অঙ্গন (দ্বিতীয় বছৰৰ ২য় সংখ্যা)


পৃষ্ঠাঃ ২
পষেকীয়া ই-আলোচনী অঙ্গনৰ

বেটুপাতৰ বাবে ফটো বিচৰা হৈছে।
আগ্ৰহীসকলক নিজৰ আকৰ্ষণীয় ফটো তিনি কপী
9678696861 নম্বৰলৈ হোৱাটচএপ যোগে ডকুমেন্ট ফৰ্মেটত শীঘ্ৰে প্ৰেৰণ কৰাৰ লগতে একেটা নম্বৰতে ফোন কৰি সবিশেষ জানিবলৈ অনুৰোধ জনোৱা হ'ল।

অঙ্গনলৈ লেখা প্ৰেৰণৰ ক্ষেত্ৰতঃ

লেখা পঠিওৱাৰ নিয়মাৱলী:

১) আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।

২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।

৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷

৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।

৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷

৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।

৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861

ইমেইল:
ankuran2014@gmail.com


আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 জুন 2021।

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহীসকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

------X-----X-----X------

বিশেষ ঘোষণা

      অঙ্গনৰ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি অঙ্গনৰ সম্পাদনা সমিতিয়ে "অঙ্গন"ৰ এটি বিশেষ সংখ্যা ছপা কৰাৰ সিদ্ধান্ত লৈছে। সেয়ে এই বিশেষ সংখ্যালৈ লেখা পঠিয়াবলে ইচ্ছা কৰা লেখক/লেখিকা সকলক একেই ঠিকনাত তেওঁলোকৰ লেখা সমূহ আগন্তুক ২৫ জুনৰ ভিতৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালো।
লেখক/লেখিকা সকলে লেখাৰ ওপৰত অঙ্গনৰ বিশেষ সংখ্যালৈ বুলি লিখি পঠিয়াবলে নেপাহৰে যেন।

পৃষ্ঠাঃ ৩
মতামতঃ

পষেকীয়া ই আলোচনী " অঙ্গন " এ ইতিমধ্যে এবছৰ সম্পূৰ্ণ কৰিছে ৷  অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনৰ বাবে এয়া নিশ্চয় এটি শুভ বাৰ্তা ৷ এই শুভ ক্ষণটিত ই-আলোচনীখনৰ সম্পাদক, সহ: সম্পাদক প্ৰমুখ্যে সমূহ বিষয়ববীয়া, কৰ্ম-কৰ্তালৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷ অঙ্গন অৰ্থাৎ চোতাল- অসমীয়া গ্ৰাম্য সমাজৰ এটি এৰাব নোৱাৰা অংগ ৷ কি কি নাথাকে অসমীয়াৰ এই চোতালখনত ৷ জোনাকৰ চোতালৰ সাধুকথাৰ পৰা বয়োজ্যেষ্ঠসকলৰ সৰস আলোচনা, জীয়ৰী-বোৱাৰীহঁতৰ ওকণি চোৱা, কথাৰ মহলা মৰা, ধান, পিঠাগুৰি, আচাৰ -কেঁথা-কম্বল আনি ৰ'দত দিয়া, সকাম-নিকামলৈকে কি কি কৰা নহয় এই চোতালখনত ৷ পষেকীয়া ই আলোচনী ' অঙ্গন 'ৰ দ্বিতীয় বছৰ, প্ৰথম সংখ্যাটো পঢ়ি মোৰো তেনেকুৱাই অনুভৱ হ'ল ৷ তত্বগধূৰ প্ৰবন্ধৰ পৰা দুখনকৈ উপন্যাস, চুটি-গল্প, অণুগল্প, কবিতা, সাক্ষাৎকাৰ ভিত্তিক লেখা, ভ্ৰমণকাহিনী, শিশু লেখা, ৰেচিপি, আৰ্ট গেলাৰীলৈকে ইমান কেইটা শিতান সামৰি লোৱা অঙ্গনে সঁচাকৈয়ে নামটোৰ সার্থকতা অক্ষুণ্ণ ৰাখিছে ৷ তদুপৰি আলোচনীখনে নতুন প্ৰজন্মক যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ৷ এয়াও নিশ্চয় আলোচনীখনৰ আন এক উল্লেখনীয় দিশ ৷ আন কথাত ' অঙ্গন ' এখন সৰ্বাংগ-সুন্দৰ আলোচনী হৈছে বুলি ক'লেও নিশ্চয় বঢ়াই কোৱা নহয় ৷

বৈষ্ণৱ ধৰ্মত 'নাৱৰ নাম ' শীৰ্ষক লীলাধৰ হাজৰিকাৰ ধাৰাবাহিক প্ৰবন্ধটোৰ জৰিয়তে আখৈফুটীয়া অঞ্চলৰ ৰাইজে ব'হাগৰ প্ৰথম দিনটোত দিচাং নদীত নাৱত নাম লোৱা বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাটোৰ বিষয়ে জানি যথেষ্ট উপকৃত হ'লোঁ ৷  শতবৰ্ষ গৰকা এনে এটা পৰম্পৰাক পাঠকৰ আগত তুলি ধৰা এনে এটি তত্বগধূৰ লেখাই আলোচনীখনৰ মান নিশ্চয় উন্নীত কৰিছে ৷ একেদৰে আলোচনীখনৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ ' প্ৰাচীন কামৰূপৰ ভাষা-সংস্কৃতি আৰু ধৰ্ম' ইও পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি ভাবিব পাৰি ৷ শিলালিপি, তাম্ৰফলক, মুদ্ৰা, ভ্ৰমণ বৃন্তান্ত আদিৰ পৰা সংগ্ৰহীত তথ্যৰ আধাৰত লিখা প্ৰণৱ ফুকনৰ লেখাটোৱে ইতিহাসৰ এখিলা পাতহে যেন উন্মোচন কৰিছে ৷ অজয় বৰুৱাৰ ' একাগ্ৰতাৰ অনন্য নিদৰ্শন একলব্য ' আন এটি উল্লেখযোগ্য তথা পঠনীয় প্ৰৱন্ধ ৷ দুশ্চিন্তা, দুৰ্ভাৱনাৰ পৰা নিজক আতৰাই ৰাখি ইতিবাচক মনোভাৱেৰে সৃষ্টিশীল কৰ্মত নিজক নিয়োগ কৰি জীৱনটো যে মধুৰ কৰি তুলিব পাৰি তাকেই সাৱলীলভাৱে বৰ্ণিত হৈছে মঞ্জুমালা শৰ্মা ভট্টাচাৰ্যৰ ' আজৰি সময়বোৰ হওঁক প্ৰাণশক্তিৰ আধাৰ ' শীৰ্ষক প্ৰবন্ধটিত ৷ ইয়াৰ উপৰিও চয়নিকা বৰুৱা আৰু শিৱানী বৰাৰ গভীৰ আশাবাদ প্ৰতিফলিত হোৱা ' অভিশ্ৰুতি' আৰু ' এই বাটেদি ৰাধা যমুনালৈ যায় ' শীৰ্ষক উপন্যাস দুখনেও ' অঙ্গন'ক অনন্য কৰি তুলিছে বুলি ক'লেও নিশ্চয় ভুল কোৱা নহ'ব ৷

ইয়াৰ উপৰিও তিনিটাকৈ অণুগল্প, দুটাকৈ এক মিনিটৰ গল্প, চুটিগল্প আৰু জীৱন বাটৰ কোনো এক কেঁকুৰিৰ অভিজ্ঞতাৰ অনুপম বৰ্ণনাইও ' অঙ্গন 'ক অন্য এক মাত্ৰা প্ৰদান কৰিছে ৷ তিৰুপতি মন্দিৰ ভ্ৰমণৰ মনপৰশা বৰ্ণনাই পাঠককে মন্দিৰ দৰ্শনৰ অভিজ্ঞতাৰে সমৃদ্ধ কৰিব ৷ ইয়াৰ উপৰিও চিত্ৰশিল্পৰ শিতান ' আৰ্ট গেলাৰী'ৰ ছবিকেইখনো নৱপ্ৰজন্মৰ হাতৰ কৰ্ম হিচাপে যথেষ্ট মনোগ্ৰাহী হৈছে বুলি ক'ব পাৰি ৷ এই শিতানটিৰ সংযোজনেও 'অঙ্গন' ক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে ৷

কিশোৰ মঞ্জিত বৰাৰ দৰে প্ৰতিষ্ঠিত কবিৰ কবিতাৰে আৰম্ভ হোৱা কবিতাৰ শিতানটিও ভাললগা হৈছে ৷ অৱশ্যে সকলো কবিতাইযে সমানে ভাল কবিতাৰ পৰ্যায়লৈ উন্নীত হৈছে সেয়া ন-দি ক'ব নোৱাৰি ৷ তথাপিও ক'ব পাৰি ই-আলোচনী 'অঙ্গন' এ পাঠকক আনন্দ প্ৰদান কৰাৰ লগতে সমৃদ্ধও কৰিব বুলি ভবাৰ  থল নিশ্চয় আছে ৷ সুন্দৰ বেটুপাত আৰু অংগসজ্জাৰ কথা নক'লোৱেবা ৷  অৱশ্যে ঠায়ে ঠায়ে দুই এটা বৰ্ণাশুদ্ধি আছে ৷ এইক্ষেত্ৰত  গুৰুত্ব দিয়াটো  প্ৰয়োজন বুলি ভাবোঁ ৷ শিশুৰ শিতান এটা আৰম্ভ কৰি শিশুসকলক  সাহিত্য চৰ্চা কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব পাৰিলে আলোচনীখন আৰু অধিক সমৃদ্ধ হ'ব বুলি ভাবোঁ ৷ বিজ্ঞান সাহিত্যও অন্তৰ্ভুক্ত কৰিব পৰা  যায় নিশ্চয় ৷ কাৰণ বিজ্ঞান- প্ৰযুক্তিক বাদ দি বৰ্তমান পৃথিৱীৰ কথা ভাবিবই নোৱাৰি ৷ শেষত কামনা কৰিছোঁ ' অঙ্গন 'ৰ এই যাত্ৰা অব্যাহত থাকক ৷  'অঙ্গন ' অসমীয়া সাহিত্যালোচনীৰ ভঁৰালটোৰ অন্য এক সংযোজন হওঁক ৷ আমাৰ ফালৰ পৰা 'অঙ্গন"লৈ অভিনন্দন আৰু শুভকামনা জনালোঁ ৷

ৰীতা বৰুৱা

পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চৰাতঃ

১/ সম্পাদকীয়ঃ
    উন্নত গদ্যশৈলীৰ আঁৰৰ কথাবোৰ

২/ প্ৰৱন্ধ:
ক/ বৈষ্ণৱ ধৰ্মত ' নাৱৰ নাম' (লীলাধৰ হাজৰিকা)
খ/ অসম বুৰঞ্জীত দুটি অনন্য নাৰী চৰিত্ৰ ( প্ৰণৱ ফুকন)
গ/ চিন্তনঃ শৈশৱ কাল যদি জীৱনৰ সোণালী সময় ( ইভা দহোটীয়া)
ঘ/ অসমীয়া নাৰীসকলৰ লোকাচাৰঃ উৰুলী ( বন্দনা শৰ্মা কন্দলী)

৩/ ধাৰাবাহিক উপন্যাসঃঃ
ক/ অভিশ্ৰুতি ( চয়নিকা বৰুৱা)
খ/ পোচাকৰ আঁৰৰ মানুহজন ( শিখামণি গগৈ)

৪/ অণুগল্পঃ
ক/ অপেক্ষাৰ অন্তত জীৱন ( অভিজিত শেনচোৱা)
খ/ কিযে কঁপাল ( লাৱণ্য ৰাণু দত্ত)
গ/ পুত্ৰশোক ( ৰেখা সন্দিকৈ)

৫/ চুটি গল্পঃ
ক/  ডাক্তৰ হোৱা গৌৰৱ ( ডাঃ প্ৰভাকৰ দাস)

৬/ অনুবাদ কবিতাঃ
ক/   মনৰ মাজৰ এজুপি গছ
(মূল ইংৰাজী A  TREE WITHIN Octavio Paz
অনুবাদ:  প্রাণকৃষ্ণ গোস্বামী) 
খ/ ছন্দৰীতি (মূল : মহাদেৱ সাহা (বাংলা)
(অসমীয়া অনুবাদ : কুমুদ ঘোষ)

৭/ কবিতাঃ
ক/ মনত বাঢ়ি আহে এখন পাহাৰ ( কিশোৰ কুমাৰ দাস)
খ/ কীটৰ দেশ ( অমৃত শইকীয়া)
গ/ এখন চিতা ( চিন্ময় বৰুৱা)
ঘ/ সোঁৱৰণ ( ৰণ্টু টায়ে)
ঙ/ এটা কাহিনীৰ সন্ধানত ( শিল্পী গগৈ)
চ/ সুখবোৰ ক'ত থাকে ( কাশ্মীৰি দত্ত)
ছ/ স্তৱক ( দুৰ্গেশ্বৰ শইকীয়া)
জ/ এদিনীয়া অপূর্ব দিনলিপি (শর্মীষ্ঠা বর্মন)
ঝ/ ছায়াবৃক্ষ( মীনাক্ষি ৰায় ডাকুৱা)
ঞ/ বলয় ঋতু ( শ্যামলিমা কাকতি)
ট/ বাৰিষাৰ স্তৱক ( মনোজ কাৰ্দং)
ঠ/ উপলব্ধি ( পূৰ্ণিমা বৰুৱা )
ড/ শিশু মই অমানিশাৰ ( ৰূপক হাজৰিকা)
ঢ/ তুমি কোৱাৰ বাবে ( প্ৰীতিৰেখা দাস)
ণ/ প্ৰেম ( পৰিস্মীতা পৰাশৰ)

৮/ অনুভৱঃ   
ক/অ'ই...এক আবেগ..নাহৰৰদেশত ...
Dibrugarh University (প্ৰণতি কলিতা)
খ/জটিল জীবনৰ জটিল সময়বোৰ ( মাম্পী বৰদলৈ )

৯/ শিশু বিশেষঃ শিক্ষা আৰু মূল্যবোধ সম্পৰ্কত ছাত্ৰ-ছাত্ৰীয়ে জানিব লগীয়া কথা (বীৰেশ্বৰ ৰাভা)

১০/ ভ্ৰমণ কাহিনীঃ ৰামেশ্বৰম (শৰ্মীষ্ঠা বৰ্মন)

১১/ নীলা খামৰ চিঠিঃ  পৰশমণি মহন্ত

১২/ গল্পঃ
ক/ ) ৰিব্‌ৰিব বতাহত তোমাৰ চুলিটাৰিৰ সুবাস ( অমিলতা টায়ে মিলি)
খ/ ওমলা ঘৰ ( জ্যোতিমণি শইকীয়া)

১৩/ হাস্যমধুৰঃ কৃষ্ণাময়ূৰী হাজৰিকা

১৪/ ৰেচিপিঃ 
ক/ মচণ্ডৰীয়ে মুৰ্গী মাংস ( নিবেদীতা দাস দত্ত)

১৫/ গ্ৰন্থ পৰ্যালোচনাঃ ৰামধেনুৰ ৰং (পৰ্যালোচনা- হেমেন নাথ)

১৬/ আৰ্ট গেলাৰীঃ তাকি তৈয়াবা হুছেইন, কাজল দত্ত আৰু জয়া দেৱী 

১৭/ শেষ পৃষ্ঠাৰ লেখাঃ পৰাজয় স্বীকাৰ কৰিছোঁ নেকি আমি ! (মঞ্জিত হাজৰিকা)


পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ  দীয়া অ'লেম্যান, নলবাৰী।
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসমূহঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, সংহিতা পূজাৰী, শৰ্মীষ্ঠা বৰ্মন, শিখামণি গগৈ, গোপাল কৃষ্ণ বাঢ়ৈ,
ৰিতু ভঁৰালী, স্বপ্নমজ্যোতি কলিতা, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, জিন্টি, বৰ্ষাৰাণী দত্ত,
হিৰণ্য ডেকা।


পৃষ্ঠা ৬
সম্পাদকীয়ঃ
উন্নত গদ্যশৈলীৰ আঁৰৰ কথাবোৰ

গদ্যশৈলী কি এই সম্পৰ্কে আলোচনা কৰি পাঠকৰ মূল্যৱান সময় আপচয় কৰিব বিচৰা নাই। চমুকৈ ইয়াকে ক'ব বিচাৰিছোঁ যে যিদৰে মানুহৰ কথা কোৱাৰ এটা শৈলী থাকে, যাক কথনশৈলী বোলা হয়, একেদৰে লিখাৰ ক্ষেত্ৰতো মানুহৰ এটা শৈলী থাকে যাক গদ্যশৈলী বুলি কোৱা হয়। এই গদ্যশৈলীৰ ওপৰত লেখকৰ সফলতা বিফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে। এই শৈলী প্ৰতিজন লেখকৰ সুকীয়া বৈশিষ্ট্য।

জনা হোৱাৰে পৰা মানুহে আনৰ মুখৰ পৰা বিভিন্ন কথা-বতৰা শুনি কথা কোৱাৰ এটা শৈলী গঢ়ি লয়। সৎ সংগত থকা মানুহে সুন্দৰকৈ কথাবোৰ ক'বলৈ শিকে আৰু অসৎ সংগত থকা মানুহৰ কথাই আনৰ অন্তৰত আঘাত দিয়ে। যিদৰে শিশুৱে স্বতঃস্ফুতভাৱে ডাঙৰসকলৰ পৰা মাত কথাবোৰ আয়ত্ব কৰে একেদৰে আমিও যাৰ সৈতে সঘনাই কথা পাতোঁ তেওঁলোকৰ কথনশৈলীৰ পৰা নিজৰ কথনশৈলী উন্নত অথবা অনুন্নত কৰোঁ।

যেতিয়া কোনো এজন ব্যক্তিয়ে প্ৰথম অৱস্থাত লিখিবলৈ হাতত কলম তুলি লয় তেতিয়া তেওঁৰ বাস্তৱ জীৱনৰ কথনশৈলীৰেই লিখিবলৈ আৰম্ভ কৰে। ফলত তেওঁৰ চৌপাশৰ মানুহবোৰে তেওঁৰ লেখাবোৰ অতি সহজে বুজি পায়, আগ্ৰহেৰে পঢ়ে আৰু তেওঁক লিখিবলৈ প্ৰেৰণা যোগায়। কিন্তু যেতিয়াই এজন লেখকৰ লেখাই হাজাৰ জনৰ মানসিক চাহিদা পূৰণৰ বিষয়টো আহি পৰে তেতিয়াই তেওঁৰ গদ্যশৈলীৰ প্ৰসংগটো অতি আৱশ্যক হৈ পৰে। এজন লেখকৰ সকলোধৰণৰ লেখাতেই এই গদ্যশৈলীৰ প্ৰভাৱ অপৰিসীম।

উল্লেখ্য যে এই গদ্যশৈলী লেখকে আয়ত্ব কৰাৰ একমাত্ৰ উপায়টো হৈছে কিতাপ পঢ়া। বিশেষকৈ বিশ্ব সাহিত্যৰ অমূল্য সৃষ্টিৰাজিৰ লগতে দেশ তথা ৰাজ্যৰ খ্যাতনামা সাহিত্যিকসকলৰ সৃষ্টিৰাজিক আমি পুংখানুপুংখকৈ পঢ়া আৱশ্যক। এনে কাৰণতে এজন লেখকৰ ভাষাজ্ঞানৰ প্ৰয়োজন হয়। চমুকৈ কবলৈ গলে এজন লেখকে যিমানেই কিতাপ পঢ়িব সিমানেই তেওঁৰ গদ্যশৈলী উন্নত হ'ব আৰু সিমানেই পাঠকে তেওঁৰ লেখাক আদৰি ল'ব। এই ক্ষেত্ৰত আমি এটা কথাতেই গুৰুত্ব আৰোপ কৰিব লাগিব, সেয়া হৈছে— আমি যিজন লেখকৰ লেখা পঢ়িছোঁ তেওঁৰ লেখাক পাঠকে স্বীকৃতি দিছেনে নাই ! যদি সেই লেখকজনৰ প্ৰকাশভংগী অতি দুৰ্বল তেন্তে নিশ্চয় তেওঁৰ লেখাৰ পৰা আমি উন্নত গদ্যশৈলী ৰচনাৰ ক্ষেত্ৰত বিশেষভাৱে উপকৃত নহওঁ। এই সমগ্ৰ পৰিঘটনাটো নিৰ্ভৰ কৰিব নতুনকৈ হাতত কলম তুলি লোৱা লেখকজনৰ বিশ্লেষণাত্মক দৃষ্টিভংগীৰ ওপৰত।

ভাল খবৰ যে আজিকালি প্ৰায়বোৰ নতুন লেখকে কিতাপ পঢ়িবলৈ লৈছে। পৃথিৱীৰ বিখ্যাত সাহিত্যৰাজিৰ লগতে অসমীয়া, ইংৰাজী, হিন্দী, বেংগলী আদি বিভিন্ন ভাষাত ৰচিত প্ৰায়সমূহ বিখ্যাত ৰচনাক তেওঁলোকে আগ্ৰহেৰে পঢ়িছে, ফলত তেওঁলোকৰ গদ্যশৈলীয়ে পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

আমি আশাবাদী, সময় আৰু পৰিস্থিতিৰ লগত একাত্ম হৈ লেখকসকলে ন ন সাহিত্যৰ সৃষ্টিত মনোনিবেশ কৰিব আৰু এই সাহিত্যৰাজিয়ে এদিন বিশ্বৰ দৰবাৰত আমাৰ পৰিচয় ডাঙি ধৰিব।

হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

পৃষ্ঠা ৭
প্ৰৱন্ধঃ
বৈষ্ণৱ ধৰ্মত ' নাৱৰ নাম'
(যোৱা সংখ্যাৰ পিছৰ পৰা)

লীলাধৰ হাজৰিকা

ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা পোৱা গৈছে যে এই নাৱৰ নামৰ শোভাযাত্ৰা দিচাং নদীত প্ৰায় দহ কি: মি: মান ঠাইলৈ সম্প্ৰসাৰিত হয় বুলি গম  পোৱা গৈছে ৷ দিচাং নদীৰ দুয়োপাৰে আহোম,বড়ো, কছাৰী,মিচিং,কৈৱৰ্ত ,কলিতা,কায়স্থ ,ইছলামধৰ্মী নানান জাতি-উপজাতিৰে ঠাহ খাই থকা অঞ্চলটোৰ ৰািজৰ মাজত নাৱৰ নামৰ শোভাযাত্ৰাই এক অনন্য মাত্ৰা প্ৰদান কৰিছে বুলি অনুমান কৰিব পাৰি ৷ মহাপুৰুষ গুৰুজনাৰ মানৱতাবাদী আদৰ্শৰ বাৰ্তাও এই অনুষ্ঠানটোৰ  মাজেদি প্ৰতিফলিত হৈছে ৷ 

নাৱৰে কৰা এনে শোভাযাত্ৰাৰ সময়ত দিচাং নদীৰ দুয়ো পাৰে প্ৰতি ঘাটতে (পানীতোলা ঘাট) প্ৰতিঘৰৰ তিৰোতা -পুৰুষ, ল'ৰা-ছোৱালীসকলে ঘাটলৈ আহি তামোল-পাণ, শৰাই-সঁফুৰা, গোঁসাই কাপোৰ আদি বস্ত্ৰ লৈ শোভাযাত্ৰাত থকা আসন শৰাইক সেৱা জনায় আৰু তেতিয়া নাৱত থকা নামতীয়ে ৰাইজৰ/সেৱক-সেৱকীৰ মংগলাৰ্থে হৰিধ্বনিৰে আশীৰ্বাদ দিয়ে ৷ ৰাইজৰ অগাধ বিশ্বাস এনে আশীৰ্বাদ পালে বছৰটোলৈ অপায়-অমংগল দূৰ হয় ৷ বিভিন্ন জন -গোষ্ঠীৰ মাজত এনে পৰম্পৰাই ঐক্য আৰু সংহতিৰ বাণী কঢ়িয়াই আনে ৷ জনসাধাৰণৰ মাজত প্ৰচাৰিত এনে  শান্তি-সম্প্ৰীতিৰ বাৰ্তাই মানুহৰ মনলৈ কৰ্মপ্ৰেৰণা আৰু সমন্বয়ৰ এনাজৰীডাল কটকটীয়া কৰি তোলে ৷ এই নাৱৰ নাম চাবলৈ দূৰদূৰণিৰ পৰা ভক্তৰ সমাগম ঘটে ৷

এনে নাৱৰ নাম কেনেকৈ আৰম্ভ হ'ল ৷ সেই সম্পৰ্কে কেবাটাও মুখশ্ৰুতি বা জনশ্ৰুতি আছে ৷ কুৰি শতিকাৰ  আৰম্ভণিতে হেনো আখাফুটীয়াৰ ৰাইজক প্ৰথম বিহুৰ দিনা দিচাং নদীত এনেদৰে নাম-কীৰ্তন কৰাৰ বাবে ৰাইজক অনুৰোধ তথা পৰামৰ্শ দিয়ে ৷ আখৈফুটীয়াৰ গুণী-জ্ঞানী লোকসকলে গোসাইৰ এনে সদ-পৰামৰ্শ মানি  গাওঁখনত এনে পৰম্পৰা আৰম্ভ কৰে ৷ এইদৰে প্ৰচলিত হৈ অহা দিচাং নদীত নাৱৰ নামে যোৱা ২০০৭ চনত  শতবৰ্ষ উৎসৱো পালন কৰিছিল বুলি উল্লেখ পোৱা গৈছে ৷ ২০০৭ চনৰ ১ আৰু ২ বহাগত অঞ্চলটোৰ ৰাইজে দিচাং নদীত নাৱৰ নামৰ শতবৰ্ষ উদযাপন কৰিছিল ৷ জ্যোতিৰ্ময় ৰাজখোৱাৰ  'দিচাং নদীক নাৱৰ নাম: এক ব্যতিক্ৰমী পৰম্পৰা ' শীৰ্ষক প্ৰবন্ধত…  ১২ আগষ্ট,২০০৭ / আমাৰ অসম  কাকতৰ দেওবৰীয়া  আলোচনী -পূৰ্বাচলত)  এই সম্পৰ্কে এটি সুন্দৰ আলোচনা  আগবঢ়াইছিল ৷ তেখেতে উল্লেখ কৰিছে -
"তিনি-চাৰিখনকৈ মাৰ বন্ধা পাঁচফোট নাৱত ল'ৰা-বুঢ়া-তিৰোতাসকলো উঠি নামত অংশগ্ৰহণ কৰে ৷ বিহুৰ দিনা পুৱা ধৰ্ম উত্তোলন আৰু বৰনামঘৰত নাম প্ৰসংগ হোৱাৰ পিছতে   ৰূপেশ্বৰ বৰাই (২০০৭চনত)  নামঘৰৰ পৰা ভাগৱত নি নাৱত প্ৰতিষ্ঠা কৰে আৰু সকলোৱে হৰিধ্বনি দি নদীত নাৱৰ নাম শুভাৰম্ভ কৰে ৷ ইয়াৰ পিচতে দিচাং নদীৰ বুকুত কেউখন  নাও উজনিমুৱাকৈ মেলি দিয়া হয় আৰু হৰিনাম, দিহানামৰ ধ্বনিৰে নৈৰ বুকু মুখৰিত হৈ উঠে ৷ লগে লগে নৈৰ দুয়োপাৰে থকা বালিঘৰ, বৰুৱাঘীট,মেমৰঘীট,কৈৱৰ্তঘাট,মিচিং ঘাট,কাকতি ঘাট আদিত অঞ্চলটোৰ বিভিন্ন সম্প্ৰদায়ৰ অগনন লোকে শৰাই আগবঢ়াই  বছৰটোৰ বাবে আশীৰ্বাদ কামনাৰে সেৱা যাচে ৷…  এক প্তি নান্দনিক দৃশ্য ৷ সংস্কৃতি আৰু সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন ৷ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বহুদূৰ দূৰণিলৈ কঢ়িয়াই লৈ গ'ল এই সংস্কৃতিৰ সুবাস ৷ মিচিং ঘাটলৈকে নাও উজাই যোৱাৰ পিছত আকৈফুটীয়া পাৰঘাটলৈকে ভটিয়াই আহি পুনৰ বালিঘাটলৈকে উজাই গৈ বিয়লি ৩ বজাত এই নাৱৰ নামৰ সামৰণি মৰা হয় ৷ "- (উৎস -দিচাং নদীত নাৱৰ নাম -জ্যোৰ্তিময় ৰাজখোৱা -১২ আগষ্ট -পূৰ্বাচল -দেওবৰীয়া বিশেষ আলোচনী -আমাৰ অসম)

শতবৰ্ষ পালনৰ উৎসৱত  প্ৰথমদিনা 'সৰ্বাশিষ ' নামৰ এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ পাইছিল আৰু দ্বিতীয় দিনা নামঘৰত দিনজোৰা নামপ্ৰসংগ, দিহানাম আৰু নিশালৈ পাৰ্থ পৰাজয় ভাওনা প্ৰদৰ্শন হোৱাৰ কথাও ৰাজখোৱাৰ লেখাটোত উল্লেখ আছে ৷

বৈষ্ণৱধৰ্মত নাৱৰ নাম অনাআনুষ্ঠানিকভাৱে  কোনো কোনো নদীত অনুষ্ঠিত হয় যদিও আনুষ্ঠানিকভাৱে আখৈফুটীয়াত হোৱাৰ দৰে অসমৰ কোনো অঞ্চলতেই হোৱাৰ তথ্য আমাৰ হাতত নাই ৷ এইবছৰো উক্ত নাৱৰ নাম অনুষ্ঠিত হৈ যোৱা খবৰটো আমি পাইছো ৷
এই সম্পৰ্কে জানিবৰ বাবে যোৱা ছমাহমান পূৰ্বে আমি  শিৱসাগৰৰ সাংবাদিক মনোজ কুমাৰ গগৈৰ সৈতে কথা পাতিছো ৷ জাঁজীৰ শ্ৰীযুতা অৰ্চনা দত্ত শইকীয়াই আমাক গগৈৰ সৈতে যোগাযোগ কৰাত সহায় কৰি দিছিল ৷ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা পোৱা গৈছে যে এই নাৱৰ নামৰ শোভাযাত্ৰা দিচাং নদীত প্ৰায় দহ কি: মি: মান ঠাইলৈ সম্প্ৰসাৰিত হয় বুলি গম  পোৱা গৈছে ৷ দিচাং নদীৰ দুয়োপাৰে আহোম,বড়ো, কছাৰী,মিচিং,কৈৱৰ্ত ,কলিতা,কায়স্থ ,ইছলামধৰ্মী নানান জাতি-উপজাতিৰে ঠাহ খাই থকা অঞ্চলটোৰ ৰাইজৰ মাজত নাৱৰ নামৰ শোভাযাত্ৰাই এক অনন্য মাত্ৰা প্ৰদান কৰিছে বুলি অনুমান কৰিব পাৰি ৷ মহাপুৰুষ গুৰুজনাৰ মানৱতাবাদী আদৰ্শৰ বাৰ্তাও এই অনুষ্ঠানটোৰ  মাজেদি প্ৰতিফলিত হৈছে ৷ তাহানি ড· ভূপেন হাজৰিকাক দিচাং মুখৰ মিচিং ডেকাটিৰ সুৰীয়া সুৰে যেনেকৈ তেওঁক মোহিত কৰি তুলিছিল ৷ তাৰেই প্ৰতিধ্বনি যেন দিচাং নদীৰ নাৱৰ নামতো ঝংকাৰিত হৈ উঠিছে ৷ ১৯৮০ চনত ড· ভূপেন হাজৰিকাৰ সতে হোৱা বাৰ্তালাপত দিচাং নদীত হোৱা নামৰ কথা তেখেতে উল্লেখ কৰিছিল ৷ তেখেতে কৈছিল " দিচাং নদীত গুৰুজনাৰ আশীষ ধন্য এচাম সচেতন সমাজ-সংস্কৃতিপ্ৰেমী ৰাইজে সমন্বয়ৰ মনোভাৱেৰে অগ্ৰসৰ হোৱাটো প্ৰতীকি অৰ্থত  শুভ লক্ষণ ' যেন অনুমান হৈছে ৷ আখৈফুটীয়া ৰাইজৰ প্ৰচেষ্টাত উদযাপিত হৈ অহা 'দিচাং নদীত নাৱৰ নাম ' সম্পৰ্কীয় সদচিন্তাক আটায়ে আদৰণি জনোৱা উচিত ৷ এশ বছৰীয়া এনে পৰম্পৰা যেন সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ দেশতে প্ৰচাৰ আৰু প্ৰসাৰিত হয় তেনে আশা কৰিলো ৷

