অকণিৰ অংকুৰণঃ জুন ২০২১

এদিন  বৰুৱাৰ  কলিং   বেলটো   বেয়া  হোৱাত  তেওঁ  ইলেকট্ৰিচিয়ানজনক মাতি  আহিলেগৈ। পাছদিনা  ইলেকট্ৰিচিয়ানজন  নহাত   বৰুৱা   গৈ  পুনৰ তেওঁক   সুধিলে--

-কালি  তুমি  নগ'লা  কিয়?

-গৈছিলোঁ । মই   কলিং  বেলটো   ইমান   বজালোঁ   কোনো   ওলাই  নাহিল  । সেয়ে উভতি আহিলোঁ।

😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

ৰামেশঃ আমাৰ  ঘৰৰ   ফালে   এজন  মানুহ  আছে , তেওঁ দুসপ্তাহৰ   মূৰত   চুলি  কাটে । 

ৰামেনঃ আমাৰ   ঘৰৰ   ফালে   এজন   মানুহ   আছে । তেওঁ   পাঁচ দিনৰ    মূৰে মূৰে   চুলি   কাটে  ।

গনেশঃ  তাতনো  কি  ডাঙৰ   কথা,  আমাৰ  ঘৰৰ  ফালে   এজন   মানুহ   আছে  ।  তেঁও   পাঁচ  মিনিতৰ  মূৰে  মূৰে    চুলি  কাটে । 

ৰামেশঃ   কিয়  ?  তেওঁ   টপা   নেকি ?  

গনেশঃ  নহয় !   তেওঁ   নাপিত ।

সংগ্ৰহঃ তৃষাংগী   প্ৰিয়ম   বৰুৱা

শ্ৰেণীঃ অষ্টম। বিদ্যালয় - কুৰালগুৰি   উচ্চতৰ   মাধ্যমিক  বিদ্যালয়, গোলাঘাট

😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂


অকণিৰ অংকুৰণ

(মাহেকীয়া শিশু আলোচনী)

মুখ্য সম্পাদকঃ হেমেন নাথ

উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী। ডিটিপি, অংগসজ্জাঃ প্ৰণৱ প্ৰতিম নাথ

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ৱেব ঃ www.ankuranpublication.com

আমাৰ হোৱাটচএপ নম্বৰঃ 9678696861

এই সংখ্যাৰ বেটুপাতৰ অকণি

ভাৰ্চিলিনা বৰুৱা

প্ৰথম শ্ৰেণী, ভেলী ভিউ স্কুল, লক্ষীমপুৰ

পিতৃঃ মমিন বৰুৱা, মাতৃঃ নিজুমণি বৰুৱা।


অংকুৰণ মামাৰ চিঠিঃ

ই-আলোচনী অকণিৰ অংকুৰণ

মৰমৰ অকণিহঁত, মৰম ল'বা। আশাকৰোঁ, তোমালোক কুশলে আছা। বৰ্তমানৰ এই জটিল পৰিস্থিতিত আমি যে জীয়াই আছোঁ এয়াই আমাৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ। কিয়নো কভিড নামৰ মহামাৰীত এতিয়ালৈ আমাৰ দেশত প্ৰায় ২,৯২,৭৪,৮২৩ জন লোক আক্ৰান্ত হৈছে আৰু প্ৰায় ৩,৬৩,০৭৯ জন লোকৰ এই ৰোগত মৃত্যু হৈছে। এই ৰোগৰ বাবেই মানুহবোৰেও ঘৰতেই সোমাই থাকিবলগীয়া হৈছে। একেদৰে এইখিনি সময়ত তোমালোকেও ঘৰতেই মা-দেউতা, ককা-আইতা, ভাইটি-ভন্টী, দাদা-বাইদেউৰ লগত খেলি আছা, নহয় জানো?এই ৰোগৰ বাবেই চৰকাৰে দোকান-পোহাৰ, বজাৰ, কাৰ্যালয় আদি খোলা আৰু বন্ধ কৰাৰ সময় নিৰ্ধাৰণ কৰি দিছে। যোৱা বছৰৰ দৰেকৈ এই বছৰতো তোমালোকৰ বিদ্যালয়সমূহ বন্ধ হৈ পৰিছে। এনেবোৰ কাৰণতে আমি অংকুৰণ আলোচনীখনৰ কেবাটাও সংখ্যা ছপা কৰিব পৰা নাছিলোঁ।

আমি জানিবলৈ পাই সুখী হৈছোঁ যে এনে পৰিৱেশতো তোমালোকৰ অধ্যয়নত যাতে বাধা নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন পদ্ধতিৰে (মোবাইলৰ জৰিয়তে) তোমালোকৰ ছাৰ বাইদেউসকলে পাঠদান কৰি আছে। এনে পদ্ধতিৰে পাঠসমূহ আয়ত্ব কৰাত তোমালোকে কিছু অসুবিধা পাইছা যদিও পদ্ধতিটোৰ লগত একাত্ম হ'বলৈ যত্ন কৰিবা। কিছুমান জটিল বিষয় ভালদৰে বুজি নাপালে পুনৰ ছাৰ বাউদেউসকলৰ লগত যোগাযোগ কৰিবা অথবা ঘৰৰেই হওক বা ওচৰ চুবুৰীয়াই হওক যি এই বিষয়ত অভিজ্ঞ তেওঁলোকৰ লগত আলোচনা কৰিবা।

অকণিহঁত, সকলো বস্তুৰে এটা ভাল আৰু এটা বেয়া দিশ থাকে। আমি বেয়াখিনিক বাদ দি ভালখিনিক আদৰিব পাৰিলেই সুফল পাম। গতিকে তোমালোকেও প্ৰয়োজনতকৈ অধিক সময় মোবাইল ফোনটোৰ সৈতে ব্যস্ত নহ'বা। এই ক্ষেত্ৰত ডাঙৰ সকলৰ পৰামৰ্শ মতে সময়সীমা বান্ধি ল'বা, তোমালোকৰ উপকাৰ হ'ব।

এতিয়াৰ পৰা অংকুৰণ আলোচনীখনো অনলাইন পদ্ধতিৰে পঢ়িব পৰা ব্যৱস্থা এটা আমি হাতত লৈছোঁ। আশাকৰোঁ, তোমালোকে পূৰ্বৰ দৰেই আমালৈ লেখাসমূহ পঠিয়াবা আৰু আলোচনীখন নিয়মীয়াকৈ পঢ়িবা। এইখিনিতে প্ৰশ্ন হয়, তোমালোকে কিদৰে আমালৈ লেখাবোৰ পঠিয়াবা? এই ক্ষেত্ৰত তোমালোকৰ মা-দেউতা অথবা ওচৰ চুবুৰীয়াই সহায় কৰিব। ধৰা হ'ল, তুমি কবিতা এটা লিখিছা। কবিতাটি লিখি ঘৰৰ ডাঙৰসকলক দেখুৱাবা। তেওঁলোকে ধুনীয়াকৈ তোমাৰ কবিতাটো মোবাইলতে অসমীয়াত টাইপ কৰি আমালৈ পঠিয়াই দিব। একেদৰে ছবি এখন আঁকিলেও তোমালোকে ডাঙৰ সকলৰ মোবাইলৰ জৰিয়তে আমালৈ ছবিখন পঠিয়াই দিবা। একেদৰে আলোচনীখনত প্ৰকাশিত যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈও ডাঙৰ সকলৰ সহায় লবা। তেওঁলোকে আমাৰ হোৱাটচএপ নম্বৰলৈ তোমালোকৰ লেখা, ছবি আদি পঠিয়াই দিব। আনহাতে এই ক্ষেত্ৰত তোমালোকে আমাৰ প্ৰতিনিধিসকলৰ লগতো যোগাযোগ কৰিব পাৰিবা। তেওঁলোকৰ নম্বৰলৈও লেখা, ছবি আদি প্ৰেৰণ কৰিব পাৰিবা।

অকণিহঁত, আমি আশাবাদী-- তোমালোকে এইদৰে আলোচনীখনৰ লগত পুনৰ যোগাযোগ স্থাপন কৰি নিজৰ প্ৰতিভাসমূহ প্ৰকাশ কৰিবা। একেদৰে আমি অভিভাৱক-অভিভাৱিকা সকললৈও অনুৰোধ জনাব বিচাৰিছোঁ, যদি আপোনালোকৰ ঘৰত থকা কণমানিটোৱে (প্ৰাক্ প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈ) কবিতা এটা লিখিবলৈ চেষ্টা কৰিছে, এটা গল্প লিখিছে, জানানে, সাঁথৰ, কৌতুক আদি সংগ্ৰহ কৰিছে, এখন ছবি আঁকিছে তেন্তে সেইখিনি আমালৈ প্ৰেৰণ কৰক। আমাৰ হোৱাটচ্এপ নম্বৰ ওপৰত উল্লেখ কৰা হৈছে। কেৱল অকণিৰ অংকুৰণলৈ বুলি লিখিবলৈ নাপাহৰে যেন।

অকণিহঁত, শেষত তোমালোকলৈ পুনৰ মৰম যাচিছোঁ। ভালে থাকা, ঘৰতে থাকা। আজৰি সময়বোৰত নিজৰ পচন্দৰ কামবোৰ কৰিবা। কিতাপ পঢ়িবা, গান গাবা, কবিতা লিখিবা, ছবি আঁকিবা। এনেবোৰ কামে মানুহৰ মনবোৰ ধুনীয়া কৰি ৰাখে।

