অঙ্গন দ্বিতীয় বছৰ ১৪ ( ১৫-৩০)নং সংখ্যা

পৃষ্ঠা ১




পৃষ্ঠা ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।

অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 ডিচেম্বৰ, 2021.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।



পৃষ্ঠা ৩

এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ

সম্পাদকীয় : পৃষ্ঠা ৫
পৰিচয়: পৃষ্ঠা ৬
 প্ৰৱন্ধ: পৃষ্ঠা ৭-৯
ধাৰাবাহিক : পৃষ্ঠা ১০
অণুগল্প : পৃষ্ঠা ১১-১২
পৰিচয় : পৃষ্ঠা ১৪
অনুবাদ কবিতা : পৃষ্ঠা ১৫-১৬
কবিতা : পৃষ্ঠা ১৭-৩৩
গল্প : পৃষ্ঠা ৩৪-৩৬
স্বাস্থ্য বিশেষ: পৃষ্ঠা ৩৭
অনুভৱ: পৃষ্ঠা ৩৮
আৰ্ট গেলাৰী: পৃষ্ঠা ৩৯
শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪০



পৃষ্ঠাঃ ৪


অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
কৰৱী শৰ্মা
গোৱালপাৰা

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ, ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত, হিৰণ্য ডেকা।


পৃষ্ঠাঃ ৫

সম্পাদকীয়ঃ

সামাজিক মাধ্যম আৰু ই-আলোচনীৰ ভৱিষ্যত

           সাহিত্য এটা জাতিৰ চালিকা শক্তি। সাহিত্যৰ অবিহনে এটা জাতিয়ে বিশ্ব দৰবাৰত পৰিচয় দাঙি ধৰিব নোৱাৰে। সাহিত্যয়েহে জাতিৰ কৃষ্টি, সংস্কৃতি, জীৱন নিৰ্বাহৰ প্ৰণালী, ভাষা, ইত্যাদিৰ পৰিচয় দাঙি ধৰি বিশ্ব দৰবাৰত জাতিটোক পৰিচয় কৰাই দিয়ে। বৈচিত্ৰৰ মাজত ঐক্যতাৰে জীৱন নিৰ্বাহ কৰা অসমীয়া জাতিৰ লোক সাহিত্য তথা সাহিত্য ( বৈষ্ণৱ যুগৰ পৰা আৰম্ভ কৰি বৰ্তমান অধুনিক যুগলৈকে) এই দীঘলীয়া সময় চোৱাত বিভিন্ন জন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদৰ গ্ৰন্থৰ লগতে বহু আলোচনীৰ মাধ্যমেৰে বিশ্ববাসীৰ সম্মুখত অসমীয়া জাতিয়ে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। সাম্প্ৰতিক সময়ত প্ৰিণ্ট মাধ্যমৰ  উপৰিও সামাজিক মাধ্যমৰ দ্বাৰা ই-আলোচনীৰ ৰূপত অসমীয়া অৰ্ধশতাধিক পষেকীয়া/মাহেকীয়া আলোচনী প্ৰকাশিত হৈ আছে। যিটো আমাৰ বাবে গৌৰৱৰ বিষয়। কিন্তু কথা হ'ল এই ই-আলোচনী সমূহৰ ভৱিষ্যত কেনে ? কেইখন মান বিশেষ ই-আলোচনীৰ বাহিৰে বহু ই-আলোচনীক জ্যেষ্ঠ কবি/সাহিত্যিক সকলে গুৰুত্ব দিয়া দেখা নেযায়। ইয়াৰ কাৰণ হয়তো সম্পাদকৰ লগত তেওঁলোকৰ পৰিচয় নাই অথবা আলোচনীখনক এখন পঠনযোগ্য আলোচনী হিচাপে গণ্য নকৰে।
              বিশিষ্ট কবি/ সাহিত্যিক সকলে ই-আলোচনীক প্ৰাধান্য নিদিয়াৰ সম্পৰ্কত মই মুখগ্ৰন্থত এটা পোষ্ট দিছিলোঁ। মোৰ ধাৰণা কিমান সত্য সেই বিষয়ে মই ক'বলৈ নেযাওঁ। কিন্তু বিভিন্ন আলোচনী পঢ়ি মোৰ যি ধাৰণা হৈছিল তাৰেহে এটা বহিঃপ্ৰকাশ আছিল সেই পোষ্টটো। কথা হ'ল ই-আলোচনীৰ সম্পাদনা সমিতিয়ে লেখাবোৰ ভালদৰে পঢ়াৰ লগতে সম্পাদনা কৰিহে আলোচনীত প্ৰকাশ কৰিলে ভাল হয়। অন্যথা অসংখ্য কবি/ গল্পকাৰৰ জন্ম হ'ব ঠিক। কিন্তু প্ৰকৃত পাঠক তথা সাহিত্য সাধকক জন্ম দিব নোৱাৰিব। লগতে সাহিত্যৰ সমাজত ই-আলোচনীয়ে নিজৰ স্থিতি অটুত ৰাখিব নোৱাৰিব। গতিকে সম্পাদনা সমিতিয়ে বিষয়টোৰ ওপৰত গুৰুত্ব দি লেখা সমূহক চালি-জাৰি চাইহে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰক। লগতে এইটো কথাও কওঁ যে বৰ্তমান অসমীয়া সাহিত্যৰ যি সকল কবি, গল্পকাৰ, ঔপন্যাসিক তথা সাহিত্যিকে ভাল লেখা লিখি আছে বা তেওঁলোকৰ সৃষ্টিৰ কঠীয়াই সজাল ধৰিছে তেওঁলোকেও এই ই-আলোচনী সমূহলৈ লেখা প্ৰেৰণ কৰক। তেতিয়াহে ই-আলোচনীৰ সম্পাদনা সমিতিয়ে যোগ্য লেখা নিৰ্বাচন কৰিব পাৰিব। অন্যথা খালী স্থান পূৰণ কৰিবলৈ ইচ্ছাহীন ভাৱেই কিছুমান লেখা সম্পাদকে প্ৰকাশ কৰি যাব লাগিব আৰু বিশ্ব দৰবাৰত সিয়ে অসমীয়া সাহিত্যৰ ৰূপত ধৰা দিব। যিটো কেৱল ই-আলোচনীৰ ভৱিষ্যতৰ বাবেই হানিকাৰক নহৈ অসমীয়া সাহিত্যৰো এটা অপপৰিচয় বিশ্ববাসীৰ আগত দাঙি ধৰিব। আমি দেখিবলৈ পাওঁ যে কিছুমান ই-আলোচনীৰ পাতত প্ৰকাশিত কবিতাত অসম্ভৱ শব্দ কিছুমান প্ৰয়োগ কৰা হয়। যিবোৰৰ বানান বাৰু ভুলেই শব্দবোৰো যথাস্থানত নব'হে। গতিকে চকু মুদি লেখা প্ৰকাশ কৰাতকৈ ভালদৰে পঢ়ি সম্পাদনা কৰি প্ৰকাশ কৰিলেহে সাহিত্যক সন্মান কৰা হ'ব। অন্যথা ই-আলোচনীক এসময়ত অসমীয়া সাহিত্যৰ জাবৰ বুলি ঘোষণা কৰিবলৈ বাধ্য হ'ব বুদ্ধিজীৱি মহল। 
         আমিও প্ৰকাশ কৰি আছো 'অঙ্গন' নামৰ এখনি পষেকীয়া ই-আলোচনী। সেয়ে আমাতকৈ আগতে বা পাছত জন্মলাভ কৰা ই-আলোচনীৰ সম্পাদনা সমিতিয়ে তথা আমি ই-আলোচনীৰ প্ৰকাশক গোষ্ঠীয়ে কথাবোৰ ভাবি চোৱাৰ সময় আহি পৰিছে। 
          এইখিনিতে মই অঙ্গনৰ সম্পাদনা সমিতিৰ হৈ এষাৰ কথা ঘোষণা কৰিথৈ যাব খুজিছোঁ যে আমি অহা জুন মাহ তথা অঙ্গনৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ পৰা অঙ্গনক প্ৰিণ্ট মাধ্যমলৈ নিয়াৰ কথা ভাবিছোঁ। প্ৰায় তিনি লাখ পঢ়ুৱৈয়ে আদৰি লোৱা অঙ্গনক ই-আলোচনীৰ পৰা প্ৰিণ্ট মাধ্যমলৈ যোৱালৈকে আপোনালোকৰ যি অৱদান তাৰ বাবে আপোনালোকৰ ওচৰত অঙ্গনৰ পৰিয়ালটি চিৰ কৃতজ্ঞ হৈ ৰ'ব।

মজ্ঞিত হাজৰিকা
সহ সম্পাদক অঙ্গন
ভ্ৰাম্যভাষ 6000709096



পৃষ্ঠা ৬

নিয়মীয়া কবিৰ চিনাকী শিতানঃ

পৰিচয়ঃ

নাম : শর্মীষ্ঠা বর্মন
জন্ম স্থান : শিলচৰ , অসম
বর্তমান বাসিন্দা : দ্বাৰকা , নতুন দিল্লী ৷
ৰুচি : গল্প , কবিতা , প্রৱন্ধ আদি লিখাৰ উপৰিও দেশৰ বিভিন্ন প্রান্তৰ ভ্রমণত ৰুচিবোধ ৷
পেচা : চৰকাৰী চাকৰি ( Military Intelligence , Ministry Of Defence )
শিক্ষাগত অর্হতা : M.A , B.Ed , LL.B
জড়িত অনুষ্ঠান : 
শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘ , দিল্লী মহানগৰী ( NCR ) জিলা শাখা ( সম্পাদিকা ) , সদৌ অসম লেখিকা সমাৰোহ সমিতি ( আমন্ত্রিত সদস্যা ), সদৌ অসম লেখিকা সমাৰোহ সমিতি , দিল্লী শাখা ( সহকাৰী সম্পাদিকা )  আৰু জোনাকী সাহিত্য চ'ৰা , দিল্লী ( সাহিত্য সম্পাদক )

প্রকাশিত গ্রন্থ : 
১) ৰঙা তেজৰ দোকান  ( কবিতা সংকলন ) : ২০০০
২) পুতলা ঘৰৰ কইনা দৰা ( শিশু উপন্যাসিকা ) : ২০০২
৩) কুঁহিপাতৰ কুৰুলি ( গল্প সংকলন ) : ২০০৮
৪) উৱলি যোৱা দলিচা ( গল্প সংকলন ) : ২০১২
৫) এচেৰেঙা কাঁচিয়লি ৰ'দ ( গল্প সংকলন ) : ২০২০
৬) মোৰ ভ্রমণ ডায়েৰী : প্রথম খণ্ড : ২০২১
৭) বেলি ডুবাৰ আগে আগে ভূটান : ২০২১
৮) তমসো মা ( গল্প সংকলন ) :২০২১
৯) পাহাৰী নিজৰা ( অণুগল্প সংকলন ) : ২০২১
১০) জাফৰিণ কল্পনা মোৰ ( কবিতা সংকলন ) : ২০২১
১১) ৰামায়ণৰ কেইটামান উপচৰিত্র ( শিশু উপযোগী ) : ২০২১


কবিৰ দুটি কবিতাঃ

১/নাগার্ণো কাৰাবাস

          শর্মীষ্ঠা বর্মন

কোন কু-ক্ষণত 
দুয়োপক্ষই চুক্তিপত্রত
কৰিছিল স্বাক্ষৰ !

আজি মোক লৈয়ে 
মোৰ বুকুত পাতিছে 
নৰমেধ যজ্ঞ !
বোৱাইছে ৰক্তৰ প্লাৱন !
মোৰ চকুৱেদি বাগৰি যোৱা
ধাৰাষাৰ চকুলোৰ উত্তাপ
কৰিছেনে কোনোবাই অনুভৱ ?

মোৰ বুকু ফাটি 
কলিজাৰ পৰা তেজ বাগৰিছে ,
সেই তেজতে লুতুৰি-পুতুৰি
মোৰ মৰমৰ সতি-সন্ততি ,
আজি কিহৰ দোষত ভূগিছে
সিহঁতে এই নির্য্যাতন ?
নির্জীৱ পুতলা সদৃশ হৈ
চৌদিশে সিঁচৰতি হৈ পৰি আছে
একো একোটি অৱহেলিত শৱ ...
দুয়োপক্ষৰ সেনাৰ বুটজোতাৰ গচক সিহঁতে এতিয়া 
নকৰে অনুভৱ ! 
ক্ষণ প্রতিক্ষণ কেৱল
গোলা বাৰুদৰ ধ্বংস যজ্ঞ !
কেতিয়ানো হ'ব মোৰ মুক্তি ?
বুকুখনি মোৰ হৈ পৰিছে থান-বান !
চিৰাচিৰ হ'ল মোৰ পৃথিৱী !
এতিয়া শান্ত হোৱা ,
শান্ত হোৱা ,
মোক জিৰণি লাগে ,
ক্ষন্তেকীয়া যুদ্ধ বিৰতি নহয়  ;
মোক এতিয়া জিৰণি লাগে
বুকুৰ জুই নুমুৱাবলৈ ...
নীৰৱে উচুপিবলৈ ...
মৃতকৰ অস্থি-চর্মবোৰ বুটলিবলৈ ...
অনাথক কোলাত তুলি ল'বলৈ ...

২/ মোৰ গাঁৱৰ মাটিৰ ঘ্রাণ

               শর্মীষ্ঠা বর্মন

ভয়াবহ সময়ৰ নিষ্ঠুৰ কৱলত
কেতিয়ালৈনো কক্বকাই থাকিম !

সময় এতিয়া নিৰাপদ নহয় !

ক্ষণিকৰ বাবে ত্রাণ পাবলৈ
ধপলিয়াই গ'লো এদিন
মোৰ মৰমৰ গাওঁখনিৰ বুকুত 
মূৰ গুজিবলৈ ...

প্রথম খোজ পৰোঁতেই
মোৰ গাঁৱখনিৰ মাটিৰ 
চিৰচিনাকি আমোলমোল গোন্ধই
তৎক্ষণাৎ আকোৱালি ল'লে ,
ওখ-চাপৰ টিলাবোৰত
শান্তিৰে শাৰী পাতি
থিয় হৈ থকা চাহ গছবোৰে মৰা 
মৰমৰ মিচিকিয়া হাঁহি
অনুভৱ কৰিছিলোঁ মনতে নীৰৱে !
বাটৰ দুয়োকাষে আপোনমনে
পথাৰত হালি-জালি থকা 
সোণালী পকা ধানবোৰে
সূৰুযৰ পোহৰত মোক দেখি
জকমকাই উঠা দৃশ্য 
দেখিছিলোঁ মই নিৰলে ...

দেউতাৰ পদুলিত তাহানিৰে পৰা
ৰৈ থকা শেৱালিজোপাৰ আলিঙ্গন 
অনুভৱ কৰিছিলোঁ গোপনে ,
তলসৰা শেৱালী ফুলবোৰে
চৌদিশ সুবাসিত কৰি
প্রতিদিন মোৰ বাবে অপেক্ষা কৰি থকা
দেখিছিলোঁ একান্তমনে ...

মোৰ গাঁৱখনিৰ 
সদায় আমনি কৰা 
মতলীয়া মাটিৰ গোন্ধই
মোক পুনৰ কৰি তুলিলে
অধিক সৱল
ৰণাঙ্গণত তুলি দিব পৰাকৈ
যুঁজাৰু শক্তিৰে 
পুনৰ কৰি তুলিছে পৰিপুষ্ট ৷

বিদায় পৰত শেৱালিজোপাই 
মোৰ সতে উচুপি উঠিছিল যদিও...
তলসৰা শেৱালিবোৰে মোৰ 
বাট ভেটি ধৰিছিল যদিও...
ওখ - চাপৰ টিলাৰ চাহগছবোৰে 
হাত বাউল দি কাষলৈ 
মাতিছিল যদিও...
পথাৰৰ সোণালী ধানগছবোৰে 
বতাহত হালি-জালি 
মোক ৰৈ যাবলৈ কৈছিল যদিও...

গাঁৱখনিৰ পৰা  বিদায় লৈ
মই আহিলোঁ উভতি ,

নাকত কঢ়িয়াই আনিলোঁ
মোৰ সমগ্র গাঁৱখনিৰ 
শক্তিশালী মধুৰ ঘ্রাণ ,
যিয়ে মোক ভয়াবহতাৰ পৰা
কৰিব পৰিত্রাণ ৷
কৰিব পৰিত্রাণ ৷৷

("মোৰ গাঁৱৰ মাটিৰ ঘ্রাণ" আৰু "নাগার্ণো কাৰাবাস" , এই দুটি কবিতা অংকুৰণ প্রকাশনৰ দ্বাৰা সদ্য প্রকাশিত কবিতা সংকলন "জাফৰিণ কল্পনা মোৰ"ত সন্নিৱিষ্ট আছে ৷ উল্লেখযোগ্য যে অংকুৰণ প্রকাশনৰ দ্বাৰা আয়োজিত গ্রন্থ পাণ্ডুলিপি প্রতিযোগিতাত "জাফৰিণ কল্পনা মোৰ " কবিতা সংকলনখনিয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷)

আপুনি অঙ্গনৰ নিয়মীয়া লেখিকা ৰূপে আমালৈ যি সহায়ৰ হাত আগবঢ়ালে তাৰ বাবে আমি অঙ্গনৰ পৰিয়ালটি আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ। আমি অঙ্গনৰ পৰিয়ালটিয়ে  কবি শমীষ্ঠা বৰ্মন কাব্যিক জীৱনৰ উতৰোত্তৰ কামনা কৰিলোঁ।  ঈশ্বৰছ তেওঁক দীৰ্ঘায়ু প্ৰদান কৰক।


পৃষ্ঠা ৭
প্ৰৱন্ধঃ

আইদেউ

প্ৰণৱ ফুকন


আইদেউ- এই সম্বোধন  শুনাৰ লগেলগে আমাৰ মনলৈ আহে এগৰাকী গণ্য-মান্য নাৰীৰ ছবি ৷ সাধাৰণতে উচ্চ বংশৰ বোৱাৰী বা উচ্চ পদস্থ বিষয়াৰ পত্নীক আইদেউ বুলি সম্বোধন কৰি সন্মান দেখুৱা হয় ৷ আহোম ৰাজত্বকালত কুঁৱৰীসকলক আইদেউ বুলি সাধাৰণ প্ৰজাই সম্বোধন কৰিছিল ৷ আই শব্দই মাতৃক বুজায়, দেউ শব্দটো দেৱ বা দেও শব্দৰে অপভ্ৰংশ। এই দুয়োটা শব্দই আৰাধ্য দেৱতাক বুজায় ৷  গতিকে আইদেউ সম্বোধন যে অতি সন্মানজনক তাত কোনো সন্দেহ নাই ৷ এনে পৰিয়ালৰ কণমানি ছোৱালীকো আইদেউ বোলা হয় ৷ এনেয়েও সৰু ছোৱালীক আইদেউ বুলি মৰম-সাদৰ দেখুৱা হয় ৷ বিবাহৰ কন্যাকো ৰাণীৰ দৰে সজাই-পৰাই আইদেউ বোলাৰ প্ৰথা আমাৰ সমাজত চলি আহিছে ৷ আজি আমি আহোম ৰাজত্বকালৰ দুগৰাকী আইদেউক সোঁৱৰিব খুজিছোঁ ৷

মধ্যযুগৰ অসমৰ বুৰঞ্জীৰ পাত মেলিলে আমি কেবাগৰাকী নাৰীৰ নাম পাওঁ যিসকলে নিজৰ গুণ-গৰিমাৰে সময়ৰ বালিত নিজৰ নাম লেখি থৈ গ’ল ৷ চুতীয়া ৰাণী সতী সাধনীৰ আত্মত্যাগ, বীৰাঙ্গনা মূলা গাভৰুৰ অপৰিসীম বীৰত্ব, সতী জয়মতীৰ স্বামীৰ বাবে আৰু দেশৰ বাবে সকলো কষ্ট সহি মৃত্যুবৰণ, বৰৰজা ফুলেশ্বৰীৰ বুদ্ধি-চাতুৰ্য্য, ৰমণী গাভৰুৱে মোগল ৰাজকোঁৱৰৰ পত্নী হৈয়ো নিজ জননী-জন্মভূমিক মোগলৰ পৰা ৰক্ষা কৰিবলৈ কৰা চেষ্টা, মণিপুৰী কুঁৱৰী কুৰঙ্গনয়নীৰ মোৱামৰীয়া বিদ্ৰোহ শেষ কৰিবলৈ দিয়া বৰঙনি, ৰাধা-ৰুক্মিনীৰ আঁচল পাতি হিলৈৰ গুলি ধৰাৰ কাহিনীবোৰ জনশ্ৰুতি সাধুকথাত পৰিণত হৈছে ৷ এইসকল নাৰীক আজিও অসমীয়াই অতি শ্ৰদ্ধাৰে সোঁৱৰে ৷ কিন্তু এই সকলোৰে মাজত দুগৰাকী আইদেউ বুৰঞ্জীৰ দ্বাৰা এনেদৰে উপেক্ষিতা হ’ল যে তেওঁলোকৰ নাম ক’লে বহুতো গুণী-জ্ঞানীলোকেও অজ্ঞতা প্ৰকাশ কৰিবলৈ বাধ্য হয় ৷ এই দুগৰাকী অইদেউ হ’ল – মোহিনী আইদেউ আৰু ৰঙিলী আইদেউ ৷ ইতিমধ্যে নিশ্চয় অনেকে ইজনে সিজনৰ মুখলৈ চাই উত্তৰ বিচাৰিছে, নহয় জানোঁ ? সেয়ে আমি দীঘলীয়া পাতনি নেমেলি আইদেউ দুগৰাকীক স্মৰণ কৰোঁ আহক ৷

মোহিনী আইদেউ:  ১৬৬২ খ্ৰীষ্টাব্দত মিৰজুমলাৰ সেনাপতিত্বত মোগল সম্ৰাট ঔৰঙ্গজেৱে পঠোৱা বিশাল মোগল বাহিনীয়ে আহোম সেনাক ঘটুৱাই গড়গাঁও পৰ্য্যন্ত দখল কৰে ৷ মিৰজুমলাৰ পথ প্ৰদৰ্শক হয় মোমাই তামুলীৰে এক পুত্ৰ বাদুলি ফুকন ৷ আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই গড়গাঁও এৰি নামৰূপলৈ পলায়ন কৰি চিৰকালৰ বাবে ভগনীয়া ৰজা নাম পায় ৷ বানপানী, মেলেৰিয়া আদিৰ কবলত পৰা মোগল সেনাৰ ৰছদ-পাতিৰ বাট বুঢ়াগোঁহাই আতনে বন্ধ কৰি দিয়াত মোগল সেনাই নিজৰ ৰণুৱা ঘোঁৰাৰ মাংছ খাবলৈ বাধ্য হয় ৷ এই সুযোগতে আতনে সন্ধিৰ প্ৰস্তাৱ ৰাখে ৷  ১৬৬৩ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত ঘিলাঝাৰীঘাটৰ চুক্তি কৰি আহোম ৰাজ্যক কৰতলীয়া কৰি মিৰজুমলাই বাদুলি ফুকনকো লগত লৈ উভতি যায় ৷ এই চুক্তি মতে অন্যান্য বস্তুৰ উপৰিও স্বৰ্গদেউৰ ছবছৰীয়া জীয়ৰী ৰমণী গাভৰুক মোগল সম্ৰাট ঔৰঙ্গজেৱৰ পুত্ৰ আজমতাৰালৈ দিব লগা হ’ল; স্বৰ্গদেৱে লগতে ভায়েকৰ পাটগাভৰু জীয়েক মোহিনী আইদেউকো পঠায়; উদ্দেশ্য আছিল কণমানি ৰমণী যাতে সুদূৰত গৈ অকলশৰীয়া অনুভৱ নকৰে আৰু কিছু পৰিমাণে মোহিনীয়ে ৰমণীৰ তদাৰকো কৰিব পাৰে ৷ ৰমণী গাভৰু আছিল স্বৰ্গদেউৰ তামুলী কুঁৱৰী আৰু মোমাই তামুলী বৰবৰুৱাৰ জীয়ৰীৰ জীয়েক ৷ ৰমণীৰ যৌৱনপ্ৰাপ্তিৰ পাছত তেওঁক ইচলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰি ৰহমত বেগম নাম দি আজমতাৰাই বিয়া কৰায় ৷

১৬৭১ খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ ৰণত ৰমণীৰ সৰু মোমায়েক আৰু গুৱাহাটীৰ বৰফুকন লাচিতৰ সেনাপতিত্বত আহোম সেনাই মোগলক ঘটুৱাবলৈ সমৰ্থ হয় ৷ পাছে ১৬৭২ খ্ৰীষ্টাব্দত লাচিতৰ পৰলোকপ্ৰপ্তি হয় আৰু ডাঙৰ ককায়েক লালুকসোলা বৰফুকন হয় ৷ লালুকে নিজে ৰাজপাটত বহাৰ সপোন লৈ বাদুলি ফুকনৰ সহায়ত বঙ্গৰ মোগল চুবেদাৰ আজমতাৰাৰ লগত মিতিৰালি কৰি ১৬৭৯ খ্ৰীঃৰ মাৰ্চ মাহত বিনা যুদ্ধে গুৱাহাটী মোগলক এৰি দিয়াৰ কথা নিশ্চিত কৰে আৰু  বিনিময়ত মোগলে তেওঁক সিংহাসনত বহাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ এই কথা গম পাই আজমতাৰাৰ আহোম কুঁৱৰী ৰমণী গাভৰুৱে মোমায়েক লালুকসোলালৈ টান ভাষাত চিঠি লিখি এনে কামৰ পৰা বিৰত থাকিবলৈ উপদেশ দিয়ে ৷ কিন্তু লালুকসোলাই ভাগিনীয়েকৰ কথা অগ্ৰাহ্য কৰি গুৱাহাটীলৈকে মোগলক এৰি দি গড়গাঁও অভিমুখী হয় ৷

