাকিম।

গৰিমাক তঁহতি বুজাব পৰা নাই কিয়
তহঁতৰ চকুৰ পানীয়ে মোৰ চৰণ তিতিছে
মৰমৰ চিঞৰবোৰে বুকুত খুন্দিয়াইছে
ময়ো থাকিব পৰা নাই অ' !

কিন্তু...
কচোন যাওঁনো কেনেকৈ
গুচি আহিলোঁ নহয় বহু দূৰলৈ
সেইকেইটাক মই শান্তিত থাকিব নিদিওঁ
তহঁতি চিন্তা নকৰিবি !

নাহৰ ফুলিছেনে নাই
সিহঁতৰ যত্ন লবি
গছবোৰ কাটিবলৈ নিদিবি
সেউজীয়া প্ৰকৃতিৰ স'তে কথা পাতিবি
মই পুনৰ আহিম উভতি 
তহঁতৰ গল্ডী হৈ 
গৰিমাক অকলে থাকিবলৈ নিদিবি দেই ।
মঞ্চত নুঠিলেও নাই
কিন্তু...
গাঁৱৰ ঘৰত চোতালখন গছকি
হৰিধ্বনি নিদিয়াকৈ নাথাকিবি !

৯৩৬৫৩৭৫৩০৩

অঙ্গন: পৃষ্ঠাঃ 32
কবিতা

নিকি মেধি

  ( ১)
' লিখোঁ বুলিলেই 
লিখিব নোৱাৰি কবিতা
ভাৱ আৰু আবেগৰ বহিঃপ্ৰকাশত
ই স্বাধীন এটি কলা।'
    
   ( ২)
"কবিতা সদায় সংবেদনশীল
আৰু অৰ্থবহ অনুভূতি ,
সৃষ্টিশীল মন আৰু 
হেজাৰ প্ৰজন্মৰ পৰা
প্ৰজন্মলৈ শিহৰিত
এটি কলাত্মক অনুভূতিয়েই কবিতা ।"

        ( ৩)
" আমি কবি নহয় , বৰঞ্চ আমিবোৰ
অনুভৱী মনৰ মানুহ শব্দৰ মমতাত
আমিবোৰ আজন্মৰ শিকাৰু!"

            (৪)
 "আয়ে কয়-"কবিবোৰ বোলে ভোকত মৰে
খাবলৈ নাপাই ভাত , চিকিৎসা কৰিবলৈও
হয় , বোলে ব্যাপক অৰ্থৰ অভাৱ ।"

        (৫)
" তথাপি ই সুখময় বেবেৰিবাং ভাৱনাৰেই
যেতিয়া প্ৰকাশিত হয় এই অ-কবিৰ
এটি হ'লেও অৰ্থহীন কবিতা
আমাৰ বাবে সিটো এটি অনাবিল প্ৰাপ্তি ।"

     (৬)            
" কবিতা জীয়াই থাকক
 উত্তৰ প্ৰজন্মৰ বুকুৱে বুকুৱে বিয়পি
অধিক প্ৰসাৰিত  
হওক , অসমীয়া কবিতাৰ যাত্ৰাপথ ।"

অঙ্গন: পৃষ্ঠাঃ 33
অমিলন

সত্য নাথ শৰ্মা

আছিল
আছে 
থাকিব
সুন্দৰ 
সংস্কৃতি
আমাৰ !
আঁতৰি 
নেযায় 
মনৰ পৰা
মচ
নাযায়
অন্তৰৰ পৰা
ৰ'ব হৈ
অমিলন
প্ৰতি জনমত
কলা-কৃষ্টি
আৰু 
পৰম্পৰা 
আমাৰ !!

অঙ্গন: পৃষ্ঠাঃ 34
অভিনয়

ৰিনচুম লাহন

এখন ৰঙীন খেলৰ মাজত এটা বিবৰ্ণ অবয়ব..
অপ্ৰাণ চেষ্টা কৰিও জিকিব নোৱাৰা এটা সত্তা..
কাৰোবাক হৰুৱাবলৈ কাৰোবাৰ অপ্ৰাণ চেষ্টা
অপৰাজেয় হোৱাৰ দুৰ্বাৰ চেষ্টা...
ক’ত জানো পৰি ৰ’ল 
ৰঙীন খেলখনৰ মাজত black and white তাইজনী ?
খেল মানেতো ধেমালি আছিল !
কেতিয়াৰ পৰা জানো খেল মানে অভিনয় হ’ল!!
এৰা ,এতিয়া অভিনয় অহৰহ অবিশ্ৰাম….
ৰঙৰ মাজত বিবৰ্ণ তাইজনীক বিচাৰি
তাইয়ে এতিয়া চালাথ কৰিছে নিজক..
ৰংবোৰটো এদিন তাইৰো আছিল
অথচ পৰাজয় তাইৰ কাম‍্য নাছিল
আনক যন্ত্ৰণা দি ৰং লোৱাৰ কোনো বাসনা নাছিল
নিজক বিলীন কৰি তাই হাঁহিছিল
পাৰেমানে জীৱন্ত আছিল 
হঠাৎ তাইময় সত্তাটো সলনি হ’ল
ৰঙৰ খেলবোৰ অভিনয় হ’ল ।