তোমালোকৰ মৰমৰ

অংকুৰণ মামা


তোমালোকৰ মনৰ কথাঃ

স্মৃতিৰ ডুখৰীয়া কলাজ আৰু

মোৰ ব্যক্তিগত অনুভৱ

✍শ্ৰুতিশিখা খনিকৰ, শিৱসাগৰ , চাৰিং

মৰমৰ অংকুৰণ মামা,

মৰম ল'ব । আশা কৰোঁ আপোনাৰ লগতে অংকুৰণৰ পৰিয়ালবৰ্গ  কুশলে আছে।

মামা, সেয়া ২০১৯ চনৰ এপ্ৰিল মাহৰ কথা । মই তেতিয়া দশম  শ্ৰেণীৰ ছাত্ৰী। হঠাৎ এদিন মোৰ হাতত পৰিছিল ' অংকুৰণ ' আলোচনীখন । মামা, মই সৰুৰে পৰাই বিভিন্ন কবিতা, গল্প লিখি ভাল পাইছিলোঁ লগতে পঢ়িও বহুত ভালপাওঁ। বিভিন্ন আলোচনী পঢ়িছিলোঁ যদিও 'অংকুৰণ' খন সেই বাৰে প্ৰথম পঢ়িছিলোঁ । সেই তেতিয়াৰে পৰা প্ৰত্যেক মাহেই বহুত হেঁপাহেৰে ৰৈ থাকোঁ মৰমৰ অংকুৰণখনিলৈ । মনৰ ৰঙীন উপত্যকাত যেন হাত বাউলী মোক মাতে অংকুৰণ খনীয়ে আৰু অংকুৰণৰ বুকুত থকা হাজাৰ হাজাৰ অকণিৰ সৰু সৰু মনৰ কবিতা, গল্প বোৰে ...। অংকুৰণ পঢ়াৰ আমেজ সঁচাকৈ সুকীয়া । মামা নেজানো আলোচনী খন কিয় ইমান প্ৰিয় হৈ পৰিল মোৰ! লাহে লাহে মই অংকুৰণৰ নিয়মীয়া পঢ়ুৱৈ হৈ পৰিলোঁ। আৰু মনতে থিৰাং কৰিছিলোঁ যে মইও অংকুৰণলৈ কিবা এটা লিখিম। তেতিয়া আমাৰ স্কুলীয়া জীৱনৰ সমাপ্তিৰ সময় । তেতিয়াই নিজৰ মনৰ অনুভৱ খিনিকে অংকুৰণ লৈ লিখিছিলোঁ। সেইটোৱে আছিল মোৰ অংকুৰণ লৈ বুলি লিখা প্ৰথম লেখনি । আৰু যেতিয়া প্ৰথম লেখাটোৱে প্ৰকাশ পাইছিল, মামা মই সেইদিনা আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ। এক ভাষাৰে বুজাব নোৱাৰা বিমল আনন্দত মই আপ্লুত হৈ পৰিছিলোঁ আৰু তেতিয়াৰে পৰা অন্তৰৰ নিভৃত কোণত অংকুৰণখনে এক সুকীয়া স্থান দখল কৰি পেলালে ।

মামা, আপুনি আমাৰ বহুত প্ৰিয়। আকাশৰ দৰে বিশাল মনৰ অধিকাৰী । সাগৰৰ দৰে গভীৰ আপোনাৰ অন্তৰখন আৰু আমাৰ অকণি হঁতৰ প্ৰতি থকা আপোনাৰ মৰম বোৰ। মই সদায়ে আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ ।মামা, আপুনি অকণিহঁতৰ সাহিত্যিক প্ৰতিভাক বিকাশৰ অৰ্থে অংকুৰণ খনক আগবঢ়াই দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ । সেয়ে সমূহ অকণিৰ হৈ আপোনাৰ বাবে বহুতো মৰম আৰু শ্ৰদ্ধা নিবেদিলোঁ।

মামা , অংকুৰণ আলোচনী খনৰ লগত মই বৰ্তমান জড়িত হৈ আছোঁ। মোক অংকুৰণ খনে লিখাৰ ক্ষেত্ৰত বহুত অনুপ্ৰেৰণা যোগায় । শিশুৰ উপযোগীকৈ সকলো শিতানেই সামৰি লোৱা আমাৰ মৰমৰ অংকুৰণ খনে শিশুৰ কৌতুহল প্ৰদীপ মনটো আৰু কল্পনা জগত খনক এক নতুন ৰঙীন পৃথিৱীলৈ ৰূপান্তৰ কৰে। জ্ঞান তথা দক্ষতা লাভ কৰাৰ অভূতপূৰ্ব সমাহাৰ অংকুৰণ আলোচনী খন। কিতাপ হৈছে জীৱনৰ স্থায়ী আৰু বিশুদ্ধ আনন্দৰ উৎস । কিতাপ অন্তহীন প্ৰেৰণাৰ বিশাল প্রেৰণাৰ উৎস । আৰু এই অন্তহীন প্ৰেৰনাৰ উৎস মোৰ বাবে এই অংকুৰণ খন । 

শেষত, অংকুৰণলৈ মোৰ বহুত মৰম আৰু অংকুৰণৰ দীৰ্ঘায়ূ কামনা কৰিলোঁ।


অংকুৰণ লৈ বুলি একলম

সেইদিনা আছিল ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা ৰাতিপুৱা। পবিত্ৰ শইকীয়া ছাৰ সোমাই আহিছিল আমাৰ শ্ৰেণী কোঠালৈ হাতত এসোপামান ফৰ্ম লৈ। ছাৰে তুলি দিছিল মোৰ হাতত এখন ফৰ্ম ।সেইখন আছিল ৰচনা প্ৰতিযোগিতাৰ আবেদন পএ।

মই আৰু আমাৰ স্কুলৰ কেইজনমানে তাত অংশগ্ৰহণ কৰিছিলোঁ। তাত বিভিন্ন ধৰণৰ ৰং বিৰঙৰ কিতাপ সজাই থোৱা হৈছিল আৰু তাৰে পৰা এখন কিতাপ মোৰ হাতত তুলি দিছিল। সেইখনেই আছিল মাহেকীয়া আলোচনী অংকুৰণ। অংকুৰণ খন পঢ়ি সঁচাই ভাল লাগি গৈছিল। উল্লেখযোগ্য যে সেই ৰচনা প্ৰতিযোগিতাত মই প্ৰথম আৰু বিদ্যালয়ৰ আন দুজন ছাত্ৰ-ছাএীয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। ৰচনা প্ৰতিযোগিতাৰ পুৰষ্কাৰ প্ৰদান কৰিবৰ বাবে অংকুৰণৰ সম্পাদক ‌শ্ৰদ্ধাৰ হেমেন নাথ (অংকুৰণ মামা) আহিছিল। সঁচাকৈয়ে মামাক লগ পাই বহুত ভাল লাগিছিল। বিশেষকৈ মৃদুভাষী সৰল মনৰ মামাজন যাৰ হাতৰ পৰশত প্ৰাণ পোৱা অংকুৰণ খন হাতত লৈ মনতে ভাবিছিলো, আলোচনীখনলৈ লিখনি পঠাম বুলি। আৰু সেইদিনাৰ পৰাই লিখিবলৈ আৰম্ভ কৰিছিলোঁ। লাহে লাহে আলোচনীখনত প্ৰায়ে মোৰ লিখনি প্ৰকাশ পাবলৈ ধৰিলে, অংকুৰণ মোৰ আপোন হৈ পৰিল। প্ৰতিটো মাহেই অধীৰ আগ্ৰহেৰে বাট চাই ৰওঁ প্ৰিয় আলোচনী খনলৈ। হয়তো মোক আজি ক'ৰবাত কিবা এটা লিখিবলৈ শিকোৱাৰ চেষ্টা কৰা প্ৰথম অনুপ্ৰেৰণাই হ'ল অংকুৰণ। তাত লিখিবলৈ লৈয়ে হয়তো বহুত কথা শিকিছিলোঁ আৰু আজিও শিকি আছোঁ।

যদিও কভিড মহামাৰীৰ বাবে এটা বছৰ আমি অংকুৰণ পঢ়িবলৈ নাপালোঁ তথাপিও অংকুৰণক পুনৰ অনলাইন প্ৰক্ৰিয়াৰে আমাৰ হাতত তুলি দিয়াৰ বাবে অংকুৰণৰ সমূহ কৰ্ম কৰ্তাৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অংকুৰণ আমাৰ জ্যোতিষ্মান হৈ ৰওক।।

প্ৰস্তুতি শৰ্মা

গোলাঘাট বাণিজ্য মহাবিদ্যালয়


সাধুঃ

পাতিহাঁহ আৰু কেৰ্কেটুৱাৰ সাধু

ৰতনপুৰ গাঁৱৰ এঘৰ মানুহৰ ঘৰত এজনী তজবজীয়া পাতিহাঁহ আছিল ৷ তাই সেই মানুহঘৰৰ এজাকমান ৰং বিৰঙী কুকুৰা আৰু এজাক ছাগলীৰ স’তে বাস কৰিছিল ৷ যথা সময়ত তাই কণী পাৰি এবাহ পোৱালি দিলে আৰু সদায় বাঁহনিৰ সিপাৰে থকা পথৰুৱা পুখুৰীটোত পোৱালিজাকক চৰাবলৈ নিয়া হ’ল ৷ এনেদৰে যাওতে যাওতে সেই বাঁহনিত থকা চটু নামৰ এটা তীখৰ কেৰ্কেটুৱাৰ সৈতে বন্ধুত্ব হ’ল ৷ চটুৱে সদায় পাতিহাঁহৰ পোৱালিজাক হিচাপ কৰে ৷ সৰ্বমুঠ সোতৰটা পোৱালি আছিল ৷ তাকে দেখি হাঁহজনীয়ে  পেতপেতাই হাঁহে আৰু কয় --

