"অংগন" এটি সুন্দৰ নাম। অংকুৰণ প্ৰকাশনৰ উদ্যোগত পষেকীয়া আলোচনী হিচাপে "অংগন" প্ৰকাশ পাব বুলি জানি অতিশয় আনন্দিত হ'লো। নামটোৱেই পঢ়ুৱৈক আকৰ্ষিত কৰিব। "অংগন" প্ৰকাশ পোৱাৰ বাতৰি নিঃসন্দেহে অসমীয়া আলোচনী জগতৰ এটি সুখবৰ। অংগন পাঠক সমাজৰ হিয়াৰ আমঠু হওক। অংগন আলোচনীয়ে অসমীয়া আলোচনী জগতৰ গতানুগতিকতাৰ বেহু ভাঙি এক নতুন ধাৰাৰ সৃষ্টি কৰক। আলোচনীখনৰ প্ৰতিটো মানদণ্ড সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰিলে অসমৰ সকলো শ্ৰেণীৰ পাঠককে সামৰি ল'ব পাৰিব বুলি মোৰ দৃঢ়বিশ্বাস।
শেষত আপোনালোকৰ এই প্ৰচেষ্টা সাফল্যমণ্ডিত হোৱাৰ আন্তৰিক শুভ কামনাৰে...
ৰঞ্জু হাজৰিকা
গুৱাহাটী -৩
২৫ মে' ২০২০
আমাৰ সংকল্পঃ
যি দৰে ভাষা এটা জাতিৰ পৰিচয়, ঠিক তেনেদৰে সাহিত্য এটা ভাষাৰ চালিকা শক্তি। লিখিত বা অলিখিত ভাৱে এটা ভাষাত অনেক সাহিত্যৰ সৃষ্টি হৈছে । ইয়াৰ উদাহৰণ স্বৰূপে আমাৰ অসমীয়া ভাষাৰ আইনাম, ধাইনাম, বিহুগীত, ডাকৰ বচন, লোকগীত, সাধুকথা, পটন্তৰ প্ৰৱচন আদিৰ কথা ক'ব পাৰোঁ। এই সকলোবোৰ লিখিত ৰূপত প্ৰকাশ পোৱাৰ আগলৈকে মৌখিক সাহিত্য তথা লোকসাহিত্য ৰূপতেই অসমীয়া জাতিৰ জনসমাজত প্ৰচলিত আছিল। বিবৰ্তিত সময়ৰ পাক চক্ৰত আমি বহু দূৰ আগুৱাই আহিলো। কিন্তু তথাপিও যেন আমি কোনোবাখিনিত থমকি ৰৈছোঁ। বৈষ্ণৱযুগৰ পৰা আৰম্ভ কৰি জোনাকী যুগ, ৰমন্যাসিক যুগ, আধুনিক যুগ আৰু সম্প্ৰতি উত্তৰ আধুনিক যুগলৈকে অসমীয়া কাব্য সাহিত্যই বহু ৰূপ সলনি কৰিলে। আজি অসমীয়া সাহিত্যক আগুৱাই নিবৰ বাবে বহু উন্নত মানৰ আলোচনী, সমালোচনা মূলক গ্ৰন্থ, কাব্য গ্ৰন্থ, উপন্যাস-উপন্যাসিকা, জীৱনি আদিৰ সমাহাৰ ঘটিছে। নিসন্দেহে অতীতৰ পৰা বৰ্তমানলৈকে প্ৰকাশিত এই আলোচনী আৰু গ্ৰন্থ সমূহে অসমীয়াৰ সাহিত্যৰ ভঁৰাল যথেষ্ট চহকী কৰিছে। বৰ্তমানে ছচিয়েল মিডিয়াৰ যোগেদি সাহিত্য চৰ্চা কৰি বহুতেই অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াইছে। কিন্তু ই সফলতা অৰ্জনৰ ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িছে সি এতিয়াও এটা প্ৰশ্নবোধক। সি যি কি নহওক সফলতা অৰ্জন কৰক বা নকৰক অসমীয়া সাহিত্য জগতৰ ইয়ো এক লেখত ল'ব লগীয়া দিন। এই দিনবোৰৰ লগতে আমিও খোঁজত খোঁজ মিলাই অংকুৰণ প্ৰকাশক গোষ্ঠীয়ে "অঙ্গন" ই-আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্য প্ৰেমি ৰাইজৰ মাজত এটা বহল মনোভাৱ লৈ পদৰ্পন কৰিছোঁ। আমাৰ লক্ষ্য হ'ব বৰ্তমানৰ ঘৃণনীয় লবী প্ৰথাৰ পৰা দূৰৈত থাকি অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি থকা ন পূৰণি অচৰ্চিত লেখক সকলক চৰ্চালৈ অনা। আহক আমাৰ এই মহৎ উদ্দেশ্যৰ সৈতে আপোনালোকেও খোঁজত খোঁজ মিলাই এখোঁজ দিয়ক। আপোনালোকৰ আৰ্শীষ শিৰত লৈ আমি আগবাঢ়ি যাম অনাগত দিনবোৰত। সেয়ে আশা কৰোঁ আপোনালোকে আপোনালোকৰ সহযোগিতা আগবঢ়াই আমাক কৃতাৰ্থ কৰিব।
মঞ্জিত হাজৰিকা
সহ সম্পাদক
অঙ্গন ই-আলোচনী
পৃষ্ঠাঃ ৪
এই সংখ্যাৰ ভিতৰ চৰাতঃ
১/ সম্পাদকীয়ঃঃ পৃষ্ঠা ৬
২/প্ৰৱন্ধঃঃ
কৰনা বিৰোধী যুঁজৰ যোদ্ধাঃঃ ভাস্কৰজ্যোতি ডেকাঃঃ পৃষ্ঠা ৭
৩/ ধাৰাবাহিক উপন্যাসঃঃ
থাৰ্ড পাৰ্ছনঃঃ পূজা তালুকদাৰঃঃ পৃষ্ঠা ৮
৪/ অণুগল্পঃঃ পৃষ্ঠা ৯
আমিষঃঃ হেমা চৌধুৰী গগৈ
ব্ৰহ্মাস্ত্ৰঃঃ ৰাজশ্ৰী বৰা
৫/ অনুবাদ কবিতাঃঃ পৃষ্ঠা ১০
তথাপি মই থিয় হমঃঃ অনুবাদক প্ৰাণকৃষ্ণ গোস্বামী
মই দুঃখিতঃঃ অনুবাদক ছা-হা-বা হাৰ্টি
৬/কবিতাঃঃ পৃষ্ঠা ১১
আজি চৰাইবোৰ আমাতকৈ সুখীঃঃ প্ৰাঞ্জল কুমাৰ লাহন
পাহাৰ, নদী, আমিঃঃ নৱাৰুণ কাশ্যপ
মিক্স ভেজিটেবল্ঃঃ ধন দাস
৭/ অনুভৱঃঃ পৃষ্ঠা ১২
সময়ৰ ব্যৱধানেৰে নুজুখিব সম্পৰ্কৰ সফলতা বিফলতাঃঃ দিম্পী শৰ্মা
৮/ গল্পঃঃ
স্বপ্নভংগঃঃ শিখামণি গগৈঃঃ পৃষ্ঠা ১৩
লকডাউন বুলিয়েইঃঃ নীৰুপমা ডেকাঃঃ পৃষ্ঠা ১৪
৯/ নীলাখামৰ চিঠিঃঃ পৃষ্ঠা ১৫
লিখিছে বিশ্ব বৰুৱাই
১০/ নিয়মীয়া শিতানঃঃ
জ্ঞানৰ সঁফুৰাঃঃ পৃষ্ঠা ১৬
শব্দৰ সাজোনঃঃ পৃষ্ঠা ১৭
ৰেচিপিঃঃ পৃষ্ঠা ১৮
মডেল পৃষ্ঠাঃঃ পৃষ্ঠা ২০
১১/ শেষ পৃষ্ঠাৰ কলমঃঃ পৃষ্ঠা ২১
লকডাউনে দিয়া কেইটামান সুফলঃঃ দুৰ্গেশ্বৰ শইকীয়া
১২/ মতামতঃঃ পৃষ্ঠা ২২
১৩/ ঘোষণাঃঃ পৃষ্ঠা ২৩
১৪/ চিত্ৰশিল্পঃঃ পৃষ্ঠা ২৪
পৃষ্ঠাঃ ৫
অঙ্গন
(পষেকীয়া ই-আলোচনী)
মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা, সহঃ সম্পাদিকাঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদিকাঃ ৰাজশ্ৰী বৰা, সহযোগীঃ সুদীপ্ত নয়ন নাথ
বিভাগীয় সম্পাদকঃ নিৰ্মালী মহন্ত, গোপাল কৃষ্ণ বাঢ়ৈ
এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ পৰিণীতা কলিতা, নলবাৰী
প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট। ই-মেইলঃ ankuran2014@gmail.com
পৃষ্ঠাঃ ৬
সম্পাদকীয়ঃ
অঙ্গনৰ প্ৰস্তাৱনা সংখ্যা
অনুভব হৃদয়ৰ প্ৰাণ।
অনুভবৰ আলোড়নে হৃদয়ৰ সেউজীয়াক গাঢ় কৰে। সৰু গছপাতটি অনুভবৰ তুলিকাত কথা ক'ব পৰাকৈ জীৱন্ত হয়, নৈখনে সুৰৰ জন্ম দিব পাৰে। এই কথাৰ উমান ল'বলৈ এটি অনুভবী মনৰ প্ৰয়োজন হয়। এই অনুভৱৰ অঙ্গনলৈ প্ৰথমেই আপোনালোকক স্বাগতম জনাইছো।
প্ৰকৃতিৰ প্ৰতিটো উপাদানেই আমাৰ মনটোক চুই যায়। আবেগবোৰক জোঁকাৰি আমাক কেতিয়াবা সুখ, কেতিয়াবা দুখৰ অনুভব দি যায়। জানিয়েই হওক বা অজানিতেই হওক আমিয়ো প্ৰকৃতিৰ লগত একাত্ম হওঁ আৰু তেতিয়াই আমি অনুভৱী ক্ৰিয়াটোৰ দ্বাৰা প্ৰভাৱিত হওঁ। এই যে আমাক প্ৰভাৱান্বিত কৰে, এয়া কেৱল প্ৰকৃতিত হোৱা ঘটনাতে সীমাবদ্ধ নহয়। জন্মসূত্ৰে লৈ অহা অনুভূতি প্ৰৱণ মনটোৱে প্ৰতিদিনেই অনুভবৰ ৰসস্বাদন কৰে। প্ৰতিটো পল, প্ৰতিটো ঘটনাতে মনে নিজক নিবিড় কৰিবলৈ বিচাৰে অথবা বহুসময়ত ঘনিষ্ঠ হয়। যেতিয়া আমি নিজৰ হৃদয়ৰ লগত একাত্ম হওঁ তেতিয়াই আমি এখন নতুন পৃথিৱীলৈ যাত্ৰা কৰোঁ। সেই পৃথিৱী হৃদয়ৰ শান্তিৰ আলয়। অনুভবৰ পৃথিৱীখনত প্ৰথমে হৃদয় আৰু অনুভৱৰ সম্পৰ্ক হয়, লাহে লাহে সেই সম্পৰ্কই গভীৰতাক সাবটে। তেতিয়াই তাত সৃষ্টি হয় এটি সৌন্দৰ্যৰ। সেই সৌন্দৰ্যই প্ৰকাশৰ হেতু উকমুকনি তোলে, শব্দই সাবটি লয় হৃদয়ৰ উচপিচনি।মনৰ ঘনভাবৰাশিক উমলিবলৈ শব্দই নিজৰ চোতালত ঠাই দিয়ে আৰু হৃদয়ৰ সুখবোৰক সিঁচি দিয়ে সাহিত্যৰ ভিন্ন অংগত।
হৃদয় অনুভবত ধুনীয়া।এই অনুভৱৰ বহিঃপ্ৰকাশে সকলো সময়তে একে ৰূপ ধাৰণ নকৰে যদিও নিজস্বতাৰে সুকীয়া সুকীয়া ৰূপত আত্মপ্ৰকাশ কৰে। এই আত্মপ্ৰকাশে বহুসময়ত আন এখন হৃদয়ক অনুভবৰ শীৰ্ষ বিন্দুলৈ নি বহুকথাৰ গূঢ়াৰ্থ দি যাব পাৰে। এয়া সম্ভৱ কেৱল অনুভৱৰ ঘনত্বত।
হৃদয়ৰ অনুভবে নিজ মনে আবিৰ সানিব পৰাকৈ এখন মুক্ত পৃথিৱীৰ আৱশ্যক হয়। একেদৰে সেই অনুভবক বিনা দ্বিধাৰে প্ৰতিষ্ঠা লভিবলৈ এখন বিশাল আকাশৰ প্ৰয়োজন হৈ পৰে। সেই আকাশখনৰ তলত এখন ধুনীয়া অংগনৰ ভেটি বান্ধিবলৈ আমি হাবিয়াস কৰোঁ। ফলত আমাক প্ৰয়োজন ন শিকাৰুৰ কলমৰ জোৰ আৰু প্ৰতিষ্ঠিত সকলৰ সহযোগ।
মনৰ অযুত ৰং বিৰং অনুভূতিক এই অঙ্গনতে উমলিবলৈ দি হাজাৰ হৃদয়ত এটি নতুনত্বৰ আমেজ দিবলৈ আমি বিচাৰোঁ লেখক পাঠকৰ এনাজৰীডাল কটকটীয়া কৈ বান্ধিবলৈ। এয়া যে হৃদয়ৰ আন্তৰিকতাৰে পুৰঠ কৰিব পাৰিব। সেয়ে আমি নতুন চিন্তাৰে, নতুন আশাৰে আমাৰ অঙ্গনত ৰ'দালিৰ চুম্বনৰ অপেক্ষা কৰিছোঁ। বাট চাইছো কলাসুলভ মনৰ প্ৰকৃত সঁহাৰিৰ।
সকলোৰে হৃদয়ৰ অনুভবে উমলিবলৈ এই অঙ্গনৰ জন্ম হৈছে। আশা কৰোঁ এই অংগনতে পৈণত হ'ব এদিন অনুভবৰ ৰূপ। শোভা বৰ্ধন কৰি অঙ্গনৰ ভেটি সুদৃঢ় হ'ব আৰু সাহিত্যৰ পথাৰলৈ ই আনিব নতুনত্ব, এখন চিৰসেউজ পৃথিৱী।
সম্পাদক
অঙ্গন, পষেকীয়া ই-আলোচনী
পৃষ্ঠাঃ ৭
প্ৰৱন্ধঃ
কৰ'না বিৰোধী যুঁজৰ যোদ্ধা
ভাস্কৰজ্যোতি ডেকা
যুৱ সাংবাদিক
নলবাৰী
ফোন:৮৮২২৮৫৪০৬৯