উৎস: 
১/ দিচাং নদীত নাৱৰ নাম:  এক ব্যতিক্ৰমী পৰম্পৰা -জ্যোৰ্তিময় ৰাজখোৱা -১২ আগষ্ট,২০০৭ ,আমাৰ অসম ৷ ২/ শ্ৰী মনোজ কুমাৰ গগৈ, সাংবাদিক, শিৱসাগৰ ৷ ৩/ ২ নং চাউলকৰা গাঁৱৰ সদ্যপ্ৰয়াত মিনেঘৰ গগৈৰ পুত্ৰ আৰু তেওঁৰ পৰিবাৰ শ্ৰী বৰ্ণালী গগৈ ৷ ৪/ আখৈফুটীয়া গাঁৱৰ সমূহ ৰাইজ। ৫/ শ্ৰী অৰ্চনা দত্ত শইকীয়া,জাঁজী।

ক্ৰমশঃ

পৃষ্ঠা ৮
অসম বুৰঞ্জীৰ দুটি অনন্যা নাৰী চৰিত্ৰ

প্ৰণৱ ফুকন
 (+৯১-৮৮২৬৮০৩০৩০)

সপ্তদশ আৰু অষ্টাদশ শতিকাৰ অসমৰ বুৰঞ্জীয়ে মানসপটত উদ্ভাসিত কৰে দুগৰাকী নাৰীৰ নাম ৷ সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ এই দুই নাৰীয়ে বুৰঞ্জীৰ পাটত নিজৰ নাম লিখি গৈছে ৷ আহক, আমি এই দুগৰাকী নাৰীক স্মৰণ কৰোঁ ।  

(১) জয়মতী : ১৬৭৯ খ্ৰীষ্টাব্দত গুৱাহাটীৰ বৰফুকন লালুকসোলাই বঙ্গৰ মোগল প্ৰশাসনৰ লগত ষড়যন্ত্ৰ কৰি বিনা যুদ্ধে গুৱাহাটী মোগলক এৰি দি গড়গাঁও অভিমুখী হয় ৷ বিনিময়ত মোগলে তেওঁক আহোম ৰাজপাটত বহুৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ তেওঁ জানিছিল যে ক্ষমতাৰ বাঘজৰী আছিল সুদক্ষ্য বুঢ়াগোঁহাই আতনৰ হাততহে ৷ গতিকে বুঢ়াগোহাঁয়েই লালুকসোলাৰ বাটৰ প্ৰধান অন্তৰায় হিচাপে পৰিগণিত হয় ৷ বুঢ়াগোঁহাইৰ সৰ্বোপৰি ক্ষমতাত বিতুষ্ট আৰু দুই-এজন ডাঙৰীয়া লালুকসোলাৰ লগ হৈ চক্ৰান্ত কৰি বুঢ়াগোঁহাইক যুদ্ধত পৰাভূত কৰি হত্যা কৰোৱাই ৷ এইদৰে পথ নিষ্কণ্টক কৰি লালুকসোলা গড়গাঁৱত প্ৰৱেশ কৰে ৷ গড়গাঁৱত তেওঁ স্বৰ্গদেউ চুদৈফাকো হত্যা কৰায় আৰু চামগুৰীয়া ফৈদৰ ১৪ বছৰীয়া চুলিক্‌ফা ওৰফে ল’ৰা ৰজাক সিংহাসনত অধিষ্ঠিত কৰে ৷ ৰজাক নিজৰ কবলত ৰাখিবলৈ লালুকসোলাই জীয়েকক ল’ৰা ৰজালৈ বিয়া দি সকলো ক্ষমতা হস্তগত কৰে ৷ 

আহোম ৰাজতন্ত্ৰৰ নিয়ম অনুযায়ী অঙ্গক্ষত থকা  কোঁৱৰসকল স্বৰ্গদেউৰ বাবে উপযুক্ত নাছিল ৷ গতিকে লালুকসোলাই কোঁৱৰসকলক ধৰাই আনি অঙ্গক্ষত কৰাই অথবা হত্যা কৰাই ৰাজপাটৰ অনুপযুক্ত কৰি তোলে ৷ কিন্তু গোবৰ কোঁৱৰৰ পুত্ৰ লাঙি গদাপাণি সাৰি গ’ল ৷ গদাপাণিৰ পত্নী আৰু লাইথেনেপা বৰগোঁহাইৰ জীয়ৰী জয়মতী কুঁৱৰীয়ে স্বামীৰ জীৱনৰ শংকা তথা দেশৰ অনাগত দুৰ্যোগৰ বিষয়ে বুজি পাই গদাপাণিক পলাই যাবলৈ অনুৰোধ কৰে ৷ জয়মতীয়ে নিজৰ দুই পুত্ৰ লাই আৰু লেচাইকো পলুৱাই পঠাইছিল; লগত আছিল মাথোঁ কোমল বয়সীয়া জীয়েক ৷ গদাপাণি কিছুদিন গা বচাই ফুৰে ৷ পাছে দিখৌ নৈৰ পাৰত ৰজাৰ সৈন্যই দেখি খেদা ধৰাত এক হাবিতলীয়া ঠাইত গদাপাণিয়ে নৈ পাৰ হৈ নগা পাহাৰ পায়গৈ ৷ সৈনিকদল বিফল হোৱাৰ বাতৰি পাই লালুকসোলাই এইবাৰ আন এক গৰ্হিত কাম কৰে ৷ 

বৰফুকনে থাৱৰালে যে গদাপাণি ক’ত লুকাই আছে সেই কথা জয়মতীয়ে নিশ্চয় জানে ৷ গতিকে জয়মতীক ১৬৮০ চনৰ মাৰ্চ মাহত ধৰাই আনি জেৰেঙা পথাৰ নামৰ এখন বহল পথাৰত  কট‌্কৰা গছত বান্ধি চাওদাঙৰ হতুৱাই অকথ্য নিৰ্য্যাতন কৰোৱায় ৷
লালুকসোলাই  জয়মতীৰ জীয়েকৰ ওপৰতো অত্যাচাৰ কৰাই পিতাকৰ বতৰা সুধিছিল; ফুল কুমলীয়া ছোৱালীজনী তিনি দিনতে মৃত্যুৰ মুখত পৰে ৷ বাতৰি পাই গদাপাণিয়ে নগাৰ ভেশেৰে জেৰেঙা পথাৰত উপস্থিত হয় ৷ পত্নীৰ ওপৰত হোৱা অত্যাচাৰ সহিব নোৱাৰি তেওঁ দূৰৰ পৰাই জয়মতীক গদাপাণিৰ বতৰা দিবলৈ কয় ৷ জয়মতীয়ে নিজৰ স্বামীক চিনি পাই উত্তৰ দিলে যে তেওঁ ততালিকে সেই ঠাই এৰি নগা পাহাৰলৈ গৈ নিজৰ কাম কৰি যাব লাগে ৷ ভাৰাক্ৰান্ত হিয়াৰে গদাপাণি পুনৰ নগা পাহাৰলৈ ঘূৰি যায় ৷ জয়মতীয়ে এইদৰে ১৮ দিন যান্ত্ৰণা সহি ১৬৮০ চনৰ ২৭ মাৰ্চ তাৰিখে ইহলীলা সম্বৰণ কৰে ৷ ইমান অত্যাচাৰৰ পাছতো কিন্তু জয়মতীয়ে মুখ নুখুলিলে আৰু গদাপাণিৰ সম্ভেদ উলিওৱাত  বৰফুকন ব্যৰ্থ হ’ল ৷ জয়মতীয়ে স্বামীৰ হকে, দেশৰ হকে নিজৰ প্ৰাণ উচ্ছৰ্গা কৰে ৷ এই আত্মত্যাগৰ বাবে জয়মতীক সতী আখ্যা দিয়া হয় ৷ জয়মতীৰ মৃত্যুৱে ৰাইজৰ মাজত যেন এক বিজুলীৰ সঞ্চাৰ কৰিলে ৷ অনেক ডাঙৰীয়াই মিলি নগঁঞা ডেকা ভোটাইৰ হতুৱাই লালুকসোলাক হত্যা কৰোৱায় ৷

এনে পৰিস্থিতিত গদাপাণিয়ে ভিনিহিয়েক বন্দৰ বৰফুকন আদি বিষয়াসকলৰ সহযোগত ১৬৮১ চনত চুলিক্‌ফাক পৰাস্ত কৰি বন্দী কৰে আৰু নিজে ৰাজপাটত বহি চুপাত্‌ফা ওৰফে গদাধৰ সিংহ নাম লয় ৷ তেওঁৰ পাছত জয়মতী আৰু গদাধৰ সিংহৰ প্ৰথম সন্তান লাই ৰজা হৈ তেওঁ চুথ্ৰাংফা ওৰফে ৰুদ্ৰ সিংহ নাম লয় ৷ মাতৃ জয়মতীৰ স্মৃতিত তেওঁ জেৰেঙা পথাৰত এটা বিশাল পুখুৰী খন্দাই নাম দিয়ে জয়সাগৰ ৷ তাৰ পাৰত মন্দিৰ সজাই নাম দিয়ে জয়দৌল ৷ এই পুখুৰী আৰু দৌলে জয়মতীৰ জয়গাঁথা আজিও জীয়াই ৰাখিছে ৷

(২) ফুলেশ্বৰী: ফুলেশ্বৰী কুঁৱৰী ইতিহাসৰেই নহয় ৰূপকথাৰো নায়িকা ৷ তেওঁৰ উপস্থিত বুদ্ধিৰ কথা বুঢ়ীআইৰ সাধুকথাত পৰিণত হৈছে ৷
১৭১৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰূদ্ৰ সিংহৰ পৰলোক প্ৰাপ্তিৰ পাছত তেওঁৰ বৰপুত্ৰই চুতান্‌ফা ওৰফে শিৱ সিংহ নাম লৈ সিংহাসন আৰোহণ কৰে ৷ তেওঁ ফুলমতী নামৰ এগৰাকী সাধাৰণ কৃষকৰ সুন্দৰী কন্যাক বিয়া কৰাই বৰকুঁৱৰীৰ মৰ্য্যাদা প্ৰদান কৰে ৷ (তেওঁক নীহ কুলীয়া বুজাবলৈ অনেকে নাঁচনী ছোৱালীৰ দৰে বিশেষণো প্ৰয়োগ কৰিছিল ৷ কিন্তু এইগৰাকী নাঁচনীয়ে পাছলৈ বিষয়াসকলক বাৰুকৈ নচুৱাইছিল!)  বৰকুঁৱৰী হৈ ফুলমতীয়ে নাম লয় ফুলেশ্বৰী ৷ ৰাজকাৰেঙৰ নানান খাদ্য খায়ো কিন্তু তেওঁ নিজৰ মাকৰ হাতৰ আঞ্জাৰ জুতি পাহৰিব পৰা নাছিল ৷ সেয়ে এদিন দুপৰীয়া মনেমনে গাঁৱৰ ঘৰ পালেগৈ ৷ সেই সময়ত সকলো পথাৰত ব্যস্ত, ঘৰত কোনো নাছিল ৷ ফুলেশ্বৰীয়ে চৰুত লাগি থকা কৰ্কৰা ভাত দুটামান আৰু অকণমান শাকৰ আঞ্জা খাই তৃপ্ত হৈ পুনৰ মনেমনে ঘূৰি আহিল ৷ আহি কুঁৱৰীসকলৰ আগত গোটেই ঘটনাটো ক’লেহি ৷ তাৰে টুটকীয়া দুগৰাকীমানে স্বৰ্গদেউৰ কাণ চোৱালে ৷ থিৰাং কৰা হ’ল যে এটা কোঠাত স্বৰ্গদেউ মনেমনে বহি থাকিব; বেৰৰ সিপাৰৰ কোঠাত কুঁৱৰীসকলে ফুলেশ্বৰীক আকৌ গোটেই কথাখিনি শুধিব ৷ সেই মতেই কাম ৷ শিৱ সিংহই নিজ কাণে সকলো শুনি মাত লগালে বোলে মাৰাৰ ঘৰত তাকেই খালা; তাৰ পাছত কি হ’ল ? ফুলেশ্বৰীয়ে টপৰাই উত্তৰ দিলে: "এনেতে বান্দীয়ে সাৰ পালোঁ" ৷ নাক মোহাৰি বুদ্ধি সাজি গোটেই ঘটনাটোকে সপোনৰ ৰূপ দিলে ৷ এয়েই আছিল ৰূপকথাৰ নায়িকা ফুলেশ্বৰী কুঁৱৰী ৷

শিৱ সিংহ ব্ৰাহ্মণ পুৰোহিতসকলৰ দ্বাৰা অতিকৈ প্ৰভাবিত হৈছিল; ১৭২২ খ্ৰীষ্টাব্দত দৈবজ্ঞ এজনে ভবিষ্যত বাণী কৰিলে যে তেওঁৰ ছত্ৰভঙ্গ যোগ আছে ৷ শিৱ সিংহই নিজ ধৰ্মগুৰু পৰ্বতীয়া গোঁসাইৰ পৰামৰ্শ মতে ১৭২৪ খ্ৰীষ্টাব্দত ফুলেশ্বৰীৰ হাতত সকলো ৰাজকীয় ক্ষমতা অৰ্পণ কৰি “বৰ ৰজা” উপাধি দিয়ে ৷ বৰ ৰজা ফুলেশ্বৰীৰ নামাকৰণ হ’ল প্ৰমথেশ্বৰী বুলি ৷ ইয়াৰ ফলত “উঠি ৰজা, বহি ৰজা” কথাষাৰৰ সৃষ্টি হয় - নামত ৰজা হৈ থকা শিৱ সিংহ হ’ল বহি ৰজা আৰু ৰাজকীয় সকলো কাম কৰা ফুলেশ্বৰী আছিল উঠি ৰজা ৷

ফুলেশ্বৰীয়ে ১৭২৩ খ্ৰীষ্টাব্দত ৰাজধানীৰ পৰা অনতি দূৰত এটা ডাঙৰ পুখুৰী খন্দায় ৷ তেওঁৰ মতে শিৱৰ লগত বিৱাহসূত্ৰে তেওঁ ভগৱান শিৱৰ পত্নী গৌৰী হৈ পৰিল; সেয়ে পুখুৰীৰ নাম ৰাখে গৌৰীসাগৰ ৷ পাৰত সজায় এক বৃহৎ শিৱ দৌল ৷ কিম্বদন্তি অনুযায়ী বিয়াৰ আগতে ফুলমতীৰ গৌৰীনাথ নামৰ এজন যুৱকৰ লগত প্ৰেমৰ সম্বন্ধ আছিল আৰু সেই প্ৰেম আৰু সেইজন প্ৰেমিক গৌৰীনাথৰ নামে যুগমীয়া কৰিবলৈহে পুখুৰীৰ নাম ৰখা হয় গৌৰীসাগৰ ৷ কিন্তু বুৰঞ্জীত এই কথাৰ উল্লেখ নাই ৷ গতিকে ফুলেশ্বৰী কুঁৱৰীৰ ভাষ্য মানি এই পুখুৰী আৰু দৌলৰ বাবে আমি ফুলেশ্বৰী কুঁৱৰীৰ কাষত চিৰ কৃতজ্ঞ হোৱাই শ্ৰেয় ৷

শিক্ষাৰ প্ৰতি বিশেষ অনুৰাগী ফুলেশ্বৰীয়ে সংস্কৃত অধ্যয়নৰ বাবে ভালেমান টোল স্থাপন কৰায় ৷ ৰংপুৰৰ টোলখন 'বৰৰজাৰ পঢ়াশালি' নামেৰে প্ৰখ্যাত হৈছিল ৷ ফুলেশ্বৰীৰ উদ্যোগত অনন্ত আচাৰ্যই 'আনন্দ লহৰী' আৰু কবিচন্দ্ৰ দ্বিজে 'কাম-কুমাৰহৰণ' আৰু 'ধৰ্মপুৰাণ' আদি গ্ৰন্থ লিখিছিল ৷ সংস্কৃতিৰ পৃষ্ঠপোষক “বৰ-ৰজা” ফুলেশ্বৰী কুঁৱৰীয়ে ৰংঘৰৰ কাষত গায়নসকলৰ বাবে গায়নগাঁও আৰু ঢুলীয়াসকলৰ বাবে ঢুলীয়াপাৰা গাঁৱৰ স্থাপনা কৰি এই শিল্পীসকলক উদগণি দিয়ে ৷

ৰুদ্ৰ সিংহৰ দিনৰ পৰা ৰাজ পৰিয়াল শাক্ত হিন্দুবাদী আছিল ৷ ফুলেশ্বৰী এই ধৰ্মৰ প্ৰধান হোতা হৈ পৰে ৷ এনেকি মূৰ্তি পূজা আৰু বলি বিধানৰ ঘোৰ বিৰোধী মোৱামৰীয়া গোঁসাইকো ৰাজ পৰিয়ালৰ দূৰ্গা পূজালৈ জোৰকৈ আনি বলিৰ পঠাৰ তেজেৰে কঁপালত ফোঁট দিয়ায় ৷ ফুলেশ্বৰীৰ এই কাৰ্য্যত গোঁসাই ক্ষুন্ন হয় আৰু ই পৰবৰ্তী সময়ত মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম কাৰণ বুলি পৰিগণিত হয় ৷ 

তত্ৰাচ ফুলেশ্বৰী কুঁৱৰীৰ অস্তিত্বৰ বিষয়ে অনেকে সন্দেহ প্ৰকাশ কৰে আৰু সলাল গোঁহাইৰ জীয়ৰী অনাদৰী ওৰফে সৰ্বেশ্বৰীহে প্ৰকৃততে বৰ ৰজা আছিল বুলি ক’ব খোজে ৷ কিন্তু শিৱ সিংহৰ ৰাজত্ব কালৰ মোহৰ বিলাকেই আমাক ফুলেশ্বৰীৰ সম্ভেদ দিয়ে:

(ক) ১৭১৪ খ্ৰীষ্টাব্দৰ পৰা ১৭২৪ খ্ৰীষ্টাব্দলৈকে শিৱ সিংহৰ একক নামত; 
(খ) ১৭২৪ খ্ৰীঃৰ পৰা ১৭৩১ খ্ৰীঃলৈকে শিৱ সিংহ আৰু প্ৰমথেশ্বৰী ওৰফে ফুলেশ্বৰীৰ যুগ্ম নামত (১৭৩১ খ্ৰীঃত ফুলেশ্বৰীৰ মৃত্যু হয়);
(গ) ১৭৩২ খ্ৰীঃত পুনৰ শিৱ সিংহৰ একক নামত;
(ঘ) ১৭৩২ খ্ৰীঃৰ পৰা ১৭৩৬ খ্ৰীঃলৈকে শিৱ সিংহ আৰু অম্বিকা দেৱীৰ যুগ্ম নামত (ফুলেশ্বৰীৰ মৃত্যুৰ পাছত শিৱ সিংহই ফুলেশ্বৰীৰ ভগ্নী দ্ৰোপদীক বিয়া কৰায় আৰু তেওঁ অম্বিকা দেৱী নাম লয়);
(ঙ) অম্বিকাৰ মৃত্যুৰ পাছত ১৭৩৮ খ্ৰীঃৰ পৰা ১৭৩৯ খ্ৰীঃলৈকে শিৱসিংহৰ একক নামত;
(চ) ১৭৩৯ খ্ৰীঃৰ পৰা ১৭৪৪ খ্ৰীঃত শিৱ সিংহৰ মৃত্যু পৰ্য্যন্ত সৰ্বেশ্বৰীৰ সৈতে যুগ্ম নামত ৷

শিৱ সিংহৰ মৃত্যুৰ পাছত ডাঙৰীয়াসকলে প্ৰচাৰ কৰিলে যে তেখেতৰ দেউতাক স্বৰ্গদেউ ৰুদ্ৰ সিংহই মৃত্যুশয্যাত ইচ্ছা প্ৰকাশ কৰিছিল যাতে তেওঁৰ পুত্ৰসকল একাদিক্ৰমে সিংহাসনত বহে ৷ গতিকে ৰূদ্ৰ সিংহৰ আন তিনিজন পুত্ৰ একাদিক্ৰমে সিংহাসনত বহে; মাত্ৰ তেওঁৰ তৃতীয় পুত্ৰ মোহনমালা গোঁহাইৰ মুখত বসন্তৰ দাগ থকাৰ বাবে স্বৰ্গদেউ হোৱাৰ অনুপযুক্ত বুলি বিবেচিত হয় ৷ কিন্তু আচৰিত কথা যে স্বৰ্গদেউ ৰূদ্ৰ সিংহৰ মৃত্যুৰ পাছত এই কথা সদৰি কৰা হোৱা নাছিল; গতিকে কথাষাৰত সন্দেহৰ অৱকাশ দেখা যায়, বিশেষকৈ যিহেতু ই এক অভূতপূৰ্ব কথা ৷ হয়তো ফুলেশ্বৰীৰ প্ৰতিপত্তিত ক্ষুদ্ধ বিষয়াসকলে তেওঁৰ সন্তানক সিংহাসনৰ পৰা বঞ্চিত কৰিবলৈ এই কথা প্ৰচাৰ কৰে; বিশেষকৈ যিহেতু ফুলেশ্বৰী উচ্চ বংশজাত নাছিল ৷ তদুপৰি আহোম ৰাজ্যত আগতে কোনো নাৰীয়ে ৰজাৰ পদ পোৱা নাছিল আৰু সেয়ে তেওঁলোকৰ অধিকাৰ বৰ-কুঁৱৰীতে সীমিত আছিল ৷ প্ৰশাসনিক কামত ফুলেশ্বৰীৰ আদেশ ল’ব লগা হোৱাত বিষয়াসকল ক্ষুণ্ণ হৈছিল ৷ পাছত দ্ৰোপদী আৰু অনাদৰী যদিও বৰ-ৰজা হৈছিল, তেওঁলোক দুয়োয়ে ফুলেশ্বৰীৰ দৰে কৰ্তৃত্ব দেখুৱাব নোৱাৰি বিষয়াসকলৰ হাতৰ মুঠিত থকাৰ দৰে হৈছিল ৷ ৰূদ্ৰ সিংহৰ আন চাৰিজন পুত্ৰয়ো সিংহাসন প্ৰাপ্তিৰ আশাত বিষয়াসকলৰ লগ দিয়ে ৷ সেয়ে ফুলেশ্বৰীৰ সন্তানৰ বিশেষ কোনো উল্লেখ আমি নাপাওঁ আৰু কোনোৱেই ৰজা হৈ  দক্ষতা দেখুৱাৰ সুযোগ নাপালে; কিন্তু ফুলেশ্বৰীয়ে নিজৰ কৰ্মৰাজিৰে নিজৰ নাম বুৰঞ্জীত লিখি থৈ গ’ল ৷

পৃষ্ঠাঃ ৯

চিন্তনঃ শৈশৱ কাল যদি জীৱনৰ সোণালী সময়

এখন নামজ্বলা কলেজত  বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী লৈ অংশকালীন অধ্যাপকে যদি মাহেকত দহ হাজাৰ উপাৰ্জন কৰে, এজন চেমি স্কীলড্ ৰাজমিস্ত্ৰিয়ে দৈনিক পাঁচ শ টকাৰ হাজিৰাৰে কিন্তু ত্ৰিছ দিনত পোন্ধৰ হাজাৰ কমাবলৈ সক্ষম। ক'ৰবাত কিবা এটা কেণা আছে এই ব্যৱস্থাত।

কৈশোৰ কাল জীৱনৰ ধুমুহা আৰু ৰামধেনুৰ সময়। অনবৰতে কি কৰোঁ কি কৰোঁ যেন লাগি থকাৰ সময়। এই সময় ৰিক্ত হৈ থাকিব নোৱাৰে।ৰিক্ত হৈ থাকিবলৈ দিয়া মানেই তিক্ত হৈ উঠিবলৈ দিয়া।কিমান কি আইডিয়াই মগজুত খেলা কৰে, কিমান কি নতুন নতুন কল্পনা শক্তিৰ স্ফুৰণ ঘটে?

ভাৰতীয় শিক্ষা ব্যৱস্থা আজিও মাত্ৰ কেৰাণীগিৰি কৰিবৰ উপযোগীকৈ মানৱ সম্পদ গঢ়াৰ ফেক্টৰী হৈ আছে। এই ব্যৱস্থাই শিশুৰ  ষ্ট্ৰেংথ আৰু ৱীকনেছ চিনাক্ত কৰিব নিশিকায়। উচাহ নোযোগাই উদ্ভাৱনী শক্তিক কামত লগাবলৈ।

এখন নামজ্বলা কলেজত  বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী লৈ অংশকালীন অধ্যাপকে যদি মাহেকত দহ হাজাৰ উপাৰ্জন কৰে, এজন চেমি স্কীলড্ ৰাজমিস্ত্ৰিয়ে দৈনিক পাঁচ শ টকাৰ হাজিৰাৰে কিন্তু ত্ৰিছ দিনত পোন্ধৰ হাজাৰ কমাবলৈ সক্ষম। ক'ৰবাত কিবা এটা কেণা আছে এই ব্যৱস্থাত।

ল'ৰা-ছোৱালীবিলাকক যেন  মানসিকভাৱে পঙ্গু বনোৱা হয়। অকল মুখৰ আগত শুকান খেৰৰ দৰে পাঠ্য-পুথি আৰু বাবু হোৱাৰ শিপাবিহীন সপোন একোটা গুজি দি আমি বাৰু শিক্ষাৰ্থীসকলৰ প্ৰতি অন্যায় কৰা নাইনে ?

সিহঁতৰ সময় নাযায় নুপুৱায়। না বাঢ়ি অহা সিহঁতৰ মগজুক পৰিপূৰ্ণভাৱে লগাবলৈ সুযোগ দিব পৰা গৈছে, না সিহঁতৰ তগবগ্ শাৰীৰিক শক্তিক। ক'ৰবাত যেন শিশু আৰু কিশোৰসকলক আমি কলিতে অন্যায় কৰিবলৈ ধৰোঁ।

১)মৰমৰ আখৰ

 'টেনত পঢ়ালৈকে অসমীয়া আখ'কেটাকে বাওকে লিখিব নেজানিছিলোং ক' বাই।'-হাঁহিলেই চকু দুটি মুদ খাই যোৱা মোৰ পোৱালি ভাই-বন্ধুৱে সন্ধিয়াৰ কাণিমুনি বেলিকাৰ ঠিক আগে আগে জিলিকি উঠা নাৰ্জী ফুলথোপাৰ দৰে হাঁহি এমোকোৰা ফুলাই  কয়। তাৰ অকপট স্বীকাৰোক্তি। সেই নাইন নে টেনত থাকোঁতে তাৰ বোলে কাৰোবাক ভাল লাগিছিল। সেই ভাল লগাৰ গৰাকীয়ে ক'লে বোলে যে নামটো যদি সি শুদ্ধকৈ লিখিব পাৰে, তেতিয়াহে হ'ব। ভাল লগাৰ চৰ্তৰ বিনিময়ত তাৰ আখৰবোৰ শিকা হৈছিলগৈ। খুউব মনোযোগেৰে পঢ়াৰ বিনিময়ত মেট্ৰিকো পাছ কৰিলে।

বিহুত তাৰ ছাঁটোও দেখিবলৈ পাবলৈ নাই।অনাই-বনাই ইখন গাঁৱৰ পিছত সিখন গাঁৱৰ গছতলৰ বিহুত। মাই ডবিয়াই আছে 'কিতাপ পঢ়'। নিজম গাঁৱখনৰ  সৰু ৰাস্তাটোৱেদি দুই বাই-ভাই কাম বন্ধুৱে খুউব মনোযোগেৰে কথা পাতি খোজকাঢ়ি গৈ আছিলোঁ। দূৰ-দূৰণিৰ সীমামূৰীয়া, সহজে‌ ঢুকি নোপোৱা এইসকল ছাত্ৰৰ মনৰ খবৰ কোনে লয় ! সপোনৰ কথা কোনে সোধে ? স্কুল কলেজ বন্ধ। ঘৰত তাৰ টেবুলতো ধূলিৰ চামনি।  কেৱল তাৰেই নে !নিজৰ ঘৰতো কলেজত পঢ়ি থকা সৰুজনী ভণ্টিৰো সেই একেই। সি কৈছিল, যেতিয়া পঢ়ে,খাবলৈকো পাহৰি যায় হেনো। কিন্তু তাৰ সেই অভিৰোচন বাৰে বাৰে ভাঙি যায়। কেতিয়াবা বন্ধ, কেতিয়াবা কিবা। মায়ে পঢ়িব লাগে বুলি চিঞৰিয়ে আছিল। ক'লোঁ, কাইলে ৰাতিপুৱা কিতাপ খুলিবি। অলপ চাই দিম। চালোঁ। ৰাজনীতি বিজ্ঞানত মেজৰ। সামান্য কেইটামান কথা ক'লোঁ। বাকীকেইটা বিষয়ৰ চিলেবাছো খুলি চালোঁ। অলপ অলপ আলোচনা আটাইকেইটা বিষয়তে দুয়োটাই মিলি কৰিলোঁ।টেনলৈকে  আখৰকেইটা ভালদৰে লিখিব নজনাটো বেলেগ ইছ্যু। কিন্তু বিষয়বস্তুৰ ওপৰত আলোচনা হওঁতে  প্ৰত্যয়ভৰা চকুযোৰত ফুটি উঠা বুদ্ধিদীপ্ততা মূল ইছ্যু। এই far flung, border area বিলাকত প্ৰত্যেক বৰ্গ কিলোমিটাৰ বসতিত অসীম সম্ভাৱনা। সীমাহীন সমস্যা। এই বিষয়ত কাৰ কি থীয়ৰী আছে গুলী মাৰক। তাতোকৈ আমি জিন্দা জিন্দা সাক্ষী আছোঁ।

 2)ক'লা আখৰ চিনি চকু মুকলি কৰিবলৈ যাওঁতে:

চাৰি পাঁচজনীমান ছোৱালীৰ কাৰণে ছোৱালী স্কুলখনৰ শ্ৰেণীকোঠাত বহিবলৈ কোনোমতেই ঠাই নুজুৰিছিল। চকিদাৰজনে বাঁহৰ খুঁটাৰ ওপৰত তক্তা বান্ধি দি যেনে তেনে বহাৰ যোগাৰ কৰি দিছিল। পিছদিনা বা তাৰ দুদিন কি তিনিদিনৰ পিছত বাঁহৰ খুঁটাত বন্ধা বেঞ্চ-ডেক্স মজিয়াত বাগৰি পৰিছিল। শ্ৰেণীকোঠাত দুৱাৰ নাছিল। বাঁহৰ জপনা ঠেকা দি স্কুল ছুটীৰ পিছত দুৱাৰখন নামত বন্ধ কৰা হৈছিল। ৰাতি বাঁহৰ জপনা পেলাই গৰু শোৱেহি।গোটেইখন খচি গোবৰে-মূতে একাকাৰ কৰি থৈ যায়।

শকত-আৱত লাহুদাং ছোৱালীজনী গধপা স্কুলবেগটো সাৱটি শ্ৰেণীটোৰ পিছফালে বেৰত আঁউজি থিয় দি থাকে। প্ৰথম বেঞ্চ-ডেক্সযোৰাৰ পৰা পিছলৈ তাইলৈ বাৰে প্ৰতি ঘূৰি চাওঁ। কোনোবাই 'এইজনীয়ে বহিবলে পোৱা নাই চা' বুলি ফিচিঙালি কৰে। আগফালৰ পৰা ৰোল কল চলি থাকে। বুকুখনৰ ক'ৰবাত বুজাব নোৱাৰা বিষ এটা উজাই আহে। কিমান সময় থিয় দি থাকিব ? এক ঘণ্টা, দুই ঘণ্টা ! কোনোবা পাকত তাই ক্লাছ ৰুমৰ পৰা নোহোৱা হৈ পৰে। অকমাণ চোমে খোৱা সেইখন সৰল মুখে আজিও মোক বাৰে বাৰে আমনি কৰে। নাজানো বহিবলৈ এটুকুৰা ঠাই নেপাই হাবিতলীয়া ৰাস্তাৰে ইমান দূৰৰ ঘৰলৈ অকলে অকলে উভতি যাওঁতে বাৰ তেৰ বছৰীয়া ছোৱালীজনীয়ে কান্দিছিল নে নাই।