এই সমস্ত কাহিনীভাগত আমি ৰমণী গাভৰুৰ বিৱাহ আৰু স্বদেশপ্ৰেমৰ উমান পাওঁ ৷ কিন্তু তেওঁৰ লগত যোৱা মোহিনী আইদেউৰ কোনো উল্লেখ ক’তো পোৱা নাযায় ৷ এই গৰাকী নাৰী ভগ্নী ৰমণীৰ আঁৰতে লুকাই থাকিল; তেওঁক কোনে বিয়া কৰালে, তেওঁ ক’ত থাকিলগৈ, নে পাছতো ৰমণীৰ অভিভাৱিকা হৈয়ে জীৱন কটালে, বুৰঞ্জীয়ে এই প্ৰশ্নবিলাকৰ কোনো উত্তৰ নিদিয়ে ৷ কেৱল স্বৰ্গদেউৰ কথামতেই মোগল ৰাজপৰিয়াললৈ যাব ল’গা হোৱা মোহিনী আইদেউৰ বিষয়ে ভাৱিলে সঁচাকৈয়ে চকু অশ্ৰুসিক্ত হৈ পৰে ৷ তেওঁৰ বলিদান ইতিহাসৰ ওৰণিৰ তলতে লুকাই থাকিল ৷ বুৰঞ্জী লিপিবদ্ধ কৰাৰ বাবে প্ৰখ্যাত আহোম ৰাজতন্ত্ৰৰ বুৰঞ্জী এই বিষয়ে সম্পূৰ্ণ নিমাত হৈ থাকিল আৰু মোহিনী আইদেউ বুৰঞ্জীৰ উপেক্ষিতা নায়িকা হৈয়ে ৰ’ল ৷

ৰঙিলী আইদেউ: ১৭৬৯ চনৰ অক্টোবৰ মাহত ৰাঘৱ মৰাণৰ নেতৃত্বত মোৱামৰীয়াসকল বিদ্ৰোহী হৈ উঠে আৰু আহোম সেনাক পৰাস্ত কৰি ৰাজধনী ৰংপুৰ অধিকাৰ কৰি ৰমাকান্তক ৰজা আৰু ৰাঘৱক বৰবৰুৱা পাতি বিদ্ৰোহীসকলে পাঁচ মাহ ৰাজত্ব কৰে ৷ ৰাঘৱে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মণিপুৰী কুঁৱৰী কুৰঙ্গনয়নীকো জোৰকৈয়ে পত্নী হিচাপে গ্ৰহণ কৰে ৷ চ’তৰ বিহুৰ সময়ত অনেক আহোম বিষয়াই মোৱামৰীয়া হুচৰিৰ দলৰ ভেশত ৰাঘৱৰ ঘৰত বিহু মেলি কুৰঙ্গনয়নীৰ সহায়ত তেওঁক হত্যা কৰি বিদ্ৰোহীসকলক পৰাজিত কৰি লক্ষ্মী সিংহক পুনৰ সিংহাসনত অধিষ্ঠিত কৰে ৷ 

১৭৮০ খ্ৰী:ত লক্ষ্মী সিংহৰ মৃত্যুৰ পাছত পুতেক গৌৰীনাথ সিংহ ৰাজপাটত উঠি  মোৱামৰীয়াসকলৰ ওপৰত নিৰ্য্যাতন আৰম্ভ কৰে ৷ ১৭৮৩ খ্ৰী:ত মোৱামৰীয়াসকল দ্বিতীয় বাৰৰ বাবে বিদ্ৰোহী হৈ উঠে আৰু এটা দলে ৰাতিৰ আন্ধাৰত স্বৰ্গদেউৰ মাছমৰীয়া দলত যোগ দি গড়গাঁৱত প্ৰৱেশ কৰে আৰু হত্যাযজ্ঞ আৰম্ভ কৰে ৷ ঘনশ্যাম বুঢ়াগোঁহায়ে বিদ্ৰোহীসকলক পৰাজিত কৰি খেদি পঠায় ৷ অচিৰেই ঘনশ্যাম বুঢ়াগোঁহাইৰ মৃত্যু হোৱাত পুত্ৰ পূৰ্ণানন্দক বুঢ়াগোঁহাই পতা হয় ৷ স্বৰ্গদেৱে মোৱামৰীয়াৰ ওপৰত দমন চলোৱাত ১৭৮৬ খ্ৰী:ত তৃতীয় বাৰ মোৱামৰীয়াসকল বিদ্ৰোহী হৈ ৰংপুৰ অধিকাৰ কৰি ভৰত সিংহক আৰু বেংমৰাত সৰ্বানন্দ সিংহক ৰজা পাতি উজনি অসমত শাসন চলাই যায় ৷ ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈনিকৰ সহায়ত যদিও পূৰ্ণানন্দই ৰংপুৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়, কিন্তু বেংমৰাৰ মটক ৰাজ্যত বহুখিনি ক্ষমতা এৰি দিব লগা হয় ৷

এইদৰে তিনিবাৰকৈ মোৱামৰীয়া বিদ্ৰোহে জুৰুলা কৰা আহোম ৰাজ্যত বুঢ়াগোহাঁই পূৰ্ণানন্দই ৰাজ্যৰ অৰ্থনৈতিক পুনৰ গঠনৰ কাম হাতত লয় ৷ আন এজন বিষয়া বদনচন্দ্ৰক পূৰ্নানন্দৰ পৰামৰ্শক্ৰমে স্বৰ্গদেৱে বৰফুকন হিচাপে নিযুক্তি দিয়ে ৷ গড়গাওঁ এৰি গুৱাহাটীলৈ যাব লগা হোৱাত বদনৰ মনত পূৰ্ণানন্দৰ প্ৰতি শত্ৰুতাই বাহ লৈছিল যদিও নিজৰ জীয়ৰী পিজৌ গাভৰুক পূৰ্ণানন্দৰ পুতেকলৈ বিয়া দি পাৰিবাৰিক সম্বন্ধহে স্থাপন কৰিছিল ৷ 

বদনৰ অত্যাচাৰত অসন্তুষ্ট নামনি অসমৰ ৰাইজ ১৭৯৮ চনত চৌধুৰী ভাতৃদ্বয় হৰদত্ত আৰু বীৰদত্তৰ নেতৃত্বত বিদ্ৰোহী হৈ উঠিল ৷ দন্দুৱা দ্ৰোহ নামে জনাজাত এই বিদ্ৰোহৰ বিদ্ৰোহীসকলে স্বাধীনতা ঘোষণা কৰি ৰঙিয়াত ৰাজধানী পাতে ৷ বিদ্ৰোহ দমন কৰাত বদনচন্দ্ৰ  বিফল হোৱাত পূৰ্ণানন্দই বদনৰ ঠাইত কলীয়া ভোমোৰাক বৰফুকন পাতে ৷ কলীয়া ভোমোৰাই নিজাববীয়াকৈ সেনা গোটাই দন্দুৱা দ্ৰোহ দমন কৰি ১৮০০ চনৰ ১ জানুৱাৰী তাৰিখে দুই বিপ্লৱী ভাতৃক ৰাজহুৱাকৈ বধ কৰায় ৷ কলীয়া ভোমোৰাৰো অচিৰেই মৃত্যু ঘটাত বদনচন্দ্ৰক পুনৰবাৰ বৰফুকন নিযুক্ত কৰা হয় ৷ সুবিধা বুজি বদনে পূৰ্ণানন্দৰ বিৰুদ্ধে অভিসন্ধি আৰম্ভ কৰিলে ৷ ভূ পাই পূৰ্ণানন্দই বদনক আটক কৰিবলৈ মহেশ্বৰ পৰ্বতীয়া ফুকনক দায়িত্ব দিয়ে ৷ কিন্তু পিজৌ গাভৰুৱে পিতাকক আগতীয়াকৈ সতৰ্ক কৰি দিয়াত বদনে গুৱাহাটী এৰি কলিকতালৈ পলায়ন কৰে ৷ কলিকতাত বদনে ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড হেষ্টিংচক অসম আক্ৰমণ কৰিবলৈ অনুৰোধ কৰে ৷ কিন্তু হেষ্টিংচ মান্তি নোহোৱাত মানদেশৰ এজন প্ৰতিনিধিৰ লগত বদন মানদেশ পালেগৈ ৷ 

আনফালে আহোম ৰাজ্যৰ পূব সীমাত বাস কৰা চিংফৌসকলে আহোম ৰাজ্যত সৰু- সুৰা আক্ৰমণ চলাই গৈছিল ৷ বুঢ়াগোহাঁই পূৰ্ণানন্দই চিংফৌসকলৰ সৈতে শান্তি স্থাপনৰ বাবে বৈৱাহিক সম্বন্ধ স্থাপনৰ প্ৰস্তাৱ দিয়ে ৷ গতিকে পূৰ্ণানন্দই আহোম কুঁৱৰী আৰু বদনৰ সম্বন্ধীয়া পেঁহীয়েক ৰঙিলী আইদেউক চিংফৌৰ বৰগামলৈ যাঁচিলে ৷ পাছে মানৰজাৰ অনুগত বৰগামে সেইগৰাকী কুঁৱৰীক নিজে নাৰাখি মানৰজালৈ উপহাৰস্বৰূপে পঠায় ৷ 

বদনে মানদেশত গৈ মানৰজা বদৌপয়াক অসম আক্ৰমণ কৰিবলৈ অনুৰোধ জনায় ৷ বদনৰ সম্বন্ধীয়া পেঁহীয়েক আৰু বদৌপায়াৰ পত্নী ৰঙিলী গাভৰুৱেও বদনৰ পক্ষে মাত মাতে ৷ বদৌপয়াই যেন এই সুবিধাই বিচাৰি আছিল ৷ কাৰণ বহু কাৰণত মান ৰাজবংশৰ মনত আহোম ৰাজ্যৰ প্ৰতি শত্ৰুতাই বাহ লৈছিল ৷ সেয়ে মোৱামৰীয়া বিদ্ৰোহৰ সময়তো মানৰজাই মোৱামৰীয়া সকলক সহায় কৰিবলৈ তিনিবাৰকৈ মানসেনা পঠাইছিল ৷ প্ৰথম দুবাৰ পূৰ্ণানন্দই ভাৰ- ভেটি দি তেওঁলোকক ওভতাই পঠায় আৰু তৃতীয়বাৰ মানদেশত থকা ইংৰাজ প্ৰতিনিধিৰ তৎপৰতাত মানসেনা আগ নাবাঢ়িল ৷ আহোম ৰাজ্যৰ সীমান্তত মানৰ মিত্ৰশক্তি চিংফৌসকল থকাত মানৰ আক্ৰমণ সুচল হৈ পৰে ৷ ১৮১৭ চনৰ মাৰ্চ মাহত  ১৬০০০ মানসেনাৰে সৈতে বদন অসম পায়হি আৰু অসম বুৰঞ্জীৰ ক’লা অধ্যায় মানৰ দিন আৰম্ভ হয় ৷

এই কাহিনীভাগৰ পৰা আমি দেখোঁ যে সীমান্তবৰ্তী এক জনগোষ্ঠীয়ে যাতে উন্নয়নৰ কামত বাধা দিব নোৱাৰে, তাৰ বাবে কেনেকৈ পূৰ্ণানন্দই ৰঙিলী আইদেউক এক প্ৰকাৰ উছৰ্গা কৰে আৰু কেনেকৈ বৰগামেও ৰঙিলী আইদেউক পণ্য সামগ্ৰীৰ দৰে গণ্য কৰি এক অজান্তি মূলুকলৈ পঠায় ৷ এক উচ্চ বংশজাত নাৰীৰ মনত ই বিৰূপ প্ৰতিক্ৰিয়া কৰা অতি স্বাভাৱিক ৷ গতিকে পূৰ্ণানন্দ যে ৰঙিলী আইদেউৰ ৰোষৰ পাত্ৰ হৈ পৰিছিল তাত সন্দেহৰ অৱকাশ নাই ৷ হয়তো বদনে সম্বন্ধৰ অপপ্ৰয়োগ কৰি নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে এইগৰাকী নাৰীক ব্যৱহাৰ কৰিলে ৷ এই কথা অনস্বীকাৰ্য্য যে পূৰ্ণানন্দৰ প্ৰতি বিদ্বেষ আৰু বদনৰ প্ৰৰোচনাৰ পৰিণতিত তেওঁ নিজৰ জননী- জন্মভূমি আক্ৰমণ কৰোৱাৰ ভুল সিদ্ধান্ত ল’লে, কিন্তু ৰঙিলী আইদেউৰ মনৰ দুখ আৰু ক্ষোভ হয়তো কোনেও বুজাৰ চেষ্টা নকৰিলে ৷


পৃষ্ঠা ৮

অসমীয়া কাব্য সাহিত্যৰ ছনেট কবিতাৰ চমু আভাস

ঝৰ্নালী শৰ্মা বৰকটকী
তেজপুৰ বিশ্ববিদ্যালয় চৌহদ

অসমীয়া কাব্য সাহিত্যৰ গীতি কবিতাৰ এটি উল্লেখযোগ্য ভাগ হৈছে ছনেট । এই কবিতা সমূহ প্ৰথম সৃষ্টি হৈছিল  পাশ্চাত্যত।
  ইংৰাজী ʼছনেটʼ শব্দটো ইটালীয় ছনেটো (sonetto) শব্দৰ পৰা আহিছে। ছনেটো শব্দৰ অৰ্থ হৈছে মৃদু ধ্বনি। অৰ্থাৎ বিষয় আৰু ভাৱৰ ঐক্য ইয়াত প্ৰতিফলিত হোৱা দেখা যায়। ইয়াৰ  বঙলা আৰু অসমীয়া ৰূপান্তৰক চতুদৰ্শপদী কবিতা বোলা হয়। মাইকেল মধুসূদন দত্তই বঙলা সাহিত্যত প্ৰথমে চতুদৰ্শপদী কবিতা আৰম্ভনি কৰে। অসমীয়া আৰু বঙলা কবি সকলে  মাইকেল মধুসূদন দত্তক অনুকৰণ কৰিহে চতুদৰ্শপদী কবিতা লিখিবলৈ আৰম্ভ কৰে।
ইংৰাজ কবি ৱৰ্ডছৱৰ্থে 'sconr not the sonnet' নামৰ ছনেটত কৈছে সঁচাৰ কাঠিয়েই চনেট। 
শ্বেইকছপীয়েৰে তেওঁৰ হৃদয়ৰ দ্বাৰা উন্মোচন কৰিছিল আৰু বাঁহীৰ লগত ছনেটক তুলনা কৰিছিল।
বহুতেই ছনেটক চতুদৰ্শপদী কবিতা বুলি আখ্যা দিলেও প্ৰকৃততে চতুদৰ্শপংক্তিক কবিতাহে।
ইয়াত এটি মাত্ৰ ভাৱ অনুভুতিৰ প্ৰবাহ থাকে।ছন্দগত বিভাজন আৰু ভাৱগত বিভাজনৰ মিল থাকে। ছনেটৰ ভাৱ সংবেদনশীল আৰু ভাষা পোন ।
অসমীয়া ছনেট দুটা ভাগত ভাগ কৰা হৈছে
(ক)  পেট্ৰাকীয় ছনেট বা ইটালীয় ধ্ৰুপদী ছনেট।
( ক) ইংৰাজী ৰোমান্তিক ছনেট বা শ্বেইকছপীয়েৰৰ ছনেট।
ছনেটত মুঠতে চৈধ্যটা শাৰী থাকে। প্ৰথম আঠশাৰী অষ্টপদিকা আৰু পিছৰ ছয়শাৰী ষট্ পদিকা বোলা হয়। অষ্টপদিকাত ভাৱৰ ইঙ্গিত দিয়া দেখা যায় আৰু ষট্ পদিকাত   সেইয়া বাখ্যা কৰা হয়। অষ্ট পদিকাৰ চাৰি শাৰী প্ৰত্যেক ভাগৰ নাম চৌপদিকা আৰু ষট্ পদিকাৰ তিনি শাৰীৰ প্ৰত্যেক ভাগৰ নাম ত্ৰিপদিকা। এই শাৰীবোৰৰ ছন্দ প্ৰকৰণ সাধাৰণতে কখখক, কখখক, গঘঙ, গঘঙ, নাইবা কখখক, কখখক,গঘ গঘ, গঘ।
অৱশ্যে শ্বেইকছপীয়েৰৰ ছনেটে এই নিয়ম মানি চলা নাই। এই ছনেট অলপ সুকীয়া । এই ছনেটত ভাৱগত সৌন্দৰ্যৰ মিল সুন্দৰকৈ প্ৰতিফলিত হয়। ইয়াত সামৰণি যুগ্মকটোৱে ছনেটৰ সমস্ত সৌন্দৰ্য কেন্দ্ৰীভূত হৈ থকা দেখিবলৈ পোৱা যায়। অসমীয়া সাহিত্যত  হেমচন্দ্ৰ গোস্বামীৰ ʼপ্ৰিয়তমাৰ চিঠি ʼ প্ৰেট্ৰাকীয় ছনেটৰ প্ৰথম নিদৰ্শন আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ ʼকবিতাʼ শ্বেইকছপীয়েৰ ছনেটৰ প্ৰথম নিদৰ্শন।
এই ছনেট কবিতাৰ আলোচনাৰ পৰা ইয়াকে বুজা হৈছে যে ইয়াৰ ভাৱগধুৰ হʼলেও বুজাত অসুবিধা নহয় সেয়ে ছনেটক আত্মবানী বুলিও কʼব পাৰি।
এই ছনেট সমুহে অসমীয়া সাহিত্যৰ জগতত এক নতুন ধাৰাৰ সুচনা কৰিলে।

(সহায়ক গ্ৰন্থ- সাহিত্য সমীক্ষা , লেখক মহেশ্বৰ নেওগ , হেমন্ত কুমাৰ শৰ্মা
সাহিত্য-উপক্ৰমণিকা লেখক ডঃ মহেন্দ্ৰ বৰা।


পৃষ্ঠাঃ ৯

প্রাথমিক শিক্ষাত নাটকৰ তাৎপৰ্য

ৰিণ্টু টায়ে

যোৱা সংখ্যাৰ পিছৰ পৰা-

শিশুৰ ভাষাৰ দক্ষতা বিকাশৰ বাবে নাটকৰ সহায় ল'ব পাৰে ৷ শিশুসকলৰ কথন দক্ষতা, শুদ্ধ আৰু স্পষ্টকৈ কথা ক'ব পৰাকৈ শিশুসকলৰ আয়ত্ব কৰিব লগা অৰ্হতা ৷ নাটকৰ জৰিয়তে শিশুসকলক ভাও দিবলৈ দি চৰিত্ৰৰ  সংলাপবিলাক আওঁৰাবলৈ দিলে কথন শৈলীৰ বিকাশ সাধন সম্ভৱপৰ হয় ৷ তদুপৰি ই শিশুৰ মনত দীৰ্ঘস্থায়ী অভিজ্ঞতাৰ সাঁচ বহাই দিয়ে  ৷ কিয়নো নাটকৰ দ্বাৰা শিশুসকল হাতে-কামে নিজে লাগি শিকাৰ এটা পৰিৱেশ দিব পাৰে ৷ শিশুৱে নিজে অভিনয় কৰিব, শিশুৱে নিজে গীত গাব , শিশুৱে নিজে সংলাপ গাব , শিশুৱে নিজে নৃত্য কৰিব ৷ ইয়াতকৈ শিশুৰ বাবে আনন্দৰ একো কথাই থাকিব নোৱাৰে ৷ এয়া নাটকৰ গুৰুত্ব ৷ য'ত একেসময়ত শিক্ষাৰ্থীয়ে লাভ কৰিব পাৰে জীৱনৰ বাস্তৱ সমাজৰ বিমল  অভিজ্ঞতা ৷

শিশুসকলৰ সুস্থ আবেগিক বিকাশ ঘটোৱা প্ৰাথমিক শিক্ষাৰ অন্যতম  লক্ষ্য ৷ খং-ৰাগ ,আনন্দ, বিষাদ, হাঁহি-তামাচা সঠিক প্ৰকাশ কেনেকৈ কৰিব তাৰ আভাস অথবা অনুশীলন নাটকত উপলব্ধ হয় ৷ নাটকৰ চৰিত্ৰত নিজক সফল অভিনেতা ৰূপত আত্ম প্ৰকাশ কৰাৰ প্ৰতিযোগিতা শিশুসকলৰ মনত শিক্ষক জনে সোমুৱাই দিব লাগিব ৷ শিক্ষকজন নিজে এজন সফল অভিনেতাৰ দৰে অভিনয় কলাৰে শিক্ষাৰ্থীৰ মন জয় কৰিব লাগিব। সমান্তৰাল ভাৱে পৰিচালক হিচাপে ভূমিকা পালন কৰিব লাগিব  ৷ অন্যথা  অযথা সময় অপব্যয় কৰাহে হ'ব ৷
          সাম্পতিক কালত ইণ্টাৰনেটৰ যুগত শিক্ষাৰ্থীসকলে সৰুৰে পৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ অৱদানৰ সুফল আৰু কুফল দুয়োটাৰে মুখামুখী হৈছে ৷ কোভিড-১৯ মহামাৰীৰ কৱলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱাত প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলেও ইয়াৰ ব্যতিক্ৰম নহ'ল ৷

ক্ৰমশঃ

পৃষ্ঠা ১০

     স্বাধীনতাৰ হীৰক জয়ন্তী বৰ্ষত  ভাৰতৰ প্ৰাপ্তি         

জাকিৰ হুছেইন সৰকাৰ      
মোবাইলঃ ৮৪৮৬৫৯৯৮১৯ 

যোৱা ১৫ আগষ্ট আছিল ভাৰতৰ স্বাধীনতা দিৱসৰ পয়সত্ত তম দিৱস। বছৰটোত কেবাটাও ব্যতিক্ৰম ঘটিল । প্ৰথমটো ব্যতিক্ৰমী ৰূপত জম্মু আৰু কাশ্মীৰৰ 
' লালচক ' ভাৰতৰ ৭৫ তম স্বাধীনতা দিবসত বৰ্ণিল ত্ৰিৰংগাৰে সুসজ্জিত হ'ল । ৰাছিয়াৰ ৰেড স্কোৱেৰৰ আৰ্হিত  শ্ৰী নগৰৰ মাজমজিয়াত লালচক গঢ়ি তুলিছিল শিখনেতা তথা বুদ্ধিজীৱি বিপিএল বেদীয়ে । নিৰ্মাণ কালৰে পৰা লালচক সদায় বিতৰ্কৰ আবৰ্তত আছিল । কাশ্মীৰৰ বিচ্ছিন্নতাবাদী সকলে লালচকত কোনো কাৰণতে ত্ৰিৰংগা পতাকাখন উৰুৱাব দিয়া নাছিল, কাৰণ কাশ্মীৰৰ গৰিষ্ঠ সংখ্যকে ভাৰতৰ আধিপত্য মানিব নোখোজে, তেওঁলোকে কাশ্মীৰৰ পতাকাখন তাত থকাটো বিচাৰে । তাৰ বিপৰীতে দেশপ্ৰেমী ভাৰতীয় সকলৰ লালচকত জাতীয় পতাকা উৰুৱাৰ মনে প্ৰাণে এক আবেগ আছিল । পূৰ্বৰ দিল্লীশ্বৰ কোনো চৰকাৰেও ইয়াত জাতীয় পতাকা উঠোৱাৰ কথা সপোনতো ভবা নাছিল । কাশ্মীৰত তেতিয়া দুই নিচান দুই বিধান প্ৰযোজ্য । কিন্তু দুবছৰ মান আগতে কাশ্মীৰৰ পৰা বিশেষাধিকাৰ ৩৭০ ধাৰা উঠাই দিয়াৰ পিছত সকলো যেন সলনি হ'ল । পটপৰিবৰ্তনৰ সাক্ষী স্বৰূপ হৈ ৰ'ল আজিৰ লালচক যাৰ বক্ষস্থল সততে আছিল লাল ৰক্তৰে ৰঞ্জিত, অন্তহীন সংঘৰ্ষৰ । তথাপিও ৭০ বছৰ পিছত শ্ৰী নগৰৰ হৰি পৰ্বতত উৰিল এশ মিটাৰ সুউচ্চ বিশাল ত্ৰিৰংগা । অনিন্দ্য সুন্দৰ ডাল লেকৰ বুকু ভেদি আগবঢ়া চিকাৰাবোৰ অবাক দৃষ্টিৰে চাই ৰ'ল ইতিহাসৰ চকৰী কেনেকৈ ঘুৰে । ক্ৰমাৎ বৰফ গলা কাশ্মীৰত " এক ভাৰত শ্ৰেষ্ঠ ভাৰত " ৰ সপোন যেন এখোজ আগুৱাই গ'ল । দ্বিতীয়তে কাশ্মীৰৰ দৰে স্বাধীনতাৰ ৭৫ তম দিৱসটোতে ভাৰতৰ আন এক অশান্ত অণ্ঢল উত্তৰ পূবৰ অসম ৰাজ্যতো ঘটিল এক ব্যতিক্ৰমী পৰিঘটনা । ৪২ বছৰ পিছত অসমত বিচ্ছিন্নতাবাদী তথা সশস্ত্ৰ বিপ্লৱত বিশ্বাসী সংগঠন আলফা (স্বাধীন ) য়ে পৰম্পৰা ভংগ কৰি স্বাধীনতা দিৱসত বন্ধ প্ৰত্যাহাৰ কৰিলে । আলফা (স্বাধীন) য়ে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কামকাজত সন্তুষ্টি প্ৰকাশ কৰি তেওঁৰ প্ৰশংসাত গদগদ হৈ পৰিছে । দুয়ো পক্ষৰ মাজত নতুনকৈ আলোচনাৰ পৰিবেশ সৃষ্টিত এয়া অতি শুভ লক্ষণ। ভাৰতৰ অখণ্ডতা আৰু  সাৰ্বভৌমত্বৰ প্ৰতি আলফাৰ নমনীয় দৃষ্টিভঙ্গী নতুন ইতিহাস উন্মোচিত কৰিলে। এনেবোৰ ঘটনা, পৰিঘটনাই  সীমাহীন সংঘৰ্ষ, বাদানুবাদৰ মাজতো শক্তিশালী ভাৰত গঢ়াৰ দিশত স্বাধীনতাৰ স্বাৰ্থকতাক উন্মোচিত কৰে । তৃতীয়টো সফলতা ভাৰতৰ বিশ্বগুৰুৰ আসনত অধিষ্ঠিত হোৱাটো ,সেয়া লাগিলে এমাহৰ বাবেই হওঁক । ক'ব খুজিছো ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰৰ সভাপতিৰ পদত আসীন হোৱাটো । স্থায়ী সদস্য পদ লাভ কৰাৰ দীৰ্ঘদিনীয়া দাবীয়ে যেন ক্ৰমাৎ ন্যায্যতা পোৱাৰ দিশত । দূৰ্ভাগ্যজনক ভাবে যোৱা ১৫ আগষ্টতে তালিবানে আফগানিস্তানৰ ক্ষমতা পুনৰায় হস্তগত কৰে । ফলত আমেৰিকা সন্ত্ৰাসবিৰোধী অভিযান বিফল হয় ফলত শক্তিধৰ আমেৰিকাৰ সন্মান লাঘব হয় । পাকিস্তান, চীন, কাটাৰ, তুৰস্কৰ তালিবানৰ প্ৰতি খোলামেলা সমৰ্থন ভাৰতৰ বাবে চিন্তাৰ বিষয় হৈ পৰে । কাৰণ তালিবানৰ সোৱে বাওঁৱে থকা হাকানী নেটৱৰ্ক, আইএছআইএছ (খোৰাসান) আলকায়দা, হিজবুল মুজাহিদ্দিন, লস্কৰ ই তৈয়বা, সকলোৰে উদ্দেশ্য ভাৰতবিৰোধী । কাশ্মীৰৰ বিচ্ছিন্নতাবাদীক তেওঁলোকৰ মুক্ত সমৰ্থন চিন্তাৰ বিষয় । সন্ত্ৰাসবাদ বিৰোধী বিশ্বনেতৃত্বও বৰ্তমান ভাৰতৰ মুখাপেক্ষী । আমেৰিকা, বৃটেইন, ফ্ৰান্স ৰাছিয়া, তাজিকস্থান ভাৰতৰ আফগান নীতিক বাৰুকৈ প্ৰশংসা কৰিছে । সীমাহীন দুৰ্যোগত ভোগা আফগান সাধাৰণ নাগৰিকক আশ্ৰয় দিয়াৰ লগতে মানবীয় সাহায্য আগবঢ়াই বিশ্বৰ আন আন দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্ব জনমত সৃষ্টি কৰা, কৰোনাত বিনামূলীয়া সমূহীয়া টিকাকৰণত অভিলেখ সৃষ্টি, মানৱ অধিকাৰ, সমউন্নয়ণ, জলবায়ু পৰিবৰ্তন, আৰ্থিক সাবলম্বনৰ ওপৰত কল্যানকামী যোজনাৰে বিশ্ব নেতৃত্বক দিক নিৰ্দেশনা দিয়া ভাৰত ৰাষ্ট্ৰৰ সবল উত্থান প্ৰতিজন ভাৰতীয়ৰ বাবে উৎসাহ তথা প্ৰেৰণাৰ বিষয় । জটিল পৰিস্থিতিত প্ৰতিখন দেশে ভাৰতে কি সিদ্ধান্ত লয় তাৰ প্ৰতি সকলো সময়তে দৃষ্টি নিবন্ধ কৰি থাকে সেয়া লাগিলে শত্ৰু দেশে হওঁক বা মিত্ৰ দেশেই হওঁক । এনেও বহু জটিল বিষয়ত তাৎক্ষণিক আৰু সাহসী পদক্ষেপ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডী সৰ্বদা চৰ্চিত দেশে বাহিৰে । নোটবন্দী, তিনতালাক নিষিদ্ধ, নাগৰিকত্ব সংশোধনী আইন, পাক-অধিকৃত কাশ্মীৰত এয়াৰ ষ্ট্ৰাইক, কাশ্মীৰৰ পৰা ৩৭০ ধাৰাৰ বিলুপ্তিকৰণ, ৰামমন্দিৰ বাবৰী মছজিদৰ বিতৰ্কৰ ন্যায়িক অবসান, ইত্যাদি বহু জটিল বিষয়ৰ সাহসিক পদক্ষেপে সুদুৰপ্ৰসাৰী প্ৰভাব পেলাইছে । ফলত শত্ৰুৰ চকুত ভাৰতৰ নমনীয় চৰিত্ৰৰ অবসান ঘটিছে আৰু বন্ধুৰ মাজত প্ৰাসংগিকতা বৃদ্ধি পাইছে। স্বাধীনতাৰ হীৰক জয়ন্তী বৰ্ষত বিশ্ব নেতৃত্বক ভাৰতে পৰিচালিত কৰিব পৰাটোৱে এক সুখকৰ প্ৰাপ্তি, যোগাত্মক অগ্ৰগতি  ।