সম্প্ৰতি সমগ্ৰ বিশ্ব কৰ'নাক লৈ ত্ৰস্তমান ৷ চীনৰ য়ুহানৰ পৰা এই কৰ'না ভাইৰাছ বিয়পিব লোৱাৰ সময়তে দেশসমূহে সজাগতা অৱলম্বনৰ ক্ষেত্ৰত যথেষ্ট পলম কৰাৰ পৰিণাম আজি প্ৰতিখন দেশে ভুগিবলগীয়া হৈছে ৷ চুপাৰ পাৱাৰ খ্যাত আমেৰিকাৰ পৰা আৰম্ভ কৰি উন্নত স্বাস্থ্য খণ্ডৰ দিশৰ পৰা শীৰ্ষত থকা ইটালীৰ দৰে দেশে আজি এই ভাইৰাছক প্ৰতিহত কৰিব নোৱাৰি দিশহাৰা হৈ পৰিছে ৷ পাকিস্তানৰ দৰে দেশে দুৰ্ভিক্ষৰ আগজাননী পাই বিশ্বৰ ওচৰত হাতজোৰ কৰি সহায় ভিক্ষা মাগিছে ৷ মুঠৰ ওপৰত এই ভাইৰাছে যেন পুনৰ এবাৰ মানৱ জাতিৰ প্ৰতি তীব্ৰতৰ প্ৰত্যাহ্বান হৈ থিয় দিছে ৷ বিশ্বৰ প্ৰতিখন দেশে ইয়াৰ বিৰুদ্ধে যুঁজাৰ বাবে অহোপূৰুষাৰ্থ কৰিছে ৷ আমাৰ দেশেও এই কৰ'না বিৰোধী যুঁজত সৰ্বস্তৰত তন মন একাকাৰ কৰি দিছে ৷ এই যুঁজত আমাৰ দেশৰ সংবাদ মাধ্যমৰ ভূমিকা যথেষ্ট পৰিমাণে সন্তোষজনক ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰতিখন ৰাজ্য চৰকাৰে কৰ'না প্ৰতিৰোধৰ বাবে কঠোৰতকৈ কঠোৰ সিদ্ধান্ত ল'বলৈ কুণ্ঠাবোধ কৰা নাই ৷ অৱশ্যে এনেবোৰ সিদ্ধান্ত লোৱাতো অত্যন্তই প্ৰয়োজনীয় আছিল ৷ চৰকাৰী-বেচৰকাৰী প্ৰতিটো সংস্থা,বিভাগৰ পৰা আৰম্ভ কৰি অভিনেতা-অভিনেত্ৰীলৈ,খেলজগতৰ তাৰকাৰ পৰা আৰম্ভ কৰি গাওঁৰ খাটিখোৱা সাধাৰণ লোকজনলৈ সকলোৱে যেন আত্মনিয়োগ কৰিছে এই কৰ'না বিৰোধী যুঁজত ৷ চিকিৎসক সকলৰ পৰা আৰম্ভ কৰি সাধাৰণ চাফাই কৰ্মীজনলৈ,১০৮ সেৱাৰ ড্ৰাইভাৰজনৰ পৰা আৰম্ভ কৰি ফাৰ্মাচীষ্টজনলৈ সকলোৱে একো একোগৰাকী অগ্ৰনী সৈনিক হৈ থিয় দিছে ৷ অসমৰ প্ৰেক্ষাপটত যদি চোৱা যায় তেন্তে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধকালীন তৎপৰতাৰে গঢ়ি তোলা প্ৰতিৰোধ ব্যৱস্থাই জনতাক বহু পৰিমাণে আস্বস্ত কৰিব পাৰিছে ৷ এই যুঁজত আমাৰ সংবাদ মাধ্যমৰ ভূমিকাও নিসন্দেহে প্ৰশংসনীয় ৷ ৰাজ্যৰ সংবাদ মাধ্যমসমূহক একাংশই কিছু ক্ষেত্ৰত সমালোচনা কৰিলেও কৰ'নাৰ বিৰুদ্ধে সজাগতা সৃষ্টিত লোৱা ভূমিকাক স্বীকাৰ কৰিবই লাগিব ৷ এটা বৈদ্যুতিক সংবাদ মাধ্যমত প্ৰত্যক্ষভাৱে জড়িত থকাৰ সুযোগতে বিগত কেইটামান মাহত বহু কথাই নিজ চকুৰে দেখিবলৈ পালোঁ ৷ কৰ'না বিৰোধী যুঁজৰ প্ৰথম আৰু প্ৰধান প্ৰতিকাৰ হ'ল সজাগতা আৰু সচেতনতা ৷ সামাজিক দূৰত্ব বজাই নিজকে ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰখাৰ বাহিৰে যেন গত্যন্তৰ নাই ৷ যেতিয়া চীনৰ য়ুহানত কৰ'না সংক্ৰমণৰ খবৰ লাভ কৰিছিল আমাৰ সংবাদ মাধ্যমে তেতিয়াৰ পৰাই ৰাইজৰ মাজলৈ এই খবৰ লৈ যোৱাৰ চেষ্টা কৰিছিল ৷ ভাৰতবৰ্ষত প্ৰথম সংক্ৰমণ হোৱা ৰোগীগৰাকীৰ খবৰ লাভ কৰাৰ পিছত আৰু অধিক সক্ৰিয় হৈ পৰিছিল আমাৰ সংবাদ মাধ্যম ৷কৰ'না সংক্ৰমণৰ প্ৰতিটো কাৰকৰ পূংখানুপূংখ বিশ্লেষণ কৰোৱাই চিকিৎসক, বিশেষজ্ঞৰ দ্বাৰা ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল ৷ ছপাউ হওঁক বা বৈদ্যুতিক সংবাদ মাধ্যমেই হওঁক সকলোৱে যেন চিকিৎসক,আৰক্ষী,চৰকাৰ তথা সাধাৰণ ৰাইজৰ মাজত সমন্বয়কৰ ভূমিকা গ্ৰহণ কৰাৰ চেষ্টা কৰি আহিছে ৷ জনতাক সামাজিক দূৰত্ব বজাই ৰখাৰ পৰা আৰম্ভ কৰি মাস্ক পৰিধান কৰালৈকে প্ৰতিটো দিশতে সজাগ কৰাৰ চেষ্টা কৰি আহিছে আৰু এই ক্ষেত্ৰত যেন বহু পৰিমাণে সফলো হৈছে আমাৰ সংবাদ মাধ্যম ৷ ল'কডাউনৰ বাবে যদি কৰবাত কোনোবা সমস্যাৰ সন্মুখীন হৈছে,কোনোবাই যদি চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে তাক চৰকাৰ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাইছে আমাৰ সংবাদ মাধ্যমে ৷ চৰকাৰ-প্ৰশাসনৰ প্ৰতিটো সিদ্ধান্ত পলে পলে লৈ গৈছে জনসাধাৰণৰ মাজলৈ ৷ মুঠৰ ওপৰত সাধাৰণ জনতাক কৰ'না সম্পৰ্কে সজাগ আৰু সচেতন কৰি সুৰক্ষিত কৰাৰ স্বাৰ্থত দিন ৰাতি একাকাৰ কৰি কাম কৰিছে আমাৰ সংবাদ মাধ্যমে ৷ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ যুদ্ধকালীন তৎপৰতা,চিকিৎসকসকলৰ আন্তৰিকতা,আৰক্ষীৰ দায়িত্ব,সংবাদ মাধ্যমৰ সজাগতা সচেতনতাৰ বিষয়ে প্ৰচাৰৰ নিৰ্লস প্ৰচেষ্টাৰ বাবেই যেন আজি কৰ'না সংক্ৰমন প্ৰতিৰোধৰ ক্ষেত্ৰত অসমে এই মুহূৰ্তলৈকে যথেষ্ট সফলতা লাভ কৰিছে ৷ অৱশ্যে এতিয়াও আমি এই যুঁজত জয়ী হ'বলৈ বহুদূৰ বাকী আছে ৷ বিগত সময়ছোৱাৰ দৰে অনাগত সময়তো আমি যথেষ্ট সজাগ সচেতন হৈ থকাৰ চেষ্টা কৰিব লাগিব ৷ ল'কডাউনৰ বাবে যিহেতু আমাৰ শ্ৰমিক-কৃষকসকল বহু পৰিমাণে ক্ষতিগ্ৰস্থ হ'ল সেয়েহে তেওঁলোকৰ কাষত চৰকাৰৰ লগতে সামৰ্থ্যৱানজন থিয় হোৱাৰ প্ৰয়াস কৰিব লাগিব ৷ এই সময়ছোৱাত যাতে কোনো অনাহাৰে থাকিবলগীয়া নহয়, ৰোগীয়ে যাতে সঠিক চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় সেই ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব ৷ প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ এই সময়খিনিত জাতি-ধৰ্ম,ধনী-দুখীয়াৰ ভেদাভেদ পৰিহাৰ কৰি কৰ'নাৰ বিৰুদ্ধে যুঁজাৰ বাবে এখন মানৱতাৰে গঢ়া সেঁতু বান্ধিব লাগিব য'ত আৰ্তজনে এই বিপদ অতিক্ৰম কৰাৰ সুযোগ পাব ৷ মনত ৰাখিব লাগিব আমি সকলোৱে কৰ'না বিৰোধী যুঁজৰ একো একোগৰাকী যোদ্ধা ৷
এটা কথা পাহৰি গ'লে নহ'ব যে যিটো সময়ত আপুনি বা মই নিজ পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাইছো ঠিক সেই একেখিনি সময়তেই কিন্তু কৰ'না প্ৰতিৰোধী এই যুঁজখনত একেবাৰে সন্মুখৰ পৰা নেতৃত্ব দিয়া চিকিৎসক,চিকিৎসাকৰ্মীৰ পৰা আৰম্ভ কৰি চাফাই-কৰ্মী, স্বাস্থ্যমন্ত্ৰী, স্বাস্থ্যবিষয়া, আৰক্ষী, সাংবাদিক সকলোৱে সগৌৰৱে পালন কৰিছে নিজৰ নিজৰ দায়িত্ব ৷ কাৰো মনত যেন কেনো ভয়-শংকা নাই ৷ আঁতৰি আছে পৰিয়াল আত্মীয়ৰ পৰা,তাৰ পিছতো যেন আক্ষেপ নাই ৷ অথচ যিকোনো মুহূৰ্ততে তেওঁলোকলৈও সংক্ৰমন হ'ব পাৰে এই প্ৰাণনাশী কৰ'নাৰ ৷ সেয়েহে আকৌ কৈছোঁ এই সময়ছোৱা বৰ জটিল সময় ৷আপুনি মই প্ৰথমে পৰিয়াল তথা আত্মীয়স্বজনক সুৰক্ষিত ৰখাৰ স্বাৰ্থতেই নিজে নিজক সুৰক্ষিত কৰাৰ কথা ভাবিব লাগিব ৷ সামাজিক দূৰত্ব বজাই ৰখাটো অপৰিহাৰ্য ৷ অন্যথা প্ৰতিষেধক নোলোৱা প্ৰৰ্যন্ত যিকোনো মুহূৰ্ততে সংক্ৰমিত হ'ব পাৰো আপুনি অথবা মই ৷ আতংকিত নহয়,সজাগ হওঁ আহক আমি সকলো ৷
পৃষ্ঠাঃ ৮
ধাৰাবাহিক উপন্যাসঃ
Third_Person
(প্ৰথম খণ্ড)
পূজা তালুকদাৰ
নলবাৰী
"ক্লাছ শেষ হ'লেই গুচি নাযাবি, ইম্প'ৰটেণ্ট কথা এটা আছে।"
কথাখিনি কৈয়েই ইক'ন'মিক্সৰ ক্লাছলৈ দৌৰিলে অনুৰাগ। মায়াই আচৰিত হৈ মাথোঁ চাই ৰ'ল অনুৰাগ যোৱাৰ ফালে । দুয়ো দুয়োৰে উশাহ কেইটাও চিনি পাই, তাৰ পিছতো এনে কি কথা থাকিব পাৰে তাৰ! তাইৰ ইক'ন'মিক্স বিষয়টো নাছিল বাবে সেইটো ক্লাছ তাই অফ পায়। আনদিনা তাই খুব এনজয় কৰে "অফ" টাইমখিনি ৷
দিনটোৰ সেইখিনি সময় অন্ততঃ অনুৰাগৰ কামোৰ, উৎপাতবোৰৰ পৰা তাই ৰেহাই পায়। আজিহে পিছে তাইৰ মনটো কিবা দোমোজাত আছে। কি কথা ক'ব খুজিলে বাৰু সি? তাৰ একো সমস্যা হোৱা নাইতো !
প্ৰথম শ্ৰেণীৰ পৰা একেলগে পঢ়া অনুৰাগৰ লগত তাইৰ বন্ধুত্ব ইমানেই বেছি যে তাই তাৰ হুমুনিয়াহ প্ৰৰ্যন্ত চিনি পোৱা হৈছে।
"মায়াই আজি মন মাৰি আছ' যে? কিবা অসুখ হৈছে নেকি?" পৰিণীতাৰ কথাত হঠাতে সম্বিত ঘূৰাই পালে তাই। সামান্য হাঁহি এটা ওঁঠত জিলিকাই তাই লাহেকৈ উত্তৰ দিলে,
"নাই অ' একো নাই। ঐ শুনছোন ক্লাছটো শেষ হ'বলৈ আৰু কিমান সময় আছে?"
পৰিণীতাই ঘড়ীটোলৈ চাই ক'লে, "আৰু দহ মিনিট আছে। কিয়? এনি প্ৰব্লেম মায়া? গা বেয়া নেকি? নে অনুৰাগৰ লগত কিবা লাগিলি?"
মায়া অপ্ৰস্তুত হৈ পৰিল।
"ধেই যা, তাৰ লগত টো সদায় কিবা নহয় কিবা লাগোৱে, সেইবুলি মন বেয়া কৰিম নেকি?"
কথাখিনি কৈয়ে মায়া আঁতৰি আহিল। ইক'ন'মিক্সৰ ক্লাছৰুমটোৰ কাষত ৰৈ থাকিলহি। ক্লাছ শেষ কৰি অনুৰাগ ওলাই আহিল, তাক দেখিয়েই তাই চিঞঁৰিলে,
"ঐ কি কথা আছিল ক'?
সি তাইক দেখি হাঁহিলে, আৰু ক'লে,
"তয়ো মানুহ মাৰি দিবি দেই,আনদিনা ক্লাছ শেষ হোৱাৰ পিছত তোক মই গোটেই কলেজ কেম্পাছত বিচাৰি ফুৰিব লাগে, আজি আকৌ কিবা কথা ক'ম বুলি কোৱাত আগতে আহি হাজিৰ..."
মুখত সামান্য খঙৰ প্ৰলেপ সানি তাই ক'লে,
" তোৰ এনে কি কথা আছে যিটোৰ কাৰণে মোক এই ৪৫ মিনিট সময় অপেক্ষা কৰালি? তই জানই নহ কিবা ক'ম বুলি কৈ কথাটো নোকোৱালৈ মোৰ কিমান টেনচন হৈ থাকে। তই ইচ্ছা কৰিয়েই মোৰ লগত এই ফটুৱামিবোৰ কৰি থাক'। এতিয়া ক'বি নে তোৰ কি ইমান দৰকাৰী কথা আছিল।"
" কম অ' কম। আগতে ব'ল না কিবা এটা খাই লওঁ, ভোক লাগিছে বহুত।"
"অনুৰাগ প্লিজ, আগতে কথাটো ক। আৰু নোকোৱালৈ মই ইয়াৰ পৰা নাযাওঁ।"
"আৰে কম তো, এই প্ৰেম জাতীয় কথাবোৰ যেনেকৈ তেনেকৈ কৈ দিব নোৱাৰি নহয়। এটা সময় থাকে, পৰিবেশ থাকে, সকলোবোৰ মিলিলেহে..."
অনুৰাগৰ কথাত বাধা দি তাই ক'লে,
"এক মিনিট! কি ক'লি তই? প্ৰেম! হা হা হা হা তোৰ প্ৰেম? কিমান নম্বৰ এইজনী?"
অনুৰাগে একো উত্তৰ নিদি কেণ্টিনৰ ফালে আগবাঢ়িল। তাইয়ো পিছে পিছে গৈ থাকিল, কিন্তু অথনি তাৰ প্ৰেমৰ কথা শুনি হাঁহি দিয়া তাইৰ হাঁহিটো হঠাতে হেৰাই থাকিল। এনে লাগিল যেন অনুৰাগে প্ৰেমত পৰাতো তাই বিচৰা নাই..
কাৰ প্ৰেমত পৰিছে অনুৰাগ? কেনেবাকৈ অনুৰাগে তাইৰ প্ৰেমত পৰা নাইতো ? হয় তাইয়েই হয়। নহ'লেনো কিয় সময়, পৰিবেশৰ কথা ক'লে হেতেন । হয়তো সি কোনোবা নিজান ঠাইত এপাহ গোলাপ দি তাইক ক'ব,
"সৰুৰে পৰাই তোক বহুত ভাল পাওঁ অ' । বন্ধুত্বৰ খাটিৰত তোক কোৱা নাছিলো..."
ধেৎ অনুৰাগ তাইৰ বেষ্ট ফ্ৰেইণ্ড। ইমান স্বাৰ্থপৰৰ দৰে কথাবোৰ কেনেকৈ ভাৱিব পাৰিলে তাই?
ঐ আহ আক' তই একো নেখাৱ নেকি ?
অনুৰাগৰ চিঞৰত তাইৰ ভাৱনাত আউল লাগিল। তাই কেণ্টিনত অনুৰাগৰ নিচেই কাষতে আছিল যদিও প্ৰেমৰ সম্পৰ্কত অনুৰাগে একো নকলে।
"আগলি কলৰে পাত......" সন্ধ্যা ম'বাইটো বাজি উঠাত মায়াই হাতত লৈ দেখে
"Anurag"
"হেল্ল' ,ঐ ক না কাৰ প্ৰেমত পৰিছ তই? মই চিনি পোৱা ছোৱালী নে? কৈছ নে তাইক? নে মই কৈ দিব লাগিব?"
"এই চুপ। First Of All, মই বেলেগ এটা কথাত হে ফোন কৰিছিলো। Monday ত যে মোৰ first ক্লাছ টো মিছ হৈছিল, দত্ত ছাৰে দিয়া ন'টচ খিনি হোৱাটচ্ এপত মোক send কৰচোন।
আৰু প্ৰেম! মোৰ ভাল লাগে অ' তাইক। কেতিয়ালৈ তাইক কথাবোৰ ক'ব পাৰোঁ নাজানো, কিন্তু কথাবোৰ কিবা অকলে কঢ়িয়াব পৰা নাই,সেইবাবে তোক ক'ম বুলি ভাবিছোঁ।এইবোৰ বাদ দে এতিয়া মোৰ বহুত কাম আছে কাইলৈ কলেজত ক'ম হাঁ সকলোবোৰ। Byeeee...."