প্ৰথম বেঞ্চযোৰা শিক্ষকে প্ৰশ্ন  সুধিব বুলি ছোৱালীবোৰে বহা ঠাইৰ যিমান টনাটনি হ'লেও এৰাই চলে। খালী থাকে। মই চুটি-চাপৰ। পিছফালে বহিলে হয় মই দেখা নেপাওঁ, নহয় শিক্ষকে আমাৰ নিচিনা সৰুবোৰক বিচাৰি নেপাই। গতিকে প্ৰথম শাৰীতে বহাটো ধৰা-বন্ধা আছিল।

এই যে ন-দিহিঙৰ সিপাৰৰ পৰা নাৱেৰে নদী পাৰ হৈ অথবা এইপাৰৰ পৰা এঘাৰ বাৰ বছৰীয়া ছোৱালীবোৰ বোকা খচি খচি কেঁচা ৰাস্তাৰে কেইবা কিল'মিটাৰ নিলগৰ ছোৱালী স্কুলখনলৈ আহে, আহোঁতে বেগ অথবা স্কাৰ্টৰ জেপত নৈৰ পাৰৰ ৰসাল বগৰী, বাৰীৰ আমলখি, পথাৰৰ চেঁচু আদি ভৰাই আনে। তাৰে এমুঠি এমুঠি আমাকো দিয়ে। সৰুফুটীয়া কাৰণেই নেকি ! ওখ-ডাঙৰ ছোৱালীবোৰে ভনীয়েকৰ দৰেই মৰম কৰিছিল মোক। প্ৰাৰ্থনা কৰাৰ আগে আগে সিহঁতে মোৰ হাতত চেনেহেৰে তুলি দিয়া বগৰী আমলখিবোৰ তৃপ্তিৰে খোৱাৰ পিছতো মই সুখী হ'ব পৰা নাছিলোঁ। যেতিয়া সিহঁতে শ্ৰেণীকোঠাত বহিবলৈকে ঠাই এডুখৰি নেপাইছিল।

সেই দুখ এতিয়া মোৰ বেছি তীব্ৰ হৈ উঠে। সেইবোৰ লগৰীয়াৰ নিৰ্দোষী মুখবোৰে বৰকৈ আমনি কৰে।

কেনেকৈ জানিবা যে  ছোৱালীহঁত পঢ়া-শুনাত ভালেই হ'লহেঁতেন নে বেয়াই হ'লহেঁতেন ! এজাক বৰষুণত বোকা-পানীত পোত যোৱা কেঁচা ৰাস্তাৰে দহ এঘাৰ কিল'মিটাৰ কিতাপৰ বোজাৰে খোজকাঢ়ি স্কুললৈ অহা সৰু সৰু ছোৱালীহঁত আহিও বহিবলৈকে ঠাই এডুখৰি নোপোৱা ছোৱালীহঁত ! আমিও খোজকাঢ়িয়েই স্কুললৈ গৈছিলোঁ। বোকা আমাৰ ৰাস্তাতো আছিল। কিন্তু দহ এঘাৰ কিল'মিটাৰ  (অৰ্থাৎ অহা-যোৱা মিলাই বিছ বাইশ কিল'মিটাৰ)ৰ দূৰত্ব নাছিল। কলম এটা বহী এক দিস্তা কিনিবলৈকে এবেলা খোজকাঢ়িব লগা হোৱা নাছিল।

এনেকুৱা কষ্টকৰ আৰু ৰস নথকা বন্দীশাললৈ কিমান তাঁত-বাতি কাঢ়িব কৃষক-কন্যা মোৰ এইবোৰ লগৰীয়ে ? তিনি চাৰি দিন একেৰাহে স্কুলৰ হাজিৰা বহীত নাম নুঠিলে কোনোবা ছাৰ বা বাইদেৱে সোধে "কিয় অহা নাই ?" "অমুকী শান্তি হ'ল"-এজাক ছোৱালীৰ উচ্ছ্বসিত সমস্বৰ।পোন্ধৰ বিছ দিনৰ মূৰত হয়তো চুচুক-চামাককৈ সেই বান্ধৱী স্কুল ওলায়হি।

ঘৰতনো কি গেৰাণ্টি আছে যে এযোৰা টেবুল-চকী আৰু এটা কেৰাচিন তেলৰ লেম্প অথবা চাকি তাইৰ নামত পাব ? পাব এটা নিজম গধূলি য'ত তাই মনপুতি পঢ়িব পাৰে ! হয়তো সেইখিনি সময়ত তাই কথাৰ মহলা মাৰিব অহা এজুম মানুহক তামোল-চাহপানীৰ যোগান ধৰিব লাগিব নতুবা গোটাই দিব লাগিব বিড়ি খাবলৈ দিয়াচলাই মদ পিবলৈ গিলাচ-বাতি।

ছোৱালী ছেভেন কি এইটলে উঠিল কি নুঠিল স্কুলখনে যি অকণ আকৰ্ষণ কৰিছিল সেয়াও মৰি আহে।

হেন সময়তে পকোৱা সূতাৰ গামোচাৰ শালত ৰঙা আঁচুৰে ফুল বাচিবলৈ শিকোঁতেই ভাস্বৰ হৈ উঠা কোনোবা এজনৰ ডিঙিলৈ ভমকাফুলীয়া গামোচাখন বোৱা হৈ উঠে। ফুটুকা-ফুটুকী বুটাৰে ধুনীয়া ধুনীয়া কেছেৰে মেখেলা-চাদযৰযোৰ সাজু হৈ উঠে। শোৱা কোঠাৰ টিনৰ বাকচটোত বোৱা কাপোৰ এবাকচ হয়। নৈৰ পাৰৰ কঁহুৱাবোৰ ফুলাৰ বতৰত কুলি কেতেকীয়ে হিয়াৰ কঁপনি উঠাকৈ গীত জুৰাৰ সময়ত কেইটামান উকিৰ মাজত ছোৱালীজনী ঘৰৰ পৰাই নোহোৱা হৈ পৰে। কিছুদিনৰ পিছত চেলেং কাপোৰৰ ওৰণিৰে মুখ ঢাকি ছোৱালী দেউতাকৰ পদূলিত হাজিৰ হয়হি। কাষত সেয়া হাঁহৰ ভাৰ কান্ধত লৈ ডিঙিত ভমকাফুলীয়া আঁচুফুলৰ গামোচাৰ গৰাকী।

তাৰ পিছত ?

স্কুল ড্ৰপ আউট। চাইল্ড মেৰেইজ্। মেটাৰনেল মৰটেলিটি ৰেট। এনিমিয়া।

ক'ৰবাত মোৰ শৈশৱৰ লগৰী কৈশোৰৰ সমনীয়া এটা এটা ডাটা হৈ পৰে।

৩) এমুঠি আশা আৰু কিছু অনুভৱ

: ল'ৰা-ছোৱালী কেইটা ?
: ছটা।
নামবোৰ কৈ যাওকচোন একাদিক্ৰমে।
:.....
: কওকচোন।:
:......

নাই। মানুহজনে মূৰটো খজুৱাই খজুৱাই ঠাইতে অকৰা লাগি ৰৈ থাকিল। দেউতাকে কোনোমতে ল'ৰা-ছোৱালীৰ নামবোৰ মনত পেলাব নোৱাৰে।মাকজনী নাই। ক'ৰবাত হাজিৰা বিচাৰি গ'ল। ভালদৰে চালে তিনি-চাৰিটামানক যঁজা যেনেই লাগি যায়।

কি কৰা যায় এতিয়া ! আমিও বিবুধিত পৰিলোঁ। কোনোবাই কৈ নিদিলে কেনেকৈ জানিম এতিয়া সিহঁতৰ নামবোৰনো কি ? এতিয়া সিহঁতেও নিজৰ নাম ক'বলৈ জনা হোৱা নাই। বৰ বিমোৰতে পৰিলোঁ। অৱশেষত যেনিবা কাষৰ জুপৰিটোৰ মানুহজনী ত্ৰাণকৰ্তীৰ দৰেই আহি ' ইয়াৰ নাম অমুক লাগে' 'তাৰ নাম তমুক লাগে' এনেকৈ কৈ গ'ল। নাজানো আৰু ল'ৰা-ছোৱালীকেইটাৰ একোটাহঁত নাম সঁচাকৈয়ে আগৰ পৰাই আছিল নে বুদ্ধিমতী মানুহজনীয়ে তৎক্ষণাতে নামবোৰ বনাই আমাক কৈ গৈছিল।

২০১১ চনৰ বাবে হোৱা লোকপিয়লৰ সময়ত বেছ সৰুৱে আছিলোঁ। লোকপিয়লৰ গুৰুত্ব সমনীয়া আন কোনোবাই বুজিলেও অন্ততঃ মই বৰ ভালকৈ বুজা নাছিলোঁ সেই সময়ত। মাত্ৰ দেউতাক সৰু-সুৰা সহায় অলপ কৰি দিয়াৰ কাৰণেহে সেই দুৰ্গম ঠাইখনত সোমাইছিলোঁগৈ।ঠাইখণ্ড অলম'ষ্ট ইন্ একছেছিবল আছিল।জোতাৰ কথা বাদ। ঠায়ে ঠায়ে চেন্দেলো হাতত  লৈহে খোজ কাঢ়িবলগীয়া হৈছিল।

সেই মূৰ খজুৱাই থকা মানুহটোৰ ৰূপ দেখি তেতিয়া মোৰ ফিক্ কৰে হাঁহি উঠি গৈছিল। মনৰ পৰা সেইখন ছবি মচ খাই যোৱা নাছিল। এতিয়াও যোৱা নাই। যেতিয়া কথাবোৰ অলপ গমি-পিটি চাব পৰা হ'লোঁ তেতিয়ালৈ সেই ল'ৰামতীয়া হাঁহি বুকুৰ এক কান্দোনলৈ পৰিৱৰ্তিত হ'বলৈ ধৰিলে। অভিভাৱকত্বত থকা অজ্ঞানতাৰ আন্ধাৰ আৰু অৱহেলাৰ তিক্ততাই দিয়া কান্দোন।

এই সময়বোৰতে মাজে মাজে মিডিয়াত ওলোৱা মুম্বাই এটেকত জীৱন্তে কৰায়ত্ব কৰা হোৱা অপৰাধীজনৰ শৈশৱৰ কিছুমান কাহিনীয়ে মন চুই গৈছিল। ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ যে সৰুতে পূজাত এটা নতুন চোলা নোপোৱা বাবেই ঘৰৰ পৰা সি ওলাই গৈছিল আৰু সেইবিলাক মানুহৰ পাল্লাত পৰিছিলগৈ।

এটা দুধৰ্ষ অপৰাধীলৈ পৰিণত হোৱাৰ পিছত সেই অপৰাধীক অনুকম্পা কৰাৰ কথা নাহে। কিন্তু এই কথাটোওতো সঁচা হ'ব পাৰে যে এখন গৰীৱ দেশৰ কোনোবা দুখীয়া অভিভাৱকৰ শিশু সন্তানৰ পাৰ্থিৱ হেঁপাহবোৰো বৰ বেছি ক'ষ্টলি নহয়। ফুটপাথৰ এটা কম দামী  নতুন কাপোৰেও তাৰ শিশু মনৰ হেঁপাহ পূৰাব পাৰিলেহেঁতেন।নিউজত অহা সেই কাহিনী যদি সঁচা হয় তেনেহ'লেচোন পূজাৰ এটা নতুন চোলাৰ আধৰুৱা হেঁপাহে এখন দেশৰ পৰাই কি ভয়ংকৰ মূল্য লৈ ল'লে !(Extreme and Acute Poverty ৰ বিষম ফলাফল!!)

ইমান দূৰলৈ কিয় যাব লাগে। নিজৰ নিকট চৌপাশতেচোন কিমান তেনেকুৱা ঘটনা ঘটে। তেনেকুৱা দেখাত নগণ্য যেন লগা অসংখ্য সৰু সৰু ঘটনাবোৰৰ কাৰণেই কতজন সমাজৰ মূলসুঁতিৰ পৰাই নোহোৱা হৈ পৰে ! যদিওবা কোনো সামাজিক সমস্যাৰে সমাধান সমাজৰ মূলসুঁতিৰ বাহিৰত নাই।এই উৎসবোৰ ফিৰিঙতিৰ দৰে।।তেনেই চকুত নপৰা।

ব্যতিক্ৰমজন বাৰু ব্যতিক্ৰম। কিন্তু সৰু সৰু মানুহৰ সৰু সৰু সপোনবোৰ অকলে অকলে ভেল্যুলেছ হ'ব পাৰে। কিন্তু মাচ লেভেলত আমি তাক কোনেও উলাই কৰিব নোৱাৰোঁ। উদাহৰণস্বৰূপে ডাঙৰ ডাঙৰ মেট্ৰ'পলিটান আৰবান চেণ্টাৰবোৰত বিভিন্ন বিলাসী ট্ৰেভেল এজেঞ্চীবিলাকৰ মাজত কম্পিটিশ্যন লাগিব পৰাটো সহজ কথা হ'ব পাৰে আৰু কম্পিটিশ্যন লগাটো বেয়াৰ ভিতৰতো নপৰে। ঠিক তেনেদৰে ইন্ একছেছিবল অসংখ্য সৰু সৰু জনপদবোৰৰ মাজলৈ এটা সৰু পকী ৰাস্তা আৰু দৈনিক এখনকৈ যাত্ৰীবাহী বাছ চলা কথাটোৱেও কিন্তু বহুত ক্ষেত্ৰতে মেটাৰ কৰে। বিভিন্ন এংগলৰ পৰা।

শ্ৰদ্ধেয় পাঠকসকলে হয়তো ভাৱিছে পেৰেণ্টিঙৰ লগত এইবোৰ কথাৰনো কি সম্বন্ধ ! সম্বন্ধ নিশ্চয়কৈ আছে। চাৰে পাঁচ হাজাৰতকৈয়ো বেছি সদস্য থকা এই এছ'ছিয়েশ্যনত যথেষ্ট সংখ্যক চিন্তাশীল, অধ্যয়নশীল আৰু ভাল মনৰ মানুহ আছে। বুদ্ধিদীপ্ত এইসকল লোকে অলপমান সংবেদনশীলভাৱে ভাৱি চালেই পেৰেণ্টিঙৰ লগত এই কথাবোৰৰ সম্পৰ্ক সহজে বিচাৰি পাব।

কথাবোৰ তাতোকৈও যদি খোলোচা হওক বুলি ভৱা যায় তেনেহ'লে এটা উদাহৰণকে হাতত ল'ব পৰা যায়। আৰু উদাহৰণটো নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰাই দিয়া যাওক। দেউতাৰ মাত্ৰ ন মাহ বয়সত আমাৰ ককা ঢুকাইছিল। ষাঠিৰ দশকত অগাধ অৰণ্যৰ মাজত থকা বৰমেছাই নামৰ ভীষণ বোকাময় যাতায়তবিহীন গাঁওখনত সদ্য বিধবা মোৰ গাভৰু আইতাৰ জীৱনৰ সমুখত আছিল পৰ্বতসম চূড়ান্ত প্ৰত্যাহ্বান। কিন্তু অনাখৰী আইতা আছিল স্বভাৱজাতভাৱেই এগৰাকী ভাল অভিভাৱিকা। উৰুখা পঁজাটোত অন্য সমস্যাবোৰ একাষৰীয়াকৈ থৈয়ো কোনোমতে যোগাৰ কৰা ভাতকেইটা মুখৰ আগত দি আইতাই দেউতাহঁতক কৈছিল বোলে, "লখিমী পাতত বহি সদায় আখৰ মনত পেলাবি। তেতিয়া সৰস্বতীয়ে লগ দিয়ে।" অন্যহাতে মসৃণ বা আৰামদায়ক নহ'লেও গণতান্ত্ৰিক ব্যৱস্থাই দেউতাহঁতৰ দৰে মাউৰা আৰু সম্বলহীন শিশুক শিক্ষাগ্ৰহণত বাধা আৰোপ কৰা নাছিল। বৰঞ্চ পিক কৰিছিল। তাৰে ফচল দেউতাহঁতে এতিয়া সাধ্য অনুসৰি আমাক একোটা জীৱন দিব পাৰিছে। পাৰফেক্ট আৰু বিলাসবহুল  হয়তো নহ'ব পাৰে। কিন্তু মোটামুটিভাৱে একোটা সপোনপিয়াসী জীৱন আমি পাইছোঁ।

 এইখিনিতেই আমি ব্যক্তিগত পৰ্যায়ৰ পাৰিবাৰিক অভিভাৱকত্ব আৰু সামাজিক অভিভাৱকত্বৰ ৰূপৰেখা দেখা পাব পাৰোঁ। এইবোৰ কাৰণতে মানদণ্ড সম্পন্ন পাৰিবাৰিক অভিভাৱকত্বৰ লগতে strong and smooth running সামাজিক অভিভাৱকত্বৰ পোষকতা আমি দৃঢ়ভাৱে কৰিব পাৰোঁ। য'ত human resource development ৰ সমগ্ৰ প্ৰক্ৰিয়াটোত ইটোৱে সিটোৰ পৰিপূৰক হ'ব পাৰে।

আনকি এই মঞ্চৰ জৰিয়তে মই নিজেও  সামাজিক অভিভাৱকত্বৰ ছাঁয়া অলপকৈ হ'লেও অনুভৱ কৰি পুলকিত হৈ উঠোঁ।সমবয়সী এগৰাকী অতিশয় মেধাৱী ব্যক্তিয়ে এই মঞ্চলৈ  মোক লৈ অনাৰ পৰা অলপ সক্ৰিয়ভাৱে ইয়াত অংশ লোৱা প্ৰক্ৰিয়াটোলৈকে সামাজিক অভিভাৱকত্বৰ এক যোগাত্মক স্পৰ্শ ইয়াত সোমাই আছে।

অন্যহাতে অভিভাৱকত্ব সম্বন্ধে মোৰ কোনো অধ্যয়ন নাইবা অভিজ্ঞতা তেনেকৈ নাছিল। মাত্ৰ অন্তৰঙ্গতা বুলিলে আছিল সীমিত জ্ঞান-বুদ্ধিৰে যোৱা চাৰিটা বছৰে অনানুষ্ঠানিকভাৱে তেইছটা সৰু সৰু ল'ৰা-ছোৱালীক খুউৱ নিবিড়ভাৱে পৰ্যবেক্ষণ কৰাৰ লগতে বন্ধুত্ব স্থাপনৰ প্ৰয়াস।

"সাগৰৰ ঢৌৱে পাৰৰ বালিত পেলাই যোৱা সৰু সৰু মাছৰ জাকৰ পৰা এটা মাছ বুটলি পুনৰ তাক সাগৰলৈ দলিয়াই দিয়া কামটো হয়তো আপোনাৰ বাবে এটা ধেমালিৰ কাম হ'ব পাৰে। কিন্তু সেই মাছটোৰ জীৱনৰ বাবে এটা বৃহৎ পৰিৱৰ্তনকামী পৰিঘটনা হ'ব পাৰে।"-ক'ৰবাত পঢ়িবলৈ পোৱা এই কথাষাৰে মোক এই প্ৰয়াস কৰিবলৈ ভিতৰৰ পৰা অনুপ্ৰেৰণা যোগাইছিল। য'ত মই ইনভেষ্ট কৰোঁ অকমাণ শিশুসুলভ মৰম আৰু সহমৰ্মিতা।

বন্ধৰ দিন আৰু আজৰি সময়ৰ ফাঁকে ফাঁকে কটোৱা এই সময়বোৰত কেতিয়াবা কেতিয়াবা সিহঁতৰ লগত সিহঁতৰ দুই এক বন্ধু-বান্ধৱীও আহে। হয় কোনোবা আত্মীয় নতুবা চুবুৰীয়াৰ ল'ৰা-ছোৱালী ইহঁত আটাইবোৰৰে কাৰোবাৰ কাৰণে মই পেহী কাৰোবাৰ মাহী নাইবা কাৰোবাৰ বায়েক।

শেষত এইলানি লেখাৰ সামৰণি মাৰিব খুজিছোঁ এই আশাৰে যে আমাৰ শিশুহঁতৰ প্ৰত্যেকৰে মাজত নিহিত থকা প্ৰকৃত সত্বাটো আমি যেন চিনাক্ত কৰিবলৈ সক্ষম হওঁ আৰু সেইমতে বিকশিত হোৱাৰ উপযুক্ত পৰিৱেশ একোটাও গঢ়ি দিব পাৰোঁ।

এই প্ৰক্ৰিয়াটো(parenting)ত measurable outcomes খুউৱ সোনকালে আমাৰ চকুত হয়তো নপৰিবও পাৰে। কিন্তু এখন সৰ্বাঙ্গ সুন্দৰ দেশ আৰু সমাজ পাবলৈ হ'লে আমি আটাইতকৈ বেছি human resource development তে  মনোনিৱেশ কৰিব লাগিব।আপোনালোকেও এইক্ষেত্ৰত সহমত হ'ব যেন অনুমান হয় যে আমি য'তেই নাথাকোঁ লাগে সেইখনেই আমাৰ পীটছ্ আৰু তাৰ পৰাই আমি আমাৰ বেষ্ট পাৰফৰ্মেন্স দিয়াৰ চেষ্টা কৰিব পাৰোঁ।

শ্ৰীমতী ইভা দহোতীয়া
ডিৰাক চাৰি আলি
কাকপথাৰ, তিনিচুকীয়া।

পৃষ্ঠা ১০
অসমীয়া নাৰীসকলৰ লোকাচাৰ -উৰুলি

অসমৰ লোকসংস্কৃতি আৰু লোকাচাৰ সমূহে অসমীয়া সংস্কৃতিক চহকী কৰি তোলাৰ লগতে অসমীয়া জাতিটো বৈচিত্ৰপূৰ্ণ আৰু এক সুকীয়া মৰ্যদা প্ৰদান কৰিছে । 'উৰুলি ' অসমীয়া সমাজৰ এক এৰাব নোৱাৰা বিচিত্ৰ লোকাচাৰ ।অসমীয়া মহিলা সকলে সমস্বৰে একে উশাহতে উচ্চাৰণ কৰা এবিধ মংগল ধ্বনি হৈছে -উৰুলি ।অসমৰ বিশেষকৈ হিন্দু সমাজৰ পূজা -পাৰ্বণ, বিবাহ আদি সামাজিক বৈদিক অনুষ্ঠান, ৰাজহুৱা অবৈদিক অনুষ্ঠান আদি প্ৰতিটো মাংগলিক অনুষ্ঠানতে উৰুলি অবিচ্ছেদ্য অংগ ।পূজা পাৰ্বন আৰু বিবাহ অনুষ্ঠানত উৰুলিয়ে আধ্যাত্মিকতা পূৰ্ণ কৰি তোলাৰ লগতে উৎসৱ মুখৰ কৰি তোলে । উৰুলি অবিহনে এখন বিয়া তেনেই উকা । বিয়াখনৰ আৰম্ভণিৰ পৰা শেষলৈকে মহিলা সকলৰ উৰুলি আৰু বিয়া নামে অৰ্থবহ আৰু আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
অসমীয়া হিন্দু নাৰী সকলৰ মাজত উৰুলি কেতিয়াৰ পৰা কেনেদৰে প্ৰচলিত হ'ল এই কথা সঠিক কৈ জনা নাযায় । ভাৰতৰ বাঙালী সমাজতো উৰুলিৰ ব্যৱহাৰ দেখা যায় ।বাংলাদেশৰ  হিন্দু নাৰীসকলৰ মাজতো উৰুলি প্ৰথা প্ৰচলিত বুলি জনা যায় । বাংলাভাষাত উৰুলিক 'উলুধ্বনি ' বুলি কোৱা হয় । ইংৰাজীত funy noise । অতীজত অসমৰ জনজাতি সমাজৰ নাৰীসকলে পুৰুষ সকলক উৎসাহিত কৰিবলৈ উৰুলি দিছিল বুলি জনা যায়। যি কোনো সংঘৰ্ষ, যুদ্ধ -বিগ্ৰহ আদিত জয়লাভ কৰিবলৈ উৰুলি দি জনজাতীয় মহিলাই পুৰুষ সকলক সাহস যোগাইছিল ।
অসমৰ লোক জীৱনৰ আধাৰ হৈছে প্ৰকৃতি । জীৱনৰ সকলো ধৰণৰ উপলব্ধি প্ৰকাশ পাই প্ৰকৃতিৰ মাজত । অসমীয়া লোকে প্ৰকৃতিৰ কোলাত মুকলি মূৰীয়াকৈ জীৱন কটাই প্ৰকৃতিৰ ৰূপ, ৰস, গন্ধ, স্পৰ্শ, সৌন্দৰ্য্য, ধ্বনি আদি উপলব্ধি কৰিবলৈ শিকিলে । পৰ্বত- পাহাৰ, হাবি বননিত পখীৰ সুললিত গীতে মাতে অসমীয়া লোকক সৃষ্টিৰ প্ৰেৰণা যোগাই আহিছে । প্ৰকৃতিৰ বিন্যাসেই মানৱ সভ্যতাৰ আধাৰ । অসমীয়া ধ্বন্যাত্মক বহু শব্দ প্ৰকৃতিক অনুকৰণ কৰিয়েই সৃষ্টি হৈছে । সেই হিচাপে প্ৰকৃতিৰ অনুপম সৃষ্টি ফেঁচাৰ উৰুলিৰ ধ্বনি অনুকৰণেই অসমীয়া সমাজৰ উৰুলি বুলি ভবাৰ থল আছে । অসমীয়া জন বিশ্বাস মতে ফেঁচাই উৰুলি দিলে অঞ্চলটোত কাৰোবাৰ বিয়াৰ যোগ সমাগত বুলি ভবা হয় । সেয়ে চাগে অসমীয়া সমাজৰ বিবাহ অনুষ্ঠানত উৰুলি এক অবিচ্ছেদ্য অংগ । যিহেতু ফেঁচাৰ উৰুলিক মংগল ধ্বনি হিচাপে জ্ঞান কৰা হয় সেয়ে অসমীয়া সমাজৰ প্ৰতিটো শুভ কাৰ্যত মহিলা সকলে সমস্বৰে একে উশাহতে তিনি বাৰ বা পাঁচ বাৰ উৰুলি দিয়াৰ প্ৰচলন আছে ।
        পখীৰ উৰুলি য়ে শুভবাৰ্তা কঢ়িয়াই বুলি জনপ্ৰিয় গীতিকাৰ, সুগায়ক তফজ্জুল আলীৰ গীতে কৈছে -
''বহাগে আনিলে সুৰৰে বাতৰি 
বুকুৰ মাজত কুলিৰে কাকলি 
আজিয়ে আহিব চিনাকি অতিথি 
শুনিছোঁ পখীৰ উৰুলি ।''

আদৰ সম্ভাষণত উৰুলিৰ ব্যৱহাৰৰ কথা গীতিকাৰ জনে কৈছে -
''নৱ নৱ অনুৰাগে ভৰে তনুমন 
কাৰ বাবে বাট চাই আছোঁ অনুক্ষণ 
মাধবী আহিব আজি দিয়া উৰুলি ।''

আধুনিকতাৰ প্ৰভাৱত মহিলাৰ এই মংগল ধ্বনি, আনন্দ ধ্বনি, উৎসাহ -উদ্দীপনা ধ্বনিৰ প্ৰচলন কিছু হ্ৰাস পালেও বিভিন্ন উৎসৱত উৰুলি প্ৰতিযোগিতা পাতি এই বিধ লোকাচাৰ ধৰি ৰখাৰ ব্যৱস্থা অব্যাহত ৰাখিছে । আধ্যাত্মিক ভাবে প্ৰচলন কৰা এই ধ্বনি য়ে কণ্ঠ, জিভা আৰু শ্বাস কাৰ্যত সুপ্ৰভাব পেলায় । জিভাৰ জঠৰতা ভাঙে । মৃদু কম্পনৰ ভূমিকম্পৰ জোকাৰণিৰ উমান চুবুৰীয়া মহিলাৰ সুললিত উৰুলিৰ জাউৰিত হে কেতিয়াবা উমান পোৱা যায় ।ভূমিকম্প আহিলে 'উৰুলি ৰে আদৰা 'ইয়ো এক সুকীয়া বৈচিত্ৰৰ লোকবিশ্বাস । এনে এক বিৰল লোকাচাৰ জীয়াই ৰাখিবলৈ  প্ৰতিগৰাকী নাৰীয়ে আগ্ৰহী হোৱা উচিত ।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও, ফোন -8011850172         

পৃষ্ঠা ১১
ধাৰাবাহিক উপন্যাসঃ

অভিশ্ৰুতি
(যোৱা সংখ্যাৰ পিছৰ পৰা)

চয়নিকা বৰুৱা, যোৰহাট

(খণ্ড - ১৮)