পৃষ্ঠা ১১

ধাৰাবাহিকঃ

সমাধিস্থ সপোনত
অংকুৰিত পোহৰ

মিনাৰা হুছেইন, নগাঁও

অন্তিম খণ্ড

            (দশম)

       "মা..আমি অনুৰাধাৰ লগত বহুত অন্যায় কৰিলোঁ নেকি ? "
          অনুৰাগে মাকক সাৱটি ধৰি উচুপি উঠিল। 
  
  মা উঠি গ'ল। চাদৰৰ আঁচলেৰে চকুযুৰি মচি ল'লে। ৰাধাৰ বিছনাত বহি দূৰৈৰ পাহাৰখনলৈ চাই ৰ'ল।

    "দেখিছা নিমিশা। দূৰৈৰ পৰা পাহাৰখনি কিমান ধুনীয়া দেখি। ওচৰ পালেই দেখিবা সেউজীয়া দলিচাৰে আবৰি থকা পাহাৰখনি প্ৰকৃততে এখন নাঙঠ পাহাৰ। বট বৃক্ষবোৰ মৰি গৈছে, গছ বনবোৰ মৰহি গৈছে। মাথোঁ শিল। যেন জঠৰ এক শিলাময়। মোৰো জীৱনো এক পাহাৰৰ নিচিনাই। সকলো দেখিছিলোঁ, বুজিছিলোঁ। কিন্তু প্ৰতিবাদ কৰিব জনা নাছিলোঁ। আমাক সৰুৰে পৰা বুজোৱা হৈছিল এইয়া হেনো পুৰুষতান্ত্ৰিক দেশ। পুৰুষৰ কোনো ভুল নাথাকে। আমাক ভৰণ, পোষণ দিছে, নামি দামী গাড়ীত ফুৰাইছে, দেশ বিদেশৰ পৰা অনা বিভিন্ন সামগ্ৰীৰে আমাক উপচাই তুলিছে। যেন এইখিনি দিলেই আমি সুখী। আমাৰ প্ৰতিবাদী কন্ঠসমূহ সৰুতে ৰোধ কৰি দিয়া হৈছিল। নাৰী শিক্ষাৰ প্ৰচাৰ হৈছিল। শিক্ষিত হৈছিলোঁ। কিন্তু নিজৰ অধিকাৰৰ বিষয়ে সজাগ নাছিলোঁ। বুজাই নাছিলোঁ যে চাহ বাগানৰ মালিক শ্ৰী বিৰেন বৰঠাকুৰৰ পত্নী মোৰো এক সুকীয়া পৰিচয় থকাৰ প্ৰয়োজনীয়তা । মোক এৰি তেওঁ যেতিয়া বিলাসী জীৱন কটাব লৈছিল , তেতিয়াও মই উদাসীন আছিলো। মোৰ শাহুয়ে বুজাইছিল। মোৰ মায়ে কৈছিল সকলো ঠিক হ'ব। ধৈৰ্য ধৰ।"
    তেওঁৰ মাতবোৰ থোকাথোকি হৈ পৰিছিল। যেন মনৰ ভিতৰত অতদিনে সাঁচি ৰখা শোকজাকে আকৌ এবাৰ কন্দোৱাই গ'ল।
  
   "ধৈৰ্য ধৰি গৈছিলোঁ। সেইটোৱেই মোৰ ভুল আছিল। জানা নিমিশা তোমাক দেখি, তোমাৰ সাহস দেখি মই আচৰিত হৈছিলোঁ। কিন্তু এতিয়া মই তোমাৰ আদৰ্শ , তোমাৰ মতামতক সন্মান কৰোঁ। ময়ো যদি তোমাৰ দৰে  নিজৰ অধিকাৰৰ বাবে সজাগ হ'লো হয়। আৰু কি জানা, যেতিয়া মই প্ৰতিবাদ কৰিলো‍ঁ তেতিয়া অলৰেডি বহুত দেৰি হৈ গৈছিল। ৰাধাৰ জন্ম হৈছিল।"
       বুলি শাহুমায়ে মোৰ বাহুত ধৰি চিঞৰি উঠিল।

       "মা...কিন্তু আমি ৰাধাৰ লগত বহুত অন্যায় কৰিলোঁ। তাইৰতো একো দোষ নাছিল।কিন্তু তাই .."
        অনুৰাগৰ যেন বহুতো কথা ক'বলৈ আছে। মাকৰ চকুলো মচি ক'লে।
 
       "এৰা সঁচাকৈয়ে ৰাধাক মই কেতিয়াও মনৰ পৰা ভাল পাব নোৱাৰিলোঁ। বহুত চেষ্টা কৰিছিলোঁ। কিন্তু প্ৰতিবাৰেই অনুৰাগৰ দেউতাকে কৰা বিশ্বাসঘাতকতাৰ কথাটো মনলৈ আহিছিল। মই নোৱাৰিলোঁ জীয়াই থাকোতে তাইক মৰম কৰিবলৈ। কিন্তু এতিয়া মোৰ মন গৈছে অনুৰাধাৰ গালত দুটি চুমা আঁকি দিবলৈ, বুকুৰ মাজত লৈ শুবলৈ। অনুৰাধা, অ' ৰাধা....মোক ক্ষমা কৰি দে। তোৰ এই মা তোৰ ওচৰত  দোষী। পাৰ যদি ক্ষমা কৰিবি আই"
     ইটো ৰুমত গৌৰী আৰু ৰাধাই খুব কান্দি আছে।মালতীবায়ে দুয়োজনীকে শুৱাবলৈ যত্ন কৰি আছে। 
 
    "নিমিশা... ইহঁত দুজনীয়ে কিয় ইমান কান্দিছে বাৰু ?"
    দেউতা আহি সুধিলে ?

     "অনুৰাধা....আমাক ক্ষমা কৰি দে। এই দুজনীৰ কান্দোন আৰু সহ্য নহয়। তইনো কিয় গুচি গলি ?"
     অনুৰাগে ৰাধাৰ ফটোখনলৈ চাই কান্দি দিলে।

    "অনুৰাগ...ইহঁতদুজনীকো আমি এডপ্ট কৰাৰ কথা মই কৈছিলো তোমাক। এতিয়া আকৌ কৈছোঁ। ব'লা...ইহঁতদুজনীক আমাৰ নাম দি আকোঁৱালি লওঁ"
     নিমিশাই অনুৰাগৰ চকুৰ পানী মচি দিলে।

    "নিমিশা ভালদৰে ভাৱি চিন্তি সিদ্ধান্ত লোৱা। পিছত তোমাৰ নিজৰ সন্তান হ'লে যাতে, ইহঁত দুজনীও অনুৰাধাৰ নিচিনাকৈ এলাগী নহয়।"
        শাহুমাৰ কথাত মোৰ দুগালেদি বাৰিষাৰ ঢল নামি আহিল।    
   "কি হ'ল নিমিশা। কিয় কান্দিছা।"
        শাহুয়ে মোৰ মুখখন মৰমেৰে বুলাই দিলে।

   "মা...আপোনালোকে সদায় কৈ থাকে । মোৰো মন যায়। কিন্তু মই সদায়  কথাটো এৰাই চলো। কেতিয়াবা কৈছিলোঁ মোৰ পিজি কমপ্লিট হৈ লওঁক, কেতিয়াবা কৈছোঁ যে ওপৰৰ ফ্লৰতো বনাই লওঁ, কেতিয়াবা কৈছোঁ ৰাধা সুস্থ হৈ লওঁক।প্ৰতিবাৰেই মই পিছলৈ বুলি এৰি দিছোঁ। অনুৰাগ ...এবাৰ যে মোৰ লগত তোমাৰো টেষ্ট কৰাইছিলোঁ, মনত আছেনে ? তুমি কেইবাবাৰো ৰিপৰ্ট চাবলৈ বিচাৰিছিলা। মই নিদিলোঁ। কিয় জানানে ? "
   
     "কিয় নিমিশা ...কোৱা।" অনুৰাগ আচৰিত হৈ উঠিল‌

মই একো ক'ব নোৱাৰিলোঁ। মাথোঁ চকুৰে বৈ অহা তপ্ত লোতকেৰে অনুৰাগৰ বুকু তিয়াই দিলোঁ।

   "চোৱা নিমিশা... মোৰ ধৈৰ্য্যৰ পৰীক্ষা নল'বা। প্লিজ স্পীক আপ।"
     অনুৰাগৰ কান মুখ ৰঙা পৰি গৈছিল। যেন তাৰ ষষ্ঠ ঈন্দ্ৰিয় জাগ্ৰত হৈ উঠিছে।

    "চিকিৎসা বিজ্ঞানৰ মতে তুমি .."

     "কি ...মই কি ...কোৱা"
অনুৰাগ অধৈৰ্য হৈ পৰিল।

     "তোমাৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাই অ' অনুৰাগ"
    নিমিশাই অনুৰাগক ধৰি উচুপি উঠিল। অনুৰাগ শিল পৰা কপৌৰ দৰে বহি দিলে চকীখনত। মাক দেউতাকে যেন নিজৰ কান দুখনকে বিশ্বাস কৰিব পৰা নাই। অনুৰাগে ৰাধাৰ ফটোখনলৈ চাই ৰ'ল। যেন ৰাধাই হাঁহি আছে তাৰ ওপৰত। যি অনুৰাগৰ একমাত্ৰ পুত্ৰ হোৱাৰ বাবে সকলোৰে চকুৰ মণি আছিল, যি অনুৰাগ মাক দেউতাকৰ গৌৰব আছিল, সেই অনুৰাগ শাৰিৰীক ভাৱে অক্ষম। 

     "নিমিশা চোৱা ৰাধাই মোৰ ফালে চাইছে। কি কৈছে জানানে ? ৰাধাক যে তাইৰ অধিকাৰৰ পৰা বঞ্চিত কৰোৱা হৈছিল, তাইক ৰুবুলৰ লগত যাবলৈ বাধ্য কৰাইছিলোঁ, তাৰে ফলস্বৰূপে যেন আজি মোৰ...."
     অনুৰাগৰ মাত বন্ধ হৈ পৰিল। মাক দেউতাকে তাক সাৱটি ধৰিলে। মৌনতা ভংগ কৰি অহা ৰাধা আৰু গৌৰীৰ কান্দোনত সকলোৱে মূৰ তুলি চালে।

    "অনুৰাগ লোৱা। ইহঁত দুজনী তোমাৰ ছোৱালী।আমাৰ ছোৱালী। ইউ আৰ পাৰফেক্ট ফৰ মি। ইউ ৱিল বি এ ভেৰি গুড ফাদাৰ"
       অনুৰাগ উঠিল। চকুৰ পানী মচিলে। দুই হাতেৰে গৌৰী আৰু ৰাধাক আকোঁৱালি ল'লে।
     "নিমিশা...."
      "কোৱা অনুৰাগ ..."
   "থেংকছ ফৰ এভৰিথিং"
           নিমিশায়ো গৌৰী আৰু ৰাধাক সাৱটি ধৰিলে।

     অনুৰাগৰ মাক দেউতাকো ওচৰলৈ আহিল। 

   "চাওঁ আমাৰ গৌৰী আৰু ৰাধাক ।"
      অনুৰাগৰ মাকে দুয়োজনীকে ললে। দুটি চুমাৰে দুয়োজনীকে উপচাই দিলে।

       (সমাপ্ত)


পৃষ্ঠা ১২
অণুগল্পঃ

ক/ আশা ভংগ 

মীনাজ্যোতি কোঁৱৰ

কেলেণ্ডাৰখন উলিয়াই তাই তাৰিখটো চালে। ১৫ তাৰিখ, যোৱা মাহত তাই ২ তাৰিখেই হৈছিল।  কিমান দিনৰ পৰা যে তাই এই দিনটোৰ বাবে আশা কৰি আছিল।

"আপোনাৰ বয়সৰ বাবেহে এনেকুৱা হৈছে। "

ডাক্তৰৰ কথাতহে তাইৰ ভুল  ভাগিল। তাইৰ গৰ্ভ উৰ্বৰ নোহোৱাকৈয়ে  ৰক্তাৰ্ভ নদীখন শুকাবলৈ আৰম্ভ কৰিছে। 

ঠিকনাঃ
নাহৰকটীয়া
জিলা_ডিব্ৰুগড়
অসম
 মবাইল নম্বৰ 9435334351

খ/ বৰষুণ

চুমকী শৰ্মা।
যোৰহাট।

অন্নয়ে জ্ঞানবিহীন নন্দিনীক প্ৰথম গৃহ প্ৰৱেশ দিনাৰ পৰাই ঘৰৰ অমতত বিয়া হোৱা দোষাৰোপত বাক্যবাণ কৰা দিন ধৰি তাই চকুৰ জলজ জাহাজত আশাৰ কাজল আকি গ'ল। শেষত তাই এটা বিশেষ পৰীক্ষা পাছ কৰি শিক্ষয়িত্ৰী চাকৰিটো পোৱাৰ পিছৰে পৰা একেখিনি মানুহেই যেতিয়া দুটা কেছুৱাৰ সহিত পঢ়ি সফল হোৱাৰ সলাগ ল'লে তাইৰ চকুৰে বাগৰি যোৱা নীৰ দুটোপালে অতীতৰ সকলো বৰষুণ মোলান পেলালে।


পৃষ্ঠা ১৩

গ/ দৌৰ    
           
 মীনাক্ষি ৰায় ডাকুৱা,                                
গোলকগঞ্জ, ধুবুৰী ।

           দিন যায়, দিন আহে । তাপসে অতি মনোযোগ দি পঢ়া-শুনা কৰে । তাৰ একমাত্ৰ লক্ষ্য দ্ৰুত আগুৱাই যোৱা । সি এতিয়া নাহাঁহে । পখিলাৰ পিছত ধপলিয়াই নাযায় । অকাৰণ পুলকত গান গাই নুঠে । মুগ্ধ চকুৰে আকাশৰ তৰাবোৰৰ ফালে চাই নাথাকে । গছ-চৰাই-ফুলৰ সৌন্দৰ্য একোৱেই তাক মোহিত নকৰে । সন্ধিয়া দেউতাক সুশান্ত‌ই বাতৰি শুনিবলৈ টিভি চলালে তাপসে আহি শব্দৰ মাত্ৰা কমাই দি যায় । বৰ্ষা পাৰ হৈ আহে শৰৎ, শৰতৰ পিছত আহে বসন্ত । প্ৰকৃতিৰ বিভিন্ন ৰূপে স্পৰ্শ নকৰে তাপসৰ মন । সি মাথোন একমনে পঢ়িয়েই থাকে । সন্মুখত তাৰ চুড়ান্ত পৰীক্ষা । সি বহু ওপৰত উঠিব‌ই লাগিব । অন্য কোনোফালে তাৰ ভ্ৰূক্ষেপ নাই ।  বৰ্তমান যুগৰ প্ৰতিযোগিতাৰ দৌৰ। তাক প্ৰকৃতিৰ পৰা বিচ্ছিন্ন কৰি শৈশৱ, কৈশোৰ কাঢ়ি লৈ তাৰ মানসিক গঠনটোৱেই পৰিবৰ্তন কৰি দিছে । পৰীক্ষাত যাতে এক নম্বৰো কম নাপায় তাৰ বাবে তাপসৰ মন দৃঢ় হৈ উঠে । অবিকল এক যন্ত্ৰমানৱৰ দৰে অনুভূতিহীন চকুৰে সমুখলৈ চাই তাপসে ওপৰলৈ উঠাৰ সোপানৰ পথ ধৰি দৌৰি থাকে, দৌৰিয়েই থাকে ।



পৃষ্ঠা ১৪


নিয়মীয়া লেখকৰ পৰিচয় শিতানঃ

প্ৰিয়ংকা চমুৱা, 
ঢকুৱাখনা, লখিমপুৰ, 
ভ্ৰাম্যভাষ:৬০০১৪৮১৪০৮


পৰিচয়:
নামঃ প্ৰিয়ংকা চমুৱা
জন্ম ঠাই: ভোমা আহোম গাওঁ
শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ-ইংৰাজী, গণসংযোগ আৰু সাংবাদিকতা
পেছা: শিক্ষকতা, সাংবাদিকতা,
ইলেকট্ৰনিক/বৈদ্যুতিক আৰু ছপা মাধ্যম ,(ইউটিউবাৰ)
প্ৰকাশিত পুথি: আকাশ ফুলাৰ সপোন

অংশ লোৱা অনুস্থান: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ,

সন্মানঃ কবি, সাহিত্যিক, কৃষ্টিৰ সাহিত্যশ্ৰী, ২০২১ বঁটাৰ বাবে মনোনীত, আৰু বি,আৰ,আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক আৰু সাৱিত্ৰী বাই ফুলে ৰাষ্ট্ৰীয় জলপানি,২০২১, কাব্ৰসম্ৰাগী-২০২২ বঁটাৰ   বাবে মনোনীত, 
উল্লেখিত এখন কবিতা পুথি প্ৰকাশ পোৱাৰ লগতে প্ৰান্তিক, অসম আদিত্য, প্ৰাগজ্যোতিষ, এদিনৰ সংবাদ, অগ্ৰদূত আদিত নিয়মীয়াকৈ লেখা প্ৰকাশিত আৰু অনলাইন অসমীয়া সাহিত্যৰ চানেকি, শব্দ সাঁকো, গুঞ্জন, বৰ্ণিল, আস্থা, যাত্ৰা, অঙ্গন আদিত নিয়মীয়া কৈ লেখা প্ৰকাশ পায় আহিছে।