'ঐ ঐ ঐ ঐ ল'ৰা ৰ' চোন, শুন, হেল্ল', হেল্ল' ঐ...."
এই ল'ৰাটো যে, ধৈৰ্য বোলা গুণবিধ একদমেই নাই। কথাবোৰো দৌৰা দৌৰি কৰি অঁকাই পকাই কি কয় বুজিবই নোৱাৰি। বাৰু!! সি কাক ইমান ভালপায়!! কোনোবাখিনিত তাইৰ খং উঠিছে নেকি? ধেৎ! সি তাইৰ বেষ্ট ফ্ৰেইণ্ড। নাই, তাই কিবা এটা ভয় খাইছে, তাক হেৰুৱাই পেলোৱাৰ ভয়! সি যদি প্ৰেমত পৰি তাইক পাহৰি যায়! তাইক সময় নিদিয়া হয়!
মনৰ ভিতৰত এইবোৰ কথাই দৌৰি থাকোতে মাকে আহি ভাত খাবলৈ মাতি থৈ গ'ল তাইক।
পিছদিনা আকাশখন মেঘেৰে গোমোঠা হৈ আছিল। হয়তো অলপ পিচতে বৰষুণ এজাক ডাঙৰকৈ আহিব। অকণমান বৰষুণত তিতিলেই যে মায়াৰ জ্বৰ হয় সেইটো অনুৰাগে ভালকৈ জানে।
"এই বৰষুণজাক নকমে অ' অনুৰাগ, এনেও তিঁতিবই লাগিব। ব'ল গৈ থাকো।"
"বৰষুণত তিতি গৈ কিমানদিন জ্বৰত ককবকাই থাকিবি মই ভালকৈয়ে জানো। গতিকে বৰষুণ শেষ নোহোৱালৈ ইয়াতেই ৰৈ থাক।"
কিবা এটা ভাললগাই জোকাৰি গ'ল মায়াক। ইমান 'কেয়াৰ'!
পিছমুহূৰ্ততে অনুৰাগে যোৱানিশা তাইক ফোনত কোৱা কথা এষাৰ মনত পৰিল,
"তাইক মোৰ ভাল লাগে মায়া!"
এবুকু শংকাৰে হঠাতে তাই চিঞঁৰি অনুৰাগক সুধি পেলালে,
"আচ্ছা অনুৰাগ, তই কাক ভালপাৱ?"
"পৰিণীতাক!"
(আগলৈ)
পৃষ্ঠাঃ ৯
অনুগল্পঃ
আমিষ
লকডাউন খোলাৰ লগে লগে মালতী বৰুৱানীৰ ঘৰত কাম কৰিবলৈ আহিল।তাই যোৱাৰ সময়ত আঁচলত সৰু টোপোলাটো দেখি বৰুৱানীয়ে সন্দেহৰ চাৱনিয়ে প্ৰশ্ন কৰিলে-
ঃ মালতী, সেইবোৰ কি বান্ধি লৈছ আঁচলটোত?
মালতীয়ে সেমেনা সেমেনিকৈ উত্তৰ দিলে-ঃবাইদেউ মাইনাজনীয়ে খাব নোৱাৰি এৰি থোৱা চিকেন ৰোলটো কুকুৰটোক নিদি ইয়াতে বান্ধি থ'লো। আমাৰ ল'ৰা-ছোৱালীকেইটাই কিমান দিন যে মাংসৰ গোন্ধ ল'বলৈ পোৱা নাই।"
কাম কৰা মালতীক সদায় যোৱাৰ সময়ত সন্দেহেৰে হাতলৈ চোৱা বৰুৱানীৰ আজি মনটো হঠাৎ বিয়াদেৰে ভৰি পৰিল।
হেমা চৌধুৰী গগৈ
গোলাঘাট
ভ্ৰাম্যঃ ৭০০২৯৬১৩৬২
ব্ৰহ্মাস্ত্ৰ
চকুদুটাত ভাগৰ লাগি থকা মানুহজনক এবাল্টি গৰম পানীসহ গামোচাখন যোগাৰ কৰি দিলে।কেইবাটাও ৰাতি শোৱা নাই বুলি কৈছে, এতিয়া অলপ শুব সেয়ে সাদৰীয়ে কাপোৰৰ দ'ম বান্ধি থকা সৰু বিচনাখনকে অজৰাবলৈ ধৰিলে।এইকেইদিন টিভিটোত অনবৰতে তাই দেখি আছে,বীজাণু সংক্ৰমণ কেনেকৈ হ'ব পাৰে। অজান ভয়ে তাইক হেচি ধৰিলে, শোৱনি কোঠাৰ আনখন বিচনাত গভীৰ টোপনিত লালকাল ল'ৰা ছোৱালী দুটিক তাই কিমান সময়লৈ বচাব পাৰিব? গোটেইখন আন্ধাৰ হৈ আহিল,তাই সন্তান দুটাৰ শৰীৰো নেদেখা হ'ল।
'মই সেইটো কোঠাত নোশোওঁ বিপদে লগ নেৰালৈকে। কাপোৰ খিনি বাৰাণ্ডাৰ কোঠাটোতে থৈ আহা।'
মানুহজনৰ কথাত তাই বুকুখন বিষাই গ'ল। এইয়াই সময়! দূৰত্ব ই যেন নতুন জীৱন! ঔষধৰ নামত পৃথকীকৰণেই সৰ্বোত্তম! বুজিছে তাইৰ মানুহজনে। তাই শিৰৰ সেন্দুৰখিনি চুই দিলে, সাহসে বুকুত ভেটি বান্ধিলে। যুঁজ দিব ব্যৱধানৰ ব্ৰহ্মাস্ত্ৰৰে ।
ৰাজশ্ৰী বৰা
গোলাঘাট
পৃষ্ঠাঃ ১০
অনুবাদ কবিতাঃ
১। তথাপি মই থিয় হ'ম
মূলঃ মায়া এঞ্জিল'উ
অনুবাদঃ প্ৰাণ কৃষ্ণ গোস্বামী
তুমি মোক বুৰঞ্জীৰ পৰা মচি পেলাব পাৰা-
তোমাৰ তিক্ত,মেৰপকোৱা মিথ্যাৰে,
তুমি মোক পেলাই দিব পাৰা জাৱৰৰ দ'মত
কিন্তু,ধূলিৰ দৰে,তথাপি মই থিয় হ'ম ৷
মোৰ উদ্ধতালিত তুমি বিৰক্ত নে কি?
কিয় তুমি বিমৰ্ষতাৰ বান্ধেনত?
কাৰণ,মই এনেকৈ ফুৰোঁ,যেন
তেলৰ খাদহে আছে মোৰ চ'ৰা ঘৰত ৷
চন্দ্ৰমাৰ দৰে,আৰু সূৰুযৰ দৰে
জোৱাৰ-ভাটাৰ নিশ্চয়তাৰে,
আকাশলংখী আশাৰ নিচিনাকৈ
মই থিয় হ'মেই ৷
তুমি মোক নিৰাশ দেখিব খুজিছিলা?
নতশিৰ আৰু নমিত চকুৰে?
চকুলোৰ টোপালৰ দৰে নামি পৰা কান্ধেৰে,
নিশকতীয়া কৰা মোৰ কৰুণ ক্ৰন্দনে?
মোৰ উচ্ছাত্মিকাই লগাইনে কি জগৰ তোমাক?
তুমি মোৰ আনন্দত নকৰিবা দুখ,
কিয়নো মোৰ পিচ চোতালত
সোণৰ খনি থকাৰ দৰেই মই হাঁহো ৷
তুমি বাক্যবাণেৰে মোক শালিব পাৰাঁ,
চকুৰ চাৱনিৰে মোক কাটিব পাৰাঁ,
তোমাৰ ঘৃণাৰে মোক মাৰিব পাৰাঁ
কিন্তু বতাহৰ দৰে,তথাপি মই থিয় হ'ম ৷
মোৰ যৌন আবেদন কৰেনে কি বিৰক্ত তোমাক?
হোৱা নে কি তুমি আশ্চৰ্য্য চকিত
যেতিয়া মই এনেকৈ নাচোঁ যেন মোৰ
দুই উৰুৰ মাজত আছে হীৰাৰ ভাণ্ডাৰ?
ইতিহাসৰ কলংকিত পঁজাৰ ভিতৰৰ পৰা
মই উঠি থিয় হ'ম
যন্ত্ৰণাৰ শিপাৰে বন্ধা এক অতীতৰ পৰা
মই উঠি থিয় হ'ম
মই এক কৃষ্ণ মহাসাগৰ,উদ্বেলিত আৰু বিস্তীৰ্ণ
গুজৰি-গুমৰি আৰু উথলি উঠি
সহন কৰোঁ জোৱাৰ-ভাটা মই ৷
এৰি আহি ৰাতিৰ আতংক আৰু ভয়
মই থিয় হ'ম
এটি অভাৱনীয় স্বচ্ছ প্ৰভাতলৈ চাই
মই থিয় হ'ম
মোৰ উপৰি পুৰুষে দিয়া দান লৈ আহি,
ময়েই সকলো দাসৰ আশা আৰু সপোন৷
মই থিয় হ'ম
মই থিয় হ'ম
মই থিয় হ'ম ৷
২। মই দুঃখিত
মূল কবিঃ টি মুলিয়া লুবিছ (ইন্দোনেছিয়া)
অসমীয়া অনুবাদঃ ছা-হা-বা হাৰ্টি
মই খুব দুঃখিত
তোমাক বিস্তাৰিত লিখিব পৰা নাই বুলি
সমস্ত চিয়াঁহী শেষ
কালি ৰাতি গোটেই আকাশ জুৰি
মাথোঁ তোমাৰ নাম লিখি কটাইছোঁ...।
পৃষ্ঠাঃ ১১
কবিতাঃ
আজি চৰাইবোৰ আমাতকৈ সুখী
…………………………………………………………
আজি চৰাইবোৰ আমাতকৈ সুখী
মুক্ত মনে নিজ নিজ পৃথিৱীৰ কথা কৈছে
আজি চৰাইবোৰে ঘোষণা কৰিছে স্বাধীনতা
ধল পুৱাতে সমস্বৰে গাইছে জীৱনৰ জয়গান
এচোতাল ৰ'দৰ ঠিকনা লৈ অহা চৰাইবোৰক
আজি কোনেও হুৰাই দিয়া নাই
আনকি ৰাতিও চৰাইবোৰৰ সৰা নাই নিদ্ৰা
আজি আমি স্বগৃহতে থাকিও যেন কাৰাবন্দী
ইজনে সিজনে মুকলিকৈ কথা পাতিব পৰা নাই
অজান শংকাত খুলি দিয়া নাই দুৱাৰ-খিৰিকী
লৌহ জপনাত ওলমাই দিয়া বন্দীত্বৰ তলা খুলি
ক'ৰবালৈ ওলাই যোৱাতো স্বপ্ন-কথা
ভোক আৰু ভোগৰ অঘোষিত যুদ্ধত
বাৰে বাৰে আহত হৈছোঁ
চুটি হৈ আহিছে উশাহ-নিশাহ
জাতি-ধৰ্মৰ মেৰুকণতে ব্যস্ত হৈ
মানৱতাৰ আদিপাঠ পাহৰি
কৰ'ণাতংক বাহকলৈ এৰিছোঁ
এপাত দুপাত কৈ ঘৃণাৰ অজস্ৰ শৰ
অসুখীয়া পৃথিৱীৰ শৰ বিদ্ধ সময়ক
সোঁৱৰণিৰ মালিতাৰে পাহৰিব খুজিও ব্যৰ্থ হৈছোঁ
এদিন আপোন জনক কাষত নোপোৱাৰ দুখত উচুপিছিলো
আজি সংগ পায়ো চৰাইবোৰৰ দৰে সুখী হ'ব পৰা নাই
প্ৰাণখুলি গাব পৰা নাই জীৱনৰ অমিয়া গীত
কাক কম , কোনে পতিয়াব---এদিন আমিও স্বাধীন আছিলো
আৰু এই চৰাইবোৰক আমি বন্দী কৰি আনন্দ লভিছিলো
ভোক, ভোগ কিম্বা মনোৰঞ্জনৰ বাবে বন্দী কৰা চৰাইবোৰক
এবাৰো সোধা নাছিলো সিহঁত সুখী আছিল নে বাৰু !
আজি চৰাইবোৰ আমাত কৈ সুখী
আমি চৰাইবোৰৰ দৰে সুখী হ'ব নোৱাৰিম কিজানি !
প্ৰাঞ্জল কুমাৰ লাহন
যোৰহাট
পাহাৰ, নদী, আমি
"Can you touch the sky?It is nothing but vague.How is it possible?"
……………………………………………........................................