অঙ্গন: পৃষ্ঠাঃ 35
দৃষ্টিহীন স্বপ্নৰ শলিতা

বশিষ্ঠ ত্ৰিদিপ শৰ্মা

আশাৰ ব'হাগত সপোনৰ ডেউকা
ফাগুনৰ বিবস্ত্ৰ বতাহচাটিয়ে
উতুৱাই নিয়া জোবোৰা সপোনবোৰ 
অনুভূতিৰ ঢেৰেকনি নিৰবধি দাপোন
হৃদয়ৰ নীলা কাঁইটবোৰ পূৰঠ হৈ উঠিছে
লেৰেলিব খোজা অজুত নিৰ্ভয়
শূন্যতাৰ পয়োভৰত উত্ৰাৱল 
চিৰযৌবন জোনাকৰ কাল নিৰৱধি
নি:সংগতাই যুগ যুগৰ উপাসক
আলোকিত ৰক্তজবাৰ সপোনৰ গান
ঘূৰ্ণিচক্ৰৰ কাল অমানিশাই
ভ্ৰমি যোৱা উন্মাদনাৰ দস্তাবেজ
কুৰুকি কুৰুকি সোমাই পৰা
নিৰ্বাসিত কলিজাৰ তস্নাতৰ ৰন্ধ্ৰবোৰ
আলিঙ্গনৰ পৰিভাষাৰ গুঞ্জন।।

বেলতলা

অঙ্গন: পৃষ্ঠা 36
চিনাকি স্বদেশ 

অনন্ত কুমাৰ ভূঞা

কোনে গাই গ'ল আপোন গীত
গোন্ধ থকা পলসুৱা মাটিৰ !

কোনে কৈ গ'ল অতীত ইতিহাস 
লুকাই থকা বহুত কাহিনী !

কোনে কবিতা লিখিলে জোনাকী যুগৰ
জাতিয়ে প্ৰাণ পায় উঠিল।

কোনে শুৱনি কৰিলে সেউজীয়া পথাৰ
যি পথাৰত সোণ গুটি গঁ‌জে !

কোনে শিকালে খোল বাদ্য এই অসমত
য'ত জাতিৰ সংস্কৃতি আছে!

কোনে বৰগীত ৰচনা কৰিলে 
যি গীতে মহাপুৰুষক শ্ৰেষ্ঠ আসন দিলে !

কোনে শিকালে সাহিত্য আমাৰ,
য'ত ৰসৰাজৰ সপোন মিহলি হৈ আছে !

কোন ৰজাই জাতি গঢ়িলে 
যত অসমীয়াৰ স্ব-অভিমান জিলিকি আছে!

কোচবিহাৰত আছে ৰজাৰ কাৰেং ,
সেইয়া চিনাকি কোঁ‌চ ৰাজ বংশৰ ।

বৰদোৱাত জন্ম মহাপুৰুষৰ
মধুপুৰত অন্তিম যাত্ৰা সেই জনৰ।

ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ সৌমাৰপীঠ 
এই চাৰিপীঠ পৌৰাণিক কামৰূপ দেশৰ ।

এইয়া মোৰ আপোন স্ব-দেশ  
পলস ভৰা মাটিত আছে সেউজীয়া সপোন ।

অঙ্গন:  পৃষ্ঠাঃ 37
আদৰিছোঁ ব'হাগী

শিল্পী দাস (প্ৰিয়)
   
বসন্ত বতাহত ব'হাগৰ গোন্ধ 
ওঁঠৰ হাঁহি পৃথিৱী বিয়পা,
দক্ষিণৰ খিৰিকীৰে নৱ যাত্ৰা 
কবিৰ ভাষাৰে নহয় কেৱল এটি মাহ।

সৰাপাতৰ আঁৰ ফাটি ঘাঁহনিয়ে মাৰে উঁকি
সৃষ্টিৰ লহৰত কুঁহি কোমলীয়া পাতবোৰেও ৰচে কাহিনী,
প্ৰিয়জনে দিয়া কপৌফুল পোৱাজনী ভাগ্যৱতী 
মেখেলা চাদৰৰ ভাজে ভাজে জিলিকি আছে অসমীয়া সংস্কৃতি।

পুষ্পত জনমি পৱিত্ৰ দণ্ডৰ যাদুকৰী শক্তিত
ঋতুৰ সন্ধিত প্ৰস্তৰ বুকুত জন্মে সেউজীয়া পাত,
অকলশৰীয়া কংকাল মদাৰৰ ডালত পৰিও 
আকাশ-পাতাল মুখৰিত কোকিলৰ অমিয়া মাত।

আমি অসমীয়া মুক্ত হিয়া পৰিচয়ত জান-জুৰিয়া 
পেঁপা, ঢোল, তালৰ শব্দত কৰোঁ সৃষ্টিৰ থাপনা ,
তিনি বিহুৰ মধুৰ মিলনত তেজৰ ভাষাৰে লিখোঁ 
অসমত জনমি অসমতেই মৰো এয়াই কামনা-বাসনা।

নমস্কাৰতেই আমাৰ স্বাভিমান গামোছাত মান শ্ৰদ্ধা ভক্তিৰে সন্মান
ক্ষুদ্ৰ বৰ্ণনাৰে আদৰিছোঁ ব'হাগী আমাৰ চহৰখনত,
মুক্ততাৰ দুৱাৰত জুবিনৰ গীতৰে মৰম যাচিম 
কোমল ওঁঠৰ পৰশ সানি যোৱা প্ৰিয় ডায়েৰীখনত।

অঙ্গন: পৃষ্ঠা 38
কৰ্তব্য পথ

শৰ্মীষ্ঠা বৰ্মন

উন্মুক্ত বক্ষ উন্মোচন কৰি
ক্লান্তিহীন তুমি
পথচাৰীক উন্মাদ কৰা
প্ৰতিটো অবিৰত যাত্ৰাত,