চটু, তোৰ আৰু কাম নাই। কিয়নো হিচাপ কৰ’ সদায় ৷ 

চটুৱে কয়-- হিচাপ ৰখাটো অতি জৰুৰী ৷ 

এদিন চটুৱে ক’লে--

ৰচকী বাই সৰ্বনাশ হ’ল। আজি তোমাৰ পোৱালি চোন পানীৰ পৰা ষোল্লটাহে উঠি আহিছে ৷

কথা শুনি ৰচকীবাইৰ বুকু চিৰিংকৈ মাৰিলে ৷  

তাই লৰালৰিকৈ পোৱালিজাক লক্ষ্য কৰিলে। কিন্তু একো তৎ ধৰিব নোৱাৰিলে। হ’লেও আটাইকৈ সৰু বগা পোৱালিটো যে নাই তাই গম পালে ৷ তাই তেঁত তেঁত কৈ তাক মাতিব ধৰিলে ৷ কিন্তু সি নাহিল৷ অৱশেষত  হাঁহজনী পানীলৈ নামি গ’ল আৰু লতা আৰু কাঁইটৰ মাজৰ পৰা বগা সৰু পোৱালিটো উদ্ধাৰ কৰি আনিলে ৷ নহ’লে ৰাতি তাক জম্বু নামৰ ডাঙৰ বেং টোৱে খাই পেলালেহেঁতেন ৷

ৰচকী বাই য়ে চটু কেৰ্কেটুৱাক ধন্যবাদ জনালে আৰু ক’লে যে গণনা জনাটো জীৱনত অতি প্ৰয়োজনীয় বিষয় ৷

তাই লগতে ক’লে যে পোৱালিকেইটাক ৰাজহাঁহৰ পাঠশালাত অতি সোনকালেই নাম ভৰ্ত্তি কৰাই দিব যাতে সিহঁতে গণনা আৰু যোগ বিয়োগ সকলোতে পৰিপক্ব হয় ৷

✍️কৃষ্ণাময়ুৰী হাজৰিকা, সহ শিক্ষয়িত্ৰী

ৰঙাজান চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়, ৰঙাজান/তিতাবৰ, যোৰহাট।


সাধুঃ

পৰীৰ দেশত এদিন

   ধনটিয়ে হাতত চিলাখন লৈ ঘৰৰ ওচৰতে থকা মুকলি পথাৰখনলৈ গ'ল । ফাগুন মাহত বতাহ বলি থাকে বাবে চিলা আকাশৰ বহু ওপৰলৈ যায় । ধনটিয়ে চিলাখন এৰি দি সূতাডাল ঢিলা কৰি পাছলৈ উভতি চাৰি খোজ মান দৌৰি  দিলে । বতাহে চিলাখন উৰাই লৈ গ'ল । সি মাটিত ৰৈ থাকিল যদিও মনটো চিলাৰ লগতে উৰি গ'ল ।

সি গৈ থাকোঁতে বাটতে এগৰাকী দীপলিপ পৰীক লগ পালে । পৰীয়ে ধনটিক নিজৰ দেশলৈ লৈ গ'ল ।ধনটিয়ে পৰীৰ দেশ পাই আপোনপাহৰা হৈ পৰিল ।ৰং বিৰঙৰ ফুল -ফলেৰে হালি-জালি থকা গছ, বন, নানা ধৰণৰ চৰাই -চিৰিকটি, নিৰ্মল পানীৰ নিজৰা আদিবোৰ পাৰ হৈ সোণ ৰূপেৰে সজ্জিত এটা অট্টালিকা দেখা পালে । পৰীয়ে ধনটিক তালৈ লৈ গ'ল আৰু যি মন যায় তাকে খাবলৈ ক'লে । ধনটিৰ খোৱা বস্তুবোৰ দেখি লোভৰ পানী পৰিল যদিও তেওঁলোকৰ আদপ -কায়দা দেখি তভক মানিলে । কোনেও একো খোৱা বস্তু নষ্ট কৰা নাই । যিমান খাব পাৰিব সেই পৰিমাণৰ খাদ্য বস্তুহে থালত লৈছে ।অতিৰিক্ত একো লোৱা নাই ।

ধনটিৰ তাৰ মাহীয়েকৰ বিয়ালৈ মনত পৰিল । মাহীয়েকৰ বিয়াত এনেদৰে নিজে নিজে লৈ খাব পৰা ব্যৱস্থা কৰিছিল । কিন্তু মানুহবোৰে প্ৰতিবিধ খোৱা বস্তু থালত ভৰাই লৈ আধা খাইছে আৰু আধা নষ্ট কৰিছে। দুই এজনেহে থাল শেষ কৰি খাইছে, মানে অতিৰিক্ত বস্তু লোৱা নাই । সি তাৰ বান্ধৱী পৰীক সুধিলে, তোমালোকৰ কোনেও একো খোৱা বস্তু নষ্ট কৰা নাই কিয়? পৰীয়ে উত্তৰ দিলে -খাদ্য বস্তুবোৰ সীমিতহে, পালো বুলিয়েই আমি সৰহকৈ খোৱা বা নষ্ট কৰা উচিত নহয়। কিছুসংখ্যক প্ৰাণী খাদ্যৰ অভাৱত মৃত্যু মুখত পৰিছে । সেয়ে আমি সকলো প্ৰাণীৰ কথা চিন্তা কৰিব লাগে ।

পৰীৰ কথা শুনি ধনটিৰ মনটো দুখেৰে ভৰি পৰিল । আমাৰ মানুহবোৰে বাৰু কিয় বুজি নাপায়? এদিন সি বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত থাল শেষ কৰি খাওঁতে লগৰ পিংকুৱে তাক খকুৱা বুলি কৈছিল । সি মনতে ভাবিলে । এনেতে তাৰ হাতৰ পৰা সূতাৰ গুলিটো সৰি পৰিল । চিলাখনো মাটিলৈ ঘুৰি আহিল ।পৰীৰ দেশত শিকি অহা কথাবোৰ সি বিদ্যালয় আৰু চুবুৰীয়াক ক'ব বুলি সি মনতে স্থিৰ কৰিলে ।

✍️বন্দিতা শৰ্মা কন্দলি

দেৰগাঁও, গোলাঘাট । ফোন -8011850172


শিশুৰ চৰিত্ৰ আৰু মানসিক বিকাশত সাধুকথাৰ ভূমিকা

✍️লৱ কুমাৰ দত্ত, যোৰহাট।

আমাৰ গ্ৰাম্য সমাজত আগতে গ্ৰীষ্মৰ জোনাক ৰাতি বাহিৰত ঢাৰি-পাটী পাৰি আৰু ঠাণ্ডাৰ দিনত জুহালৰ ওচৰত ককা- আইতাৰ কোলাত বহি সাধুকথা শুনাতো লোক জীৱনৰ এক সহজাত প্ৰবৃত্তি আৰু পৰম্পৰা আছিল। এনে সাধুকথা বোৰৰ শেষত আছিল একোটা নীতিবোধৰ শিক্ষা। গতিকে সাধুকথা মানেই সজ কথা বুলি গণ্য কৰা হৈছিল। প্ৰায় সকলোবোৰ সাধুকথাতে যিকোনো ধৰণৰ এটা শিক্ষা থাকেই। ইয়াৰ কাৰণ হয়তো এইটোৱেই যে সাধুকথা বোৰত অলীক কল্পনা থাকিলেও ইয়াৰ ঘাই শিপা ডাল থাকে মানুহৰ জীৱনৰ লগত। জীৱনৰ অভিজ্ঞতা আৰু উপলব্ধি বোৰেহে সাধুকথাৰ ভেটি স্থাপন কৰিছিল। তদুপৰি আদিতে আমাৰ অনাখৰী সমাজখনত সাধুকথা বোৰেই আছিল শিক্ষাৰ বাৰ্তা- বাহক । জীৱনৰ উপৰুৱা অথচ অতি প্ৰয়োজনীয় শিক্ষাবোৰ এই সাধুকথা বোৰেই পূৰ কৰিছিল। এই সাধুবোৰত শিশুৰ চৰিত্ৰ গঠনত সহায়ক হ'ব পৰা প্ৰতিটো শিক্ষা তথা দিক্ নিৰ্ণয় কৰিব পৰা ক্ষমতা বিদ্যমান হৈ আছে।