(১)
পাহাৰখনৰ কাষেৰে
নদীখনৰ বুকুৰে,
উটি যাম তুমি-মই
সোঁতবোৰৰ তালে-তালে ৷
(২)
তুমি মোক ক'বা "শূণ্য"
মই তোমাক ক'ম "সৰ্বস্ব"
এজাক অভিমানৰ বৰষুণৰ
গুণ-গুণ,গুণ-গুণ শব্দ ৷
(৩)
নদীখনৰ বুকুলৈ এন্ধাৰ নামিব
সোঁতবোৰ ৰৈ যাব,
বিচ্ছেদৰ এচটা শিলত খুন্দা খাই
পাহাৰখনলৈ ৰাতি জোনাক নামিব ৷
(৪)
জোনাকৰ অজুহাতত তুমি
পাহাৰখনলৈ দৌৰিবা
মোৰ হাতৰ মুঠিত দি যাবা
গধূৰ,উদং স্মৃতিৰ জোলোঙা ৷
(৫)
মই নদীখনতেই শুই শুই
গণি যাম পাহাৰখনৰ উচ্চতা
তোমাৰ পৰা মোলৈ ব্যৰ্থতাৰ এটা বাট
নদীৰ সোঁতবোৰে দি যাব নিষ্প্ৰভ খুন্দা ৷
(৬)
ৰাতিৰ শেষত পাহাৰৰ সিপাৰে
বেলিয়ে এটা সাধু ক'ব,
তুমি জোনাকৰ অবিহনে উচুপিবা
মই নদীখনৰ স'তে বৈ যাম
দূৰ……
বহুদূৰ……
নৱাৰুণ কাশ্যপ
নলবাৰী
মিক্স-ভেজিটেব'ল
………………………………
কিবা এটা লিখ
অ' বোলো কিবা এটা লিখ
কি লিখিম
মৌলবাদ সাম্যবাদ
সন্ত্ৰাসবাদ
মৃত্যু-সংবাদ
জয় হিন্দ
পতাকাৰ তলত
শুই আছে সৈনিক
তেজৰ সন্মান
লাল চালাম ,
অট্টালিকাৰ বিলাস চোবাই
দেশত ঋণ মাফ
কি লিখিম
পুজিবাদ বস্তুবাদ
অতি-বাদ
বৰবাদ
ভূ-লুন্ঠিত সকলো বাদ
বোলো কিবা এটা লিখ
কি লিখিম
ধৰ্মৰ জাত
কবিতাৰ জাত
ধৰ্ষকৰ জাত
বাদ বিসম্বাদ
মিথ্যাচাৰ
অতি-আচাৰ
ভ্ৰষ্টাচাৰ
মিক্স ভেজিটেব'ল
সকলো একেই আচাৰ
কি লিখিম
বগা সাজ-- নীলা শিয়াল
ক'লা ধন --
পাখিলৈকে খোৱাৰ মন
মেৰুদণ্ড ভাগিল নে ………
এতিয়া হৰতাল
ভোক হৰতাল
মানুহ হৰতাল
সোপা দিয়া মুখ
ফাঁচ লবলৈ সাজু
অ' বোলো কিবা এটা লিখ
কি লিখিম
হেৰৌ ৰাষ্ট্ৰ
খাওঁ আহ আদ্যশ্ৰাদ্ধ
অতীতকাল - ভূতকাল
সকলো মহা কাল
বৰ্ত্তমান
তই শ্ৰমিক
খাতি খোৱা জাত
খোজ কাঢ় খোজ কাঢ় ।।
ধন দাস
নগাঁও
পৃষ্ঠাঃ ১২
অনুভৱঃ
সময়ৰ ব্যৱধানেৰে নুজুখিব সম্পৰ্কৰ সফলতা বিফলতা
বহু বছৰৰ প্ৰেমৰ অন্তত বিবাহ হৈ এবছৰ পিছতেই বিবাহ বিচ্ছেদ হৈ যাৱ পাৰে বা হৈ যায়। আকৌ কিছুমানৰ সন্তান জন্ম হোৱাৰ পিছতেই বিচ্ছেদ হয় । আমি এবাৰ ভাৱি চাইওঁনে, বিচ্ছেদৰ পিছত সেই অকলশৰীয়া মাতৃ গৰাকীয়ে কেনেদৰে সন্তানক ডাঙৰ কৰিব লগা হয় বা সেই সন্তানৰ জীৱনলৈ অকস্মাতে নামি অহা অমাৱস্যাই কি ৰূপ ধাৰণ কৰিব পাৰে ? সেই পুৰুষ জন যি জনে বহু চেষ্টা কৰিও সম্পৰ্কটোক ধৰি ৰাখিব নোৱাৰে তেওঁ জীৱনটো কিমান যন্ত্ৰণা দায়ক হ'ব পাৰে ? সম্পৰ্ক এটা শেষে জীৱনটো বিহময় কৰি তুলিব পাৰে । এটা সম্পৰ্কৰ লগত আন বহুতো মানুহ জৰিত হৈ থাকে , যদি বিচ্ছেদ হোৱা সম্পৰ্কত সন্তান থাকে তেন্তে ইয়াৰ বেছি প্ৰভাৱ পৰে সন্তানৰ ওপৰত , মাক দেউতাক দুয়োজন থাকে ঠিকেই কিন্তু সিহঁতে তেওঁলোকক কেতিয়াও একেলগে লগ নাপায় । সন্তানেও বিচাৰে মাক দেউতাকক একেলগ কৰিবলে কিন্তু সেইটো সম্ভপৰ হৈ নুঠে। বহু ক্ষেত্ৰত দেখা যায় মাক দেউতাকেও বিচাৰে নিজৰ সন্তানৰ লগত একেলগে থাকিবলে। কিন্তু সময়ৰ ওচৰত হাৰ মানি যাব লগা হয় তেওঁলোক ।
বিবাহ বিচ্ছেদ হ'লে বহুতে তেওঁলোকৰ চৰিত্ৰৰ ওপৰত আঙুলিয়াই , কেৱল চৰিত্ৰৰ বিসংগতি হ'লেই সম্পৰ্ক এটা শেষ নহয় । আন বহুতো কাৰণত থাকিব পাৰে এটা ভাল দৰে চলি থকা সম্পৰ্কৰ মাজত ফাঁট মেলাৰ ক্ষেত্ৰত । সেয়েহে কাৰোবাৰ চৰিত্ৰৰ কথা কোৱাৰ আগতে এবাৰ ভাৱি চোৱাতো ভাল ।
সম্পৰ্ক এটা ভালদৰে চলাই নিয়াৰ দায়িত্ব পতি-পত্নী দুয়োজনৰে থাকে । এজনে অকলে কেতিয়াও এটা সম্পৰ্ক দীৰ্ঘদিন ধৰি ৰাখিব নোৱাৰে , সম্পৰ্কৰ স্থায়িত্বতা নিৰ্ভৰ কৰে উভয় পক্ষৰ বিশ্বাস, বুজাবুজি, এৰা-ধাৰাৰ ওপৰত। বিশ্বাসৰ অবিহনে কোনো সম্পৰ্কই চিৰ স্থায়ী হ'ব নোৱাৰে। বিশ্বাস সম্পৰ্কৰ মূল ভেটী। মানুহ কোনো বেয়া নহয়। অথচ সকলোবোৰ ঠিকে থকাৰ পিছতো কিবা বিশেষ কাৰণত এটা সম্পৰ্ক অনাকাঙ্খিত ভাৱে শেষ কৰিব লগীয়া হয় । যাৰ ফলত সেই সম্পৰ্কৰ লগত বান্ধ খাই থকা সকলোৰে জীৱনলৈ নামি আহে অমানিশা।
বুজাবুজি, বিশ্বাসৰ অভাৱে সম্প্ৰতি সম্পৰ্কবোৰ একেবাৰে ঠুনুকা কৰি পেলাইছে ৷ দুই একৰ বাহিৰে চুই দিলেই ভাঙি যোৱা কাঁচৰ দৰে ফাঁট মেলা আজিৰ দিনৰ সম্পৰ্ক ৷ সময় আগুৱাইছে । কিন্তু সম্পৰ্কৰ পৰিসীমা ক্ৰমাৎ ঠেক হৈ আহিছে ৷ সম্পৰ্কৰ মাদকতাক উপলব্ধি কৰক, যুগমীয়া কৰক সম্পৰ্কবোৰ, এটা সৰু ভুল বুজাবুজিতে সম্পৰ্ক শেষ নকৰিব ৷ ভুল মানুহৰেই হয় ,
আৰু মানুহেই শুদ্ধ কৰে,
অকলে কৰাতকৈ লগে ভাগে উদযাপন কৰক জীৱনক… জীয়াই থাকে মানে.....
বিঃদ্ৰঃ --- গঢ় দিয়া সম্পৰ্ক এটা উপভোগ কৰক বসন্তৰ ৰং ঢালি।
দিম্পী শৰ্মা
পাঠশালা, বৰপেটা
পৃষ্ঠাঃ ১৩
গল্পঃ
স্বপ্নভঙ্গ
শিখামণি গগৈ
দুলীয়াজান
ভ্ৰাম্যঃ 9678488300
::আজিও জাতিলাওৰ জোল বনালি ককাইদেউ!
::ওঁ---
::আলু আৰু আছে নেকি জোলত?
::নাই।আলু এটাহে আছিল।সেইটোও এফাল গেলিল।
কাটি-কুটি যিকণ জোলত দিছিলোঁ সেইকেইটুকুৰা বিচাৰি তোকেই দিলোঁ।
:একেলেঠাৰিয়ে জাতিলাওৰ জোল খাই খাই আমনি লাগিছে ন ককাইদেউ? মাছ-পুঠি খোৱা বাদেই,দেখাই নোপোৱা হ'লো।
::হ'ব ,খাচোন তেনেকৈয়ে।
::কাইলৈ পাৰিলে বিলত মেটেকা ফুলকে অলপ বিচাৰি যাবিচোন ককাইদেউ।মই স্কুল গ'লে সেইবোৰ বিচাৰিবলৈ সময়ে নাপাওঁ।
::উস্ ভনী।তই ভাত খাওঁতে ইমান কথা কিয় কৱ অ'।চৰ্চৰণি খাবি।
ককায়েক অকণে জানে ,ভনীয়েকে শুদা ভাত খাই খাই আমনি পাইছে।দেউতাক নোহোৱা হোৱাৰ পিছতো মাকে আগতে সিহঁত হালক ঘৰৰ কুকুৰা কেইজনীয়ে পৰা কণী কেইটাৰেই ভাতৰ পাতত জুতি লগালৈ কিবা এখন ব্যঞ্জন বনাই দিছিল।কেতিয়াবা কণী বিক্ৰী কৰি চয়াবিনৰ পেকেট কিনি আনি তাইক আলুৰ লগত ভাজি আৰু এগৰাহ ভাতৰ লগত এটুকুৰা এটুকুৰাকৈ চয়াবিনবোৰ জুতি লগাই ভাতকেইটা খাবলৈ শিকাইছিল।মাক নোহোৱা হোৱাৰ পৰা সি ভনীয়েকৰ সেই কণমানি আশাখিনিও পূৰণ কৰিব নোৱাৰা হ'ল। বেয়া লাগে তাৰ। ভনীয়েকৰ এই অভাৱবোৰ পূৰণ কৰিবলৈ তাৰ হাতত যে একো উপায়ো নাই।ক'ৰ পৰা কেনেকৈ কি যোগাৰ কৰিব সি ! বৰদেউতাক - দদাইয়েক হঁতে মাহৰ মূৰত চাউল -দাইল-আলুৰ বজাৰ কৰি সিহঁত দুটাক মাহটোৰ কাৰণে দিয়ে।মাহৰ প্ৰথম দিনকেইটাত দুয়োটাৰে মন ভাল লাগে।দাইল-আলুৰে ধুনীয়াকৈ ভাত সাঁজ খাবলৈ পায়।
মাহৰ শেষলৈ অকণৰ দুখ লাগে। কাৰণ চাউল কেইটাৰ বাহিৰে সেই সময়ত সিহঁতৰ হাতত আৰু একো নৰয়গৈ। অৱশ্যে সি বৰদেউতাক, দদাইয়েকক আকৌ একো নকয়গৈ ।গাঁৱৰে ইঘৰ সিঘৰত সি ইখন-সিখন কামত সহায় কৰি দি লাজ-মান কাটি কৰি হ'লেও খুজি আনে শাক পাচলি দুই এপদ খুজি আনে।তাৰে থূপথূপীয়াকৈ জোল বনাই দাইল-ভাজি দুয়োটাৰে কাম চলাই দিয়ে ভাতসাঁজৰ লগত । আজিকালি গাঁওখনৰ মানুহবোৰৰ বাৰীত শাক-পাচলিও কৰিব নোৱাৰা হ'ল।বান্দৰে আহি গোটেইখন তহিলং কৰেহি। তথাপিও সৰু সুৰা কামৰ বিনিময়ত ইটো-সিটো পায় সি। সিদিনা গৰু কেইটা এৰাল দি দিয়াৰ বিনিময়ত গাওঁবুঢ়া ঘৰৰ পৰা দিয়া জাতিলাওটো সি আজিলৈকে এচিটা এচিটাকৈ কেইবাসাঁজো বনালে।আজি শেষ হ'ল।কাইলৈৰ কাৰণে ঘৰখনত চাউলখিনিৰ বাহিৰে একোৱেই নাই।
::মই খাই উঠিলোৱেই ককাইদেউ।তইচোন খোৱাই নাই।খা আক'--
::হুঁহ।ওঁ--
কথাবোৰ ভাবি থাকোঁতেই অকণৰ সনা ভাত খিনি সেৰেকাই হ'ল।কাঁহীখনৰ কাষতে থকা ভোটজলকীয়া ডোখৰ নিমখকণত আঙুলিটোৱে লগাই এচেলেক মাৰি সি জীয়াই থকাৰ সংগ্ৰামখনত জয়ী হ'বলৈ বুলিয়ে সেৰেকা হোৱা ভাত খিনি এগৰাহ এগৰাহকৈ নি মুখত গুজিলে।
::আজি কাঁহী-বাটিবোৰ মই ধুম ককাইদেউ।তই হাত ধুই ল যা?
::তই পাৰিবি?
::পাৰিম তো।বৰমাহঁতৰ ঘৰলৈ গ'লে কিমানবোৰ কাঁহী-বাটি ধুই থৈ আহোঁ।সিহঁতৰ পাকঘৰৰ বেচিনটোত টেপেৰে পানী অহা কৰি দিলে নহয়। বৰ ভাল লাগে কাঁহী-বাটি ধুই আৰু যে পতঞ্জলীৰ কাঁহী-বাটি ধোৱা চাবোন ডোখৰৰ--- গোন্ধটো বৰ ভাল লাগে মোৰ।আমাৰ ফুটছাই সোপাই ঘঁহিব লাগে কাৰণে মই ধুই বেয়া পাওঁ।
::হ'ব দে ।মইয়ে ধুম কাঁহী-বাটিখিনি।তই শুবলৈ বিচনা ঠিক কৰগৈ।
::নালাগে।আজিৰ পৰা মই ধুম।খুৰীদেউৱে আজি মোক গালি পাৰিছে।তোক সদায় সদায় কাঁহী-বাটি ধুবলৈ টিউবেললৈ যোৱা দেখি থাকে সিহঁতৰ পাকঘৰৰ পৰা।মই যে বৰমাহঁতৰ ঘৰত কাঁহী-বাটি ধুও সেইটোও খুৰীদেউৱে দেখিছে।সেইকাৰণে আজি মোক কৈছে---তই কাঁহী-বাটি কেইটা ধুই দি অকণক অকণমান সহায় কৰি দিব নোৱাৰনে বুলি। সি বেচেৰাটোৱে তই স্কুললৈ যোৱাৰ পিছতো গোটেই দিনটো ঘৰখনত কাম কৰি থাকে।
খুৰীদেউৰ কথাকেইষাৰ শুনি মই সেইকাৰণে ভাবিছোঁ আজিৰপৰা মই তোক সহায় কৰি দিম ।
ভনীয়েকৰ কথাকেইষাৰ শুনি অকণৰ ওঁঠত হাঁহি বিৰিঙি উঠে।
::ভনী--
::হুঁ--
::লেমটো আৰু অলপ কমাই দেচোন।ৰাতিপুৱালৈ কেৰাচিন গোটেইখিনি পুৰি শেষ হ'ব নহ'লে।ওপৰমুৱাকৈ চিন্তাক্লিষ্ট মুখায়ৱব লৈ পৰি থকা অকণৰ কথাষাৰ শুনি ভনীয়েকে হুমুনিয়াহ এটা কাঢ়ি আঁঠুৱাটোৰ ফাকেৰে হাতখন উলিয়াই লেমটো কমাই দিয়ে।কোঠাটো আন্ধাৰে আৱৰি ধৰিলে এক মুহূৰ্ততে।
::তই কাইলৈ ৰাতিপুৱা ভাতকেইটা নিজে পাতি স্কুললৈ খাই যাব পাৰিবি নে ভনী !
::কিয় ককাইদেউ ? তই কাইলৈ পুৱাই ক'ৰ'বালৈ যাবি নেকি? মই ভাত পাতি খাই যাব পাৰিম বাৰু।কিন্তু তই ক'লৈ যাবি?
::কাইলৈ গাওঁবুঢ়াৰ ঘৰত ন বোকা দিব।মোক মাতিছিল অকণমান সহায় কৰি দিবলৈ।সহায় কৰি দিলে কিবা এটা দিম বুলিও কৈছে।কিমান নো আৰু বৰ্তা ,দদাইদেউ হঁতে বজাৰ কৰি দিব বুলি মাহৰ মূৰলৈ বাট চাই ৰৈ থাকিম!নিজে কিবা এটা কৰিব মন গৈছে অ' মোৰ।
::হ'ব দে।শুই থাক এতিয়া।চৰুত ভাত আছে যদি মই সেইখিনিকে ৰাতিপুৱা নিমখ-মিঠাতেল অকণমান দি খাই যাম।মোৰ কথা ভাবিব নালাগে তই।
অকণে জানে ভনীয়েকে এইটো কথাত একেবাৰতে মান্তি হোৱাৰ আঁৰৰ ৰহস্য।বৰদেউতাক দদাইয়েকে মাহত এদিন বজাৰ কৰি দি আমনি নাপালেও বৰমাক খুৰীয়েকে যে অকণে খুঁটি খাব পৰা হৈছে বুলি মাহৰ বজাৰৰ বেগ দিওঁতে বৰদেউতাক দদায়েকক কথা শুনায় সেইকথা ভনীয়েকৰ কাণতো কেইবাদিনো পৰিছে।
::ভনী,
::হুঁ!!
