অণুগল্পঃ প্ৰতিযোগী ১৫

 


কস্তুৰী

সাগৰিকাই দিল্লী বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈছিল এবুকু উচ্চ আকাংক্ষালৈ।। বুদ্ধিত বৃহস্পতি আৰু সৌন্দৰ্য্যত সৰগৰ অপ্সৰা। বহু চেষ্টা কৰাৰ পিছতহে হাৰিয়ানাৰ নিশান্তৰ প্ৰেমৰ জালত আৱদ্ব হৈছিল তাই। তাই দুমাহৰ অন্তসত্তা হৈছিল। বিয়া পাতিম বুলি লৈ গৈছিল মুম্বাইলৈ। নিশা দহজন পুৰুষ আহিল সিহঁতৰ কোঠালৈ। সিহতৰ আওভাওতে বুজিছিল তাই দুষ্ট চক্ৰত বিক্ৰী কৰা হ'ল। দুখত হৃদয় ভাঙি গৈছিল, আৰু মাক দেউতাকৰ আশা ভৰা চাৱনি মনলৈ আহিছিল। পাৰভঙি দুচকু বাগৰি আহিছিল। এটা এটাকৈ দহটা পিশাচে ধুনীয়া বুলি গৌৰৱ কৰা শৰীৰটো আজুৰি আজুৰি খাইছিল। আকাশত এজাক শগুণ উৰি ফুৰিছিল

হিৰণ ভূঞা
মুম্বাই, মহাৰাষ্ট্ৰ, ফোন নংঃ  8898620831

Post a Comment

1 Comments

Beauti Borborah said…
A true reflection of today's society. Really liked it.