তোমাৰ শক্তি সন্মোহিত
পুঞ্জীভূত উন্মাদনাৰ বাবেই 
ধনী-দুখীয়া ভিন্নৰুচিৰ পথচাৰীৰ অবাধ গতি,
পদাঘাত সহি থাকা নিশব্দে তুমি,
তোমাৰ নিশব্দ নীৰৱ আশ্বাসত
বহি ৰয়
চৰি ফুৰে 
তোমাৰ দুপাশে 
ধনী অধনী বণিক সন্তান 
হাতত আইচ ক্ৰীম, শীতল পানীয়, ফলৰ ৰসৰ 
বিপণি কঢ়িয়াই লৈ।

নিশা হৈ পৰা তুমি
চঞ্চলাক্ষী সুন্দৰী যুৱতী
নিয়ন লাইটৰ সংযোগত
মৃদু মৃদু অথচ 
ৰক্তাভ হৈ পৰা
তোমাৰ আলোকৰশ্মিৰ ৰূপশিখাৰে
বিহ্বল কৰি তোলা প্ৰতিনিশা 
বিলাসী প্ৰসাধন আৰু
মনমোহিত সুগন্ধিৰে সুৰভিত হৈ অহা
সুখান্বেষী নাগৰিকৰ হৃদয়াকাশ;
ক্ষণিকতে কল্পনাৰ দৃষ্টিৰে 
ক্ষণিকৰ বাবে আবাসী হৈ পৰে
পোনে পোনে স্থিতপ্ৰজ্ঞ 
ৰাষ্ট্ৰপ্ৰধানৰ ৰাজপ্ৰাসাদৰ।

যানবাহনৰ কৰ্কশ কলহ ৰূঢ়স্বৰ
কৌতুক বিগলিতা নাৰীৰ দৰে
খন্তেকৰ বাবে ম্লান কৰি
সন্মোহিনী মন্ত্ৰৰে ফুচুলাই ৰাখা
সমগ্ৰ দৰ্শক পথচাৰীক 
জাতীয় সমাৰোহৰ কুচকাৱাজত। 

সুসজ্জিত দেশী বিদেশী 
ফুলপুলিবোৰ কাষে কাষে লৈ
বুকুত অহৰহ জ্বলন্ত অমৰ জোৱানৰ জ্যোতিশিখাৰে উজলি আছা।

দীর্ঘকাল ধৰি বিখ্যাত আছিলা তুমি
দিল্লীৰ ইণ্ডিয়া গেট 
ৰাজপথ বুলি জগতত,
জড় হৈও তুমি নহয় জড়বৎ
তোমাৰ নতুন নাম কর্তব্য পথ।

অঙ্গন: পৃষ্ঠা 39
গল্প:

আধৰুৱা আঁক-বাঁক

মুনমালা শৰ্মা

তুকতুকি আৰু টিকু যেতিয়া অলপ দিন থকাকৈ আহে ঘৰখনত সৰু বৰ সাল-সলনি প্ৰায়ে হয় , দুয়োটাৰ ফৰমাইছ মতে। দেউতাকক যি কয় সকলোতে ’হয়’, ‘কৰি দিম’, ‘আনি দিম দিয়া’, ‘তোমালোকে কৈছা যেতিয়া কৰিব লাগিব’, এই বুলি হয়ভৰ দিয়া তেওঁৰ অভ্যাস। কৰিও দিয়ে, আনিও দিয়ে । পূৱাৰ আহাৰৰ টেবুলত তুকতুকিয়ে ক'লে - “ দেউতা, পূজাৰ আগতে ঘৰৰ পৰ্দাবোৰ চেঞ্জ কৰিবা দেই, বগাতে বগা Self print হ'ব।” টিকু তোমাৰ কি আছিল ? “দেউতা, আমাৰ ৰাউণ্ড দাইনিঙ টেবুল এখন আনিব লাগিব আৰু মোৰ এখন নতুন কী ব'ৰ্ড।” ‘ঠিক আছে, হৈ যাব।’ ত্ৰিদিবে তন্দ্ৰাৰ হাতৰ পৰা গাড়ীৰ চাবিটো লৈ ক'লে - ‘এই কামবোৰ কিন্তু কৰাৰ আগতে মাৰ লগত ভাল কৈ discuss কৰিহে decision লবা’ কথাষাৰ কৈ ত্ৰিদিব ওলাই গ'ল।
          Economic ত MA ফাইনেল পৰীক্ষা দিয়েই ঘৰৰ সৰু তন্দ্ৰা আহি এইখন ঘৰৰ ডাঙৰ বোৱাৰী হ'ল। আজিৰ যুগৰ দৰে কেৰিয়াৰৰ চিন্তা ইমান কৰা নাছিল যদিও অলপ আৰামৰ চাকৰি এটা কৰাৰ মন আছিল তাইৰ। মাক দেউতাকৰ কথা মতে বিয়া হ'ল। প্ৰতিষ্ঠিত ব্যৱসায়ী ত্ৰিদিবৰ ঘৰখনত মাক দেউতাক, এটা ভায়েক আৰু দুজনী ভনীয়েক। ককাক দেউতাকৰ পৰা পোৱা ব্যৱসায়ৰ দক্ষতা, মৰ্য্যদাৰে ত্ৰিদিব আগবাঢ়িছিল। ৰিজাল্টৰ পিছতে তন্দ্ৰাই চাকৰি কৰাৰ কথা কৈছিল যদিও - একেষাৰে ত্ৰিদিবে মানা কৰি কৈছিল - ‘চাকৰিৰ সলনি তুমি কিবা পঢ়া , তোমাৰটো টকাৰ অভাৱ নাই, বিচাৰিলেই সকলো পাইছা – টকা পইচা, কাপোৰ, গহনা, কাম কৰা মানুহ, গাড়ী দ্ৰাইভাৰ সকলো।’ তন্দ্ৰা নিশ্চুপ হৈ ৰৈছিল ত্ৰিদিবৰ কথাত। এৰা, সেই সকলো বোৰেই তাই পাইছে, কিনো বিচাৰিব লাগে। মাত্ৰ পোৱা নাই ত্ৰিদিবে দিব লগা সময়। সময়ৰ হে বৰ অভাৱ। তন্দ্ৰাই যে ত্ৰিদিবৰ টকাৰে সময় কিনিব নোৱাৰে, মনৰ ইচ্ছাৰে একো প্ৰগেম কৰিব নোৱাৰে, ত্ৰিদিব ব্যস্ত। তাই বিচাৰে সপ্তাহত এবাৰ নহ'লেও দুসপ্তাহৰ মুৰত এবাৰ হ'লেও ত্ৰিদিবৰ লগত long drive ত যাব। ধুনীয়া এটা ডাৰ্ক ব্লু জিনচ আৰু বগা টপ পিন্ধি কোনোবা ঘাঁহনিত বহি ত্ৰিদিবৰ লগত এটা আবেলি পাৰ কৰিব, অথবা ডুবন্ত সুৰুজৰ শেষ কিৰণৰ ৰশ্মি আহি সিহঁতৰ গালে মুখে সিচঁৰিত হৈ পৰক । একাপ কফিৰে সেই সন্ধ্যাৰ মাদকতা সুকীয়া হৈ উঠক । নতুবা মাহত এবাৰ কেণ্ডেল লাইট ডিনাৰ হৈ যাওঁক, একান্ত ভাৱে ত্ৰিদিবৰ কাষত কটাব বিচাৰে কিছু সময়। মাত্ৰ এটা সন্ধ্যাৰ নাম হৈ উঠক ত্ৰিদিব-তন্দ্ৰা। তন্দ্ৰাৰ সেই বয়সৰ মনটোৱে লাহে লাহে বুজি পাইছিল মন গ'লেই সকলো নহয়। সময়ো যে ঘড়ীৰ কাঁটাৰ মাজত সীমাবদ্ধ, তন্দ্ৰাৰ দৰেই । পৰিপূৰ্ণ এই ঘৰখনত কেতিয়াবা তন্দ্ৰা বৰ অকলসৰীয়া হৈ পৰে। অনুভৱ কৰে কেৱল নিসংগতা। মাকৰ ঘৰলৈ মনত পৰে। সন্ধ্যাবোৰ মাক-দেউতাক, বায়েক আৰু তাই একেলগে বহি চাহ খাই টি ভি চাই , মাকৰ হাতৰ ৰিম'টে যি চেনেল লগাই সেয়ে উপভোগ কৰি দিনটোৰ বহু কথাৰ মহলা মাৰে ।

সময় 
স্থান, কাল, পাত্ৰ 
সলনি হ'ল ।

বিয়াৰ পিছত এদিন ত্ৰিদিবক তাই কৈছিল বাহিৰত গৈ ডিনাৰ কৰাৰ কথা, সেইদিনা ৰাতিৰ সাজত সুস্বাদু বহু বিধ খাদ্য জমেটʼৰ ল'ৰা এটাই দি গৈছিল। নিশাৰ আহাৰৰ টেবুলত সকলোৱে পৰম তৃপ্তি পোৱা যেনে লাগিল তন্দ্ৰাৰ । শেষত মেংগʼ ফ্লেভাৰ আইচক্ৰীম সকলোকে তায়ে বিলাই দিছিল, ত্ৰিদিবৰ মনত আছে - তন্দ্ৰাৰ প্ৰিয় আইচক্ৰীমৰ ফ্লেভাৰ।
           ঘৰৰ বৰপুত্ৰ বা ককায়েকৰ সকলো দায়িত্ব ত্ৰিদিবে বৰ ভালকৈ পালন কৰে। তন্দ্ৰাৰ মাক দেউতাকৰো উপযুক্ত জোঁৱাই।
সিহঁতৰ বিয়াৰ প্ৰায় এবছৰৰ পিছতে ননদ ইনুৰ বিয়া, ককায়েক নবৌৱেকৰ বহুত দায়িত্ব কৰ্তব্য। ত্ৰিদিবে মনৰ হেঁপাহেৰে ভনীয়েকৰ ফাৰ্নিচাৰ, কাপোৰ, গহনা সকলো দিব। বিয়ালৈ দুমাহ মান থাকোঁতে আলোচনাৰ বাবে দ্ৰয়িং ৰূমত মামা খুৰাহঁতৰ লগতে ঘৰৰ সৰু বৰ সকলো বহিল, তন্দ্ৰা ৰৈ গ'ল পাকঘৰত ৰান্ধনী অজিতৰ লগত চাহ, কফি, গৰম পকৰাৰ যোগান ধৰাত। এবাৰলৈকো কাৰো মনলৈ নাহিল তন্দ্ৰাৰ অনুপস্থিতি বা মতামতৰ কথা। সময়ত বিয়াৰ উখল-মাখলত সকলো ব্যস্ত হ'ল, তায়ো । মনত কথাবোৰে বাহ সাজে।
            নিম্ন মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হোৱা তন্দ্ৰা ইউনিভাৰ্চিটিৰ পৰা এডুকেশ্যন টুৰত যাবলৈ সাজু হওঁতে মাকে বাধা দি কৈছিল ‘বিয়াৰ পিছত এইবোৰ বহুত যাব পাৰিবি, যাবি দে জোঁৱাইৰ লগত । মন সামৰিছিল মাক দেউতাকৰ কথা ভাবি। তাই বায়েককো দেখিছিল বিয়াৰ পিছত ফুৰিবলৈ যোৱা। এটা আশাই তন্দ্ৰাৰ মনতো ঘৰ সাজিছিল। সৰুৰে পৰাই তন্দ্ৰাৰ সমুদ্ৰৰ প্ৰতি এক তীব্ৰ আকৰ্ষণ আছিল। মাকৰ মুখত মাজে মাজে আবৃত্তি শুনিছিল দেৱকান্ত বৰুৱাৰ সেই কালজয়ী কবিতা 