::তই স্কুলত পঢ়াবোৰ ভালকৈ মন দিবি দেই।তই ভালকৈ পঢ়িলেহে মোৰ মনটো ভাল লাগে।
::উস্ ককাইদেউ।তোৰ আজি হৈছে কি হা ? শুই থাক।সোনকালে শুলেহে ৰাতিপুৱা গাঁওবুঢ়াৰ ঘৰলৈ সোনকালে যাব পাৰিবি।
আজিকালি অকণে পুৱাই কামলৈ ওলাই যায় । ভনীয়েকে ঘৰখনৰ কামবোৰ কৰি স্কুললৈ ওলাই যাব পৰা হৈছে ।
গধূলি কামৰ পৰা ভাগৰি-জুগৰি আহিলেও অকণে ৰাতিৰ ভাতসাঁজ ৰান্ধি ভনীয়েকক পঢ়িবলৈ সময় দিয়ে ।ভনীয়েকে পঢ়ি থকা দেখিলে তাৰ মনটো ভাল লাগে।তাইক লৈ আশাৰ গজালি মেলে তাৰ মনত। সপোনৰ কাৰেংঘৰ সাজে সি ভনীয়েকক লৈ।
গাঁওবুঢ়াই খেতি শেষ হোৱাৰ পিছত অকণক তেওঁলোকৰ সত্তৰ বিঘা মাটিৰ চাহবাগিছাখন চোৱাৰ দায়িত্ব দিলে।বাগিচাখন চাই দিয়াৰ বাবদ টকা-পইচা কেইটামানো অকণে বেছিকৈ পায়। বৰদেউতাক দদাইয়েকহঁতেও অলপ সকাহ পোৱা হ'ল ।আজিকালি মাহৰ মূৰত সিহঁতক বজাৰ কৰি দিব লগা নহয় ৷
লাহে লাহে সৰু-সুৰা অভাৱ বোৰ দূৰ হয় অকণ আৰু ভনীয়েকৰ। বৰষুণ দিলে ভিতৰত পানী পৰা ঘৰটো নতুনকৈ সজোৱা সপোন দেখে দুয়োয়ে।
অভাৱ বোৰ নোহোৱা হোৱাৰে পৰা সিহঁত দুয়োৰে জীৱন অতি ক্ষীপ্ৰতাৰে আগবাঢ়িব ধৰিছে।
আঘোণৰ শেষতে অকণে গাঁৱৰে থুলুক আৰু মিলনক মাতি আনি হাজিৰা দি সিহঁতৰ ঘৰটো বাঁহেৰে নতুনকৈ সজালে। গাঁৱৰে কাঠমিস্ত্ৰী বীৰেণক মাতি আনি ভনীয়েকৰ পঢ়া ৰুমৰ খিৰিকিখনো আটোম-টোকাৰিকৈ দিয়ালে সি। গোবৰ -মাটি এসোপা চোতালখনতে দম কৰি অকণে পানী দি কোৰ খনেৰে খচিছে । ভনীয়ে ককাইয়েকক সহায় কৰি দিবলৈ বুলি হাতেৰে খচিবলৈ লয় গোবৰ মাটিবোৰ।অকণে দবিয়াই উঠে তাইক।ভনীয়েকৰ তেজে ফুটো ফুটো কোমল হাতখন গোবৰ-মাটিবোৰে খানি বখলা-বখল কৰি শেষ কৰি দিব বুলি চুবলৈ নিদিয়ে সি তাইক । সি গাঁওবুঢ়াৰ ঘৰৰ চাহ বাগিচাত কাম কৰিবলৈ অহা তিনিজনীমানক ছোৱালীক দেওবাৰ এটাত মাতি আনি গোবৰ- মাটিবোৰে হাজিৰা দি ঘৰটো লেপায়ো ল'লে । ভনীয়েকৰ নিৰ্দেশতে আকৌ এলেপা দিয়াই ঘৰটো বেৰবোৰত ৰঙামাটিৰে।ঘৰটোৰ লেপাৰ শেষত ভনীয়েকৰ আব্দাৰত অকণে খিৰিকীখনত নীলা ৰং এটেমা আনি নিজেই সানি দিয়ে।থাকি যোৱা ৰং খিনি ভনীয়েকে কাষৰ বেৰ খনত ব্ৰাছডালেৰে সানি দিলে। ঘৰটো চোতালৰ পৰা চাই চাই ভনীয়েকে আনন্দত আত্মহাৰা হয়।অকণৰ মন ভৰি উঠে ভনীয়েকৰ আনন্দ দেখি।
আজি গাঁওবুঢ়াৰ পুতেক দিগন্তই দূগ দূগ দূগকৈ তাৰ ৰয়েল এনফিল্ড বুলেটখন আনি অকণহঁতৰ পদূলিৰ মুখত পুৱাতে ৰখালেহি অকণক বিচাৰি। ভনীয়েকে চোতালখন সাৰি বাঢ়নি ডাল বেৰত আউজাই থওঁতেই দিগন্ত আহি তাইৰ সন্মুখত থিয় হ'ল। অকণৰ ভনীয়েকৰ যৌৱনে দগ্মগাই থকা গাভৰু দেহটোত আজি প্ৰথম বাৰ চকু পৰিল দিগন্তৰ।দিগন্তৰ চকুৰ চাৱনিত ভনীয়েকো অপ্ৰস্তুত হ'ল ।
::অকণ ঘৰত নাই নেকি ভনী?এইকেইদিন আমাৰ ঘৰলৈ যোৱাই নাই যে?
এক কোমল কণ্ঠ নিগৰাই সুধিলে দিগন্তই।
::আছে দিগন্ত ককাইদেউ।ঘৰটোৰ কামত লাগি আছে যে সেইকাৰণে যাবলৈ সময় পোৱা নাই।আহক বহিব।মই তাক মাতি দিওঁ ।
দিগন্তই বুজে অকণৰ ব্যস্ততা।বাগানৰ শ্ৰমিকক কাক কিমান দিব লগা আছে টকাৰ হিচাপ-পত্ৰবোৰ নিবলৈকে আজি দিগন্ত সিহঁতৰ ঘৰলৈ আহিছে । দিগন্তৰ লগত দুই এটা কথা পাতি সি গ'ল গৈ।
অকণে পুনৰ গাঁওবুঢ়াৰ ঘৰৰ বাগিচাৰ কামত ব্যস্ত হৈ পৰিলে। ইফালে দিগন্তই বিভিন্ন অজুহাত দেখুৱাই সেইফালে আহোঁতে -যাওঁতে সিহঁতৰ ঘৰত এপাক সোমাই যায় । আজিকালি দিগন্ত আহিলে ভনীয়েকৰ মনটোও অলপ ভাল লাগে ।দিনটোত এবাৰ হ'লেও দিগন্তক দেখিলে তাইৰ মনটো ভাল লাগি থাকে ৷ৰাতি ককাইয়েকে ভাত খাওঁতে ,শুবলৈ যাওঁতে কোৱা গাঁওবুঢ়াৰ ঘৰৰ কথাৰ মাজত এষাৰ হ'লেও দিগন্তৰ কথা শুনিবলৈ তাই উদ্বাউল হৈ থাকে। ভনীয়েকৰ দিগন্তহঁতৰ ঘৰখনৰ প্ৰতি আকৰ্ষিত এই আচৰণ বোৰ অকণে লক্ষ্য কৰে।দিগন্তৰ চকুতো ভনীয়েকৰ প্ৰতি আকৰ্ষণ সি কেইবাদিনো দেখিবলৈ পাইছে।
গাঁওখনতো তাইৰ অতুলনীয় ৰূপ-লাৱণ্যৰ কথা ডেকা চামে মুক্তকণ্ঠে গুণানুকীৰ্তন কৰা সি নিজ কাণেৰে শুনিবলৈ পায়।সেয়েহে ইটো-সিটোকৈ তাক বিচাৰি সিহঁতৰ ঘৰলৈ অহা ল'ৰাবোৰক সি ভনীয়েকৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে।তাৰ ভয় লাগে ভনীয়েকৰ ৰূপ-গুণবোৰকলৈ আনে কৰা গুণানুকীৰ্তনবোৰলৈ ।দিগন্ত সঘনাই সিহঁতৰ ঘৰলৈ অহা কথাটোও সি বৰ ভাল নাপায়।সেয়েহে এদিন ভনীয়েকক ৰাতি শুবলৈ লওঁতে কৈ উঠিল--
::ভনী তোৰ মেট্ৰিক পৰীক্ষালৈ বেছি দিন নাই আৰু।পঢ়াবোৰ ভালকৈ কৰিছনে তই? চাবি পৰীক্ষাৰ ৰিজাল্ট কিন্তু ভাল হ'ব লাগিব।আন কথাবোৰত মন নিদিবি আক'।
::কৰিছোঁ ককাইদেউ।দিগন্ত ককাইদেউৱেও সেইদিনা মোক কেইবাটাও অংক শিকাই দিলে।বিজ্ঞানৰো প্ৰশ্ন উত্তৰবোৰ কিতাপ নোলোৱাকৈ সলসলীয়াকৈ কৈ দিব পাৰে তেওঁ।
::হয় নেকি।দিগন্তই তোক পঢ়া চাই দিছে নেকি?
::উম ককাইদেউ।দিগন্ত ককাইদেউৱে ভালকৈ পঢ়া ল'ৰা-ছোৱালীক বৰ ভাল পায় হেনো।
::হয় নে!পাবই দেচোন।নিজেও কিমান ভালকৈ মেট্ৰিক পাছ কৰি আমাৰ গাঁওখনলৈ সুনাম আনিছিল।
দিগন্তই ভনীয়েকক পঢ়া চাই দিয়া কথাটোত অকণৰ মনটো ভাল লাগি গ'ল।সিটো নিজে পঢ়া কথা একো নাজানেই।টিউচন এটাও ভনীয়েকে লোৱা নাই।দিগন্তৰ নিচিনা মেধাৱী ল'ৰা এটাই যে ভনীয়েকক সেইখিনি চাই দিছে ।ভাল কথা!ভাল কথা মানে বৰ ভাল কথা!তাৰ ভনীয়েকৰ প্ৰতি সেইবোৰ মতলব নাথাকিবও পাৰে!
::কি ভাবিছ নো ককাইদেউ?
::একো নাই অ'।দিগন্ত আহিলে কিতাপৰ নজনাবোৰ শিকি ল'বি ভনী।
::অঁ ককাইদেউ আৰু এটা কথা তোক ক'ম বুলি কোৱাই নাই নহয়।
::কি হ'ল ক চোন।
::দিগন্ত ককাইদেউৱে কৈছে চহৰৰ স্কুলত পৰীক্ষা দিবলৈ অহা-যোৱা কৰোঁতে মই তেওঁৰ লগতে অহা-যোৱা কৰিব পাৰিম হেনো। তেওঁ চহৰলৈ এনেয়েও গৈ থাকে যে।
::হয় নেকি।তই একো অসুবিধা নাপালে যাব পাৰিবি বাৰু ।
ভনীয়েকৰ মেট্ৰিকৰ ৰিজাল্টৰ দিনা অকণৰ চকুত আনন্দৰ চকু পানী ওলাইছিল মাক-দেউতাকলৈ বৰকৈ মনত পৰিছিল তাৰ । স্কুল খনৰ শিক্ষক-শিক্ষয়িত্ৰী গাঁৱৰ মানুহে সিহঁতৰ ঘৰ ভৰি পৰিছিল সিদিনা ।দিগন্তই হাঁহ-মাছ আনি গধূলি ভাতৰ আয়োজন কৰি দিছিল ।বৰমাক-খুৰীয়েকে ভাত ৰান্ধিছিল সেইদিনা সিহঁতৰ চৰুত।
এতিয়া ভনীয়েকৰ কলেজত পঢ়িবলৈ যোৱাৰ যো-জা চলিছে ।চহৰৰ কলেজৰ কাগজ -পত্ৰৰ কামবোৰ তাই দিগন্ত লগত গৈয়ে কৰি আহিছেগৈ। দিগন্তৰ বুলেটখনৰ পিছৰ ছিটটোত বহি তাই লক্ষ্য কৰে দিগন্তই গ্লাছখনত তাইকে চাই যায় আকুলতাৰে।তাইও গ্লাছত দিগন্তৰ চকুত চকু পৰি লাজত ৰঙা-চিঙা পৰে। শিহঁৰিত হৈ উঠে তাইৰ ভৰযৌৱনা দেহটো।
দিগন্তৰ প্ৰতি সৃষ্টি হোৱা ৰোমাঞ্চিত অনুভৱী মনটো লৈ তাই অন্যমনস্ক হৈ ঘৰখনৰ কামবোৰ সামৰে আজিকালি।
অনভূতি বোৰে ককাইয়েক অকণৰ কথাবোৰ শুনাত তাইক বাধা দিয়ে।
::কলেজলৈ কেতিয়াৰ পৰা যাব লাগিব ভনী?
::এক তাৰিখৰ পৰা।
::তই কলেজলৈ অহা-যোৱা কৰিবলৈ মই তোলৈ গাঁওবুঢ়াৰ ঘৰৰ অনুস্কাৰ আধা পুৰণি চাইকেল খন কিনি দিম বুলি ভাবিছোঁ।তাই স্কুটি এখন ল'লে।নতুন চাইকেল এখন তোক এতিয়াই কিনি দিব নোৱাৰোঁ মই।পিছত কিনি দিম।
::নালাগে ককাইদেউ।মই দিগন্ত ককাইদেউৰ লগতে কলেজলৈ অহা-যোৱা কৰিব পাৰিম।
::তই এইবোৰ কি কৈছ ভনী? সদায় সদায় তই কি দিগন্তৰ লগত কলেজলৈ অহা-যোৱা কৰিবি নেকি?এইকেইদিনতে গাঁৱত তোৰ আৰু দিগন্ত কথা লৈ গোটেইখন ৰৌজাল-বৌজাল হৈ আছে।সিদিনা বৰমা আৰু খুৰীদেউৱেও মোক মাতি নি কথাটো কৈছে।তই আৰু তাৰ বাইকৰ পিছত উঠি ঘূৰি নুফুৰিবি।মই কাইলৈ পইচা কেইটামান যোগাৰ কৰি তোলৈ চাইকেল খন আনি দিম। অকণে কথা কেইষাৰ ভনীয়েকক অলপ টানকৈয়ে ক'লে। ভনীয়েকে একো নেমাতিলে।
অকণৰ আজি আনন্দৰ সীমা নাই।গাঁওবুঢ়াৰ ঘৰৰ পৰা অনুস্কাই অলপদিন চলাই পেলাই থোৱা চাইকেল খন কিনি আনিছে ভনীয়েকলৈ।লগতে তিনিআলিত বহা বজাৰখনৰ পৰা কটা খাহিৰ মাংস আধা কেজিও লৈ আহিছে ভনীয়েকে খাই ভাল পায় কাৰণে ।আলু, পিয়াজ, মাংস-মচলা পেকেটৰ লগতে লং ইলাচিৰ পেকেট এটা ভাইটি দোকানত কিনি বেগটো সি চাইকেলখনৰ বাস্কেটটোতে ভৰাই ল'লে ।কোবা-কুবিকৈ ঘৰলৈ আহি চাইকেল খন জেওৰাতে আউজাই থৈ বাচকেটটোৰ পৰা বেগটো উলিয়াই সি ভনীয়েকক চিঞৰিলে । ভনীয়েক ওলাই নহা দেখি অকণে নিজেই জপাই থোৱা দুৱাৰখন খুলি সোমাই গ'ল ভিতৰলৈ।
আচৰিত!নাইচোন তাই ঘৰৰ ভিতৰত! ভনীয়েক আনদিনা এই সময়ত ক'লৈকো নাযায়।সি অহালৈ তাই বৰ আকুলতাৰে ৰৈ থাকে।আজিনো ক'ত গ'ল বাৰু তাই ? বৰদেউতাক দদাইয়েকৰ ঘৰতো খবৰ কৰিলেগৈ সি। নাই ভনী ক'তো নাই। নিৰাশ মনটো লৈ ঘৰলৈ আহি মুখ-হাত ধুই ধুই সি ভনীয়েক অহালৈ ক্ষণ গণিলে।পল পল কৈ সময়বোৰ পাৰ হ'ল । বাৰে বাৰে সি নঙলা মুখলৈ চালে। ভনীয়েক আহিয়েই চোতালত চাইকেল খন দেখিলে তাইৰ মনটো কিমান ভাল লাগিব। কথাটো ভাৱি সি প্ৰশান্তিৰ হাঁহি মাৰিলে। মুখ-হাত মচি ডিঙিতে লৈ থকা তিঁতা গামোচাখন মেলিবলৈ বুলি ভনীয়েকৰ টেবুলৰ ওপৰত থকা ৰচি ডাললৈ হাত মেলোঁতেই চকুত পৰিল তাৰ ভনীয়েকৰ পঢ়া টেবুলত থকা নীলা চিয়াঁহীৰে লিখা আখৰ কেইশাৰীৰ কাগজখনলৈ।
ককাইদেউ,
ক্ষমা কৰি দিবি।তোক আৰু কষ্ট নিদিওঁ বুলিয়েই মই এই সিদ্ধান্ত ল'লো। তই ইমানখিনিলৈকে কষ্ট কৰি মোক পঢ়ালি। দিগন্ত ককাইদেউৱে পিছৰখিনি মোক পঢ়াম বুলি কথা দিছে।মই তেওঁৰ লগত গুচি আহিলোঁ। তই চিন্তা নকৰিবি। তোৰ খোৱা-বোৱাৰ ভালকৈ যত্ন ল'বি। চাইকেলখন তইয়ে কামলৈ অহা-যোৱা কৰোঁতে চলাবি। মা-দেউতা নোহোৱা হোৱাৰ পিছত তইয়ে মোক----
আৰু বহুত কিবাকিবি লিখিছে ভনীয়েকে তালৈ।তাৰ ধূসৰ চকুযোৰে আখৰবোৰ নেদেখা হৈ আহিল।বুকুখন তীব্ৰ জোৰেৰে ছাটি-ফুটি কৰিবলৈ ধৰিলে ৷ ভনীয়েক নোহোৱা ঘৰখনত তাৰ নতুনকৈ আশাৰ গজালি মেলা কুঁহিপাত দুখিলা মৰহি ক্ষণিকতে শুকাই গ'ল। তাৰ বাহিৰে কোনো নোহোৱা ঘৰখনত সি হিয়া ঢাকুৰি কান্দিছে। স্বপ্নভঙ্গ দুচকুৰে আজি যেন পাৰ ভাঙি বব বাৰিষা নদীৰ ঢল।।
পৃষ্ঠাঃ ১৪
গল্পঃ
লকডাউন বুলিয়েই
নিৰুপমা ডেকা
বোকাখাত
দূৰভাষঃ ৯৮৫৯৯৩৮৪১০