পৰভাতে শ্যাম কানু ধেনু লৈয়া সঙ্গে...
নেহাৰ মুখত বৰগীতৰ গুণগুননি শুনি মই সাৰ পালো। ৰাতিপুৱাতে বৰগীতটো শুনি মনতো ভাল লাগি গ'ল...
• শ্ৰুতি উঠিলা !
•উম..., বৌ...
•উম...কোৱা।
•তুমি ইমান ধুনীয়া বৰগীত গাবলৈ ক'ত শিকিলা?
•নাই.....তেনেকৈ ক্লাচ কৰি শিকা নাই। কিন্তু আমাৰ দেউতায়ে সদায় ৰাতিপুৱা বৰগীত গায়। তাকে শুনি শুনি যি শিকিলো...সেয়াই মই গুণগুনাই থাকো।
•দাদাক গাই শুনাইছা নাই ?
•নাই দেই...মোৰ লাজ লাগে।
•দাদায়ে বৰগীত বৰ পায়। কেতিয়াবা গাই শুনাবাচোন...বৰ ভাল পাব সি।
•নাই...নাই....নোৱাৰো দেই।
•কিয় নোৱাৰিবা নেহা....পাৰিবা।
তেওঁ সাৰ পালে, তেওঁৰ মাতসাৰ শুনি মনতো বৰ ভাল লাগিল। তাতে আজি ঘৰলৈ যাম। মোৰ মনত যে কিমান আনন্দ, কাকো বুজাব নোৱাৰো।
•অভি সোনকালে মুখখন ধোৱা। কাপোৰবোৰ আমি সামৰি ল'ব লাগিব নহয়।ডাক্তৰ আহিছিল ১১ বজাত ৰিলিজ দিব। এওঁ আহিবই এতিয়া।
•থিক আছে নেহা। শ্ৰুতি উঠিব পাৰিব নে মই উঠায় দিও নেকি ?
•আজি নিজেই উঠিবলৈ যত্ন কৰোঁ চোন।
•উম...থিক আছে।
লাহে লাহে উঠিলো। শুই উঠি মুখ ধুই দাদায়ে আনি দিয়া চাহ খালো। অলপ সময় বহাৰ পাছতেই মোক ৰিলিজ দিবৰ হ'ল বুলি জনালে। ১১.৩০ মান বাজিছে। আমি ঘৰলৈ বুলি বাট ল'লো। গাড়ীখনত আহিছো যদিও দাদায়ে লাহে লাহে চলাইছে যাতে মই পৰিৱেশটো উপভোগ কৰিব পাৰো। সঁচাকৈয়ে বৰ মোহনীয় দৃশ্য। তাতে ইমান বছৰৰ পাছত দেখিছো এই পৰিৱেশ। প্ৰায় ১ মান বাজিবই হ'ল‌ আমি ঘৰ পাওঁতে। ঘৰত সোমাওঁতেই আইতায়ে মোৰ মূৰে-কঁপালে চুমা খাইছে।
•আই ঔ দেহী মোৰ আইমানুজনী তেনেই শুকাই-খিনাই গ'ল ঔ। আহাঁ আইমানু আহাঁ।
•মইনা ভিতৰলে আহাঁ।
•মা ভণ্টি নাই নেকি ?
•নাই। তাই কলেজলে গ'ল।
মোৰ চকুপানী ওলাই গ'ল। মই মোৰ কলেজীয়া জীৱন ভালদৰে অনুভৱ কৰিবলে নাপালোয়েই।
•কি হ'ল মাজনী কিয় কান্দিছা ?
•মা মইচোন কলেজীয়া জীৱন উপভোগ কৰিবলে সুযোগেই নাপালো।
•সেই বিষয়ে মই কিবা এটা ভাবিছো। কিন্তু শ্ৰুতি তুমি মেডিকেলৰ পৰা আহিছা হে। অলপ দিন ৰেষ্ট কৰি লোৱা চোন। তাৰ পাছত ভালদৰে আলোচনা কৰিম বাৰু।
অভিৰ কথা শুনি মইয়ো সেই বিষয়ে ভাবিবলৈ এৰিলো। কাৰণ ডাক্তৰে মোক যিকোনো কথাত চিন্তা কৰিবলৈ মানা কৰিছে। লাহে লাহে ভিতৰলে গ'লো আৰু  বিছনাতে অলপ সময় শুই দিলো। অভিয়ো ঘৰলে যায়। সি বহুত দিন ঘৰলে যোৱাই নাই। সেয়েহে আজি যায় বোলে। মোৰ যাবলে দিবলে অলপমানো মন নাছিল যদিও তেওঁক বাধা নিদিলো। কাৰণ ইমান বছৰে তেওঁ মোৰ লগতে আছে যেতিয়া আজি কিবা প্ৰয়োজনতহে তেওঁ ঘৰলৈ যাব বিচাৰিছে। মায়ে অভিক ভাত খাই যাবলে ক'লত তেওঁ মান্তি হ'ল। সকলোৱে একেলগে ভাত খালো। ভাত খাই অভি ঘৰলে গ'ল গৈ। দাদা আৰু বৌও ঘৰলে গ'ল। মাহী আমাৰ ঘৰতে থাকিল।।মাৰ অসুবিধা হ'ব বুলি। আইতাৰ লগত আজি হেঁপাহ পলোৱাই কথা পাতিলো। কথা পাতোতে পাতোতে কেতিয়ানো সন্ধিয়া লাগিলে মনিবই নোৱাৰিলো।সকলোৱে আজিও একগোট হৈ প্ৰাৰ্থনা কৰে। মোৰ বৰ ভাল লাগিল। ইমান বছৰে এই সৰু সৰু ক্ষণ বোৰ মই অনুভৱ কৰিব নোৱাৰিলো। কিন্তু আজি ভালদৰে অনুভৱ কৰি ল'লো। সন্ধিয়া চাহ খাবৰ সময়ত আমি সকলো বহি ল'লো। আজি কালি মই চাহ খাবলে ল'লো। বৰ বেছি নাখাওঁ যদিও অলপমান সুৱাদ লওঁ।
•মাজনী...তুমি চাহ খাই দৰৱ খাব লাগিব কিন্তু।
•পাহৰিয়েই গৈছিলো মা।
মায়ে মোক চাহ খোৱাৰ পাছত দৰৱ দিলে। দৰৱ খাই মই ভিতৰৰ শুৱা ৰূমলে গ'লো। অলপ সময় জীৰণি ল'বলৈ। বিছনাখনত উঠিছিলো হে এনেতে....
ক্ৰিং...ক্ৰিং...
•Hello...
•কি কৰিছা ?
•মই এনেই আছো। তুমি ?
•তোমাৰ কথাকে ভাবি আছো।
তেওঁৰ মাতষাৰ শুনি বৰ ভাল লাগে। কিন্তু ফোন কৰোঁতে তেওঁ মাতষাৰ...আহ্...মোৰ মনতো মোহি লৈ যায়, কোনোবা দূৰ ঠাইলৈ।
•অভি।
•উম কোৱা...
•তুমি ইমান বছৰে মোলে কিয় অপেক্ষা কৰি থাকিলা ?
•কাৰণ মই তোমাক বহুত ভাল পাওঁ। তুমি নহ'লে মই আজিকালি নিজকে অনুভৱ কৰিব নোৱাৰো।
•যদি মই ওভতি নাহিলো হেতেন ?
•তুমি আহিবা বুলি মোৰ বিশ্বাস আছিল।
•ভাল পোৱাত ইমান বিশ্বাস...কিয় ?
•কাৰণ ভালপোৱাৰ আন এটা নামেই হ'ল বিশ্বাস।
•বহুতে কয় মই তোমাক ভাল পাওঁ। তোমাক বিশ্বাস কৰোঁ। কিন্তু বহুতে সেই বিশ্বাস হেৰুৱাই দিয়ে। হয়তো কোনোবাই বিশ্বাস কৰে। তথাপিও কিয় সম্পৰ্ক এটা ইমান সহজতে ভাঙি দিয়ে ?
• কাৰণ ভাল পোৱাতো ইমান সহজ নহয়। ভাল পাওঁ বুলি সকলোৱে ক'ব পাৰে কিন্তু ভাল পাব হে নাজানে। কাৰোবাক ভাল লাগিলেই ভাল পাওঁ বুলি বহুতে ভাবি লয়। কিন্তু সেইটোক ভাল পোৱা বুলি নকয়। ভাল লগা বুলি হে কয় আৰু সেইটোকে বুজি নাপাই মানুহে এটা সম্পৰ্ক গঢ়ি লয় আৰু যেতিয়া বুজি পায় যে ইজনে সিজনক 
ভাল নাপায় ভাল দেখে হে তেতিয়া লাহে লাহে সম্পৰ্কটোত কাজিয়া, বিশ্বাসঘাটকতা আদি নানান সমস্যাৰ সৃষ্টি হয় আৰু তেতিয়াই সেই সম্পৰ্কটোৰ শেষ হৈ যায়।
• সেইকাৰণেই কোৱা শুনিছিলো...
• কি ?
•ভাল পাব সকলোৱেই জানে কিন্তু ভালপোৱাক জীয়াই ৰাখিব সকলোৱে নোৱাৰে।

আগলৈ...

পৃষ্ঠা ১২
পোছাকৰ আঁৰৰ মানুহজন

শিখামণি গগৈ, দুলীয়াজান

খণ্ড ১

ইন্সপেক্টৰ অসীম চলিহা থানাৰ ভিতৰলৈ সোমাই আহিয়েই সিংহৰ দৰে  গৰজি উঠিল । থানাৰ লকআপৰ ভিতৰত তললৈ মূৰ কৰি আঁঠুত মুখ গুজি বহি থকা অপৰাধীটোক দেখি।

অসীম চলিহাৰ ভয়ংকৰ গৰ্জন শুনি  কঁপি  উঠিল সোণাপুৰ থানাৰ ভিতৰত থকা বাকী আৰক্ষী ,হাবিলদাৰ কেইজনো। আন দিনা কেতিয়াও  ছাৰৰ এই ৰূপ দেখিবলৈ পোৱা নাছিল তেওঁলোকে। এই থানালৈ আগতেও বহু গভাইত চোৰ ,ডকাইত ,ধৰ্ষণকাৰী আৰু বিভিন্ন ধৰণৰ অপৰাধী আহি থাকে। দুই এচাট ভালকৈ দি দুদিন মান লকআপৰ ভিতৰত থৈ ,অপৰাধীবোৰৰ  ঘৰৰ মানুহৰ লগত ভিতৰুৱা ভাৱে কথা-বতৰা পাতি, অপৰাধীক দুই এটা ধমকি দি, ভৱিষ্যতলৈ এনে কাম নকৰিবলৈ কৈ এৰি দিয়ে প্ৰায়বোৰক, এইজন অসীম চলিহাই।
গতিকে বৰ্তমানৰ সোণাপুৰ থানাখন অপৰাধীৰ বাবে ভগৱানৰ ঘৰ সদৃশ। আৰু সোণাপুৰ অঞ্চলৰ ৰাইজৰ  বাবে ? ৰাইজৰ মুখত থানাৰ বদনামৰ জয়গান বাৰুকৈয়ে শুনিবলৈ পোৱা যায়। মহা ঘোচখোৰ থানা এইখন। পুলিচ কেইটাৰ পকেট টনকীয়াল হৈ থাকে অনবৰতে।তাতে  ইন্সপেক্টৰ চলিহা ছাৰৰ কথা ৰাইজৰ মুখত আখৈ ফুটা দি ফুটে এনেদৰে ইন্সপেক্টৰ অসীম চলিহাই থানাত জইন কৰা পিছৰে পৰা সোণাপুৰ অঞ্চলত চোৰ ,ডকাইত, ধৰ্ষণকাৰীৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। এই ইন্সপেক্টৰজন ইয়াৰ পৰা গ'লেহে সোণাপুৰৰ ৰাইজে অলপ সকাহ পাব।

        কিন্তু ! কিন্তু আজি ইন্সপেক্টৰ অসীম চলিহাই অপৰাধী ধৰ্ষণকাৰীটোক কৰা এই বিপৰীত প্ৰতিক্ৰিয়া দেখি কৰ্মৰত অৱস্থাত থানাত  থকা কটকী ,দাস ,বড়াৰ আশ্চৰ্যত ভ্ৰু কুঞ্চিত হৈ পৰিছে।

    স্বভাৱত অতিশয় অমায়িক, দেখাত  সুন্দৰ সুঠাম চেহেৰাৰ ধৰ্ষণৰ অভিযোগত ধৰি অনা ল'ৰাটোৰ মুখৰ পৰা কটকী, দাস, বড়াহঁতে শুনা মতে ধৰ্ষণ কৰিবলৈ চেষ্টাহে চলাইছিল হেনো ল'ৰাটোৱে ছোৱালীজনীক, কিন্তু ধৰ্ষণ কৰা নাছিল। সিহঁতৰ মাজত ভালপোৱাৰ সম্পৰ্ক এটাও গঢ় লৈ উঠিছিল। সেইসূত্ৰেহে সি আগুৱাই গৈছিল ছোৱালীজনীৰ কাষলৈ।

তাৰ মুখৰ পৰা কথাবোৰ এনেদৰে  শুনাৰ পিছত , তেওঁলোকে  লকআপত  ভৰাই থৈ  দাবী ধমকি দিছে যদিও ল'ৰাটোক মাৰ পিট কৰা নাই এতিয়ালৈকে। ইন্সপেক্টৰ চলিহা থানালৈ অহালৈয়ে বাট আছিল কেওজনে। কিন্তু আজি চলিহাৰ দুচকু অপৰাধীৰ প্ৰতি খঙত পকা অঙঠাৰ দৰে অগ্নিস্ফুলিংগ হৈ উঠা এই ভয়ংকৰ ৰূপ দেখি আশ্চৰ্যচকিত  হৈছে আটাইকেইজনে।

:: ছাৰ পানী গিলাছ খাই লওক। কাঁচৰ বগা ৰঙৰ প্লেট খন আঁতৰাই  টেবুলৰ পৰা পানী গিলাছটো লৈ হাবিলদাৰ অতুল কটকীয়ে গুজৰি গুমৰি ফোপাই থকা ইন্সপেক্টৰ অসীম চলিহাৰ হাতত তুলি দিলে।

কোট কোটকৈ আধা গিলাছ পানী গলাধকৰণ কৰি লকআপত থকা ধৰ্ষণকাৰীটোৰ গালৈ ছাটি মাৰি পঠিয়ালে গিলাছটোৰ অৱশিষ্ট পানীখিনি !
পানীছাটি গাত পৰাৰ মাত্ৰকে অসীম চলিহাতকৈ দুগুণ খঙত চকু ৰঙা কৰি ল'ৰাটোৱে মূৰ তুলি চালে অসীম চলিহালৈ ।

দপ্‌দপাই সোমাই গ'ল অসীম চলিহা লকআপৰ দুৱাৰ খুলি ভিতৰলৈ।

::হুহ। চাল্লা কুকুৰ। কাক চকু ৰঙা কৰি দেখুৱাবলৈ আহিছ তই হাঁ ? মোক চিনি পোৱা নাই। উঠ।চোলাটোৰ কলাৰত মুঠিমাৰি ধৰি ল'ৰাটোক একেচাটে উঠাই দিলে ইন্সপেক্টৰে। সিও উঠিয়েই আগতকৈ বেছি খঙেৰে চকু ঘোপা কৰি চালে ইন্সপেক্টৰলৈ। লকআপৰ বাহিৰৰ পৰা চাই থকা কটকী, বড়া ,দাসে ল'ৰাটোৰ আচৰণত তবধ মানিলে। আজিলৈকে যিমান অপৰাধী এই থানালৈ প্ৰথম আহিছে, ভয়তে কঁপি কঁপি বহি থাকে। পিছলৈহে ভয় কমে। এইজনক ইমান খং কৰাৰ পিছতো ভয় কৰাৰ সলনি চকু ঘোপাহে কৰিহে চাইছে দেখোন।

অসীম চলিহাই ভালকৈ দুচাটমান লগাই চকী এখনত বহুৱাই তাক প্ৰশ্ন কৰিলে

:: ঐ হাৰামজাদা, কি নাম তোৰ ?
::ৰক্তিম ! ৰক্তিম ৰঞ্জন ভূঞা। খং মিশ্ৰিত মাতেৰেই কৈ উঠিল সি।
:: ঘৰত মা, বায়েৰে, ভনীয়েৰে আছেনে নাই ?
:: আছে। সৱ আছে। ভ্ৰু কোঁচাই আৰু অধিক খঙেৰে ফৰ্‌ফৰকৈ কৈ উঠিল সি।
:: তেন্তে। তেন্তে এজনী নাৰীক কেনেকৈ সন্মান কৰিব লাগে মা, বায়েৰে ভনীয়েৰেহঁতে নাই শিকোৱা  নেকি তোক ? ৰহ আজি তোক মই ভালকৈ শিকাম। তই মোৰ ভাগিনজনীৰ গাত হাত দিয়াৰ সাহস,।এইডালেৰে বাহিৰ কৰি লওঁ মই আগত।

চোলাৰ অস্তিন দুটা কোঁচাই লাঠিডাল ঘূৰাই ঘূৰাই কৈ উঠিল চলিহাই।

লকআপৰ বাহিৰৰ পৰা সকলো  চাই থকা কটকী ,দাস আৰু বড়াই তেতিয়াহে উচপ খাই উঠিল। বুজি উঠিল তেওঁলোকে তেতিয়াহে, আজি সিহঁতৰ ছাৰৰ ইমান খং উঠা আঁৰৰ আচল ৰহস্য।

দুচাট মান ভালকৈ দি লাঠি ডালে  থুঁতৰিটো দাঙি ধৰি সুধিলে এইবাৰ অসীম চলিহাই ল'ৰাটোক
:: এতিয়া ক। ইমান সাহস তই কেনেকৈ পালি মোৰ ভাগিন ৰাগিনীৰ গাত হাত দিবলৈ ?
:: তাইয়ে দিছিল সেই সাহস মোক। তললৈ মূৰ কৰি আগতকৈ কৈ অলপ নৰম হৈ কৈ  উঠিল সি অস্ফুৰ্ত স্বৰত।
:: হোৱাট ননচেন্স ?
::------
:: মই তোক কি সুধিছোঁ শুনিছনে নাই ?
:: শুনিছোঁ। সঁচা কৈছোঁ ছাৰ, তাই মোক জোৰ কৰি গাত হাত দিয়াইছিল।

অলপ আগত ল'ৰাজনে কটকী, দাস, বড়া হঁতৰ আগত দিয়া স্বীকাৰোক্তিটোতকৈ এইবাৰ অসীম চলিহাৰ আগত দিয়া অন্যধৰণৰ স্বীকাৰোক্তি শুনি ঘটনাটোৰ আঁৰত  কিবা এটা যে গভীৰ   ৰহস্য লুকাই আছে কটকী, বড়া হঁতে এই লৈ সন্দেহ ভৰা চাৱনিয়ে ল'ৰাটোলৈ চালে। ৰহস্যটো নো কি হ'ব পাৰে উদ্গীৱ হৈ  আগতকৈ বেছি ওচৰ চাপি গ'ল লকআপৰ নিচেই কাষলৈ আটাইকেইজন।

:: ক। সঁচা কথা ক। এইবোৰ আবোল -তাবোল বকি মাথা বেয়া নকৰ। তাই তোক কি জোৰ কৰিব হাঁ ? ধৰ্ষণ কৰিবলৈ ! মোক বুৰ্বক  পাইছ ।এইবোৰ কৈ বাচি যাম বুলি ভাবিছ। এজনী ছোৱালীয়ে নিজক কি পাতি দিব ধৰ্ষণ কৰিবলৈ(অশ্লীল)।
:: নাই ভবা ছাৰ। সঁচা কৈছোঁ আপোনাৰ ভাগিন ৰাগিনীয়ে মোক জোৰ কৰিছিল তেনে কৰিবলৈ।
:: আসঃ কি কৈ আছ তই এইবোৰ।
লকআপৰ নিচেই কাষতে ৰৈ থকা কটকী, দাসহঁতৰ সন্মুখতে ল'ৰাটোৰ এনে স্বীকাৰোক্তিত হতভম্ব হৈ  কৈ উঠিল চলিহাই।
ৰাগিনীয়ে তোক কিয় জোৰ কৰিব তেনে কাৰ্যৰ বাবে ! কি কৈ আছ তই এইবোৰ ! পাগল হৈছ নেকি তই ? বন্ধ কৰ বুলিছোঁ নহয় আবোল-তাবোলবোৰ বকিবলৈ। উত্তেজিত হৈ এটি হিংস্ৰ বাঘৰ দৰেই চিঞৰি উঠিল ইন্সপেক্টৰ চলিহাই।
:: পাগল নাই হোৱা ছাৰ। মই সঁচা কৈছোঁ।আচলতে সঁচা কথাবোৰ জানিবলৈ হ'লে আজিৰ পৰা সাতবছৰৰ আগৰ দিনবোৰলৈ ঘূৰি যাব লাগিব আপুনি। মনত পেলাব লাগিব আপুনি আপোনাৰ এসময়ৰ ভণ্টি স্বপ্না ৰঞ্জনী ভূঞাক ।
::কি-------?

আগলৈ---

পৃষ্ঠা ১৩

অণুগল্পঃ

ক/ অপেক্ষাৰ অন্তত জীৱন
        
অৰূপে কামলৈ যাওঁতে সদায় শিৱসাগৰ ASTC বাছ আস্থানত তাইক লগ পাই থাকে। দুয়োৰে চকুৱে কথাও পাতে, কিন্তু মাতিম বুলিও থমকে কিজানি তাই ভুল বুজে। আজি সি ৰুমতে ঠিক কৰি আহিছে যেনে তেনে তাইক মাতিবই । 
:হেৰা ভন্টী, তুমিযে কলেজ নগৈ এই ব্যৱসায় কৰিছা তোমাৰ ঘৰত বেলেগ কোনো নাই নেকি? তাইৰ দুখঃ ভৰা উত্তৰ "দাদা কি কৰিম, ঘৰত মই আৰু বেমাৰী মা-দেউতা, মই ৰাতিপুৱা এই বাতৰি কাকত বেচি যি দুই- এটকা পাওঁ তাৰে ঘৰখন কোনোমতে চলাওঁ আৰু একো অসুবিধা নহ'লে মাজে মাজে কলেজলৈ যাওঁ" । অনাথ অৰূপৰ মনৰ একোনত বিষাদে খুন্দা মাৰি ধৰিলে আৰু সেইদিনাৰ পৰাই সিহাঁতৰ পোহপালৰ দায়িত্ব ল'লে।

অভিজিত শেনচোৱা
শিৱসাগৰ, নামতি


খ/ কিযে কপাল

হঠাৎ মীৰাৰ গাটো বেয়া লগাত বনকৰা ছোৱালীজনীক ক'লে, পদ্মা‌ মোৰ গাটো বেয়া লাগিছে, তই মোক হস্পিটেলত নিব পাৰিবি নে ?পাৰিম কিন্তু বৰমা এতিয়া হস্পিটেললৈ গ'লে কৰোণাই পাব। মই ফাৰ্মাছিৰ পৰাই‌ পিল আনোগৈ ৰ'ব ! কথাষাৰ কৈ তাই দৌৰি দৌৰি যাওঁতেই পিছফালৰ পৰা ডাম্পাৰ এখনে তাইক খুন্দা মৰাত থিতাতে মৃত্যু; ইফালে অকলশৰীয়া মীৰায়েও বাৰান্দাতে পৰি স্বৰ্গগামী ! আনফালে একেটি মীৰাৰ পুত্ৰ মনোজেও মহানগৰীত পত্নীৰ সৈতে কভিডৰ লগত যুঁজি আছে। তেওঁলোকৰ দুবছৰীয়া পুত্ৰ সন্তানটি বনকৰা ছোৱালীজনীৰ হাতত। মাকৰ মৃত্যুৰ খবৰো নাজানিলে সিহঁতে!

লাৱণ্য ৰাণু ফুকন

গ/ পুত্ৰশোক

ফাগুনে ছটিয়াই দিয়া বসন্তৰ চিঠিখন বুকুত সামৰি সপোনটোৰ কাষ চাপোতেই লাগিল তাইৰ কেনা ৷
উস,কি বিভীষিকাময় আবেলি আছিল সেইয়া ৷ 

 যান্ত্ৰিক যন্ত্ৰণাত ৰাজপথত পৰি ৰ’ল তেজবিহীন এটি নিঠৰ দেহা ৷

ৰেখা সন্দিকৈ, শিৱসাগৰ।

পৃষ্ঠা ১৪
চুটি গল্পঃ
ডাক্তৰ হোৱাৰ গৌৰৱ

ডাঃ প্ৰভাকৰ দাস
ডিব্ৰুগড়

এৰাতিৰ কথা। মোৰ ডিউটি ৰেছিডেন্ট ডাক্তৰ ৰূপে এটা প্ৰাইভেট নাৰ্চিং হোমত । মোৰ ডিউটি থাকে ৰাতি দহ বজাৰ পৰা পুৱা আঠ বজালৈ। প্ৰতিদিনৰ দৰে আজিও মই ঠিক সময়তে ডিউটি জইন কৰিলোগৈ। নাৰ্চ এগৰাকীৰ সৈতে ৱাৰ্ডত ৰাউণ্ড দিবলৈ গ'লো। ৰাউণ্ড দি আহি ৰুমত অলপ জিৰাই আছিলো। এনেতে টোপনি গ'লো। শল্য বিভাগৰ এগৰাকী মহিলা ৰোগী আছিল। ছাৰে চাই মেলি দৰৱ দি ভৰ্ত্তিকৰি গুচি গ'ল। গোটেই ৰাতি পেট বিষৰ যন্ত্ৰনাত থাকিব পৰা নাই। পিছদিনা মহিলাগৰাকীৰ নিজৰ ভনীয়েকৰ বিয়া। কিন্তু দুর্ভাগ্যবশত হস্পিটেলত থাকিব লগীয়া হৈছে। মোৰ কোঠাৰ দৰ্জা কোনোবাই টুকুৰীয়াই আছে -  "টক-টক, টক-টক" । সময় ৰাতি ১:৩০ বাজিছে। দৰ্জা খুলি দেখিলো নাৰ্চ গৰাকী সন্মুখত আৰু কলে - "ছাৰ - ৰোগী পেট বিষত থাকিব পাৰা নাই, অলপ চাই দিব আহক ।" মই যোৱাৰ আগতে ছাৰক ফোন কৰিবলৈ ক'লো। ছাৰক কেইবাবাৰো ফোন কৰা হ'ল কিন্তু ফোন নুঠালে। এতিয়া উপায় নাই মই নিজে চাব লাগিব। মই অলপ ভয়ে ভয়ে ৰোগীৰ কোঠাত প্ৰৱেশ কৰিলো। মোক দেখি ৰোগীৰ চকুৱে কিবা এটা সকাহ পোৱা যেন মোৰ অনুভৱ হ'ল। ৰোগী পেট বিষৰ যন্ত্ৰণাত পেটত হাত ধৰি অৱস্থা  কাহিল হৈ পৰি আছে। মই সকলোকে বাহিৰলৈ যাবলৈ আদেশ দিলো। "ঠিক আছে ছাৰ" কৈ পৰিয়ালবৰ্গ ৰোগীৰ কোঠাৰ পৰা ওলাই আহিলে। মই নাৰ্চৰ উপস্থিতিত ৰোগীক পৰীক্ষা কৰি ৰোগীৰ টিকেটত ইঞ্জেকচন এটা লিখি দিলোঁ। ৰোগীৰ মূৰত হাত বোলাই মৰমেৰে ক'লো - "আপুনি একেবাৰে চিন্তা নকৰিব, দৰৱ লিখি দিছোঁ একেবাৰে ঠিক হৈ যাব।"  মই ৰোগীৰ কোঠাৰ পৰা ওলাই আহিছিলো আৰু পিছফালৰ পৰা নাৰ্চ গৰাকীৰ মাত শুনিলো - "ছাৰে আপোনাক দৰৱ লিখি দিলে নহয়, আপুনি ভাল হৈ যাব।" মই নিজৰ কোঠালৈ আহি অলপ জিৰণি ললোঁ। পুৱা হ'ল। সময় প্ৰায় আঠ বাজিবলৈ হ'ল। মই মুখ হাত ধুই হোষ্টেললৈ বুলি ওলাই আহিছিলোহে, বাহিৰত ডাঙৰ বৰষুণ। কি কৰিম এতিয়া ? বাইক চলাই আহিলে গোটেই তিতি বুৰি শেষ হৈ যাম। এনেতে মানুহ এজনে মাত লগালে - "ছাৰ যায়গে নেকি ?" মই পিচলৈ ঘূৰি চালোঁ আৰু ভাবিলোঁ কোন - "কোন এই গৰাকী ?" মানুহজনে আকৌ মাত লগালে - "ছাৰ আপোনাকে বিচাৰি আছিলোঁ। আপোনাক বিচাৰি আপোনাৰ কোঠালৈ গ'লো কিন্তু আপোনাক নাপালোঁ। নাৰ্চে ক'লে আপুনি যাবলৈ লৈছে সেয়েহে মই দৌৰি দৌৰি তললৈ আহিলো আপোনাক লগ পাবলৈ।" মই আচম্বিত ! মই সুধিলোঁ - "ৰোগীয়ে ভাল পাইছেনে ?" মানুহজনে কলে - "হয় ছাৰ। আপুনি কালি যি দৰৱ দিলে তাই ভালেই হৈ গ'ল। মোৰ মানুহজনীয়ে আপোনাক এবাৰ চাব বিচাৰিছে। ছাৰ প্লিজ ! এবাৰ ৰোগীৰ ৰুমলৈ বলক।" মানুহজনে হাত যোৰ কৰি কাকূটি কৰিলে। ময়ো মান্তি হ'লো। সি মোক আদৰি পুনৰ ওপৰ মহলালৈ লৈ গ'ল য'ত তাৰ পৰিবাৰক ভৰ্ত্তি কৰা হৈছে। মই কোঠাত প্ৰৱেশ কৰিলো। ৰোগী গৰাকীৰ চকুলৈ চালোঁ। ৰোগীয়ে ক'লে - "অ.. ছাৰ। ছাৰ মোৰ বহুত পেট বিষ আছিল। মৰি যাম যেন হে লাগিছিল। আকৌ আজি মোৰ ভনীয়েকৰ বিয়া। বিয়াত থাকিব নোৱাৰিম যেনহে লাগিছিল। যেন মোৰ কপালতে নাই ভনীৰ বিয়াত থাকা। কিন্তু আপোনাৰ দৰৱত মই বহুত সুস্থ অনুভৱ কৰিছো। বহুত বহুত ধন্যবাদ ছাৰ। আপুনি ভগৱানৰ নিচিনা ছাৰ। মোক দুখৰ পৰা মুক্ত কৰি দিলে।" মহিলা গৰাকীৰ কথা শুনি মই অবাক হৈ পৰিলো। আজিলৈকে কোনেও মোক ইমান শ্ৰদ্ধা মৰম দিয়া নাই। আজি প্ৰকৃততে ডাক্তৰ স্বৰূপে নিজেই বহুত গৌৰৱবোধ কৰিলো। মোৰ অন্তৰ আত্মা আনন্দৰ লহৰত নাচি উঠিল। মই বিদায় লৈ পুনৰ তললৈ নামি আহিলোঁ। বৰষুণ এতিয়াও এৰা নাই। ৰোগীৰ স্বামীও মোৰ পিছে পিছে তললৈ আহিলে। নাৰ্চিং হোমৰ পৰা হোষ্টেলৰ দূৰত্ব খোজকাঢ়ি প্ৰায় চল্লিছ মিনিটমান হ'ব। মানুহজনে মোক ক'লে - "ছাৰ আপুনি ৰেইন-কোট অনা নাই নেকি ?" মই ক'লো - "হয় আনিবলেই নহ'ল। বৰষুণ দিব বুলি ভৱা নাছিলোঁ ।" মানুহজনে আকৌ মোলৈ চাই ক'লে - "ছাৰ চিন্তা নকৰিব। মোৰ ছাতি লৈ যাব পাৰিব।" মই ক'লো - "মোৰ বাইক আছে ।"  মানুহজনে ক'লে - হ'ব ছাৰ আপুনি চিন্তা কৰিব নালাগে। আপুনি বাইক ওলাওক মই পিছপিনে বহি আপোনাক বচাই লৈ যাম।" মই আচৰিত হ'লো। আজিলৈকে কোনেও মোক এনেকৈ সহায়ৰ হাত আগবঢ়োৱা নাই। মই মনতে ভাবিলোঁ - "সি মোৰ লগত বাইকত আহিব হোষ্টেললৈ। আকৌ পুৱা ভাগত হোষ্টেলৰ পৰা নাৰ্চিং হোমলৈ যাবলৈ অউটৰিক্সা নাপাব। তাৰমানে সি খোজকাঢ়ি ঘূৰি যাব লাগিব। তাকো ইমান বৰষুণত। মই ক'লো - "আপুনি কেনেকৈ ঘূৰি আহিব ?" মানুহজনে পুনৰবাৰ ক'লে - "ছাৰ মই আছোঁ নহয়। বলক ছাৰ।" মই বাইক ষ্টাৰ্ট দিলোঁ । সি মোৰ পিছফালে বহি ছাতি মেলি ল'লে। গোটেই ৰাস্তা মোক বচাই বচাই আহি আছে আৰু নিজে কিন্তু তিতিছে। মই বাইক অলপ ধীৰ গতিত চলাই আছিলোঁ। মই ক'লো - "মোক বচাওঁতে বচাওঁতে আপুনি তিতি আছে দেখোন।" মানুহজনে ক'লে - "ছাৰ ! মই তিতিলে একো নাই, আপুনি তিতিব নালাগে।" মানুহজনে মোক বচাবলৈ গৈ নিজে গোটেই তিতি গ'ল। কিবা প্ৰকাৰে আমি হোষ্টেল আহি পালোহি। মানুহগৰাকীয়ে মোক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ পৰা বিদায় মাগিলে। কাৰোবাৰ পৰা ইমান শ্ৰদ্ধা-ভক্তি আৰু মান-সন্মান পাই নিজকে বহুত সৌভাগ্যৱান অনুভৱ কৰিলোঁ । প্ৰভু ঈশ্বৰক কোটি কোটি ধন্যবাদ জনালো মোক ডাক্তৰ হিচাবে সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰা কাৰণে।

পৃষ্ঠা ১৫
অনুবাদ কবিতা ঃ

A  TREE WITHIN

(Octavio Paz)

A tree grew inside my head
A tree grew in.
Its roots are veins
Its branches nerves,
Thoughts its tangled foliage.
Your glance sets it on fire,
And its fruits of shades
Are blood oranges
And pomegranates of flame.
Day breaks
In the body's night.
There, within,inside my head
The tree speaks.
Come closer-can you hear it.

মনৰ মাজৰ এজুপি গছ
মূল ইংৰাজী A  TREE WITHIN Octavio Paz

অনুবাদ: 
প্রাণকৃষ্ণ গোস্বামী
কাহিলিপাৰা, গুৱাহাটী

মোৰ মনৰ মাজত এজুপি গছ অংকুৰিত হ'ল 
এজুপি গছ অংকুৰিত হ'ল ৷
ইয়াৰ শিপা হ'ল মোৰ ধমনী
স্নায়ুৰ ৰূপ ল'লে ডালবোৰে
মোৰ ভাৱৰাশি জোঁটলগা সেউজীয়া পাত ৷
তোমাৰ ঈষৎ দৃষ্টিয়ে ইয়াত জুই জ্বলালে,
ফলবোৰ তেজৰঙী সুমথিৰা বৰণৰ হৈ
ডালিমগুটীয়া ৰঙা অগ্নিশিখা হ'ল ৷
ৰাতি পুৱাল-
দেহাৰ অমানিশাৰ ৷
তাত,অন্ত:স্থলীত, মোৰ মগজুৰ ভিতৰত
গছজোপাই কথা কয় ৷
কাষ চাপি আহাঁ-তুমি শুনিছানে বাৰু?

