অঙ্গনঃ তৃতীয় বছৰ (২৪ নং সংখ্যা)


নিয়মাৱলী:

১) অঙ্গনে চলিত সংখ্যাৰ পৰা ফেচবুক, হোৱাটচ্‌ এপ আদিত প্ৰকাশিত লেখাও প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কোনো কাকত বা আলোচনীত পূৰ্বে প্ৰকাশিত লেখা অঙ্গনে প্ৰকাশ নকৰে।
২) লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
৩) হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
৪) সকলো লেখা মোবাইলত অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব ৷ পিডিএফ, ফটো আকাৰে, মাইক্ৰচফ্ট ৱৰ্ড অথবা পেজমেকাৰ ফৰ্মেটত দিয়া লেখা গ্ৰহণ কৰা নহ'ব।
৫) অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
৬) উল্লেখ্য যে পষেকীয়া ই-আলোচনী অঙ্গনলৈ প্ৰৱন্ধ, নিৱন্ধ, সম্পাদকলৈ চিঠি, গল্প, কবিতা, অনুবাদ কবিতা, অনুভৱ, নীলা খামৰ চিঠি, চুটি লেখা, ভ্ৰমণ কাহিনী, গ্ৰন্থ সমালোচনা, চলচিত্ৰ বিশেষ লেখা, স্বাস্থ্য বিষয়ক লেখা, অঙ্গনৰ পৃষ্ঠাত প্ৰকাশিত লেখা সম্পৰ্কীয় আলোচনা, অনুবাদ সাহিত্য, ৰেচিপি, উপন্যাস আদি প্ৰেৰণ কৰিব পাৰিব।
৭) অঙ্গনলৈ প্ৰেৰণ কৰা যিকোনো লেখা প্ৰকাশৰ ক্ষেত্ৰত লেখক-লেখিকাসকলক কমেও তিনিটা সংখ্যা বাট চাবলৈ অনুৰোধ জনোৱা হ'ল। লেখক-লেখিকাসকলে একে সময়তে একেটা লেখা কেইবাখনো কাকত-আলোচনীলৈ প্ৰেৰণ কৰিলে অসুবিধা হয়।
৮) অঙ্গনলৈ পঠিওৱা কোনো লেখা যদি প্ৰথম, দ্বিতীয় আৰু তৃতীয়া সংখ্যাটো প্ৰকাশ নেপায় তেন্তে লেখকে সেই লেখাক অন্য আলোচনীলৈ প্ৰেৰণ কৰিব পাৰিব। কিন্তু লেখকে লেখা প্ৰকাশৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক ফোন বা মেছেজ কৰি আমনি নকৰে যেন। কাৰণ অঙ্গনে সকলো লেখকৰে যোগ্য লেখাক সমানে গুৰুত্ব দিয়ে।

আমাৰ ঠিকনাঃ
অংকুৰণ প্ৰকাশন, গীতাৰ্থী বিদ্যালয়ৰ সমীপত, জেইল ৰোড, যোৰহাট-১।

ফোন নম্বৰঃ
6000709096/9127564124/9678696861

ইমেইল:
ankuran2014@gmail.com

আগন্তুক সংখ্যাৰ বাবে লেখা পঠিওৱা অন্তিম তাৰিখঃ
25 মে 2023.

উল্লেখ্য যে আমাৰ প্ৰতিনিধিৰ হোৱাটচএপতো আগ্ৰহী লেখক/লেখিকা সকলে লেখাসমূহ জমা দিব পাৰিব।

ঘোষণা ঃ অঙ্গনত প্ৰকাশ হোৱা যিকোনো লেখাৰ ক্ষেত্ৰত আলোচনীখনৰ সম্পাদনা সমিতি দায়বদ্ধ নহয়। প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।  লগতে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনালোকে আমালৈ প্ৰেৰণ কৰা লেখা সমূহ প্ৰকাশৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। তাৰ বাবে অসন্তোষ নকৰে যেন। অঙ্গনে যোগ্য লেখাক কেতিয়াও অৱজ্ঞা নকৰে। অঙ্গনে আপোনালোকৰ কষ্টক সন্মান কৰে আৰু সেয়ে অঙ্গনে লেখকতকৈ লেখাক অধিক গুৰুত্ব দিয়ে। গতিকে অঙ্গনলৈ পঠিওৱা আপোনালোকৰ লেখাক লৈ আপোনালোক নিচিন্তঃ থাকক। যোগ্য হ'লে আমি প্ৰকাশ কৰিমেই। 

ধন্যবাদ
সম্পাদনা সমিতি, অঙ্গন

অঙ্গন: পৃষ্ঠাঃ ৩
এই সংখ্যাৰ ভিতৰ চ'ৰাতঃ
👉সম্পাদকীয় : পৃষ্ঠা ৫
👉প্ৰৱন্ধ : পৃষ্ঠা ৬-৮
👉ধাৰাবাহিক: পৃষ্ঠা ৯
👉অণুগল্প : পৃষ্ঠা ১০-১২
👉এক মিনিটৰ গল্প: পৃষ্ঠা ১৩
👉অনুবাদ সাহিত্য : পৃষ্ঠা ১৪-১৬
👉কবিতা: পৃষ্ঠা ১৭-৩৫
👉অনুভৱ: পৃষ্ঠা ৩৬
👉 নীলাখামৰ চিঠি: পৃষ্ঠা ৩৭
👉গল্প: পৃষ্ঠা ৩৮-৪০
👉শেষ পৃষ্ঠাৰ লেখা : পৃষ্ঠা ৪১

অঙ্গন: পৃষ্ঠাঃ ৪
অঙ্গন
(পষেকীয়া ই-আলোচনী)

মুখ্য সম্পাদক ঃ হেমেন নাথ
সহঃ সম্পাদক ঃ মঞ্জিত হাজৰিকা
সহঃ সম্পাদকঃ পৰিণীতা কলিতা
উপদেষ্টাঃ ড০ অখিল চক্ৰৱৰ্তী, দুৰ্গেশ্বৰ শইকীয়া
ব্যৱস্থাপক সম্পাদকঃ ৰাজশ্ৰী বৰা
চিত্ৰশিল্পীঃ অজিত কুমাৰ ভূঞা
আৰ্হি পাঠঃ শ্যামলী গগৈ

এই সংখ্যাৰ বেটুপাতৰ শিল্পীঃ
ৰিছা শইকীয়া, তেজপুৰ।
কেমেৰাঃ যিশু গগৈ, মেকআপঃ অনিমা শইকীয়া

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন, যোৰহাট।
ই-মেইলঃ ankuran2014@gmail.com

আমাৰ প্ৰতিনিধিসকলঃ
অৰ্চনা শইকীয়া, প্ৰস্তুতি শৰ্মা, মৌচুমী ওজা, গোপাল কৃষ্ণ বাঢ়ৈ, পাৰ্থজ্যোতি, পবিত্ৰ গায়ন, মিনা মহন্ত, হিৰণ্য ডেকা, হিৰণ ভূঞা।

অঙ্গন: পৃষ্ঠাঃ ৫
সম্পাদকীয়ঃ

নিজানতে অকলশৰে...

সৰুতেই কিতাপ এখনত পঢ়িছিলোঁ, ‘তুমি যদি আকাশৰ তৰালৈ লক্ষ্য কৰা তেন্তে তুমি এদিন আকাশৰ তৰাকেই পাবা৷ আৰু যদি মাটিৰ বোকালৈ লক্ষ্য কৰা তেন্তে মাটিৰ বোকাকেই পাবা৷’ ইতিমধ্যে কথাষাৰ এশ শতাংশই শুদ্ধ বুলি প্ৰমাণিত হৈছে৷ মানুহৰ মনৰ প্ৰতিক্ৰিয়া সদায় এনেকুৱাই হয়৷ সেয়ে আজি বিশ্ব বিখ্যাত লেখক-সাহিত্যিক, মনোবিজ্ঞানী তথা দাৰ্শনিকসকলেও সফলতাৰ ক্ষেত্ৰত একেমুখেই এফাৰমেশ্ব্যন আৰু ভিজুৱেলাইজেশ্ব্যনৰ প্ৰয়োজনীয়তা সম্পৰ্কত একমত প্ৰকাশ কৰিছে৷ কিন্তু কেতিয়াবা ভাবি আচৰিত হ’বলগীয়া হয় যে একাংশ প্ৰচাৰ মাধ্যম, সামাজিক মাধ্যমৰ আঙুলিৰ নিৰ্দেশত উঠা বহা কৰা এক বৃহৎ সংখ্যক লোক আজি ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈ কেৱল মাটিৰ বোকাকেই প্ৰত্যক্ষ কৰিবলগীয়া হোৱা নাইনে?
 
আজিৰ পৰা কেইবছৰমান আগলৈকে অসমত এনে এটা সময় আছিল য’ত কাৰোবাৰ ফেচবুক, হোৱাটচএপ একাউন্ট নাথাকিলে মানুহে তেওঁক চিৰিয়াখানাৰ জন্তু চোৱাদি চাইছিল৷ তেওঁলোকৰ মনোভাৱ- আধুনিক যুগৰ মানুহ হৈ এওঁলোক কোনখন পৃথিৱীত বাস কৰিছে? কিন্তু বৰ্তমান যিসকল ব্যক্তিয়ে দিনটোৰ অতি গুৰুত্বপূৰ্ণ কিছু সময় সচেতনভাবে ফেচবুক, হোৱাটচএপত দি আছে তেনেলোকেও কোৱা শুনা যায়, ‘তোমালোক ফেচবুক, হোৱাটচএপত অনবৰত নাথাকা। ভালেই দিয়া৷’
 
এই পৰিৱৰ্তন এইবাবেই হৈছে যে মানুহে কেতিয়াও এখন কাল্পনিক পৃথিৱীত জীয়াই থাকিব নোৱাৰে৷ আমাৰ জীৱনটো বৰ আখৰা নহয়৷ সামাজিক মাধ্যমসমূহৰ জড়িয়তে বৰ্তমান একাংশ লোকে জীৱনত কেতিয়াও নেদেখা, কথা পাতি নোপোৱা এটা ফেক আই ডিক বিশ্বাস কৰিব পাৰে অথচ কাষতে থকা নিজৰ আপোনজনক বিশ্বাস নকৰে৷ এই ধৰণৰ ভ্ৰান্ত ধাৰণাৰ মাজত মানুহ সদায়ে জীয়াই থাকিব পাৰিবনে? ওচৰ-চুবুৰীয়াৰ বিপদৰ সময়ত মাত এষাৰ দিব নোৱৰা ব্যক্তিজনে দিনটোৰ অধিকাংশ সময় অজানিতে সামাজিক মাধ্যমত সময় অতিবাহিত কৰিছে। সকলোতকৈ ভয়ংকৰ বিপদ আহি পৰিছে আমাৰ কণ কণ শিশুসকলৰ জীৱনলৈ। কিয়নো, অকণিহঁতে এই যন্ত্ৰবিধৰ ব্যৱহাৰ নাজানি দিনক দিনে আবেগশূণ্য হৈ একো একোটা যন্ত্ৰত পৰিণত হবলৈ ধৰিছে। এসময়ত এই কণ কণ শিশুসকলেই আমাৰ দেশখন শাসন কৰিব। গতিকে কিমান ভয়ংকৰ ভৱিষ্যতৰ ফালে আমি অগ্ৰসৰ হৈছোঁ এবাৰ গভীৰভাবে ভাবি চালেই বুজিব পৰা যায়।
ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়?
 