বিৰাজ চৌধুৰীয়ে এইকেইদিন এটা কথাকেই জুকিয়াই আছে , এইকেইদিন ফেচবুক বা আন আন সকলো মাধ্যমতে এষাৰ কথাই জিলিকি থাকে, সেয়া হ’ল ' লকডাউন বুলিয়েই অমুক কৰিলোঁ, তমুক কৰিলোঁ ৷ ' হেৰ’ ইমান দিনে কি ৰাইজে এইবোৰ কাম কৰাই নাছিল নে কোনোদিনে ? ঘৰৰ চাৰিওপিনে জেওৰা - জপনা দিয়া, ঘৰৰ কাষৰ খালি ঠাইকণত সাধ্যানুসৰি অলপ শাক-পাচলি কৰিবলৈ লকডাউনতহে সময় মিলিল নে ? অফিচ , স্কুল, কলেজ কৰিও চোন আগৰ মানুহবোৰে এইবোৰ পুৱা- গধূলি আৰু বন্ধৰ বাৰ মিলাই সদায়ে কৰি গৈছিল ৷ এতিয়া ম'বাইল , কম্পিউটাৰৰ লগত আৰু আধুনিক জীৱন শৈলীৰ লগত খাপ খোৱা কামবোৰ কৰিব যাওঁতে মানুহৰ নিজৰ সুন্দৰ কৰ্মসংস্কৃতি লোপ পাই গৈছে ৷ এইবোৰ কৰিলে অন্ততঃ নিৰ্ভেজাল শাক-পাচলি অকণেই খাবলে পালেহেঁতেন ৰাইজে ৷ নাই নকৰে এইবোৰ। আজিকালি ৰান্ধনীহঁতৰো সেই একেই ৷ এই কেইদিনমানহে দোকান বন্ধ বাবে বিধে বিধে ঘৰত সিজিছে , নহ’লে ফাষ্টফুড , ৰেষ্টুৰেণ্টত অধিক সময় কটাই সপ্তাহটোৰ ৷ এই সংকট গ’লে আকৌ অমানুহৰ ৰূপ ল’ব মানুহ হ’ব ধৰা মানুহবোৰে ৷ এইবোৰ ক’লে আকৌ তেওঁলোকৰ দৰে বয়সীয়াল সকল সময়ৰ লগত মিলিব নজনা জাতটোতহে হৈ পৰিব ৷ গতিকে মনৰ ভাৱ মনতে ৰাখি থৈ দিয়ে আৰু ৷ কৈ কটা যোৱাতকৈ নকৈ বঁটা লোৱাটোহে আজিৰ সমাজত উধাবলৈ জনা ৷
সিদিনা এইবোৰকে ভাৱি গুণি সন্ধিয়াৰ চাহ কাপ খাই উঠি সৰু পুত্ৰ নয়নক বাৰাণ্ডাত আহি বহা দেখি ক’লে - “ এই যে এইকেইদিন পুৱাই উঠি খোজকাঢ়িবৈ লৈছ আৰু আহি যে মোৰ বাগানখনতে অলপ খুচৰিবলৈ লৈছ , মাৰক পাগঘৰত সহায় কৰিবলৈ লৈছ ,এই অভ্যাসটো নেৰিবি বুজিছ ৷ কভিড 19 য়ে দিয়া এই ভাল অভ্যাসবোৰ আগলৈ জীৱনত প্ৰয়োগ কৰি যাবি বুজিছ ৷ মন আৰু শৰীৰ এনবোৰে আৰু ভাল কৰি ৰাখে। আমাক দেখিছ নে , কিমান প্ৰসন্নতাৰে জীৱনক উদযাপন কৰি যাওঁ সকলো সমস্যা নেওচি ৷ ”
নয়নে দেউতাকৰ কথাখিনি মূৰ দুপীয়াই শলাগি থ’লে ৷ সি যেন সেই সময়ত অন্যমনস্ক হৈ আছিল , সেই কথা ৭০ বছৰীয়া দেউতাকৰ অভিজ্ঞ চকুৰ পৰা সাৰি যোৱা নাছিল ৷ তেওঁ বৰ মৰমেৰে নয়নক মাতি সুধিলে --
“ বাবা ইমান অন্যমনস্ক হৈ কি ভাবিছ নো ? ”
“ নাই , নাই দেউতা , একো নাই ৷ আচলতে ঘৰতে সোমাই থাকি থাকি হতাশা আহিবলৈ লৈছে আৰু ৷ কামবোৰো পৰি ৰৈছে আৰু অলপ দিন এনেকৈ হ’লে মোৰ কৰ্মচাৰীবোৰকো দৰ্মহা দিয়াৰ সামৰ্থ হেৰুৱাম ৷ এইবোৰেই ভাবি আছোঁ ৷ আৰু এটা কথা আপোনালোকৰ দৰে আমি যে ঘৰত থাকি আনন্দ ল'বলৈ নিশিকিলোঁ এই কেইদিন তাৰ শাস্তিও পাইছোঁ ৷” নয়নে দেউতাকৰ চকুত ধৰাপৰাৰ ভয়ত অলপ হঁহাৰ চেষ্টা কৰি খৰখেদাকৈ উত্তৰটো দিলে। তাৰ পিছতেই দেউতাকৰ কাষৰ পৰা উঠি নিজৰ কোঠাত সোমাল গৈ ৷ কিন্তু তাৰ মনত এই কথা যে চলি থকা নাই সেয়া বিৰাজ চৌধুৰীয়ে ভালদৰে জানে ৷ তাৰ মনত আজি কিছুদিনৰ পৰা যে অইন কিবা এটাই হেচি ধৰি আছে সেয়া চৌধুৰীয়ে এশ শতাংশই ধৰিব পাৰিছে ৷ এই অন্যমনস্কতাই যেদি কিবা এটা প্ৰাপ্তিৰ দিশে ধাবমান হৈছে ৷ হওক তেও ৷ যদি সেয়া হয় তেন্তে তেওঁতকৈ সুখী কোন হ’ব বাৰু !
বিৰাজ চৌধুৰীৰ চাৰিটা সন্তানৰ নয়নৰ তলৰজনী ছোৱালী আৰু ওপৰৰ দুটা ল’ৰা ৷ ডাঙৰ ল’ৰা দুটাই বিয়া কৰাই শহুৰেকহঁতৰ চহৰতে মাটি কিনি ঘৰ দুৱাৰ কৰি লৈছে ৷ বিৰাজ চৌধুৰীৰ ভাষাত এইবোৰ তিৰোতাৰ গোলাম ৷ ঘৰ বুলি বা দায়িত্ব বুলি উৎসৱ পাৰ্বনত আলহীৰ দৰে একোপাক আহিয়েই দায়িত্ব সামৰা ল’ৰা দুটাক তেওঁলোকে সংস্কাৰ দিব নোৱাৰিলে, নে.. বোৱাৰী কৰি অনা দুজনীৰ ঘৰদুখন সংস্কাৰহীন সেই কথা আজিও পত্নী নিৰ্মলাৰ লগত পাতি ঠিৰাংকৈ ক’ব পৰা নাই ৷ ছোৱালীক অৱশ্যে তেওঁলোকে দিয়া সংস্কাৰে শহুৰৰ ঘৰত সুন্দৰকৈ চলিবলৈ শিকা বোৱাৰী বুলি সকলোৱে বখানে ৷ তাতেই তৃপ্ত তেওঁলোকৰ ৷ থাকি গ’ল নয়ন ৷ বৃহৎ ব্যৱসায় , সামাজিক প্ৰতিপত্তি , মাক-বাপেকৰ প্ৰতি কৰণীয় সকলো সুন্দৰ ভাৱে পৰিচালনাৰে সমাজত নিজৰ এক সুকীয়া পৰিচয় গঢ়া ল’ৰাটোৰ চল্লিছ বছৰ অতিক্ৰম কৰা জীৱনটোত আজিলৈকে অভাৱ মাত্ৰ এগৰাকী অৰ্ধাংগিনীৰ ৷ কিয় সি কাকো নিষ্ঠাৰে আপোন কৰিব পৰা নাই , সেইটো এটা সকলোৰে মনৰ প্ৰশ্ন ৷ ছোৱালী যাচি দিবলৈও বহুজন আহিছে আগুৱাই ৷ বৌৱেক দুজনীয়েও নিজৰ নিজৰ দূৰ সম্পৰ্কীয় ভনীয়েকহঁতক দিবলৈ মাজে মাজে হেতাওপৰা লগাই প্ৰচেষ্টা চলাই থাকে , কিন্তু তাৰ এই দিশত উদাসীনতাই সকলোকে মুখ বন্ধ কৰি ৰাখিবলৈ বাধ্য কৰে ৷
বিৰাজ চৌধুৰীয়ে নয়নক আন সকলোতকৈ বেছি বুজে ৷ সি নিজৰ বুদ্ধিমত্তা আৰু জ্ঞান গৰিমাৰে উজলি উঠা ল’ৰা , জীৱনত বিয়া একো এনে জৰুৰী বস্তু নহয় যিটো নহ’লে মানুহ উদাসীন হৈ পৰিব পাৰে ৷ তেওঁ পত্নী নিৰ্মলাকো তাকেই বুজাবলৈ যত্ন কৰে ৷ তাৰ মতেই সি চলক ৷ এৰি দিয়া বুলি কয়। কিন্তু মাক নিৰ্মলাই কয় যে জীৱনৰ এনে কিছু সংপৃক্ত কাৰণ এজন মানুহৰ লগত যোগ হৈ থাকে যাৰ বাবে প্ৰয়োজন হয় বিবাহৰ দৰে এটা স্বীকৃত সম্পৰ্ক ৷ সি উপলব্ধি কৰা নাই এই কাৰণবোৰ ৷ ইয়াতকৈ পিছত যদি সেই উপলব্ধি হয় , তেতিয়ালৈ কিন্তু বেছি দেৰি হৈ যাব ৷ এৰা নিৰ্মলাৰ কথাটোও এশ শতাংশই শুদ্ধ ৷ এই কথাৰ উপলব্ধি অৱসৰৰ জীৱন কটাবলৈ লোৱাৰ পৰা তেওঁ বেছিকৈ বুজিছে ৷ এই দিনবোৰত নিৰ্মলা নহ’লে তেওঁৰ জীৱন কি দুৰ্বিষহ হ’লহেঁতেন ৷ নিৰ্মলাৰ কথা সুকীয়া অলপ ৷ স্ত্ৰী জাতিৰ সহজাত প্ৰকৃতিৰে তেওঁ ঘৰখনৰ প্ৰতিটো বস্তুৰ প্ৰতি ইমানেই দায়িত্বশীল যে সেইবোৰৰ আপদাৰতে সন্তান আবদাৰ কৰাৰ দৰে সময় পাৰ কৰে ৷ তথাপি কয় আপুনি আছে বাবেই জীৱন সুন্দৰ হৈ আছে জানে ৷ অকলশৰীয়া হোৱাৰ কথাই ভয় খুৱাই দিয়ে সকলোকে এটা বয়সত ৷ তেন্তে সেই বয়সটোত বাবাৰ সঙ্গী কোন হ’ব কওকচোন বুলি মাজে মাজে নিৰ্মলা উচুপি উঠে ৷ বিৰাজ চৌধুৰীৱেও বুজে , কাৰণ পুৰুষৰ নাৰীৰ সমান যিকোনো কথাকেই আকোঁৱালী জীৱন পাৰ কৰাৰ ক্ষমতা নাই প্ৰকৃতিগত ভাবেই ৷ পুৰুষবোৰ উৰণীয়া ভ্ৰমৰ সদৃশ ৷ একে ঠাইতে মন লগাই জীৱন অতিবাহিত কৰিব নোৱাৰে ৷ বাস্তৱিকতে নয়নৰ অন্তৰখন দৰদী , প্ৰেম পূৰ্ণ , বহু দুখীয়াৰ অন্নদাতা , শিক্ষাদাতা সি ৷ তেন্তে সি কিয় কাৰোঁ ওচৰত সঁচা অন্তৰ বিচাৰি নাপায় ৷ নে তাৰ প্ৰেমিক মনটোতে কিবা খুত আছে যাৰ বাবে সি প্ৰেম হেৰুৱাই সৰ্বস্বান্ত হৈ পৰিছে ৷ তাৰ ফালৰ পৰা সি নেহা যোৱাৰ পিছতো আনৰ ওচৰত প্ৰেম পাবলৈ চেষ্টা নকৰা নহয় , কিন্তু সি নিজেইচোন ধৰি ৰখাৰ ইচ্ছা হেৰুৱাই পেলাই বাৰে বাৰে ৷ যৌৱনে তাক দিয়া প্ৰেমৰ তিক্ততাই নেকি বাৰু ইয়াৰ কাৰণ ! তাই কৰা অপমানক জয় কৰিবলৈ সি টকাৰ পাহাৰ গঢ়ি পেলালে ৷ অথচ সি যেন জিকিব পৰাই নাই নিজৰ নজৰত ৷ বাৰে বাৰে যেন তাক তাইৰ সেই কথাই আঘাত কৰে ৷ সাত বছৰৰ প্ৰেমক ভৰিৰে মোহাৰি তাই কৈ গ’ল তাৰ অনুপযুক্ততাৰ কাৰণ আৰু সেই কাৰণক খণ্ডাবলৈ সি বলিয়াৰ দৰে কেৱল টকাৰ পিছত দৌৰি আছে। সি আছিল চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ল’ৰা আৰু তাই সেই অফিচৰে মুৰব্বী অফিচাৰৰ ছোৱালী ৷ একেটা কেম্পাচতে ডাঙৰ হোৱা ৷ কিন্তু তাৰ অভাৱ আৰু শিক্ষা তাই দেখিলে, যেতিয়া তেল নিগমৰ ডাঙৰ বিষয়াৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিল তেতিয়া ৷ তাই তাৰ অৱস্থাক জগৰীয়া কৰি হেলাৰঙে বিয়া হৈ গুচি গ’ল ৷ নয়নৰ ঘৰখনে তাৰ আত্মহত্যাৰ প্ৰচেষ্টাক এমাহ পহৰা দি দি কোনো মতে বিফল কৰিলে আৰু দেউতাকে বন্ধুৰ দৰে নিজৰ সকলো জমা টকা আৰু ঋণেৰে তাৰ ব্যৱসায় আৰম্ভ কৰি তাক জয় হোৱাৰ পথ নিৰ্মাণত সহায়ক কৰি দিলে ৷ পোন্ধৰ বছৰৰ অন্তত এয়া এতিয়াৰ সময় ৷তাই দুটা সন্তান আৰু স্বামীৰ লগত সংসাৰৰ মাদকতা লৈ সুখৰ জীৱন গঢ়ি লৈছে আৰু নয়নে এটা মহাশূন্যৰ অন্ধকাৰ লৈ পোহৰৰ সন্ধানত আজিও বাট বুলি আছে ৷
এই কথাখিনি কেবাদিনো দেউতাকে তাক বুজাবলৈ যত্ন কৰিছে , সি এই কথাটোত গুৰুত্ব দিবই নোখোজে ৷ মাকে মাইকী মানুহৰ সহজাত প্ৰবৃত্তিৰে আৰু মাতৃত্বৰ অধিকাৰেৰে তাৰ লগত এই কথা লৈ খকাখুন্দা লাগেও আৰু মাজে মাজে তাৰ সন্মুখতে কান্দেও ৷ তেওঁৰ চিন্তা তেওঁলোক দুটা নাথাকিলে তাৰ আপোন কোন হ’ব এই পৃথিৱীত ৷ তেওঁলোকৰ বাদে পৰিয়ালৰ বাকীবোৰ নিজৰ নিজৰ জীৱনকলৈ ব্যস্ত ৷ তাৰ বাবে সময় দিবলৈ কাৰো হাতত সময় নাই , হয়তো শেষ বয়সত তাৰ সম্পত্তিৰ আশাত কোনোবা চাপি আহিব আপোন হ’বলৈ ৷ এই কথাই আৰু কষ্ট দিয়ে নিৰ্মলাক ৷ কাৰ বাবে সি ইমান যুঁজিলে জীৱনত , কি পালে সি তাৰ দুহাতত ? কিন্তু মানুহে এই সুবিধা নিদিলেও বা নয়নৰ মনে এই সুবিধা নল’লেও পৰিস্থিতিয়ে কিন্তু তাক তাৰ জীৱন সম্পৰ্কে ভাবিবলৈ এক সুৱৰ্ণ সময় দিলে ৷ একৈছ দিনৰ দীঘলীয়া তলাবন্ধৰ বাবে নয়নে নিজৰ জীৱন সম্পৰ্কে চিন্তা কৰিবলৈ অৱকাশ পালে ৷ এতিয়াহে যেন তাক জীৱনৰ বাস্তৱিকতাই ভাবুক কৰি তুলিছে ৷ জীৱনক কেৱল টকাৰ দৌৰত উটুৱাই দিলে একো নাথাকে , বাদ - বিবাদ নহয় , জেদত নহয় , জীৱনক হাঁহিৰ বন্যাত ডুবাই ৰখাৰ অহৰহ চেষ্টাইহে অৰ্থবহ কৰে ৷ নিজে দুখী হৈ আনক সুখী কৰাৰ অৰ্থ জীৱন নহয় ৷ নিজক সুখী কৰি আনৰ জীৱনত সুখৰ কণা চতিয়াই দিয়াতহে জীৱনৰ অৰ্থ থাকে ৷ সি যেন এই সময়কণতে বুজি উঠিলে তাৰ ভুল জীৱন বিশ্লেষণ ৷ এটা কেন্দ্ৰত জীৱনে স্থিৰ হৈ নৰয় ৷ গতিৰ সূত্ৰৰে জীৱনে কেন্দ্ৰ গঢ়ে আৰু পুনৰ সলাই নতুন কেন্দ্ৰ সৃষ্টি কৰে ৷ বিৰাজ চৌধুৰীয়ে ভাবি ল’লে এইবাৰ হয়তো সি জীৱনক নতুনকৈ চাবলৈ আৰম্ভ কৰিছে বাবেই এনেদৰে অন্যমনস্ক হৈ পৰিছে ৷ তাৰ এই চিন্তিত আৰু দৃঢ় ৰূপ আগতে তেওঁ দেখা নাই ৷ তেওঁ ৰাতি খোৱা টেবুলত কথাটো উলিয়াই ইয়াৰ সমিধান উলিয়াব লাগিব বুলি সিদিনা এটা দৃঢ় সিদ্ধান্ত লৈ ল’লে ৷
ৰাতি ৯-৩০ বজাত সিহঁতৰ ভাত খোৱা সময় ৷ দেউতাকে কথাটো ক’ৰ পৰা আৰম্ভ কৰিব ভাবি থাকোঁতে নয়নে লাহেকৈ ক’বলৈ আৰম্ভ কৰিলে -
“দেউতা , মা , মোৰ অলপ কথা আছিল , মানে মোৰ সিদ্ধান্ত এটা জনাবলৈ আছিল তোমালোকক ৷ ইতিমধ্যে বয়সে মোক এই কথাটোৰ পৰা আঁতৰাই আনিছিল আৰু মনো নাছিল বিয়াৰ দৰে সম্বন্ধ এটাৰ প্ৰতি ৷ কিন্তু লকডাউনৰ এই দিন কেইটাত অভাৱগ্ৰস্ত পৰিয়ালত খাদ্য বিতৰণৰ বাবে যাওঁতে জীৱনত এটা মেজিক হৈ গ’ল ৷ এজনী অসাধাৰণ ছোৱালী লগ পালোঁ মই ৷ একেবাৰতে মন জিনি লোৱা স্পষ্টতা , যুক্তিৰে সম্পূৰ্ণা এগৰাকী ছোৱালী ৷ মোৰ দৰে তাইৰো হেনো বিয়াৰ কথা ভাবিবলৈ সময় আৰু সুবিধা নহ’ল ৷ অৱশ্যে তাইৰ প্ৰেম কৰিবলৈ সময়ৰ অভাৱ হ’লহেনো ৷ তাই ডিগ্ৰী পঢ়ি থাকোঁতে দেউতাকৰ কেন্সাৰ ধৰা পৰিল প্ৰাথমিক স্তৰত ৷ দেউতাকৰ প্ৰাইভেট চাকৰিটো কোনোমতে নিজৰ কৰি লৈ দেউতাক মাকৰ বাবে সময় আৰু সামৰ্থ লগাই দেউতাকক আজিলৈকে জীয়াই ৰখাৰ সংগ্ৰাম কৰি আছে ৷ এইকেইদিন তাই নিজৰ বিষয়ে বাদ পৰি যোৱা কথাটো ভাবিবলৈ লৈছে হেনো ৷ কথাটো তাই ইমানেই সহজ ভাবে ক’লে যে মোৰ সংকোচিত হৈ ঠাহ খাই থকা মনটোৰ দুৱাখনো একে কোবে খোল খাই গ’ল ৷ মই তাইৰ ফোন নম্বৰটো লৈ আহিলোঁ ৷
মাকে তাৰ কথাত উৎসাহিত হৈ মাজতে হাঁহি মাৰি কৈ উঠিল --
“ আয়ৈ দেহি , জীৱনত এইটো এটা ভাল কাম কৰিলি দে বাবা , ফোন নম্বৰটো যে আনিলি ৷ পিছে ফোন কৰাৰ মনোবল গোটালি নে নাই ?”