লেখিকাৰ দুটি প্ৰৱন্ধঃ


১/ সমাজৰ কল্যাণ আৰু পৰিৱৰ্তন সাধনত শিক্ষকৰ ভূমিকা

 
 বৰ্তমান স্কুলক এখন সমাজ বা সম্প্ৰদায়ৰ কেন্দ্ৰস্থল স্বৰূপে বৰ্ণনা কৰা হয় আৰু এই সমাজৰ কেন্দ্ৰস্থ ব্যক্তি স্বৰূপে শিক্ষকক পৰিগণিত কৰা হয়। সেইবাবে স্বাভাৱিকতেই সমাজ বা সম্প্ৰদায়ৰ প্ৰতি শিক্ষকৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য থকাৰ কথা অনুভৱ কৰা হয়। সমাজৰ প্ৰয়োজন, আশা-আকাংক্ষা অভাৱ-অভিযোগ আদি পূৰণত শিক্ষকে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব লাগে। শিক্ষকৰ এনে সামাজিক দায়িত্বৰ প্ৰতি আধুনিক শিক্ষাত বিশেষভাৱে মনোনিৱেশ কৰা হৈছে। স্কুলঘৰ আৰু স্কুল প্ৰতিষ্ঠানটো কেৱল কণ কণ শিশুৰ বাবে দিনে মাত্ৰ তিনি-চাৰি ঘণ্টা লিখা-পঢ়া কৰা ঠাই স্বৰূপে ব্যৱহাৰ কৰিয়ে ক্ষান্ত থাকিব নালাগে। এনে কৰাটো দেশৰ অৰ্থব্যৱস্থা, সমাজ-ব্যৱস্থা আৰু শিক্ষা-ব্যৱস্থাৰ এক বিৰাট অপচয় স্বৰূপে বিবেচনা কৰিব পাৰি। একো একোখন সমাজ বা সম্প্ৰদায়ৰ মাজত থকা এই স্কুল প্ৰতিষ্ঠানটোত সকলোৰে আৰ্থিক আৰু সামাজিক বৰঙণি থাকে। সেইবাবে সেই অঞ্চলৰ সম্প্ৰদায়টোৰ সকলো লোকৰ বাবেই ই শিক্ষা আৰু বিকাশৰ কেন্দ্ৰস্থল স্বৰূপে বিবেচিত হ’ব লাগে। প্ৰতিষ্ঠানটোৰ শিক্ষা আৰু সামাজিক বিকাশৰ দায়িত্ব আৰু কৰ্তৃত্ব শিক্ষকে গ্ৰহণ কৰিব লাগে। শিক্ষকৰ এই সামাজিক দায়িত্বৰ প্ৰতি সচেতনতাই বৰ্তমান স্কুলৰ সামাজিক ক্ৰিয়া-পৰিসৰ অধিক বৃদ্ধি কৰি তুলিছে আৰু শিক্ষকক সমাজত এক বিশেষ দায়িত্বশীল ব্যক্তি স্বৰূপে প্ৰতিষ্ঠিত কৰিছে। সমাজৰ প্ৰতি শিক্ষকে পালন কৰিব লগা কেতবোৰ গুৰুত্বপূৰ্ণ দায়িত্ব তলত সংক্ষেপে বৰ্ণনা কৰা হৈছে।
সমাজ আৰু সম্প্ৰদায়ৰ সাংস্কৃতিক জীৱনৰ আৰু অৰ্থনৈতিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে স্কুলৰ কাৰ্যসূচী আৰু বিষয়সূচীৰ আঁচনি প্ৰস্তুত কৰি তুলিব লাগে। স্থানীয় লোকৰ অস্থা, নিষ্ঠা, বিশ্বাস আদি ভংগ কৰিব পৰা কোনো কাম তেওঁ কৰিব নালাগে। সেইদৰে তেওঁলোকৰ অৰ্থনৈতিক জীৱনৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰসকলক স্থানীয় হস্তশিল্প শিক্ষা আৰু কৰ্ম-অভিজ্ঞতা দিব লাগে।
স্কুলৰ নিকটৱৰ্তী সংস্পৰ্শত থকা সম্প্ৰদায়সমূহৰ ধৰ্ম, ভাষা, সংস্কৃতি আৰু সামাজিক ৰীতি-নীতি আদিৰ লগত তেওঁ ভালদৰে পৰিচিত হ’ব লাগে। সেই সমূহৰ প্ৰতি অজ্ঞতা, উদাসীনতা, বিৰূপ অথবা উগ্ৰ মনোভাব তেওঁ এৰাই চলিব লাগে। ভাষা, ধৰ্ম, সংস্কৃতি আদিৰ ক্ষেত্ৰত সমাজৰ লোকৰ মনত সৃষ্টি হ’ব পৰা বিসংগতিৰ ভাব দূৰ কৰাত তেওঁ সহায়ক হৈ উঠিব লাগে।
সমাজৰ বিভিন্ন সাংস্কৃতিক ক্ৰিয়া-কলাপত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো অতি প্ৰয়োজন। ইয়াৰ প্ৰতি তেওঁৰ আগ্ৰহহীনতা অথবা উদাসীনতা শিক্ষকৰ সামাজিক ব্যক্তিত্ব গঠনৰ দিশত বিশেষ ক্ষতিকাৰক। ইয়াৰ পৰিৱৰ্তে তেওঁ প্ৰয়োজন অনুসৰি সামাজিক ক্ৰিয়াৰ নেতৃত্ব দিব লাগে। তাৰ যোগেদি সমাজৰ জটিল পৰিস্থিতিত সৰ্বসাধাৰণ লোকসকলক সুপথে পৰিচালিত কৰিব লাগে।সমাজ আৰু সম্প্ৰদায়ৰ মাজত থকা নিৰক্ষৰ প্ৰাপ্তবয়স্ক লোকসকলৰ শিক্ষা আৰু সুস্থ-সুন্দৰ জীৱন-যাপনৰ দায়িত্বও শিক্ষকে গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে স্কুলক সামাজিক শিক্ষা কেন্দ্ৰ একোটাত পৰিণত কৰিব পাৰি। নিৰক্ষৰ প্ৰাপ্তবয়স্কসকলক সাক্ষৰতা দান কৰা, স্বাস্থ্য-ৰক্ষাৰ নীতি পালনৰ শিক্ষা দিয়া আৰু আজৰি সময়ৰ বাবে সুস্থ মনোৰঞ্জনৰ ব্যৱস্থা কৰা আদি কাৰ্যসূচী ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি।বৰ্তমান সমাজৰ বাবে অচল আৰু অপ্ৰয়োজনীয় হৈ পৰা পুৰণি ৰীতি-নীতি আদিৰ সংস্কাৰ সাধনত শিক্ষকে এক গঠনাত্মক ভূমিকা গ্ৰহণ কৰিব পাৰে। মানুহৰ মনৰ কু-সংস্কাৰ, ধৰ্ম-সংকীৰ্ণতা, অন্ধবিশ্বাস আৰু এই সম্বন্ধীয় অজ্ঞতা তেওঁ বহু পৰিমাণে গুচাব পাৰে। ইয়াৰ বাবে সমাজৰ লোকসকলৰ মাজত চিন্তা-চৰ্চা, আলোচনা চক্ৰ, কথিকা আদি অনুষ্ঠিত কৰি শিক্ষকে আগভাগ ল’ব লাগে।ছাত্ৰৰ বাবে প্ৰস্তুত কৰা সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীত সমাজসেৱা আৰু সামাজিক ক্ৰিয়াৰ বিবিধ আঁচনি আৰু কাৰ্যসূচী শিক্ষকে গ্ৰহণ কৰিব লাগে। প্ৰাকৃতিক দুৰ্যোগ আৰু বিপৰ্যয়ৰ বেলিকা ছাত্ৰৰ সাহায্য আঁচনি, ৰেডক্ৰচ আৰু জাতীয় শিক্ষাৰ্থী বাহিনী, সামাজিক আৰু সাম্প্ৰদায়িক উৎসৱ-পৰ্ব আৰু অনুষ্ঠান আদি সুপৰিচালনাৰ বাবে স্বেচ্ছাসেৱী বাহিনী আদি গঠন কৰিব পাৰে। সমাজ আৰু সম্প্ৰদায়ৰ লোকসকলক শিক্ষকে স্কুলৰ বাৰ্ষিক উৎসৱ উদ্‌যাপন আৰু এই সম্বন্ধীয় ক্ৰিয়া-কলাপত অধিকভাৱে জড়িত কৰি তুলিবলৈ চেষ্টা কৰিব লাগে। স্কুল প্ৰতিষ্ঠা দিৱস, শিশু দিৱস, শিক্ষক দিৱস, অভিভাৱক দিৱস, বন-মহোৎসৱ দিৱস, বিশ্ব-শান্তি দিৱস আদি পালনৰ বেলিকা সমাজৰ লোকসকলক সক্ৰিয়ভাৱে জড়িত কৰি তুলিব লাগে আৰু এই দিৱসসমূহ উদ্‌যাপনৰ তৎপৰ্য বুজাই দিব লাগে। শিক্ষকে স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলকো তেওঁলোকৰ সমাজ বা সম্প্ৰদায়ৰ অৰ্থনৈতিক আৰু বিত্তীয় জীৱনৰ লগত প্ৰত্যক্ষভাৱে পৰিচয় কৰাই দিয়াৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ একো-একোটা সৰু সৰু দল গঠন কৰি স্কুলৰ সমীপৱৰ্তী কল-কাৰখানা, শিল্পানুষ্ঠান, বাণিজ্য প্ৰতিষ্ঠান, ক্ষুদ্ৰ আৰু কুটিৰ শিল্পকেন্দ্ৰ, বিত্তীয় প্ৰশিক্ষণ কেন্দ্ৰ আদিলৈ লৈ যাব পাৰে। এইসমূহ তেওঁলোকে প্ৰত্যক্ষভাৱে দেখি শুনি সমাজৰ অৰ্থনৈতিক জীৱনৰ স্পষ্ট ধাৰণা লাভ কৰিব পাৰে আৰু ইয়াৰ পৰম্পৰা ৰক্ষা কৰি চলিবলৈ আগ্ৰহী হৈ উঠিব পাৰে। স্কুল প্ৰাংগণত বিভিন্ন সামাজিক ক্ৰিয়া অনুষ্ঠিত কৰিবলৈ আৰু স্কুলঘৰৰ বৈষয়িক সা-সুবিধা সমাজৰ লোকে উপভোগ কৰিব পৰালৈ শিক্ষকে লক্ষ্য ৰাখিব লাগে। বিশেষকৈ স্কুলৰ দীঘলীয়া বন্ধৰ সময়ছোৱাত সমাজৰ সকলো শ্ৰেণীৰ লোকে শিক্ষকৰ তত্ত্বাৱধানত স্কুলৰ পুথিভঁৰাল, পাঠাগাৰ, কৰ্মশালা, খেলপথাৰ আদিৰ সৎ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰোপৰি সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি বিভিন্ন উদ্দেশ্যত আয়োজন কৰা সভা-সমিতি আদি স্কুল প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ দি স্কুলক সামাজিক অনুষ্ঠানসমূহৰ অংশীদাৰ কৰি তুলিব পাৰে। সমাজ আৰু সম্প্ৰদায়বোৰৰ লোকৰ মাজত থকা কেতবোৰ কু-কৰ্ম, কু-অভ্যাস আৰু কু-খ্যাতি আদি দূৰ কৰাতো শিক্ষকে আগভাগ ল’ব পাৰে। উদাহৰণ স্বৰূপে মদ, ভাং, কানি আদি ৰাগিয়াল বস্তু খোৱা, জুৱা খেলা, টকা ধাৰ কৰা, বন্ধক দিয়া আদি অসামাজিক ক্ৰিয়াসমূহ বন্ধ কৰিবৰ বাবে শিক্ষকে আৱশ্যকীয় জনমত আৰু জন-আন্দোলন গঢ় দি তুলিব পাৰে। সমাজৰ নতুন পুৰুষে যাতে ধ্বংসমুখী পথ গ্ৰহণৰ পৰা বিৰত থাকে তাৰ প্ৰতিও তেওঁ সতৰ্ক দৃষ্টি ৰাখিব লাগে।
ওপৰত কৰা আলোচনাৰ পৰা এই কথা স্পষ্ট হয় যে শ্ৰেণীৰ ছাত্ৰসকলতকৈও সমাজ আৰু সম্প্ৰদায়ৰ লোকৰ প্ৰতি শিক্ষকৰ অধিক গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লগা আছে। সমাজৰ প্ৰতি শিক্ষকৰ এই দায়বদ্ধতা বৰ্তমান অধিকভাৱে অনুভৱ কৰি উঠা হৈছে। জাতি গঠন আৰু দেশ গঠনত শিক্ষকৰ ভূমিকাৰ তাৎপৰ্যও এইখিনিতেই। শিক্ষকৰ এই সামাজিক দায়িত্বৰ কথা আমাৰ দেশৰ শিক্ষা আয়োগ কেইখনতো ভালদৰে প্ৰতিফলিত হৈ উঠিছে। অৱশ্যে এই প্ৰসংগত সামৰণিত এই কথাও উল্লেখযোগ্য যে সমাজৰ প্ৰতি থকা শিক্ষকৰ এই দায়বদ্ধতা তেওঁ গভীৰভাৱে অনুভৱ কৰাৰ লগতে সমাজ আৰু ৰাষ্ট্ৰইও শিক্ষকৰ কল্যাণৰ প্ৰতি এক দায়বদ্ধতাৰ ভাব অনুভৱ কৰাটো প্ৰয়োজন। মন কৰিবলগীয়া যে ওপৰত উল্লেখ কৰা শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য যথোচিতভাৱে পালনৰ বাবে তেওঁক সমাজ ৰাষ্ট্ৰই কৰ্তৃত্ব, ক্ষমতা আৰু প্ৰয়োজনীয় সা-সুবিধা দিয়া উচিত। সমাজৰ সৰ্বসাধাৰণৰ লোকৰ চকুত শিক্ষকৰ ব্যক্তিত্বৰ প্ৰতিচ্ছবি শক্তিশালী কৰি গঢ়ি তুলিব পাৰিলেহে মাথোন ই সম্ভৱ হৈ উঠিব পাৰে। ইয়াৰ বাবে এক জাতীয় জাগৰণৰো প্ৰয়োজন।
শিক্ষকৰ ভূমিকা প্ৰসংগত সমসাময়িক নতুন দৃষ্টিপাত:
সময়ৰ পৰিৱৰ্তনৰ লগে লগে শিক্ষাৰ বিভিন্ন ধাৰণা সলনি আৰু পুনৰ মূল্যায়ন হোৱাৰ লগতে শিক্ষক আৰু তেওঁৰ শিক্ষকতাৰ পুৰণি ধাৰণাও অৰ্থপূৰ্ণভাৱে পৰিৱৰ্তন হৈ উঠিছে। বৰ্তমান শিক্ষাত শিক্ষকৰ ব্যক্তিত্ব আৰু তেওঁৰ ভূমিকাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। কিন্তু তেনে ব্যক্তিত্বৰ প্ৰভাৱ হৈছে মনোবৈজ্ঞানিক বিধৰ আৰু ভূমিকা হৈছে পৰোক্ষ বিধৰ। শিক্ষকৰ শক্তিশালী ব্যক্তিত্বৰ ওচৰত ছাত্ৰ নতমস্তকভাৱে আত্মসমৰ্পিত হোৱা পুৰণি ধাৰণা বৰ্তমান গ্ৰহণযোগ্য নহয়। ছাত্ৰৰ ব্যক্তিত্বৰ আত্মপ্ৰকাশৰ বাবে শিক্ষকে প্ৰদান কৰা গঠনাত্মক স্বাধীনতাৰ ওপৰতহে বিশ্বাস কৰা হয়। ছাত্ৰ-অনুশাসনৰ দিশত প্ৰয়োগ কৰা এনে স্বাধীনতা বাহ্যিক হোৱাৰ পৰিৱৰ্তে আভ্যন্তৰীণ আৰু নিজ বিবেক-পৰিচালিত হোৱাটো কামনা কৰা হয়। শিক্ষকক এজন নিৰ্দেশক, বন্ধু আৰু পথ-প্ৰদৰ্শক স্বৰূপেহে বিবেচনা কৰা হয়, তেওঁক সৰ্বময় কৰ্তা আৰু শক্তিশালী প্ৰশাসক স্বৰূপে নহয়। মণ্টেচৰী স্কুলত সেয়েহে শিক্ষকক এগৰাকী নিৰ্দেশিকা স্বৰূপে আখ্যা দিয়া হয়।
শিক্ষকৰ ভূমিকাৰ ফালৰ পৰাও বৰ্তমান তেওঁ প্ৰত্যক্ষ ভূমিকা গ্ৰহণৰ পৰিৱৰ্তে পৰোক্ষ ভূমিকা লোৱাটোহে কামনা কৰা হয়। পুৰণি কালত শিক্ষণ-সঁজুলিৰ ধাৰণা শিক্ষকৰ বাবে সমূলি অপৰিচিত আছিল। শিক্ষণ-সঁজুলিৰ অভাৱত শিক্ষকৰ প্ৰত্যক্ষভাৱে দিয়া মৌখিক শিক্ষাদানেই আছিল শিক্ষাগ্ৰহণৰ একমাত্ৰ সম্বল। ছপাশালৰ অভাৱত শিক্ষাৰ ন্যূনতম সঁজুলি স্বৰূপে কিতাপৰ প্ৰয়োগো সম্ভৱ হোৱা নাছিল। সেয়েহে মৌখিক উচ্চাৰণ আৰু তাৰ স্মৃতি ৰক্ষাৰ যোগে মানুহৰ জ্ঞান বংশানুক্ৰমে সংৰক্ষিত আৰু উত্তৰপুৰুষলৈ সম্প্ৰসাৰিত হৈ আহিছিল। বৰ্তমান এই অৱস্থাৰ দৰ্শনীয় পৰিৱৰ্তন সাধিত হৈছে।
বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ নতুন নতুন উদ্ভাৱনে উন্নত শিক্ষণ-সঁজুলি প্ৰয়োগৰ প্ৰচুৰ সম্ভাৱনীয়তা আনি দিছে। দৃশ্য-শ্ৰাব্য সঁজুলিসমূহৰ প্ৰয়োগে প্ৰত্যক্ষভাৱে দিয়া পূৰ্বৰ মৌখিক শিক্ষাদান পদ্ধতি সলনি কৰি পৰোক্ষভাৱে শিক্ষাদানৰ বৰ্তমান ব্যাপক ব্যৱস্থা কৰা হৈছে। উন্নত নতুন নতুন শিক্ষণ-সঁজুলিৰ উদ্ভাৱন আৰু তাৰ প্ৰয়োগকৰণ সম্বন্ধে বৰ্তমান শিক্ষাত এক নতুন বিষয়ৰ গঢ় লৈ উঠিছে যাক শিক্ষা-প্ৰযুক্তি বিদ্যাস্বৰূপে জনা যায়। আজিৰ শিক্ষকে সেয়েহে শিক্ষাৰ নিৰ্দেশনামূলক সঁজুলিসমূহৰ প্ৰয়োগ কৌশলৰ লগত ভালদৰে পৰিচিত হ’ব লাগে।
শিক্ষাত বৰ্তমান সমাজ-বিজ্ঞানৰ ধাৰণাই শিক্ষকৰ প্ৰভাৱ আৰু তেওঁৰ কাৰ্য-পৰিসৰৰ এক নতুন অধ্যায় ৰচনা কৰি তুলিছে। আধুনিক শিক্ষাই সামাজিক প্ৰয়োজন পূৰণৰ বাবে এক বহল সামাজিক পটভূমিত বিবেচনা কৰা হয়। স্কুলৰ ক্ৰিয়াকলাপ আৰু কাৰ্য-আঁচনি সমাজৰ বিকাশৰ বাবেই প্ৰস্তুত কৰা প্ৰয়োজনীয় আঁচনি স্বৰূপে গ্ৰহণ কৰা হয়। শিক্ষকসকল কেৱল মাথোন স্কুলৰেই নহয়, এখন সমাজ বা সম্প্ৰদায়ৰো নেতা বা পৰিচালক স্বৰূপে গণ্য কৰা হয়। সমাজৰ কণ কণ শিশুসকলৰ শিক্ষা বিকাশৰ দায়িত্ব লোৱাৰ উপৰিও তেওঁলোকে সেই সমাজ বা সম্প্ৰদায়ৰ নিৰক্ষৰ মুনিহ-তিৰোতাক সাক্ষৰতা দান কৰি সুস্থ-সুন্দৰ জীৱন-যাপনৰ দায়িত্বও গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে স্কুলক প্ৰকৃত অৰ্থত এখন সমাজ উন্নয়ন কেন্দ্ৰত পৰিণত কৰি তুলিব লাগে। বৰ্তমান স্কুলক সেয়েহে এখন বিশেষ সমাজ বা সম্প্ৰদায় স্বৰূপে গণ্য কৰা হয়। সমাজৰ সকলো ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বিষয় আৰু এই সম্বন্ধীয় সমস্যা আৰু দায়িত্ব পালনৰ নেতৃত্ব শিক্ষকেই গ্ৰহণ কৰিব লাগে। উল্লেখযোগ্য যে ৰাজনৈতিক আৰু ধৰ্মীয় নেতাসকলৰ নেতৃত্ব সমাজৰ সকলো শ্ৰেণী আৰু সম্প্ৰদায়ৰ লোকৰ বাবে সমানে গ্ৰহণযোগ্য হৈ উঠিব নোৱাৰে। সেইবাবে শিক্ষকৰ ব্যক্তিত্ব আৰু তেওঁৰ নিৰপেক্ষ নেতৃত্বৰ প্ৰভাৱ সমাজৰ সকলো লোকৰ বাবেই কাম্য। শিক্ষকৰ এনেবোৰ সামাজিক ভূমিকাই বৰ্তমান শিক্ষক আৰু শিক্ষকতাৰ এক নতুন অৰ্থ প্ৰদান কৰি তুলিছে। ইয়াক ছাত্ৰ, শিক্ষক আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকেই গভীৰভাৱে অনুভৱ কৰি উঠাটো প্ৰয়োজন হৈ পৰিছে।


২/ শ্ৰেণীকোঠাত শিক্ষকৰ ভূমিকা

                                
গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈশ্ৰী গুৰুৱে নমঃ।”
গুৰু তূল্য শিক্ষক সকল পৰম আৰাধ্য আৰু চিৰনমস্য। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ অৰ্থাৎ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা গুৰুজন। গুৰু পৰম ব্ৰহ্ম। তেওঁৰ চৰণত শতকৌটি প্ৰণাম। তেওঁ ঈশ্বৰ সদৃশ। তেওঁ সৰ্বজ্ঞ। ঈশ্বৰ এনে এক সত্তা যাৰ মাজত চৰাচৰ জগতৰ সৰ্বকালৰ অনন্ত বিষয় ৰাজিৰ শুদ্ধ আৰু বিশ্লেষিত ৰূপ অন্তনিৰ্হিত থকাৰ এক সামাজিক ধাৰণা প্ৰোথিত হৈছে যুগ যুগ ধৰি। ঈশ্বৰে সকলো জানে, সকলো দেখে। মানুহৰ মনৰ অভ্যন্তৰীণ খোকোজাবোৰো ঈশ্বৰৰ নখ দৰ্পনত বুলি আমাৰ বিশ্বাস।
শিক্ষকসকল  ঈশ্বৰৰ তূল্য বুলি গণ্য কৰা হয়। তেওঁলোকে সকলো কথা জানে বুলিয়েই ছাত্ৰসকলৰ এক স্থিৰ ধাৰণা থাকে। উদাহৰণ স্বৰূপে, এজন ছাত্ৰৰ বহীত এজন শিক্ষকে ভুলতে ভুল উত্তৰ এটাত শুদ্ধ চিন দিলে, সেয়া লাগিলে একে একে দুই নহৈ তিনিয়েই হওক। ছাত্ৰজনৰ ঘৰত অভিভাৱকে অনেক বুজোৱাৰ পিছতো তেওঁ মান্তি নহয়। ‘চাৰৰ ভুল হ’ব নোৱাৰে’, এনে এক ধাৰণা সকলোৰে থাকে সৰুৰে পৰাই। ছাত্ৰসকল যদি সমাজৰ মেৰুদণ্ড, তেন্তে শিক্ষকসকল সেই সমাজৰ বাটকটীয়া। শিক্ষক আৰু ছাত্ৰৰ শিক্ষানুৰাগী সম্বন্ধৰ ভেটি সুদৃঢ় ৰূপত গঢ় লয় শ্ৰেণীকোঠাৰ পাঠদান আৰু আলোচনা ধৰ্মী বিশ্লেষণাত্মক দৃষ্টিভংগীৰে।

সৃষ্টি কৰ্তাৰ পৰম বিস্ময় মানৱ জাতিৰ উত্তৰণত শিক্ষাৰ প্ৰাদুৰ্ভাৱ অতুলনীয়। শ্ৰেণীত এজন শিক্ষকৰ ভূমিকা শিক্ষাৰ্থীৰ অদূৰ ভৱিষ্যতৰ দিকদৰ্শনত বিশেষ ভাৱে তাৎপৰ্য পূৰ্ণ। গুৰু-শিষ্যৰ সুনিপুন সমাহাৰত সমাজ এখনে পূৰ্ণতা লাভ কৰে। এই যুটিৰ সামান্য হেৰফেৰ হ’লেই অনেক বেমেজালিৰ সৃষ্টি হ’ব পাৰে। তেনে অৱস্থাৰ বাবে কেৱল সময় অথবা সমাজক দোষাৰোপ কৰিব নোৱাৰি। সময়ৰ সোঁতৰ দিশ নিৰ্ণয় কৰিবলৈও শিক্ষকসকলেই শিকাব লাগে। সেই সোঁত নিজৰ অধিনলৈ অনাৰ কৌশল ছাত্ৰসকলে শিক্ষকৰ পৰাই শিকে। মুঠতে ছাত্ৰ আৰু শিক্ষক একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। ইটোক বাদ দি সিটোৰ অস্তিত্ব শূন্য।
জীৱন-জীৱিকাৰ লগতে সমাজত বসবাস কৰা লোকখিনিয়ে ব্যক্তিগত নৈতিকতা – তাক অনুসৰণ কৰি চলাৰ বিষয়েও ভৱিষ্যত প্ৰজন্মক শিক্ষাৰ জৰিয়তে প্ৰস্তুত কৰি তুলিব লাগিব৷ এইক্ষেত্ৰত নৈতিক শিক্ষা আৰু মূল্যবোধৰ শিক্ষাৰ বিষয়ে ছাত্ৰ-ছাত্ৰী সকলক শ্ৰেণীৰ পাঠদানৰ মাধ্যমেৰে  শিক্ষা দি ভৱিষ্যত জীৱনত এইবোৰ প্ৰয়োগেৰে পূৰ্ণ মানৱ হ’ব পৰাৰ ক্ষেত্ৰত মানসিক ভাৱে সৱল কৰি তুলিব পাৰে প্ৰকৃতাৰ্থত এজন শিক্ষকে।ভাল-বেয়া, সৎ-অসতৰ উপলব্ধি কিদৰে সম্ভৱ সেইকথাও শিক্ষাদাতাই ছাত্ৰ-ছাত্ৰীক শিকাব লাগিব৷ মানুহৰ জীৱন আৰু লক্ষ্য সৎ আৰু মহৎ হ’ব লাগিব; সেইদৰে  বাছি লোৱা বৃত্তিও সৎ আৰু উদ্দেশ্যপূৰ্ণ হ’ব লাগিব৷ ব্যক্তিস্বাৰ্থ পূৰণত সমূহীয়া স্বাৰ্থ বিঘিন্ন হ’লেই সি বেয়া বুলি গণ্য হ’ব; আৰু কাৰোবাৰ কিবা কথা আৰু কামে অন্য ব্যক্তিৰ অপকাৰ হোৱাটোক বেয়া বা অসৎ ৰূপত গণ্য হ’ব৷ শিক্ষকসকল যিহেতু ছাত্ৰ-ছাত্ৰীৰ আদৰ্শ স্বৰূপ সেয়েহে তেওঁলোকেই প্ৰথমে ৰুচিবান আৰু নিষ্ঠাবান হোৱা উচিত৷ আধুনিক শিক্ষাতত্ত্বত প্ৰফেশ্যনেল্ এথিকচ্ কেবল শিক্ষকৰ ক্ষেত্ৰতহে প্ৰযোজ্য বুলি কৈছে যদিও ই সকলোধৰণৰ বৃত্তিধাৰী লোকৰ ক্ষেত্ৰতে প্ৰযোজ্য৷ খেতিয়ক, বেপাৰী, চৰকাৰী চাকৰিয়াল, বনুৱা, জনপ্ৰতিনিধি কোনো এই নিয়মৰ বৰ্হিভূত নহয়৷ প্ৰকৃতি জগতখনত এই প্ৰফেশ্যনেল এথিকচ্ বৰ্ত্তি থকাৰ বাবে গ্ৰহে গ্ৰহে সংঘৰ্ষ হোৱা নাই; চন্দ্ৰ-সূৰ্য-বায়ুৱে প্ৰকৃতিৰ নিয়ম উলঙ্ঘা কৰি খুচিমতে চলা নাই৷ মানুহ জীৱশ্ৰেষ্ঠ হোৱা বাবেই জ্ঞানৰ মাপকাঠিৰে যুক্তিৰ আধাৰত নিজ নিজ কৰ্তব্য সম্পাদন কৰি দেশৰ আৰু দহৰ কল্যাণত নিজক নিয়োজিত কৰিলেহে তেওঁ নিজৰ প্ৰফেশ্যনেল এথিকচ্ মানি চলা হ’ব৷ তেতিয়াই তেনে এখন সমাজ সংযত, কল্যাণকামী, সৰ্বাঙ্গসুন্দৰ আৰু আদৰ্শবাদী সমাজ ৰূপে গণ্য হ’ব৷ প্ৰফেশ্যনেল এথিকচ্ মানি চলা সমাজ এখনত তোষামোদৰ স্থান নেথাকিব, ঘোচ-ঘাচলিৰ প্ৰশ্ন নুঠিব, পৰৰ মুখৰ গৰাহটো কাঢ়ি খোৱাৰ মানসিকতাৰ কাহানিও উদ্ভৱ নহ’ব৷ একেখন নাৱৰ যাত্ৰীৰূপে সকলোৰে দুখত দু:খী, সুখত সুখী।