নিজানত অকলশৰে কিছুসময় বহক। বহি কথাবোৰ চিন্তা কৰক। এই যে সকলোৱে দৌৰিছে, এটি অঘোষিত প্ৰতিযোগিতাৰ পিছে পিছে সকলোৱে দৌৰি ফুৰিছে... আপুনিও দৌৰি ফুৰিবনে? আমাৰ চৌপাশে থকা গছ-গছনি, চৰাই চিৰিকটি, এই আকাশ-বতাহ সকলোৱে এইদৰে অস্থিৰতাৰে দৌৰি ফুৰিছেনে? তেন্তে কিহৰ বাবে এই প্ৰতিযোগিতা? এটি সাধাৰণ স্মাৰ্ট ফোনৰ নিৰ্দেশত যদি আমি উঠা বহা কৰোঁ তেনেহলে মানুহ হিচাপে আমাৰ বিবেকৰ কিবা মূল্য থাকিবনে? সৰু লৰা-ছোৱালীয়ে মৰ্টন এটা নাপালে যিদৰে কন্দা কটা কৰে, একেদৰে আমিও লাইক-কমেন্ট নাপালে চিঞৰ বাখৰ কৰিমনে? মোবাইল ফোনৰ অপকাৰীতা সম্পৰ্কে জানিও আমি কণমানিটিৰ সন্মুখত মোবাইলত ব্যস্ত থাকি তেওঁলোকক অৱহেলা কৰিমনে।
 
চিন্তাবোৰ আমাৰ, সিদ্ধান্তবোৰো আমাৰ।
আশা ৰাখিছোঁ, বাস্তৱ দৃষ্টিভংগীৰে কথাবোৰ চিন্তা কৰি আমি এখন চিৰসুন্দৰ সমাজ গঠনত সকলোৱে অৰিহণা যোগাব পাৰিম।
হেমেন নাথ
মুখ্য সম্পাদক, অঙ্গন
ভ্ৰাম্যভাষঃ 9678696861

অঙ্গন: পৃষ্ঠাঃ ৬
প্ৰৱন্ধঃ

তীব্বত-বৰ্মীয় কোচ জনগোষ্ঠীৰ লোক-সংস্কৃতি

হীৰামনি দাস

        অসম তথা উত্তৰ-পূৰ্বাঞ্চল শতাধিক জাতি-জনজাতিৰ বাসভূমিৰ লগতে মিলনভূমিও । এই জনগোষ্ঠীসমূৰ ভিতৰত প্ৰাচীন বৈদিক যুগৰে জনগোষ্ঠী কোচসকল অন্যতম । কোচসকল ঘাইকৈ নামনি অসমৰ আৰু মেঘালয়ৰ সীমামূৰীয়া অঞ্চলসমূহত বিশেষকৈ মেঘালয়ৰ পশ্চিম আৰু দক্ষিণ গাৰো পাহাৰত আৰু পূৰ্ব্বংগৰ মৈমনসিং অঞ্চলত থূপ খাই আছে । কিছুমান পণ্ডিতৰ মতে এওঁলোক চী দেশৰ ইয়াংচিকিয়াং আৰু হোৱাংহো অৱবাহিকাৰ পৰা প্ৰব্ৰজিত হৈছিল । ২০০১ চনৰ লোক গণনা অনুসৰি ভাৰতত  ৩১,১১৯ কোচ ভাষা-ভাষীৰ লোক পোৱা যায় আৰু অসমত ৭,২০৫ জন লোকহে আছিল । কোচ নামটো সংস্কৃত ভাষাৰ কুৱাচ শব্দৰ পৰা আহিছে । ইয়াৰোপৰি কিছুমান পণ্ডিতে কচ্চ, কচ্চে, কোচা শব্দৰ পৰা অহা বুলিও মত প্ৰকাশ কৰে । 
সাংস্কৃতিক দিশৰ পৰা কোচসকল অতীজৰে পৰা চহকী । তেওঁলোকৰ নিজস্ব  আচাৰ-সংস্কাৰ, পূজা-পাৰ্বন, ধৰ্মীয়-বিশ্বাস, খাদ্য-সম্ভাৰ, পোছাক-পৰিচ্ছদ, আ-অলংকাৰ, সংগীত-মাত আদি আজিও বিদ্যমান । কোচসকলৰ সংস্কৃতিৰ ভিতৰুৱা সাজ-পোছাক-পৰিচ্ছদৰ ভিতৰত মহিলাৰ কঁকালত পিন্ধা মেখেলা জাতীয় কাপোৰ কাম্বাং, গংগোমাৰি, ছক'থাৰায় কঁকাক বন্ধা ছিম হাননি ছকক অন্যতম । সেইদৰে পুৰুষৰ মূৰত বন্ধা পগৌ, পোন্ধ মৰা চুৰিয়া-ভিজা চকা বিশেষ উল্লেখনীয় । এই সাঁজপাৰ কোচ তিৰোতাসকলে নিজেই তাঁতশালত তৈয়াৰ কৰে । 
আ-অলংকাৰৰ ভিতৰত কাণৰ- নাকৰ কৰেয়া, বেন্টা, কৰংফুল, মাতুকুৰি; নাকৰ- নোলক, নাকুংপাৰ; ডিঙিৰ- চন্দ্ৰহাৰ, ছোনোমালা, টাকামালা; হাতৰ-ছাংকি, ছাংকুং; বাহুৰ-কাটা বাজু; ভৰিৰ-হাহাল বিশেষভাবে উল্লেখযোগ্য । 
কোচসকলৰ মাজত বহুকেইটা উৎসৱ-পাৰ্বণ প্ৰচলিত । যদিও সকলোবোৰৰ কথা আলোচনা কৰাটো সম্ভৱ নহয় তথাপি কিছু বুটলি আনি আলোচনা কৰিবলৈ যত্ন কৰিছোঁ--
১) হুদুম পূজাঃ অনাবৃষ্টিৰ সময়ত বৃষ্টি কামনা কৰি পূজা-পাতল কৰা, গীত-নৃত্য কৰা আদি পৰম্পৰা বা লোকাচাৰ ভাৰতীয় কৃষক সমাজত অতি প্ৰাচীন । ঠিক সেইদৰে হুদুম পূজাও অনাবৃষ্টিৰ সময়ত বৃষ্টি কামনা কৰি পতা এটি লোকানুষ্ঠান । সেয়েহে হুদুমদেও পূজাৰ গীতত গোৱা হয়-

"হুদুমদেও হুদুমদেও
আমাক ফুটাক পানী দেও
আমাৰ দেশত নাই পানী
জীৱন ধৰি টানাটানি"

হুদুম পূজা তিৰোতাসকলৰ হে অনুষ্ঠান । এই পূজাৰ বাবে এটা হুদু চৰাই বা কলগছৰ পুলি অনা হয় । আঁউসীৰ নিশা পথাৰৰ মাজত বা নৈৰ পাৰত হুদু চৰাইটো এডাল খুঁটিত বান্ধু মহিলাসকলে সম্পূৰ্ণ বিবস্ত্ৰ হৈ খুঁটিৰ চাৰিওফালে ঘূৰি ফুৰি গোটেই নিশা নৃত্য-গীত কৰে । তেওঁলোকৰ আকুল প্ৰাৰ্থনাত আৰু লাজ-কাজ সকলো অদৃশ্য দেৱতাৰ উদ্দেশ্যে বিসৰ্জিত হোৱাত প্ৰকৃতিয়ে হেনো আশীৰ্বাদ দিয়ে । তেতিয়া বৰষুণ হয় ।
   
২) পাবনি বা বাউছ পূজাঃ বহাগ আৰু আহিন মাহত এই পূজা অনুষ্ঠিত কৰা হয় । পাবনি অকল এজন দেৱতা বা অকল এগৰাকী দেৱীয়েই নহয় । পাবনিৱায় কেবাটাও দেৱ-দেৱীৰ সমষ্টি । বুঢ়া-বাউছ, চৰাবুৰী, শীতলী, কাতুলী, বাঙাল ৱায়, লক্ষ্মী ৱায় আদিকে একেলগে বিভিন্ন নৈবদ্য আৰু বলি-উপচাৰেৰে পূজা আগবঢ়োৱা হয় । বেলেগ বেলেগ দেৱতালৈ ভিন ভিন ভোগ-নৈবদ্য আগবঢ়োৱা হয় । বিশেষকৈ দৈ, চাউলৰ গুৰিৰে সিজোৱা পিঠা বনাই ভোগ নিবেদন কৰা হয় । গাঁওখনৰ সামগ্ৰিক মংগল সাধনৰ কাৰণে গাঁওৰ পুৰুষ মহিলাই বাদ্যযন্ত্ৰ বজাই পাবলীৰ গীত পৰিৱেশন কৰে । শস্য ধন বৃদ্ধি, অপায় অমংগলৰ পৰা ৰক্ষা কৰাৰ উপৰিও প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰিবলৈ তথা সুখে-শান্তিৰে থকাৰ মানসেৰে কোচসকলে এই উৎসৱ পাতে । 

৩) হাংগাই বা হাবাহুনিঃ ফাগুন-চ'ত মাহত এই পূজা কৰা হয় । ই এবিধ কৃষিভিত্তিক উৎসৱ । সাধাৰণতে ঝুমখেতি কৰাৰ আৰম্ভনিতে এই উৎসৱ পালন কৰা হয় । 
     ইয়াৰ উপৰিও কোচসকলে বৰ্তমান কাতিগাছা, পুষণা, আমতী ছুৱা আদিও পালন কৰা দেখা যায় । বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বণৰ লগতে তেওঁলোকৰ মাজত বহুধৰণৰ নৃত্য-গীতৰ প্ৰচলন আছে । তাৰভিতৰত বিবাহ অনুষ্ঠানত ডেকা-গাভৰুৱে লগ হৈ গোৱা খিচা গীতক হালাং চায় বোলে । সেইদৰে বিৰহত গোৱা গীতক বাৰমাহী বা ৰুচি গীত বোলে । ইয়াৰোপৰি নিচুকনি গীতৰো প্ৰচলন তেওঁলোকৰ মাজত আছে । 
     সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায় যে এওঁলোক সাংস্কৃতিক দিশৰ পৰা অতি চহকী । লগতে কোচসকলে নিজৰ সংস্কৃতিত নিজস্বতা বৰ্তাই ৰখা দেখা গৈছে । 
     
প্ৰসংগসূচীঃ 
ৰাভা, হাকাচাম, উপেনঃ অসমীয়া আৰু অসমৰ জাতি-জনগোষ্ঠীঃ প্ৰসঙ্গ অনুষঙ্গ   

ঠিকনাঃ
সংস্কৃত বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
ফোন নং ৮১৩৪০২৫০৪৭

অঙ্গন: পৃষ্ঠাঃ ৭

গান্ধী-ডাৰ‌উইন চুক্তি সম্পৰ্কে যৎকিঞ্চিৎ

নাছৰিণ চুলতানা

গান্ধী–ডাৰউইন চুক্তি (Gandhi–Darwin Pact) আছিল লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলৰ আগতে ১৯৩১ চনৰ ৫ মাৰ্চত মহাত্মা গান্ধী আৰু ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইনৰ দ্বাৰা স্বাক্ষৰিত এক ৰাজনৈতিক চুক্তি। ইয়াৰ আগতে, ভাইচৰয় লৰ্ড আৰউইনে ১৯২৯ চনৰ অক্টোবৰ মাহত এক অনিৰ্দিষ্ট ভৱিষ্যতে ব্ৰিটিছ-শাসিত ভাৰতৰ আৰু ভৱিষ্যতৰ সংবিধানৰ বিষয়ে আলোচনা কৰিবলৈ এক ঘূৰণীয়া মেজমেলত ভাৰতক 'dominion status'ৰ এক অস্পষ্ট অফাৰ ঘোষণা কৰিছিল। ১৯৩১ চনৰ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈকে লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। দুজন নেতা- গান্ধী আৰু ডাৰউইনক সৰোজিনী নাইডুৱে দিয়া আখ্যা। তেওঁলোকে আঠখন সভাত বহিছিল যিকেইখনৰ মুঠ সময় ২৪ ঘণ্টা। ডাৰউইনৰ আন্তৰিকতাত গান্ধী প্ৰভাৱিত হৈছিল। "গান্ধী–আৰউইন চুক্তি"ৰ চৰ্তাৱলীত এক চুক্তিৰ বাবে নিম্নতম হিচাপে গান্ধীৰ নিৰ্ধাৰিত সংগ্ৰহৰ পৰা প্ৰকটভাৱে কম হৈ পৰিছিল।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ লোণ যাত্ৰা স্থগিত ৰখা।

 দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অংশগ্ৰহণ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যকলাপৰ ওপৰত নিয়ন্ত্ৰণ আৰক্ষণ কৰি ভাৰত চৰকাৰে জাৰী কৰা সকলো অধ্যাদেশ প্ৰত্যাহাৰ।হিংসাত্মক অপৰাধত জড়িত সকলৰ বাহিৰে কেইবাটাও প্ৰকাৰৰ অপৰাধৰ সৈতে সম্পৰ্কিত সকলো প্ৰত্যাহাৰ।লোণ যাত্ৰাত অংশগ্ৰহণ কৰাৰ অপৰাধত কাৰাবন্দী কৰা লোকসকলক মুকলি কৰা।লোণৰ ওপৰত থকা কৰ উঠাই লোৱা, যি ভাৰতীয়সকলক আইনগতভাৱে আৰু তেওঁলোকৰ নিজৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে নিমখ প্ৰস্তুত, বাণিজ্য আৰু বিক্ৰী কৰিবলৈ অনুমতি দিছিল ভাৰতৰ, আৰু গ্ৰেট ব্ৰিটেইনৰ বহুতো ব্ৰিটিছ বিষয়াৰ এটা দলৰ সৈতে চুক্তি কৰাৰ বাবে খং উঠিছিল, যিটো দলৰ সংকল্পিত উদ্দেশ্য আছিল ব্ৰিটিছ ৰাজধ্বংস। উইনষ্টন চাৰ্চিলে ৰাজহুৱাভাৱে তেওঁৰ বিৰক্ততা প্ৰকাশ কৰিছিল "... এই এসময়ৰ ভিতৰৰ মন্দিৰৰ উকীল, এতিয়াৰ ৰাজদ্ৰোহী 'ফকীৰে' ৰজাৰ প্ৰতিনিধিৰ সৈতে সমান চৰ্তাৱলীৰ সৈতে মীমাংসা আৰু বিশ্লেষণ কৰিবলৈ ভাইচৰয়ৰ প্ৰাসাদলৈ বেঙা মেলাটো বিৰক্তিজনক আৰু লজ্জাজনক ৰাজহুৱা প্ৰদৰ্শন। 

উত্তৰত চৰকাৰ সন্মত হোৱা বিষয়সমূহ আছিল-
সকলো অধ্যাদেশ আৰু অভিযোগ প্ৰত্যাহাৰ কৰা।

হিংসাত অভিযুক্তসকলৰ বাহিৰে সকলো ৰাজনৈতিক কাৰাবন্দীক মুক্তি দিয়া। 

সুৰা আৰু বিদেশী কাপোৰৰ দোকানৰ শান্তিপূৰ্ণ পিকেটিঙৰ অনুমতি দিয়া।

সত্যাগ্ৰহীবোৰৰ পৰা বাজেয়াপ্ত কৰা সম্পদসমূহ পুনৰুদ্ধাৰ কৰা।

সাগৰ-উপকূলৰ ওচৰৰ ব্যক্তিসকলক নিমখ বিনামূলীয়াকৈ সংগ্ৰহ বা নিৰ্মাণৰ অনুমতি প্ৰদান কৰা।

কংগ্ৰেছৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা।

           ভাইচৰয় লৰ্ড ডাৰউইন এই সময়ত ভাৰতীয় ৰাষ্ট্ৰবাদৰ আটাইতকৈ কঠোৰতম নিপীড়ন পৰিচালনা কৰিছিল, কিন্তু নীতি উপভোগ্য নাছিল। ব্ৰিটিছে পৰিচালনা কৰা ভাৰতীয় অসামৰিক সেৱা আৰু বাণিজ্যিক সম্প্ৰদায় তাতকৈও কঠোৰ ব্যৱস্থাৰে ভৰা। কিন্তু ব্ৰিটিছ প্ৰধান মন্ত্ৰী ৰামছে মেকডোনাল্ড আৰু ভাৰতৰ প্ৰধান সচিব উইলিয়াম বেন শান্তিৰ বাবে আগ্ৰহী আছিল, যদি তেওঁলোকে শ্ৰমিক চৰকাৰৰ স্থিতি দুৰ্বল নকৰাকৈ ইয়াক সুৰক্ষিত কৰিব পাৰে। তেওঁলোকে ঘূৰণীয়া মেজমেলৰ সফলতা বিচাৰিছিল আৰু জানিছিল যে গান্ধী আৰু কংগ্ৰেছৰ উপস্থিতি অবিহনে এই গোটে বিশেষ একো কৰিব নোৱাৰে। ১৯৩১ চনৰ জানুৱাৰী মাহত, ঘূৰণীয়া মেজমেলৰ সামৰণি অধিবেশনত ৰামছে মেকডোনাল্ডে পৰৱৰ্তী অধিবেশনত কংগ্ৰেছক প্ৰতিনিধিত্ব কৰা হ'ব বুলি আশা প্ৰকাশ কৰিছিল। ভাইচৰয়ে ইঙ্গিতটো বুজি লগে লগে গান্ধী আৰু কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সকলো সদস্যৰ চৰ্তহীন মুক্তিৰ নিৰ্দেশ দিয়ে। এই ভংগীমালৈ চাই গান্ধীয়ে ভাইচৰয়ক লগ কৰিবলৈ সন্মত হৈ সঁহাৰি দিছিল। ভাইচৰয় লৰ্ড আৰউইনৰ সৈতে এখন চুক্তি সমাপ্ত কৰাত গান্ধীৰ উদ্দেশ্যক তেওঁৰ কৌশলৰ দ্বাৰা ভালকৈ বুজিব পাৰি। 'সত্যাগ্ৰহ' আন্দোলনবোৰক সাধাৰণতে "সংগ্ৰাম", "বিদ্ৰোহ" আৰু "হিংসা অবিহনে যুঁজ" বুলি বৰ্ণনা কৰা হৈছিল। অৱশ্যে, এই শব্দবোৰৰ সাধাৰণ ধাৰণা ৰখাৰ বাবে, তেওঁলোকে আন্দোলনৰ নেতিবাচক দিশ, যেনে বিপক্ষ আৰু সংঘাতৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নাছিল।

অঙ্গন: পৃষ্ঠাঃ ৮
শংকৰদেৱৰ দৰ্শন নীতি আৰু মাজুলী 
ঝৰ্ণালী শৰ্মা বৰকটকী

প্ৰতিজন অসমীয়াৰ হৃদয়ত বাস কৰা জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলোকে একতাৰ এনাজৰীয়ে বান্ধি অসমীয়া জাতিৰ সোণসেৰীয়া ভেঁটি গঢ়োতাজনেই হ'ল   মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। 
এইজনা গুৰু আছিল বহুমুখী প্ৰতিভাসম্পন্ন আৰু অসাধাৰণ সামৰ্থৰ পুৰুষ। তেখেতৰ সৃষ্টিকৰ্মৰ বাবেই  সমগ্ৰ বিশ্বৰ এজন সৰ্বশ্ৰেষ্ঠ সুকুমাৰ কলাবিদ হিচাপে আখ্যা দিব পাৰি। 
 তেখেতৰ  বিশাল সৃষ্টিকৰ্ম চৰ্চাৰ পথ জাতি, বৰ্ণ, ভেদে সকলোৱে গ্ৰহণ কৰিব পৰাকৈ বাট মুকলি কৰিলে। ইয়াৰ যোগেদিয়েই বৃহৎ অসমীয়া জাতিৰ সকলো মানুহৰ মাজত ভাতৃত্ববোধ জগাই  তুলিলে। 
   কীৰ্ত্তন পাঠ, ভাওনা নাট আদি সৃষ্টি কৰি এইসমূহ চৰ্চাৰ বাবে শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিলে নামঘৰ। এই নামঘৰ অসমীয়া জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ। সাংস্কৃতিক সম্পদত চহকী অসমীয়া জাতিৰ বাবে নামঘৰ এক অনন্য সম্পদ। 
এই মহাপুৰুষ জনাৰ দৰ্শন আছিল

   "এক দেৱ এক সেৱ
     এক বিনে নাই কেও"

এই নীতি দৰ্শনকে সাৰোগত কৰি ভাৰতৰ বিভিন্ন ঠাইত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি সোণৰ অসম গঢ়িবলৈ চেষ্টা কৰিছিল।
 শংকৰদেৱে ধৰ্মত হত্যা আৰু হিংসাৰ কোনো স্থান দিয়া নাছিল। তেখেতৰ মতে ভগৱানক সন্তোষ্ট কৰিবৰ বাবে বলি দিয়াৰ প্ৰয়োজনীয়তা নাই।উৰুণ ,বুৰণ, গজন, আৰু গমন সকলো প্ৰাণীতে ভগৱানৰ স্থিতি অনুভৱ কৰিছিল।

"কুকুৰ, শৃগাল, গৰ্দভৰো আত্মাৰাম
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম"

এয়াই আছিল এই মহাপুৰুষ জনাৰ বাণী। সকলো প্ৰাণীৰ আত্মা একেই, সেয়ে সকলোকে সমানে প্ৰণাম কৰিব লাগে। এই বাণী আছিল মহামানৱতা, উদাৰতা আৰু সহৃদয়তাৰ।
     তেখেতে হিন্দু, মুছলমানৰ পৰা আদি কৰি সকলো ধৰ্মৰ মানুহকে নিজৰ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিলে। সেয়ে নিজে কায়স্থ হৈও ভায়েক ৰাম ৰায়ৰ জীয়েক কমলাপ্ৰীয়াক কোঁচৰজা নৰনাৰায়ণৰ ভায়েক চিলাৰায়লে বিয়া দিছিল। জাতি ভেদ প্ৰথা দূৰিকৰণৰ বাবেই এনে ধৰণৰ সংস্কাৰমূলক কাম কৰিছিল। 
     মহাপুৰুষৰ সাহিত্যৰাজি যদিও ধৰ্মীয় আছিল তাত সমাজ সংস্কাৰৰ বিভিন্ন দিশও পৰিলক্ষিত হয়। সমাজত প্ৰচলিত হোৱা বাল্য বিবাহ, দাস প্ৰথাৰ ঘোৰ বিৰোধিতা কৰিছিল। তেখেতৰ আৰ্দশ আৰু দৰ্শনক কেন্দ্ৰ কৰিয়েই অতীতৰে পৰা বৰ্তমানলৈকে মাজুলীবাসীয়েও নাম প্ৰসংগকে মুখ্য স্থান দি আহিছে। শংকৰদেৱৰ আৰু মাধৱদেৱেৰ মিলনৰ পূণ্য  ভূমি মাজুলীৰ ধুবাহাট বেলগুৰিতে প্ৰথমখন সত্ৰ প্ৰতিষ্ঠা কৰা হয়। বৰ্তমান মাজুলীত প্ৰায় কুৰিখনতকৈ অধিক সত্ৰ স্থাপন কৰাত, মাজুলী এখন সত্ৰ নগৰীত পৰিণত হৈছে। 
   শৰৎ কালত সমগ্ৰ দেশতে দূৰ্গা পূজাক লৈ সকলো মানুহ ব্যস্ত হৈ থকা দেখিবলৈ পোৱা যায় , সেইসময়ত সত্ৰৰ নগৰী মাজুলী হৰি নামৰ ৰসত বুৰ গৈ থাকে। কিয়নো পূজাৰ সামন্তৰাল ভাৱে শংকৰ জন্মোৎসৱ মাজুলীবাসীয়ে উদযাপন কৰে।
 তেখেতে বলি বিধান আৰু মূৰ্তি পূজা মানি লোৱা নাছিল বাবেই মাজুলীবাসীয়েও বৰ্তমানলৈকে কোনো ধৰণৰ পূজা পাৰ্বন পতা নাই। বৰ্তমান মাজুলীতো কিছু এই নীতি নিয়মৰ সালসলনি হৈছে। 
শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মত বলি বিধান আৰু মূৰ্তি পূজাৰ বিৰোধিতা বিষয়হে উল্লেখ আছে। পূজা - পাৰ্বণ পাতিব নোৱাৰে বুলি কোনো উল্লেখ কৰা নাছিল। তেখেতে এখন নিকা সমাজ গঢ়ি তুলিবলৈ উঠি পৰি লাগিছিল। যʼত জাতি-ভেদ, উচ্চ-নীচ একো নাছিল।
    এইজনা মহাপুৰুষৰ পৰলোকপ্ৰাপ্তি হোৱাৰ পাছতেই মানুহৰ মাজত সন্থা বিভাজন হ'ল। তেখেতৰ আদৰ্শ আৰু দৰ্শনক সমাজৰ কিছুসংখ্যক মানুহে বিকৃত ৰূপ দিবলৈ ধৰিলে। মানুহৰ মাজত তেখেতকলৈ খাম-খেয়ালিৰ সৃষ্টি হ'ল।
শিক্ষিত জনসাধাৰণৰ মাজত হোৱা এনেবোৰ বিষয়ে ভৱিষ্যতে পবিত্ৰ পৰ্যটন 
ঠাই মাজুলীৰ গৌৰৱৰ অৱক্ষয় হ'ব পাৰে। গতিকে এতিয়াতে সতৰ্ক নহ'লে এনে বিষয়বোৰেই সমাজৰ একো একোটা চিন্তনীয় বিষয় হৈ পৰিব।