অক্তাভিঅ' পাজ ( Octavio Paz Lozano,১৯১৪-১৯৯৮)  কুৰি শতিকাৰ এগৰাকী মেক্সিকান কবি ৷ ১৯৯০ চনত তেওঁ  সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল ৷ ১৯৬২ চনত তেওঁক ভাৰতলৈ মেক্সিকোৰ ৰাষ্ট্ৰদূতৰ নিযুক্তি দিয়া হয় ৷ তেওঁ জাপান, চুইজাৰলেণ্ড আৰু ফ্ৰান্সতো মেক্সিকোৰ ৰাষ্ট্ৰদূত আছিল ৷ তেওঁৰ প্ৰাথমিক স্তৰৰ কবিতাত মাৰ্ক্সবাদ আৰু অতীন্দ্ৰীয়বাদৰ প্ৰভাৱ পৰিলেও পিছলৈ বৌদ্ধ আৰু হিন্দু ধৰ্মৰ প্ৰভাৱো পৰিলক্ষিত হয় ৷ ইয়াৰ উপৰি শেষৰফালে মেক্সিকান কৃষকৰ নিস্পেষণ আৰু তেওঁলোকৰ সামাজিক পৰিস্থিতি তেওঁৰ লিখনিৰ মূল বিষয়বস্তু হৈ পৰে ৷ মেক্সিকান সমাজৰ ওপৰত  লিখা 'দি লেব্ৰীন্থ অফ চলিটিউড' তেওঁৰ এক বিশেষ ৰচনা ৷

পৃষ্ঠা ১৬
ছন্দৰীতি

মূল : মহাদেৱ সাহা (বাংলা)

অসমীয়া অনুবাদ :
কুমুদ ঘোষ
নকছাৰি মহাবিদ্যালয়,
যোৰহাট - অসম

তোমালোকৰ কথাই কথাই ইমান ব্যাকৰণ
উঠোঁতে-বহোঁতে তোমালোকৰ ইমান অভিধান,
কিন্তু চঞ্চল নিজৰাৰ কোনো ব্যাকৰণ নাই
আকাশৰ নাই কোনো অভিধান, নাই সমুদ্ৰৰ ।
ভালপোৱাই নামানে কেতিয়াও ব্যাকৰণ
হৃদয়তকৈ ডাঙৰ কোনো সংবিধান নাই
হৃদয়ে যিখিনি পাৰে সেয়া জাতিসঙ্ঘয়ো নোৱাৰে
কোনো ব্যাকৰণ বুজি নুফুলে গোলাপ ।
প্ৰেমিকে বাৰু ছন্দ পিন্ধি সম্বোধন কৰেনে ?
নদী চিৰ ছন্দময়, কিন্তু সি জানো ছন্দৰ কিবা জানে,
পখীয়ে গীত গায় কোনখন ব্যাকৰণ মানি ?
তোমালোকেই কোৱা কেৱল ব্যাকৰণ, কেৱল অভিধান !
কোৱাচোন কোনখন প্ৰেমৰ শুদ্ধ কিতাপ, শুদ্ধ ব্যাকৰণ
কোনোবাই কেতিয়াবা বাৰু প্ৰেমৰ চিঠিত বিচাৰেনে সঠিক বানান
কোনোবাই  কেতিয়াবা বাৰু বিচাৰেনে জানিব প্ৰেমালাপ স্বৰত নে মাত্ৰাত ?
জানো, নীৰৱ চুম্বনেই পৃথিৱীৰ শ্ৰেষ্ঠ ছন্দৰীতি । 

পৃষ্ঠা ১৭
কবিতাঃ

মনত বাঢ়ি আহে এখন পাহাৰ...

ইমান সহজ নহয় কথাবোৰ
উৰুৱাই দিয়া যায় যি ভাবি

ইমান জটিলো নহয়
হাৰি যাওঁ বুলি মৰ্মাহত হোৱা যায় যি ক্ষণত

ক্ষণিকতে গজি উঠে অজীৰ্ণ বন

বাঢ়ি আহে
মনত এখন পাহাৰ ...

কিশোৰ কুমাৰ দাস
গৱেষক ছাত্ৰ,
ইনষ্ট্ৰুমেন্টেইশ্যন আৰু ইনফৰমেটিকচ্ 
গৱেষণাগাৰ,
ইলেক্ট্ৰ'নিকছ্ আৰু কমিউনিকেশ্যন টেকন'লজি বিভাগ,
গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী-৭৮১০১৪
মবাইল নম্বৰ: ৯০৮৫৭৮৮৭০১
৮৬৩৮২১৫০৯০

পৃষ্ঠা ১৮
কীটৰ দেশ
                   
(মহাসতী জয়মতীৰ পুণ্য স্মৃতিত)

মই এখন কীটৰ দেশলৈ গৈছিলো
"ভায়'লিন" নামৰ গুবৰুৱা এটাই মোক
আদৰি নিছিল
দেখিবলৈ হেলিকপ্টাৰৰ দৰে জিৰাফ বিটলে মোক
অঁকাই-পকাই ঘূৰাই লৈ ফুৰিছিল।

ফৰিঙবোৰে বৰলৰ গাঁততে খাই বৈ আছিল
জিঞাই একে সময়তে কেউদিশে চাইছিল
লুণীয়া সাগৰলৈ কীটে ভয় কৰিছিল
হাওঁফাওঁবিহীন কীটবোৰে ট্ৰেকিয়া নলীৰ সহায়ত উশাহ লৈছিল
লেডিবাৰ্ড নামৰ ফুটুকি গুবৰুৱাজনীয়ে হালধীয়া কণী পাৰিছিল
"টেনাৰিছ মেক্ৰপছ" নামৰ পখিলা এটাই 
ফেঁচাৰ চকুৰ দৰে  পাখিত থকা চকু দুটাৰে 
মোক ভয় খুৱাইছিল
"মাৰিকোপা হাৰ্ভেষ্টিং" নামৰ বিষাক্ত 
পৰুৱাবোৰে খাদ্যৰ সন্ধান কৰিছিল।

এদিনাখন  ছিকাদাৰ  সুহুৰিয়ে মোক
গভীৰ অৰণ্যলৈ লৈ গৈছিল।

শেষত মই আলফুলে সাৱটি লৈ 
উভতি আহিছিলো 
বহুযুগৰ "ক্ৰেন ফ্লাই" নামৰ মাখিৰ
জীৱাশ্মৰ এখন ফ'টো॥
           
       
 Cicada--এবিধ উৰহজাতীয় কীট
 Crane FLY--এবিধ মাখিৰ প্ৰজাতি (মাৰ্কিন যুক্তৰাষ্ট্ৰ)

অমৃত  শইকীয়া

পৃষ্ঠা ১৯
এখন চিতা

তেওঁৰ দুচকুত চকু থ'লোঁ
ইমান সজল সেই চাৱনি...
তেওঁৰ দুহাত তুলি লʼলো মোৰ দুহাতত
যেন হিমশীতল এটি পুহৰ গধূলি...
তেওঁক লাহেকৈ মাত এষাৰ দিলোঁ
ইমান কৰুণ সেই সুৰটি...
মই আকৌ সুধিলো লাহেকৈ
আপুনি বাৰু কান্দিছে নেকি ? 
তেওঁ কʼলে -- শিলে জানো কান্দে ! 
মই নিশ্চুপ হৈ গʼলোঁ ।
মাথোঁ অনুভৱ কৰিলোঁ তেওঁৰ বুকুত
ৰু-ৰুৱাই জ্বলি থকা সপোনৰ চিতাখনি ।

চিণ্ময় বৰুৱা
যোৰহাট, ভ্ৰাম্য : ৮৭৫৩৯৭৯০৮৫

পৃষ্ঠা ২০
সোঁৱৰণ

জোনাকত বুঢ়ী আইৰ সাধু শুনি,
 
আকাশত  গণিছিলো তৰালি,

 মুকলি চাঙত  গৈছিলো টোপনি ।
ক'ত হেৰাল সেই মোৰ ল'ৰালি ?

শুনিছিলো ডাঙৰে কোৱা

মুকলি মনে জোনাকত  ঘূৰি  ফুৰি গাঁৱলীয়া
তিনি আলি পিপলী জোপাত   দেখে বুঢ়া ডাঙৰীয়া

শুদ্ধ বগা সাজ পিন্ধি জোনাকত  পহৰা দিয়া

টিপ চাকিৰ পোহৰে আন্ধাৰ নাশি দেখিছিলো 
ঘৰ বোৰ উজ্বলাই দিয়া!

পঞ্চাছ পইচা কেৰাচিন, সিকিত দিয়াচলাই
চাৰি টকাত একসেৰ চাউল দুখীয়া নিচলা হ'লেও
শান্তিত এমুঠি খায়
ভাগৰত টোপনি যায়।
একো শংকা নাই 
ব্ৰহ্ম পুৱাতে উঠি  দিনটোলৈ কামে কাজে যায় 

লক ডাউনৰ বুৰঞ্জীয়ে নাই ।

সেই দিন এতিয়া ক'ত পাওঁ ঘূৰাই।

ৰিণ্টু টায়ে

পৃষ্ঠা ২১
এটা কাহিনীৰ সন্ধানত
      
আহিবা কোনোবা এটি জোনাক গলা নিশা !
এখন অচিনাকী অৰণ্যত বাট হেৰুৱাই
ওৰে ৰাতি ঘূৰি ফুৰিম।
ৰাত্ৰিৰ নিৰ্জনতা আৰু ভয়ৰ অজুহাত দেখুৱাই
বাৰে বাৰে তোমাৰ দুহাত খামুচি ধৰিম।

সেই ৰাতিৰ বাবে আমি হ'ম
জীৱন নামৰ দুখন গ্ৰন্থ!
কিছু পৃষ্ঠা মোৰ পঢ়ি চাবা,
কিছু তোমাৰ পঢ়ি চাম।
সান্নিধ্যৰ উত্তাপত আমাৰ হুমুনিয়াহবোৰ ভাপ হৈ উৰি যাব।
আৰু পুৱতি নিশালৈ নিয়ৰ হৈ সৰিব।

কিছু শব্দ তুমি দিবা।
কিছু মই গাঁথিম !
অপ্ৰাপ্তিৰ বোজাটো একাষে ৰাখি
সুখৰ বীজবোৰ সিঁচি দিম।
উদিত সূৰ্যই আহি ভুমুকি মৰাৰ আগতেই
আমি এটি নতুন কাহিনী ৰচিম।

আহিবা কোনোবা এটি জোনাক গলা নিশা !
এখন অচিনাকী অৰণ্যত বাট হেৰুৱাই
ওৰে ৰাতি ঘূৰি ফুৰিম !
উদিত সূৰ্যই আহি ভুমুকি মৰাৰ আগতেই 
আমি এটি নতুন কাহিনী ৰচিম !

শিল্পী গগৈ
ইংৰাজী বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় ।

পৃষ্ঠা ২২
সুখবোৰ ক'ত থাকে

পৰা হ'লে জীৱনটো আঁকি চালো হে‍ঁতেন
বগা কাগজৰ পাতত ৰঙীন তুলিকাৰে,
ঢুকি পোৱা হ'লে জোনবাইটো
আনি কোলাত বহাই তাৰ পোহৰৰ উমান  ল'লো হেঁতেন।

কিন্তু কি কৰিবা বন্ধু 
বগা কাগজত ৰং বুলাবলৈ পকেট খালী মোৰ
বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ অভ‍্যাসো নাই,
অনুভৱৰ দলিচাৰেই বুলাই যাওঁ জীৱনৰ ৰং
জোনাক ৰাতি চোতালত বহিয়েই উপভোগ কৰোঁ 
জোনবাইৰ পোহৰৰ উমান ।

কিমাননো ভৰ লাগে জীৱনটো সুখী কৰিবলৈ
আমোল-মোলাই থকা মঙহৰ আঞ্জাৰ গোন্ধ লগা নাকটো
আৰু ঢেকিয়াৰ জুতি লগা জিভা খনৰ সোৱাদ
তফাৎ বুজিব পৰাকৈ আছে জানো অৱকাশ !

দামী গাড়ীৰ ভিতৰত বহি সিহঁতৰ ল'ৰা ছোৱালী স্কুললৈ যায়
মোৰ চাইকেলৰ কেৰিয়াৰত বহি মোৰ ছোৱালীজনী বিদ্যালয়লৈ যায়,
চাইকেলত বহাৰ পৰাই তাই অনৰ্গল কৈ যায় তাইৰ তৰাফুলীয়া সপোন বোৰৰ কথা,
নাজানো দামী গাড়ীৰ ভিতৰত কিমান দূৰ আগবাঢ়ে অভাৱ নুবুজা সিহঁতৰ সপোন দেখাৰ মাদকতা।

আবেলি বেলি লহিওৱাৰ পৰত মোৰ ল'ৰা-ছোৱালী হাল খেলি ভাগৰি ঘৰলৈ আহে এমুকুৰা হাঁহিৰে সৈতে
সিহঁতৰ ল'ৰা ছোৱালী হালেও এ.চি. ৰূমত বহি চাই থকা টিভিটো বন্ধ কৰে উদাস মনেৰে
তথাপিও সমাজে ভাবে আমাৰহে জীৱনৰ ৰং হেনো উকা !

সন্ধ‍্যা সময়ত আমাৰ ঘৰৰ পৰা ভাঁহি আহে প্ৰাৰ্থনাৰ সুৰ
সেই সময়ত সিহঁতৰ ঘৰৰ পৰা ভাঁহি আহে কাঁজিয়াৰ অনুচ্চ শব্দ
তথাপিও মানুহৰ চকুত টকা নথকাৰ বাবেই আমাৰহে হেনো জীৱনটোত দুখ !

আচলতে সুখৰ সংজ্ঞা কোনেনো জানে
জীৱন জীয়াবলৈকে যে মানুহে হাঁহে..
মানুহৰ দুচকুৰ সুখ অট্টালিকাৰ আৱদ্ধ জীৱনত থাকে 
নে 
জোনাক নিশা তৰাভৰা আকাশৰ বুকুলৈ চাই ভাললগা বুটলিব জনা মানুহৰ জীৱনত সুখ থাকে !

সিহঁতৰ ৰঙীন পনীয়ৰ বিপৰীতে নেমু চৰ্বতহে আমাৰ প্ৰিয়
আইচক্ৰীমৰ বিপৰীতে আমৰ গুটি চুপি ভালপাওঁ
এ.চি নহয়, পিতাইৰ বিচনীৰ বাত দেহা শাঁত পেলাও
সৰু সৰু কথাতেই বিচাৰি ফুৰো সুখী হোৱাৰ বাট। 

কি কৰিবা বন্ধু জীৱনটোত উল্লাস কৰিব পৰাকৈ
পকেট খালী মোৰ
কিন্তু জীৱনটোক সুখৰ ৰং দিব পৰাকৈ
হৃদয় মোৰ ভৰুণ,
বেৰৰ ফাঁকেৰে নিগৰি অহা জোনবাইৰ পোহৰ খিনিয়েই
ৰঙীন কৰে মোৰ হৃদয়ৰ চৌপাশ
উপভোগ কৰিবলৈ দিয়ে জোনবাইৰ পোহৰৰ উমান।।

কাশ্মীৰি দত্ত
স্নাতকোত্তৰ তৃতীয় ষান্মাষিক
নাৰী অধ্যয়ন কেন্দ্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ফোন নং : ৮৪৭৩৯৮৭১৪৯।

পৃষ্ঠা ২৩
স্তৱক

(১)

হৃদয়খন কিমান
  বেদনাগধুৰ হ'লে
জীৱনে ঠিকনা হেৰুৱাই
আপোন মানুহবোৰ
আঁতৰি যোৱাৰ পৰত
বুকুৰ জুইকুৰা জ্বলে
    ৰু-ৰুৱাই।

(২)

হেঁপাহৰ গামোচাখনত
  আৱেগৰ ফুল বছা সময়ত
শনাহী বতাহে যদি উৰুৱাই নিয়ে
মৰমেৰে মেৰোৱা মহুৰা
মনাকাশৰ জোনাকবোৰ
ডাৱৰৰ মাজত লুকাই
  মন বননিত অগনি জ্বলাই।

(৩)

বিন্দুত সিন্ধুৰ অস্তিত্ব
  বিচৰাটো যদি মোৰ ভুল হয়
জীৱন নদীৰ মোহনাত যদি
মহাৰ্ণৱৰ জোঁৱাৰে জাঁজৰি পেলাই
তেনেহ'লে কোৱা বন্ধু
আধুনিকতাৰ নামত
    মানৱতা কিয় হেৰায় ?

দুৰ্গেশ্বৰ শইকীয়া
মাজুলী

পৃষ্ঠা ২৪
এদিনীয়া অপূর্ব দিনলিপি

( কথা-কবিতা )

ডাৱৰে যেতিয়া সমগ্র আকাশ
ক'লা কৈ ছানি ধৰিছিল
তেতিয়াই হৈছিল পৰিচয় ,
তোমাৰ সৈতে মোৰ , আৰু
মোৰ সৈতে তোমাৰ , আৰু
আৰম্ভ হৈছিল তেতিয়াই
সুদীর্ঘ পাহাৰীয়া কেঁকুৰিটোৰ বাটেৰে
আমাৰ দ্রুতবেগী বাছযাত্রা ৷
মোৰ ক্রমান্বয়ে ভাল লাগি গৈছিল
ডাৱৰীয়া পৃথিৱীৰ বৰণ ...

টোপাটোপ বৰষুণত
পৃথিৱীখন সেমেকি উঠিছিল ,
নির্জ্জন হাবিয়নি ফালি
পাহাৰৰ ওপৰৰ ঐপৰা তললৈ
বাগৰি পৰিছিল 
এক বিশাল জলপ্রপাত ৷
সেই জলপ্রপাত ধৰা দিছিল
প্রথমেই তোমাৰ দৃষ্টিত;
আৰু মোৰ দৃষ্টিত আছিল 
ক'লা বনমেকুৰীজনীৰ এইমাত্র জগা
সোণালী ৰঙৰ মেকুৰী পোৱালীটো !
( উস্ ! নির্জ্জন হাবিয়নীত বনমেকুৰীজনীৰ কাষত নাছিল কোনো ধাত্রী ! )

তথাপিও যে হাবিয়নী
মোৰ বৰ প্রিয় ,
মোৰ ৰক্তত লিপ্সা , প্রেমৰ লিপ্সা ,
নির্জ্জন হাবিয়নীৰ প্রতি ৷
মোৰ চকুৰ আগেৰে পাৰ হৈ গ'ল 
ক'তজোপা নাচপতি গছ ,
কুমলীয়া নাচপতিৰ কলিবোৰ ,
গছত নাচপতিবোৰে সাৱটি আছিল ইটোৱে-সিটোক ৷

তোমাৰো হেনো ভাল লাগে
ৰং বিৰঙৰ বিবিধ ফুলবোৰ !
মোৰো জানা এই ফুলবোৰৰ প্রতি আকর্ষণ অসীম , 
সেইবাবেই হ'বলা 
তুমি মোলৈ আনি দিছিলা
বনৰীয়া , নাম নজনা , ক্ষুদ্র
দুপাহি ৰঙীন ফুল ,
চেনেহতে ফুল দুপাহি
হাতত তুলি দিয়াৰ পাছত 
দুহাতেৰে সযতনে সামৰি থৈছিলো 
তোমাৰ আৰু মোৰ
ওচৰা-ওচৰিকৈ থকা
উমাল কাপোৰৰ মোনাত ৷

যেতিয়া বাছখন পাহাৰীয়া বাটেদি
গৈ আছিল তেতিয়া
তুমি দিয়া ফুল দুপাহি আৰু 
সোণালী মেকুৰী পোৱালিটিৰ কথা 
সঘনাই মনত পৰিছিল 
আৰু অনুভূত হৈছিল 
এক অবুজ শিহৰণ !
সেইবাবেইতো লগে লগে
তোমাক কৈ পেলালো
বৰষুণৰ পানীত গা ধুবলৈ
মন যোৱা কথাষাৰ ...
মোৰ বৰ হাবিয়াস
বৰষুণৰ পানীত গা ধোৱাৰ ,
পিছে অকলশৰে নহয় !

তুমি মোক বিদায় দি 
যেতিয়া গুচি গ'লা
মই বৰ নিঃসঙ্গ অনুভৱ কৰিছিলোঁ !

আমাৰ পদূলিত ৰং বিৰঙৰ
অলেখ ফুল ফুলি থকা সত্বেও 
নিশা হেৰাই গৈছিল 
মোৰ দুচকুৰ নিদ্রা ,
অৱশ্যে লাহে লাহে মোৰ দুচকুলৈ
নামি আহিছিল কোমল
অথচ অল্পনিদ্রা ...
সেই অল্পনিদ্রাৰ সুযোগতে
খন্তেকীয়া ভূঁইকপে আহি
মোক জোকাই গৈছিল !

তুমি জানো তেতিয়া সাৰ পাইছিলা ?
মই হ'লে সাৰ পোৱা সত্বেও
অসাৰ হৈ শেতেলিত পৰি আছিলোঁ !
কিয়নো অল্পনিদ্রাৰক্ষুদ্রস্বপ্নত
দোহাৰা হৈছিল ক'লা মেকুৰীজনীৰ 
সোণালী পোৱালিটি,
তুমি দেখুৱাই দিয়া নাচপতি গছবোৰ
আৰু সেই সৰল গছবোৰ ,
লগতে মোলৈ ছিঙি অনা 
দুপাহি বনৰীয়া ফুল ;
উগুল-থুগুলীয়া মনৰ 
এদিনীয়া অপূর্ব দিনলিপি ...
জানোচা পুনৰ লিখিবলৈ পাম
মোৰ মনৰ ডায়েৰীখনত !

শর্মীষ্ঠা বর্মন
নতুন দিল্লী।

পৃষ্ঠা ২৫
ছায়াবৃক্ষ

মই কাৰ কাষলৈ যাম
কাৰ হাতৰ স্পৰ্শত সঞ্জীৱিত হ'ম
গধূলিলগ্নৰ ধূসৰ বিষণ্ণ সময়ত
কোনে তুলিব প্ৰাণৰ বীণত
হৃদয় কঁপোৱা সুৰৰ তান ।

মই এনে এক বৃক্ষৰ তলত
প্ৰশান্তিৰে জিৰণি ল'ব বিচাৰোঁ
প্ৰকৃতিৰ সমস্ত নিষ্ঠুৰতাৰ উত্তৰত
যি নীৰৱে থাকে চিৰদিন
আকোঁৱালি অসীম অপাৰ নিৰ্লিপ্তি ।

মই এনে এক বৃক্ষৰ ওচৰত
নতজানু হ'ব বিচাৰোঁ
যি গছৰ ঘন গভীৰ ছাঁ
খৰসান ৰ'দৰ দহন উত্তাপত
আনি দিয়ে অনাবিল প্ৰশান্তি ।

জীৱন জুৰি তোমাৰ স্নেহ
চিৰ সুন্দৰ মহান আৰু
কল্যাণকৰ ৰূপে
অক্ষয় অব্যয় হৈ ৰ‌ওক
— হে ছায়াবৃক্ষ ।

মীনাক্ষি ৰায় ডাকুৱা,
গোলকগঞ্জ, ধুবুৰী ।

পৃষ্ঠা ২৬
বলয় ঋতু

নৈখন শুকুৱা বহুদিন হ'ল
বালিচন্দা বুটলি আনিছিলোঁ 
তুমিতো জানাই,
আঙুলিৰ ফাঁকেৰে
অহৰহ সৰি থকা
বালীয়া হৃদয়ৰ কথা !

দিনবোৰ দীঘলীয়া হ'ল,
ৰাতিৰ গৰ্ব বাঢ়ি গ'ল 
খন্তেকীয়া জোনাকৰ মায়া,
তথাপিও ঢোলৰ চাপৰত
ৰাঙলী হাঁহিত জোনাকী সৰে 

মুগা বৰণীয়া পথাৰখনত
সোণোৱলী শইচৰ বুটা বচা,
শিপিনীৰ নিপুণ হাতখন
ঠৰঙা লাগে কেতিয়াবা
শুষ্ক চৰ্ম ঘামে কোমল কৰে।

তুমিতো জানাই,
অথবা নাজানা !
কোমল পাতৰ আঁৰত
কুলিয়ে বিনাবলৈ,
শইচৰ বুকুত পলস পেলাবলৈ,
গামোচাৰ ৰং গাঢ় কৰিবলৈ,
এজাক বৰদৈচিলাৰ প্ৰয়োজন
তোমাৰ প্ৰয়োজন...

শ্যামলিমা কাকতি
নতুন দিল্লী।

পৃষ্ঠা ২৭
বাৰিষাৰ স্তৱক
                     
              (১)
গেঁৰ ধৰা আহু ধানবোৰে
লঠঙা হৈ থিয়ৈ থকা কৃষ্ণচূড়া জোপাই
বৰষুণৰ বাবে কান্দিছিল
আৰু কান্দিছিল মটৰ পাৰ হৈ গ'লে ধোঁৱাৰ দৰে
উৰি যোৱা গাঁৱৰ ৰাস্তাটোৰ ধূলিবোৰে।

            (২)
খেতিয়কৰ মুখৰ হাঁহিত
দেখা পায় সপোনৰ লুংলুঙীয়া বাট
শিঙিমাৰী পথাৰখনৰ সেউজীয়াৰ ছবি
ৰান্ধনীৰ খঙত উৰে
জুহালত সেমেকা খৰিৰ ধোঁৱা,
শিশুবোৰৰ মৌনতাত দুখৰ ৰেখা
সমনীয়াৰ সৈতে খেলিবলৈ নোপোৱাৰ
নিবনুৱাসকলৰ মনৰ চকুপানী
খিৰিকীৰ সিপাৰে সৰে সপোনৰ টোপাল

              (৩)
নিম্নবিত্ত পতি-পত্নীৰ কন্দল
দোকানত ধাৰলৈ নিদিয়ে অন্ন
ডাঙৰটো পুতেকে কচু-ঢেকীয়া নাখায়
সৰুজনীয়ে আকৌ দুপৰীয়াতো বিচাৰে ভাত।

               (৪)
মৰা নৈখন জী উঠিছে
ডুবাই পেলাইছে কাষৰ গাঁৱৰ চাংঘৰবোৰ
মাজৰাতি গৰুবোৰে হেম্বেলিয়াইছে
পুৱা কুকুৰা-ছাগলীবোৰে কোৰ্হাল কৰিছে
মাছুৱৈয়ে মাছ ধৰিছে
তেলীয় মাছৰ তৃপ্তিত 
আধা পেটতে খালী হ'য় চৰুৰ ভাত
গিৰিহঁতৰ দুগুণে বাঢ়ে চিন্তা
ঔকোঁৱৰ মাথাউৰী কালি ৰাতিয়ে ছিগিল।

মনোজ কাৰ্দং
লখিমপুৰ, দূৰভাষ: ৮৬৩৮৫০৬০৮৯

পৃষ্ঠা ২৮
উপলব্ধি

আয়ে কৈছিল ,
দুখবোৰ বৰ বেছিকৈ
বাঢ়ি যাবলৈ নিদিবি
আৰু সুখবোৰ ,
বৰ বেছিকৈ কমি যাবলৈ নিদিবি ,
সুখ-দুখবোৰ চিনি পাবলৈ শিকিবি 
পাৰ' মানে সামৰি থবি ;
যিমান পাৰ সহ্য কৰিবলৈ শিকিবি
এদিন নিজৰ চকুত নিজেই ডাঙৰ হবি

পিতায়ে কৈছিল ,
সুখ-দুখবোৰ সহ্য কৰিবলৈ শিকিবি
হাবিৰ এজোপা বনৰীয়া ফুলৰ দৰে হবি
সুখ-দুখবোৰ 
ৰ'দ , বৰষুণৰ দৰে লাগিব ।

আৰু মই
হয় , অনুভৱ কৰোঁ
মোৰ সুখত সুখী আৰু দুখত দুখী
আই , পিতাইৰ কথাবোৰ
মই উপলব্ধি কৰোঁ
জীৱনৰ সত্য অনুভূতিবোৰ
চাই , বহুত সঁচা ।

পূৰ্ণিমা বৰুৱা
শিৱসাগৰ ( জাঁজী)

পৃষ্ঠা ২৯
শিশু মই অমানিশাৰ

মই এটা শিশু...
শিশু মোৰ মন, মোৰ ভাবনা
আৰু শিশু মোৰ অন্তৰৰ।
শিশু মোৰ কপাহীতুলা ল'ৰালিৰ।

অৰুণোদয়ৰ ৰঙীণ ক্ষণৰ
এক নিষ্প্রভ বিহংগিনী মই।
জোনাকময় নিশাৰ সপোনপুৰী আকাশৰ
অযুত তৰাৰ সাৰ্থৰ ভঙা এক
যাত্রী ম‍ই ... যাত্ৰী মই জীৱনৰ।

কিন্তু ...
আঁচহুৱা মোৰ জীৱনৰ ছবি।
আঁচহুৱা মোৰ দৈনন্দিনতা !
মই যেন গুৰিয়ালবিহীন টোলোঙা নাওৰ পথিক !
সাগৰৰ মাজত ডুব যাব ধৰা নাওৰ 
এক মৰণপণ যাত্ৰী মই
আৰু মই ...মই যেন
জীৱনৰ অনিশ্চয়তাত কক্‌বকাই ফুৰা
ভৱিষ্যতহীন বাটৰ আলহী !

কেতিয়াবা যদি ফুটপাথত,
কেতিয়াবা আকৌ বৰগছৰ তলত
কেতিয়াবা আকৌ যদি জাবৰৰ দ’মত, কেতিয়াবা আকৌ বিলাসীঘৰৰ 
পকীবেৰাৰ কাষত মোৰ আশ্ৰয়
আশ্রয় মোৰ শিশু অৱয়বৰ।
আশ্রয় মোৰ জীৱনৰ।

তথাকথিত মানৱৰ নগ্নৰূপী বিলাসীতাই যেন ঢুকি নাপায় মোৰ জীৱনৰ ছন্দ। 
বিচাৰি নাপায় যেন অবোধ জীৱনলৈ পুষ্পাঞ্জলি ছটিওৱাৰ মাদকতা।

কেতিয়াবা যদি ৰে'লৱে ষ্টেশ্যনত ভিক্ষা মাগি, কেতিয়াবা আকৌ চহৰৰ ৰেষ্টোৰাত গিলাচ-বাতি ধুই 
কেতিয়াবা যদি মেনহলৰ বোকা চাফা কৰি, কেতিয়াবা আকৌ গাড়ীৰ হেণ্ডিমেন হৈ...সর্বত্রে চলাথ কৰোঁ মই ভোকৰ তাড়ণাত। বিচাৰি ফুৰো মই শৈশৱৰ মাদকতা...
প্ৰতিপল মোৰ হৃদয়ত জীয়াই থকাৰ বাসনা।

মোৰ জীৱনলৈ নাহে পূৰ্ণিমাৰ জোনৰ পোহৰ
ম‍ই বিচাৰি নাপাওঁ পিতৃস্নেহ 
আৰু যেন নাপাওঁ মাতৃৰ উমাল বুকুৰ পৰশ। আলফুলীয়া হাতেৰে মৰম বুলাই দিয়া 
মাতৃৰ স্নেহবন্ধনৰ পৰা যেন মই বহু দূৰত !

মা... তুমি ক'ত আছা মা...?
তুমি আহাঁচোন মোক কোলাত লোৱাহি। 
দি যোৱাহি মোক তোমাৰ জীপাল ওঁঠৰ চুম্বন আৰু মোকলাই নিয়াহি মোক তিতা-কেঁহাৰ এই কৰাল গ্ৰাসৰ পৰা।

বি:দ্ৰ:- ক্ৰমবৰ্ধমান শিশু শ্ৰমিকৰ জীৱনক উদ্দেশ্য কৰি তথা শিশু শ্ৰমৰ বিৰোধিতা কৰি।

ৰূপক হাজৰিকা
দেৰগাঁও, গোলাঘাট

পৃষ্ঠা ৩০
তুমি কোৱাৰ বাবে

তুমি কোৱাৰ বাবে
কবিতা লিখিছোঁ ৷
ডাৱৰৰ ভাঁজে ভাঁজে হালধীয়া চৰাইৰ
পোহাৰ পাতিছোঁ ৷
তুমি কোৱাৰ বাবে 
জোনাকৰ চিকমিকনিবোৰ 
চুই চাইছোঁ ৷
বুকুৰ স্পন্দনবোৰত শতাধীক তৰাৰ উপস্থীতি অনুভৱ কৰিছোঁ ৷
তুমি কোৱাৰ বাবে 
সুবাসীতা ঋতুৰ 
অলিয়ে গলিয়ে 
প্রেমৰ বৰষুণত তিতিছোঁ ৷

প্রীতিৰেখা দাস
বেংগালুৰু।

পৃষ্ঠা ৩১
প্ৰেম 

কয় হেনো
পুৰনি প্ৰেম আৰু পুৰনি জাপৰ কাপোৰৰ গোন্ধ একেই...

অতীতে অবাট চিনাই ।

আন্ধাৰৰ বুকু ফালি ফালি
শূন্যতাত উঠি মাৰ যায়...
 
জীৱনৰ বাটত সুকীয়া হ'ব বিচাৰে মৰমবোৰে...
বাতৰুৱাই আশ্ৰয় পাই ...!
                 
পৰিস্মীতা পৰাশৰ
দেৰগাঁও, গোলাঘাট।

পৃষ্ঠা ৩২
অনুভৱঃ

অ'ই...এক আবেগ..
             নাহৰৰদেশত ...
                          Dibrugarh University

Today someone calls me 'oii'',অ'ই" and is sound like you..
ভিৰৰ মাজৰ প্ৰত্যেকটো বস্তুৱে প্ৰত্যেকক আকৰ্ষণ কৰিব নোৱাৰে । কিন্তু কেতিয়াবা কাৰোবাৰ এটি মিঠা চাৱনি আৰু মৌনতাই হৃদয়খন যে জীপাল কৰি তুলিব পাৰে। Botanical Garden খন পাৰ হৈ যেতিয়া ডাৱৰ ফালি অহা বৰষুণ জাকক China Gate ৰ ওচৰতে লগ পাওঁ ,মই মোৰ অভিমানবোৰ সামৰি থওঁ ,নতুন প্ৰেমিকে চাইকেল চলাই প্ৰেমিকাক লগ দিয়াৰ দৰেই, বৰষুণ জাকে মোকো লগ দিয়ে আৰু মেলি লোৱা ছাতিটো হৈ পৰে মোৰ সংগী ...

"Ye baarish hoti hai toh mujhko teri yaad  aaye...
Ye baarish..."

যেতিয়া নাহৰবোৰে কলি মেলে, varsity week এ আহি ভুমুকি মাৰেহি। ইয়াৰ লগে লগে আৰম্ভ হয় department, centre বোৰৰ মাজতে এখন মহাৰণ... JCN field ৰ পৰা ভাঁহি আহে ডিপাৰ্টমেণ্ট চেণ্টিত ওলোৱা ডাঙৰ ডাঙৰ ডায়লগবোৰ আৰু activity centre ত আৰম্ভ হয় আন এখন আখৰা জয় পৰাজয়ৰ। প্ৰাণ পাই উঠে বিষ্ণু ৰাভা ৰঙ্গমঞ্চ আৰু অনিৰুদ্ধ ভৱনাইও । ইয়াৰ মাজতে এই যে old playground ৰ বহু ভিৰৰ মাজতো কাৰোবাৰ এটি মিঠা হাঁহিত পোৱা যায় হাজাৰ সুখৰ ঠিকনা, কাৰোবাৰ দৃষ্টিত ৰঙা hair band মাৰি  মাৰ্চ-পাষ্ট কৰি থকা , ক্ৰিকেট ,ফুটবল খেলি থকা ভাগৰুৱা দেহাটিয়ে পাই সন্তুষ্টিৰ হাবিয়াস আৰু কাৰোবাৰ দেহৰ সেমেকা সুঘ্রাণে দি যায় প্ৰেম প্ৰকাশৰ হাজাৰ অজুহাত ...এইয়াই নেকি ভাল পোৱা, এইয়াই নেকি ভাল লগা ?
ভাললগা মানেইটো ভাল পোৱা নহয়, ময়ো বুজোঁ। অথচ প্ৰেমত সোমাই থাকে সীমাহীন ভাললগা আৰু অপৰিসীম শ্ৰদ্ধা। ফেচবুকৰ কাৰোবাৰ প'ষ্টতে পঢ়িছিলোঁ চাগে "ভাল লগা হ'ল সেই পাহ ফুল যাক ছিঙি আনি  নিজৰ  কৰি ল'ব বিচাৰো ,আৰু ভালপোৱা হ'ল ফুল পাহক ডালতে থাকিবলৈ দি প্ৰতিপল সুখ পোৱাটো ...ভাল লগা হ'ল সেইটো পখিলা যাৰ ৰূপত মতলীয়া হৈ আমি তাৰ আলসুৱা পাখিত ধৰিবলৈ বিচাৰো, আৰু ভালপোৱা হ'ল তাক আপোন-পাহৰা হৈ উৰি ফুৰা চাই নিজে সুখী হোৱাটো..."
   কলেজীয়া জীৱনৰ  আধৰুৱা নীলাখামৰ চিঠিখন শেষ কৰি  নাহৰৰ পাতে পাতে জীয়াবলৈ ভালপোৱাৰ এটি সুদৃঢ় শিপা ...মন যায় কেতিয়াবা মোৰো ...
লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰালৰ মৌনতাবোৰৰ পৰা আঁতৰি জ: চাগ্‌ৰ তিনিআলিত মেমে এ দিয়া presentation, ছাৰে দিয়া aasignment ৰ চিন্তাত , যেতিয়া PG লৈ বুলি বাট লওঁ, কাষৰ পার্কৰ  বেঞ্চত বহি প্ৰেমিকাই  প্ৰেমিকক অভিমান দেখুওৱাৰ দৰে মই মোৰ অভিমানবোৰ নাহৰৰ চিৰি চিৰি পাতবোৰতেই সামৰি থওঁ। মনলৈ আহে ৰাধা জনীৰ কথা ...প্ৰেমতো ৰাধাইও কৰিছিল , কৃষ্ণইও কৰিছিল...পাৰ্থক্য মাত্ৰ ইমান আছিল কৃষ্ণই কেৱল  ৰাধাক হেৰুৱাইছিল, কিন্তু ৰাধাই হেৰুৱাইছিল নিজক। কৃষ্ণতো ৰুক্মিণীৰ কাষলৈ গুচি গৈছিল। ভাবিল জানো ৰাধাজনীৰ অভিমান বোৰৰ কথা ? গীতটিৰ এটা কলি মনলৈ আহি যায় -
 "ৰাধাৰ প্ৰেম বিৰহৰ মাথোঁ 
   বিৰহৰেই অম্লান 
    হৃদয়হীন কৃষ্ণই কি কৰিব অনুমান ?
     অনুভৱৰ সিপাৰত সেই প্ৰেম জ্যোতিষ্মান..."
লগে লগে আকৌ হ'ব লগা insemester ৰৰ tension , তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি ঘপহকৈ আহি যায় election.
আজি হেনো প্ৰেম প্ৰকাশৰ শুভদিন । আন দহজনে ভাবিলেও মই নাভাবো যে প্ৰেম প্ৰকাশৰো এটা দিন আছে বুলি । প্ৰেমৰ নামত এটা কিয় হাজাৰটা দিন উদ্‌যাপিত নহওক , সীমাবদ্ধতা জানো আছে সঁচা ভালপোৱাৰ ?ভালপোৱাৰ বাবে কোনো শুভক্ষণ নালাগে। প্ৰয়োজন নাই কোনো শব্দ বা আলাপৰ। কিছুমান মুহূৰ্তই সকীয়াই থৈ যায়  ভালপোৱাৰ কথা। নিঃশব্দে, নীৰৱে, গোপনে...। কোনোবাই কোৱাৰ দৰে ভেলেণ্টাইন ডে নহয় , ৰাস পূৰ্ণিমা হওক প্ৰতিটো প্ৰেমৰ দিন ...
প্ৰেমৰ আৱেশতে কোনোবাই খুব সুন্দৰ এষাৰ কথা কৈছিল "প্ৰেমৰ আবেগে অধম জনকো নিজৰ মহত্ত্ব  উপলদ্ধি  কৰাৰ উপায় দিয়ে । এটা বালিকণাতে মৰুভূমি লুকাই থাকে আৰু এটা পানীৰ টোপালতো থাকে সমুদ্ৰ ।"
যেতিয়া জ্যোতি বাটচৰাই দি সোমাই দীঘল বাটটোৱেদি খোজ লওঁ মনলৈ আহে কিমান যে কাহিনী সাঁথৰ হৈ ৰৈ যায় department , centre বোৰৰ মাজত, কত  কাহিনী যে হেৰাই যায় নাহৰৰ দেশৰ সৰু সৰু গলি বোৰৰ মাজত , কত  হাঁহি -কান্দোন ,চকুপানী , অভিমান থাকি যায় কেৱল আৰু কেৱল নাহৰৰ সেউজীয়া পাতবোৰৰ মাজত। বুলবুলি, জ্যোতি কেনটিন, বাইদেউ হোটেল, অভিনন্দন হোটেলৰ কত আড্ডাবোৰ হেৰাই যায় সময়ৰ সোঁতত...
হীৰুদাই কোৱাৰ দৰে "প্ৰেমৰ কথাটো আনক ক'ব নোৱাৰি ,নিশ্বাসৰ দৰে নিঃশব্দে ই যেন বিচাৰি ফুৰে ক্ৰমে শব্দ, বৰ্ণ আৰু পোহৰৰ উৎস ।"
পুৰণি দিনৰ সেই সঁচা প্ৰেমৰ অস্তিত্ব আজিচোন পাবলৈ নাই। কেতিয়াবা শুনা পাওঁ নাহৰৰ চিৰি চিৰি পাতৰ কঁপনিত ভালপোৱাৰ গুণগুননি। কিন্তু ভয়ো লাগে, কাৰণ ক'ৰবাত  পঢ়াৰ দৰে "যিমানেই সুস্বাদু নহওঁক কিয় প্ৰেমৰ ব্যঞ্জন ; এদিন প্ৰেমে খুব নিদাৰুণ ভাবে উলংগ কৰে জীৱনক"
প্ৰেমিকৰ হাতত ধৰি  DU haat ,পার্ক , ৰেষ্টোৰাত ঘূৰি ফুৰিবলৈ মই কেতিয়াও নিবিচাৰোঁ। আধুনিক প্ৰেমৰ সংজ্ঞাৰে মোক বান্ধিব খুজিলে ময়ো বেয়া পাওঁ। বেয়া পাওঁ মই তিনিটি শব্দৰে ভাল পোৱাৰ পৰিসীমা জুখিলে , মৌনতাইও ক'ব পাৰে  বহু কথা। সেয়েহে ভালপোৱা বোৰ ভাললগা হৈয়ে থাকিব দিওঁ। নিবিচাৰোঁ আৰু ভয়ো লাগে হৃদয়খন বিষাদক্লিষ্ট কৰিবলৈ । তথাপি ভাল পোৱা জনৰ লগত জীৱনটো একেলগে কটাবলৈ পোৱা সকলৰ অনুভৱ সুকীয়া।
   
ক'ৰবাত ঠিকেই পঢ়িছিলোঁ "গভীৰ ভালপোৱা য়ে প্রদর্শনী নিবিচাৰে । মাথোঁ অনুভৱ কৰিব পাৰি ।" তথাপি ক'ব লাগিব বহুত ভাগ্যবান সেইসকল যাৰ প্ৰেম বিয়াৰ পৰ্যায়লৈকে যাব পাৰে । কিন্তু এইটো কথাও সঁচা যে প্ৰেম মানেই বিবাহ নহয় আৰু বিবাহ মানেই প্ৰাপ্তি নহয়।শৰীৰ চুব পৰাটো আচল কথা নহয় ,মনক চুই যোৱাতহে লুকাই থাকে প্ৰেমৰ প্ৰকৃত অৰ্থ। দৈহিক মিলনতকৈ মনৰ মিলন বহুত শ্ৰেয় ।
   তথাপি কেতিয়াবা কোনোবাই কোৱাৰ দৰে মোৰো চিঞৰি ক'বৰ মন যায় -
" DU Haat ৰ পৰা উভতি আহোঁতে 
2nd gate  ৰ নিশাবোৰ ইমান অকলশৰীয়া কিয় হয় ?
  কপালৰ লিখনিত অভিযোগ কিয় হয় ?
   কেতিয়াবা লগ পালে সুধিম ময়ো ভগৱানক, 
   যাক পাব নোৱাৰি তেওঁৰ লগত ভাল পোৱা কিয় হয় ?"
   অহ,  উত্তৰটো যেন বহুত দিনৰ আগতেই পাইছিলো ক'ৰবাত পঢ়া এটি কবিতাত 
        " ফুলবোৰৰ আয়ুস কম
         সেইবুলি জানো নুফুলিব 
        স্পৰ্শৰে নহয়, সুবাসেৰে                  
          জীয়াই থাকিব ...."

আকৌ সৌৱা ৰঙচুৱা ফাকুৰ গুৰি কণ তাইৰ গালত সানি দিছে তেওঁ। মই মিচিকিয়াইছোঁ ত্যাগৰ গৌৰৱত...
হঠাৎ এটি চিনাকি শব্দ "অ'ই"...আকৌ আৰম্ভ হ'ব এটি নতুন কাহিনী.."পোৱা- নোপোৱাৰ"...

প্ৰণতি কলিতা
জৈৱপ্ৰযুক্তি তথা জৈৱতথ্যপ্ৰযুক্তি কেন্দ্ৰ
৩য় ষান্মাসিক, ভ্ৰাম্যভাষঃ 7002047299

পৃষ্ঠা ৩৩
জটিল জীৱনৰ জটিল সময়বোৰ

মোৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোৰে অহৰহ এক্ অবিৰত যাত্ৰা বাটৰুৱাৰ। কিছুমানে হয়তো নিজৰ এটা  লক্ষ্য বিচাৰি আৰু আন এচামে নিজৰ সপোনবোৰ পূৰাবলৈ সময়ৰ লগত খোপনি পুতি বাট মেলিছে।
ৰাতিপুৱাৰে পৰা এক্ ব্যস্ততাৰে পৰিপূৰ্ণ জীৱন কাৰোৰে বাবে হয়তো সময় নাই।
হকাৰ জনে পেপাৰখন দি যাওঁতেহে গম পালো আজি 30 অক্টোবৰ, দুৰ্ভগীয়া দিনটো যিদিনা প্ৰতিজন মানুহে আপোনজনক হেৰুৱাইছিল বহুতে বজাৰ, অফিছলৈ গৈ উভতিয়ে নাহিল, ঘৰৰ ভাত ৰান্ধি ৰান্ধনী জনীয়ে ৰৈ থাকোতে ৰাতিয়ে পোৱাইছিল ...
চাৰিওফালে কান্দোনৰ ৰোল
কতজন মানুহৰ জীবন কাঢ়ি নিছিল আজিৰ দিনটোত।।সিহঁতে কি পাই নাজানো
ইমান মানুহৰ জীৱন কাঢ়ি নি, সেই অফিছলৈ ওলাই যোৱা ল'ৰাটো বোৱাৰীজনী স্কুললৈ যোৱা নাতিনীয়েকহঁত। উভতি আহিব বুলি আজিও চাগে ৰৈ আছে পদূলিৰ সন্মুখত ঘৰৰ গৃহস্থীজনীয়ে। মায়ে আহি চাহ খাবলৈ মাত দিলতহে মই উভতি আহিছিলোঁ সেই অভিশপ্ত দিনটোৰ পৰা। ঘড়ীটোলৈ চাই দেখিলো অফিছলৈ যাবৰে হ'ল মোৰো । পৃথিৱীখনৰ জটিলতাত সময়বোৰ কেনি গৈছে ধৰিবকে পৰা নাই ! ক্ৰমে জটিলতাৰ মেৰপাকত পৰি আমিবোৰো এক্ স্থিতিহীন জীৱনৰ দিশে আগবাঢ়িছোঁ। কাতি বিহুলৈ মাজত আৰু দুটা দিন। সেউতীজনীয়ে মনৰ মাজতে উনুকীয়াই ভাবিছে, এইবাৰ কাতি বিহুটো উকাকৈ যাব যেন পাইছোঁ। দৰিদ্ৰতাৰে হেচি কোঙা কৰা পৰিয়ালটো ভঁৰালত সাঁচতীয়া বুলিবলৈ ধান এটাও নাই। কিমান যে কাম সেউতীৰ বিহু বুলি কাপোৰ ধোৱা তুলসীৰ তল চাফা কৰা তাইৰ যে কামৰ আজৰিয়েই নাই...। বেচেৰী জনীলৈ বেয়াই লাগে ল'ৰাটোও যি ওলাই গ'ল গ'লেই। পঢ়িবলৈ যাওঁ বুলি গৈ সি আৰু উভতি নাহিল মাকৰ ওচৰলৈ। মাক জনীলৈ তাৰ এবাৰো মনত নপৰেনে ! অকলশৰীয়া সেউতীজনীয়ে কোনোমতে দুবেলা দুমুঠি গোটাইছে মানুহটো থকাহেঁতেন তাই অলপ হলেও মনত শান্তি পালেহেঁতেন।।
            মানুহটো বজাৰলৈ গৈ আৰু উভতি নাহিল । 30 অক্টোবৰৰ সেই দিনটোতে শত শত মানুহৰ মৃতদেহৰ লগতে সেউতী মানুহজনৰ মৃতদেহটো তেজৰ ডোঙা উপঙি পৰিছিল। প্ৰতিটো বিহুতে পুতেক আহিব বুলি অতি আগ্ৰহেৰে বাট চোৱা সেউতীয়ে এইবাৰ কাটি বিহুটো বাট চাব পুতেক আহিব বুলি। সঁচাকৈ এইবাৰ পুতেক আহিবনে মাকৰ শূন্যতাৰে ভৰা ভঙা হৃদয়খনে আকৌ সন্তানৰ মৰমত আকলুৱা হবনে। তাই আকৌ ৰৈ যাব বাটলৈ চাই।
পুতেক ঘূৰি আহিব বুলি প্ৰতিটো ক্ষণ যেন প্ৰতিটো শব্দ আধৰুৱা হৈ ৰ'ব। তাইৰ
তাই আকৌ এই ব্যস্ত জীৱনৰ লগত বিলীন হৈ পৰিব।

মাম্পী বৰদলৈ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
প্ৰায়োগিক মনোবিজ্ঞান কেন্দ্ৰ, প্ৰথম ষান্মাসিক।

পৃষ্ঠা ৩৪
শিশু বিশেষঃ 

শিক্ষা আৰু মূল্যবোধ সম্পৰ্কত
ছাত্ৰ-ছাত্ৰীয়ে জানিব লগীয়া কথা

বীৰেশ্বৰ ৰাভা
গোৱালপাৰা, ফোন-9864916998

মানুহ সমাজ প্ৰিয় জীৱ হিচাপে মানুহে সমাজ পাতি বসবাস কৰে। সমাজত শান্তিৰে বসবাস কৰিবলৈ বহুতো নীতি-নিয়ম মানি চলাটো খুবেই প্ৰয়োজন। সমাজ এখনৰ বাসিন্দা হিচাপে মানুহে এই নীতি-নিয়মসমূহ মানি চলিবলৈ বাধ্য। যিবোৰ নীতি -নিয়মক মূল্যবোধ হিচাপে আখ্যা দিব পাৰি। জন্মতে কোনেও সমাজৰ নীতি-নিয়ম শিকি নাহে। শিশু এটিয়ে ক্ৰমান্বয়ে শিক্ষা আৰু সমাজত প্ৰতিদিনে লাভ কৰা অভিজ্ঞতাৰ পৰা কথাবোৰ শিকি লয়। মূল্যবোধৰ অবিহনে মানুহ আৰু অন্য জীৱৰ মাজত কোনো পাৰ্থক্য নাথাকিব। মূল্যবোধ থাকিলেহে মানুহে সামাজিক ভাৱে এটি সফল জীৱন-যাপন কৰিবলৈ সমৰ্থ হয়। শিক্ষাই মানুহৰ মূল্যবোধবোৰক বিকশিত কৰে।

প্ৰাচীন শিক্ষা আৰু মূল্যবোধঃ
ভাৰতীয় সংস্কৃতি হৈছে সমন্বয়ৰ সংস্কৃতি। বেদ, উপনিষদ, মহাকাব্য, পুৰাণ আদি ধৰ্মগ্ৰন্থসমূহে আমাক যুগ যুগ ধৰি সমন্বয়ৰ বাৰ্তা দি আহিছে। ফলস্বৰূপে ভাৰতীয় দৰ্শনে মানুহক সদায় আনৰ প্ৰতি শ্ৰদ্ধা কৰিবলৈ, সকলোকে মৰম কৰিবলৈ আৰু ভালপোৱাৰ দৃষ্টিৰে চাবলৈ শিকাই আহিছে। ভাৰতীয় দৰ্শনত ত্যাগৰ লগতে নৈতিকতাক গুৰুত্বপূৰ্ণ স্থান দিয়া হৈছে। এই ত্যাগ হৈছে লোভ, মোহ, কাম, ক্ৰোধ এৰি নিৰ্মল জীৱন-যাপন কৰা। নৈতিকতাই ভাৰতীয় জনজীৱনত বিশেষ ভাৱে সমাদৰ লাভ কৰি আহিছে। পঞ্চতন্ত্ৰ, হিতোপদেশ আদিৰ যোগেদি নৈতিকতাৰ শিক্ষা দিয়া হয়, সৰুৰে পৰাই। পাপ-পুণ্য বিচাৰেৰে ভাৰতীয় মানুহে অনৈতিক কাম কৰিবলৈ কুণ্ঠিত হৈছিল। তেওঁলোকে জ্যেষ্ঠজনক উচিত সন্মান প্ৰদৰ্শন কৰিব জানিছিল। মূল্যবোধ আধাৰিত শিক্ষাই ভাৰতবৰ্ষৰ মান সমগ্ৰ বিশ্বৰ আগতে উজলাই ৰাখিছিল।

শিক্ষা আৰু মূল্যবোধঃ
প্ৰচীন ভাৰতৰ মূল্যবোধ আধাৰিত শিক্ষাৰ বিপৰীতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাত মূল্যবোধৰ অভাৱ ঘটিছে। বিশ্বায়নৰ বতাহে পাশ্চাত্য সংস্কৃতিক আনি আমৰ বৰঘৰৰ মজিয়াত সমোৱাইছে। ফলত মহাপুৰুষীয়া ভাৰতীয় সংস্কৃতিৰ ভেটি থৰক বৰক হৈছে। বিশ্বয়নে ভোগ বিলাসৰ আহিলাপাতি উভৈনদী কৰি তুলিছে। মানুহে বিলাসী সামগ্ৰীৰ প্ৰতি আকৰ্ষিত হৈ সকলো পাহৰি কেৱল টকাকে চিনি পোৱা হৈছে। আমি আনুষ্ঠানিক শিক্ষা লাভ কৰিছো যদিও মূল্যবোধৰ শিক্ষা লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। আজিৰ শিক্ষাই আমাক মূল্যবোধৰ জ্ঞান দিব পৰা নাই। আজিৰ শিক্ষাই আমাক উদাৰমনা, সহনশীল হ'বলৈ শিক্ষা দিব পৰা নাই। আনৰ সুখ- দুখৰ প্ৰতি সহানুভুতিশীল হ'বলৈ আমি শিক্ষা পোৱা নাই। 
সম্প্ৰতি মানুহ উচ্চ শিক্ষাৰে শিক্ষিত হৈছে যদিও মূল্যবোধৰ অৱক্ষয়ৰ চুড়ান্ত নিদৰ্শন দেখিবলৈ পোৱা যায়। মূল্যবোধৰ অভাৱে সমাজখনক ক্ৰমান্বয়ে যেন ৰুগ্ন কৰি তুলিছে। শিক্ষাৰ উদ্দেশ্য জ্ঞান লাভ কৰাৰ পৰিৱৰ্তে টকা উপাৰ্জনৰ যন্ত্ৰ হিচাপে গঢ়ি তোলাত ব্যস্ত হৈ পৰিছে। ইয়াৰ ফলতেই বৰ্তমানৰ শিক্ষা ব্যৱস্থাত মূল্যবোধৰ অভাৱ ঘটিছে বুলি ক'ব পাৰি।
আজিৰ ছাত্ৰ সমাজ ভৱিষ্যতৰ নাগৰিক। তেওঁলোক দেশৰ মেৰুদণ্ড স্বৰূপ। এনে ক্ষেত্ৰত সৰুৰে পৰা ছাত্ৰ সমাজক মূল্যবোধৰ শিক্ষা দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে। কিয়নো বাঁহ কুমলীয়া অৱস্থাতহে ভাঁজ লয়। ভৱিষ্যতে মানৱীয়তা, দায়িত্ববোধ, পৰোপকাৰিতা আদি গুণসম্পন্ন নাগৰিক পাবলৈ হ'লে সৰুতেই ব্যৱস্থা হাতত ল'ব লাগিব। অভিভাৱক বা পিতৃ - মাতৃয়ে কেৱল সৰ্বোচ্চ নম্বৰ লাভ কৰি আৰ্থিকভাৱে জীৱনত প্ৰতিষ্ঠিত হোৱাটোৱেই জীৱনৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য যে নহয়, এই কথা বুজাব লাগিব। এজন মূল্যবোধসম্পন্ন সু- নাগৰিক হৈ উঠাটোহে আমাৰ লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত।