মানুহে নিজৰ ভাগ্যখনক নিজেই গঢ় দিয়াৰ কথা কওঁতে; পৰক মাৰি নিজে ভাগ্য গঢ়াৰ কথা নিশ্চয় কোৱা নাই৷ মানুহৰ দহোটা আঙুলি সমান নহ’ব পাৰে – সিও সঁচা পিছে সৃষ্টিকৰ্তাই অতি বিৰূপভাৱেও ইবোৰক দীঘল-চুটি কৰা নাই বৰং সৌন্দৰ্য ৰক্ষাৰ বাবে হ্ৰস্ৰ-দীৰ্ঘৰ সীমা ৰাখিহে সৃষ্টি কৰিছে৷ মানুহৰ জীৱন-দৰ্শনতো এই সত্য প্ৰযোজ্য৷ এনেবোৰ জ্ঞান সমাজত প্ৰচাৰ কৰোঁতা, জ্ঞানৰ গৰাকী শিক্ষক সমাজেই হ’ব লাগিব৷ বিদ্যালয়ত বৰ্ণজ্ঞান দিওঁতা শিক্ষকৰ বাদেও পিতৃ-মাতৃ, বয়োজ্যেষ্ঠসকল, আধ্যাত্মিক দিশৰ জ্ঞান দিওঁতাসকল শিক্ষকৰ সমতুল্য৷ এনে কৰিবলৈ যাওঁতে, প্ৰাচীন ঋষি-মুনিয়ে শিষ্যসকলক দিয়া জ্ঞানৰ কথা মনত ৰাখি পাঠদানৰ সময়ত উচ্চাৰণ কৰিব লাগিব উপনিষদৰ বাণী; যথা- “ওঁ সহনাববুত৷ সহ নৌ ভুনক্ত৷ সহবীৰ্য্যং কৰবাবহৈ৷ তেজস্বীনামবধীমস্ত৷ মা বিদ্বিষাবহৈ৷ ওঁম্ শান্তি:, ওঁম্ শান্তি:, ওঁম্ শান্তি:৷৷” শিক্ষাবিদসকলে কৈ আহিছে ঘৰেই শিশুৰ আচল শিক্ষাৰ ঠাই৷  সৰুৰে পৰা শিশুৱে ঘৰৰ মানুহখিনিৰ বাদেও, সমাজৰ সমনীয়া, বয়োজ্যেষ্ঠ লোকসকলৰ আচাৰ-আচৰণ, কথা-বতৰা, ব্যৱহাৰ আদি অনুকৰণ কৰি শিক্ষা আহৰণ কৰে৷ ৰুচিবান আৰু সংহত সমাজ এখন শিশুৰ আদৰ্শৰ প্ৰতিভূ হ’ব পাৰে৷ 
 শিক্ষাদান কৰা অৰ্থতে যি শিক্ষাদান কৰে – বিদ্যালয় অথবা ব্যক্তিৰ গৃহত তেওঁকে শিক্ষক বুলি কোৱা হয়৷ এইক্ষেত্ৰত বিদ্যালয় গৃহত শিক্ষকৰ ভূমিকা বিশেষ ভাৱে অনুকৰণীয় হোৱা উচিত।প্ৰাচীন কালত ঋষি-মুনিসকলে শিক্ষাদাতা গুৰুৰ বাহিৰেও প্ৰকৃতি জগতৰ বিভিন্ন জীৱ-জন্তু আদিকো গুৰুস্থানত ৰাখিছিল আৰু সিবিলাকৰ পৰা শিক্ষা আহৰণ কৰাৰ উপদেশ দিছিল৷ ধৈৰ্য গুণ ধৰিত্ৰীৰ পৰা, গভীৰ মন:সংযোগ কণামুচৰি পখীৰ পৰা, গছ-গছনিৰ পৰা সহনশীলতা, বুদ্ধিমত্তাকে ধৰি কাউৰিৰ পৰা পাঁচোটা গুণ, সাগৰৰ পৰা গাম্ভীৰ্য, পদুমৰ পৰা নিষ্কলুষ গুণ আহৰণৰ উপদেশ দিছে৷ এইবোৰ একপ্ৰকাৰ গুৰুসদৃশ জ্ঞানদাতা৷ আধুনিক শিক্ষাতত্ত্বত শিক্ষকৰ থাকিবলগীয়া ১৬টা গুণৰ নিৰ্দেশনা দিলেও, আমি ইয়াৰে দহোটা গুণকহে গুৰুত্ব আৰোপ কৰিছোঁ।
 আজি পিছে শিক্ষকৰ গাত এনেবোৰ গুণ একেলগে বিচাৰি হতাশ হ’ব লাগিব৷ তেনেহ’লেও এনে কিছুমান গুণ শিক্ষকৰ থকা উচিত, যাৰ দ্বাৰা তেওঁ সমাজৰ আকৰ্ষণৰ পাত্ৰ আৰু সন্মানৰ আসনত প্ৰতিষ্ঠিত হ’ব পাৰে৷ আজিৰে পৰা দুকুৰি বছৰ আগলৈকে শিক্ষকসকলৰ সমাজত যি মান আৰু মৰ্যাদা আছিল; আজিকালি তেওঁলোক সেই স্থানত নাই৷ সেইখিনি সময়লৈকে শিক্ষকক যথেষ্ট সন্মান আৰু আদৰ কৰা হৈছিল৷ শিক্ষকসকল, সমাজৰ তুচ্চ-তাচ্ছিল্যৰ পাত্ৰ হোৱা নাছিল৷ আজিকালি শিক্ষক মানেই শ্ৰেণীত ছাত্ৰ-ছাত্ৰীক পঢ়াই-শুনাই, নোটচ্ লিখি দি, পৰীক্ষাত আহিব পৰা সাম্ভাৱ্য প্ৰশ্নৰ বাছনি কৰি পাচ কৰাই দিয়া একোজন ব্যক্তি বুলিহে ভাবে৷ 
শ্ৰেণীত শিক্ষকৰ ভূমিকা বিশেষ ভাৱে আলোচনাৰ যোগ্য। বিদ্যালয়ত পঢ়ি থকালৈকে ছাত্ৰ-ছাত্ৰীয়ে যেনেতেনে সন্মানকণ যাচে – পিচে বন্ধু তথা পথ প্ৰদৰ্শক বুলি শিক্ষকক মুঠেও নেভাবে৷ তেওঁলোক ছাত্ৰ-ছাত্ৰীসকলৰ আদৰ্শ স্থানীয়ও নহয়৷ আজিৰ ছাত্ৰ-ছাত্ৰী কাইলৈ দেশৰ নাগৰিক হ’ব৷  প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে সমাজৰ এজন হৈ সমাজ পৰিচালনাও কৰিব লাগিব৷ একোখন সমাজত ভিন্ন চিন্তাৰ, ভিন্ন ধ্যান-ধাৰণাৰ লোক থাকিবই৷ এই লোকসকলক একত্ৰে ৰাখিবলৈ, সমাজখনিক সংহত ৰূপ দিবলৈ প্ৰায়োগিক জ্ঞানৰ প্ৰয়োজন হ’ব৷ যিসকলে আদৰ্শস্থানীয় ব্যক্তিৰ পৰা, শিক্ষকৰ পৰা এনে শিক্ষা সৰুকালতে আয়ত্ব কৰে; তেওঁলোক সমাজ পৰিচালনাত সমৰ্থ হয় আৰু অগ্ৰগণ্য ব্যক্তিৰূপে স্বীকৃতি লাভ কৰে৷ কিন্তু অভিজ্ঞতাই প্ৰমাণ কৰিছে আজিৰ শিক্ষকসকলৰ সিংহভাগেই ধনৰ পিছত দৌৰা বস্তুবাদী ব্যক্তিৰূপে পৰিগণিত হৈছেগৈ৷ দৰমহাৰ বাবেহে তেওঁলোকে বিদ্যালয়লৈ গৈ আছে – এনে ধাৰণাৰ বশবৰ্ত্তী হৈছে সমাজখন৷ শিক্ষকৰ বিৰুদ্ধে কাকতে-পত্ৰে কটু সমালোচনা কৰাও দেখা গৈছে৷ সমাজত প্ৰচলিত হ’ব ধৰা এই ধ্যান-ধাৰণা সলনি কৰাৰ দায়িত্বও শিক্ষক সমাজৰে৷ শিক্ষকৰ চাল-চলন, আচাৰ-ব্যৱহাৰ, আদৰ্শই সমাজ গঢ়াৰ পথত দিশ নিৰ্দেশনা দিয়াত সফল হ’ব পৰা নাই, সমাজৰ এনে ধাৰণাৰো সলনি কৰিব লাগিব শিক্ষক সমাজে নিজেই৷

প্ৰত্যেকৰে জীৱনৰ প্ৰথম গুৰু পিতৃ-মাতৃ। কিন্তু শিক্ষক সকলেও শিক্ষানুস্থানত শিক্ষাৰ্থীৰ গুৰুৰ আসন গ্ৰহণ কৰি ছাত্ৰ ছাত্রীক জীৱন দৰ্শনৰ শিক্ষা দিয়ে। আচলতে মাতৃ গৰ্ভতে এটি মানৱ ভ্ৰুণে জীৱনৰ আদিপাঠ শিকি পেলায়। নহ’লেনো অভিমন্যুৱে বেহুৰ পৰা ওলোৱাৰ বাট বিচাৰি নাপায়নে ? আৰু জীৱন আৰু লক্ষ্যৰ শিক্ষা দিয়ে শিক্ষকে। মাক-দেউতাক সকলোৰে জীৱনৰ প্ৰথম শিক্ষক। হাতৰ আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকোৱাৰ পৰাই আৰম্ভ হয় মানুহৰ জীৱনৰ শিক্ষা নামৰ এবিধ প্ৰধান আৰু এৰাব নোৱাৰা পদ্ধতিৰ। শুদ্ধ সংস্কাৰেৰে জীৱনৰ কঠিন বাট অতিক্ৰম কৰি মৃসন দলিছা পৰাৰ কৌশল শিকোৱাটো পিতৃ-মাতৃৰ কৰ্তব্য আৰু দায়বদ্ধতা আৰু এই দায়ৱদ্ধতাক বিশেষ ৰূপ দিয়ে শিক্ষকে।

“ছাত্ৰানং অধ্যয়নং তপঃ”, অৰ্থাৎ ছাত্ৰৰ অধ্যয়নেই তপস্যা। ছাত্ৰাৱস্থা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ। যদিও শিকনৰ কোনো নিৰ্ধাৰিত সময় নাই, তথাপি আনুস্থানিক শিক্ষাৰ বাবে থাকে নিৰ্দিষ্ট সময়সীমা। এইছোৱা সময়তেই জীৱনৰ ভেঁটি নিকপকপীয়াকৈ বান্ধি লোৱা ভাল। ভেঁটি মজবুত হ’লে, খোপনি ভালকৈ পুতিলে জীৱনৰ জটিলতা হ্ৰাস পায়। নম্বৰ কেন্দ্ৰীক শিক্ষাই কু-প্ৰভাৱ পেলায়। নম্বৰ কেতিয়াও জ্ঞানৰ মাপকাঠি হ’ব নোৱাৰে। কম নম্বৰ পোৱাজনে বেছি নম্বৰ পোৱা জনতকৈ দুটা কথা বেছিকৈ জানিব পাৰে। বেছি নম্বৰ পোৱা বাবেই জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱা নুবুজায়। সেইবুলি সকলো অধিক নম্বৰ পোৱা ছাত্ৰ জ্ঞানশূণ্যও নহয়।অধ্যয়নে জ্ঞান অৰ্জনৰ পথ প্ৰশস্ত কৰে। অনুসন্ধিৎসু মনত জ্ঞানৰ পোহৰ বিলায়। নজনা কথা জনাৰ আগ্ৰহ বৃদ্ধি পায়। অধ্যয়ন ছাত্ৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় অংগ।

অৱশ্যে এইখিনিতে কেইবাটাও প্ৰশ্নৰ উদ্ভৱ হয় । প্ৰশ্নবোৰ এনেধৰণৰ- ভাল শিক্ষক কোনজন ? ভাল ছাত্ৰ কোনজন ? কেৱল স্কুল-কলেজত চাকৰি কৰা সকলেই শিক্ষকনে ? সত্যবাদিতা, যোগ্যতা, আকৰ্ষণীয় ব্যক্তিত্ব, পিতৃ-মাতৃৰ দৰে যত্নপৰ, প্ৰতিটো খোজতে সহায় কৰোঁতা, বিষয়ৰ দক্ষতা, বাকপটুতা, দায়বদ্ধতা আদি এজন শিক্ষকৰ সাধাৰণতে থাকিবলগীয়া গুণ বুলি ধৰা হয়। শিক্ষকৰ গুণাগুণ নিৰ্ধাৰণ কৰে ছাত্ৰই। শিক্ষানুষ্ঠানৰ চাকৰিয়াল সকলেই যে শিক্ষক সেই ধাৰণাও সমিচীন নহয়। উদাহৰণ স্বৰূপে, নাতিনীয়েকে যদি আইতাকতকৈয়ো সোৱাদ লগাকৈ মাটিমাহৰ খাৰখন ৰান্ধিব জানে, তেন্তে সেয়া আইতাকৰ সফলতা। মাকতকৈও ধুনীয়াকৈ চুৱেটাৰ গুঠিব জনা ছোৱালীজনীৰ বাবে মাকেই ভাল শিক্ষক। আনহাতে এজন ভাল ছাত্ৰও সদায় অনুসন্ধিৎসু, সজাগ, প্ৰয়োজন সাপেক্ষে ভাবুক, বোধশক্তি জাগি থকা, যৎপৰোনাস্তি চেষ্টাৰ ত্ৰুটী নকৰা, সকলো সময়তে কিবা এটা জনাৰ বাবে আগ্ৰহী, নিয়মানুবৰ্তিতা মানি চলা, সঁচাৰ আশ্ৰয়ক গুৰুত্ব দিয়া ধৰণৰ হ’ব লাগে। এইসমূহ গুণে এজন ছাত্ৰক শিক্ষকৰ কাষ চপাই নিয়ে।
সামাজিক প্ৰমূল্যবোধৰ ধাৰণা সমাজৰ প্ৰতিজন সদস্যৰে থকা প্ৰয়োজন। আমি সামাজিক প্ৰাণী। সমাজৰ হিতসাধন আমাৰ প্ৰাথমিক চৰ্ত হ’ব লাগে। এইখিনিতে উজুটি খাই কথাবোৰ ছিটিকি পৰে। একক পৰিয়াল, আত্মকেন্দ্ৰীক মনোভাৱ আদিয়ে সামূহিক চেতনাত প্ৰভাব পেলায়। যাৰ ফলত অৱক্ষয়ৰ ছবি এখন স্পষ্ট হৈ ধৰা দিয়ে। নগৰমুখী ৰাইজৰ ‘গাঁৱলীয়া’ ধাৰণাবোৰেও ইন্ধন যোগায়। গাওঁবোৰ একে নাই যদিও গুৰিধৰোঁতা একোজন এতিয়াও আছে। বোকাৰ ফাললৈ হাউলি যোৱা বাঁহৰ লেকেচিডাল পোন কৰি বান্ধ এটা দিব পৰা নিয়ম-নীতিবোৰ এতিয়াও আছে। এই সামাজিক নিয়মবোৰেও আওবাটবোৰ পোনোৱাত সহায় কৰে। চহৰীয়া জীৱনৰ ব্যস্ততাক নিয়মৰ জৰীৰে বান্ধিব নোৱাৰি। ক’ৰবাত বান্ধবোৰ ঢিলা হৈছে, মুঠি টান কৰিলে হাতৰ বালি নোহোৱা হোৱাৰ ভয়। বিজ্ঞানৰ অত্যাধিক ব্যৱহাৰেও সমাজৰ পৰিবৰ্তনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। মোবাইল ফোন, সামাজিক মাধ্যমসমূহ, হাতৰ মুঠিতে পৃথিৱীখন পাব পৰা এই অভিনৱ যুগত নেতিবাচক দিশসমূহ ভয়াবহ যদিও ইতিবাচক কাৰকসমূহো অত্যন্ত শক্তিশালী। কিছুমান ক্ষেত্ৰত শিক্ষক অথবা অভিভাৱক সকলোৱেই নিৰুপায়। হয়তো এয়াই সময়ৰ আহ্বান।

এই কঠিন সময়টো শিক্ষকসকলে তপস্যাৰ জৰিয়তে লক্ষ্যস্থানলৈ গতি কৰাৰ পথ দেখুৱাই দিব পাৰে। জ্ঞানৰ জৰিয়তে সেই পথৰ উত্তৰণ ঘটে। উল্লেখযোগ্য যে, কেৱল শ্ৰেণীকোঠাৰ পাঠ্যক্ৰমত সেই জ্ঞান উপলব্ধ নহয়। জীৱনৰ বাটত অগ্ৰসৰ হ’বলৈ যি জ্ঞানৰ বিকাশে সহায় কৰে সেয়া সহজলভ্য নহয়। সেয়া সাধনাৰ উৎকৃষ্ট ফল। এইখিনিতে ক’ব পাৰি, প্ৰত্যেক শিক্ষিত মানুহেই জ্ঞানী নহ’বও পাৰে, অথবা প্ৰতিজন জ্ঞানীলোক উচ্চশিক্ষিত নহ’বও পাৰে। নিৰক্ষৰ জনেও জ্ঞানৰ পোহৰেৰে জীৱন উদ্ভাসিত কৰা অনেক উদাহৰণ এই সমাজত বিদ্যমান। সমাজত জ্ঞানীলোকৰ সমাদৰ সদায় অপৰিবৰ্তনীয়।
শিক্ষাই হৈছে মানৱ জীৱনৰ মূল ভেটি আৰু ঘৰখনেই হ’ল শিক্ষাৰ কঠীয়াতলী। তাৰ পিছতে স্থান পঢ়াশালিৰ। বৰ্তমান সময়ৰ সমাজ ব্যৱস্থা তথা যুগৰ পৰিৱৰ্তন, সমাজত ঘটি থকা বিভিন্ন ঘটনাৱলী আৰু শিক্ষা ব্যৱস্থাত সঘনাই সলনি হোৱা দৃশ্যপটে ছাত্র-ছাত্ৰীৰ ওপৰতো বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। বাতৰিকাকত তথা টেলিভিছন খুলিয়েই দেখা পোৱা অসামাজিক ঘটনা, হত্যা, ধর্ষণ, লুণ্ঠন আদিয়ে শিশুৰ মনতো কু-প্ৰভাৱ পেলায়।এইক্ষেত্ৰত  শিক্ষাদান তথা শ্ৰেণীত ছাত্র-ছাত্রীৰ সৈতে পাৰকৰা সময়খিনি বিশেষ মূল্যবোধ গঢ় দিয়াৰ সময় হিচাপে শিক্ষক সকলে গণ্য কৰিব লাগিব।
প্রযুক্তিবিদ্যাৰ উত্তৰণে সুফল যেনেকৈ আনিছে, তেনেকৈ কুৰ পৰিমাণো নগণ্য নহয়। সকলো কামৰে ভাল-বেয়া দুয়োটা দিশেই থাকে। দুয়োটা দিশেই জনা-বুজাও জৰুৰী আৰু চালি-জাৰিহে গ্ৰহণ কৰাটো উচিত। কিন্তু এইটো হয়তো মানৱ মনৰেই ব্যাধি যে আমি ভালটোতকৈ বেয়াটোক বেছি গুৰুত্ব দিওঁ বা বেছি সোনকালে গ্ৰহণ কৰোঁ। শিশু আৰু কৈশোৰ অৱস্থাত মনটো অনুসন্ধিৎসু তথা উৎসুক্যৰে ভৰি থাকে। বিশেষকৈ কৈশোৰ অৱস্থাটো হ’ল বয়ঃসন্ধিৰ সময়। এই সময়চোৱাত নজনা কথা জানিবলৈ, নেদেখা বস্তু চোৱাৰ উত্তেজনাই মনত বিৰাজমান কৰে। দৈহিক আৰু মানসিক পৰিৱৰ্তনে এওঁলোকৰ মনোজগতত সাংঘাতিকধৰণে প্ৰভাৱ পেলায়। যোৱা প্ৰায় ৮-৯ বছৰে জগতখনত বিভিন্ন ল’ৰা-ছোৱালীৰ লগত জড়িত হৈ থাকি লক্ষ্য কৰিছে যে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতেই তুলনামূলকভাৱে সমস্যাসমূহৰ পৰিমাণ বেছি। সময় যিমানে আগবাঢ়িছে, সিমানে যেন সমস্যাও বাঢ়ি গৈছে। আমি হয়তো বহুতেই ক’বলৈ বিচাৰোঁ যে আমাৰ সময়ত এনেকুৱা আছিল বা নাছিল। আচলতে আমি এনেকুৱা এটা সন্ধিক্ষণত আছো যে আমাৰ মনে আগৰ প্ৰজন্মৰ পুৰণি ৰীতি-নীতিবোৰ খামোচ মাৰি ধৰি থাকিবও নিবিচাৰে অথচ নতুন প্ৰজন্মৰ সকলোখিনি আধুনিকতা মানি ল’বও নোখোজে। মনত এটা অহেতুক ভয় সদা বিৰাজমান “কি হ’ব আমাৰ সন্তানসকলৰ ভবিষ্যৎ!!

এজন শিক্ষকৰ দৃষ্টিৰে চাবলৈ গ’লে আজিৰ যুগত গুৰু-শিষ্যৰ সম্পর্কটো আগৰ দৰে ‘দত্ত ছাৰ আহিছে বুলি ক’লে ভয়তে কঁপা বা ৰাস্তাত দেখিলে চাইকেলৰ (আজিকালি অৱশ্যে স্কুটাৰ বা বাইক) পৰা নামি দিয়াৰ সলনি বেছ বন্ধুত্বসুলভ হ’ল। এইটো এটা ধনাত্মক দিশ বুলিয়েই ক’ব পাৰি। আগতে বিদ্যালয়ৰ পাঠদানত শিক্ষকৰ জ্ঞানেই ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ সীমা নিৰ্ধাৰণ কৰিছিল। ভয় বা সংকোচতে হওক বহুত কমেইহে শ্ৰেণীকোঠাত ‘এইটো কিয় হয় কেনেকৈ হয় ইত্যাদি অতিৰিক্ত প্ৰশ্নৰ অৱতাৰণা কৰিছিল। কিন্তু এতিয়া খৰচী মাৰি অধ্যয়ন নকৰাকৈ, নির্দিষ্ট বিষয়ৰ শেহতীয়া বিতং তথ্য নজনাকৈ শ্ৰেণীকোঠাত পাঠদান দিবলৈ গ’লে শিক্ষকৰেই বিপদৰ আশংকা বেছি। বন্ধুত্বসুলভ আচৰণে বহুক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক পাঠৰ প্রতি আকৃষ্ট কৰাৰ উপৰি কেতিয়াবা ব্যক্তিগতভাৱে জনাৰ লগতে ছাত্র-ছাত্রীৰ কিছুমান সমস্যাও আলোচনা কৰাত সহায়ক হয়। আজিৰ প্রজন্ম ফেচবুক, হোৱাট্‌ছ্‌এপ, মোবাইলৰ ভিডিঅ' গেম তথা ইণ্টাৰনেটৰ প্ৰতি বিশেষভাৱে আসক্ত। এতিয়া আৰু কাঠৰ বোৰ্ডত কেৰমৰ গুটি মৰা বা ডাঠ কাগজত লুডু গুটি কোনেও খেলিব নিবিচাৰে। সকলো উপলব্ধ চতুর্ভুজাকৃতিৰ অকণমানি যন্ত্ৰটোত। গতিকে ইয়াৰ অপকাৰিতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক সময়ে সময়ে অৱগত কৰোৱাটো শিক্ষকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। অৱশ্যে তাৰ আগতে শিক্ষকজনো নিজেই সংযমী হ'ব লাগিব। ছাত্ৰ-ছাত্ৰীক মোবাইলৰ ভয়াৱহতাৰ বিষয়ে জ্ঞাত কৰি শিক্ষকজন নিজেই যদি ষ্টাফ ৰূমত বহি মোবাইল খুঁচৰি থকা ছাত্ৰ-ছাত্ৰীয়ে দেখে, তেন্তে সেই জ্ঞান কেতিয়াও ফলপ্রসূ নহয়।