তেজপুৰ বিশ্ববিদ্যালয় চৌহদ
ফোন নং -৯১০১৮৬০৩৫৯

অঙ্গন: পৃষ্ঠাঃ ৯
ধাৰাবাহিকঃ
৫নং খণ্ড

নিষিদ্ধ কোঠাত অবৈধ প্ৰেমৰ অপলাপ
(যোৱা সংখ্যাৰ পিছৰ পৰা)
 
ৰূপা গগৈ
 
        তিনিওজনী কলেজলৈ ওলাই গ'লোঁ । বাটতে কলেজৰ ওচৰৰ মানুহ গৰাকীয়ে আমাক লগ পাই ক'লে"---
: কলেজলৈ আহিছা । আজি ক্লাছ নহয় ।
ঃ কিয় ? আপুনি কেনেকৈ জানিলে ? তিনিওজনীৰ প্ৰশ্ন !
ঃ কি তোমালোকে গম পোৱা নাই নেকি ঘটনাটো ? 
ঃ কি ঘটনা ?
ঃ তোমালোকৰ কলেজৰ গৰিমা নামৰ কোনোবা ছোৱালী এজনী বোলে হোষ্টেলৰ কোঠাত চুইচাইড কৰিলে ! কিবা বোলে কলেজৰ কোনোবা প্ৰফেচাৰৰ লগত অবৈধ প্ৰেম আছিল । তিনিমহীয়া অন্তঃসত্বা হৈছিল বোলে । এতিয়া কলেজত হুলস্থুল লাগি আছে । থানাৰ পুলিচ আহি প্ৰফেচাৰ জনক এৰেষ্ট কৰিছে । ছিঃ নাপায় এজন শিক্ষিত মানুহ হৈ এনে ঘৃণনীয় কাম কৰিবলৈ । উঠি অহা ছোৱালী এজনীৰ জীৱনটো শেষ কৰি পেলালে । 
ঃ কি ??
  ঃ ইজনীয়ে সিজনীৰ মুখলৈ চাই ৰ'লোঁ । কিবা এটা হা না কৰিবলৈ বা মানুহ গৰাকীক এনেকৈ নক'ব বুলি ক'বলৈও আমাৰ মুখৰ মাত সৰিল ।
        মানুহ গৰাকীৰ কথা শুনি আচৰিত হৈ তেওঁক একো নকৈ আমি কলেজলৈ বেগাই গ'লোঁ । গৈ দেখোঁ ডেড্‌বডিসহ প্ৰফেচাৰক পুলিচে গাড়ীত উঠাই লৈ গৈছে । কলেজৰ ফিল্ডত গৰিমাৰ  মাক আৰু ভনীয়েকহঁতে বাগৰি বাগৰি কান্দি আছে । কোনেও তেওঁলোকক বুজনি দিব পৰা নাই । লগে লগে কলেজৰ ছোৱালী হোষ্টেল এমাহলৈ বন্ধ কৰি দিলে । হোষ্টেলত থকা ছোৱালীবোৰ ঘৰলৈ যাবলৈ ওলাল । গৰিমা , চন্দনা , নয়না ইহঁত তিনিজনী ৰূমমেট আছিল । কিন্তু চন্দনা আৰু নয়না কালি ঘৰলৈ গৈছিল । গৰিমা ৰূমত অকলেই আছিল । কলেজৰ প্ৰফেচাৰ সকলৰো মুখবোৰ ক'লা পৰি আছে । কোনেও কাকো একো ক'ব পৰা নাই । কলেজত ল'ৰা-ছোৱালীবোৰে একো বুজি পোৱা নাই এইয়া হত্যা নে আত্মহত্যা । প্ৰকৃত তদন্তত আচল ঘটনা পোহৰলৈ অহালৈ সকলোৱে বাট চাই ৰ'ল । কিবা এটা চেপা উত্তেজনাই কলেজখনত বিৰাজ কৰিলে ।
          গৰিমা ৰাণী শইকীয়া স্নাতক প্ৰথমবৰ্ষৰ বিজ্ঞান শাখাৰ এগৰাকী মেধাৱী  ছাত্ৰী । এখন ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ ঘৰখনৰ  ডাঙৰ ছোৱালী আছিল । দেখাই-শুনাই তাই জাকত জিলিকা আছিল । লাহি-পাহি  ওখকৈ মিঠা বৰণীয়া বতাহত ঢৌ খেলি থকা গলধনত পৰাকৈ কাটি থোৱা  মেঘালী চুলিৰে সৈতে ছোৱালীজনীৰ  মুখত একেৰাহে মিচিকিয়া হাঁহি এটি লাগিয়েই থাকে । হাঁহিলে টুল পৰা গাল দুখন তলৰ ওঁঠত থকা তিলটোৱে যিকোনো মানুহৰে মন সহজে তাইৰ প্ৰতি আৰ্কষণ কৰে। তাইৰ পাছত তাইক ভালপাবলৈ ঘূৰি ফুৰা ল'ৰাৰ অভাৱ নাছিল । তাইৰ লগত কোনোদিনে কথা পতা নাছিলোঁ যদিও তাইৰ ঘৰৰ বিষয়ে তাইৰ লগৰ আন ছোৱালীৰ মুখত শুনি গম পাইছিলোঁ ।  তাই পঢ়া- শুনাত ভাল আছিল বাবে মাক-দেউতাকে বহু আশা কৰি ঘৰৰ পৰা ষাঠি-সত্তৰ কিলোমিটাৰ দূৰৈৰ কলেজত নাম ভৰ্তি কৰাই দিছিল যাতে ভালদৰে পঢ়ি-শুনি তাই ভাল নাম কৰিব, ভাল চাকৰি কৰিব  । তেতিয়া ঘৰখনৰো  অলপ পৰিৱৰ্তন হ'ব । বহু সপোন বহু আশা বুকুত বান্ধি তাই পঢ়িবলৈ আহিছিল । কিন্তু কাল-ধুমুহাই সেই সপোন পূৰণ হ'বলৈ নিদিলে ।
         কলেজত সকলোৰে মুখে মুখে গৰিমা আৰু ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰফেচাৰ নন্দ প্ৰতিমৰ কথা । কিন্তু কোনেও কথাবোৰ খোলাকৈ পাতিব পৰা নাই । কাৰণ ঘটনাৰ সবিশেষ কোনোবাই জানিলে পুলিচৰ জেৰা সন্মুখীন হ'ব লাগিব বুলি । কাৰণ এইয়া হত্যা নে আত্মহত্যা সঠিক খবৰ কোনেও পোৱা নাই ।
         প্ৰফেচাৰ নন্দ প্ৰতিম এজন বিবাহিত পুৰুষ । তেওঁৰ পত্নীও কোনোবা চৰকাৰী বিভাগত চাকৰি কৰে । এহাল ল'ৰা-ছোৱালীৰ সৈতে তেওঁৰ এখন সুখী সংসাৰ । তেনেস্থলত এজন ইমান গণ্য-মান্য বিশিষ্ট ব্যক্তিয়ে এজন প্ৰফেচাৰ হিচাপে এগৰাকী ছাত্ৰীৰ লগত অবৈধ প্ৰেমৰ সম্পৰ্ক কৰিব পাৰে নে ? তেখেতৰ ছোৱালীৰ প্ৰতি দুৰ্বলতা আছে বুলি কলেজৰ বহুতকে কোৱা শুনিছোঁ । যিহেতু আমি কলা শাখাৰ ছাত্ৰী । সেয়েহে ইমান আমাৰ এইবোৰৰ বিষয়ে জ্ঞাত নহয় । যদি সঁচাকৈ তেওঁলোকৰ অবৈধ সম্পৰ্ক আছিল বুলি প্ৰমাণ হয় আৰু এই প্ৰেমৰ বাবেই যদি হত্যা বা আত্মহত্যা যিয়েই নহওক ঘটনাটো হৈছে। তেন্তে কোন স'তে তেওঁ জীয়াই থাকিব । তেওঁ এগৰাকী ছোৱালীৰ লগতে দুটাকৈ পৰিয়াল ধবংস কৰিলে । কাৰণ যদিহে কথাটো সত্য হয় তেওঁৰ পত্নীয়ে তেওঁক ক্ষমা কৰিব জানো ! যোৱা ৰাতি ঘটি যোৱা ঘটনাটো আকৌ আজি এই ঘটনাটো দুয়োটাই মোৰ মূৰত পাকঘূৰণি খাই ঘূৰি থাকিল ।
          
আগলৈ...

অঙ্গন:  পৃষ্ঠাঃ ১০
এক মিনিটৰ গল্পঃ

নিস্তেজ দুচকু 

হিৰণ ভূঞা, মুম্বাই

       বৃদ্ধাশ্ৰমৰ এটা কোঠালিত চাৰিজনী আবাসী থকাৰ ব্যৱস্থা আছে। চকুত পৰিছিল বিশেষ ধৰণে থকা আইতা এগৰাকীলৈ। পৰিস্কাৰ, ইস্ত্ৰি কৰা কাপোৰ সহ সোনৰ  অলংকাৰেৰে আইতাগৰাকীৰ আভিজাত্যৰ প্ৰকাশ পাইছিল। দুজনীকৈ ব্যক্তিগত পৰিচাৰিকাই পৰিচাৰ্য্য কৰে। তেখেত কিয় বৃদ্ধাশ্ৰমৰ বাসিন্দা হ'ব লগীয়া হ'ল! উৎসুকতাৰে অফিচত সোধাত জানিব পালোঁ, তেখেত চহৰখনৰ আধ্যৱন্ত পৰিয়াল এটিৰ উচ্চ শিক্ষিত চাকৰিয়ালৰ বোৱাৰী আছিল। বয়সৰ লগে লগে মনত থকা শক্তি কমি আহিবলৈ ধৰিলে। জীৱন সংগীৰ মৃত্যুৰ পিছত একমাত্ৰ সন্তান বিদেশৰ পৰা আহি পৈত্ৰিক সম্পত্তি বিক্ৰী কৰি দুখুনী মাতৃক বৃদ্ধাশ্ৰমৰ  বাসিন্দা কৰি থৈ গৈছে। দুজনী সহায়কাৰী সহ শকত ধনৰ বিনিময়ত। সকলো শুনি মোৰ হৃদয়ে কান্দি উঠিছিল। এক তীব্ৰ আকৰ্ষণে তেখেতৰ ফালে টানিছিল। আইতা গৰাকীৰ কাষত বহি মূৰৰ চুলিত আঙুলি বুলাই দিছিলোঁ। দুচকুৰে চকুপানী বৈ আহিছিল। বৈ অহা চকুপানী গামোছাৰে মোচি  দি, আইতা বুলি মাত লগাওঁতে লাহে লাহে নিস্তেজ হোৱা দুচকু মেলি  মোলৈ চাইছিল। সেই চাৱনিত হাজাৰ প্ৰশ্ন আছিল। মই তেখেতৰ দুয়োহাত মোৰ হাতৰ মাজলৈ আনিছিলোঁ - - - সামান্য ভৰষা দিয়াৰ বাবে - - - - বুকুখন  দাঙিব  নোৱাৰাকৈ গধুৰ  অনুভৱ কৰিছিলোঁ।

অঙ্গন: পৃষ্ঠাঃ ১১

অণুগল্পঃ
 
মহাপ্ৰস্থানৰ সময়ত
মীনাক্ষী ৰায় ডাকুৱা,
                                
         মধুমিতাই লাহে লাহে ফুলৰ থোপাটো ধীৰাজৰ ভৰিৰ ওপৰত ৰাখিলে । তেওঁৰ কপালখন চুই দিবলৈ অন্তৰত প্ৰৱল ইচ্ছা জাগিছিল মধুমিতাৰ । কিন্তু তাই নিজকে চম্ভালি ল'লে । বৰ বেছি পলম হৈ গ'ল এই জীৱনত । কেনেকৈ যে পিছপিনে পৰি ৰ'ল সকলোবোৰ । বেঙ্গালুৰুৰ পৰা প্ৰিয়ম আহি পোৱাৰ পিছত শান্ত হৈ আহিছে সকলো গুঞ্জন, সকলো ব্যাকুলতা । শৱবাহী গাড়ীখন এইবাৰ এৰিব । তাত ধীৰাজৰ নিথৰ দেহৰ লগত প্ৰিয়ম, অজস্ৰ ফুল আৰু কেইজনমান মানুহ । কাইলৈৰ পৰা আৰম্ভ হ'ব প্ৰিয়মৰ সামাজিক শোক পালন । গৌৰীৰ বৈধৱ্যতো আজিৰ পৰাই আৰম্ভ হৈ গৈছে । মধুমিতাৰো শেষ হৈ গ'ল সকলোবোৰ, অথচ শোক অব্যক্ত ৰখাৰ কলা আয়ত্ব কৰাৰ বাহিৰে তাইৰ কৰিবলৈ একোৱেই নাই । মধুমিতাৰ মনত হ'ল—ধীৰাজে জানে জানো তেওঁ গুচি যোৱাৰ পৰত তাই আৰু গৌৰীয়ে নিঃশব্দে পথ কৰি দিছে তেওঁৰ উৰ্দ্ধগামী আত্মাক, যি নাৰীয়ে বিচাৰিছিল ধীৰাজক ওৰেটো জীৱন আৰু যিগৰাকীয়ে পাইছিল—দুয়োগৰাকীয়েই !