     সাধুকথাত গছ-গছনি, চৰাই-চিৰিকতি, জীৱ-জন্তু, নদী-সাগৰ, পাহাৰ-টিলা, দেৱ-দেৱী, জোন-বেলি-তৰা আদিৰ কথা থাকে। আনকি কেতিয়াবা শিলেও কথা কয়। গতিকে দেখা যায় সাধুকথা বোৰত নিৰ্জীৱ বস্তুৱেও প্ৰাণ পাই উঠে। এনেবোৰ অলৌকিক দিশে শিশুক কল্পনা কৰা চিন্তা শক্তিৰ বিকাশ ঘটোৱাৰ লগতে পৰিস্থিতি সাপেক্ষে শিশুক সিদ্ধান্ত ল'ব পৰা মানসিকতা গঢ়ি তোলে। যিহেতু সাধুকথাৰ মাজেৰে ভাল চিন্তাৰ ভাল ফল আৰু বেয়া চিন্তাৰ বেয়া ফল এই নীতি শিক্ষাৰ কথাষাৰ জড়িত হৈ থাকে। কাজেই শিশু মনে এই সাধুবোৰৰ মাজেৰে বেয়া খিনি বাদ দি ভাল হ'বলৈ যত্ন কৰাৰ প্ৰয়াস কৰে। সাধুকথাৰ ভাল চৰিত্ৰ বোৰৰ আদৰ্শৰে নিজৰ জীৱনটো গঢ় দিয়াৰ চেষ্টা কৰে। সাধুকথাৰ নায়কে জীৱনৰ নানা ঘাত-প্ৰতিঘাত বোৰ বহু কষ্টেৰে অতিক্ৰম কৰি শেষত জয়লাভ কৰা দেখি নিজকে আনতকৈ দুৰ্বল বুলি ভবা শিশুৱেও এক নতুন প্ৰেৰণা লাভ কৰে।  তেওঁ লোকৰ মনত সাহস আৰু আত্মবিশ্বাস গঢ় লয়। অন্যহাতে আৰু এটা উল্লেখযোগ্য দিশ যে সাধুকথা কোৱাৰ পৰিণতিত এটি শিশুৰ বাকপটুতা আৰু কথনশৈলী বাঢ়ে।

       সাধুকথাই শিশুক সামাজিকীকৰণতো অৱদান যোগায়। আমি যদি সুক্ষ্ম দৃষ্টিৰে  নিৰীক্ষণ কৰো তেতিয়া দেখা পোৱা যায় যে শৈশৱতে শুনা সাধুবোৰৰ মাজেৰে শিশু সকলৰ মানসিক বিকাশ সাধন কৰা দয়া, মৰম- চেনেহ, ক্ষমা, আকুলতা আদি মানৱীয় দিশ সমূহে শিশুক আত্মকেন্দ্ৰিকতাৰ পৰা সামাজিক ভাব চিন্তাৰ মাজলৈ তেওঁ লোকৰ মন আৰু চিত্তক টানি নিয়ে। সাধুকথাৰ দ্বাৰাই তেওঁলোকৰ মনত শৃংখলাবোধ, বয়স অনুসৰি ভাল বেয়াৰ নৈতিক আৰু প্ৰাকৃতিক তত্ত্ব আদি ধাৰণা বোৰ সৃষ্টি হয়। এখন সমাজ পাতি সামূহিক ভাব প্ৰদানৰ শিক্ষাখিনি এই সাধুকথা বোৰৰ পৰা শিশুৱে পাব পাৰে। গতিকে নিশ্চিতঃ ভাৱে সামাজিক চিন্তা চেতনা জাগ্ৰত কৰাত সাধুকথাৰ অৱদান অপৰিসীম।

        সাধুকথাৰ কাহিনীৰ জৰিয়তে শিশুসকল প্ৰকৃতিৰ সৈতে একাত্ম হ'ব পাৰে। বিশেষকৈ ব্যাখ্যামূলক সাধুকথাত জীৱিত প্ৰাণীৰ লগতে নিৰ্জীৱ পদাৰ্থইও প্ৰাণ পাই উঠে; কথা কয়। এইবোৰত প্ৰতীকী ৰূপত বহু অৰ্থ নিহীত হৈ থাকে। গছ-লতা, তৰু-তৃণ, নদ- নদী, জান-জুৰি, সাগৰ-মহাসাগৰ, পাহাৰ-পৰ্বত, পৃথিৱী- আকাশ এই বোৰ কিয় হ'ল বা কেনেকৈ হ'ল এনেবোৰ বৰ্ণনাৰ সৌন্দৰ্যশালী মনোমুগ্ধকৰ কাহিনীৰ প্ৰভাৱত স্বাভাবিকতে শিশুৰ মণত অনুসন্ধিৎসা বঢ়াই তোলে আৰু তেওঁলোকৰ মণ -হৃদয়ত এক অনন্য অনুকম্পা জাগ্ৰত হয়। ফলশ্ৰুতিত শিশু সকল এই বোৰৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোক প্ৰকৃতিৰ প্ৰেমত ডুব যায়। তদুপৰি বহুবোৰ ৰূপকথাৰ কাহিনীৰ চৰিত্ৰই শিশু সকলক আকৰ্ষণ কৰা দেখা যায় আৰু লাহে লাহে তেনে চৰিত্ৰৰ গুণ-গৰিমাৰে গৰিমামণ্ডিত হ'বলৈ যত্ন কৰে। মুঠতে সাধুকথাৰ লগতে বিভিন্ন পৌৰাণিক চৰিত্ৰৰ কাহিনীৰ মাজত শিশুৰ চৰিত্ৰ আৰু মানসিক বিকাশ সাধনত যথেষ্ট ভূমিকা দেখা পোৱা যায়।


গছ থাকিলেহে মানুহ থাকিব

আমি আটায়ে জানো যে পাঁচ জুনত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। গতিকে আঁহাচোন, আমি আজি পৰিবেশৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ ।

আমাৰ চৌপাশৰ পৰিবেশটো সুস্থ হৈ থাকিলেহে আমিও সুস্থ হৈ থাকিব পাৰিম। সেইবাবেই আমাক দৰকাৰ এটা সুস্থ পৰিবেশ ব্যৱস্থাৰ। কিন্তু যিটো হাৰত প্ৰদূষণৰ মাত্ৰা বাঢ়িব লৈছে তোমালোকে ভাবানে বাৰু আমি এটা সুস্থ পৰিবেশ ব্যৱস্থা পাম বুলি! দিনে দিনে বিভিন্নধৰণৰ প্ৰদূষণবোৰে পৃথিবীখনক জুৰুলা কৰি গৈছে। কল-কাৰখানা,গাড়ী-মটৰে কৰা প্ৰদূষণৰ পৰা আদি কৰি শব্দ প্ৰদূষণলৈকে বিভিন্ন প্ৰদূষণ। যিমানে প্ৰদূষণবোৰ বাঢ়ি গৈ থাকিব সিমানে আমাৰ পৃথিবীখন অসুস্থ হৈ গৈ থাকিব। তোমালোকে জানা কৰ'ণা মহামাৰীয়ে বৰ্তমান আমাক কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন কৰাইছে। ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে; মানুহবোৰ অসুস্থ মানেটো পৃথিবীখনো অসুস্থ। কিন্তু সেইবোৰৰ মাজতো ভাল কথা এটাই যে প্ৰকৃতিয়ে নিজৰ কাম কৰিয়েই আছে। এইকেইদিন গাড়ী-মটৰ কমকৈ চলিছে বাবে প্ৰদূষণ অলপ হ'লেও কমিছে আৰু প্ৰকৃতিয়েও অলপ শান্তিৰে উশাহ ল'ব পাৰিছে। প্ৰদূষণ বাঢ়ি অহাৰ লগে লগে বৰষুণৰ পৰিমাণ কমি যায় আৰু তাৰ বাবে খেতিয়কসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। এই সমস্যাবোৰৰ ক্ষেত্ৰত আমাৰ বাৰু দায়িত্ব ক'ত? আমি জানো যে গছ থাকিলেহে মানুহ থাকিব। সেইবাবে আমি গছ-গছনি নাকাটি গছপুলি ৰোপণ কৰিব লাগিব।

এইখিনিতে তোমালোকক সৰু কথা এটা কৈ থওঁ। ২০২০ চনত দৰং জিলাৰ  গৌৰীশংকৰ কলিতা নামৰ ব্যক্তি এগৰাকীয়ে দিল্লীলৈ খোজকাঢ়ি গৈছিল কেৱল গছপুলি ৰোপণৰ বাবে। তেওঁ কেৱল দিল্লীতেই নহয় দিল্লীলৈ খোজকাঢ়ি যাওঁতে যিমানবোৰ ঠাইৰ মাজেৰে গৈছে সকলোতে গছপুলি ৰোপণ কৰি গৈছিল। এওঁলোকৰ দৰে ব্যক্তিসকলক অনুকৰণ কৰি আমিও পাৰোঁ এনেধৰণৰ মহৎ কামবোৰ কৰি যাব। আন নালাগে, বছৰত অন্ততঃ এটাকৈও যদি গছপুলি ৰোপণ কৰোঁ তেতিয়া প্ৰকৃতি অলপ হ'লেও সুৰক্ষিত হ'ব। তেন্তে আহাঁচোন বাৰু "গছ থাকিলেহে মানুহ থাকিব" বাণীৰে এতিয়াৰে পৰাই আমি সংকল্পবদ্ধ হওঁ। গছপুলি ৰোপণ কৰি এটা সুস্থ পৰিবেশ ব্যৱস্থা গঢ়ি তোলাৰ চেষ্টা কৰোঁ। আহাঁ আমি গছপুলি ৰোৱাৰ লগতে পুলিটোৰ যত্নও লওঁ।

✍️উপাসনা শিৱম

দ্বাদশ মান; বুঢ়ীনগৰ মহাবিদ্যালয়; দৰং জিলা।


চুটিগল্পঃ

কুঁহিৰ মৰম

✍️ চন্দনা হীৰা, গুৱাহাটী

কুঁহি আৰু পাহি দুয়ো নলে-গলে লগা‌ বান্ধৱী। দুয়ো চতুৰ্থ শ্ৰেণীত পঢ়ে। ইজনীয়ে সিজনীক খুৱ ভাল পায়। কিবা কাৰণত এজনী স্কুলত নগ'লে আনজনীয়ে যি কোনো প্ৰকাৰে কাৰোবাক সুধি হ'লেও খৱৰ লৈহে এৰে।

