ক'লা ডাৱৰ আঁতৰাই
কাজল সনা দুচকু, ওঁঠত ৰাঙলী আভা, মিঠা হাঁহি এটি লাগি থকা মুখখনি একেবাৰে বেলি ফুল লেখিয়া l মুক্ত জীৱনে আঁকি দিয়া ৰামধেনুখনত নাছি বাগি ফূৰিছিল তাইৰ সৰু বৰ সপোনবোৰ l হোমৰ গুৰিতো একে সপোন দেখা তাই কিন্তু সন্মুখীন হৈছিল অনাকাংশিত বাস্তৱৰ। জীৱনৰ ৰঙবোৰ বিবৰ্ণ হৈ আহিছিল, জঁই পৰি গৈছিল তাই l বহু শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অন্তত তাই মূৰ দাঙি থিয় দিছিল, সিন্ধান্ত লৈছিল তাইৰ মাজত স্থিতি লোৱা জীৱনটোক সুৰক্ষা দিয়াৰ, তাইৰ কণ্যা ভ্ৰুণটোক ভূমিষ্ঠ কৰোৱাৰ l আৰু আজি তাইজনীয়ে আদালতৰ পৰা ওলাই আহিছে সপ্ৰতীভ হৈ, মুক্ত হৈ l
ড০ জ্যোতিশিখা দত্ত
ৰাধা গোৱিন্দ বৰুৱা ৰোড
জু ৰোড, গুৱাহাটী
দূৰভাষ : ৭৫৭৮০২৭২৪৪, ৭০০২১২০০২১
15 Comments