গোলকগঞ্জ, ধুবুৰী 
ফোননং—৮৭৬১৮৬৫৮৮৫

অঙ্গন: পৃষ্ঠাঃ ১২

 দায়িত্ব

দীপাঞ্জলী তালুকদাৰ

 "এনেকৈ কৰিলে বিজ্ঞাপনটো বেষ্ট হ'ব", পৰিচালকজনে ধঁপাতৰ ছবিখন দেখুৱাই বিখ্যাত গায়িকা ৰ'জলিনাক উদ্দেশ্যি কথাষাৰ কৈ উঠিল।
ৰ'জলিনাই দুই এট কথা পাতি চুক্তিপত্ৰত শেষৰ স্বাক্ষৰটো কৰিম বুলি থমকি ৰ'ল।
    আজি পুনৰ নৱপ্ৰজন্মৰ বিশ্বাসৰ জয় হ'ল।

(ধঁপাত বিৰোধী দিৱস উপলক্ষে)

গুৱাহাটী


অঙ্গন: পৃষ্ঠাঃ ১৩

কুকুৰ 

বিনু লস্কৰ বৰুৱা

 ডাষ্টবিনটোত মনে মনে নৱজাতকটোক পেলাই থৈ আহি বিলাসী গাড়ীত বহিব লওঁতেই ডাষ্টবিনৰ কাষত শুই থকা কুকুৰটোৱে নৱজাতকৰ কান্দোন শুনি সাৰ পাই উঠিল। অচিনাকী মানুহ জনলৈ চাই ভৌ ভৌ কৈ ভুকিবলৈ ধৰিলে।

             মানুহজনে ছেই ছেই, যা যা  বুলি কুকুৰ টোক খেদি  লৰালৰিকৈ গাড়ীত উঠি তাৰ পৰা আঁতৰি গ'ল।

      দৰং ছিপাঝাৰ


অঙ্গন: পৃষ্ঠাঃ ১৪

অনুবাদ সাহিত্যঃ

“HOPE” IS THE THING WITH FEATHERS

BY EMILY DICKINSON

“Hope” is the thing with feathers -
That perches in the soul -
And sings the tune without the words -
And never stops - at all -
And sweetest, - in the Gale - is heard -
And sore must be the storm -
That could abash the little Bird
That kept so many warm -
I’ve heard it in the chillest land -
And on the strangest Sea -
Yet - never - in Extremity,
It asked a crumb - of me.

"আশা" এটি মাথোঁ পাখি লগা বস্তু

(মূল: “HOPE” Is The Thing With Feathers
 অনুবাদ: প্ৰাণ কৃষ্ণ গোস্বামী
পাখি লগা “আশা”      ) 
by Emily Dickinson

“আশা”- এটি মাথোঁ পাখি লগা বস্তু
যি বহি লয় সমস্ত হৃদয় জুৰি-
আৰু গীত গায় শব্দহীন সংগীতৰ 
আৰু, সেই সুৰ যতিহীন- সৰ্বতিকাল-
আৰু মধুৰতম, ধুমুহাৰ মাজতো- শুনা যায়-
আৰু নিশ্চয় শোকগ্ৰস্ত সেই ধুমুহা-
যি লাজ দিব পাৰিলেহেঁতেন সৰু পক্ষীটোক
যি উম দি ৰাখিছিল বহু হৃদয়-
মই শুনিছিলোঁ সেই গীত শীততম স্থলত-
আৰু শুনিছিলোঁ আশ্চৰ্যতম সমুদ্ৰত-
অথচ- কেতিয়াও- নাছিল আতিশয্য, 
ই বিচাৰিছিল এটি টুকুৰা- মোৰ হৃদয়ৰ।

(আমেৰিকান কবি এমিলি ডিকিন্সনৰ জন্ম ১৮৩০ চনত। তেওঁৰ জীৱন কালত ১৮০০ কবিতা প্ৰকাশ পাইছিল। বহু অপ্ৰকাশিত কবিতা তেওঁৰ মৃত্যুৰ(১৮৮৬ৰ) বহু বছৰৰ পিচত ১৯৫৫ চনত প্ৰকাশিত সংকলনত সন্নিবিষ্ট হৈছিল।তেওঁ প্ৰকৃতিৰ ওপৰত লিখিলেও সৰ্বাধিক কবিতা জৰা-ব্যাধি-মৃত্যুৰ ওপৰত ৰচিত। ‘আশা’ৰ ওপৰত লিখা এই কবিতাটি যোগাত্মক চিন্তাধাৰাৰে বিভূষিত বুলি আমাৰ ভাব হয়।)
     

অঙ্গন: পৃষ্ঠাঃ ১৫

Dreams

A dream of autumn in the window's twilight,
And you, a tipsy jesters' throng amidst. '
And like a falcon, having stooped to slaughter,
My heart returned to settle on your wrist.

But time went on, grew old and deaf. Like thawing
Soft ice old silk decayed on easy chairs.
A bloated sunset from the garden painted
The glass with bloody red September tears.

But time grew old and deaf. And you, the loud one,
Quite suddenly were still. This broke a spell.
The dreaming ceased at once, as though in answer
To an abruptly silenced bell.

And I awakened. Dismal as the autumn
The dawn was dark. A stronger wind arose
To chase the racing birchtrees on the skyline,
As from a running cart the streams of straws.


সপোনবোৰ

মূল ৰাছিয়ান কবিতাৰ ইংৰাজী অনুবাদ -
বোৰিছ লিওনিদভিছ পাস্তেৰনাক
 অসমীয়া অনুবাদ- অৰুণিমা শৰ্মা মহাপাত্ৰ।


আইনাৰ খিৰিকীৰ ফ্ৰেমত ওলমি আছে সপোনসনা শৰতৰ গধূলি,
বন্ধুজনৰ লগতে এতিয়া তোমাৰ হৃদয়তো উঠিছে উছৱৰ আনন্দ জোৱাৰ,
সৰগখন ছিন্ন ভিন্ন কৰি 
 চিলনি এতিয়া চিকাৰত ব্যস্ত,
 ভাঁহি আছে মোৰ হিয়াখন তোমাৰ হাততেই,
দীৰ্ঘদিনৰ পাছত বধিৰ গুঞ্জন,
চৌদিশৰ ধূসৰতা,
যেন লাহে লাহে স্পৰ্শ
কৰিছে আইনাৰ খিৰিকীৰ ফ্ৰেমক। 
 ফুলনি ডেও দি আইনাৰ খিৰিকীয়েদি সোমাই অহা অন্তিম গধূলিসময়
যেনিবা ছেপ্তেম্বৰৰ উজ্জ্বল ৰক্তিম অশ্রু বিন্দুহে।
অনেক কাল পাছত হোৱা তুষাৰপাতখিনি বৰ কোমল ভঙ্গুৰ,
আৰামী চকীখনৰ ছিন্ন চিল্কবস্ত্রৰ আৱৰণখনৰ দৰেই কোমল
তুমি চকখাই  স্খলিত কণ্ঠেৰে অৱশেষত হৈ গ'লা যে নীৰৱ,
প্ৰতিধ্বনিত ঘন্টাৰ শব্দৰ দৰে হেৰাই গৈ আছে সপোনবোৰ,
সাৰ পাই  উঠি দেখোঁ অন্ধকাৰময় হ'ল শাৰদী প্ৰভাত,
বতাহ জাকো হেৰাই গুচি গ'ল  দূৰ দূৰণিলৈ, 
যেন খেতিয়কৰ শস্যবাহী বাহনেদি ওলমি পৰা বৃষ্টিস্নাত এমুঠি তৃণ,
তথাপিওচোন আকাশখনক চেৰ পেলাই  থিয় দি থাকে অকলশৰীয়া বাৰ্চ গছবোৰ।


অঙ্গন: পৃষ্ঠাঃ ১৬

আমি যেতিয়া 

মূল বাংলা: আলতাফ হুচেইন
অনুবাদ: বাসুদেৱ দাস

আমি যেতিয়া কোনেও ক'তো যোৱা নাছিলোঁ তেতিয়া আমাৰ গল্প হৈছিল
আমি তেতিয়া কোনেও জনা নাছিলোঁ আমি বহু দূৰ-দূৰণিলৈ গৈছোঁ
ভাবিছিলোঁ একেই লগত আছোঁ, এটা ঘৰত, এখন পাৰ্কত , একেই  নিউমার্কেট

আৰু গল্প হৈছিল 
এজনে আনজনক শুনাইছিলোঁ
এজনে যেতিয়া কৈছিল আনজনে শুনিছিল।

আৰু এতিয়া সমুদ্রৰ পৰা  তিনিমাহ পাছত 
মই উভতি আহিলোঁ
আমাৰ ত্ৰিছ বছৰ বিচ্ছেদৰ পাছত 
আমি একেই লগে গল্প কৈ গৈ আছোঁ,
আৰু
আমাৰ  সমুদ্রৰ হাহাকাৰৰ গল্প 
মাটিৰ প্ৰতিবেশীৰ নৈমিত্তিক সুখ-দুখৰ কাহিনী
হলিগলি 
বতাহত গৈছে মিহলি।


অঙ্গন:  পৃষ্ঠাঃ ১৭

কবিতাঃ

কলিজা দুফাল কৰি বৈ থাকে

ৰীতা বৰুৱা

হঠাৎ নোহোৱা হয়
সচৰুৱা ৰ'দৰ ছায়া

নিমাওমাও গধূলি এটাই
মেৰিয়াই ধৰেহি বাট
বাটৰ মায়া

গধূলিৰ পদূলিৰে
ক্ৰমশঃ সোমাই অহা নিশাৰ চাদৰ ফালি
ঢিমিক্ ঢামাক্‌কৈ হ'লেও জ্বলি নুঠালৈকে
আন এটি প্ৰদীপ

কলিজা দুফাল কৰি বৈ থাকে
দুখৰ বৰলুইত ।


অঙ্গন:  পৃষ্ঠাঃ ১৮

কি এই জীৱন                

বন্দনা সন্দিকৈ                  
                                               
কি এই জীৱন !                                                 
নভৰে মন
নপলায় পিয়াহ

জীৱনৰ প্ৰতি মোহ
শেষ নোহোৱা এটা বিষাদ গাথা 
গুণগুণায় হৃদয়ৰ গোপন কোণত

নাৰী মই
মোৰ প্ৰথম আৰু প্ৰধান পৰিচয়
পুৱাৰ পৰা পাটীত পৰালৈকে অভিনয়

চলি থাকে অবিৰত
নিশা অৱগাহন কৰোঁ
অশান্ত, অনামী মহাসাগৰত

হাবু-ডুবু খাওঁ
খেৰ-কূটাকে খামুচি ধৰোঁ
সময়ৰ সʼতে বুজাবুজি কৰি
এনেকৈয়ে দিন এনেকৈয়ে ৰাতি