‘সাগৰ দেখিছা 
ময়ো দেখা নাই কেতিয়াও,
শুনিছোঁ তথাপি নীলিম শলীল ৰাশি 
বাধাহীন উৰ্মিমালাত
আছে দূৰ দিগন্ত বিয়পি।'

      কেতিয়াবা চিনেমাত দেখা সমুদ্ৰৰ নীলা জলৰাশিক হাতৰে স্পৰ্শ কৰাৰ তীব্ৰ বাসনা। শয়নে সপোনে ঢৌবোৰে তাইক আমনি কৰিছিল।
কিমান নীলা!
কিমান গভীৰ!
কিমান ঢৌ !
ইটোৰ পিছত সিটো, চাহিল বিহীন।
শামুকৰ খোলা - - - ।
তিতি ৰোৱা বালিত দুয়োৰে ভৰিৰ ছাপ।
মুচি নিব সমুদ্ৰৰ ঢৌৱে !
তন্দ্ৰাৰ মাকেও সমুদ্ৰ দেখা নাই কেতিয়াও, হয়তো মাকেও সমুদ্ৰ বৰ ভাল পাইছিল। বহুত আশা বুকুত ঘৰ সাজে । আশা পূৰ্ণ, অপূৰ্ণৰ ৰূপান্তৰ মাথোঁ ।
এৰা , 
সময় ।
ইনুৰ বিয়াৰ অলপ দিনৰ পিছত তাই মনৰ ইচ্ছাৰ কথা ত্ৰিদিবক ক'লে, ‘ বলা না আমি অলপ ঘূৰি আহোঁ, মানে মই কেতিয়াও সাগৰ দেখা নাই বৰ ইচ্ছা আছে সমুদ্ৰৰ পাৰত - - - ।’
‘ তুমি আৰু মই ? কেনেকৈ যাম হে ? ঘৰৰ মানুহবোৰৰ আগত বেয়া দেখি নহয় ! ৰʼবা বাৰু চিন্তা কৰোঁ বুলি মাকৰ লগত আলোচনা কৰিলে । চেন্নাই, পণ্ডিচেৰী যোৱাটো ঠিক হ'ল। তন্দ্ৰাৰ মাক দেউতাককো যাত্ৰা পথৰ সংগী হ'বলৈ বিয়নীয়ে অনুৰোধ কৰিছিল যদিও তেখেত সকলে বিনয়েৰে মানা কৰিলে। মুঠতে আঠটা টিকেট । এসপ্তাহৰ। প্ৰথমে চেন্নাইত মাক দেউতাকৰ Master health check up কৰি লৈ সাগৰো চাব আৰু পণ্ডিচেৰীও ফুৰিব । বেচ আৰামেৰে ফুৰা চকা হ'ল। নতুন জোঁৱায়েকৰ সৈতে হোটেলত Ladies ladies আৰু Gents gents. মুঠতে চাৰিটা ৰুম । একেলগে আহিলে অলপটো এৰাধৰা কৰিবই লাগিব। 
তন্দ্ৰাৰ মনৰ ইচ্ছা পূৰ্ণ হ'ল। সাগৰ দেখিলে, বহুত বিশাল, নীলা। ঢৌবোৰে বুকুত আকৌ এবাৰ তোলপাৰ লগালে । কিন্তু জীৱনত দ্বিতীয় বাৰৰ বাবে সাগৰৰ আকৰ্ষণ নাইকিয়া হ'ল । নীলাবোৰ হেৰাল । ঢৌবোৰ শব্দ বিহীন হ'ল। কিছুমান আশাৰ কথা আৰু জীৱনত ত্ৰিদিবক কোৱা নহ'ল। কেতিয়াও কোৱা নহ'ল দাৰ্জিলিঙৰ টাইগাৰ শিলচ্‌ৰ পৰা হীম শীতল ঠাণ্ডাত কঁপি মাজ নিশা দেখা পোৱা সূৰ্য্যৰ আলোক চোৱাৰ হেঁপাহ। কোৱা নহ'ল কন্যাকুমাৰীৰ বিবেকানন্দ ৰʼকত বহি তিনি সমুদ্ৰৰ মিলন তীৰ্থত ডুবন্ত সুৰুজৰ শেষ কিৰণৰ হেঙুলীয়া আভা, মনৰ নিভৃত কোণত হেৰাই গ'ল। ত্ৰিদিবক আৰু বহুত কথাই কোৱা নহ'ল । ৰৈ গ'ল। এতিয়া আৰু মন নাযায়। নিসংগতা বাঢ়ে । নিৰবতাই গা কৰে ।
এতিয়া হৃদয় শান্ত ।
সংসাৰত সোমাওঁতে কিমাননো বয়স হৈছিল তন্দ্ৰাৰ ? বয়সৰ সংখ্যা কম থকাৰ বাবেই হয়তো কেতিয়াবা শাহুৰ লগত মতৰ অমিল হৈছিল। কিন্তু কোনো দিনে তাই অভদ্ৰামী কৰা নাছিল। মনৰ দুখত এদিন কথা প্ৰসংগত ত্ৰিদিবক কওঁতে কৈছিল ‘মোৰ মাৰ কথা তোমাৰ ভাল নালাগিলেও, বেয়া পালেও মোক নʼকবা, মই বেয়া পাওঁ।’ সেই মূহুৰ্তত তন্দ্ৰাই কথাৰ উত্তৰ নিবিচাৰি বিচাৰিছিল ত্ৰিদিবৰ হাতখন তাইৰ বাহু অথবা মূৰত স্পৰ্শ কৰি যদি কʼলেহেঁতন ‘এইখন তোমাৰে ঘৰ, এইয়া তোমাৰ মা, কʼলে যেনিবা কিবা মন বেয়া নকৰি মানি লোৱা না তন্দ্ৰা।’ তাইৰ বৈ অহা চকুপানী খিনিও ত্ৰিদিবে নেদেখে অথবা একো নুশুনে। ঘৰুৱা পৰিস্থিতি কিছুমান ত্ৰিদিবে বুজে , দেখেও, কিন্তু বৰ সুন্দৰ বুদ্ধিৰে আঁতৰি যায়। ঘৰৰ বৰপুত্ৰৰ দায়িত্ব কৰ্তব্যত তন্দ্ৰাৰ মন বেয়া লগাবোৰ সাময়িক আছিল।
