অণুগল্পঃ প্ৰতিযোগী ৩


নাৰী নিৰ্যাতন

        ল'ৰাটোক অকলে তুলি তালি ডাঙৰ কৰোঁতে বহুত সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে বকুলীৰ। "মা, আমাৰ দেউতা ক'ত থাকে?"--- থুনুক থানাক মাত ফুটা ল'ৰাটোৰ প্ৰশ্নই বিশবছৰীয়া বকুলীক বাৰে বাৰে উত্তৰবিহীন কৰি পেলায়। গাঁৱৰ মহাজনৰ ল'ৰা দুলালে পেটত গোৰ মাৰি পথাৰত পেলাই দিয়াৰ দৃশ্যটো তাই নমৰালৈকে পাহৰিব নোৱাৰে।
       ব'ল বকুলী, ফুৰিবলৈ যাওঁ ব'ল.... ! ককাই ও তই মোক বিয়া কৰাবিনে? মোৰ পেটতো দিনক দিনে বাঢ়ি আহিছে ।দুবেলা দুমুঠি ভাত এগৰাৰ হাহাকাৰ কৰা ঘৰখনে তোৰ লগত ফুৰিবলৈ গ'লে একেবাৰে তোৰ ঘৰত বোৱাৰী হৈ যাব কৈছে। 
      হাঃহাঃ,  তেনেহলে মই নিৰ্যাতন কৰা হাজাৰজনীক বোৱাৰী কৰাব লাগিব---- দুলালৰ উৎকণ্ঠাভৰা হাঁহিৰ প্ৰশ্নোত্তৰ।
        সমাজে একাষৰীয়া কৰা বকুলীৰ এতিয়া কণমানিটোই ৰেল ষ্টেচনৰ পথৰ সাৰথি।

নিবেদিতা দাস দত্ত
পটীয়াগাওঁ,যোৰহাট

Post a Comment

0 Comments