শ্ৰেণীকোঠাত প্ৰতিজন ছাত্র-ছাত্রীকে বুজি পোৱাটো বা সমানে গুৰুত্ব দিব পৰাটোও শিক্ষকজনৰ বাবে এটা প্ৰত্যাহ্বান। শিক্ষাৰ অধিকাৰ আইন, ২০০৯ মতে এটি শ্ৰেণীকোঠাত ছাত্র-শিক্ষকৰ অনুপাত ৩০:১/8০:১ হ’ব লাগে। কিন্তু বৰ্তমানৰ বিদ্যালয়সমূহত বিশেষকৈ ব্যক্তিগত খণ্ডত মুনাফা লাভৰ বাবেই এটা শ্ৰেণীকোঠাত নির্দিষ্ট আনুপাততকৈ বহু বেছি ল’ৰা-ছোৱালীৰ নামভৰ্তি কৰোৱা হয়। গতিকে ৪০-৪৫ মিনিটৰ এটা ক্লাছত প্ৰত্যেক ছাত্ৰ-ছাত্ৰীক ব্যক্তিগতভাৱে গুৰুত্ব দিবলৈ বহুক্ষেত্ৰত অসুবিধা নোহোৱা নহয়। কোনো কোনো বিদ্যালয়ত এটা শ্ৰেণীকোঠাত ছাত্র-ছাত্ৰীৰ সংখ্যা ৭৫ চোৱেগৈ। অভিভাৱকসকলৰ নির্লিপ্ততাও ইয়াৰ এক অন্যতম কাৰণ। বিদ্যালয়ৰ ৰোষত পৰাৰ ভয়ত ‘হ’ব আৰু ঘৰতে চাম নতুবা টিউচন দিম জাতীয় চিন্তা কৰি থৈ দিয়ে। তদুপৰি প্ৰত্যেক ল’ৰা-ছোৱালীক বুজি পোৱাটোও শিক্ষকৰ বাবে বৰ সহজো নহয়। অলপতে এটা ঘটনা প্রত্যক্ষ কৰিলোঁ। বাহিৰত দেখাত খুব শান্ত যেন লগা মেধাৱী সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনৰ বেগত উদ্ধাৰ হ’ল জুইশলাৰ বাকচ। পানী খোৱা ছুটীত বন্ধু এজনৰ লগত মনে মনে ছিৰিৰ তলত ধূম্ৰপানৰ সোৱাদ লৈ থকা অৱস্থাত ধৰা পৰিল। ছাত্ৰজন এখন নামজ্বলা মহাবিদ্যালয়ৰ অধ্যাপকৰ পুত্ৰ। ছাত্র দুজনক সাময়িকভাৱে বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হ’ল যাতে আন ছাত্ৰ-ছাত্ৰীয়ে তেনে কাম কৰিবলৈ সাহ নকৰে। কিন্তু এইক্ষেত্ৰত ছাত্রজনকো আমি সম্পূৰ্ণ দোষাৰোপ কৰিব নোৱাৰোঁ। বয়সৰ উৎসুক, সামাজিক তথা হয়তো ঘৰুৱা পৰিবেশেই তাৰ বাবে দায়ী। কেৱল শাস্তি প্ৰদান কৰি গালি-গালাজ পাৰিয়েই পৰিস্থিতিৰ পৰা উদ্ধাৰ পালো বুলি ভাবিলে নিশ্চয় ভুল কৰা হ'ব।
ল’ৰা-ছোৱালীক চাৰিত্ৰিক দিশত গঢ় দিয়াৰ ক্ষেত্ৰত শ্ৰেণীকোঠাৰ পাঠদানৰ মাজেৰে আগবাঢ়ি যাওঁতে আজিকালি শিক্ষক সকল  সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয়। কাৰণ বৰ্তমানৰ প্ৰায়সংখ্যক ল’ৰা-ছোৱালীৰে স্বভাৱত জেল, অহমিকা, অসহিষ্ণুতা, অনিয়মানুৱৰ্তিতা আদি প্ৰতিফলিত হয়। যুগৰ পৰিৱৰ্তনৰ লগত খাপ খাই চলিব পৰাকৈ নিশ্চয়েই গতিশীল তথা বহল মানসিকতাৰ পৰিচয় দিয়া প্ৰয়োজন আৰু উচিতো। কিন্তু বহু সময়ত আমি যেন হৈ পৰিছো যন্ত্র। য’ত মৰম, আন্তৰিকতা, সহৃদয়তা আদি শব্দবোৰৰ বাবে হৃদয়ৰ দ্বাৰ ৰুদ্ধ কৰি ঈৰ্ষা, স্বাৰ্থপৰতা, ঠগ, আত্মকেন্দ্রিকতা আদিৰ বাবে হৃদয় মুকলি কৰি দিছোঁ। যন্ত্ৰৰ আৱিস্কাৰে জীৱন সুচল কৰিছে ঠিকেই কিন্তু সময় ৰাহি হোৱাতকৈ ব্যস্ততাবোৰ যেন বাঢ়িহে গৈছে। নিজক বন্দী কৰি লৈছোঁ এটা বৃত্তৰ আৱৰ্তত, য’ত বিনা অনুমতিত আনৰ প্ৰবেশ নিষেধ। বহুক্ষেত্ৰত অভিভাৱকৰ ল’ৰা-ছোৱালীক দিবলৈ প্ৰয়োজন অনুসৰি সময়ৰ নাটনি। কর্মব্যস্ততাৰ অজুহাতত সিহঁতৰ হাতত তুলি দিয়ে  ৰিম’ট অথবা মোবাইল গেম। ইণ্টাৰনেটৰ ফেণ্টাচী দুনিয়াত সোমাই বাহিৰৰ পৃথিৱীক আপোন কৰি লওঁতে আপোনেই পৰ হৈ পৰিছে। ককা-আইতাৰ আঙুলিত ধৰি ফুৰিবলৈ যোৱা, সাধু শুনা আদিবোৰো পুৰণি সাধুকথাৰ লেখীয়াই হ’ল।  বহু কম অভিভাৱকেহে হয়তো সন্তানৰ হাতত দৈনিক বাতৰিকাকত নতুবা বিদ্যালয়ৰ বাহিৰৰ কিতাপ তুলি দিয়ে। পাঠ্যপুথিকেইখনকে ভাটৌৱে মতাদি মুখস্থ মাতি পৰীক্ষাত ভাল নম্বৰ পাই বাহঃ বাহঃ লয়। আমাৰ অলক্ষিতে আমিয়েই সিহঁতক দিবলৈ লৈছোঁ এক সংকীর্ণ পৃথিৱী, সংকীর্ণ তথা স্বাৰ্থপৰ মানসিকতা কাৰণ আমিবোৰ ‘নিউক্লিয়াৰ ফেমিলী’ৰ বাসিন্দা, অথচ আমিয়েই আপত্তি কৰোঁ পিতৃ-মাতৃৰ বৃদ্ধাৱস্থাত সন্তানে অৱহেলা কৰা দেখিলে।

বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণীকোঠাত চিঞৰ বাখৰ কৰি থাকে ৷ ঠিক তেনে সময়তে শিক্ষকৰ প্ৰৱেশ হোৱাত সকলো স্তব্ধ হৈ পৰে৷ কাৰণ  এনে ধৰণে হুলস্থুল কৰি থাকিলে শিক্ষক মহোদয়ে আমাক গালি পাৰিব বা এচাঁৰিৰ কোপ দিব ৷
যেতিয়া  ডাঙৰ হৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায় তেতিয়া মনতে অনুভৱ হয় বহুতৰে যেন বৰ স্বাধীন হৈ পৰা নাই নে ?  সেই বিদ্যালয়ৰ ভয়কণ ক্ৰমাৎ কম হ’বলৈ ধৰে ৷ স্বাধীনচেতিয়া মনটো স্বাধীন হোৱাৰ বাবেই হয়তো বহু পাইও  আৰু বহু হেৰুৱায় ৷ কেতিয়াবা নিজকে আৱিস্কাৰ কৰিব নোৱাৰা হৈ পৰে৷ 
     সময়ৰ পৰিৱৰ্তনৰ লগে লগে ক্ৰমে শিক্ষকসকলক  শিক্ষাৰ্থীয়ে বন্ধুৰ দৰে অাচৰণ কৰিবলৈ ল'লে ৷ যাৰ ফলত আজি বহু ক্ষেত্ৰত শিক্ষকৰ প্ৰতি প্ৰকৃত সমীহৰ অভাৱ দেখিবলৈ পাওঁ ৷ যেন বঠা নহোৱা নাওৰ দৰে…। তথাপিও এইকথা উল্লেখ কৰিব লাগিব যে এজন শিক্ষকৰ প্ৰতি গঢ়ি উঠা সমীহ আৰু অনুকৰণ ধৰ্মী মনোভাৱৰ জন্ম কেৱল এজন প্ৰকৃতাৰ্থত শিক্ষাক্ষেত্ৰত আত্মীকভাৱে বিলীন এজন শিক্ষকৰ শ্ৰেণীকোঠাৰ পাঠদানে গঢ়ি তোলে। শিক্ষাৰ্থীক সঠিক পথ দেখুওৱাত শ্ৰেণীকোঠাত এজন শিক্ষকৰ সৱল আৰু আদৰ্শ স্থিতিৰ অতি বাঞ্ছনীয়।

সফল লেখিকা প্ৰিয়ংকা চমুৱাই তেওঁৰ নিপুন হাতেৰে অঙ্গনৰ পাতত প্ৰৱন্ধৰ লগতে অন্যান্য লেখাৰে অঙ্গনৰ শোভা বৃদ্ধি কৰি আমাক যি উপকাৰ কৰিলে তাৰ বাবে লেখিকা গৰাকীলৈ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনাৰ সাহিত্য পথাৰত যাত্ৰা সুগম হওক। আপুনি আৰু সুনাম অৰ্জনেৰে অসমীয়া সাহিত্য জগতত জিলিকি উঠক তাৰে একান্ত কামনা কৰি আপোনাৰ দীৰ্ঘায়ুৰ বাবে নেদেখা জনৰ ওচৰত আমি অঙ্গনৰ পৰিয়ালে প্ৰাৰ্থনা জনালো।


পৃষ্ঠা ১৫
অনুবাদ কবিতা ঃ

Last dawn

Octavio Paz ( 1914-1998)

Stretched out within the confines
Your hair is lost in the forest ,
Your feet touch mine.
Asleep you are greater than the night
But your dream fits into this room .
How much we are who are so little !
Outside a taxi passes
With its cargo of spectrum.
The river which flows away Forever 
Is on its way back.

Will tomorrow bevanother day ?

অন্তিম প্রভাত

অনুবাদ- প্রাণকৃষ্ণ গোস্বামী

সীমাৰ ভিতৰত প্ৰসাৰিত তোমাৰ
মুক্তকেশ অৰণ্যৰ বেষ্টনীত লুকাল,
তোমাৰ দুভৰিয়ে চুলে মোৰ ভৰি ৷
নিদ্ৰাৱস্থাত তুমি নিশাটোতকৈও ডাঙৰ
কিন্তু তোমাৰ সপোনবোৰ
এই কোঠাৰ ভিতৰতে সীমিত ৷
আমিনো কিমানৰ, কিমান যে নিঃকিন ৷
বাহিৰত সাত ৰঙৰ বোজা কঢ়িওৱা
ৰথখন পাৰ হৈ যায় ৷
কাষেদি অনন্ত কাল বৈ থকা
নৈখন নিজৰ গতিত ৷

কাইলৈ আন এটা দিন হ'ব নে ?

( অক্টাভিঅ পাজৰ 'Last Dawn'  শীর্ষক কবিতাটো  ইংৰাজীতে পঢ়ি অনুবাদৰ  চেষ্টা কৰি, অলপ জানিব খুজি কোনোবা  কেইবাজনে কৰা তিনিটা অনুবাদ ( অলপ বেলেগ বেলেগ ) পঢ়িলোঁ  ৷ এটাৰ লগত স্পেনীজ ভাষাৰ কবিতাটোও দেখি তাৰেই  ভাৱানুবাদৰ এয়া এক প্ৰচেষ্টা ৷ কিন্তু, (স্পেনীজ ভাষাত  শিৰোনামটো নাপালো ৷ যেই হওক, দুয়োটা ভাষাৰ পংক্তিকেইটা একেলগে দিলো, কেনেবাকৈ আমাৰ অনুবাদ কবিজনাৰ নিজ ভাষাটো জনা লোকৰ চকুত পৰে বুলি !)

( অক্তাভিঅ পাজ ( Octavio Paz Lozano, ১৯১৪ -১৯৯৮ )  কুৰি শতিকাৰ এগৰাকী মেক্সিকান কবি   ৷ ১৯৯০ চনত তেওঁ সাহিত্যৰ নোবেল লাভ কৰিছিল ৷ উনৈশ বছৰ বয়সতে তেওঁৰ প্ৰথম কাব্য সংকলন  (স্পেনিছ ভাষাৰ Luna Sylvestar ) প্রকাশ পাইছিল ৷ ১৮৬২ চনত তেওঁক ভাৰতলৈ  মেক্সিকোৰ ৰাষ্ট্ৰদূতৰ নিযুক্তি দিয়া হয় ৷ তেওঁ জাপান, চুইজাৰলেণ্ড আৰু ফ্ৰান্সতো মেক্সিকোৰ ৰাষ্ট্ৰদূত আছিল ৷ তেওঁৰ প্ৰাথমিক স্তৰৰ কবিতাত মাৰ্ক্সবাদ আৰু অতীন্দ্ৰীয়বাদৰ প্ৰভাৱ পৰিলেও পিচলৈ বৌদ্ধ আৰু হিন্দু ধৰ্মৰ প্ৰভাৱো পৰিলক্ষিত হয় ৷ ইয়োৰোপৰি শেষৰফালে মেক্সিকোৰ কৃষকৰ নিস্পেষণ আৰু তেওঁলোকৰ সামাজিক পৰিস্থিতি তেওঁৰ লিখনিৰ মূল বিষয়বস্তু হৈ পৰে ৷ মেক্সিকোৰ সমাজৰ ওপৰত লিখা 'দি লেব্ৰীজ অফ চলিটিউড' তেওঁৰ এক বিশেষ ৰচনা ৷


পৃষ্ঠা ১৬

किताबें 

गुलज़ार

किताबें झाँकती हैं बंद अलमारी के शीशों से 
बड़ी हसरत से तकती हैं 
महीनों अब मुलाक़ातें नहीं होतीं 
जो शामें उन की सोहबत में कटा करती थीं, अब अक्सर 
गुज़र जाती हैं कंप्यूटर के पर्दों पर 
बड़ी बेचैन रहती हैं किताबें 
उन्हें अब नींद में चलने की आदत हो गई है 

जो क़दरें वो सुनाती थीं 
कि जिन के "सेल" कभी मरते नहीं थे 
वो क़दरें अब नज़र आती नहीं घर में 
जो रिश्ते वो सुनाती थीं 
वो सारे उधड़े-उधड़े हैं 

कोई सफ़हा पलटता हूं तो इक सिसकी निकलती है 
कई लफ़्ज़ों के मानी गिर पड़े हैं 
बिना पत्तों के सूखे तुंड लगते हैं वो सब अल्फ़ाज़ 
जिन पर अब कोई मानी नहीं उगते 
बहुत सी इसतलाहें हैं 
जो मट्टी के सिकूरों की तरह बिखरी पड़ी हैं 
गिलासों ने उन्हें मतरूक कर डाला 

ज़ुबां पर ज़ायक़ा आता था जो सफ़हे पलटने का 
अब उंगली 'क्लिक' करने से बस इक झपकी गुज़रती है 
बहुत कुछ तह-ब-तह खुलता चला जाता है पर्दे पर 
किताबों से जो ज़ाती राब्ता था, कट गया है 
कभी सीने पे रख के लेट जाते थे 
कभी गोदी में लेते थे 
कभी घुटनों को अपने रिहल की सूरत बना कर 
नीम सजदे में पढ़ा करते थे, छूते थे जबीं से 
वो सारा इल्म तो मिलता रहेगा बाद में भी 
मगर वो जो किताबों में मिला करते थे सूखे फूल और 
महके हुए रुक़्क़े
किताबें माँगने, गिरने, उठाने के बहाने रिश्ते बनते थे 
उन का क्या होगा 
वो शायद अब नहीं होंगे!

কিতাপবোৰ

মূল হিন্দীঃ গুলজাৰ

অনুবাদঃ মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন

কিতাপবোৰে আলমাৰীৰ গ্লাচৰেৰে জুমি চাই
বৰ আগ্ৰহেৰে চাই থাকে
মাহেক ধৰি আজি কালি দেখাদেখি নহয়
যিবোৰ সন্ধ্যা ইহঁতৰ সান্নিধ্যত পাৰ হৈছিল, এতিয়া প্ৰায়ে অতিবাহিত হয় কম্পিউটাৰৰ সম্মুখত
বৰ ব্যাকুল হৈ থাকে কিতাপবোৰ...
ইহঁতৰ এতিয়া টোপনিত খোজ কঢ়াৰ অভ্যাস হৈছে
বৰ আগ্ৰহেৰে চাই থাকে

যি প্ৰশংসাবোৰ শুনিছিল ইহঁতে
আৰু যাৰ ক্ষমতাৰ কেতিয়াও মৃত্যু নহৈছিল
সেই প্ৰশংসাবোৰ এতিয়া ঘৰত দেখা নেযায়
যি সম্বন্ধৰ কথা ইহঁতে কৈছিল
সেই সকলোবোৰ এতিয়া অকৃত
কোনো এটা পৃষ্ঠা লুটিয়ালেই চিৎকাৰ শুনো
বহু শব্দ নিগৰি আহে
লঠঙা শুকান মুঢ়া এটাৰ দৰে লাগে সেই শব্দবোৰ
যিবোৰৰ এতিয়া কোনো অৰ্থ নাই
বহুতো ৰীতি-নীতি
যিবোৰ মাটিৰ পাত্ৰৰ দৰে সিঁচৰিত হৈ আছে
গ্লাছে ইহঁতক মূল্যহীন কৰি পেলালে

পৃষ্ঠা লুটিওৱাৰ সোৱাদ যি জিভাত লাগিছিল
এতিয়া আঙুলিৰ টিপত মাত্ৰ এটা পলক পাৰ হওঁতেই
বহুতো পেজ খুলি গৈ থাকে পৰ্দাখনত
কিতাপৰ লগত যি আত্মীয় সম্বন্ধ আছিল, চিগি গ'ল
কেতিয়াবা বুকুত লৈ শুই পৰিছিলোঁ
কেতিয়াবা কোলাত লৈছিলোঁ,
কেতিয়াবা আঠুক টেবুলৰ ৰূপ দি
তলমূৱা হৈ পঢ়িছালোঁ, এৰি অহা শিক্ষণ প্ৰক্ৰিয়া আমি পায়ে থাকিম
কিন্তু সেই যি কিতাপত পাইছিলো শুকান ফুল আৰু গোন্ধাই থকা ৰাজনৈতিক বাৰ্তা
কিতাপবোৰ বিচৰা, পৰা, তুলি ধৰাৰ অজুহাতত যি সম্বন্ধ গঢ়ি উঠিছিল
সেইবোৰৰ কি হ'ব 
সেইবোৰ এতিয়া ছাগে নহ'ব !


পৃষ্ঠা ১৭
কবিতাঃ

ক'ত লুকুৱাওঁ

          ৰীতা বৰুৱা

সেউজীয়া গানৰ 
কলি এটা আওৰাই 
গুণ্‌গুণাই গুণ্‌গুণাই
কিনো গালা
হৃদয়ৰ তলিলৈকে তিতিল !

জুৰুলি-জুপুৰি হৃদয়খন লৈ
এতিয়া মই কি কৰোঁ
ক'ত লুকুৱাওঁ !

তিতা কাপোৰৰ দাপোণত 
পঢ়া যদি তুমি
ভিতৰৰো ভিতৰ
অভ্যন্তৰ !

পৃষ্ঠা ১৮

তুমি

      ভৃগু কুমাৰ হাজৰিকা
       
তুমি নাই
কোনো নাই

আৰু তুমি আছা বাবেই বুকুত মোৰ
হেজাৰ হেঁপাহৰ কৃষ্ণচূড়া

সৌ দূৰণিৰ ধুনীয়া পাহাৰখনি তুমি
অজানিতে কঁপাইছা মোৰ মন বননি ।

তিনিচুকীয়া       
ম'বাইল- ৯৭০৬৮৯৬৩৪১

পৃষ্ঠাঃ ১৯

ছাঁ দিয়া বৃক্ষ

অসমা টুংখুঙীয়া

মোৰ চোতালত ৰ'দ ।
আন্ধাৰ জন্ম দিয়া হাউলা গছজোপাৰ
পাতবোৰ সৰি পৰিছে ।
ৰ'দৰ জলঙাৰে সোমাই আহিছে
মোৰ হৃদয়ৰ ছাঁ  ।
ৰৌদ্ৰোজ্জ্বল আলোকত ,
উদ্ভাসিত হৃদয়ৰ কুঁহিত
এপাহি স্থলপদ্মৰ যুগ্ম ৰূপ ।
ফুলোঁতে বগা,
ৰ'দ পৰি গোলাপী ।
গোলাপীৰ মিঠা হাঁহিত
প্ৰস্ফুটিত পীতবৰ্ণী কুসুমৰ 
হালধীয়া হেঁপাহ ।
আলোক আবিনাশী হওক 
হৃদয় ছাঁ অবিৰত হওক ।


পৃষ্ঠা ২০

জীৱন

ৰুমী চাংমাই

জীয়াই থকা মানেইতো জীৱন নহয়
হাঁহি মানেইতো সুখৰ ভঁৰাল নহয়

কোনোবাই কবৰৰ তলতো হাঁহে
কোনোবাই হাঁহো বুলিও হাঁহিব নোৱাৰে

চেতন অৰ্ধচেতন অৱচেতন মনতো
অহৰ্নিশ যাৰ সংগ্ৰামৰ অংক
জ্যামিতিক বাহুৰে জানো ঢুকি পাব
তাৰ পৰিধি...

নীৰৱ সাধনাত উটুৱাই দিবলৈ
লাগিবতো দণ্ডকাৰণ্যৰ শোভনীয় নিৰ্জনতা

শান্তিৰ বাবেই লাগে এখন নদী
বুকু জুৰুৱা নীৰৱ কল্লোলত
ওভোটাই আনে যি প্ৰশান্তিৰ মনোহৰী গাঁথা !

পৃষ্ঠা ২১

সেমেকা হিয়া

ৱাহিদ আহমেদ

আকৌ এবাৰ নকওঁ নেকি
তুমিতো নুবুজাকৈ থকা নাই
আহোঁ বুলি ভাবিও হয়তো
তুমি আহিব পৰা নাই...

এতিয়া তোমালৈ চিঠি নিলিখোঁ
কবিতাত আছে তোমাৰ ছবি
নীলা হৃদয়ত ৰাতি শুনিবা গুঞ্জন
তোমাৰ ওঁঠত থাকিব যৌৱনৰ
এপাহ সুগন্ধি ফুল...

ঠিকনাঃ
কাটাৰ, ডোহা


পৃষ্ঠা ২২

সংগ্ৰাম

অপূৰ্ব শৰ্মা

এটি শীতভৰা ৰাতি
জোনাকময় এন্ধাৰত
উমি উমি জ্বলি থকা
এঙাৰবোৰ কাষত লৈ
তেওঁ বহি আছিল নিসংগ হৈ
আৰু পাৰ হৈ যোৱা সময়বোৰক
তেওঁ হিচাপ কৰি আছিল
কুঁৱলীবোৰৰ মাজেৰে
যেন তেওঁ তাত কিবা সন্ধান পাইছিল
পৰিবৰ্তিত পৰিহাস সময়ৰ।

ম‌ই আঁতৰৰ পৰাই চিঞৰি সুধিছিলো‍ঁ
কি হে ককা, অতীতক বিচাৰিছে নেকি...
তেতিয়া তেওঁ এক নিৰবিচ্ছিন্ন সুৰত কৈ উঠিল
সংগ্ৰাম অ' বোপা সংগ্ৰাম
জীয়াই থকাৰ,
জীৱন জীয়াৰ
তাকে বিচাৰি চাইছোঁ
ইয়াৰ অন্ত কোন দিশে ধাৱমান হ'ব ?
ইয়াৰ পিছত তেখেত মৌন হৈ পৰিল
আৰু দুগাললৈ বৈ অহা অশ্ৰুৰ টোপালবোৰে মচি
এন্ধাৰৰফালে গতি কৰিলে
আকৌ সংগ্ৰামৰ ঠিকনা বিচাৰি...।

দৰং
যোগাযোগ নং :- 86382 72612


পৃষ্ঠা ২৩

কৃষ্ণচূড়া

পৰীস্মিতা গগৈ দত্ত 

এই শুনানা কথা এটা কান পাতি ৷
তোমাক ভালপোৱা পৰাই বেছিকৈ পৰিলো কবিতাৰ প্ৰেমত ৷
মোৰ আকোৰগোঁজ মনোভাৱৰ ভুৰভুণিক দিয়া জোকাৰি ৷
ওফোন্দ পাতি থকা দুগালত ধৰি ঘোপাকৈ চাই দিয়া মোহাৰি ৷৷
তোমাৰ মনৰ  পছন্দৰে আনি যে দিছিলা গুলপীয়া 
শাৰীখন ৷
গোলাপৰ ফুলেৰে অংকন কৰি থোৱা আছিল আচঁলখন৷৷
পিন্ধিছিলো অতি হেঁপাহেৰে সৰস্বতীৰ পূজাত ৷
নিজকে অতিব সুন্দৰী দেখিছিলো সেইদিনা আইনাৰ আগত ৷৷
পৰেনে মনত তোমাৰ কলেজৰ কেম্পাচৰ কৃষ্ণচূড়া জোপালৈ ৷
বহিছিলোঁ শীতল বতাহচাটিত তল সৰা কৃষ্ণচূড়াৰ ফুলৰ মাজত ৷৷
গুলপীয়া শাৰীখনে উতলা কৰিছিল বুলি কৈছিলা তোমাৰ বুকু ৷
লাজতে মৰহি গৈছিলোঁ গুলপীয়া কৰি মোৰ দুগালক।
শুধিছিলো মই লাজ, লাজ কৈ তুমি বাৰু মোৰ অবিহনে আনক দেখা নে ধুনীয়া ?
কেতিয়াবা দেখো দুচকু জপাই অতিব সুন্দৰীক কাক, জানানে মাথোঁ তোমাক ৷৷
আসঃ চকুহালি জপাই দিছিলোঁ এক আনাবিল সুখত তোমাৰ প্ৰেমৰ সুভাসত ৷৷

ঠিকনাঃ
শিৱসাগৰ ( বেতবাৰী)