          তুকতুকি আৰু টিকুৰ লগত জীৱনৰ বহুত অমূল্য সময় পাৰ হ'ল। আনন্দেৰে ভৰা সিহঁতৰ সময়বোৰৰ সংগী হৈ নিজৰ কথা ভাবিবলৈ আজৰিয়ে নোপোৱা হ'ল। নিজৰ ভাল লগা বেয়া লগাবোৰ কমিল। কিছুমান সৰু বৰ ঘটনা তায়ো এৰাই চলিবলে শিকিলে। ডাঙৰ ঘৰখন সৰু হ'ল। ননদ, দেওৰৰ বিয়াৰ পিছত নিজ সুবিধা মতে আঁতৰি গ'ল। শাহু-শহুৰ নোহোৱা হ'ল। তুকতুকি য়ে চাকৰি কৰা দুবছৰ পাৰ হ'ল। টিকুক দেউতাকে এম,বি,এ কৰাইছে, পূৰ্বপুৰুষৰ পৰা চলি অহা ব্যৱসায়ৰ লগত জড়িত হ'ব। তুকতুকি তন্দ্ৰাৰ সকলো কথাৰ ভাগ বতৰা কৰিব পৰা ভাল বন্ধু হ'ল। সিহঁত দুইটাই দেউতাকক বিশেষ ভাল পোৱাৰ কাৰণ, দেউতাকে মাকক সকলোতে দিয়া প্ৰাধান্য। প্ৰতিটো কথা মাকৰ মতামত লয় ।
         আজি কালি ত্ৰিদিবে প্ৰায় নতুন কামৰ কথা, ব্যৱসায়ৰ কথা তন্দ্ৰাৰ লগত আলোচনা কৰিব বিচাৰে । কৰে । দেশ বিদেশৰ নানান কথা পাতি পুৱাৰ চাহকাপ বাৰাণ্ডাত বহি তন্দ্ৰাৰ লগত খাবলৈ আগ্ৰহেৰে ৰৈ থাকে। তন্দ্ৰাৰ দেহ মনৰ খবৰ ৰাখে। তাইৰ মুখৰে প্ৰতিটো কথাৰ সঠিক উত্তৰ নাপালে ত্ৰিদিবে কেতিয়াবা বিৰক্ত অনুভৱ কৰে বুলি ধৰিব পাৰে। জীৱনৰ বেছি সময়তে তন্দ্ৰাৰ মতামত নোলোৱা ত্ৰিদিবৰ এতিয়া মতামতৰ প্ৰয়োজন আছে বুলি তাই নাভাবে। জীৱনৰ দেখোন আধাতকৈ বেছিয়ে অতিক্ৰম কৰিলে।
ত্ৰিদিবৰ এতিয়া বৰ মন যায় তন্দ্ৰাৰ লগত বছৰত এবাৰ বাহিৰলৈ গৈ সমুদ্ৰৰ সৈকতত অথবা পাহাৰৰ নিৰ্জনতাত কিছু সুন্দৰ সময় অতিবাহিত কৰিব, চহৰৰ কোলাহলৰ পৰা দূৰত, ব্যৱসায়ৰ নিলগত। তন্দ্ৰাৰ বয়সে এতিয়া আৰু মন জোকাৰিব নোৱাৰে। পাহাৰৰ সেউজীয়া আৰু সমুদ্ৰৰ নীলাই মন উন্মনা নকৰে। গভীৰ নিসংগতাই বুজায় দিলে সপোন আৰু বাস্তৱৰ পাৰ্থক্য। সময়ত মন বেয়া লাগিলে কাকো ক'ব নোৱাৰা কথাবোৰে হৃদয় আবৰি পেলালে। নিসংগতাই নিজকে ভাল পাবলৈ শিকালে । নিজ সত্তাক অনুভৱ কৰিলে। শৰীৰ আৰু হৃদয়ৰ সমস্ত অন্তৰআত্মা মিলি ত্ৰিদিবক ক'ব খোজে, "তোমাৰ কামত আজি আৰু মোৰ মতামতৰ অৰ্থ নাৰাখে, সমুদ্ৰৰ নীলা লৈ মোৰ আজি আকৰ্ষণ নাই, সেউজীয়া মোৰ ভাল নালাগে, সূৰ্য্যঅস্ত যোৱা শেষ কিৰণৰ ৰেঘা চোৱাৰ দূৰ্বাৰ হেঁপাহ হেৰাই গ'ল। মনৰ আশা আৰু প্ৰতিবাদক সামৰি ৰাখিবলৈ চেষ্টা কৰি কৰি আজি মোৰ হৃদয় শান্ত। এতিয়া মোৰ নিজক ভাল লাগে, তোমাৰ উপস্থিতিয়ে মোক জগাই নোতোলে। আজি তন্দ্ৰা নিসংগতাৰ পাঠ পঢ়ি পঢ়ি প্ৰতিক্ৰিয়াহীন । স্তব্ধ। কিন্তু আজি তন্দ্ৰা - - - যন্ত্ৰচালিত - - - । মোহত আবদ্ধ ।"