কাৰো সাধ্য নাই মোক বুজাৰ
স্বয়ং ভগৱানৰো
তলি উদং হ'লেও ঢাকোন মৰা
আভুৱাভঁৰা

অতি চৰম, দুৰ্বল মুহূৰ্ত্ততো
এবাৰলৈও ভবা নাই
'কিহৰ দোষত নাৰী জনম'

ভাল পাওঁ ,শ্ৰদ্ধা কৰোঁ নাৰীক
উজ্বলি থাকোঁ নিতৌ
প্ৰেমৰ জোনাকত

কি এই জীৱন !
যন্ত্ৰণাত চটফটাইও উদযাপন কৰোঁ
একো নজনাকৈয়ে
জীৱনৰ সংজ্ঞা

দিন-ৰাতি, মাহ-বছৰ অতিক্ৰমি
শেষ নোহোৱা এটা গান
ৰিণিৰিণি শুনোঁ যেন অদূৰত
পূৰ্বাভাস কল্যাণ খৰমান ।।


অঙ্গন:  পৃষ্ঠাঃ ১৯

উৎকণ্ঠিত ব'হাগ 

ড০ হৃদয় ৰঞ্জন দাস

তোৰেই শ‍্যামলী বক্ষত এহেজাৰ প্ৰত‍্যাশাৰ ৰঙীন সপোন ৰচিবলৈ উদ্বাউল 
যুগে যুগে,
কুউ, কুউ ,কুলিৰ অমিয়া সুৰত 
কুঁহি কোমলীয়া ধৰিত্ৰী চঞ্চলা হয়,
কেতেকীৰ বিননীত উজাগৰী নিশাৰ নিদ্ৰা ভগ্ন হয়,
বিৰিখৰ ডালত খামোচি বগোৱা বায় কপৌৱে হাঁহে
বিহুৱতীৰ মুখলৈ চায়,
কিজানিবা তাইৰ নেঘেৰী খোপাতে শুৱায়,
বিহুৱান হাতত লৈ 
সোণতৰা গাভৰুৰ চকুযুৰি ঘনে ঘনে নঙলামুখলৈ,
আহিব চেনাই প্ৰভাতী পদূলিৰ
নাহৰৰ সুৱাসত মতলীয়া হৈ,
বৰহমথুৰীবুলীয়া পদূম পাহি
দুওঁঠৰ পৰশত ম'হৰ শিঙৰ পেঁপাই চিঞৰে গগন ফালি
বিহুৱাৰ কিৰিলিৰ উন্মাদনাত 
একাকাৰ হৈ,
পাহোৱাল ডেকাৰ ঢোলৰ চাপৰত  
জেটুকাৰহণীয়া বাঁহপতীয়া হাতৰ ভংগীমাত
খামোচীয়া কঁকালে পাক 
মাৰি মাৰি নাচে চঞ্চলা হৈ
এফাঁকি বিহুগীতৰ উন্মাদনাত
উতলা যৌৱন লৈ,
জেংবিহু দিনতে, হুঁচৰি নিশাতে,
আকাশে,বতাহে ৰজনজনায়,
এবুকু আশাৰ বতৰা কঢ়িয়াই
আহ তই সেউজী ব'হাগ,
এছাটি প্ৰশান্তিৰ বা হৌ-হৌৱাই 
আহ তই উন্মনা ব'হাগ,
এনৈয়া সম্প্ৰীতিৰ সোঁত বোৱাই
আহ তই জাতিৰ ব'হাগ....


অঙ্গন: পৃষ্ঠাঃ ২০

সেইদিনা এজাক প্ৰচণ্ড ধুমুহা বলিছিল 
(মে' দিৱস উপলক্ষে )

নৰহৰি চুতীয়া 

সেইদিনা এজাক প্ৰচণ্ড ধুমুহা বলিছিল 
গছবোৰ শুই পৰিছিল 
ডুব গৈছিল সূৰ্যটো
ক'লা চোলা এটি পিন্ধি সাগৰত ।

টোকোৰা চৰাইজাক 
হেৰাই গৈছিল মিছিলত 
ভাগি গৈছিল 
কাঠৰোকা চৰাইজাকৰ 
দীঘলীয়া ঠোঁট ।

সেইদিনা 
ঘৰ্মসিক্ত মানুহৰ ঘামবোৰ 
বৰষুণ হৈ পৰিছিল
কঠিন শিলৰ সৈতে কথা পতা হাতুৰীৰ শব্দবোৰ 
নীৰৱে লুকাই গৈছিল 
তেজেধোৱা এখনি 
বহল ৰঙা পথাৰত ।

তেজপুৰ


অঙ্গন:  পৃষ্ঠাঃ ২১

ছায়াছবি

জৰসিং ইংতি

১.
আগলৈ যাব নোৱাৰি
চকুৰে একোকে নমনি

মই পগলা মানুহ নিজৰ মতে থাকোঁ
হাহোঁ কান্দো-ৰ'দৰ স’তে অথবা বতাহত এৰি দিওঁ নিজক!

২.
উৰি যোৱাৰ দৰে আমেজ আৰু বা ক'ত
পাখি কটা সাধু কথাৰ সীমনাত

সৰাপাত!

সৰি সৰি পৰক 
ভৰি পৰক এচোতাল

জুই

অ' মোৰ দেশৰ মানুহ
এতিয়া দিন কাল কেনে(?)

৩.
উই চিৰঙাৰ মাত
কাণৰ মলিৰে ঢকা বাট
গলি যোৱা ঘড়ীৰ সময় গলি যাওক সকলোবোৰ৷

৪.
ৰিনিকি ৰিনিকি অহা মাত এটাত বিশ্বাসৰ ফুল
নহয়তো এয়া ভুল

কথা দিয়া আধা কিলো
এপোৱা দিয়া স্নেহ

ফঁটা কাপোৰ এডোখৰত বান্ধি থওঁ
এদোণমান সুখ৷

আৰু দুখ!

৫.
কজলা ভাই বেঙুনীয়া কাইৰ খবৰ কোৱা
খহনীয়া মাতটো তাৰ

এতিয়াও বিজলুৱা নে(?)

৬.
পানীত কিবা এটা পৰা শব্দ
পানীৰ বুকুত ঢৌ

কিবা এক বুৰবুৰণি

হয় উপঙিছে লাহেকৈ

পানী-শ!

৭.
……................
……................
……................

ডিঙিত মোৰ বিন্দুৰ লানি


অঙ্গন:  পৃষ্ঠাঃ ২২

আত্মজ

ৰীণা বুঢ়াগোহাঁই

নাড়ীৰ পৰা নাড়ীলৈ দূৰত্ব কিমান মোক নুসুধিবা
একেডাল নাড়ীৰেই আঁ‌টি আঁ‌টি বন্ধা দুয়োটা শৰীৰ ।
তেজবোৰ প্ৰবাহিত হৈছিল একেডাল শিৰাৰে
মোৰ পৰা তোমালৈ ।
উশাহ তোমাৰবাবে ময়েই লৈছিলো
মোৰ উশাহ নিশাহত তুমি স্পন্দিত হৈছিলা ।
মোৰ আনন্দ বেজাৰৰ সমভাগ পাইছিলা তুমি ।
মোৰ পৰা যোত্ৰ ছিঙি 
নাড়ীডাল কাটি দিয়াৰ মুহূৰ্তত
তুমি প্ৰথমবাৰৰ বাবে কান্দিছিলা
মোক হেৰুৱাৰ বেদনাত ।
মোৰ উদৰৰ মাখন কোমল আচ্ছাদন ফালি
তুমি ওলাই যোৱাৰ দিনাই
মই তোমাক হেৰুৱালো বাস্তৱৰ ঠিকনাত ।
মোৰ উদং কোষত এতিয়া মৰিশালীৰ নিস্তব্ধতা।
     
       
         জাঁজী, শিৱসাগৰ।


অঙ্গন:  পৃষ্ঠাঃ ২৩

শ্ৰমিক

ছোনীয়া ৰাভা

যাযাবৰ ৰাতিবোৰ ধোৱা হৈ উৰে
জ্বলি জ্বলি শেষ হোৱা ধূপৰ দৰে
পেটৰ ভোকত উন্মাদপ্ৰায় দেহৰ জীয়া সপোনবোৰ
এলান্ধুৰ দৰে পৰি ৰয়

আৰম্ভ কৰাৰ সলনি সমাপ্তি কৰাৰ কৌশল সহজ
কাৰোবাৰ আশাবোৰক উলংগ কৰি শিকলি পিন্ধাই
বতাহৰ বন্ধ ঘৰ নোৱাৰি সাজিব 

মই শ্ৰমিক
মোৰ মাতৃ শ্ৰমিক
মোৰ পিতৃ শ্ৰমিক
মোৰ ভাতৃ শ্ৰমিক
মোৰ ভগ্নী শ্ৰমিক
মই শ্ৰমিকৰ বংশধৰ
শ্ৰমিক মোৰ উদাত্ত পৰিচয়

মোৰ কণ্ঠৰ শব্দবোৰক আন্ধাৰে আবদ্ধ কৰে
হালধীয়া ঘোঁৰাৰ জাকে ভাঙি চুৰ মাৰ কৰে
নিয়মৰ গধুৰ চোলা পিন্ধায়

অবশেষত ৰৈ যায়
টিপ চাকিৰ পোহৰ সৰকি অহা
ধুমুহাই উটুৱাই নিয়া ফটা কামিজখন।।

ঠিকনাঃ
দুধনৈ
গোৱালপাৰা
অসম -৭৮৩১২৪


অঙ্গন: পৃষ্ঠাঃ ২৪

কবিতা শব্দ আৰু মই 

ৰঞ্জু গগৈ

মই জানো,
হৃদয়খন বিষাদেৰে ভৰি থকা 
অস্থিৰ আৰু বিধ্বস্ত 
প্ৰিয় শব্দবোৰে তোৰ কলিজাত বহি 
কত খেল খেলে 
তোৰ সুকোমল উঠন বুকুৱেদি 
বৈ আহে লুণীয়া নদী, 
সুখ-দুখ, হাঁহি-কান্দোন, 
বাদ-প্ৰতিবাদ, পোৱা-নোপোৱা, 
প্ৰেম-বিচ্ছেদ, বেদনাৰ কত শব্দই 
নদীৰ বুকুত ঢৌ খেলে ।

তোক সজাবলৈ 
ববচা বনত সেউজীয়া শব্দ বিচাৰো 
কৰদৈ সিৰিয়া পৰ্বতৰ শিখৰত উঠি বিচাৰো 
বাখৰ খটোৱা তৰাৰ শব্দ ,
পক্ষীৰ কোলাহলত জপিয়াই ফুৰা 
শব্দবোৰ আনিব বিচাৰো, 
আবিৰে ঢাকি থোৱা ফুলৰ শব্দবোৰ 
কোঁচ ভৰাই বুটলোঁ 
তোক সজাবলৈ, 
এন্ধাৰত হাচনাহানাৰ সুৰভিয়ে 
বিয়পায় দিয়া শব্দবোৰে  
সজাই তোলো তোক।

শব্দ-প্ৰতিশব্দই মোক 
ব্যাকুল কৰে 
তোৰ সান্নিধ্য পাবলৈ ,

তোৰ সতে জীৱনৰ নিৰ্জনতাত বহি 
গাবৰ মন যায় 
ভাল পোৱাৰ গান ।


অঙ্গন:  পৃষ্ঠাঃ ২৫

প্ৰাক্তন প্ৰেমিক হ'ব খুজো

বিব্ৰত অনুপল মৰাণ

ভবাই নাছিলো,
আপুনিহীন সময়বোৰ যে ইমান কঠিন হ'ব
ভবা নাছিলো আগে,
আপুনিহীন ৰাতিটো যে ইমান গভীৰ হ'ব
জৰাজীৰ্ণ হোৱা সপোনবোৰে এন্ধাৰত হুমুনিয়াহ কাঢ়ে
গোপুতে ৰখা দুখবোৰক এন্ধাৰবোৰে গ্ৰাস কৰি আনে
এখন ৰণ আপোনাক মোৰ হৃদয়ৰ পৰা মচি দিয়াৰ
যিখন ৰণত মই প্ৰত্যেকটো নিশাতে পৰাজয় স্বীকাৰ কৰোঁ