বিৰাজ চৌধুৰীয়ে মাকক ৰখাই ক’লে -
“ তাক ক’বলৈ দিয়াচোন , ইমানদিন ধৈৰ্য্য ধৰিলা যেতিয়া আৰু অলপ সময় ধৰিব পাৰিবা নহয় ৷” ।
চৌধুৰীৰ মনটো যেন ফৰকাল হৈ পৰিছিল এক আশাৰ ৰেঙণিত ৷
নয়নে অলপ লাজ লাজ কৈ ক’লে --
“ অ মা এইবাৰ কামত লগাইছোঁ নম্বৰটো ৷ লকডাউনৰ অফুৰন্ত সময়খিনিত তাইৰ পিছতেই মনটো লগাই থৈছিলোঁ ৷ মোক বুজাৰ সময় দিছিলোঁ , তাইক বুজিবলৈ সময় লৈছিলোঁ আৰু আজি পুৱাই দুয়ো এটা সিদ্ধান্তত উপনীত হ’লোঁ ৷ জীৱন যদি এই মহামাৰীত অন্তও হয় আমাৰ আৰু দুখ নাথাকিব , যদিহে আমি দুই এদিনতে বিয়াখন পাতি পেলাওঁ ৷ তাইৰ মাক-দেউতাক , তোমালোক দুয়োকো এই কথাই সুখ দিব পাৰিব ৷ নহয় জানো ? আমাৰ জীৱনত তোমালোকতকৈ মহত্ত্ব ৰখা মানুহ আৰু কোনো নাই জানাই ৷ তোমালোকে কি কোৱা ? ”
বিৰাজ চৌধুৰী আৰু নিৰ্মলাৰ এক সুখৰ হাঁহিৰে চকু চলচলীয়া হৈ পৰিল আৰু মূৰ জোকাৰি দুয়ো একেলগে সন্মতি দিলে ৷ চৌধুৰীয়ে নিজৰ সুখক চম্ভালি হাঁহি হাঁহি ক’লে -
“ আমি আৰু কি ক’ম , লকডাউন বুলিয়েই বয়সে ভাটি দিয়া ল’ৰাৰ বিয়াখনকে পাতি দিলোঁ বুলি ফেচবুকত আপডেট এটা দি সকলোকে খবৰটো দি দিম আৰু ৷”
শূন্য ঘৰখনত তিনিটা সুখী ফৰকাল মনৰ হাঁহিয়ে লহৰ তুলি গ’ল ৷ নয়নৰ শুকাই যাব ধৰা মনটো লকডাউনত প্ৰকৃতিয়ে পোৱা সজীৱতাৰ দৰে সেউজ আৰু সুন্দৰ হৈ পৰিল ৷ সিওঁ মনতে ভাবিলে
" এৰা , লকডাউন বুলিয়েই তাৰ জীৱনলৈ সেউজীয়া বৰষুণ জাক নমাৰ সুযোগ এটা আহিল ৷ "
পৃষ্ঠাঃ ১৫
নীলা খামৰ চিঠিঃ
মৰমৰ পাখি,
বহুত দিনৰ পৰা হিয়াৰ নিভৃত কোণত সাঁচি ৰখা অনুৰাগবোৰ তোমাক দিবলৈ মই অপেক্ষাৰত৷ মই জানো যে মই অপহুতা অচিনাকিজন৷ তথাপিও কিয় জানো তোমাৰ হৃদয় পাৰাবাৰত মোৰ পালহীন জাহাজত উঠি ভ্ৰমি ফুৰাৰ বৰ মন৷ অৱশ্যে মই এতিয়াও আগীয়াঠুঁটিতে স্তব্ধ হৈ আছোঁ৷ সংশয় আৰু সংকোচৰ লিকটা পঙ্কই উপগমনৰ পথত হিমালয়সদৃশ বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে৷ তথাপিও তাৰ মাজেৰে ক্ষনিক আশাৰ এচেৰেঙা আভা আহি মোৰ অক্ষি যুগলত থিতাপি লৈছেহি৷ মই জানো সেয়া তোমাৰ অমিশ্ৰ দেদীপ্যমান মনোজ্ঞ ৰূপৰ জিলিঙনি৷ মই ক্ৰান্তদৰ্শী নহয় যদিও ঠিক ধৰিব পাৰোঁ, তোমাৰ ৰূপ-লাৱণ্যৰ সেই বহ্নিত জাহ যাবলৈ ক্ৰন্দসীত লোকৰ অভাৱ নহ’ব৷ দেৱগণো চাগৈ তোমাৰ বহনা হ’বলৈ অভেদ্য বৰ্মধাৰী হৈ সংগ্ৰামৰত৷ কাৰণ ত্ৰিলোকত তোমাৰ দৰে কৃশাঙ্গী যে বাৰুকৈয়ে দুৰ্লভ৷ এই সংগ্ৰামত ভাগ লোৱা মইও এক শীৰ্ণ কিন্তু দুৰ্দমনীয় যোদ্ধা৷
শৰতৰ শৰ্বৰীৰ পূৰ্ণ শশধৰৰ দৰে তোমাৰ মুখনিৰ সেই ডালিমগুটীয়া দন্ত দুপাৰিৰ অভ্ৰৰ দৰে জিলিঙনিতেই মই শৰবিদ্ধ হৈ পৰি গ’লো তোমাৰ প্ৰেমত৷ তোমাৰ সেই সুতীক্ষ্ণ নাক, আয়তাকাৰ নেত্ৰ আৰু ধেনুভিৰীয়া ভ্ৰু যুগল, গুলপীয়া অধৰে মাজে মাজে সেমেকাই ৰখা নলিনীৰ কলিৰ দৰে অধৰ যুগল সঁচাকৈয়ে তুলনাহীন৷ গহীন ৰাতিৰ ঘোৰ আন্ধাৰৰ দৰে তোমাৰ কেশবিন্যাস, তালৈ গৈ যেন মই সদায় বাট হেৰাম৷ ঘুৰি ফুৰিম অঘৰী হৈ, সোমাই যাম আৰু গভীৰলৈ৷ শুভ্ৰ, মসৃণ ছালে আৱৰা তোমাৰ সৰ্বশৰীৰ বিভাবসুৰ দৰে জিলমিলাই থাকে সৰ্বক্ষণ৷ দ্বিৰদৰ শুৰৰ দৰে দুই হাত আৰু লাহি আঙুলিৰ শোভাৰ বৰ্ণনা কৰিবলৈ শব্দৰেই নাটনি হয়৷ ৰাজহংস যেন তোমাৰ গ্ৰীৱা৷ গ্ৰীৱাৰ পাদদেশতে আছে সেই অৰ্ধ গোলাকাৰ দুই সুউচ্চ পাহাৰ৷ বগাই চাবলৈ মন যায়, মোৰ অধৰে চুমি চাব খোজে সেই পাহাৰদ্বয়ৰ দুটি দুৰ্লঙ্ঘ্য শৃঙ্গ৷ আশীৰিষ দৰে লাহি কঁকালৰ পৰা প্ৰতিফলিত প্ৰভাত মোৰ নয়ন যুগল টল্বলাই উঠে, হঠাতে সঞ্চাৰিত হোৱা বিজুলী চমকনি যেন৷ সুবলিত তোমাৰ দুটি নিতম্বক আকোৱালমাৰি ধৰিব খোজে মোৰ দুবাহুৱে৷ আৰু আকোঁৱালি ল’ব খোজোঁ তোমাৰ চাবুকৰ দৰে নমনীয় নৰম ভৰি দুটি৷ এইয়া কল্পনাহে মাত্ৰ৷ তোমাক প্ৰাপ্ত কৰিব খোজা এই কল্পনাই মোক কৰি তোলে ভিতৰে-বাহিৰে উদ্দাম, উদ্দীপিত, উন্মাদিত৷
মোৰ কলম নিৰ্গত প্ৰতিটো শব্দ তোমাৰ দৈহিক কান্তিৰ এক পুৰঠ অভিব্যঞ্জনাহে,অতিৰঞ্জিত ব্যঞ্জনা কোনোপধ্যে নহয়৷ কামাৰ্ত বুলি নাভাবিবা, কামাগ্নিয়ে দহি যোৱা নাই মোক৷ তোমাৰ প্ৰেমাগ্নিয়েহে মোক কাতৰ কৰি তুলিছে৷ কাতৰ যদিও দিকভ্ৰান্ত হোৱা নাই৷ তোমাৰ একমাত্ৰ বল্লভ হোৱাৰ একান্ত উদ্দিষ্টই মোক সবল কৰি তুলিছে৷ তোমাৰ দৰে কামিনীক নিজৰ কান্তা কৰা বাসনাই কৰি তুলিছে মোক স্থিতপ্ৰজ্ঞ৷ আশা কৰিছোঁ মোৰ আশাবোৰক তুমি তোমাৰ ভালপোৱাৰ তুলাচনীখনত জোখ কৰি চাবা৷ ভৰ বেছি যদি দেখা, তেতিয়াহ’লে মোৰ অনুৰাগক যেন মান্যতা প্ৰদান কৰা৷ তেতিয়াহে আগীয়াঠুঁটিতে স্তব্ধ হৈ থকা মোৰ জাহাজখনে পথ বিচাৰি পাব আৰু তোমাৰ হৃদয় সাগৰত টুলুংভুটুং কৰি থাকিবলৈ সুবিধা পাব৷
ইতি
তোমাৰ প্ৰেমপ্ৰাৰ্থী
ৰাজ (বংশী)
লিখিছেঃ বিশ্ব বৰুৱা
চাৰিগাঁও মৌজা, যোৰহাট
ভ্ৰাম্যঃ ৯৭০৬১৯২৬৬৮
(উল্লেখ্য যে এই চিঠিখনে অংকুৰণ প্ৰকাশনৰ পৰা আয়োজিত নীলা খামৰ চিঠি লিখা প্ৰতিযোগিতাত প্ৰথম স্থান পাবলৈ সক্ষম হৈছিল)
পৃষ্ঠাঃ ১৬
নিয়মীয়া শিতানঃ
জ্ঞানৰ সঁফুৰা
১) শংকৰদেৱৰ একমাত্ৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি?
২) কোনজন ৰজাৰ অনুপ্ৰেৰণাত গুণমালা পুথিখন ৰচনা কৰিছিল?
৩) কোনখন নাটকক শংকৰদেৱৰ শেষ নাটক বুলি জনা যায়?
৪) কোনখন নাটত শ্ৰীমন্ত শংকৰদেৱে অভিনয় কৰিছিল?
৫) কোনগৰাকী ব্যক্তিয়ে বৰগীতক 'Noble Numbers' আখ্যা দিছিল?
৬) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোনে অভিহিত কৰিছে?
৭) শংকৰদেৱে ৰচনা কৰা 'কীৰ্তন'খন কেইটা খণ্ডৰ সমষ্টি?
৮) শংকৰদেৱে কি কি ভটিমা সৃষ্ট কৰিছিল?
৯) শংকৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান আছিল?
১০) শংকৰদেৱে কোনজন ৰজাৰ গুণানুকীৰ্তন কৰি ৰাজ-ভটিমা ৰচনা কৰে?