পৃষ্ঠা ২৪

বকুল

স্বপ্নম জ্যোতি কলিতা

কোনে ছিঙে
থপিয়াই নিয়ে
বতৰৰ শেষ পাহ বকুল

মই বুকুত হাত দি চাওঁ
- মৃত

বতাহত নাহালিবি
অʼ বকুল পাত
চকুলো হৈ সৰিব শোক ।

          গোলাঘাট (বেজগাওঁ)
         ফোন : ৬০০১৬০৯৩৫৯


পৃষ্ঠা ২৫

এপাক আহিব চোন 

বিজু বৰঠাকুৰ 

আপুনি সময় পালে এপাক আহিব চোন
মোৰ গাওঁখন চাবলৈ
বাটত কাকো সুধিব নালাগে
শাৰী শাৰী কৃষ্ণচূড়া ,নাহৰ , সোণাৰু বোৰে আপোনাক 
ৰিঙিয়াই মাতিব ,
আম ,কঠাল ,জামুৱে 
আপোনাক গাওঁ খনলৈ সাদৰ 
সম্ভাষণ জনাব ।
জানে আমি সিহঁতৰ সৈতেই 
আত্মিক সম্বন্ধৰ 
শিকলিৰে বান্ধ খাই আছো ,
বিশ্বাস কৰক আমি সিহঁতৰ 
আজন্ম প্ৰেমিক 
উশাহ নিশাহ পয্যন্ত বিনিময় কৰোঁ সিহঁতৰ সতে ।
সিহঁতে আমাক কেতিয়াও 
বিশ্বাসঘাটকতা কৰা নাই
আনকি আমিও
সিহঁত আমাৰ খুউব বিশ্বাসী বন্ধু ,সেয়ে সিহঁতৰ সতে সলাই 
পেলাওঁ আমাৰ হৃদয় ।
এইবোৰ নকলেও হ'ব 
আপুনি দেখিলেই গম পাব
ধুনীয়া ধুনীয়া ফুলনিবোৰ 
সৰু সৰু জুপুৰি বোৰত
হাঁহিৰ খিলখিল শব্দই 
আপোনাৰ কলিজাত বিন্ধিব
জানিব সেই খনেই মোৰ গাওঁ । মোৰ গাঁৱত  আভিজাত্য বহন কৰা 
বৃহৎ অট্টালিকা নাই
নলা নৰ্দমাৰ নাক কোচ খাই যোৱা গোন্ধও নাপাব 
চহৰৰ অলিয়ে গলিয়ে চলা
কোমল মঙহৰ দৰ দাম নচলিব ।
আপুনি আহিলেই দেখিব 
মোৰ গাৱঁৰ সেউজীয়া দৃশ্যই 
আপোনাৰ হৃদয় জুৰ পেলাব ,
বোকা মাটিৰ গোন্ধই 
আপোনাৰ চহৰীয়া মস্তিষ্কত 
গাঁৱক পাহৰি নোযোৱা কৰিব
আপুনি যদি সঁচাকৈ হৃদয়হীন নহয় ।
আপুনি আহিলে 
নৈপৰীয়া ডেকা গাভৰুহঁতে
জকাই জুলুকি বাই 
পুঠি খলিহনাৰে এসাজ তৃপ্তিৰে খোৱাবলৈ খুজিব
আপুনি কিন্তু আপত্তি কৰি 
সিহঁতৰ হৃদয় ভাঙিবলৈ চেষ্টা নকৰিব ,
বৰ থুনুকা সিহঁতৰ হৃদয়
পুৱাৰ নিয়ৰ কণাৰ দৰেই পবিত্ৰও।
নগৰীকৰণ আধুনিকতাই চুব নোৱাৰা জীৱন বুলি সিহঁতক নাহাঁহিব, দুখ পাব 
বৰকৈ জোৰ কৰিলে 
ৰাতিটোৰ বাবে আলহী হ'ব,
সিহঁতে যে কিমান ভাল পাব
পুৱাৰ এজাক চৰাইৰ সুললিত কণ্ঠত আপোনাৰ টোপনি ভাঙিব ।
পুৱাৰ আতিথ্য গ্ৰহণ কৰি
যেতিয়া আপুনি বিদায় ল'ব 
আপোনাক গাঁৱৰ জীয়ৰী বোৱাৰী হঁতে 
সিহঁতৰ অকৃত্ৰিম মৰমবোৰ 
একোখন ফুলাম গামোচাত বান্ধি পদুলিৰ মূৰলৈকে আগবঢ়াই দিব ।
সঁচাকৈ ব্যস্ততাবোৰ জোকাৰি
আহিব চোন এদিন ,
চহৰৰ দৰে মোৰ গাঁৱৰ 
ইজনে সিজনক চিনি নাপাওঁ বুলি ব্যস্ত মানুহৰ পৰিচয় নিদিয়ে 
নালাগে আপুনি কাকো সুধিব নালাগে । 
দীঘলকৈ চুলি সংযত পোচাক 
মুখত ওলমি থকা মিচিকিয়া হাঁহিৰে গাভৰু দেখিলেই গম পাব সেইখনেই মোৰ গাওঁ ,
আপোনাৰ গাৰ ঘাম পয্যন্ত মোৰ চিনাকি 
আপুনিনো চিনি নাপাবনে ।
আপুনি নহাকৈ নাথাকিব 
আহিলেই মোৰ প্ৰতিবেশীয়ে
গাঁৱৰ ঐক্য শান্তি প্ৰগতিৰ
কথা বুজাই ক'ব,
আৰু বুজাই দিব
গছ থাকিলেহে যে মানুহ থাকিব ,
কিয় থাকিব লাগে
গছ গছনি চৰাই চিৰিকতি
জান জুৰিৰ সতে 
আমাৰ মধুৰ সম্পৰ্ক ,
আপুনি আহক না এদিন
সঁচাই এদিন আহকচোন
জীৱনৰ সকলো ব্যস্ততা পাহৰি ।


জাঁজী জামুগুৰি 
শিৱসাগৰ জিলা ।


পৃষ্ঠা ২৬
তেওঁ আহিছিল

সীতা দেৱী

গীতৰ মধুৰ লহৰ তুলি
হেজাৰ জনৰ অন্তৰৰ ভাষা হৈ,
সৰ্বহাৰা জনগণৰ সাহস হৈ,
তেওঁ আহিছিল।
মেঘাচন্ন আকাশৰ তমসা সনা ধৰাৰ বুকুত,
কবিতাৰ শক্তিশালী মূৰ্চনা তুলি,
জগাই তুলি সকলোকে।
কৃষকৰ বন্ধু, জনতাৰ সাহস,
অদ্ভূত ব্যক্তিত্বৰ সমাহাৰত,
যুঁজি গৈছিল শোষণৰ বিৰুদ্ধে।
তেওঁ আহিছিল,
চিত্ৰকৰ হৈ,
গুৰুজনাৰ চিত্ৰ।অংকনেৰে
অভিনয় আৰু নৃত্যৰ তালে তালে 
বিশ্বক আপ্লুত কৰিছিল।
তেওঁ আহিছিল,
বাদ্যযন্ত্ৰী হৈ সুৰৰ লহৰত
অমিয়া ঢালি মনে প্ৰাণে গাইছিল,
জনতাৰ গান, স্বদেশৰ গান।
তেওঁ আহিছিল,
বহুমুখী প্ৰতিভাৰ জাগ্ৰত জ্বালামুখী হৈ....
ৰাজনীতি আৰু সমাজ নীতিৰ
নতুন বাৰ্তাবাহক, বিপ্লৱী হৈ।
গীতৰ মধুৰ লহৰ তুলি,
তেওঁ আহিছিল.....
জীৱন সংগ্ৰামৰ অগ্ৰণী যোদ্ধা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হৈ,
তেওঁ আহিছিল ।


         বিহপুৰীয়া
          লখিমপুৰ ৭৮৪১৬১.


পৃষ্ঠা ২৭

অহল্যা ভূমিত তুমি 

    নীলমণি মজুমদাৰ

মোৰ আকুল হৃদয়ৰ ব্যথাবোৰ
মচি দিবলৈ এখুজি দুখুজিকৈ
তুমি আহি আছা -
স-হৃদয়তাৰে তুমি যেন মোৰ
যন্ত্ৰণাকাতৰ অন্তৰৰ মিনতি শুনিছা ...

ব্যকুল হৈ পৰিছোঁ মই ,
অহল্যা ভূমিত দিন আৰু ৰাতি
কেনেদৰে পাৰ কৰিছোঁ 
মোৰ অভিধানত এনে কোনো
শব্দ বিচাৰি পোৱা নাই যাক
তোমাৰ সম্মুখত তুলি ধৰিব পাৰো 

মোৰ পদুলি মুখত তোমাৰ
শুকুলা চৰণ দুখনি
পখালিবলৈ মই ৰৈ আছোঁ ,
তুমি আহি তোমাৰ নিৰ্মল হাঁহিটিৰে মোৰ পদুলি পোহৰাই তুলিবা-
মই আলফুলে তোমাৰ চৰণ দুখনি পখালি আদৰি আনিম

তোমাৰ কোমল হাতৰ স্পৰ্শত
মোৰ সপোনৰ পৃথিৱীখনে
চকু মেলি হাঁহিব,
আকৌ উদ্দীপ্ত হʼব যৌৱন...

মোৰ এই ৰুক্ষ, ৰুদ্ধ বুকুত
মোৰ এই বিবৰ্ণ ওঁঠত
আকৌ নাচি উঠিব সেউজীয়া
গাভৰু-বসন্তৰ অপৰূপ ছন্দ ।
           
( অহল্যা : গৌতম মুনিৰ পত্নী।স্বামীৰ অভিশাপত শিলৰ মূৰ্তিলৈ ৰূপান্তৰিত হৈছিল ।প্ৰভূ শ্ৰী ৰামচন্দ্ৰৰ হাতৰ স্পৰ্শত পুনৰ মানৱ জীৱন লাভ কৰিছিল । )

পৃষ্ঠা ২৮

নিসংগতা 

গীতাশ্ৰী নাথ

ব্যস্তময় পৃথিৱীত ,যান্ত্ৰিক মনবোৰৰ মাজত 
যন্ত্ৰৰ দৰে ঘূৰি ফুৰিছোঁ ।
চিনাকী মুখ বহুত দেখিছোঁ
কিন্তু অচিনাকী মনবোৰ কেনেকৈ বুজিম !
চাৰিওফালে কোলাহল ,আনন্দ তামাছা
কিন্তু, মই মৌন কিয় ?
কেনেবাদি এষাৰি বাক্য নিগৰিলেও
প্ৰত্যুত্তৰত কেৱল মোৰ প্ৰতিধ্বনি ।
বৰ্তমানক মই গ্ৰহণ কৰিব পৰা নাইনে !
নে এই সময় মোৰ নহয় ।
অ' সময় ৰৈ যা ,ৰৈ যা একেবাৰে
য'ত মোৰ কোনো অস্তিত্বয়েই নাই ।
সফলতাত শুভেচ্ছা বাণী সকলোৱেই দিয়ে 
কিন্তু প্ৰচেষ্টাৰ সময়ত কিয় মোৰ কাষত কোনো নাই ?
মই কাৰো আপোন নহয়নে !
নে কোনো মোৰ আপোন হ'বই পৰা নাই ।
দোষ কাক দিম , 
দায়ী কোন ?
মই নে এই সময় 
চিঞৰি চিঞৰি ক'ব মন যায়
হৃদয়ত থুপ খাই থকা কত দিনৰ বেদনা 
শুনিবনে কোনোবাই , সময় আছেনে কাৰোবাৰ
নাই এই সময় মোৰ নহয়
এই চিনাকী মুখবোৰ মোৰ আপোন নহয় 
ভিৰৰ মাজত মই কেৱল অকলশৰীয়া 
হয় নিসংগ মই, 
বৰ্তমান নিসংগতা মোৰ প্ৰিয় ।

ঠিকনাঃ
সোনাৰিআটী , মাজুলী ।


পৃষ্ঠা ২৯


আঘোণৰ অনুভৱ

হিৰণ ভূঞা

গৰ্ভৱতী আঘোণ
সোণোৱালী ধাননি
ৰ'দত জিলমিল কৰে।
প্ৰেম আৰু কল্পনাই
দাৱনীৰ কাঁচিত সান দিয়ে।
মেটমৰা ডাঙৰীৰে
ভঁৰাল চহকী হয়।
ঘাম আৰু ভোক পথাৰৰ পৰা ভঁৰালত থিতাপি লয়।
পাৰ হৈ যোৱা পখীৰ পাখিত সপোন উৰে।
দুবাহু মেলি পথাৰৰ
গোন্ধ লওঁতে বুকুত
চেনেহীৰ উশাহৰ উম জাগে, এটি 
মিঠা শিহৰণে হৃদয় জোকাৰে।
সপোনে সপোন দেখাই
কল্পনাৰ পাখিত পক্ষীৰাজ উৰে।
মাটিৰ প্ৰেমত পৰা
খাটি খোৱা মানুহে
মাটিতে সপোন ৰচে।

পৃষ্ঠা ৩০

আঘোণৰ পাটত ন-খোৱা 

গণেশ চন্দ্ৰ কছাৰী

শৰতৰ চাপৰিত হৃদয়ৰ বাকৰিত 
আবেলিৰ বতাহত কঁহুৱাৰ সুহুৰি 
শুনিছানে জান ঐ...
ন-খোৱাৰ জহা-বৰা-সোৱাগমণি জুতিৰে
ভোকাতুৰ সুৰভিৰ সুমধুৰ গীত
পিয়াহত আতুৰ মোৰ পৰাণ যদুমণি.....

আউল লগা ভাৱনাবোৰ
কেনেকৈ পাৰকৰো দুৰ্ভগীয়া হৃদয়ে
ৰ’দৰ ফুল বিচাৰি
আহিনৰ দুপট্টা উৰুৱাই
আঘোণৰ আঙুলিৰে লিৰিকি-মোহাৰি
বিদায় দি শাওণীয়া ৰ’দালি!

তাতাৰিৰি হেমেকা বতাহৰ আচলেৰে
ভাৱৰ পৰশত উতলা ধোঁৱাই কুণ্ডলী পকাই
মিঠা যুগলবন্দীত পাটত উঠে ন-খোৱাৰ
কেঠা-কম্বলৰ জোৱাৰত
ভকোৱা-ৰৌৰ খলকনিত !


পৃষ্ঠা ৩১

ছদ্মবেশী সুখ 

কৰবী গগৈ 

আন্ধাৰ নে পোহৰৰ সান্নিধ্যত 
উন্মোখ হয় দেখিও নেদেখা ...
শুনিও নুশুনা  ছায়াচন্ন কথাছবিবোৰ !
গোপন বাট এটাৰে  
ছদ্মবেশী সুখবোৰ গুচি আহে।
মোহাছন্ন সময় 
ৰৌদ্ৰদীপ্ত কণ্ঠত
মোৰ দেশ , জাতি, মাটি , ভেটিৰ প্ৰশ্ন 
মোৰ ভাষাৰ সুৰীয়া আৱেগ ।
নিপুণ লালিত্যত   
বৰঘৰৰ কথাবোৰ কাহিনী হয় 
ক'বলগীয়াবোৰ ৰৈ যায় ..
লিখিব লগীয়াবোৰ আধালিখা হয় 
বিচৰা তথ্যৰ আঁৰত সত্যবোৰ শুই থাকে 
নীৰৱে- নিজানে ..।

  
  শিৱসাগৰ । email.gogoikarabi@gimal.com.
  mobile no 8486405638

পৃষ্ঠা ৩২

একাকী

প্ৰণীতা প্ৰিয়াসী গগৈ
 চৰাইদেউ

একাকী সুৰটিৰ সৈতে নাচি-নাচি
বহুদূৰ পালোগৈ
তাত পৰি আছিল
কণ-কণ বৰষুণৰ টোপাল ঘনকৈ
বহুদিন বৰষুণত 
তিতাই হোৱা নাই

অভিমানী চিয়াহীৰে লিখি
বৰষুণে মোলৈ পঠিওৱা 
বাৰ্তা সংখ্যাতীত
তিতিব লাগে হেনো 
বৰষুণৰ মৰমৰত
বৰষুণৰ প্ৰত‍্যক্ষ দাবী

উতনুৱা বাট
বাছকবনীয়া সমাহাৰত 
কাঁইটৰঙী ফুল

হাবিয়াস চৰাইজনীয়ে
বাহ সাজিব বিচাৰে চুলিটাৰিত
নিগাজী স্থায়িত্ব
আবদাৰ জুখি-জুখি

একাকীত্ব ছাঁ'ত জিৰাইছে
এটি ভাবুক হৃৎপিণ্ড  ।

পৃষ্ঠা ৩৩
  
সোণগুটি ভৰা চোতাল

বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ 

                দেখিছানে
                 সোণগুটিৰে ভৰা চোতাল
    বছৰত এবাৰ ফুলে কৃষকৰ ঘামে ভৰা কপাল
               সোণগুটিৰে ভৰি পৰিব চোৱা
        কৃষকৰ  সৰু  সৰুকৈ  এটি  দুটি  ভঁৰাল।

                         ঘৰে ঘৰে আহি
                দিছেহি দেখা সোণগুটিবোৰ
  আনিছে কঢ়িয়াই বান্ধি কান্ধত সৰু ডাঙৰীবোৰ
             ইয়াতে জীৱন ৰছে সুখ দুখবোৰ
      এইয়াই হৈছে ডাঙৰ সপোন কৃষকবোৰৰ।

                       চোতালে চোতালে
         আহি ভৰিব সোণালী সোণগুটিবোৰ
  আঘোণৰ  পথাৰৰ পৰা আহিছে  জুনুকা  বাজি
              জুনুক জুনুক কৰি সোণগুটি
  কাণ পাতি শুনা  বাজিছে  চোৱা জুনুক জুনুকা।

                        সোণগুটিৰে ভৰা 
               দেখিছানে আঘোণৰ চোতাল 
  কি  যে মনোৰম  সোণালী  বৰণৰ
         ইমান যে আপোন লগা সোণগুটিবোৰ
 যিকণ পাওঁ সেই কণকে পাই সুখী অনুভৱ কৰোঁ।

                          সোণগুটিতে 
              আছে বহুজন কৃষকৰ জীৱন
 সোণগুটি  নহ'লে  ভোকত  পেটৰ  লগত  হয় ৰণ
                    তুমিয়ে নহয় জানো
 আই  লক্ষ্মী  কৃষকৰ  জীৱনৰ  সুখ  আৰু   দুখৰ।

     কাকী
    হোজাই লংকা
     ফোন নং:- ৬৩৬১২৬৬৪৮২


পৃষ্ঠা ৩৫
গল্পঃ

কবিতাৰ কথা

মালবিকা শৰ্মা, 
ভুবনেশ্বৰ

   বৰ সুন্দৰ এখন টাউন। চহৰৰপৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত অৱস্থিত এই সৰু টাউনখন ঘন জংঘল আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ। টাউনখনৰ শেষৰ পিনে আৰম্ভ হৈছে এখন সৰু পাহাৰ আৰু পাহাৰৰ মাজেৰে বৈ আহিছে এটা সুন্দৰ ঝৰণা। মুঠৰ ওপৰত কবি, সাহিত্যিক সকলৰ বাবে সাহিত্য ৰচনা বা সৃষ্টিৰ বাবে এইয়া এক উপযুক্ত স্থান। 
     অফিচৰ কামত কেইদিনমানৰ বাবে এই টাউনখনলৈ আহিছোঁ, অফিচৰ গেষ্ট হাউচতে আছো। প্ৰথমবাৰৰ বাবে আহিলেও অফিচৰ কামত লগ হোৱা মানুহখিনিৰ ব্যৱহাৰ ভাল লাগিছে। বিশেষকৈ ইয়াত মোক প্ৰায়বোৰ কামতে সহায় কৰি থকা চৌধুৰী মানুহজন বেছ ভদ্ৰ আৰু অমায়িক। টাউনখনত অহাৰ দ্বিতীয় দিনাখনে চৌধুৰীয়ে তেওঁৰ ঘৰত ৰাতিৰ ভাত সাজ খাবলৈ লৈ গৈছিল। তেওঁৰ ঘৰত ঘৈণিয়েকে বৰ আগ্ৰহেৰে নানা ধৰণৰ খাদ্যৰে খোৱা টেবুল ভৰাই দিছিল। ঘৰত আৰু কাকো নেদেখিলো যদিও ওৱালত সজাই থোৱা ডাঙৰ ফটোখনত চৌধুৰী আৰু চৌধুৰীৰ সৈতে এজনী বেছ মৰমলগা গাভৰু ছোৱালীক দেখা পালো, জীয়েকে হ’ব নিশ্চয়।
     ভাত খাই ওভোতাৰ সময়ত আকৌ যাবলৈ চৌধুৰীৰ ঘৈণিয়েকে বাৰে বাৰে কৈছিল আৰু ময়ো কথা দিছিলো। ইয়াৰ পিছৰ দুদিন কামৰ ব্যস্ততাত সময় কেনেকৈ পাৰ হ’ল ক’বই নোৱাৰিলো। আজি চৌধুৰী অহা নাই। গেষ্ট হাউচৰ চকীদাৰ বাবুৰামক ৰাস্তাটো সুধি টাউনখনৰ গাতে লাগি থকা ঝৰণাটো চাবলৈ ওলাই আহিলো। কিছুদুৰ খোজ কাঢ়ি আহি ঝৰণাটোৰ কাষ পালো। সঁচাকৈয়ে অতি সুন্দৰ, ঠাইখিনি দেখিয়ে মন ভৰি গ’ল। মোবাইলটোৰে দুখনমান ফটো উঠালো। দুজনমান মানুহে থিয় হৈ তাৰে প্ৰকৃতিক সৌন্দৰ্য্য উপভোগ কৰি আছে। তাৰে মাজতে এটা শিলত বহি লৈ একান্ত মনেৰে ছৱি আকি থোৱা এজনী ছোৱালীয়ে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। যাওঁ নাযাওঁকৈ লাহেকৈ কাষ চাপি দেখো বৰ ধুনীয়াকৈ ছবি আঁকি গৈছে। তাইৰ মুখলৈ চাওঁতে কৰবাত দেখা দেখা যেন লাগিল। হঠাতে মনলৈ অহাত তাইক উদ্দেশ্য কৰি সুধিলো, “চৌধুৰীৰ ছোৱালী হয় নে ?” ছবি অঁকা বন্ধ কৰি তাই মোৰ মুখলৈ চালে আৰু হয়ভৰ দিলে। মই নিজৰ পৰিচয় দিবলৈ আৰম্ভ কৰোতেই তাই  সামান্য হাঁহিৰে ক’লে, “গম পাইছো, আমাৰ ঘৰলৈ আহিছিল নহয়।”
     কিছু আচৰিত হৈ সুধিলো,” তোমাক সিদিনাখন দেখা নাছিলো দেখোন ?” তাই ক’লে গা ভাল নাছিল বাবে শুই থকা বুলি। কিছু দেৰী কথা পতাৰ পিছত এন্ধাৰ হৈ অহা দেখি ভদ্ৰতাৰ খাতিৰত মোৰ লগত তাই উভতিব নিকি সুধিলো। পিছে, তাই ছবিখন সম্পূৰ্ণ কৰিহে উভতিব বুলি ক’লে। তাইক মাত লগাই মই ঘুৰি আহোঁতে চিন্তা কৰি আহিলো যে অলপ পিছতে দেখোন ঠাইডোখৰ অন্ধকাৰ হৈ যাব। তাই ঘুৰি অহা হ’লেই ভাল আছিল, হয়তো ইয়াতে তাই সৰুৰপৰা ডাঙৰ হৈছে আৰু সেয়ে ভয় নকৰে।
   অফিচৰ কামত আৰু তিনিটা দিন পাৰ হৈ গ’ল, কাইলৈ ৰাতিপুৱাই চহৰলৈ উভতি যাম। আজি চৌধুৰীয়ে আকৌ তেওঁলোকৰ ঘৰলৈ লৈ আহিছে নিশাৰ সাজ খোৱাবলৈ। চৌধুৰীয়ে কাষত বহি কথা পাতি আছে আৰু বিধে বিধে খাদ্য পৰিবেশন কৰি আছে চৌধুৰীৰ ঘৈণিয়েকে। জীয়েকক আজিও দেখা নাপাই খোৱাৰ মাজতে ক’লো সিদিনা ঝৰণা চাবলৈ যাওঁতে তাইক লগ পোৱা কথাটো। তাইৰ লগত হোৱা কথাবোৰ কৈ থাকোতে হঠাতে মন কৰিলো চৌধুৰী আৰু ঘৈণিয়েকৰ মুখ দুখন বিবৰ্ণ হৈ পৰিছে। কিবা ভুল কথা কোৱা বুলি ময়ো কিছু অপ্ৰস্তুত হৈ বেলেগ কথা উলিয়ালো। ঘৈণিয়েকে কিবা কামৰ অজুহাত দি ৰুমত সোমাই গ’ল। খোৱা শেষ হোৱাৰ পিছত মোক আগবঢ়াই দিবলৈ অহাৰ সময়ত চৌধুৰীয়ে কিয় ইমান চুপচাপ হৈ থাকিল বুজি নাপালো। যিয়ে নহওক ৰাতি বেগটো সাজু কৰি সোনকালে শুই পৰিলো। ৰাতিপুৱাই উভতি যাবলৈ সাজু হওঁতে চৌধুৰী আহি পালে আৰু মোক বাচ ষ্টেচনলৈ আগবঢ়াই নিলে।
      বাচত বহাৰ সময়ত বাটত খাবলৈ ঘৈণিয়েকে দিয়া খোৱা বস্তুৰ টোপোলা এটা মোৰ হাতত দি ক’লে-“ কালি ৰাতিৰ বাবে বেয়া নাপায় যেন। আছলতে ঝৰণাৰ কাষত বহি ছবি অঁকাটো আমাৰ একমাত্ৰ ছোৱালী কবিতাৰ অভ্যাসৰ দৰেই আছিল। এদিন ঝৰণাৰ একেবাৰে ওচৰৰ পৰা ছবি আঁকিবলৈ গৈ পিচল খাই উলটি পৰে আৰু বেয়াকৈ খুন্দা খাই মৃত্যুমুখত পৰে। আপোনাৰ দৰেই বহুতে হেনো তাইক প্ৰায়েই তাত ছবি আঁকি থকা দেখে, আমি কিন্তু আজিলৈকে দেখা নাই।” এইবুলি ৰুমালেৰে চকুৰ পানী মুচি মাত লগাই চৌধুৰী বাচৰ পৰা নামি যায়।


পৃষ্ঠাঃ ৩৬

শাহু মোৰ "মা"

জোন মনি দত্ত  
জাঁজী
তামূলীছিগা  মাজঁগাও

বোৱাৰী, আজি প্ৰথম নিশাই তোমাক কথা কেইটামান ক'ম বেয়া পাবা নেকি ?
মা কিয় বেয়া পাম ,যি ক'ব বিচাৰে আপুনি মোক বিনা দ্বিধাই ক'ব পাৰে ।
: বোৱাৰী  পৰিয়ালত এতিয়া তোমাৰ সৈতে আমি চাৰিটা প্ৰাণী । দেশচাই বেশ ,গতিকে  নিজকে পৰিবেশ ,পৰিস্থিতিৰ লগত খাপখুৱাই চলিবলৈ চেষ্টা কৰিবা । বজৰুৱা কথা,ওচৰ চুবুৰীয়াৰ কথাত বৰকৈ কাণ নিদিবা । ওচৰ চুবুৰীয়াৰ লগত  মিলা -প্ৰিতিৰেই থাকিবলৈ চেষ্টা  কৰিবা ।
: হ'ব মা।
: আৰু শুনা, মইপুৱা বাহিবন কৰি গোহালী অতাই গা পা ধুই গোসাঁই ঘৰ সোমাই হে  পুৱাৰ চাহ জলপান  প্ৰস্তুত কৰোঁ ।কালিলৈৰ পৰা এটা কাম তুমি  কৰিবা । পুৱা চোতালখন  সাৰি গা ধুই চাহ জলপান তুমি দিবা। হ'বনে ?
: হ'ব মা এইটো আৰু  ক'ব লগা কথা নে । মা এতিয়া মোৰ বহুত টোপনি ধৰিছে, শুবলৈ যাঁওনে ?
: অ' হ'ব এতিয়া  শুৱাগৈ যোৱা । কথাতো মনত ৰাখিবা ।
: অ' মা