আজিও বাৰে বাৰে ওলটি চাইছোঁ
সেই ধূলিয়ৰি বাটটোলৈ
যি বাটেৰে আপুনি আহিছিল
আনিছিল প্ৰেমৰ সৌৰভ
কিন্তু এতিয়া ঠিক সেই তৰাৰ দৰেই দূৰত্ব আপোনাৰ ঠিকনা 
ৰহস্য খোজৰ চাপত গৈ চোন নাপাওঁ কিনো দুৰ্গম মই দিশহাৰা 
মোৰ জীৱন দুষ্টব্যৰ প্ৰতি পৃষ্ঠাতে আপোনাৰেই নাম লিখিছোঁ 
অব্যক্ত অনুভৱক কলমৰ চিয়াঁহীৰে বান্ধি ৰাখিছোঁ
দিব জানো ঠাই আপোনাৰ হিয়াৰ একোণত প্ৰাক্তন প্ৰেমিক হ'বলৈ 
দিব নে অকন সময় আকৌ সেই অতীতৰ পৃষ্ঠাবোৰ খুলি চাবলৈ
ইতি আপোনাৰ প্ৰাক্তন প্ৰেমিক।


অঙ্গন:  পৃষ্ঠাঃ ২৬

বাকৰুদ্ধ সময়

ময়ূৰী শৰ্মা গোস্বামী 

সময় আজি কাৰাৰুদ্ধ 
কলম কাৰাৰুদ্ধ 
কন্ঠ কাৰাৰুদ্ধ 
তুলিকা কাৰাৰুদ্ধ
আজি গণতন্ত্ৰ মানেই বাকৰুদ্ধ 

কবিতাৰ চোতালে চোতালে
গীতৰ লয় তাল মানত
নৃত্য আৰু নাটকৰ আখৰা গৃহত
ৰং তুলিকাৰ কেনভাচে কেনভাচে
অশ্বমেধৰ ঘোঁৰা দৌৰিছে।

 কিন্তু  বেয়া সময় আতৰিবই
ধোঁৱাক ঢাকিব পাৰি জানোঁ ? 
আকাশৰ তৰাক লুকুৱাব পাৰি জানো ? 
জোৱাৰৰ পিছত ভাটা আহিবই
শীতৰ শেষত বসন্ত অহাৰ দৰেই - 
ৰাতিৰ শেষত সূৰুয উদয় হ'বই !!


অঙ্গন: পৃষ্ঠাঃ ২৭

প্ৰেমোন্মেষ আৱেশ

ৰাজেন বৰা

প্ৰাণৱন্ত পৃথিৱীৰ প্ৰেমোন্মেষ আৱেশে মোক
উচটাই উতলাই নিতে ফুচুলায়
আকাশ বতাহ নীৰ
তৰু লতা তৃণ
হিৰণ্ময় মৃন্ময় মাটি
জীৱ জড় সৰ্বত্ৰ সৰ্বাঙ্গে দেখোঁ
প্ৰেমময় প্ৰাঞ্জল প্ৰপঞ্চ
জীৱন জাঞ্জল্যৰ জাজৰি নিজৰি
নিৰৱধি বৈ থাকে প্ৰেম মন্দাকিনী
আদিগন্ত তৃষা মোৰ
ফুলাবলে’ নিশিগন্ধা
গন্ধবিৰিণাৰ আঁৰত সন্তৰ্পনা কালীগণ্ডকী তাই
চকুৰে জুকাই ,বুকুৰে লোভাই
মাতে মোক কস্তূৰীৰ সুৰভি বিলাই
প্ৰস্ফুটিত গান্ধমাৰ্দন , দিব্য উপবন
হ’ব নোৱাৰোঁ মই ধনুৰ্ধৰ ব্যাধ
নেলাগে সেই দুৰ্জেয় ঋষিত্ব
নাশিবলে’ সৌন্দৰ্য প্ৰেমৰ
খহিবলে’ পৰ্ত শিখৰ
অহৈতুকী আভুৱাক আঁতৰাই
পৰিহৰি নিশাৰ পাটীপদ্যৰ অস্থি চৰ্ম সাৰৰ মিছা অভিসাৰ
নিৰ্মোহ নিষ্কলুষ নিৰন্তৰ
সতৃষ্ণ প্ৰেমৰ পৰিধি মোৰ
পৰিব্যাপ্ত হওক  দিগন্ত প্ৰসাৰি...


অঙ্গন: পৃষ্ঠাঃ ২৮

এটা অজুহাতৰ শেষত

পৰিস্মীতা পৰাশৰ

এটা অজুহাত পালেই তেওঁ যাবগৈ...!!
মাথোঁ ৰৈ যাব শব্দবোৰ  চিৰদিন চিৰকাল...!!

চোতালৰ বকুল হাতৰ মুঠিতে ৰ'ল
তেওঁ হেনো আৰু নাগাঁথে সুগন্ধি ফুলৰ মালা...!!

ৰুদ্ৰ কামনাৰ এদিন ছন পৰিব
অহাবেলি কঠীয়া সিঁচিবলৈ তেওঁ হেনো  নাহে...

অস্থিৰ  হৈ পৰিছে উশাহবোৰ...!!
অভিধানখনৰ সকলো পাতত যেন এটাই শব্দ... বিশৃংখল...!!

হাহিঁবোৰ কৃত্ৰিম হ'ল
মন ভাল লগাব পৰাকৈ ওঁঠত  ওলমি ৰ'ল...! 
এজাক অচিনাকি মলয়াৰ হাতত যেন হৃদয়খন  বন্ধকত ৰ'ল..!!

তমসাচন্ন হৃদয়খনত
বিষাদৰ উশাহবোৰে এতিয়া চন্দ্ৰতাপ তৰিচে...
মৌনতাৰ উত্তৰ বিচৰাত 
সকলো নিৰব হৈ পৰিছে...!!

আপুনি যে কৈছিল 
ফাগুনৰ দৰে বিবৰ্ণ শূণ্যতাৰে
বিয়পি আছে আপোনাৰ বুকু
তেন্তে কওক
পলাশৰ জুইত জ্বলি থকা আধৰুৱা কলিজাটি এতিয়া কিদৰে নিচুকাওঁ...??


অঙ্গন: পৃষ্ঠাঃ ২৯

বন্ধুত্বৰ এনাজৰী
       
পাপৰি দাস

এখন চেলফি বা ফটো আৰু
তলত এটা কেপচন
"Friend's Forever,"
শেষ হৈ যায় জানোঁ...?
ভাল লগা সময়বোৰ ইমান যে...
সোনকালেই পাৰ হৈ যায়
আচৰিত লাগে!!
কেতিয়াবা অভিমানত মুখেৰে,
চুপতা-চুপতি লাগি মুখ ফুলাই...
অলপ সময়লৈ নমতা-নমতিকৈ থকা অভিমানবোৰ!
হাতৰ কনিষ্ঠ আঙুলিৰে 'কাট্ৰি' দি
ইজনীয়ে-সিজনীক নামাতো বুলি,
দৃঢ় প্ৰতিশ্ৰুতি দি খন্তেকতে 
আকৌ মতা-মতি হোৱা।
বন্ধুত্বৰ সম্পৰ্কটো এনেকুৱাই চাগে...
সময় আৰু পৰিৱেশ সদায় সলনি হয়...
কিন্তু ভাল বন্ধু আৰু সম্বন্ধৰ,
এনাজৰীদাল কেতিয়াও সলনি নহয়...।

বৰপেটা।


অঙ্গন: পৃষ্ঠাঃ ৩০

দেওশাল দেখিলো আজি

ৰিণ্টু টায়ে

চ্যুকাফাক সুঁৱৰিপ্ৰণাম যাচিলোঁ
এজাক শীতল মলয়া
ব'লিলে চৌপাশে
যেন সৰগখনে ঢুকি পালো

ওখ এটি পাহাৰৰ শিখৰৰ পৰা
ভৈয়ামৰ সমতল দেখিলোঁ

জীৱনো নহয় যুগমীয়া
ওখ এটি পাহাৰো
দেখো এঢলীয়া

সুখে-দুখে সঙ্গ কত 
জীয়া-জীয়া সমনীয়া
সপোনৰে ৰং সানি
মন মতলীয়া---

ওখ এটি পাহাৰো
দেখো এঢলীয়া

দুটি মানুহ যদি একেটি হিয়া
তাৰে নাম বোলে প্ৰেম আৰু বিয়া,
সুখে-দুখে জীয়া-জীয়া
অগ্নি সাক্ষী
সেন্দুৰ-ফোঁট কপালৰ
কিয়নো  নিজে মচি দিয়া ?

ওখ এটি পাহাৰো
দেখো এঢলীয়া---
সেই পাহাৰৰে উদাসীন শিলে
পূৰাবনে কাৰোবাৰ ৰিক্ত হিয়া?


অঙ্গন: পৃষ্ঠা ৩২

কেইটিমান কবিতাৰ স্তৱক

ৰেখা বৰকটকী

               ১
  
সূৰ্য্যফুল পাহ সকলোৰে বাবে
সুখী-দুখী, দাল-দৰিদ্ৰ কণা-কুঁজাপিটনি, জাৰণি, অট্টালিকা সকলোতে..

              ২
 
ভাল ফুল এপাহ ফুলিল
সুৱাসে আমোল-মোল
সুৱাসও মলঙিল
দুষ্ট দানৱৰ হাতত 
বিপন্ন  সময় 

              ৩

জীৱন ঘড়ী চলি থাকিল
একোটা সময়ৰ দূৰ্ভোগ,
এজাউৰি  অপবাদ
নীৰৱে - নিতালে সাম কাটিল..

             ৪
এজন সু-ব্যক্তিৰ সৈতে কিছু বাৰ্তালাপ
এজাক মৃদু মলয়াৰ
সৈতে আত্মকথন..
এটি সুমধূৰ সন্ধ্যাত
বিলীন হ'ব পৰা
এটি আবদাৰ...


অঙ্গন:  পৃষ্ঠাঃ ৩৩

কল্পনাৰ দলংখন

 ড০আৰমেদা আহমেদ

ভূগৰ্ভৰ পৰা পানী
ওপৰলৈ উঠিল,
কাটি হৈ পৰি
নৈ হয় বৈ গৈছে 
মাটিখিনি মোৰ
কাটি হৈ বৈ যোৱা
নৈখনি বুকুৰ আপোন,
যলৈকে বয় যায়
তালৈকে কলিজাৰ আঁহ ছিগা গোন্ধ ।
সীমাবদ্ধতাৰ মাজত নহয় বন্দী 
ঢৌ খেলি খেলি ক্লান্ত নোহোৱা !
নৈখনিৰ ওপৰৰ আকাশ মোৰ
আকাশৰ ওপৰেদি উৰি যোৱা
চৰাইজাক মোৰ
মাছবোৰ মোৰ
শিহুবোৰ মোৰ
নাও মেলি যোৱা নাৱৰীয়া জন মোৰ,
তথাপিও দুখে
কুলাই পাচিয়ে নধৰা 
এখন দলং সাজি লব পৰা হ'লে !
অলং দলং খেলিব পাৰিলোঁ হয়,
দলংৰ অহা যোৱা কৰা সকলো মানুহ,
নিজৰ বুলি কব শিকিলোঁ হয়।
নৈখনি বিচাৰি
সাগৰলৈ ঢাপলি নেমেলো তেতিয়া।



অঙ্গন: পৃষ্ঠা ৩৪

অৱলোকন

মঞ্জুলা দেৱী

ব'লা যাওঁ দুয়ো মিলি
নদীৰ পাৰলৈ 
সন্ধিয়াৰ সূৰুযৰ ৰাঙলী আভা পৰি
প্ৰতিফলিত হয় তাৰ বহল বুকুত
কুলু কুলু সুৰেৰে বৈ যোৱা
তটিনীৰ পাৰত
ক্ষন্তেক জিৰণি ল'ম
মুক্ত আকাশৰ তলত
পান কৰিম মুকলি বতাহ।