পৃষ্ঠা ৩৫
ভ্ৰমন কাহিনীঃ

মোৰ ভ্রমণ ডায়েৰী : ১৬
ৰামেশ্বৰম

এয়া ২০১৮ চনৰ পহিলা জানুৱাৰী ৷ নতুন বছৰৰ প্রথম পুৱাটি আমি চেন্নাইৰ 'কালী কোভিল'তে কটাইছিলোঁ ৷ পৰস্পৰে পৰস্পৰক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ ৷ সৰুৱে ডাঙৰৰ চৰণ স্পর্শ কৰি আশীর্বাদ লৈছিলোঁ ৷ তাৰ পাছত বজাৰ অভিমুখে ৰাওনা হৈছিলোঁ ৷ 
আমাৰ ভাড়া গাড়ীৰ চালকজনে আমাক Sarvana Store লৈ গৈছিল ৷ প্রকাণ্ড 'বিল্ডিং'টোৰ প্রতিটো মহলাতে বিধে বিধে সামগ্রী বিক্রিৰ বাবে সজাই থোৱা আছিল ৷ আমি তাত প্রৱেশ কৰাৰ লগে লগে একে ৰঙৰ শাড়ী পিন্ধি আৰু চুলিত 'গজ্রা' লগাই কেইগৰাকীমান  দক্ষিণ ভাৰতীয় ছোৱালীয়ে আমাক 'ৱানেক্কম' বুলি সম্ভাষণ জনাইছিল ৷ সেয়া দেখি আমি আচৰিত হৈছিলো আৰু নিজৰ মাজতে কথা পাতিছিলোঁ ৷ আমি পাতি থকা কথা শুনি  সলসলীয়াকৈ তামিল ভাষাত কাৰোবাৰ সতে কথা পাতি থকা 'চিকিউৰিটি গার্ড' জন  আমাৰ ফালে আগবাঢ়ি আহি অসমীয়া ভাষাত ক'বলৈ ধৰিছিল যে সেয়া হেনো নতুন বছৰ বুলি কৰা সম্ভাষণ ৷ বিদেশত আপোন মানুহ দেখি আমাৰ ভাল লাগি গৈছিল ৷ 
Sarvana Store ৰ ভিতৰলৈ গৈ আমি আন বস্তুলৈ লক্ষ্য নকৰি 'কাঞ্জিপুৰম চিল্ক' শাড়ী থকা মহলালৈ গৈছিলোঁ ৷ বজাৰ কৰিবলৈ হাতত বৰ বিশেষ সময় নাছিল কাৰণ গধূলি আমি ৰেলেৰে 'ৰামেশ্বৰম' যোৱাৰ পৰিকল্পনা কৰি থৈছিলোঁ  ৷ সেয়েহে আমি মহিলাসকলে  লৰালৰিকৈ একোখনকৈ 'কাঞ্জিপুৰম' শাড়ী কিনি লৈছিলোঁ ৷ সময় থাকক বা নাথাকক আমি মহিলাসকলে য'লৈকে নাযাওঁ কিয় যেনে তেনে  চিন হিচাপে কিবা নহয় কিবা কিনি লওঁ৷ শাড়ীকেইখন কিনি আমি 'হোটেল'ত দুপৰীয়াৰ আহাৰ গ্রহণ কৰিছিলোঁ আৰু 'কালী কোভিল'লৈ উভতি আহি বস্তু-বাহানি লৈ সন্ধিয়া ৰেলেৰে 'ৰামেশ্বৰ' অভিমুখে যাত্রা আৰম্ভ কৰিলোঁ ৷ 
'ৰামেশ্বৰম' চহৰ তামিল নাডুৰ Pamban Island ত অৱস্থিত ৷ 'পম্বন দ্বীপ'ক 'ৰামেশ্বৰম দ্বীপ' বুলিও জনা যায় ৷  Ramanathaswamy অর্থাৎ শ্রীৰামচন্দ্রৰ মন্দিৰৰ বাবে এই স্থান বিখ্যাত ৷ Pamban Bridge ৰ দ্বাৰা তামিল নাডুৰ মূল ভূমিৰ সতে ইয়াৰ সংযোগ স্থাপন কৰা হৈছে ৷  Pamban Bridgeৰো এটা বিশেষত্ব আছে ৷ এই সেতুৰে ৰেল চলাচল কৰাৰ উপৰিও জাহাজো চলাচল কৰে ৷ জাহাজ পাৰ হ'বৰ সময়ত নির্দ্দিষ্ট স্থানত সেতুখন দুভাগ হৈ মাজেৰে জাহাজ পাৰ হৈ যাবলৈ বাট মুকলি কৰি দিয়ে ৷ জাহাজ পাৰ হৈ যোৱাৰ পাছত পুনৰ দুভাগ হৈ পৰা সেতু লগলাগি যায় ৷ মাজৰাতি আমি এই পম্বন সেতু অতিক্রম কৰি দোকমোকালিতে 'ৰামেশ্বৰম' পাইছিলোগৈ ৷
'ষ্টেচন'ত আমাক নিবলৈ আগৰেপৰা গাড়ী এখন ৰৈ আছিল ৷ সেই গাড়ীখনেৰে আমি পূর্বৰে পৰা 'বুকিং' কৰি থোৱা 'হোটেল'খনলৈ গৈছিলোঁ ৷ 'হোটেল'খন একেবাৰে নতুন আছিল ৷ চৌদিশৰ পৰিৱেশ বৰ শান্ত লাগিছিল ৷ নিচেই কাষত এখন সাগৰ আছে বুলি মুঠেই অনুভৱ হোৱা নাছিল ৷ 'হোটেল'খনত নিজ নিজ কোঠাবোৰত সোমাই গা-পা ধুই আমি মন্দিৰলৈ যাবলৈ সাজু হ'লো ৷
আমি 'ৰামেশ্বৰম' গৈ পোৱাৰ বাতৰিটো ইতিমধ্যে 'টেলিফোন'যোগে 'এজেণ্ট'গৰাকীক দিয়া হৈছিল ৷ গা-পা ধুই মন্দিৰলৈ যাবলৈ ওলাওঁতে 'এজেণ্ট'গৰাকীয়ে আন এজন ব্যক্তিৰ লগত আমাক 'হোটেল'ত লগ কৰিবলৈ আহিছিল ৷ তেওঁলোকৰ সতে মহা ( মোৰ মহাশহুৰ ) আৰু আমাৰ এওঁ কথা পাতিছিল ৷ আমি তেওঁলোকৰ কথাত বৰ মন-কাণ নিদিলোঁ ৷ কাৰণ সৰহভাগ পৰিকল্পনা দিল্লীৰ পৰাই কৰি থোৱা আছিল ৷ বেছিকৈ আলোচনা কৰি থাকি সময় নষ্ট নকৰাই ভাল বুলি সোনকালে কথা সামৰি আমি মন্দিৰ অভিমুখে ৰাওনা হৈছিলো ৷ 'এজেণ্ট'জনে আমাক মন্দিৰতে লগ কৰিবলৈ কৈ লৰালৰিকৈ গুচি গৈছিল ৷ 
'হোটেল'খনৰ পৰা মাত্র আধা কিলোমিটাৰ নিলগত আছিল ৰামেশ্বৰমৰ সেই বিখ্যাত সাগৰখন ৷ ইয়াৰ পানীৰ পৱিত্রতাৰ বাবে ইয়াক 'অগ্নিতীর্থম' ( Agnitheertham)  বুলিও জনা যায় ৷ কিন্তু ইয়াত দেৱকান্ত বৰুৱাদেৱৰ বিখ্যাত কল্পনাৰ কেৱল  'নীলিম সলিলৰাশি'হে ধীৰ স্থিৰ হৈ ৰৈ আছিল ৷ নাছিল ইয়াত 'বাধাহীন উর্মিমালা ...দূৰ দিগন্ত বিয়াপি' ৷ 
বঙ্গোপসাগৰৰ এই বিশেষ অংশ শান্ত হোৱাৰ ভৌগোলিক আৰু বৈজ্ঞানিক  কাৰণ নথকা নহয় ৷ কিন্তু ইয়াৰ সতে জড়িত বিভিন্ন পৌৰাণিক আখ্যানো পোৱা যায় ৷ ৰাৱণৰ সতে যুদ্ধ কৰিবলৈ যেতিয়া শ্রীৰামচন্দ্র ইয়ালৈ আহিছিল সেই কালচোৱাত সাগৰৰ এই অংশই তেওঁৰ ওচৰত আত্মসমর্পণ কৰিছিল বুলিও কোৱা হয় ৷ আমি আটায়ে নির্ভয়ে সাগৰৰ পানীত নামিছিলোঁ , বুৰ মাৰি মাৰি গা ধুইছিলোঁ ৷ সাগৰ যেন অনুভৱেই হোৱা নাছিল , প্রকাণ্ড পুখুৰীৰ পানীত গা ধোৱা যেন লাগিছিল ৷ সেই কাৰণে তাৰ পৰা কাৰো উঠি আহিবৰ মনেই যোৱা নাছিল ৷ তথাপিও এটা নির্দ্দিষ্ট সময়ৰ মূৰত আমি তাৰ পৰা উঠি আহি পাৰত কাপোৰ - কানি সলাই লৈ মন্দিৰ অভিমুখে ৰাওনা হৈছিলো ৷ 
মন্দিৰৰ বাহিৰৰ পৰাই মানুহৰ বৰ ভীৰ আছিল ৷ ভীৰৰ সতে আমিও লাহে লাহে সোমাই গৈছিলো ৷ ভিতৰলৈ সোমাই যোৱাৰ লগে লগে মানুহৰ ভীৰ হঠাতে কিছু কমা যেন লাগি গৈছিল ৷ কাৰণ প্রকাণ্ড মন্দিৰৰ চাৰিওফালে বিভিন্ন দিশলৈ যাবলৈ বাট আছিল ৷ আমি ভিতৰৰ সুন্দৰ কাৰুকার্য্যবোৰ চাই চাই কোনো এটি বাটেৰে  আগবাঢ়ি গৈ আছিলোঁ ৷ কিছু সময়ৰ পাছত আমাৰ 'এজেণ্ট' গৰাকীয়ে পঠাই দিয়া 'গাইড' এজন আহি আমাক বিশেষ জলতীর্থবোৰৰ ফালে লৈ গৈছিল ৷ 
ইয়াত সর্বমুঠ ৬৪ টা জলতীর্থ আছে ৷ তাৰে ২৪ টা গুৰুত্বপূর্ণ বুলি জনা যায় ৷ মন্দিৰ পৰিসৰৰ ভিতৰত ১৪ টা পুখুৰী আৰু কুঁৱাৰ দৰে জলতীর্থ আছে ৷   ৩১ টা মন্দিৰ পৰিসৰৰ বাহিৰত অৱস্থিত ৷ কেইটামান জলতীর্থৰ নাম , যেনে ; মঙ্গলা তীর্থ ( Mangala Teertham ) , হনুমান কুণ্ড ( Hanuman kundam ) ৷ এইকেইটাৰ আকৃতি ডাঙৰ পুখুৰীৰ দৰে ৷ অমর্ত্য বাপি ( Amrta Vapi ) , ব্রহ্ম কুণ্ডম ( Brahma kundam ) , এইকেইটা কুঁৱা বা নাদৰ দৰে ৷ ইয়াত এটি 'জঁটা তীর্থ' বুলিও জলতীর্থ আছে , এই তীর্থৰ পানীত শ্রীৰামচন্দ্রই ৰাৱণক মৃত্যুদণ্ড দিয়াৰ পাছত নিজৰ চুলি বা জঁটা পখালিছিল বুলি জলশ্রুতি আছে ৷ 
আমি মুঠ ২২ টা জলতীর্থ দর্শন কৰিছিলোঁ ৷ 'গাইড' জনে প্রতিটো জলতীর্থৰ বিশেষত্ববোৰ আমাৰ আগত বিতংকৈ কৈ গৈছিল আৰু তাৰ পৰা বাল্টিৰে পানী তুলি সকলোৰে শৰীৰত যিমান পাৰে সিমানে ঢালি দিছিল ৷ এই জলতীর্থবোৰৰ পানী বৰ সহজলভ্য নাছিল ৷ 'গাইড'জনে আমাৰ দলটোৰ বাহিৰে আন কাকো তেনেকৈ পানী দিয়া নাছিল ৷ যিসকলৰ  'এজেণ্ট' বা 'গাইড' নাছিল তেওঁলোকে দীঘলীয়া শাৰীত থিয় হৈ জলতীর্থবোৰৰ কাষ চাপিব লগা হৈছিল আৰু কোনোমতে সামান্য পানী লাভ কৰিব পাৰিছিল ৷ আমাৰ শৰীৰত অবাধে পানী ঢলা দেখি দুই-এজন আমাৰ কাষ চাপিলে আমাৰ 'গাইড'জনে তেওঁলোকক খেদি পঠাই দিছিল ৷ বেছিকৈ অনুৰোধ কৰিলে অকণমান ছটিয়াই দিছিল ৷ আমি 'এজেণ্ট'ৰ সতে যোগাযোগ নকৰাহেঁতেন গোটেই দিনটো লগায়ো এই জলতীর্থবোৰ দর্শন কৰি শেষ কৰিব নোৱাৰিলো হেঁতেন ৷ 
পুৱাৰ পৰা তেতিয়ালৈকে আমি কিমান বাৰ শৰীৰ তিয়াই পেলাইছিলো হিচাপে নোহোৱা হৈ পৰিছিল ৷ মোৰ ছোৱালীজনীৰ বৰ ঠাণ্ডা লাগি গৈছিল ৷ তাইৰ জ্বৰ উঠিব বুলি মোৰ বৰ চিন্তা হৈছিল ৷ কোনোমতে জলতীর্থবোৰৰ দর্শন সামৰি তাইৰ কাপোৰ সলাই দিছিলোঁ ৷ আমি পিছে সলাব পৰা নাছিলোঁ ৷ কাৰণ  আমাৰ লগত আৰু শুকান কাপোৰ নাছিল ৷ এইবাৰ মোৰ ল'ৰাটোলৈহে চিন্তা লাগি গৈছিল ৷ তাৰ বাবেও শুকান কাপোৰ নাছিল ৷ দৌৰাদৌৰিকৈ মূল মন্দিৰ দর্শন কৰিবলৈ গৈছিলো আৰু বিশেষ বিশেষ স্থানসমূহত কেইখনমান ছবি তুলি লৈছিলোঁ ৷
তামিল নাডুৰ 'ৰামনাথপুৰম' চহৰৰ মাজমজিয়াত অৱস্থিত 'ৰামেশ্বৰম' এক ঐতিহাসিক মন্দিৰ ৷ ই ভাৰতৰ চাৰিটা ধামৰ এক অন্যতম ধাম ৷ ইয়াত মহাদেৱ শিৱক জ্যোতির্লিঙ্গৰ আকাৰত পূজা কৰা হ'য় ৷ ১২ টা জ্যোতির্লিঙ্গৰ ভিতৰত ইয়াৰ জ্যোতির্লিঙ্গ অন্যতম ৷ শৈৱ , বৈষ্ণৱ আৰু স্মার্থ পন্থাৰ লোকসকলে এই মন্দিৰত যথেষ্ট আস্থা ৰাখে ৷ 
এই মন্দিৰৰ সতে বহুতো পৌৰাণিক আখ্যান জড়িত আছে ৷ কিছুমানৰ মতে শ্রীৰামচন্দ্র এই স্থানলৈ অহাৰ পূর্বৰেপৰাই এই স্থানত মন্দিৰটো আছিল ৷ আনহাতে আন বহুতৰ ধাৰণামতে , পুলস্ত্য ঋষিৰ নাতি ৰাৱণক মৃত্যুদণ্ড দিয়াৰ পাছত  শ্রীৰামচন্দ্রই ব্রহ্ম বধৰ এই পাপৰ প্রায়চিত্ত কৰিবলৈ ইয়াত শিৱলিঙ্গ প্রতিষ্ঠা কৰি পূজা কৰিছিল ৷ ইয়াত দুটা শিৱলিঙ্গ আছে ; এটা ৰামলিঙ্গম আৰু আনটো বিশ্বলিঙ্গম ৷ শ্রীৰামচন্দ্রই ইয়াত আটাইতকৈ ডাঙৰ শিৱলিঙ্গ প্রতিষ্ঠা কৰিব খুজিছিল ৷ সেইবাবে হিমালয়ৰ পৰা ডাঙৰ শিৱলিঙ্গ আনিবলৈ হনুমানক দায়িত্ব দিছিল ৷ শিৱলিঙ্গ লৈ হিমালয়ৰ পৰা উভতি আহোঁতে হনুমানৰ পলম হৈছিল আৰু পূজাৰ সময় ওকলিব ধৰিছিল ৷ তাকে দেখি সীতাই বালিৰে এটি সৰু শিৱলিঙ্গ সাজি লৈছিল ৷ হনুমান আহি সীতাই সজোৱা শিৱলিঙ্গটি আঁতৰাই নিজে অনা শিৱলিঙ্গটি প্রতিষ্ঠা কৰিব খুজিছিল ৷ সীতাই হেনো নিজে বালিৰে সজোৱা শিৱলিঙ্গটি আঁতৰাবলৈ হনুমানক অনুমতিও দিছিল ৷ কিন্তু হনুমানে শৰীৰৰ প্রচণ্ড শক্তি প্রয়োগ কৰিও সেই বালিৰে সজা শিৱলিঙ্গটি আঁতৰাব নোৱাৰিলে ৷ সেয়েহে তাৰ কাষতে হিমালয়ৰ পৰা অনা শিৱলিঙ্গটি প্রতিষ্ঠা কৰিছিল ৷ তাত দুয়োটি শিৱলিঙ্গৰ পূজা কৰা হয় ৷ আমি দুয়োটি শিৱলিঙ্গৰ দর্শন কৰিলোঁ যদিও বিশেষ কোনো পার্থক্য নেদেখিলোঁ ৷
মন্দিৰ পৰিসৰৰ ভিতৰত অলেখ স্তম্ভৰে নির্মিত বিশ্বৰ আটাইতকৈ দীঘল Corridor দেখা পাইছিলোঁ ৷ তাৰ স্তম্ভবোৰত দ্রাবিড়ীয় কাৰু-কার্য্যৰ সুন্দৰ ছবি অঙ্কন কৰা আছিল ৷ 
মন্দিৰৰ ভিতৰতে বিভিন্ন দেৱ-দেৱীৰ থান দেখা পাইছিলোঁ ৷ সকলোতে  ভক্তসকলৰ ভীৰ আছিল ৷ আমি পৰাপক্ষত সকলোবোৰ দর্শন কৰিছিলোঁ ৷ 
মন্দিৰৰ ভিতৰত এফালে সৰু ল'ৰা এটাই প্রকাণ্ড হাতী এটাৰ কাষত থিয় হৈ ৰৈ থকা দেখিবলৈ পাইছিলোঁ ৷ ল'ৰাটোৰ হাতত এটি পাত্র আছিল , তাত ভক্তসকলে খুছুৰা টকা-পইচাৰে দান-দক্ষিণা দি গৈছিল ৷ সেই পাত্রটোত দান-দক্ষিণা দিয়াৰ পাছত গজেন্দ্রই নিজৰ শুৰেৰে ভক্তসকলৰ মূৰত আশীর্বাদ দিছিল ৷ কিন্তু পাত্রটোত দান নিদিয়াকৈ গজেন্দ্রৰ আশীর্বাদ পোৱা নগৈছিল ৷ তাৰ প্রমাণ আমি নিজেও লৈছিলোঁ ৷ আমাৰ ল'ৰা-ছোৱালীহালে গজেন্দ্রৰ সেই দৃশ্য বৰকৈ উপভোগ কৰিছিল ৷ এই বিষয়ত নিশ্চয়  গজেন্দ্রক ভালদৰে প্রশিক্ষণ দিয়া হৈছিল ৷ 
মন্দিৰৰ পৰা ওলাই আমি 'হোটেল' অভিমুখে খোজ লৈছিলোঁ ৷ বাহিৰত ওলাই শাৰী পাতি বহি থকা আবাল-বৃদ্ধ-বনিতা মগনীয়া সকলৰ পৰা চৰম বৃদ্ধ তথা শাৰীৰিকভাৱে অক্ষম লোক কেইজনমান চাই খুছুৰা পইচা দান কৰিছিলোঁ ৷ মন্দিৰৰ বাহিৰৰ তেনে দৃশ্যবোৰে মনত সহানুভূতিৰ সৃষ্টি কৰিলেও সুস্থিৰভাৱে ভাবিলে তেনে দৃশ্যই মন্দিৰৰ সৌষ্ঠৱ হ্রাস কৰা যেনহে লাগে ৷ মন্দিৰৰ ভিতৰৰ বিভিন্ন সেৱা কার্য্যত  তেওঁলোকক লগাই দিয়াৰ ব্যৱস্থা কৰাহেঁতেন  হয়তো তেওঁলোকৰ বেছি উপকাৰ  হ'লহেঁতেন ৷

শমিষ্ঠা বৰ্মন
নতুন দিল্লী।

পৃষ্ঠা ৩৬
নীলাখামৰ চিঠি ঃ

মৰমৰ
  দীপান্তৰ

    দুঃসময়ৰ পদূলি গচকি গচকিও বুকুত শিপাই থকা এজাৰবুলীয়া মৰমেৰে তোমালৈ বুলি এপৃষ্ঠা | বন্ধুত্বৰ তালিকাখনত তুমি নৱতম সংযোজন | সময়ৰ মাপকাঠিৰে জুখিবতো নোৱাৰি বন্ধুত্বৰ পৰিধি | কিয় জানো,  মোৰ বুকুত তোমাৰ অনুভৱ জ্বৰত বিমৰ্ষ কপালত আঙুলি কোমল স্পৰ্শৰ দৰে,  শীতল অথচ প্ৰেমেৰে উষ্ণ | হ'ব,  নকৰোঁ তোমাৰ বন্দনা,  বুকুত বৈ থাকক প্ৰেম ৰঞ্জনা |
    দীপ,  আজি আন এটা কথাহে তোমাৰ স'তে আলোচনা কৰিব খুজিছোঁ | বিষয় - নাৰী | স্ৰষ্টা ব্ৰহ্মাৰ যি হাতেৰে বিশ্বক তৈয়াৰ কৰিলে সেই একে হাতেৰে নাৰী নামৰ অৱয়বটো তৈয়াৰ কৰা নাই জানো ? পৃথিৱীক ভৰুণ কৰি  ৰাখিবলৈ, সৃষ্টিৰ প্ৰক্ৰিয়াটো স্তিমিত নহ'বলৈ সকলো প্ৰাণীৰে পুং আৰু স্ত্ৰী  বিশ্বদ্ৰষ্টাই সৃষ্টি কৰিলে | বুকুত ৰুই দিলে প্ৰেম | পৃথিৱীৰ প্ৰয়োজনত প্ৰেমৰ মাধ্যমেৰে  ৰচনা হ'ল পাৰস্পৰিক আত্মিক তথা দৈহিক মিলন | সমুদ্ৰ মন্থনত অমৃতৰ লগত হলাহল নিগৰাৰ দৰে প্ৰেমৰ লগতে জন্ম হ'ল দ্বেষ,  মিলনৰ ইপিঠিত ৰৈ থাকিল বিচ্ছেদ | নাৰী পুৰুষৰ পৃথিৱীত সৃষ্টি হ'ল শ্ৰেষ্ঠতাৰ পৰীক্ষা,  অলিখিত দক্ষতাৰ পৰীক্ষা |  'সুকোমল ' বিশেষণেৰে নাৰীক ফুচুলাই ৰখা হ'ল |  বাহিৰৰ পৃথিৱী নাৰীৰ বাবে নহয়,  ৰাজকাৰ্য নাৰীৰ বাবে নহয়, অৰ্থনীতি, সমাজনীতিৰ কথা নাৰীয়ে পাতিব নালাগে | এনেদৰেই প্ৰসাধনৰ তলত থাকি প্ৰশংসাৰ লেলাউটিত তিতি তিতি নাৰীবোৰ বশ হ'ল |  আমনি পাইছা নেকি ?  নাৰীবাদী বুলি ভাবিছা ? এই পুৰুষবাদ আৰু নাৰীবাদৰ সীমা পাৰ হৈ মানৱতাবাদলৈ যাওঁগৈ ব'লা | 
     কিহৰ বাবে নাৰীয়ে দিব লাগিছিল Breast tex ?  কিহৰ বাবে ধৰ্ষিতা হয় নাৰী..  ?
    কেতিয়াবা ভাবানে  নাৰীবোৰ হৰিণীনয়নী হোৱাতকৈ বাঘচকুৱা হওক,  দাঁতবোৰ ডালিমগুটীয়া হোৱাতকৈ বিহগুটীয়া হওক,  হাতবোৰ পদুমঠাৰি যেন নহৈ কচুঠাৰিৰ দৰে হওক | নাৰী মমতাময়ী হোৱাতকৈ কঠোৰ হওক,  নাৰী ধৈৰ্যশীলা নহওক, নাৰীৰ খং উঠক,  নাৰীয়ে প্ৰত্যাখ্যান কৰক সকলো সংৰক্ষিত আসন | অৱলা,  সৰলা বুলি পোৱা সকলো পুতৌ | 
   মই জানো তুমি মোক বুজা,  তুমি সত্যক চিনা | তোমাৰ দৰে মানুহৰ বাবেই মানুহ হৈ থাকিব খোজো পৃথিৱীত | তথাপি কেতিয়াবা এনে লাগে,  এদিন সকলো নাৰী গুচি যাওক সমুদ্ৰতীৰলৈ | আত্মজাহ দিয়ক | অকলে থাকক সকলো পুৰুষ, পালন কৰক অহংকাৰ | 
     নোৱাৰি | প্ৰেমতকৈ সাংঘাতিক আৰু একো নাই | তোমাৰ সান্নিধ্যত জন্মা প্ৰেমৰ উষ্ণতা থাৰ্মোমিটাৰে জুখিব জানো পাৰিম ?  সেয়ে জী'ব খুজিছিল চুমিলা,  দ্বিপশিখা, প্ৰিয়ংকা..  সকলো নাৰী..  প্ৰেমৰ বাবে |

      সীমনাত
        পৰশা (মইনা)

পৰশমণি মহন্ত
অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
যোগাযোগ : ৮৮২২৩০৫৫০১

পৃষ্ঠা ৩৭
গল্পঃ

ৰিব্‌ৰিব বতাহত
তোমাৰ চুলিটাৰিৰ সুৱাস

চাহ একাপৰ প্ৰয়োজন আছিল কিন্তু অকলে অকলে টেবুলত বহিবলৈ বেয়া লাগিছিল ৷ যাওঁ নাযাওঁকৈ খোজ দিব লওঁতেই অনুৰাগে দুকাপ চাহ আৰু বিস্কুট পেকেট এটা লৈ মোৰ ফালে অহা দেখিলোঁ ৷ মই দ্বিতীয় খোজ দিবলৈ লওঁতেই ক’লে "মই আপোনাৰ বাবেও একাপ চাহ আনিলোঁ ৷ যদি বেয়া নাপায় খাওক"।

সিদিনা পুৱাই পুৱাই বাইদেউৰ বেমাৰৰ খবৰটো পাই মায়ে জোৰ কৰাত শিৱসাগৰলৈ যাব লগা হ'ল অত্যন্ত অনিচ্ছা সত্বেও । মুখতে ভোৰভোৰাই  ইচ্ছা নকৰাৰ কথা প্ৰকাশ কৰিছিলোঁ কিন্তু কোনো গুৰুত্বই নিদিলে ।  উপায়ন্তৰ হৈ দুযোৰ মান কাপোৰ ভৰাই মাত্ৰ দুদিন থাকিম বুলি কৈ সাজু হৈছিলোঁ ৷ দাদাই মোক শিৱসাগৰলৈ যোৱা গাড়ীখনত থৈ আহিছিল ৷
শিৱসাগৰ ঐতিহাসিক ঐতিহ্যৰে পৰিপূৰ্ণ ঠাই। যি ঠাই পৃথিৱীৰ দেশ বিদেশৰ পৰ্য্যটকৰ আকৰ্ষণ কেন্দ্ৰবিন্দু ৷ উজনি অসমৰ এক উল্লেখনীয় চহৰ ৷ ইয়াত আহোম ৰাজপ্ৰসাদ আৰু কীৰ্তিচিহ্নৰ স্থান আৰু চাহ, তেল আদি উদ্যোগৰ কেন্দ্ৰস্থল ৷ শিৱদৌল, কাৰেংঘৰ, ৰংঘৰ, চৰাইদেউৰ  নানান ভাস্কৰ্য, স্থাপত্য  আজি বুৰঞ্জী প্ৰসিদ্ধ ৷ 
তেতিয়া আছিল ফাগুন মাহ। বতৰ ফৰকাল, গছৰ কুঁহিপাতবোৰ মটিয়া ৰঙৰ পৰা সেউজীয়া বৰণ লবলৈ ধৰিছিল ৷ খিৰিকীৰ কাষত বহাৰ দুৰ্বাৰ ইচ্ছাত অচিনাকি যুৱকজনক অনুৰোধ কৰিলোঁ "যদি বেয়া নাপায়  মোক খিৰিকীৰ কাষত বহিবলৈ দিবনে ?" 
অচিনাকি যুবকজনে ইয়েৰফোনত হয়তো গান শুনি গৈছিল সেয়েহে প্ৰথম কথাষাৰ তেওঁ শুনি নাপালে ৷ আকৌ কলোঁ "মই খিৰিকীৰ কাষত বহিব পাৰোনে ?" কথাষাৰ কোৱাৰ লগতে তেওঁক হেচুকি দিলোঁ ৷ যুৱকজন থতমত খাই মোলৈ প্ৰশ্নবোধক চাৱনিৰে চালে ? ময়ো চকুৰে ইংগিত দিলোঁ ৷ তেওঁ গলগলীয়া সুৰেৰে ক’লে Oh sure । ময়ো Thanks বুলি বহি ললোঁ ৷
মৰাণ পাৰ হোৱাৰ লগেলগে বাগানৰ নৈসৰ্গিক সৌন্দৰ্যই মোক মুগ্ধ কৰিছিল ৷ চাহগছবোৰক ছাঁ দিয়া গছৰ পাতবোৰৰ ফাঁকেৰে  সূৰুযৰ তিৰবিৰণি ৷ হালিজালি হাঁহি হাঁহি পৃথিৱীৰ সেউজীয়াক চুমিছে ৷ কোমল ৰ’দালিৰ উমে মোক আনমনা কৰিছিল আৰু গুণগুণাই বাছৰ ভ্ৰমণ উপভোগ কৰিবলৈ ধৰিলোঁ ৷ দুচকু মুদি গাটো এৰি দিছিলো ছিটত ৷ এনেতে মোবাইলৰ ৰিংত তন্ময়তা ভাঙিছিল ৷ মাৰ ফোন। মই সঁহাৰি জনালো।
মায়ে সুধিলে "ক’ৰ পালি গৈ ?"
মই মাৰ প্ৰতি থকা খঙতে কলোঁ  "একো নাজানো মাত্ৰ ফুল নথকা গছেই দেখিছোঁ  তিনিআলি চাৰিআলিও দেখা নাই ৷ বাছখন চলি আছে থোৱা গৈ পালে Call কৰিম" এই বুলি ফোনটো কাটি  দিছিলোঁ।
মোৰ কথাত বা  আন কিবা কাৰণত মোৰ ওচৰত বহা যুৱকজনে মোলৈ চাই হাঁহি আছিল ৷
ময়ো চকুৰে সুধিলো " কি হ"ল  ? "
সিয়ো বেচেৰা হঁহা বন্ধ কৰি মুৰ জোকাৰিলে একো হোৱা নাই ৷
মই আঁৰ চকুৰে চালোঁ যুৱকজন বেচ অমায়িক ৷ পিন্ধন-উৰণত সম্ভ্ৰান্ত পৰিয়ালৰ ল’ৰাৰ দৰেই লাগিছিল ৷ সিয়ো মোলৈ চোৱা বুলি অনুমান কৰিলোঁ। কিয়নো ছোৱালী মানুহৰ ষষ্ঠইন্দ্ৰিয় পুৰুষতকৈ বেছি জাগ্ৰত ৷
 হঠাৎ গাড়ীখন ব্ৰেক মাৰিলে ৷ কথমপি আগৰ ছিটটোত খুন্দা নাখালো যুৱকজনে হাতেৰে মোক নধৰা হ'লে  খুন্দা খাই টেমুনা উঠিল হয় ।
মই তেওঁলৈ চাই কলোঁ "Thanks "
তেওঁ হাঁহিৰে মুৰ দুপিয়ালে ৷
কেইজনমানে খং কৰিছে এনেকৈ গাড়ীৰ ব্ৰেক মাৰে নেকি ? 
ড্ৰাইভাৰে উত্তৰ দিলে চাইকেল চলাই যোৱা বুঢ়ামানুহজন নিজে নিজেই চাইকেলখনৰ পৰা পৰি গৈছিল ৷ গাড়ীখন এনেকৈ ব্ৰেক নমৰা হ'লে অঘটন ঘটিল হয় ৷ পিছত সকলোৱে ড্ৰাইভাৰজনক প্ৰশংসা কৰিবলৈ ধৰিলে ৷
সেই ছেগতে মোৰ ওচৰত বহা যুৱকজনে  মোলৈ চাই হাঁহি ক'লে  "হাই মই অনুৰাগ "
ময়ো ভদ্ৰতাৰ খাতিৰত ক'লো  - "মই অনিন্দিতা"  
"অ' বৰ ধুনীয়া নাম  ভাল লাগিল ৷"
উম  মই মিছিকিয়াই হাঁহি দিছিলোঁ  ৷ মনতে ভাবিলো ৷ মোৰ নামটো ধুনীয়া বুলি প্ৰথম কোনোবা এজনে কলে ৷ ৰুণজুনক কথাটো  ক'ব লাগিব ৷
আকৌ প্ৰশ্ন "ক’ৰবালৈ যায় নে গৈছে গৈ ? 
I mean ঘৰ ক’ত ?"
"নাই  মই বাইদেউৰ ঘৰলৈ যাওঁ। শিৱসাগৰ  মই কলো "
অহ ! ভাল  ৷ 
কিছু সময় দুয়ো নিমাত হৈ ৰ'লো ৷
 দুয়ো  এবাৰ বাহিৰলৈ এবাৰ ভিতৰলৈ  চাওঁ ৷
আকৌ দুই চকু খুন্দা খায় ৷ দুয়ো তলমূৰ হওঁ ৷
কিবা পৰিবেশটো বৰ আমোদজনক হৈছে ৷ মই ৰাংঢালী হাঁহিবলৈ নোপোৱাত পেট ফুলি গৈছিল।
আৰু গাড়ী ৰখোৱাৰ উমান পালোঁ ৷ দুয়োৰে প্ৰশ্নবোধক চাৱনি এইবাৰ আকৌ কি হ'ল ?
হেণ্ডিমেনৰ চিঞৰ ব্ৰেকফাষ্ট কৰক  আৰু কাৰ কাৰ নম্বৰ  1 2 লাগিছে আজৰি হৈ লওক আধাঘণ্টা মাথোঁ ৷
মনতে ভাৱিলো " উহ্‌ ৰক্ষা"
বাট এৰি দিবলৈ চকুৰে ইংগিত দিলোঁ মোৰ লগতে সিয়ো নামি দিছিল ৷
মই মনতে ভাৱিলো আৰু এঘন্টাৰ পিছত শিৱসাগৰ পামেইচোন ৷ কি খাম ? চাহ একাপৰ প্ৰয়োজন আছিল কিন্তু অকলে অকলে টেবুলত বহিবলৈ বেয়া লাগিছিল ৷ যাওঁ নাযাওঁকৈ খোজ দিব লওঁতেই অনুৰাগে দুকাপ চাহ আৰু বিস্কুট পেকেট এটা লৈ মোৰ ফালে অহা দেখিলোঁ ৷
 মই দ্বিতীয় খোজ দিবলৈ লওঁতেই ক’লে "মই আপোনাৰ বাবেও একাপ চাহ আনিলোঁ ৷ যদি বেয়া নাপায় খাওক"
মই থেৰোগেৰোকৈ চাহকাপ হাতত ললোঁ ৷ বিস্কুট পেকেটটো খুলি আগবঢ়াই দি ক’লে "গম নাপাওঁ আপোনাৰ পচন্দৰ বিস্কুট, সেইকাৰণে মোৰ পচন্দৰ খাওক আজি।"
মই হাঁহি মাৰি কলোঁ "মই সকলো বিস্কুটেই খাই ভালপাওঁ। কিন্তু আজি প্ৰথম আপোনাৰ আন্তৰিকতাৰে ভৰা বিস্কুটটো বেছি সোৱাদ হৈছে ৷ ধন্যবাদ চাহ আৰু বিস্কুটৰ বাবে ৷"
দুয়ো হাঁহি দিছিলোঁ ৷ মনতে ভাবিলোঁ বাঃ অনিন্দিতা তই ধুনীয়া কথা ক'ব জানিলি দেই 
 ৷ বহুত দিনৰ চিনাকি মানুহৰ দৰে তেওঁৰ দুহাতত মণিপাৰ্চ আৰু মোবাইল গটাই ৱাচৰুমলৈ যাবলৈ ওলালো ৷ তেওঁ সযতনে দুহাতেৰে লৈ যাবলৈ ক’লে ৷ দহ মিনিটমান পাছত আহি দেখোঁ বেচেৰাই একা ঠাইতে বহি আছে ৷
মই সেমেনাসেমেনি কৰি ক'লো - "Sorry অলপ দেৰি হ'ল ৷" 
আপুনি যাওক ৷ 
"চাহৰ বিল !" বুলি সোধাত সি  ক’লে 
"এদিনৰ আলহী হৈ ধাৰ সুজি লম" কথা কেইষাৰ কৈ  কাপ দুটা দিবলৈ হোটেললৈ সোমাই গৈছিল।
 ইতিমধ্যে গাড়ীখনেও হৰ্ণ বজালে  আৰু দুয়ো বাছখনলৈ খোজ দিছিলোঁ ৷
বাছত বহি ক’লো "মোক আপুনি বুলি নামাতিব নামকাঢ়ি মাতিব অনিন্দিতা "
তেওঁ হাঁহি ক’লে "Thanks অনুমতি দিয়াৰ বাবে৷"
দুয়ো পঢ়াশুনা আৰু পা পৰিয়াল আদি নানান প্ৰকাৰৰ কথা পাতিলো ৷ তেওঁ JEC ত পঢ়ে ফাইনেল ইয়েৰ ৷ ঘৰৰ ডাঙৰ ল’ৰা ৷ বাপেক ডাক্তৰ আৰু মাক স্কুলৰ শিক্ষয়িত্ৰী ভাইটি আৰু ভনীয়েক এজনীৰে সৈতে সুখী পৰিয়াল সিহঁতৰ৷ 
ময়ো ক’লো "দেউতা হাইস্কুলৰ হেডমাষ্টৰ আৰু মা সাদৰী গৃহিণী ৷ বাইদেউ এজনী আৰু দাদা ৷ বাইদেউৰ বিয়া হৈছে শিৱসাগৰত, ভিনিহিদেউ প্ৰফেচৰ ৷ বাইদেউৰ গা বেয়া বাবে মায়ে দুদিনমানৰ কাৰণে পঠিয়াই দিছে ৷ মই বি এ লাষ্ট ইয়েৰ Sociology ত মেজৰ ৷"
 আন্তৰিকতা বাঢ়িছিল দুঘণ্টীয়া বাছৰ ভ্ৰমণত দুয়োৰে মাজত ৷ হয়তো বেছি দূৰ নাই মোৰ গন্তব্যস্থান পাবলৈ  ৷ কিবা এটা বুকুত খুন্দা মৰা যেন অনুভৱ হৈছিল ক্ৰমশঃ আমি দুয়োলৈকে চাই ৰৈছিলোঁ ৷ ক'ব নোৱাৰাকৈ ৷ 
হেণ্ডিমেনৰ চিঞৰ এই শিৱসাগৰ, শিৱসাগৰ, শিৱসাগৰ হঠাৎ অনুৰাগে মোৰ হাতত ধৰি ক’লে "তোমাৰ মোবাইল নম্বৰ "
  আচৰিত হৈছিলোঁ ময়ো । এই কানেকচনৰ কেইটামান সংখ্যাকে মই ক'বলৈ বাৰম্বাৰ ভুল কৰিছিলোঁ যিটো মোৰ মুখত আখৈফুটাদি ফুটে আজি কি হ'ল ?" অৱশেষত অনুৰাগে মোৰ মোবাইলটো লৈ তেওঁৰ নম্বৰ ডাইল কৰি save কৰি ল’লে। বাছখন ৰাখি দিছিল বাইপাছৰ  কাষত ৷ মই খপজপকৈ বাছৰ পৰা নামি আহিছিলোঁ। বুকুত এনে লাগিছিল মই কিবা এটা এৰি থৈ আহিলো বাছখনত ?
ই- ৰিক্সা এখন ওচৰলৈ আহি সুধিলে বাইদেউ টাউনলৈ নে ?
মই লাহেকৈ কৈছিলো কাংকান নগৰ 
তেনেতে মোবাইলত Call আহিছিল   
"অনিন্দিতা মই অনুৰাগ, ৰিব্‌ৰিব্‌ বতাহত তোমাৰ চুলিটাৰিৰ সুৱাস লৈ গন্তব্যস্থানলৈ গৈ আছোঁ ৷
এই সুৱাসে তোমাৰ ওচৰলৈ মোক লৈ যাব তুমি অপেক্ষা কৰিবা।"

অমিলতা টায়ে মিলি
চিলাপথাৰ, ধেমাজী।

পৃষ্ঠা ৩৮
ওমলা ঘৰ

দেউতাকলৈ হাত মেলি যোৱা ছোৱালীজনীক আৰু জীয়েকক ধৰিবলৈ অহা দেউতাকক একেলগে হঠাতে অহা তীব্ৰবেগী গাড়ীয়ে খুন্দিয়াই থৈ গ'ল...তৎমুহূৰ্ততে ঘটা ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ পৰিল তাই...চিকিৎসা মহাবিদ্যালয় পাওঁতে সিহঁতৰ দেহাত প্ৰাণ নাছিল...