এদিনাখনৰ কথা । সেইদিনা আছিল শনিবাৰ। পাহি স্কুললৈ যোৱা নাছিল । শ্ৰেণীত পাহিক‌ নেদেখি কুঁহিৰ মহা চিন্তা লাগিল। কাৰণ তাইৰ ঘৰটো স্কুলৰ পৰা অলপ দূৰত আছিল। তাই কাক সুধিব, কি কৰিব  ভাবি থাকোঁতে তাইৰ দেউতাকৰ কথা মনলৈ আহিল। দেউতাকে ওচৰৰ এম.ই স্কুল খনতে  শিক্ষকতা কৰে আৰু শনিবাৰে তাইক ছুটীৰ পিছত ঘৰলৈ লৈ যায়। তাই মনতে ভাবিলে যে দেউতাকক কৈ হ'লেও তাই দেউতাকৰ লগতে যেনে তেনে পাহিৰ খৱৰ ল'বলৈ যাব। কথা মতে কাম। দেউতাকে তাইক নিব অহাৰ লগে লগে তাইৰ মনৰ কথা ক'লে আৰু পাহিৰ ঘৰলৈ যাবলৈ বৰকৈ খাটনি ধৰিলে। জীয়েকৰ কথা এৰাব নোৱাৰি  উপায়ন্তৰ হৈ দেউতাকে কুঁহিক লৈ‌ পাহিৰ ঘৰলৈ বুলি ঢাপলি মেলিলে।

পাহিৰ ঘৰৰ পদূলি পোৱাৰ লগে লগে দূৰৈৰ পৰাই কুঁহিয়ে দেখিলে বাৰান্দাতে বহি মাকে পাহিক কোচত লৈ মূৰ ফণিয়াই দি আছে। মটৰ চাইকেলৰ পৰা নামি কুঁহি‌ আৰু দেউতাকে গৈ সিহঁতৰ ওচৰ পালে। সিহঁতক দেখাৰ লগে লগে মাকে লাজ লাজ ভাৱেৰে বহাৰ পৰা উঠি টুলখন কুঁহিৰ দেউতাকলৈ আগবঢ়াই দি ক'লে,--" বহক মাষ্টৰ বাবু । " পীৰা এখন আগবঢ়াই দি কুঁহিক ক'লে,- "কুঁহি মা তুমিও বহা।" 

বহাৰ আগতে কুঁহিয়ে পাহিক স্কুললৈ নোযোৱাৰ কাৰণ সুধিলে। পাহিয়ে কিবা এটা কোৱাৰ আগতে মাকে তপৰাই মাত দিলে,

কুঁহি মা, একমাত্ৰ মোৰ ভুলৰ কাৰণে তাই আজি স্কুললৈ যাৱ নোৱাৰিলে। কাইলৈ তাইৰ জন্ম দিন। তাই আজি এসপ্তাহ ধৰি কেন্ কেনাই আছে তাইক হেনো মই এটা নতুন ফ্ৰক আৰু চক্ লেট কেইটামান সৰহ্কৈ আনি দিব লাগে । মই তাইক চকলেট আনি দিম বুলি কৈছিলোঁ। কিন্তু ফ্ৰকহে আনি দিব নোৱাৰিম বুলি কোৱাত তাই বৰকৈ আমনি কৰি আছিল। কালি ৰাতি ঠেহ্পাতি ভাতো নাখালে। তাইক বুজাব নোৱাৰি খঙৰ ভমকত মই এটা চৰ মাৰিছিলোঁ । চৰ টো তাইৰ গালত নপৰি কাণত পৰিছিল। ৰাতিপুৱাৰে পৰা কাণখন বিষায় বিষায় কৈ তাই কান্দি আছিল। সেয়ে তাইক আজি স্কুললৈ নপঠালোঁ। লোকৰ ঘৰত কাম কৰা পইচাৰে যেতিয়াই যি লাগে দিব পাৰোনে কুঁহিমা ? তাতে দেউতাক থাকিলেও এক কথা আছিল।

কথাখিনি কৈ পাহিৰ মাকে চকুলো টুকিলে।

পাহিৰ মাকৰ‌ কথা শুনি কুঁহিৰ মনটো বেজাৰত ভাগি পৰিল। তাই দেউতাকক বৰকৈ খাটনি ধৰিলে পাহিক সিহঁতৰ ঘৰলৈ লৈ যাৱলৈ। পাহিৰ মাককো তাই টানি অনুৰোধ কৰিলে পাহিক যেনে তেনে  সিহঁতৰ ঘৰলৈ পঠিয়াবলৈ আৰু পিছদিনা খন মাক- দেউতাকৰ‌ লগত‌ পাহিক ঘৰত থৈ যাব বুলিও ক'লে। কুঁহিৰ কথা এৰাব নোৱাৰি কুহিৰ মাকে সিহঁতৰ লগতে পাহিক কুহিৰ ঘৰলৈ পঠিয়াই দিলে।

পাহিক ঘৰলৈ আনি কুঁহিয়ে বৰ ৰং পালে।। দুয়ো মনৰ ইচ্ছা মতে খেলি, নাচি, গাই  ফুৰ্টি কৰিলে। সন্ধিয়া কিছু সময় পঢ়া পাতিও কৰিলে। কুঁহিৰ জন্ম দিনত পোৱা সাধু কথাৰ কিতাপ বোৰো কুঁহিয়ে এখন এখনকৈ পাহিক পঢ়ি শুনালে। মুঠতে দুয়ো জনীয়ে দুয়ো জনীক পায় নথৈ আনন্দিত হ'ল। ৰাতি দুয়ো আনন্দ মনেৰে ভাত -পানী খালে। ভাত - পানী ‌খাই শোৱাৰ আগত‌ কুঁহিয়ে মাকক ক'লে,

মা, আজি‌ পাহি, তুমি আৰু মই একেলগে শুম ।  আৰু শুনা মোৰ জন্ম দিনত যে‌ তোমালোকে দুটা ফ্ৰক্ আনি দিছিলা, মই ৰঙাটোহে পিন্ধিছোঁ ! সেই যে নীলা ফুটুকীয় ফ্ৰকটো, সেইটো  কাইলৈ পাহিক‌ দি দিবা আৰু ৰাতিপুৱা দেউতাক চকলেট কেইটামান সৰহ্কৈ ‌আনিবলৈ ক'বা।‌ কাইলৈ দেউতা, তুমি আৰু মই একেলগে গৈ পাহিক ঘৰত থৈ আহিম। আৰু এটা কথা, যাওতে আমি বৰ নামঘৰত সোমাই ‌পাহিৰ জন্ম দিনৰ বাবে এখন শৰাই দি যাম। তুমি এতিয়াই বুট-মগু অলপ তিয়াই থৈ দিয়া।

কুঁহিৰ কথা শুনি মাক - দেউতাক আচৰিত হ'ল। দুয়োজনে মৰমতে কুঁহি আৰু পাহিক সাৱটি ধৰিলে ।


মৰমৰ উপহাৰ

মিতালীৰ আজি জন্মদিন। তাইৰ ককাক-আইতাক, বন্ধু-বান্ধৱীয়ে শুভেচ্ছা জনাইছে। তথাপিও যেন তাই সুখী হ'ব পৰা নাই। কাৰণ শুভেচ্ছা দিবলৈ, আশীবাদ দিবলৈ তাইৰ মাক-দেউতাক আজি নাই। তাই সৰু থাকোঁতেই এটা পথ দুৰ্ঘটনাত মৃত্যু  হৈছিল। তাইৰো মন যায় মাক-দেউতাকৰ লগত ফুৰিবলৈ, কথা পাতিবলৈ, খেলিবলৈ। সেইদিনা মিতালীয়ে স্কুলৰ পৰা আহি চোতালতে বহি কান্দি  আছিল। সেইফালেদি স্কুলৰ অণিমা বাইদেউ সিহঁতৰ ঘৰৰ সন্মুখেদি পাৰ হৈ যাওঁতে তাইক তেনেকৈ বহি থকা দেখি ওচৰ চাপি সুধিলে "মিতালী, তুমি কিয় কান্দিছা ?"