সময়,
গৈ থাকে ।

      ত্ৰিদিব ৰুমত সোমাই ক'লে ‘ বেগ ৰেদী হ'ল নে তন্দ্ৰা ? গৰম মোজাও ল'বা , তোমাৰ হঠাৎ ঠাণ্ডা লাগে নহয় ? কালিলৈ নিশা এঘাৰ বজাত আমাৰ ফ্লাইট। ইউৰোপ টু্ৰ দহ দিন বাৰু বেছি কম হ'ল নেকি তন্দ্ৰা ?’ 
‘নাই ঠিকে আছে, আৰু নো কিমান - - -?’
         অলপ দিনৰ পৰা ভাবি থকা কথাবোৰ ক'ব নেকি তাই ? ত্ৰিদিবে ঘৰলৈ আহিয়ে একাপ ব্লেক কফি বিচাৰে তন্দ্ৰাৰ হাতৰ । 
তন্দ্ৰা আগবাঢ়িল ।


ঠিকনা:
ষ্টীমলীট কটেজ 
বেলতলা গুৱাহাটী।

অঙ্গন: পৃষ্ঠা 40
শেষ পৃষ্ঠাৰ লেখাঃ
 
বিহু নে ব্যৱসায় !!!!
    
এটা জাতিৰ পৰিচয় বহন কৰে সেই জাতিৰ ভাষা-সাহিত্য আৰু কৃষ্টি-সংস্কৃতিয়ে। যাৰ দ্বাৰা জাতিটোৱে বিশ্বদৰবাৰত স্বকীয় পৰিচয়েৰে নিজক উজ্বলাই ৰাখিবলৈ সক্ষম হয়। বিশ্বৰ অন্যান্য জাতিৰ দৰে আমিও কৃষ্টি-সংস্কৃতিত চহকী জাতি। আমাৰ মেটমৰা সংস্কৃতিৰ ভঁৰালে আমাক বিশ্বৰ মানৱ জাতিৰ সমুখত সগৌৰৱেৰে মূৰ দাঙি থাকিব পৰাকৈ চহকী কৰি ৰাখিছে। ধৰ্মীয় আৰু কৃষিভিত্তিক এই সংস্কৃতিৰ ভঁৰালটি অতি সৌন্দৰ্য্যবহুল কৰি ৰখা তিনিটি বিহুৰ বাপতি-সাহোন ৰঙালী বিহুটি অসম তথা অসমীয়াৰ অতি সাদৰৰ। কৃষিভিত্তিক এই বিহুটি অসমীয়াই পথাৰত শস্য ৰূপনৰ আগমূহুৰ্তত অতি উলহ-মালহেৰে পালন কৰে। গৰু বিহুৰে আৰম্ভ সাত দিনৰ সাতোটি বিহু নিজ নিজ বৈশিষ্ট্যৰে অতি অনুপম। অতীজৰ গছতলৰ পৰা ক্ৰমাগত পৰিৱৰ্তনত বৰ্তমান চোতাল আৰু মঞ্চত ব'হাগৰ অন্যন্য শোভা। কিন্তু এইখিনিতে সাম্প্ৰতিক সময়ত ৰঙালীৰ স্বৰূপ পৰিৱৰ্তনত আক্ষেপৰ এটি হুমুনিয়াহ নিগৰি নহাকৈ বিহুটিক আদৰিব নোৱাৰা হৈছে অগ্ৰজ সকলে। 
           আজি কেইটিমান দশকৰ পৰা চোতাল শুৱনি কৰি ৰখা স্বাৰ্থহীন, সামাজিক অনুষ্ঠানৰ উন্নয়নৰ সৈতে জড়িত বিহুটি এতিয়া কিছু লোকৰ উপাৰ্জনৰ পথ হেন অনুভৱ হয়। আজি কিছু বছৰৰ পৰা দেখি আহিছোঁ যে ধনীৰ চোতালত হে বিহুৰ হুঁচৰিৰ পদৰ ধূলা। আগতে এটি হুঁচৰি দলে গাঁৱত সোমাই ধনী দুখীয়াৰ বৈষম্য পৰিহাৰ কৰি ইমূৰৰপৰা সিমূৰলৈকে সমগ্ৰ গাঁওখনত চোতালে চোতালে হুঁচৰিৰ পদৰ ধূলা পেলাইছিল আৰু গৃহস্থক আশীৰ্বাদ দিছিল। কিছুমান গাঁৱত এইটো নিয়মো আছিল যে ব'হাগৰ এক, দুই বা তিনি তাৰিখৰ ভিতৰত গাঁৱত হুঁচৰিৰ দল সোমালে গোটেই গাঁওখনত বিহুৰ হুঁচৰিৰ নোগোৱাকৈ ওলাব নোৱাৰে বা চোতাল বাছি বাছি বিহু গাব নোৱাৰে। কিন্তু বৰ্তমান গাঁৱৰ সেই ব্যৱস্থা সমূহ দেখিবলৈ পোৱা নেযায় বা থাকিলেও বৰ্তমান তেনে হুঁচৰিৰ দল নাই। বিহু মঞ্চত উঠাৰ পৰাই বিহু যেন কিছু লোকৰ ব্যক্তিগত উপাৰ্জনৰ পথহে হৈ পৰিছে। দেখা যায় যে এজন লোকৰ তত্বাৱধানত এটি হুঁচৰি দলে বিহুৰ প্ৰশিক্ষণ লৈ বিভিন্ন স্থানত বা মঞ্চত প্ৰতিযোগিতাত ভাগ লয় আৰু উপাৰ্জিত অৰ্থ ব্যক্তিগত জীৱনত ব্যৱহাৰ কৰে। বিহুত এই লাভালাভৰ অংক আহি পৰাৰ লগে লগে হুঁচৰি দলে বাচিবলে লৈছে চহকী লোকৰ চোতাল। ফলত কোনো এখন গাঁৱলৈ বিহুৰ হুঁচৰি দল আহিলে তেওঁলোকে নিৰ্দিষ্ট কেইঘৰ মানত নিৰ্ধাৰিত অৰ্থৰ দাবীৰে হুঁচৰি গাই উভতি যায়। ফলত গাঁওখনৰ বহু লোক হুঁচৰিৰ পদৰ ধূলা তথা আশীৰ্বাদৰ পৰা বঞ্চিত হয়। 
              যিহেতু উপাৰ্জন মুখী সেই বিহুৰ কিছু নিৰ্দিষ্ট লয়লাস, ভংগীমা, গীত থাকে ফালত সামৰণিৰো এটি নিৰ্দিষ্ট সময় থাকে। যথা সময়ত হুঁচৰি আৰম্ভ কৰি নিৰ্দিষ্ট সময়ত শেষ কৰে। যাৰ পৰিপ্ৰেক্ষিতত গাঁৱৰ ডেকা সকলে গোৱা হুঁচৰি দলটিতকৈ তেওঁলোকৰ হুঁচৰিৰ বাহ্যিক সৌন্দৰ্য্য অধিক। ফলত গাঁওসমূহ ৰাজহুৱা বিহুৰ হুঁচৰি দল ক্ৰমে হ্ৰাস হৈ আহিছে। কিয়নো এই উপাৰ্জনমুখী দল সমূহে গাঁৱৰ সংস্কৃতিবান ডেকা সকলক নিজৰ দললৈ মোটাঅংকৰ ধন দি মাতি লৈ যায়। ফলত গাঁৱৰ হুঁচৰি দলটি নিথৰুৱা হয়। সেয়ে বৰ্তমান গাঁও সমূহত হুঁচৰি দল নোহোৱা হৈ আহিছে।
         বাপতি-সাহোন ৰঙালী বিহুটিত পৰা এই বাণিজ্যিক প্ৰভাৱে কেৱল বিহুৰ সৌন্দৰ্য্যই হ্ৰাস কৰা নহয়। ই অসমীয়া জাতিৰ বিহুৰ প্ৰতি থকা আদৰ-সাদৰ কণো নোহোৱা কৰিছে। কি ধনী, কি দুখীয়া বৰ্তমান কোনো লোকৰে বিহুৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছে। কাৰণ হুঁচৰি দলে দুখীয়াৰ ঘৰত হুঁচৰি নেগায় আৰু ধনীৰ ঘৰত গাবলৈ আহি নিৰ্দিষ্ট পৰিমাণৰ ধন দাবী কৰে। ফলত বিহু বুলিয়ে ঘৰখনৰ পৰা বহু পৰিমাণে ধন ওলাই যায়। কেৱল সেয়ে নে বিহু বুলি ব্যক্তিগত মুনাফাৰ বাবে জেপৰ সাঁচতীয়া টকা কেইটা ওলাই গ'লেও গাত লাগে। এনেবোৰ কাৰণতে বৰ্তমান বিহুৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছে। গতিকে বিষয়টোলৈ লক্ষ্য কৰি মনত এটাই প্ৰশ্ন উদয় হয় বিহুৰ নামত এইবোৰ "বিহু নে ব্যৱসায়" ???

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
(6000709096)

অঙ্গন:  পৃষ্ঠাঃ 41

Post a Comment

0 Comments