(উল্লেখিত প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখি আমালৈ প্ৰেৰণ কৰক। শুদ্ধ উত্তৰ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। শুদ্ধ উত্তৰসমূহৰ লগতে আপোনাৰ নাম, ঠিকনা 91275 64124 নম্বৰলৈ হোৱাটচএপ যোগে প্ৰেৰণ কৰক।)
পৃষ্ঠাঃ ১৭
নিয়মীয়া শিতানঃ
শব্দৰ সাজোন
(তলত কেইটামান সঘনে ব্যৱহাৰ হৈ থকা শব্দৰ আখৰসমূহৰ স্থান সলনি কৰি দিয়া হৈছে। শব্দসমূহ শুদ্ধকৈ লিখি আমালৈ প্ৰেৰণ কৰক। আটাইকেইটা শব্দৰ শুদ্ধ ৰূপ প্ৰেৰণ কৰাসকলৰ মাজৰ পৰা লটাৰীযোগে এজন নিৰ্বাচন কৰি মানপত্ৰ প্ৰদান কৰা হ'ব। 9678696861 নম্বৰৰ হোৱাটচএপত উত্তৰসমূহ প্ৰেৰণ কৰক। জমা দিয়াৰ অন্তিম তাৰিখ 10 জুন 2020।)
১। লমকএ
২। ণল্যাজকন
৩। দীন্ধনবা
৪। হাঅট্টস্য
৫। ৰিবাহাথু
৬। তুনীঅলয়
৭। পিৰাথে
৮। লিতঅপা
৯। ৰহপাঁহে
১০। ৰীসেয়ান্দু
পৃষ্ঠাঃ ১৮
নিয়মীয়া শিতানঃ
ৰেচিপি
বাটাৰ্ চিকেন
(Butter chicken)
এইবিধ ৰেচিপি খাবলৈ যথেষ্ট সুস্বাদু।
উপকৰণৰ ভিতৰত আমাক লাগিব:
•চিকেন্ (boneless)
•আদা নহৰুৰ বনাই লোৱা পেষ্ট
•জলকীয়াৰ গুৰি
•নিমখ
•তেল
গ্ৰেভীৰ বাবে আমাক লাগিব~
•বিলাহী
•পিয়াজ
•কাজু
•কচুৰি মিঠি(kasoori methi)
•গৰম মছলা
•চেনি
•মাখন (butter)
•ক্ৰীম (cream)
প্ৰস্তুত প্ৰণালীঃ
Boneless চিকেন্ খিনি সৰু সৰু চাইজত ল'ব। প্ৰায় পোন্ধৰ মিনিটমানলৈ চিকেন্ খিনি আদা নহৰুৰ পেষ্ট আৰু নিমখ অলপ সানি মেৰিনেট্ কৰি থ'ব। তাৰপাছত চিকেন্ খিনি অলপ তেলত ফ্ৰাই কৰি কাঢ়ি থ'ব।
পিয়াজ আৰু বিলাহী সৰু সৰুকৈ কাটি ল'ব। একেখন কেৰাহীতে থাকি যোৱা তেলখিনিতে কাটি লোৱা পিয়াজ খিনি দি দিব,লগত এক চামুচ মাখন,অলপ ভাজি তাত বিলাহী আৰু কাজুখিনি দি দিব লগতে সিজিবলৈ অলপ পানী,আদা নহৰুৰ পেষ্ট অকণমাণ,নিমখ সোৱাদ অনুযায়ী,অলপমান চেনি,গৰম মছলা আৰু অলপ জলকীয়াৰ গুৰি। গোটেই বস্তুখিনি ভালকৈ মিহলাই পোন্ধৰ মিনিটমানৰ বাবে ভালকৈ উতলিবলৈ দিব ঢাকোন দি। বিলাহী খিনি সিজিলে কোমল হ'লে সেয়া গেছ বাৰ্ণাৰৰ পৰা নমাই দিব আৰু গোটেইখিনি ভালকৈ ব্লেনডাৰ ব্যৱহাৰ কৰি ফেটি ল'ব। ঠিক কেক বনাবলৈ আমি যিদৰে কৰো তেনেকৈ যাতে গোটেইখিনি খুব মৃসণ হৈ যায়। ফটোখন চালে বুজিব গ্ৰেভীখিনি কেনেকুৱা হ'ব লাগে। সেইখিনি কৰি হোৱাৰ পাছতো যদি কিবা থাকি যায় তেন্তে চেকি ল'ব পাৰে।
ইয়াৰ পাছত ব্লেন্ড কৰি লোৱা গ্ৰেভীখিনি পুনৰ গৰম কৰক আৰু তাত ফ্ৰাই কৰি থোৱা চিকেন্ খিনি,অলপ মাখন,অলপ ক্ৰীম,অকণমান কচুৰি মিঠি দি ভালকৈ মিহলাই দহ মিনিট মানলৈ গৰম হ'বলৈ দিব।
So your butter chicken is ready to serve!
গাৰ্নিচ (garnish) কৰিবলৈ কচুৰি মিঠি অকণমাণ বা ক্ৰীম অলপ ব্যৱহাৰ কৰিব পাৰে।
কাৱেৰী কাশ্যপ বৰা
গোলাঘাট
পৃষ্ঠাঃ ১৯
আলু টিক্কা
■ উপকৰণ:
•আলু।
•দৈ।
•তেতেলি চাটনি/জেলী।
•পদিনা/ধনিয়া।
•কৰ্ণ ফ্লৰ্।
•বেচন।
•কেঁচা জলকীয়া।
•ৰঙা জলকীয়াৰ গুৰি।
•চেনী।
•গুৰ।
•আদা।
•নিমখ।
•তেল বা ৰিফাইন।
•গুটা জিৰা।
■ প্ৰথমে তেতেলীৰ জেলী বা চাটনি বনাই লওঁ আহক। তাৰ বাবে প্ৰথমে বাচন এটাত পানী দুগিলাচ দি অলপ গৰম হ'বলৈ দি তাতে প্ৰয়োজন অনুসৰি পকা তেতেলীখিনি দি দিছো। লৰাই থাকি অলপ উতলিবলৈ দিছো, প্ৰায় দহ পোন্ধৰ মিনিট মানৰ পাছত তেতেলীৰ জোল খিনি চেকি লৈছো, গুটি আৰু অনান্যখিনি আঁতৰাই দিছো। গৰম কেৰাহীত অকণমান তেল বা ৰিফাইন দি সেয়া গৰম হ'লে তাতে গুটা জিৰা অলপ আৰু সামান্য আদা অলপ বটি দিছোঁ। লৰাই থাকি অলপ পাছত চেকি ৰখা তেতেলীৰ পানী খিনি দি দিছো, অলপ পাছত প্ৰয়োজন অনুসৰি গুৰ দিছো আৰু উতলাই ৰাখিছো। ৰঙা জলকীয়াৰ গুৰি অলপ লগতে অকণমান নিমখ দিছো, সেয়া হৈ গ'লে প্ৰায় ডাঠ হোৱা যেন হ'লে নমাই ৰাখিছো।
■এতিয়া আহো টিক্কি লৈ, তাৰ বাবে মই আঠটামান মিডিয়াম চাইজৰ আলু সিজাই লৈছো (70%) আলুকেইটা অধিক নিসিজাব। সিজাই লোৱা আলুৰ বাকলি গুচাই ভালকৈ পিটিকি লৈছো, আপুনি পিহনাত পিহি ল'বও পাৰে, বা হাতেৰে পিটিকাৰ দৰে বনাই ল'ব পাৰে। তাতে কেঁচা জলকীয়া সৰুকৈ কাটি দিছো, যদি থাকে ধনীয়া পাত মিহিকৈ কাটি দিব,সৰু চামুচেৰে দুচামুচ কৰ্ন ফ্লৰ্ আৰু অলপ বেচন দি আলুখিনি মঠি লৈছো। মঠি লোৱা আলুখিনি সৰু সৰুকৈ অলপ চেপেটা, অলপ গোল কৰি লৈ ৰিফাইন বা তেলত ফ্ৰাই কৰি লৈছো ভালকৈ। টিক্কা প্ৰায় হৈ গৈছে।
বাটি এটাত দৈ অলপ লৈ এচামুচ চেনী মিলাই ভালকৈ মিলাই লৈছো, পদিনা বা ধনীয়াৰ চাটনি বা পেষ্ট বনাই লৈছো। এতিয়া প্লেট্ এখনত টিক্কা কেইটা ৰাখি তাৰ উপৰত দৈ অলপ, অলপ তেতেলিৰ চাটনি,অলপ পদিনা বা ধনীয়াৰ চাটনি দি দিছো, লগতে ওপৰত ভুজিয়া থাকিলে দি দিব, দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও।
ফটোকেইখন চালে ভালকৈ বুজি পাব। বনাই,খায় কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।
কাৱেৰী কাশ্যপ বৰা
গোলাঘাট
পৃষ্ঠাঃ ২০
মডেল পৃষ্ঠাঃ
(মডেল পৃষ্ঠাৰ বাবে আপুনিও আমালৈ আপোনাৰ নাম, ঠিকনা লিখি ফটো প্ৰেৰণ কৰিব পাৰে। ফটোসমূহ 9678696861 নম্বৰত উপলব্ধ হোৱাটচএপলৈ প্ৰেৰণ কৰক। অহা সংখ্যাত প্ৰকাশৰ বাবে ফটো প্ৰেৰণৰ অন্তিম তাৰিখ 10 জুন 2020)
১। প্ৰাচী ঠাকুৰীয়া
২। ডিম্পী ডেকা
৩। ৰিছামনি বৰ্মন
৪। তুলিকা কলিতা
পৃষ্ঠাঃ ২১
শেষ পৃষ্ঠাৰ কলমঃ
লকডাউনে দিয়া কেইটামান সুফল
দুৰ্গেশ্বৰ শইকীয়া
মাজুলী
ভ্ৰাম্যঃ 9101492192
যান্ত্ৰিক সভ্যতাৰ জখলাত আৰোহন কৰি মানুহে এই শতিকাটোত উন্নতিৰ চৰম শিখৰত উপনীত হ'ল ৷ জনবিস্ফোৰণো দ্ৰুতগতিত বাঢ়িল ৷ আধুনিক জীৱন যাত্ৰাৰ ন ন আহিলা উদ্ভাৱন, বাসস্থানৰ সম্প্ৰসাৰণ,কল-কাৰখানা,যানবাহন আদিয়ে প্ৰকৃতিৰ ওপৰত নানান বিৰূপ প্ৰভাৱ পেলাব ধৰিলে ৷ কমি যাব ধৰিলে প্ৰাকৃতিক ভাৰসাম্য ৷ পৃথিৱীৰ পৰা বিলুপ্ত হৈ গ'ল বহু প্ৰজাতিৰ উদ্ভিদ,পক্ষী,জীৱ-জন্তু আদি ৷গোলকীয় উষ্ণতা,অজ'ন স্তৰৰ ক্ষতি আদিয়ে প্ৰাণীকুললৈ দিনে দিনে মাতি আনিলে ন ন ভাবুকি ৷সম্প্ৰতি কৰোণা ভাইৰাছ(কোভিড-১৯)ৰ কৱলত সমগ্ৰ পৃথিৱী জৰ্জৰিত ৷ চূড়ান্ত ক্ষমতাশালী মানুহ হৈ পৰিছে অসহায় ৷ বিজ্ঞান প্ৰযুক্তিয়ে হাৰ মানিবলগা হৈছে ৷ ফলত সমগ্ৰ পৃথিৱীতে ভাইৰাছবিধৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লকডাউন ঘোষণা কৰি ,সামাজিক দুৰত্ব বজাই ৰখা, যান-বাহন চলাচলত বাধা নিষেধ আৰোপ কৰা আদিৰ লগতে বহু সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
সম্প্ৰতি দেখা গৈছে-ইয়াৰ ফলত পৰিৱেশৰ সমতা বহু পৰিমাণে সুস্থিৰ হৈছে,বায়ুমণ্ডলত কাৰ্বন ডাই অক্সডাইডকে ধৰি কিছু ক্ষতিকাৰক গেছৰ পৰিমাণ হ্ৰাস হোৱা বুলি বিজ্ঞানীসকলে কৈছে ৷ অক্সিজেনৰ পৰিমাণ বৃদ্ধি হৈছে ৷ চৰাই-চিৰিকটি,পশু আৰু অন্যান্য জীৱকুলে প্ৰকৃতিৰ মাজত আগতকৈ মুক্ত মনেৰে বিচৰণ কৰিছে ৷ ধূলি-ধোঁৱা আদিৰ হ্ৰাসে পৰিৱেশ অধিক নিকা কৰিছে ৷
আন এক মন কৰিবলগীয়া কথা হ'ল-মানুহৰ খাদ্যাভাসৰো কিছু সলনি হৈছে ৷যধে-মধে,যিহকে-তিহকে,য'তে-ত'তে আনকি মুকলিকৈ যিকোনো ঠাইতে ৰখা খাদ্য খোৱাৰ কুণ্ঠাবেধ নকৰা মানুহে স্বাস্থ্যসন্মতভাৱে খোৱাৰ অভ্যাস কৰিবলৈ বাধ্য হৈছে বা চিন্তা কৰিছে ৷এনে কিছু মানুহ আছিল -যি নাখায় কি? এককথাত সৰ্বভক্ষী ৷ যাৰ ফলত খাদ্যৰ বিৰূপ প্ৰভাৱ শৰীৰত পৰে ৷ পিছে লকডাউনৰ ফলত মানুহৰ এনে বদ অভ্যাসৰ পৰিমাণ হ্ৰাস হোৱা দেখা গৈছে ৷ মাস্কৰ ব্যৱহাৰ কোভিড-১৯ নথকাৰ সময়তো প্ৰদূষিত পৃথিৱীৰ মানুহৰ বাবে প্ৰয়োজন আছিল,কিন্তু ব্যৱহাৰৰ কথা কোনেও ভবা নাছিল ৷ সম্প্ৰতি বাধ্যতামূলক হোৱাৰ বাবে,ধূলি-ধোঁৱা আৰু ইনফ্লুৱেঞ্জা আদি ৰোগৰ পৰা বহু পৰিমাণে হাত-সাৰি থকাৰ ব্যৱস্থা হৈছে ৷
আগৰ দিনত মানুহে য'ৰ ত'ৰ পৰা আহি হাত-ভৰি নোধোৱাকে ভিতৰ নোসোমায় ৷ গাও ধোৱে বহুতে ৷ আলহীৰ কাৰণে বাহিৰত হাত-ভৰি ধুবলৈ পানী সাজু কৰি থোৱা হয় ৷
এইবোৰ স্বাস্থ্যসন্মত বিধি লকডাউনে ঘূৰাই আনিছে ৷ কৰমৰ্দনৰ সলনি নমস্কাৰ স্বাস্থ্যসন্মত সকলোৱে কথাবোৰ ভাবিবলৈ আৰম্ভ কৰিছে ৷ আটাইতকৈ ভাল কথাটো হ'ল -সঘনাই চাবোন,হেণ্ডৱাচৰ ব্যৱহাৰ কৰি হাত ধোৱাৰ কথাটো প্ৰতিঘৰ,প্ৰতিজনৰ অভ্যাসত পৰিণত হৈছে ৷ ঘৰে প্ৰতি প্ৰায়ে চেনিটাইজাৰৰ ব্যৱহাৰ হৈছে ৷
আন এক সুফল-অধ্যয়ন,জ্ঞান-অন্বেষণ,পৰিয়ালক সময় দিয়া,গান শুনা,চিত্ৰ-ভাস্কৰ্য শিল্পৰ চৰ্চাত মানুহে আত্ম নিয়োগ কৰাৰ সুবিধা পাইছে ৷ ফলত মানসিক উৎকৰ্ষ সাধনে এক-ঘেয়ামী যান্ত্ৰিক জীৱনৰ পৰা আতৰাই মানুহক এটা সাত্বিক আৰু পৰিশীলিত জীৱন-যাপনৰ প্ৰতি আকৰ্ষিত কৰিছে ৷
পৃষ্ঠাঃ ২২
মতামত শিতানঃ
আগন্তুক সংখ্যাৰ বাবে মতামত শিতানৰ প্ৰশ্ন
উন্নতিৰ জখলা বগাবলে গৈ দিহিং পাটকাইত কৰা ক'ইলাৰ খনন কাৰ্য গ্ৰহণযোগ্য নে ?
এই ক্ষেত্ৰত আপোনাৰ মতামত জনাব।
উক্ত প্ৰশ্নটোৰ উত্তৰ চমুকৈ লিখি আমালৈ প্ৰেৰণ কৰক।
উল্লেখ্য যে মতামত শিতানৰ উত্তৰ দিওঁতা শ্ৰেষ্ঠজনক পুৰস্কৃত কৰা হ'ব।
মতামত প্ৰেৰণৰ বাবে প্ৰয়োজনীয় হোৱাটচএপ নম্বৰঃ 9678696861
Email: ankuran2014@gmail.com
পৃষ্ঠাঃ ২৩
ঘোষণাঃ
15 জুন 2020 সংখ্যাৰ বাবে লেখা আহ্বান
লেখা পঠিওৱাৰ নিয়মাৱলী:
১) আমালৈ পঠিওৱা লেখাসমূহ অপ্ৰকাশিত হোৱাটো বাঞ্চনীয়।
২) লেখকৰ সম্পূৰ্ণ নাম,ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠাব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।
ফোন নম্বৰঃ
60007 09096/91275 64124/96786 96861
ইমেইল:
ankuran2014@gmail.com
লেখা পঠিওৱা অন্তিম তাৰিখঃ
১০ জুন, ২০২০।
পৃষ্ঠাঃ ২৪
শিল্পচিত্ৰঃ
এই সংখ্যাৰ শিল্পী জেউতি পাঠক, নলবাৰী
পৃষ্ঠাঃ ২৫
বিঃদ্ৰঃ
পষেকীয়া অঙ্গনৰ প্ৰথম সংখ্যাটি প্ৰকাশত আমাৰ বিভিন্ন ভুল ভ্ৰান্তি থাকি যোৱাতো অস্বাভাৱিক নহয়। আলোচনীখনৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমাক প্ৰয়োজন হব আপোনাৰ গঠনমূলক দিহা পৰামৰ্শ আৰু লেখা। ইয়াকে আন্তৰিকতাৰে কামনা কৰি প্ৰকাশিত সংখ্যাটিত থাকি যোৱা ভুল ভ্ৰান্তিৰ বাবে ক্ষমা বিচাৰি আলোচনীখন আপোনালোকৰ বাবে আগবঢ়াই দিলো। অঙ্গনৰ পৰৱৰ্তী সংখ্যা প্ৰকাশ পাব আগন্তুক ১৫ জুন ২০২০ তাৰিখে।
সম্পাদক
অঙ্গন
1 Comments