                 তেজৰে কমলাপতি পৰভাতে নিন্দ।
                 তেৰি চান্দ মুখ পেষু উঠৰে গোবিন্দ।।
                 ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।
                 তিমিৰ ফাৰিয়া বাজ ৰবিৰ কিৰণ।।

নন্দিতাৰ লগে লগে হীৰাই গাই থকা বৰগীতটিৰ তাত্ত্বিক আবেদনত আৰোহীৰ হিয়া জুৰ পৰি গ'ল । আজি কেইবাদিনৰ মূৰত তাইৰ হেঁপাহৰ "ওমলা ঘৰ"ত শিশুহঁতৰ মৌ-বৰষা মাত শুনিছে !  আজি দুদিনৰ আগতে সিহঁতক এৰি, সিহঁতৰ বাবেই দুদিনীয়া প্ৰশিক্ষণ  ল'বলৈ গুৱাহাটীলৈ গৈছিল। নৈশ বাছত ঘূৰি আহি তাই স্নান কৰি শুবলৈ লৈয়ো প্ৰাণৰ পুতলা কেইটা নোচোৱাকৈ শুব নোৱাৰিলে। সিহঁত যদি ভৱিষ্যতে দেশৰ ধৰণী হয় ! তাইতকৈ আৰু কোন সুখী হ'ব ? নাই তাই আৰু ভাগৰি নপৰে। তাই তাইৰ সৰ্বস্ব উজাৰি সিহঁতক মানুহ কৰিব...
তাই এখুজি-দুখুজিকৈ আগবাঢ়িল ওমলাঘৰৰ আভ্যন্তৰলৈ...
    নন্দিতা : কপাহ বগা, গাখীৰ বগা আৰু বগা কি ?
    শিশু : কপাহ বগা, গাখীৰ বগা আৰু বগা বগলী।
    নন্দিতা : নীল নীলা, আকাশ নীলা আৰু নীলা কি ?
    শিশু : নীল নীলা, আকাশ নীলা আৰু নীলা চিয়াঁহী।
   নন্দিতা : তেজ ৰঙা, সেন্দূৰ ৰঙা আৰু ৰঙা কি?
   শিশু : তেজ ৰঙা, সেন্দূৰ ৰঙা আৰু ৰঙা পকা বিলাহী।
অন্যফালে কোমল গীত গাই থকা শিশুহঁতৰ  সুৰীয়া মাতৰ মোহনীয়তা উপভোগ কৰি কৰি তাই সোমাই গ'ল সিহঁতৰ কাষলৈ ! 
মা আহিছে, মা আহিছে বুলি মৌ-ৰাণীৰ চাৰিওফালে গোটখোৱা মৌ-মাখিৰ দৰে তাইক আৱৰি ধৰিলে গোটেইকেইটা শিশুৱে ! তাই প্ৰত্যেককে দিলে একোটাকৈ চকলেট আৰু শুকান ফুলৰ টোপোলা। সিহঁতৰ মন প্ৰাপ্তিৰে ভৰি পৰিল। তাইৰো হৃদয়ত প্ৰস্ফুটিত হ'ল আনন্দৰ গোলাপ !
ইমান সুখ পাবলৈ তাই কিমান দুখ অতিক্ৰম কৰিছিল ? কিমান মানসিক যন্ত্ৰণাৰে তাই পাৰ কৰিছিল কতদিন ! কত ৰাতি ! সেই কথা মনলৈ অহাত তাই উভতি গ'ল সেই যন্ত্ৰণাময় দিনলৈ...
শীতৰ জোনাক নিশাটো চেঁচা বতাহত কাতৰ ! আৰোহী বহি ৰৈছিল ঘৰৰ বাৰাণ্ডাৰ চুকৰ বেতৰ চকীখনত, চাই ৰৈছিল জোনাক ভৰা আকাশৰ দুটি তৰাক ! তৰা হৈ সিহঁতে চাই আছে নেকি তাইক ! নহ'লে...নাজানে তাই মৃত্যুৰ সিপাৰে থকা ৰহস্যময় জগতখনৰ কথা, যি জগতে হাত বাউলি মাতে সিপাৰৰ পৰা প্ৰত্যেক মানুহকে...কেতিয়াবা কিছুমান কথাই বুকুখন খামুচি ধৰি থাকে। মন কৰি তোলে নিসংগ। তাইৰ দুচকুত জিলিকি উঠিল মৃত্যুৰ আগৰ পিতৃ-কন্যাৰ মুখ দুখনলৈ...স্মৃতিৰ সঁফুৰা উদং খাই বহু কথাই নাচি উঠিল তাইৰ মানস পটত...
            এইটো কাৰ দ'ল ? ৰজাৰ দ'ল,
            কলি কুকুৰক মাতিম নে নামাতিম ?                     নামাতিবা,
             দ'লটো ভাঙিম নে নাভাঙিম ?                             নাভাঙিবা,
             কলি ঔচ, কলি ঔচ ঢেকেচ্...
              তাইৰ মনলৈ আহিল ঢেকেচ্ কৈ ভাগি থকা তাইৰ সংসাৰ খনৰ কথা...
সেইদিনা ঋতমে ৰিধিৰ জন্মদিন উদযাপনৰ উদ্দেশ্যে বজাৰ কৰি উভতি আহিছিল... দেউতাকলৈ হাত মেলি যোৱা ছোৱালীজনীক আৰু জীয়েকক ধৰিবলৈ অহা দেউতাকক একেলগে হঠাতে অহা তীব্ৰবেগী গাড়ীয়ে খুন্দিয়াই থৈ গ'ল...তৎমুহূৰ্ততে ঘটা ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ পৰিল তাই...চিকিৎসা মহাবিদ্যালয় পাওঁতে সিহঁতৰ দেহাত প্ৰাণ নাছিল...
বাউলি হৈ পৰিছিল আৰোহী ! ভায়েক আৰু ভাই বোৱাৰী নন্দিতাৰ শাৰীৰিক-মানসিক শুশ্ৰূষাই প্ৰকৃতিস্থ কৰি তুলিছিল তাইক ! আৰোহীক ভায়েকে পাতি দিছিল এই "ওমলা ঘৰ"...য'ত। আজি শিশুৱে উমলিছে, শিকিছে জীৱনৰ আদিপাঠ ! অনাথ শিশুৱে পাইছে আশ্রয়ৰ উমাল সান্নিধ্য।
নন্দিতা আৰু তাই শিশুসকলৰ সকলো আব্দাৰ পূৰণ কৰাৰ প্ৰচেষ্টাত ব্ৰতী। শিশুৰ কলকলনিত মুখৰিত হয় সময়, কল্লোলিত হয় আৰোহীৰ হিয়াৰ চুবুৰী...সিহঁতৰ ঠুনুক-ঠানাক মাতত আৰোহীৰ মন ভৰে...হৃদয়ৰ শুকান বলুকাত বৰষুণ সৰে সিহঁতৰ থুপুক-থাপাক খোজত।

      চুমীৰণ চুমীৰণ কৰোঁ মে তেৰা
      তুম মালিক হু মেৰা,
      তুম মালিক হু মেৰা হৰজী 
      তুম মালিক হু মেৰা।
      সবছে পেহেলে পূজন তেৰা,
      তুম মালিক হু মেৰা,
      ব্ৰহ্মা, বিষ্ণু সদাশিৱ হৰজী
       তুম মালিক হু মেৰা,
      যীশু-আল্লা পূজন তেৰা,
       তুম মালিক হু মেৰা।

ওমলা ঘৰৰ পৰা ভাঁহি অহা সৰ্বধৰ্মীয় প্ৰাৰ্থনাত তাইৰ হৃদয়ৰ ফাঁকত ৰৈ যোৱা বেদনাৰ পাপৰিবোৰ জীৱন নদীৰ সোঁতত এটি এটিকৈ উটুৱাই যায় তাই। তাই  ওমলা ঘৰৰ প্রতিটো সন্তানৰে মাক ! ইয়াতকৈ সুখ আৰু তাইক নালাগে !

জ্যোতিমণি শইকীয়া
টেকেলাগাঁও, যোৰহাট।

পৃষ্ঠাঃ ৩৯
হাঁহিৰ খোৰাকঃ

১/
বৰুৱা= হেল্ল দত্ত কি খৱৰ ? ভালে আছেনে 
দত্ত= আছো আছো আপোনাৰ কেনে ?
বৰুৱা=মোৰ আৰু যেনেতেনে।
দত্ত= বহুদিন লগ পোৱা নাই দেই আপোনাক।
বৰুৱা= হয় হয় ৷ পিছে যোৱাবছৰ জন্ম হোৱা আপোনাৰ ল’ৰাৰ খৱৰ কি ? মাত ফুটিছেনে?
দত্ত= ফুটিছে এটা দুটা।
বৰুৱা= পাপা বুলি মাতিল তেন্তে।
দত্ত= নাই নাই সেইচব নকয়।
বৰুৱা= কি কয়?
দত্ত= লকডাউন,পুলিচ, পিটন, কৰ’না ভাইৰাছ, অড নাম্বাৰ, ইভেন নাম্বাৰ, আৰু এতিয়া শেহতীয়াকৈ ভেকচিন ,কভিশ্বিল্ড আৰু কভেস্কিন। এইকেইটাই ওৰাই ঘুৰাই মাতে।
বৰুৱা= ই চেচ।

২/
বনগুটি= ক’ত আছ’ ধনগুটি ?
ধনগুটি= মাছ মাংসৰ বজাৰত বজাৰ কৰিছো।
বনগুটি=কি ? কি কি কিনিলি?
ধনগুটি= পঠাৰ মাংস  তিনিকিলো ,মুৰ্গী মাংস পাঁচ কিলো , লোকেল ৰৌ পাঁচ কিলো।
বনগুটি= অ হয়নি। মই গৈ আছো আজি তহঁতৰ ঘৰলৈ  ৷ৰাতি ভাত খোৱাকে দেই।
ধনগুটি= এ নাহিবি আমাৰ ঘৰলৈ  ৷ খাৱ যদি ৰেষ্টুৰেণ্টলৈ আহিবি ৷ মই আচলতে ৰেষ্টুৰেণ্টত ৰান্ধনী কামত সোমালোঁ তাৰ বজাৰ হে কৰিছোঁ।
একপ্লেট মাটন ৰাইচ ৩৬০/
একপ্লেট চিকেন ৰাইচ ২৬০/
লোকেল ৰৌ উইথ ৰাইচ ২৫০/
আহিবিনে ?
শুনিছনে বোলো ?
বনগুটি= টুইট টুইট টুইট।

যুগুতালেঃ
কৃষ্ণাময়ুৰী হাজৰিকা
ৰঙাজান, তিতাবৰ, যোৰহাট।

পৃষ্ঠা ৪০
ৰেচিপিঃ


মচণ্ডৰীৰে মুৰ্গীৰ মাংস
উপকৰণ:
মাংস:- ৫০০ গ্ৰাম
পিয়াঁজ:- ৩টা (ডাঙৰ)
নহৰু:- ২ টা
আদা:- এটুকুৰা
মিঠাতেল:- আন্দাজমতে
নিমখ:- সোৱাদ অনুযায়ী
হালধি:- ২ চামুচ
জিৰাগুৰি, ধনীয়াগুৰি, গৰম মচলা, ৰেদচিলি পাউদাৰ ( আটাইখিনি নিজৰ জোখমতে) 
মচণ্ডৰী:- ১০ খিলা

প্ৰণালীঃ
প্ৰথমে মাংসখিনি ভালকৈ ধুই তাত মিঠাতেল দুই চামুচ, হালধিগুৰি, নিমখ, আদা-নহৰুৰ পেষ্ট দি ভালকৈ সানি ল'ব । কেৰাহীখন গৰম কৰি তাত মিঠাতেল, মিহিকৈ কুটি লোৱা পিয়াঁজ দি দিব । ধনীয়াগুৰি, জিৰাগুৰি, ৰেদচিলি পাউদাৰ দি ভাজি ল'ব। ৰঙচুৱা হ'লে তাত সানি থোৱা মাংসখিনি দি ভালকৈ লৰাই দিব। ১০ মিনিট মান ভালকৈ ভাজি লৈ ল'ব । এতিয়া প্ৰেচাৰ কুকাৰ এটা গৰম কৰি তাত মিঠাতেল দি ভাজি থোৱা মাংসখিনি দি দিব। কিছুসময় পিছত মচণ্ডৰীৰ পাত কেইটা দি ভালকৈ ভাজি ল'ব। আটাইখিনি ভালদৰে মিহলি হ'লে তাত জোখমতে গৰম পানী দিব। কুকাৰৰ ঢাকনিখন লগাই ২-৩ টা হুইচেল আহিলে নমাই থৈ ঢাকনিখন খুলিলে গৰম মচলা দি কমজুইত অকনমান উতলিব দিব। গ্ৰেভী যেন হ'লে গৰমে গৰমে ভাত বা শুকান ৰুটিৰ লগত পৰিবেশন কৰিব পাৰিব। 

নিবেদিতা দাস দত্ত
পটীয়াগাওঁ, যোৰহাট।

পৃষ্ঠা ৪১
গ্ৰন্থ পৰ্যলোচনাঃ

ৰামধেনুৰ ৰং (গল্পপুথি)

গল্পকাৰঃ লৱ কুমাৰ দত্ত (ৰাজু)
প্ৰকাশকঃ চিনামৰা মহাবিদ্যালয় শাখা সাহিত্য সভা আৰু প্ৰকাশন।

পৰ্যালোচকঃ
হেমেন নাথ, ভ্ৰাম্যভাষঃ 9678696861

ৰামধেনুৰ ৰং—একেষাৰতে ক'বলৈ গ'লে এখন সফল গল্পপুথি। পুথিখনত সন্নিবিষ্ট আটাইকেইটা গল্পই মানৱ জীৱনৰ বিভিন্ন দিশক প্ৰতিনিধিত্ব কৰিছে। সৰ্বস্তৰৰ পাঠকৰ বাবে মননশীল এই গল্পপুথিখনত সন্নিবিষ্ট জীৱনৰ ৰং (১) আৰু জীৱনৰ ৰং (২) গল্পদুটিয়ে অতিকৈ স্পৰ্শকাতৰ দুটি বিভিন্ন ঘটনাক ইংগিত কৰিছে। প্ৰথম গল্পটিৰ জৰিয়তে গল্পকাৰে মানৱ জীৱনৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে পাঠকক সচেতন কৰিবলৈ চেষ্টা কৰিছে। এই গল্পটিৰ জৰিয়তে গল্পকাৰে আমাৰ সমাজত থকা এচাম তথাকথিত ভদ্ৰলোকৰ কথা উল্লেখ কৰিছে যি নিজৰ দায়িত্বৰ পৰা ফালৰি কাটি আনকেই দোষাৰোপ কৰি জীয়াই থাকে। এনে লোকে প্ৰকৃততে নিজৰেই বৃহ ক্ষতি কৰে, এই ভাৱনাও গল্পটিৰ জৰিয়তে প্ৰকাশ পাইছে। আনহাতে দ্বিতীয় গল্পটিও লেখকৰ এটা অতিকৈ মনোৰম সৃষ্টি। গল্পটি সম্পূৰ্ণৰূপে প্ৰেমৰ আধাৰত ৰচিত। প্ৰেমৰ অচিলা লৈ কেতিয়াবা মানুহে জীৱনত বহুতো আবেগিক সিদ্ধান্ত ল'বলগীয়া হয়। এই গল্পটিৰ জৰিয়তে লেখকে নাৰী মনৰ ৰহস্য সম্পৰ্কত কিছু প্ৰশ্নৰ অৱতাৰণা কৰিছে। যি সময়ত এজন পুৰুষে জীৱনৰ সৰ্বস্ব বিসৰ্জন দি এগৰাকী নাৰীক জীয়াই ৰাখিবলৈ আগবাঢ়ি আহিব পাৰে সেই একে সময়তে নাৰীগৰাকীয়ে পুৰুষজনক চৰম বিশ্বাসঘাটকতা কৰিব পাৰে। গল্পটিৰ শেষত গল্পকাৰে উল্লেখ কৰিছে যে দেৱতাইও যি নাৰীৰ মনৰ ভেদ ভাঙিব নোৱাৰে সেই ভেদ পুৰুষে ভাঙিব পৰাতো সম্ভৱ নহয়। এই গল্পটি গল্পকাৰে পুথিখনত শেষত স্থান দিয়াৰ ফলত পুথিখনে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। হেঁপাহৰ সপোন নামৰ গল্পটি লেখকে এটি সপোনক কেন্দ্ৰ কৰি লিখিছে। আপাতত সেই সপোনৰ লগত লেখকৰ বাস্তৱ জীৱনৰ কোনো মিল নাই যদিও গল্পটিৰ জৰিয়তে জীৱন সম্পৰ্কীয় বহুতো জটিল প্ৰশ্নৰ সমাধান দিবলৈ লেখক সমৰ্থ হৈছে। গতিকে একেষাৰে ক'বলৈ গ'লে এই গল্পটিও লেখকৰ এটি অনুপম সৃষ্টি। একেদৰে ভুলৰ সমাধি গল্পটিৰ জৰিয়তে লেখকে এজন সাহিত্য অনুৰাগীৰ মৰ্মবেদনাখিনি বৰ সুন্দৰকৈ ডাঙি ধৰিছে। সাহিত্যৰ জগতখনত আজিও এনে এচাম লোক আছে যি সাহিত্যক সেৱাৰ পৰিৱৰ্তে মুনাফা লাভৰ দৃষ্টিৰে চায়। এয়া অতিকৈ দুৰ্ভাগ্যজনক। অতিকৈ পৰিতাপৰ বিষয় যে ইতিমধ্যে খ্যাতি অৰ্জন কৰা তথাকথিত সাহিত্যিক কিছুমানৰ হাততেই নতুন লেখকৰ লেখা সুৰক্ষিত নহয়। এনে এটি কাহিনীৰ আলমত ৰচিত গল্পটিৰ বৰ্ণনা অতিকৈ স্পৰ্শকাতৰ। ভাষাৰ সুপ্ৰয়োগে এই গল্পটিক অনন্য মাত্ৰা প্ৰদান কৰিছে।
ৰামধেনুৰ ৰং শীৰ্ষক গল্পটিত লেখকে নিজৰ জীৱনটোকেই এজন বন্ধুৰ দৃষ্টিকোণৰ পৰা পৰ্যালোচনা কৰা যেন অনুভৱ হ'ল। এই গল্পটিৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মানসিক জগতখনৰ কিছু আভাস লেখকে পাঠকৰ সন্মুখত ডাঙি ধৰিবলৈ সক্ষম হৈছে।
এটি সৰু ল'ৰা ৰতন। ৰতনৰ মনঃস্তাত্বিক দিশটোক কেন্দ্ৰ কৰি ৰচিত গল্প একেই জীৱ একেই হেঁপাহ। জীৱনৰ বাটত অকষ্মাতে ঘটা কিছুমান ঘটনাই ৰতনৰ প্ৰতিটো সপোন তচনচ কৰাৰ পাছতো কিদৰে নিজৰ চেষ্টা, অধ্যৱসায়ৰ ফলত ৰতনে জীৱনত সফলতা লাভ কৰিলে এই সম্পৰ্কে গল্পটিত লেখকে সুন্দৰকৈ বৰ্ণনা কৰিছে। প্ৰত্যক্ষভাৱে লেখকে পাঠকক দেখুৱাইছে যে নম্ৰতা, ভদ্ৰতা আদি গুণৰাজিয়ে মানুহক সফল হোৱাত সহায় কৰে। অপেক্ষা গল্পপুথিখনৰ এটা অতি চুটি গল্প। গল্পটিত লেখকে বহুতো দিশ পৰিকল্পিতভাৱে এৰি চলা যেন লাগিল। সময় অমূল্য ধন, আমি প্ৰতিজন ব্যক্তিয়েই সময়ৰ প্ৰতি সচেতন হ'ব লাগে, এই ভাৱনাটোকেই লেখকে গল্পটিৰ জৰিয়তে প্ৰকাশ কৰিছে।
শিক্ষকতা হৈছে এনে এটি বৃত্তি য'ত মানুহ নিৰ্মাণ কৰা হয়। এনে বৃত্তিৰ লগত জৰিত ব্যক্তিৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে নৈতিকতা। এই নৈতিকতাৰ বাবেই কেতিয়াবা এজন শিক্ষকেও প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত হ'ব পাৰে। এনেএটি কাহিনীৰ আলমতেই ৰচিত হৈছে নৈতিকতা শীৰ্ষক গল্পটি।
পৰিৱৰ্তন নামৰ গল্পটি, অন্য এক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে একেষাৰে এটি শিশু উপযোগী গল্প বুলি ক'ব পাৰি। গল্পটিত ব্যৱহৃত ভাষাও অন্য গল্পকেইটাৰ তুলনাত অতিকৈ প্ৰাঞ্জল আৰু সহজ-সৰল যাৰ ফলত শিশুৱে গল্পটি সহজে বুজিব পাৰিব। গাঁওখনৰ অতিকৈ দুষ্ট ল'ৰাটিয়ে কিদৰে দেউতাকৰ চকুপানী দেখি নিজৰ সমস্ত বেয়া কামৰ বাবে অনুতপ্ত হ'ল আৰু সকলো বেয়া স্বভাৱ চৰিত্ৰ এৰি কিদৰে এটি শান্ত, নম্ৰ, সকলোৰে প্ৰিয় ল'ৰাত পৰিণত হ'ল এই সম্পৰ্কে গল্পকাৰে এই গল্পটিত অতি সুন্দৰকৈ বৰ্ণনা কৰিছে। গল্পটিৰ প্ৰায় প্ৰতিটো অংশত শিশুৰ বাবে অতিকৈ প্ৰয়োজনীয় নীতিশিক্ষাৰ বীজ ৰোপণ কৰাত লেখক সফল হৈছে।
আমি আশা ৰাখিছোঁ, কেবাখনো গ্ৰন্থৰ প্ৰণেতা, মইনা-বাৰ্তা শীৰ্ষক কাকতৰ সম্পাদক লৱ কুমাৰ দত্তদেৱৰ কলমেৰে পুনৰ এনে ধৰণৰ একো একোখন মননশীল গ্ৰন্থৰ জন্ম হওক। ৰামধেনুৰ ৰং গল্পপুথিখনৰ দৰে পাঠকে তেখেতৰ প্ৰতিখন গ্ৰন্থত নিজৰেই জীৱনৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ প্ৰতিচ্ছবি দেখিবলৈ সক্ষম হওক। লেখকজনলৈ 'অঙ্গন' পৰিয়ালৰ তৰফৰ পৰা শুভকামনা থাকিল।

পৃষ্ঠা ৪২
আৰ্ট গেলাৰীঃ

১/ 
 
তাকি তৈয়াবা হুছেইন
স্নাতকোত্বৰ তৃতীয় ষাণ্মাসিক
নাৰী অধ্যয়ন কেন্দ্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
9101904670

২/


কাজল দও 
কুৰালগুৰি উ: মা বিদ্যালয়
দ্বাদশ শ্ৰেণী

৩/ 


জয়া দেৱী 
দেৰগাঁও কমলদুৱৰা মহাবিদ্যালয়

পৃষ্ঠা ৪৩
শেষ পৃষ্ঠাৰ লেখাঃ
পৰাজয় স্বীকাৰ কৰিছোঁ নেকি আমি !

আজি কালি চোন সম্বন্ধ ৰক্ষাৰ বাবেও দিৱসৰ প্ৰয়োজন হ'ল। মাতৃ দিৱস, পিতৃ দিৱস, ভাতৃ দিৱস, ভগ্নী দিৱস, বন্ধুত্বৰ দিৱস, প্ৰেমৰ দিৱস অমুক দিৱস তমুক দিৱস। মৰম স্নেহ আৰু আন্তৰিকতাৰ বাবেও লাগে দিৱস। শ্ৰদ্ধা আৰু মৰম যাঁচিবলৈ দিৱসৰ প্ৰয়োজন আছে নেকি ? হৃদয়ে হৃদয় নিচিনিলে দিৱসে দিবনে প্ৰকৃত মূল্য ?

"আমি যেন যন্ত্ৰ একো একোটা যন্ত্ৰ"

জুবিন দাৰ যন্ত্ৰ এল্বামৰ গীতটিৰ দৰেই প্ৰকৃততে আমি যন্ত্ৰলৈ ৰূপান্তৰিত হৈছোঁ নেকি ? শিলৰ চোলা পিন্ধিছোঁ নেকি আমি ? দয়া, ক্ষমা, মৰম , স্নেহ আদি মূল্যহীন নেকি আমাৰ বাবে ? কি বিচাৰোঁ আমি ? কি লাগে আমাক ? সভ্যতাৰ চৰম সীমাত ৰৈ আমি মানৱৰ জয় গান গাইছো নে পৰাজয়ৰ গ্লানিৰে নিজক শেষ কৰিছোঁ ?  হাজাৰ বিজাৰ এনে উত্তৰহীন প্ৰশ্নই আবৰি আছে আমাৰ চৌপাশ। 

দূৰ বুলিয়ে বহু দূৰলৈ গতি কৰিছোঁ আমি। য'ৰ পৰা উভটি অহাৰ পথ বিচাৰি পোৱা নেযায়। য'ৰ পৰা দেখা নেযায় সূৰুযৰ সোণালী কিৰণ। কথা বহুত ক'ব পাৰি, দিব পাৰি ফ্ৰী এডভাইজ। পিছে কৰাটোহে টান। নিন্দা আৰু তিৰস্কাৰে উপচি থকা জীৱন্ত পৃথিৱীত উপচাই দিব পাৰি কাৰোবাৰ জীৱনত বিষবাষ্প। পিছে মানৱতাৰে আকোঁৱালি লোৱাটোহে টান।

মানুহ সামাজিক প্ৰাণী। সমাজ পাতি বাস কৰি ভালপায় মানুহে। এই সমাজৰ বাবে লাগে আন্তৰিকতা আৰু বিশ্বাস। পিছে আমি কিমান আন্তৰিকতাৰে আকোঁৱালি ল'ব পাৰো ইজনে সিজনক ? কিমান বিশ্বাসত ল'ব পাৰো এজনে আনজনক ? মাদাৰ টেৰেছাৰ দৰে বহু লোকেই মানৱতাৰ জয়গান গাই গাই লিখি থৈ গ'ল সোণোলী ইতিহাস। সেই সোণসেৰীয়া কথাৰ মূল্য আছেনে আমাৰ হাতত ? অগাধ সম্পত্তিৰ মালিক হৈও কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই মানুহৰ বাবেই বাচি লৈছিল যাযাবৰ জীৱন। কেতিয়াবা ফঁহিয়াই চাওঁনে কথাবোৰ। নে এই মহান লোক সকলৰ সোঁৱৰণত দিৱস উদযাপন কৰিয়ে সামৰি থওঁ আমাৰ দায়িত্ব। আজি কালি চোন সম্বন্ধ ৰক্ষাৰ বাবেও দিৱসৰ প্ৰয়োজন হ'ল। মাতৃ দিৱস, পিতৃ দিৱস, ভাতৃ দিৱস, ভগ্নী দিৱস, বন্ধুত্বৰ দিৱস, প্ৰেমৰ দিৱস অমুক দিৱস তমুক দিৱস। মৰম স্নেহ আৰু আন্তৰিকতাৰ বাবেও লাগে দিৱস। শ্ৰদ্ধা আৰু মৰম যাঁচিবলৈ দিৱসৰ প্ৰয়োজন আছে নেকি ? হৃদয়ে হৃদয় নিচিনিলে দিৱসে দিবনে প্ৰকৃত মূল্য ? চিৰ নমস্য, পৰম পূজনীয়, সৰ্বশ্ৰেষ্ঠ আদ্য গুৰু দুজনাকো বৃদ্ধাশ্ৰমত থৈ দিৱস পালনৰ নামত এদিনৰ বাবে কেমেৰাৰ আগত লৈ লেৰেলা মৰম দেখুওৱাটো কেনে মানসিকতাৰ কথা ? ভাবি পাৰ নোপোৱা কথাবোৰে পৃথিৱীক আবৰি পেলাইছে সম্প্ৰতি।‌ বিগত বছৰৰ পৰা আৰম্ভ হোৱা কৰ'না মহামাৰীয়ে মানুহৰ পৰা মানুহক আঁতৰাই অনাৰ ক্ষেত্ৰত আৰু অধিক অৰিহণা যোগাই আহিছে। মানুহক সাংঘাটিক ধৰণে অকলশৰীয়া কৰি পেলাইছে।

প্ৰতিযোগিতাৰ যুগত আমি কেৱল অৰ্থনৈতিক সৱলতাৰ কথা ভাবোঁতে ভাবোঁতেই পাহৰি পেলাইছোঁ মানৱতাক। পাহৰি পেলাইছোঁ আমাৰ কৰ্তব্য আৰু দায়িত্ব। কেৱল নিজৰ মাজতে আৱদ্ধ থাকি নিজৰ কথাই ভাবি থকাটোৱেই জানো জীৱন ? বিশ্ব বিজয়ী হিটলাৰেও মৃত্যুৰ সময়ত আদেশ দিছিল তেওঁৰ দুয়োখন হাত কফিনৰ পৰা বাহিৰ ওলিয়াই নিবৰ বাবে। অৰ্থাৎ আমি জীৱনত যিমানেই নঘটো কিয়, মৃত্যুৰ শীতলি কোলাত শুই পৰিলে সকলো হৈ পৰে অৰ্থহীন। আমি সকলোৱে জানো জন্ম মানেই মৃত্যু। উকা দুহাত লৈ উলঙ্গ ভাৱে আহি উলঙ্গ হৈয়ে যাবগৈ লাগিব। অথচ সকলো জানিও একো নজনা ভাও ধৰি আমি নিজক উটোৱাই দিছো যান্ত্ৰিকতাত। এইটো নহয় যে এদিন মৰিমেই বুলি আমি একো নকৰিম। কিন্তু যি কৰোঁ সেইয়া নিজৰ লগতে দহৰ বাবেও কৰিলে পৃথিৱীখন শান্তিৰ স্থল হৈ নপৰিবনে বাৰু ? শান্তিৰ শয়নত পেলাব নোৱাৰিম নে প্ৰশান্তিৰ নিশ্বাস ? তেন্তে আমি পৰাজয় স্বীকাৰ কৰিছোঁ নেকি সময়ৰ হাতত ? কথাবোৰ এবাৰ যুকীয়াই চাওঁ চোন আহক।

মঞ্জিত হাজৰিকা
সহঃ সম্পাদক, অঙ্গন।

পৃষ্ঠা ৪৪


Post a Comment

1 Comments

Parasha said…
'অভিশ্ৰুতি' উপন্যাসত শব্দ কিছুমান ভুল পাইছোঁ | যেনে 'ঠিক'ৰ সলনি 'থিক', 'মুহি'ৰ সলনি 'মোহি' , 'সোৱাদ'ৰ সলনি 'সুৱাদ' হৈ আছে.. |