তাই ক'লে-- "বাইদেউ মোৰ মা-দেউতালৈ বৰকৈ মনত পৰিছে। 

অণিমা বাইদেৱে  তাইৰ মুৰত হাত ফুৰাই ক'লে-- "নাকান্দিবা মাজনী, কাৰণ তোমাৰ  দৰে  বহুতৰে মাক-দেউতাক নাথাকে। সেই বুলিতো তেওঁলোক জীৱনত হাৰি  যোৱা নাই। মোলৈকে তুমি চোৱাচোন? মোৰোতো মা-দেউতা সৰুতে ঢুকাইছিল। মই অনাথ আশ্ৰমত থাকিয়েই ডাঙৰ হৈছোঁ। অথচ নিজৰ ধৈৰ্য্য আৰু কষ্টেৰে এইখিনি পাইছোহি। তুমিও নিজৰ জীৱনত আগুৱাই যোৱা। তোমাৰ সাহস হৈ মই তোমাৰ লগত সদায়েই থাকিম।''

অণিমা বাইদেউৰ কথাখিনিয়ে যেন মিতালীক এটা নতুন জীৱন দি'লে।

বহু পৰিশ্ৰম আৰু একাগ্ৰতাৰ ফলত আজি মিতালী চহৰৰ নামজ্বলা কলেজৰ শিক্ষয়িত্ৰী। এটা মুকলি মনেৰে তাই কলেজৰ পৰা ঘৰলৈ বুলি ৰাওনা হ'ল। সচাঁকৈয়ে অণিমা বাইদেৱে দিয়া এই সাহস যেন তাইৰ বাবে অকল আশী'বাদেই নহয়, ই আছিল তাইৰ বাবে এক মৰমৰ উপহাৰ।

✍️ঈশানী ভৰদ্বাজ

পঞ্চম শ্ৰেণী ,দেৰগাঁও জাতীয় বিদ্যালয়


শিশু পদ্যঃ

বুধিয়ক ছাগলী

এডাল সাঁকোত দুটা ছাগলী 

হ'ল এদিন মুখামুখী,

কথা বিষম দেখি দুয়োটাই

ততালিকে পাঙিলে বুদ্ধি এটি।

এটাই বোলে সাঁকোডালত মই

শুই দিওঁ পেট পেলাই,

তুমি ওপৰেৰে অতি সাৱধানে

যোবা নিজৰ বাট বোলায়।

কথা মতে কাম কৰি

এটাই দিলে শুই,

আনটো গ'ল গাৰ ওপৰেৰে 

বিপদক নেওচি থৈ।

সৎ চিন্তা উপস্থিত বুদ্ধি

আহিলে দুয়োৰে কামত,

দুয়ো নিজ পথে গ'ল আগুৱাই

উপস্থিত হ'ল গন্তব্য স্থানত।

দেখি ছাগলীৰ উপস্থিত বুদ্ধি

আইতাই বোলে নাতিল'ৰা শুনা,

সহজ সৰল বুধিয়ক প্ৰাণীৰ

ক'তো মৰণ নাই জানিবা।

বি:দ্ৰ ( দুটা মুৰ্খ ছাগলী আৰু দুটা জ্ঞানী ছাগলী সাধুৰ আলমত লিখা হৈছে)


✍️মঞ্জিত হাজৰিকা

নকছাৰি, যোৰহাট।


লোভ

এজন সন্যাসী আছিল

লোভ মোহ  মায়া এৰি

দিন কটাইছিল

মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছিল!

সৎ স্বভাৱ আৰু সুখী সদায়

নকৰে কাৰো অপকাৰ আৰু অন্যায়

টলৌ টলৌ ঘূৰে ভাগৰ -জোগৰ নাই

বাটে বাটে  মঙল  চায় নিদিলেও একো দায় -দোষ নাই

পিয়াহত  এদিন অণ্ঠ কণ্ঠ শুকালে

পানী বিচাৰি  গোটেইখন হাঁহাকাৰ কৰিলে

এটা পকা কুৱা চকুত পৰিল

পানী খাবলে' বুলি কাষ চাপিল

ৰছীডালেৰে বাল্টিটো তললৈ নমালে

দুচলুমান পানী খাই  পিয়াহ গুচালে

হঠাতে সন্যাসীজনৰ মতিভ্ৰম হ'ল

বাল্টিটো চুৰি কৰি ল'বৰ মন গ'ল

নিজৰ মনতে কৌতূহল জাগিল

কুৱা টোৰ ইতিবৃত্ত ভাবিব ধৰিল

ওচৰৰ মানুহবোৰক সোধাপোচ কৰিলে

কুৱা খন্দোৱা জন  হেনো

দুৰ্দান্ত চোৰ আছিলে

এবাৰ বোলে চুৰি কৰি বহু ধন পালে

ৰাইজলৈ বুলি কুৱা খন্দাই  থলে

সেয়ে চুৰি টকাৰে  খন্দা কুৱাই

চোৰ প্ৰৱণতা জগালে

কথা বুজি সন্যাসীয়ে তবধ মানিলে....

ভাল মন ভাল কাম

কৰিলে সদায়

বেয়া চিন্তা -বেয়া ভাৱ  নাহে দুনাই

জ্ঞান পাই সন্যাসীয়ে ঈশ্বৰক ভাবিলে

জীৱনৰ বাবে জ্ঞান লভিলে।

✍️ৰেখা বৰকটকী, যোৰহাট।


বাৰিষা আহিছে

বাৰিষা আহিছে আৰু

বৰষুণ পৰিছে 

খাল-বিল, নদ-নদী

পানীৰে উপচি পৰিছে

নদীৰ পানীত মাছৰ

উজান আহিছে

খাল , বিল , পুখুৰীত 

পুঠি , চেনি , গৰৈয়ে

নাচোন নাচিছে ৷

জাকৈ , খালৈ লৈ

খাল , বিল , পথাৰত নামিছে

গছে বনে কুঁহিপাতে 

সজাল ধৰিছে

ধাননি পথাৰ খন

সেউজী সেউজী হৈছে

পানী পাই ভেকুলীয়ে

টোৰ টোৰ কৰিছে ৷

গছৰ ডালত চৰায়ে

গীতটি জুৰিছে ,

বৰষুণৰ পানীৰে

চোতাল ভৰিছে , 

কণমানিয়ে কাগজৰ

নাও খেলিছে 

বাৰিষাৰ আকাশখন

বাৰে ৰহণীয়া

চাই ভাল লাগে

প্ৰকৃতিৰ ৰূপ বিনন্দীয়া ৷ ৷

✍️অদিতি খাওন্দ

জাঁজী জামুগুৰি, শিৱসাগৰ।


আইতাৰ সাধু

অ' আইতা অ' আইতা

তামোল এখন খুন্দা,

এমোকোৰা মুখত লৈ

সাধু  এটি কোৱা।


ৰজাৰ সাধু ক'বানে বাৰু

জন্তুৰ সাধু ক'বা,

ভূতৰ সাধু ন'কবা কিন্তু

শুনিব'লে যে ভয় লগা।


আইতাই ক'লে বান্দৰৰ সাধু

শুনিবলৈ কি যে মজা,

হাঁহি হাঁহি পেট বিষালে

ক'লে ইমানতে থোৱা।


আকৌ ক'লে ৰাজকোঁৱৰৰ কথা

ৰাজকুমাৰীক বিচাৰি যোৱা,

নাতিহঁতৰ  টোপনি গ'ল

আইতাই বোলে আজিলৈ সাধু

ইমানতে সামৰি থোৱা।

✍️প্ৰণামী দেৱী

তেলীয়া সোণৰী গাঁও, গোলাঘাট।


ভাল খবৰঃ

Learn@কুঁহিপাত

শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘ , দিল্লী মহানগৰী ( NCR ),দ্বাৰকা জিলা শাখা'ৰ 'শিশু কল্যাণ আৰু আই মাতৃ' উপসমিতিৰ প্রাক্তন সম্পাদিকা আৰু বর্তমান একে উপসমিতিৰ কেন্দ্রীয় সদস্যা শ্রীমতী ববিতা বৰা আইৰ সহযোগত 'শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘ , দিল্লী মহানগৰী ( NCR ) দ্বাৰকা জিলা শাখা'ৰ সম্পাদিকা শ্রীমতী শর্মীষ্ঠা বর্মন চৌধুৰীয়ে ৭ মার্চ ২০২১ , দেওবাৰৰ পৰা ছাত্র-ছাত্রীক 'অনলাইন'যোগে প্রতি সপ্তাহে এঘণ্টাকৈ অসমীয়া ভাষা তথা ঘোষাপাঠ  শিকাবলৈ আৰম্ভ কৰিছে ৷ এই 'অনলাইন' শ্রেণীকোঠাৰ নাম Learn@কুঁহিপাত ৷ উল্লেখ্য যে এই পাঠদানে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ পৰাও ছাত্র-ছাত্রীয়ে এই শ্রেণীত যোগদান কৰিছে ৷ বৰ্তমান এই শ্ৰেণীৰ ছাত্র-ছাত্রীৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি হৈছে ৷ তাৰে এগৰাকী অনা-অসমীয়া প্রাপ্তবয়স্কৰ উপৰিও তিনিগৰাকী প্রাপ্তবয়স্কাও আছে ৷ প্রাপ্তবয়স্কা তিনিগৰাকীৰ ভিতৰত এগৰাকী ফ্রান্সৰ বিদেশী নাগৰিকো আছে ৷ অৱশ্যে প্রাপ্তবয়স্কসকলে তেওঁলোকৰ বাবে পৃথক শ্রেণীৰ আয়োজন কৰিবলৈ উদ্যোক্তাসকলক অনুৰোধ জনাইছে ৷

উল্লেখযোগ্য যে ওপৰত উল্লেখ কৰা ফৰাছী নাগৰিক গৰাকীয়ে সদ্যহতে এই পাঠদানৰ পৰা বিনামূলীয়াকৈ ব্যক্তিগতভাৱে অসমীয়া ভাষাৰ শিক্ষা গ্রহণ কৰি আছে ৷

অংকুৰণ পৰিয়ালৰ তৰফৰ পৰাও আমি অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিলোঁ।