আৰে পুৱা  ৬ বাজি গ'ল ।এতিয়ালৈকে কোনো এজন উঠায়ে  নাই। মাক উঠায়ে দিওঁ নেকি ! আৰু এই  অমল ইমান সময়নো শুৱ লাগেনে ? মইতো এবাৰ জগাইথৈয়ে আহিছোঁ । কি কৰো সকলো কাম কৰি আজৰি হ'লো । দেউতা বেপাৰলৈ নাযায় নেকি ! আৰু এই অমলটো , তাৰতো অফিচ আছে (ৰুমীয়ে মনতে গুণাগঠা কৰিব ধৰিলে ) হঠাৎ যেন ৰুমীৰ ভাৱনাত যতি পৰিল 
: উঠিলা বোৱাৰী ?
: অ' অ' মা  ,আপুনি উঠিলে । মা আপুনি গা ধুই গোসাঁই ঘৰত সোমাই আহক । দেউতা আৰু অমল উঠিছে হ'ব পায় ! মই সকলোৰে বাবে চাহ  যোগাৰ কৰোঁ ।
: হ'ব বোৱাৰী । মই প্ৰথমে গোহাঁলীতো চাফা কৰি হাঁহ -ছাগলী কেইটা মেলি আহোঁ ।
: মা আপুনি মাত্ৰ গাটো ধুই গোসাঁই ঘৰ সোমাই আহক।
: বাকি সকলো কাম মই কৰি আজৰি কৰিলো ।
: বোৱাৰী তু...মি !
: অ' মা জিয়ৰীতে জানো মই এই বিলাক কাম ঘৰত কৰা নাছিলো । ঘৰত  মই মোৰ  ঘৰৰ বাবে যিখিনি কৰিছিলো ,জন্মদাত্ৰী আইক যেনেদৰে সহায়ৰ হাত আগবঢ়াইছিলো তেনেদৰেই আপোনাকও সহায় কৰাত কোনো  কিন্তু নাই মা।
: বোৱাৰী মই  বৰ ভাগ্যবান তোমাৰ দৰে এজনী ছোৱালীক বোৱাৰী পায়।
: মা ময়ো বহু ভাগ্যৱতী আপোনাৰ দৰে এগৰাকী সহজ সৰল মনৰ মাক পায় । আপুনি মোৰ শাহু নহয় মা। আপুনি মোৰ মা । মা নাৰীৰ জীৱনৰ দুখন ঘৰৰ এখনত জন্ম  আনখনত মৃত্যু । যিখন ঘৰত মোৰ সুখ-দুখ ,আত্মময্যদা, সন্মান ,আৰু ভৱিষ্যত আছে ,আৰু সেইয়া কেনেদৰে হাতৰ মুঠিত ধৰি ৰাখিব পাৰিম  তাৰ গুৰি বঠা আপোনাৰ হাতত আৰু সেইখন ঘৰেই হ'ল এইখন ঘৰ মা। জন্মলোৱা ঘৰ খনত নৈতিকতাৰ শিক্ষাৰে মাত্ৰ মৰম চেনেহেৰে একলা দুকলাকৈ ডাঙৰ হ'লো । ইয়াত আহি মোৰ নাৰী জীৱনে পূৰ্ণতা পালে মা । আপোনাৰ দৰে এগৰাকী সহজ সৰল মনৰ  মা সম এগৰাকী মাক পালো , দেউতাৰ সম দেউতাক পালো । অমলৰ দৰে এজন দ্বায়িত্বশীল ও মৰমীয়াল স্বামী পালো । মা ইয়াতকৈ আৰু মোক কি লাগে  ? 
তাইৰ কথা শুনি মৰমতে ৰুমীক শাহুৱেকে চুমাৰে উপচাই দিলে।

পৃষ্ঠাঃ ৩৭

পৰিবৰ্তন

কৰবী গগৈ
ডিব্ৰুগড়

হাতত পাঁচটা পইচা লৈ বোকা পানী ফেনেকি মদন কাই দোকানত বুটভজা বিচাৰি গগনফলা চিঞৰ মাৰিছিলোঁ
: দোকানী, অ দোকানী...
ভাৱিলেই মনটো কেনেবা লাগি যায়৷ পিছে তেতিয়াৰ মদন কাইৰ বাঁহৰ জুপুৰিটো এতিয়া দুটা মহলৰ ’মদন ষ্টৰ’ হ'ল৷ অৱশ্যে তেতিয়াৰ দৰে মদন কাইৰ দোকানত নাৰীকল তেলৰ টেমা, পপ বিস্কুট, বুটভজা এইবোৰতে সামৰণি নপৰে৷ মদন কাইৰ দোকানৰ কেৱল নামেই নহয় ৰেহৰূপেই সলনি হ’ল৷ বাৰীৰ লাও, ধেকীয়াৰে আৰম্ভ কৰা মদন কাই এতিয়া ফাৰ্মাচী, পাৰ্লাৰৰ দৰে বহু কেইটা ব্যৱসায় হ’ল৷ এইবোৰ দেখি সন্তুষ্টি আৰু হতাশা দুয়োটাই একে সময়তে মনটো ভিৰ কৰিলে৷ বোকা-পানী গচকি পাৰ হোৱা ৰাস্তাবোৰ পকী হ'ল, জুপুৰিবোৰ গুচি ধুনীয়া ধুনীয়া অট্টালিকা হ'ল৷ আপোন ঠাইখনৰ এনে উন্নতিত মন সঁচাকৈয়ে আত্মসন্তুষ্টিৰে ভৰি উঠে৷ কিন্তু মনপ্ৰাণ সজীৱ কৰি ৰখা সেউজীয়াবোৰ নোহোৱা হৈ যোৱাৰ দৃশ্যই হৃদয়খনত জানো কম আঘাত কৰে! 
গধুৰ মনটোৰে অভি এখোজ দুখোজকৈ আগবাঢ়িছিল তেনেতে ৰুবুল পেহাক লগ পালে৷ ৰুবুল পেহা মানে ৰূপজ্যোতি মজলীয়া বিদ্যালয়ৰ হেডমাষ্টৰ৷ স্বভাৱতেই হাঁহিমুখীয়া পেহাই চিনাকি হাঁহিটো মাৰি সুধিলে 
: এইটো অভি নহয়নে ?
: হয় পেহা ৷ ভালে আছে ?
: আছো, আছো, তই হ'বলা ঘৰলৈ বুলি...
: হয় পেহা গৰমৰ বাবে অফিচবোৰ বন্ধ । সেয়েহে ভাৱিলো দুদিনমান গাৱঁতে থাকি যাওঁ৷
: বৰ ভাল কৰিলি ৷ পিছে গৰম ইয়াতো একেই ৷ আগৰ সেই আদৰ্শ গাঁৱৰ শান্ত পৰিৱেশ এতিয়া আৰু নাই৷ দেখিছই হ'বলা চাৰিওফালে আধুনিকতাই ছানি ধৰিল৷
গছ গছনি নোহোৱা হ'ল৷ ওখ ওখ বিল্ডিং সাজিলে৷
: কিন্তু পেহা সেই ওখ বিল্ডিংবোৰত যে সুকোমল আৰু নিৰ্মল বতাহ সোমাব নোৱাৰে৷
: তাকেই অ'! আগতে এনে উৎকট গৰম হোৱা মনতে নপৰে৷ থাকিবলৈ ঠাই নাই উশাহ ল'বলৈ যেন কষ্ট৷
: ঠিকেই কৈছে পেহা ৷ ভাবিলে বেয়াই লাগে ৷ এই কেইটামান বছৰতে ইমান পৰিবৰ্তন হৈ গ'ল৷
: নকবি আৰু বুজিছ কেৱল গাঁৱৰে পৰিবৰ্তন হোৱা নাই মানুহৰ মনবোৰো পৰিবৰ্তন হ'ল ৷ আগৰ সহজ-সৰল মনবোৰ কৰবাত হেৰাল৷ লোভ-লালসা, হিংসা-বিদ্বেষে মানুহৰ মনবোৰ ভৰিল৷
পিছে তই দুদিনমান থাকিবি হ'বলা ?
: থকাকৈ আহিছোঁ পেহা ৷ 
হ'ব তেনে আগবাঢ় ৷ পিছে আমাৰ ফালে পাক এটা মাৰিবি ৷ মানুহবোৰ বৰ ব্যস্ত বুজিছ ৷ একেটা ঘৰত থাকিও দেখা পোৱা কঠিন৷
: হ'ব হ'ব পেহা পাক এটা মাৰিম ৷ আহোঁ তেনে৷
অভিক বিদায় দি পেহা আগবাঢ়িল ৷ যাবৰ পৰত গুণগুনাই গ'ল
"এইখনি গাঁও বুকুৰ আপোন,
ইয়াতে....." 
উফ, পেহাৰ কথাবোৰে যেন অভিৰ হৃদয়ক খণ্ড খণ্ড কৰি গ'ল ৷ পৰিবৰ্তন প্ৰকৃতিৰ নিয়ম ৷ অভিয়েও পৰিবৰ্তন দেখিছিল ৷ কিন্তু কেতিয়াবা বাস্তৱক স্বীকাৰ কৰিবলৈ মনে অস্বীকাৰ কৰে ৷ 
টি...টিট্‌ কাষেৰে সাউদ কৈ পাৰহৈ যোৱা বাইকৰ হ'ৰ্ণত  অভি উচপ খাই বাস্তৱৰ পৃথিৱীলৈ উভতি আহিল৷ কথাবোৰ ভাবি থাকোঁতে অভি কেতিয়া ঘৰৰ পদুলি পালেহি সি তলকিবই নোৱাৰিলে৷ দুচকুৰে বৈ অহা লোতক দুধাৰি কোনোবাই দেখে বুলি খৰখেদাকৈ মোহাৰি অভি আগবাঢ়ি গ'ল৷

পৃষ্ঠা ৩৮
মানৱ শৰীৰ আৰু যোগ সম্পৰ্কীয়ঃ

ধ্যান

চিন্ময়ী দাস
কামৰূপ, অসম-৭৮১১৩২
যোগাযোগৰ বাবে ৮৪৭৪৮২৫৩১১

বৰ্তমান বিজ্ঞানে এই কথা প্রমাণ কৰি দেখুৱাইছে যে মানসিক প্রশান্তি অর্জন কৰিবলৈ আটাইতকৈ উত্তম আৰু সহজ উপায় হ’ল ধ্যান । আৰু এই মানসিক প্রশান্তিয়ে শৰীৰৰ বহুতো ৰোগ বা সমস্যা আপোনা–আপুনি নোহোৱা কৰি তোলে৷ 
 ধ্যান হ’ল শৰীৰ আৰু মনৰ ঐক্যৰ এক নিদর্শন ৷ মানসিক অশান্তিয়ে হৃদপিণ্ডৰ গতি বৃদ্ধি কৰি ৰক্তচাপ ঊর্ধ্বগামী কৰি তুলিব পাৰে ৷ ধ্যানে শৰীৰত দেখা দিয়া মানসিক অশান্তিবোৰ ৰোধ কৰিব পাৰে ৷ প্ৰাচীন ভাৰতীয় যোগ–শাস্ত্রৰ বৈজ্ঞানিক অধ্যয়নে প্রমাণ কৰি দেখুৱাইছে যে ধ্যানে বহুতো অসাধ্য স্বৰূপ কথা সহজ সাধ্য কৰি তুলিব পাৰে। সেয়েহে আপোনালোকেও ধ্যান কৰিবলৈ আৰম্ভ কৰিব পাৰে তাৰ বাবে তলত ধ্যান কেনেকৈ কৰিব দিয়া হ'ল-

১৷ প্রথমতে  এখন ঠাই আৰু  এটা নিৰ্দিষ্ট সময় বাছি ল’ব।  কোঠাৰ ভিতৰত কৰিলে কোঠাটো হ’ব লাগিব পৰিস্কাৰ, শান্ত আৰু নীৰৱ৷ খিৰিকী খুলি ৰাখিব, যাতে বতাহ আহিব পাৰে। পৰিস্কাৰ আৰু ঢিলা কাপোৰ পৰিধান কৰিব। 

২৷ আৰাম কৰি বহিব, ধ্যান আপুনি বেলেগ বেলেগ ধ্যান আসনত কৰিব পাৰে যেনে পদ্মাসন, বজ্ৰাসন  আদি । আপোনাৰ ভাল লগা এটা আসন বাছি লৈ বহিব। পিঠি চিধা কৈ ৰাখিব।  কোনো ধৰণৰ শাৰীৰিক অস্বস্তিয়ে যাতে মনোযোগ ভংগ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰি ল’ব ৷  ধীৰে ধীৰে আৰু গভীৰভাৱে উশাহ ল'ব৷ লাহে লাহে উশাহ এৰি দিব। নিজৰ উশাহ–নিশাহৰ ছন্দৰ প্রতি সচেতন হৈ থাকিব৷

৩৷ লাহে লাহে মনটো শান্ত আৰু নিষ্ক্রিয় কৰি ল’ব৷ বুঢ়া আঙুলিৰে তৰ্জনী আঙুলিত চাপ দি বাকী আঙুলি কেইটা খুলি ৰাখিব।  চকু দুটা মুদি ল’ব৷ মনটো সম্পূর্ণভাৱে চিন্তা–শূন্য কৰি ল’ব৷

৪৷ দুচকুৰ সোমাজত বিন্দু এটা ঠিক কৰি লৈ তাৰ ওপৰত নিজৰ মন–সংযোগ সম্পূর্ণভাৱে কেন্দ্রীভূত কৰিব৷ বহুতো মানুহে মন্ত্র পাঠ কৰে৷  মন্ত্রটো নিঃশব্দে বা সশব্দে পুনৰাবৃত্তি কৰি থাকিব পাৰে৷ কিছুমানে মন্ত্ৰ অদিও আদিও বজাই লোৱা দেখা পোৱা যায়।

পৃষ্ঠা ৩৯

অনুভৱ

অভিজিত মজুমদাৰ ( অংকু)

আমি প্ৰত্যেকেই একো একোখন সমাজত বাস কৰি আহিছোঁ। সেই সমাজ ব্যৱস্থাৰ লগত নিজকে খাপ খোৱাই চলিবলৈ শিকিছোঁ। বিপদৰ সময়ত সেই সমাজৰ লোকৰ সহায় পাই আহিছোঁ, সুখৰ সময়ত একলগ হৈ উদযাপন কৰিছোঁ। কিন্তু আমাৰ সন্তান তথা উঠি অহা প্ৰজন্মৰ বাবে আমি সমাজখন সুন্দৰকৈ সজাই ল'ব পাৰিছো নে ? প্ৰত্যেকখন সমাজেই ভৱিষ্যত প্ৰজন্মৰ বাবে উপযোগী হৈ আছে নে ? 
              মই ভাবো, সমাজখন সুন্দৰকৈ সজাই তুলিবলৈ আমি সপ্তাহত এদিন হ'লেও সমাজৰ হকে সময় দিব লাগিব । প্ৰত্যেকেই সমাজত হোৱা বেয়া কৰ্মৰ বিৰুদ্ধে মাত মাতিব লাগিব। লগতে ভাল তথা সৎকৰ্মৰ বাবে নতুন নতুন পদক্ষেপ ল'ব লাগিব। 
 বিশেষকৈ মাদক দ্ৰব্যৰ প্ৰচলন নোহোৱা কৰাটো লগতে যিসকল মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ সমাজত এক বেয়া বাতাবৰণৰ সৃষ্টি কৰিছে, সেই সকলক মূল সূঁতিলৈ ঘূৰাই আনিব লাগিব। 
 সমাজত থকা পুৰুষ, মহিলা, শিশু সকলৰ মাজত মৰম, ভালপোৱা, শ্ৰদ্ধা বজাই ৰাখিব লাগিব। ডাঙৰে সৰুক মৰম, সৰুই ডাঙৰক শ্ৰদ্ধা কৰিলে সমাজখন সকলোৰে বাবে বসবাসৰ উপযোগী হৈ পৰিব। 
 সমাজখনত শিক্ষাৰ প্ৰচলন যথেষ্ঠ হোৱাটো অতি আৱশ্যক। শিক্ষা অবিহনে সমাজ তথা দেশৰ উন্নতি অসম্ভৱ। ছাত্ৰ ছাত্ৰী সকলে সমাজখনত থাকি পঢ়া শুনাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব যাতে নোৱাৰে। সমাজখনত কিতাপ আৰু পুথিভঁৰালৰ গুৰুত্ব বৃদ্ধি হ'লে সকলো নৱ প্ৰজন্ম এক সঠিক গতিৰে আগবাঢ়ি যাব। সেই প্ৰজন্মই আমালৈ গৌৰৱ কঢ়িয়াই আনিব। 
         সমাজখন পৰিচালনা কৰাত জ্যেষ্ঠ জনৰ ভূমিকা বহুখিনি গুৰুত্বপূৰ্ণ। জ্যেষ্ঠ জনে দিয়া সকলো খিনি উপদেশ সকলোৱে মানি চলিলে সমাজখনৰ পৰা অন্যায় আঁতৰি এক সুস্থ সবল সমাজ গঢ় লৈ উঠিব। সমাজখন ঠিক হ'লেহে প্ৰতিটো মানুহেই সৎ, জ্ঞানী, গুণী হ'ব। সুস্থ সবল শক্তিশালী সমাজ গঠন হ'লেহে দেশৰ পৰা অন্যায় আঁতৰি দেশখন শক্তিশালী আৰু শ্ৰেষ্ঠ হ'ব।।


,বেলশৰ ,নলবাৰী,
9707618459



পৃষ্ঠা ৪০

আৰ্ট গেলাৰীঃ

মৌকুঁহি গগৈ
ক্লাছ 2
ডনবস্ক স্কুল লিচুবাৰী



পৃষ্ঠা ৪১
শেষ পৃষ্ঠাৰ লেখাঃ

শ্ৰমজীৱী জনগণৰ মহান নেতা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা 

পৰিণীতা কলিতা
সহ সম্পাদিকা অঙ্গন


“অ’ অসমীয়া ডেকা দল, অ’ অসমীয়া ডেকা দল

আজি তোৰ তেজাল বদন মলিন কিয় হ’ল ?

দুৰ্গম নদ-পাহাৰ-গিৰি, লংঘিছিলে ডেকাগিৰী

সুন্দৰ শংকৰে লৰি কৰিছিলে তল

দেখুৱাইছিল লগত জুৰি অসীম বাহুৰ বল

সিও যে তোৰ নাইকিয়া হ’ল ৷…”


মধ্যযুগীয়া অসমত স্বৰ্ণযুগৰ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ পৰৱৰ্তী যুগত যিসকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰি জাতিটোক ঐশ্বৰ্যমণ্ডিত কৰিছে ৷ সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা আছিল অন্যতম ৷
 বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ কৃষ্টি আৰু কৰ্মৰ মাজেদি বস্তুনিষ্ঠ ভাবে বিশ্লেষণ কৰি নিজকে ন- অসমৰ নৱ জাগৰণৰ এজন সৃষ্টিশালী খনিকৰ ৰূপত প্ৰতিষ্ঠা কৰি গৈছে ।  এইগৰাকী বৰ্ণাঢ্য জীৱন প্ৰবাহৰ অধিকাৰী বিষ্ণুপ্ৰসাদ ৰাভাই বঙ্গৰ ৰাজধানী , পূৰ্বাঞ্চলৰ সাহিত্য-সংস্কৃতি তথা বাণিজ্যিক কেন্দ্ৰ স্বৰূপ ঢাকা মহানগৰীৰ সেনাৰ ছাউনিত ১৯০৯ চনৰ ৩১ জানুৱাৰী তাৰিখে জন্ম গ্ৰহন কৰিছিল । তেওঁৰ পিতৃ আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ আছিল গেঠীবালা ৰাভা ।

হালোৱা,হজুৱা,বনুৱা,দলিত,শোষিত,নিষ্পেষিত,নিপীড়িত ৰাইজৰ হিয়াৰ মৰম-চেনেহৰ মাজতেই ৰাভাই  জীৱনৰ সমস্ত সুখ বিচাৰি পাইছিল। তেওঁলোকৰ মাজৰে এজন হৈ মিলনৰ ৰঙীণ মালা পিন্ধি অসম মাতৃৰ মুখত হাঁহিৰ সঞ্চাৰ ঘটোৱাই তেওঁৰ উদ্দেশ্য আছিল।মানৱ দৰদেই তেওঁক মাৰ্ক্সবাদৰ প্ৰতিও আকৰ্ষিত কৰিছিল।বগা পাঠা স্বৰূপ সাম্ৰাজ্যবাদ আৰু ক’লা পাঠা স্বৰূপ পুঁ‌জিপতি শোষণকাৰীক বলি দি সাম্য আৰু নিকা সমাজৰ সপোন দেখিছিল।
ৰাভাৰ অন্তৰত জনতাৰ স্থান কেনেকুৱা আছিল সেয়া এটা ঘটনাৰ জৰিয়তে স্পষ্ট ৰূপত বুজিব পাৰি।এবাৰ ৰাভাদেৱে যাত্ৰা কৰি থকা গাড়ী এখনত আদবয়সীয়া তিৰোতা এগৰাকীয়ে বমি কৰিছিল।ফলত যাত্ৰীসকলৰ তিৰোতাগৰাকীৰ ওপৰত বৰকৈ খং উঠি গালি-গালাজ কৰিবলৈ ধৰিলে।তেতিয়া ৰাভাদেৱে নিজৰ গাত লোৱা এৰী চাদৰখনেৰে বমি কৰা চিটটো মচাৰ লগতে গাড়ীৰ ভিতৰখন চাফা কৰিলে।সকলোৱে আচৰিত হৈ ইজনে আনজনৰ মুখলৈ চোৱা-চুই কৰিলে।কোনেও ৰাভাদেৱক চিনি পোৱা নাছিল।তেওঁ গন্তব্যস্থল পাই নামি যোৱাৰ পাছতহে চালকৰ মুখে আটায়ে গম পালে যে সেয়া তেওঁলোকৰ ৰাভাহে আছিল।এয়াই আছিল সহজ-সৰল ৰাভাৰ উচ্চ মনৰ উদাহৰণ।তেওঁ জনতাৰ শক্তিক শ্ৰদ্ধা কৰিছিল।জনতাৰ মাজতেই সৰ্বোচ্চ শক্তি বিৰাজমান বুলি দৃঢ় বিশ্বাসী আছিল। জন-জীৱনৰ সুখ-দুখ,হাঁহি-কান্দোন,আশা-নিৰাশা আদি তেওঁৰ সৃষ্টিৰাজিত খুব সুন্দৰকৈ ফুটি উঠিছে।ৰাভাৰ প্ৰতিটো সৃষ্টিৰে কেন্দ্ৰবিন্দু আছিল জনগণ।তেওঁ মনে-প্ৰাণে মানুহৰ মাজৰ অসমতা আৰু দৰিদ্ৰতাৰ অৱসান বিচাৰিছিল।কৃষক-বনুৱাৰ প্ৰতি অফুৰন্ত মৰমো তেওঁৰ গীতৰ মাজেৰে ফুটি উঠিছে।কৃষক-বনুৱাক ‘কেঁ‌চা সোণ’ বুলি কোৱাৰ লগতে নিজকে তেওঁলোকৰ বন্ধু বুলিও গণ্য কৰিছিল-

“জুমে জুমে আহ কেঁচা সোণ
আহ বনুৱাৰ দল
ন-পোহৰৰ জিলিকনি সানি
যাওঁ‌ আগুৱাই ব’ল।”

“ব’ল ব’ল ব’ল ব’ল
কৃষক শক্তি দল
অ’ বনুৱা সমনীয়া
আগবাঢ়ি যাওঁ‌ ব’ল।”

শোষণ-দুৰ্নীতি নিৰ্মূল কৰি সহজ-সৰল হালোৱা,হজুৱা,বনুৱাৰ সমাজ এখন তেওঁৰ কাম্য আছিল। শোষিত শ্ৰেণীৰ দুৰ্দশা দেখি কাতৰ হোৱা ৰাভাদেৱে গীতৰ মাধ্যমেৰেই ৰণুৱা-বনুৱাৰ মাজৰেই এজন হৈ গৰজি উঠিছিল-

“ধনী ! মহাজন ! ! জমিদাৰ ! ! !
…………………হুচিয়াৰ ! হুচিয়াৰ
শেষ যুদ্ধৰ আমি ৰণুৱা
পৃথিৱীৰ হালোৱা বনুৱা
হ’ম বিজয়ী আমি দুখীয়া।
ক’ত ৰ’বি ধনী এইবাৰ
হুচিয়াৰ ! হুচিয়াৰ ! !
ধনী ! মহাজন ! ! জমিদাৰ ! ! !
……………হুচিয়াৰ ! হুচিয়াৰ ! !

তেখেতে এনেদৰেই ওৰেটো জীৱন জনগণৰ হিতৰ নামতেই উচৰ্গা কৰিছিল ৷এইজনা জনতাৰ বন্ধুৰ ১৯৬৯ চনৰ ২০ জুন তাৰিখে মহাপ্ৰয়াণ ঘটে।কিন্তু তেখেতে সমাজত যি আদৰ্শৰ নিচান ৰাখি থৈ গ’ল সেয়াই তেওঁক অসমীয়াৰ অন্তৰত চিৰযুগমীয়া কৰি ৰাখিব।


উচ্চ শাখা ( স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিক) 
গুৱাহাটী বিশ্ববিদ্যালয়
টিহু,নলবাৰী (৭৮১৩৭১) 
ফোন:৯১২৭৫৬৪১২৪


পৃষ্ঠা ৪২

Post a Comment

3 Comments

Ankuran2 said…
Thank you for comment
eilinevalencia said…
Tiang Gambling Card - Titanium Arts
Tiang Gambling Card. Tiang's gambling casino and hotel will titanium magnetic be titanium bicycle a men\'s titanium wedding bands luxurious experience titanium bong for the young. There are more than 400,000 titanium max trimmer electronic chips,