মৰমৰ প্ৰতিদান

স্নিগ্ধাৰ দুবছৰ বয়সতে জন্মদাত্ৰী মাতৃৰ মৃত্যু হয়। দেউতাকে দ্বিতীয় বিবাহ কৰায়। মাতৃৰ মৰমৰ পৰা বঞ্চিত হোৱাৰ পাছতে মাহীমাককে জন্মদাত্ৰী বুলি ভাবি লাহে লাহে তাই ডাঙৰ হ'বলৈ ধৰিলে । কেইবছৰ মান এনেদৰে পাৰ হোৱাৰ পাছত মাহীমাকৰ কোলালৈ প্ৰিয়ম আৰু প্ৰিয়া নামৰ এহাল ভায়েক-ভনীয়েক আহিল । মৰমৰ আৱেগত ভায়েক - ভনীয়েকহালক পাই স্নিগ্ধা আপোন পাহৰা হৈ পৰিল ।

লাহে লাহে নিগ্ধা শৈশৱ পাৰ হৈ যৌৱনত ভৰি দিলে । তাই দেখিবলৈ ধুনীয়া হোৱাৰ বাবেই মাহীমাকৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হ'বলগীয়া হ'ল। স্নিগ্ধায়ো মাতৃ  বুলি ভাবিয়েই মাহীমাকৰ সকলো দোষ ক্ষমা কৰি নিৰৱে সহি গ'ল । নিগ্ধাই এটা কথাই ভাবিছিল যে এয়া অত্যাচাৰ নহয় মাকৰ পৰা তাই আৰ্শীবাদহে পাইছে। স্নিগ্ধাৰ স্মৃতি শক্তিও আাছিল বৰ প্ৰখৰ ।

কিন্তু এদিন এনে এটা দিন আহিল, য'ত 'সৰুতেই মাকৰ মূৰ খোৱা, অভাগিনী' বুলি লাঞ্ছনা পোৱা স্নিগ্ধাই মাহীমাকক বচাবলৈ নিজৰ এটা কিডনি দিবলৈ ৰাজী হ'ল।

সঁচাকৈয়ে এয়াই আছিল মৰমৰ প্ৰতিদান। মাহীমাকৰ অত্যাচাৰবোৰ নীৰৱে সহি যোৱা স্নিগ্ধাই নিজৰ কৰ্মৰ জৰিয়তে মাহীমাকক দি গ'ল এই মৰমৰ প্ৰতিদান।

✍️সমন্বিতা শৰ্মা

ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোলাঘাট।


কবিতা কাননঃ

গছ

সেউজীয়া পাতেৰে 

থিয় দি থাকে,

সৰু ডাঙৰ নানা বিধে

ধৰণী শুৱনি কৰে।

আম, কঁঠাল, লিচু, জামু

বগৰী আৰু পনিয়ল,

আমাৰ বাৰীত আছে জানা

জহকালি হোৱা এইকেইবিধ ফলৰ গছ।

বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ

অক্সিজেন এৰি দিয়ে,

পৰিষ্কাৰ আৰু নিৰ্মল বতাহ

আমাক প্ৰদান কৰে।

বনচোম, তিতাচপা, শিৰিখ

আৰু যে কত কি,

এইবোৰৰ পৰা কাঠ পাওঁ

জানানে তুমি।

বিভিন্ন গছৰ পৰা আমি

কাগজো পাওঁ,

সেয়ে মই গছ গছনি

বহুত ভাল পাওঁ।

সদৌ শেষত মইনাহঁতলৈ 

কৰিছো অনুৰোধ,

তোমালোক সকলোৱে এটি

গছপুলি ৰুবাচোন।

✍️বিৰাজ দত্ত

ষষ্ঠ শ্ৰেণী, কল্যাণী বাল্য ভৱন, যোৰহাট।


ফুল

ফুল ফুল ফুল

গোন্ধত আমোল মোল

ফুলনিত ফুলি আছে

নানাৰঙী ফুল।

ফুলবোৰ ৰাখোঁ মই

কৰি আতোল তোল ৷

✍️চানী হাজৰিকা

প্ৰাগজ্যোতিকা ইংলিছ স্কুল, তিতাবৰ, যোৰহাট।


সংকল্প

খং কৰিলেও  মই সদাই সঁচা কথা ক'ম

সকলোৰে লগত মই মিলিজুলি‌ থাকিম

ডাঙৰক সদায় সন্মান ‌কৰি‌ যাম

সৰুক মৰম সদায় কৰি যাম

বিদ্যালয়ত ছাৰ-বাইদেও ক শ্ৰদ্ধা-ভক্তি কৰোঁ

বিদ্যালয়ত সদায় মই নিয়ম মানি চলোঁ।

✍️বৈভৱী দত্ত

চতুৰ্থ শ্ৰেণী, জোনাকী সংঘ বিদ্যালয়, যোৰহাট।


তোমালোকে অঁকা ছবিঃ

লিছা বৰুৱা
লেমচাপৰি প্ৰাথমিক বিদ্যালয়, গোলাঘাট

প্ৰিয়াক্ষী শইকীয়া
লেমচাপৰি প্ৰাথমিক বিদ্যালয়, গোলাঘাট

অমৰাংগনা হাজৰিকা
১,নং কুৰাল গুৰি প্ৰাথমিক বিদ্যালয় গোলাঘাট


স্বৰ্গম কিশোৰ শৰ্মা
তিতাবৰ টাউন হাইস্কুল, যোৰহাট।



সাঁথৰ ভাঙিব পাৰিবানেঃ

১/বহলকৈ বিচনাত বহল পাটি পৰা

শুবলৈ মন গ’লেও কিন্তু শুব নোৱাৰা।

২/এনি গুম গুম তেনি গুম গুম

পৰ্বতে গুমগুমায়।

কি বস্তু আছে ,পানীত মিল নাযায়।

৩/এক ৰঙৰ গিলাছত দুই ৰঙৰ পানী

যদি ক'ব পাৰা তুমি মহাজ্ঞানী।

৪/ৰজাৰ তিয়নি

তিয়াব পাৰি

শুকোৱাব নোৱাৰি।

৫/অসম দেশৰ বিষম কথা

কি গছৰ পাত গোটা।

৬/এডালি মাৰলি দুখনি চাল

নবন্ধাকৈ থাকে সৰ্বতি কাল।

৭/আগ তিতা গুৰি মৌ

কি কৰিছা ভেবেলী বৌ।

৮/ঘন ঘন গাঁঠি, ডিঙিত মণি

আকাশলৈ চাই  থাকে

দীঘল চুলি মেলি।

৯/সোনামুৱা ঠাকুৰ চাৰিখন ভৰি

মানুহে মাৰি থয় হাত চাপৰ মাৰি।

১০/বজালে বাজে বেচিলে দাম পায়

ভাঙি গ’লে একো নাই।

(ওপৰত উল্লেখ কৰা সাঁথৰকেইটা ভাঙি আমালৈ উত্তৰসমূহ পঠিয়াবাচোন। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অকণিহঁতৰ নাম আমি আলোচনীখনত প্ৰকাশ কৰাৰ উপৰিও আটাইকেইটা সাঁথৰ ভাঙিব পৰা সকলৰ মাজৰ পৰা লটাৰীযোগে তিনিজন নিৰ্বাচন কৰি তেওঁলোকলৈ মানপত্ৰ প্ৰেৰণ কৰিম। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ অন্তিম তাৰিখ ৫ জুলাই ২০২১)


মামাৰ প্ৰশ্নঃ

১) ১৯০৯ চনত জন্ম গ্ৰহণ কৰা এইজন ব্যক্তি একাধাৰে আছিল বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু।  ব্যক্তিজনৰ নামেৰেই 'বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচাৰ্য‌'ই এটি বিখ্যাত কবিতা ৰচনা কৰিছে আৰু একে নামেৰেই তেখেতৰ এখনি জীৱনভিত্তিক গ্ৰন্থ ৰচনা কৰিছে 'তিলক দাসে'। ক'ব লাগে এই গ্ৰন্থ বা কবিতাটোৰ শিৰোনাম? 

২)আমি সকলোৱে জানোঁ যে, শংকৰ-মাধৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। প্ৰশ্ন হ'ল ক'ত হৈছিল এই মিলন?

৩) ৰংমন,ৰংমেলা,মৌচাক,সঁফুৰা,অংকুৰণ----সংযোগটো কি?

৪) '‍x' হৈছে এবিধ খেল । এই খেলত খেলুৱৈসকলে এখন ভৰি পিছফালে ৰাখি আনখন ভৰিৰে জপিয়াই জপিয়াই ইজনে সিজনক আক্ৰমন কৰি বগৰাই দিয়াৰ চেষ্টা কৰে। কোন বিধ খেলৰ কথা কোৱা হৈছে বাৰু?

৫) ৫জুন তাৰিখে কি দিৱস পালন কৰা হয়?

৬)"নিচিনো তোমাক ক’ত আছা প্ৰভু

আমি অতি সৰু ল’ৰা ।

চিঞৰি চিঞৰি মাতিলে তোমাক

নামাতা দূৰৈৰ পৰা ।।"

কবিতাটো নিশ্চয় আমি সকলোৱে শুনিছোঁ। এতিয়া ক'ব লাগে কবিজনক অসমীয়া সাহিত্যত কি কবি হিচাপে জনা যায়?

৭) বগা ৰং সাতটা ৰঙৰ সমষ্টি।এই কথাটো কোনজন প্ৰখ্যাত বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল ?

৮) ৰামায়ণত লক্ষ্মণে সীতাক চোতালৰ পৰা পাৰ হৈ নাযাবলৈ আঁকি দিয়া ৰেখাডালৰ নাম কি আছিল?

৯) ১২২৮ চনত পাটকাই পৰ্বত পাৰ হৈ 'ক' সকল অসমলৈ আহিছিল। দীৰ্ঘদিন ধৰি অসমত ৰাজত্ব কৰা তেওঁলোকেই হৈছে একমাত্ৰ ৰাজবংশ। তেওঁলোকে কিমান বছৰ শাসনভাৰ চলাইছিল?

১০)বহুল প্ৰচলিত কোনটো জনপ্ৰিয় সামগ্ৰীৰ অসমীয়া প্ৰতিশব্দ 'ভ্ৰাম্যভাষ' ?

(ওপৰত উল্লেখ কৰা প্ৰশ্নকেইটাৰ উত্তৰ দিব পাৰিবানে। যদি পাৰা শুদ্ধ উত্তৰ আমালৈ পঠিয়াবাচোন। শুদ্ধ উত্তৰ দিয়াসকলৰ মাজৰ পৰা লটাৰীযোগে তিনিজন নিৰ্বাচন কৰি আমি মানপত্ৰ প্ৰেৰণ কৰিম। উত্তৰ জমা দিয়াৰ অন্তিম তাৰিখঃ ৫ জুলাই ২০২১)।


ঘোষণা

(জন্ম দিনৰ শুভেচ্ছাৰে-- এই শিতানত আগ্ৰহী অকণিহঁতে নিজৰ ফটো প্ৰকাশ কৰিব পাৰিব। ফটোসমূহ পাচপৰ্ট আকাৰৰ হলে ভাল। আগন্তুক জুলাই মাহত যিসকল অকণিৰ জন্মদিন তেওঁলোকে নিজৰ নাম, জন্মৰ তাৰিখ চন, বিদ্যালয়ৰ নাম, জিলাৰ নাম আৰু মোবাইল নম্বৰ সহ আমালৈ তেওঁলোকৰ ফটো প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আমি তোমালোকৰ ফটোসমূহ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম।)


শেষ পৃষ্ঠাৰ গল্পঃ

উপহাৰ

✍️পলাশী বৰা, যোৰহাট। ফোন নংঃ ৮৬৩৮৯০১৮৫৮।

'আইজনী, পৰাণে বাটতে লগপাই এই টোপোলাটো দি পঠিয়াইছে তোলৈ। চাচোন কি আছে..!' দেউতাকে গধূলি কামৰ পৰা আহিয়েই তুলি দিয়া টোপোলাটো হাতত লৈ তাই পঢ়া টেবুল পালেগৈ। খুলি চাই দেখিলে, কেইবাখনো মূল্যৱান কিতাপ। লগতে এটা চিঠিখাম... লিখা আছে-- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাত 'প্ৰথম স্থান'প্ৰাপ্ত 'সুগন্ধি শইকীয়া'লৈ উপহাৰ... মনটো ভৰি উঠিল তাইৰ।

       'সুগন্ধি শইকীয়া' তাইৰ নাম, ঘৰত আইমণি বুলি মাতে। পুৱাতেই ৰিক্সা চলাবলৈ ওলাই যোৱা দেউতাক, দিনটো ঘৰখনত কামৰ পৰা ৰেহাই নোপোৱা মাকৰ সৈতে অভাৱ অনাটন থাকিলেও তিনিজনীয়া সুখী পৰিয়াল সিহঁতৰ। পঢ়া-শুনাত সৰুৰে পৰাই ভাল ফলাফল দেখুৱাই অহা সুগন্ধিৰ লেখা-মেলা, নৃত্য গীততো বহুত চখ। বৰদেউতাকৰ ল'ৰা পৰাণৰ সদিচ্ছা আৰু সাহসতে তাইৰ কেইবাটাও লেখা ইতিমধ্যে শিশু আলোচনী দুখনমানত প্ৰকাশো পাইছে! সেয়ে তাই কিবা এটা লিখিলেই পোনচাটেই গৈ তাক দেখুৱায়, সিও আন্তৰিকতাৰে ভুল-শুদ্ধবোৰ আঙুলিয়াই দিয়ে। কিমান যে ভাল লাগে ছপা আখৰত নিজৰ নামটো দেখিলে! বৰদেউতাকৰ ঘৰলৈ মাজে মাজে গৈ তাই পৰাণৰ আলমাৰিত ঠাহ খাই থকা কিতাপবোৰ ৰ' লাগি চাই থাকে। কলেজত পঢ়ি আছে যদিও অজস্ৰ বাহিৰা কিতাপ তাৰ...কেতিয়াবা তাই পঢ়িব পৰা দুখনমান কিতাপ উলিয়াই তাইক পঢ়িবলৈ দিয়ে, পঢ়ি শেষ নহ'লে ঘৰলৈও লৈ আহে তাই! তেনেকুৱা শিশু আলোচনী এখন চাই থাকোঁতেই এদিন তাইৰ মনলৈ আহিছিল নিজেও লিখাৰ কথা ! তাই নজনাকৈয়ে এদিন তাইৰ কবিতা এটা সি পঠাই দিছিল আৰু প্ৰকাশ পোৱাৰ দিনা কিতাপখন তাইৰ হাতত তুলি দি আচৰিত কৰি তুলিছিল তাইক!

তেতিয়াৰ পৰা অৱশ্যে দেউতাকে দিনটোৰ শেষত প্ৰত্যেক দিনাই তাইৰ হাতত তুলি দিয়া খুচুৰা পইচাকেইটা সাঁচি থৈ নিজেই এখনকৈ আলোচনী কিনে ককায়েকৰ হতুৱাই আৰু আজি প্ৰথমবাৰলৈ তাই ইমান ডাঙৰ উপহাৰ পাইছে লিখাৰ বিনিময়ত আন কাৰোবাৰ পৰা।

খামটোৰ পৰা চিঠিখন উলিয়াই পঢ়িবলৈ বহিল তাই...

মৰমৰ সুগন্ধি, 

      পোনপ্ৰথমে তোমালৈ বহু বহু মৰম আৰু শুভেচ্ছা যাচিলোঁ। পৰিৱেশৰ ওপৰত লিখা তোমাৰ ৰচনাখনে আমাক সঁচাকৈয়ে মুগ্ধ কৰিলে। আগলৈও লিখি থাকিবা। প্ৰতিযোগিতাসমূহত ভাগ ল'বা। কেৱল যে পুৰষ্কাৰৰ বাবে লিখিবা এনে নহয়, অংশগ্ৰহণ কৰি জিকিব নোৱাৰিলেও শিকিব পাৰিবা । 

     উপহাৰ হিচাপে পঠিওৱা গ্ৰন্থকেইখন পঢ়িবা আৰু কেনে পালা, কি বুজিলা সেই বিষয়ে লিখি আমাৰ ঠিকনাত পঠাবাচোন। বাট চাই থাকিম আৰু মনত পেলাই দিওঁ ৰাভা দিৱসৰ প্ৰতিযোগিতা আহি আছে, আশা ৰাখিছোঁ পুনৰ আমাৰ প্ৰতিযোগিতাত তোমাৰ নাম দেখিবলৈ পাম। 

আয়োজক মণ্ডলী।

চিঠিখন পঢ়ি উৎসাহ দুগুণ বাঢ়িল তাইৰ। লকডাউন বুলি বিদ্যালয়লৈ যাবলৈ নোপোৱাৰ দুখ নিমিষতে পাতলি গ'ল। নিজকে নিজে কথা দিলে- তাই সদায় লিখি থাকিব, লিখি লিখি লেখাবোৰ উন্নত কৰিব! ককায়েকক 'ৰাভা দিৱস'ৰ প্ৰতিযোগিতাৰ বিষয়সমূহ সুধিব আৰু সেইমতে লিখি ককায়েককে জমা দিবগৈ। সি কৈছিল ম'বাইলতে পঠিয়াব পৰা সুবিধাৰ কথা! ৰাভা সংগীতো জানে তাই। তাৰ মুখতে শুনিছিল 'আনলাইন সংগীত প্ৰতিযোগিতা'ৰ কথা। তাই পাৰিব। তাই দেখে সদায় গধূলি ভাগৰত, চিন্তাত জুৰুলা হৈ অহা দেউতাকক। তাইৰ সফলতাৰ খবৰত ভাগৰৰ মাজতো বিৰিঙি উঠা তেওঁৰ ওঁঠৰ হাঁহিটো, একে সময়তে আজলী মাকে ৰান্ধনীঘৰত লগোৱা উলহ-মালহবোৰো দেখে তাই।

আপোন মানুহবোৰক যাচিবলৈ 'ধন্যবাদ' শব্দটো সৰু হৈ পৰে কেতিয়াবা কেতিয়াবা। তাই সিদ্ধান্ত ল'লে, ভালদৰে পঢ়া-শুনা কৰি ভাল মানুহ হ'ব এদিন, ভাল কামবোৰেৰে তাই সুখৰ কাৰণ হৈ থাকিব আনৰ বাবে নহ'লেও এই মানুহ দুজনৰ বাবে,নিজৰ বাবে,তাইৰ ওপৰত বিশ্বাস ৰাখি আগবঢ়াই দিয়া ককায়েকৰ দৰে মানুহবোৰৰ বাবে...। এয়াই হ'ব তেওঁলোকৰ বাবে তাইৰ উপহাৰ।




Post a Comment

1 Comments

Unknown said…
আলোচনীখন সকলোৱে পঢ়িব বুলি আশা ৰাখিলো৷ ভাল লাগিছে আলোচনীখন৷