ব'লা যাওঁ দুয়ো মিলি
নদীৰ পাৰলৈ 
অবিচ্ছিন্ন ভাৱেৰে বৈ যোৱা
তটিনীৰ গতিধাৰাই
দুয়োকে পৰিচয় দিব
সময়ৰ সোঁতত।

জীৱনৰ লেখ থকা উমাল সন্ধিয়া
প্ৰতিক্ষণে মাতে জোনাকী বাটে।
সময়ৰ শৰ বুজি স্নিগ্ধ জোনাকত
বহিম দুয়ো পাহাৰৰ সীমনাত
তধা লাগি চাই ৰ'ম
নামনিৰ সেউজীয়া শোভা
কঁহুৱা ফুলৰ সেই সুন্দৰ দলিচা।


অঙ্গন: পৃষ্ঠাঃ ৩৫

 ঈশ্বৰৰ মুকুত

জেছমিন এচ চুলতানা

তোমাক দেখিলেই 
গোলাপৰ ফুলবোৰত
সেন্দুৰীয়া প্ৰেম দেখোঁ
স্নিগ্ধ অনুভৱটো
বুকুত সাবটিলেই
বাৰে বাৰে প্ৰেমত পৰোঁ 
তোমাৰ জিলজিলিয়া শাৰীৰ
অাঁচলৰ চিলচিলিয়া বতাহ জাকত
ঘৰ বান্ধো শয়ণে সপোনে
মিনা বজাৰৰ 
আঙুঠিটো পকেটত খামুচি
ৰৈ আছো 
শীতল স্পৰ্শৰ আত্মিক সান্নিধ্য বিচাৰি 
জোনাকৰ বুকুত, ঈশ্বৰৰ মুকুট পিন্ধি
মৰমৰ এনাজৰীত 
তুমি হোৱাহি
সহচাৰিণী।


অঙ্গন: পৃষ্ঠাঃ ৩৬

 নীলাখামৰ চিঠি

আকাংক্ষা বৰা
দেৰগাঁও

মৰমৰ ডি ইউ..
কত সপোন কত আশা কত হেপাঁহৰ ৰহঘৰা তোমাৰ বুকুত ৷ বৰ্ষণ মুখৰ সন্ধ্যা কিম্বা ঠেটুৱৈ লগা জাৰৰ 
ৰাতিবোৰৰ নিশ্বাসতো মাথোঁ তোমাৰ সঘন আহযাহ৷ সপোনৰ হেনো শেষ নাই এইয়াতো তোমাৰ পৰাই
শিকিছোঁ৷ তোমাৰ হৃদয়ৰ বাগিচাত নাহৰ ফুল হৈ ৰোৱাৰ বাবেই মোৰ কত আয়োজন৷ কিমান নো আৰু পাৰ কৰিম বিনিদ্ৰ ৰজনী ! অভিমানৰ আকাশ ওন্দোলাই আৰু তুমি কিমান দিন থাকিবা কোৱা ?
জঃচাগৰ ধূম্ৰায়িত কফি কাপত চুমুক দিওঁ চাই ৰওঁ তোমালৈ..তোমাৰ নিৰ্লিপ্ততাত মই হেৰাই যাওঁ এক 
অচিনা পৃথিৱীত..ক’ৰবাত ভুল হৈ গ’ল নেকি! মৌনতাৰ চাদৰ মেৰিয়াই আৰু কিমান দিন এনেকৈ পাৰ কৰিম
সময়! তোমাৰ কাষেৰে প্ৰথম পাৰ হৈ যোৱাৰ পৰাই কঢ়িয়াই ফুৰিছোঁ আলিংগনৰ এক আকুণ্ঠ হেঁপাহ৷
        সময়ে সাৱটি লয় সোঁৱৰণিৰ ইতিহাস..ঠিক তেনেদৰে ময়ো সাৱটি ল’ম তোমাৰ বুকুৰ ইতিহাস.. উশাহত আতুৰ হোৱা সময়ত তোমাৰ স্মৃতিৰেই আঁকি ল’ম জীৱনৰ কেনভাচ ৷
উৱলি যোৱা হৃদয়ৰ পৃষ্ঠাবোৰত নিৰ্লিপ্ততাৰ নিশ্বাসবোৰ তৰাফুল হৈ উদ্ভাসিত হোৱাৰ ৰঙতে গাই যাম জীৱনৰ মধুৰতম গান৷

প্ৰান্তত
তোমাৰ প্ৰেয়সী
 নী


অঙ্গন: পৃষ্ঠা ৩৭

অনুভৱ

এখিলা পাতত শীতৰ বতৰা

অনন্যা পূজাৰী

      শীতৰ আৰম্ভনি বাৰু ক'ত ! সেই যে আহিন-কাতি মাহত পুৱাতে দুৱৰিৰ পাতত দুটোপ নিয়ঁৰ সৰি ৰয় আৰু যে ওলমি থকা চিৰিলি পাতৰ মাজেৰে জিলিকণি তোলা কাঁচিয়লি ৰ'দজাক হেঁপাহৰ হয় ,তাৰ মানেই শীতে কুঁৱলি ফালি আকৌ এটি নতুনৰ বাট বোলায়। আনফালে শীত বুলিলেই  এই যে হেঁপাহৰ আঘোণে সোণোৱালী ৰং সানে, পথাৰৰ ঘামবোৰেও ভঁৰালৰ বুকুত ৰহণ সানিবলৈ ঢাপলৈ মেলে। মুঠতে শীত মানেই যেন এটোপোলা সামৰি ৰখা নষ্টালজিয়া।

         সময়বোৰ সলনি হ'ল, বহুসংখ্যকৰ হেঁপাহৰ ডিচেম্বৰ মাহৰ লগত এক হোৱা বনভোজ শব্দটো এতিয়া যেন কিছু হেৰোৱাৰ বাটত হ'লেও আপোনসকলৰ লগত তৃপ্তিৰ এসাঁজ, বিশেষ কাৰোবাৰ লগত সুকীয়া আমেজ বিচাৰি  অকৃত্ৰিম পৰিৱেশৰ লগত এপলক কথা পতা.... ।এইসমূহৰ পৰা আঁতৰি জানো সকলো থাকি পাৰি ! আহৰি উলিয়াই এইসমূহ উপভোগ কৰাৰ নিৰ্দেশ কেৱল যেন শীতেহে দিয়ে। য'ত লুকাই থাকে ভাল লগা এবুকু নিৰ্ভেজাল হাঁহি। 

         এই যে মাঘৰ একুৰা উমাল  জুই, তাৰ কাষত মনেৰে বান্ধ খোৱা সকলৰ লগত সন্ধিয়াৰ এপিয়লা চাহ আৰু দুআষাৰ আড্ডা ...।ইয়াৰ অবিহনে জানো শীতৰ বতৰাবোৰ আধৰুৱা হৈ নাথাকিব! কিছুসংখ্যকৰ বাবে আমেজবোৰ আৰু সোৱাদ ভৰা হ'ব যদিহে চকুৰ আগত এখন মনে মিলা কিতাপ আৰু কাণত বজা সুৰীয়া গীতেৰে এটা সেমেকা ৰাতি ,য'ত শব্দবোৰ আৱেগ ভৰা হৈ বাজে। সঁচাই শীত যেন নিজেই এটা কৈ যোৱা কাহিনী ...! 

                                                               বোকাখাত।


অঙ্গন:  পৃষ্ঠাঃ ৩৮
গল্পঃ

আছুতীয়া মন, কোঠাৰ সপোন

পিংকী শৰ্মা

      "হোলা হেৰমোচা! মানে কিনো ?" সুধিছিল তাই। দুচকু সামান্য বহলকৈ মেলি পলক নেপেলোৱাকৈ উত্তৰৰ আশাত ৰৈ থকা সেই সৰল মুখখনে, স্বতঃস্ফূৰ্ত ভাৱে ৰূপজৰ দুইওঁঠত হাঁহি বিৰিঙাইছিল। উত্তৰ দিয়াৰ সলনি বেঁকাকৈ হাঁহি আঁতৰি গৈছিল ৰূপজ, তাইৰ কাষেৰে। কপাল কোঁচাই পুনৰবাৰ ৰূপজৰ পিছে পিছে খোজকাঢ়ি সুধিছিল! ৰূপজে স্পেইন ভাষাত কোৱা "হোলা হেৰমোচা!' শব্দদুটাৰ অৰ্থ কি ? জানিবলৈ ব্যগ্ৰ হৈ পৰিছিল যেন তাইৰ মন। ব্যগ্ৰতা বঢ়াইছিল ৰূপজে! পোনপটীয়া উত্তৰ নিদি ! অৰ্থ নিজেই বিচাৰি উলিয়াব কৈছিল ৰূপজে। নাকৰ পাহি ফুলাই, উচাট মাৰি আঁতৰি গৈছিল তাই!  

          অজানিতে হুমুনিয়াহ এটা সৰে ৰূপজৰ শ্বাসনলীৰে! স্বতঃস্ফূৰ্ত ভাৱে ৰূপজৰ মুখেৰে বাহিৰ হয় এটি নাম। 
"তন্ময়া"
প্ৰতিপলে মনত দোলা দি থাকে তন্ময়াৰ মুখখন! দুইখন কাণতে প্ৰায়ে বাজি থাকে তন্ময়াৰ মাত! 
"ঐ ৰূপ ৰবাচোন! ময়ো যাম বাহিৰলৈ!" 
"ৰূপ তুমি সঁচাকৈয়ে যাবা ?" 
উদাসী হৈ পৰা তন্ময়াৰ মুখখনে এতিয়াও আমনি কৰে। প্ৰথম দেখাৰ দিনা,  তন্ময়াৰ সেই বেঁকা, বিশেষ চাৱনি ৰূপজৰ ভাল লাগিছিল! অত্যন্ত ভাললগা! কেৱল ভাললগা আছিল জানো ? 

          জীৱনত প্ৰথম বাৰলৈ নিজৰ ভৰিত থিয় হোৱাৰ, সুযোগ পাইছিল ৰূপজে। সুক্ষ্ম সুযোগ আছিল যদিও, সুখী হৈছিল ৰূপজ। অৱশ্যে, আৰম্ভণি সৰুৰ পৰাই হয়। তাৰোপৰি অভিজ্ঞতা নাছিল সেইসময়ত। কনচালটেঞ্চিৰ সহায়ত, ক'ল চেণ্টাৰৰ চাকৰিৰ ইণ্টাৰভিউটোত বাছনি কৰি, দহ জন নতুন সদস্যক ভৰ্তি কৰোৱা হৈছিল। তাৰ মাজতে আছিল ৰূপজ। প্ৰথম সপ্তাহ  ট্ৰেইনিং দিয়া হৈছিল নতুন সদস্যসকলক। ৰাতিপুৱা সাত বজাত অফিচলৈ  গৈ, উপস্থিত হ'ব লাগিব বুলি আগতেই জনাইছিল। 

        ট্ৰেইনিংৰ প্ৰথম দিনাই লাগিছিল কেণা ! আগনিশাই আৰম্ভ হোৱা মুষলধাৰ বৰষুণজাকে ৰাতিপুৱা পাঁচ বজালৈও শাম কটা নাছিল! বাৰে বাৰে চাইছিল সি আকাশখন! কিছু সময় পাছত অৱশ্যে, আঁতৰি গৈছিল আকাশৰ কলীয়া ডাৱৰ। এপাকত, সময়লৈ মন কৰি, ৰূপজে লৰালৰিকৈ, সাজু হৈছিল। 

        বৰষুণজাক শাম কাটে যদিও, মহানগৰীৰ ঠায়ে ঠায়ে পানী জমা হৈ, কিছু পথ বন্ধ হৈ পৰে! চান্দমাৰী বাছ আস্থানত হয়তো, কিমান সময়ৰ পৰা যে, যাত্ৰী সকল বাছৰ বাবে ৰৈ আছিল। প্ৰায় এঘণ্টাৰ মূৰত আহিছিল এখন বাছ! ভৰি দিবলৈ ঠাই নাছিল বাছখনত। তথাপিও কিছু লোকে ঠেলি হেঁচি সোমাইছিল বাছত। কোনো কোনোৱে দুৱাৰত ধৰি, ওলমি গৈছিল! অস্বস্তি প্ৰকাশ কৰি, হাতৰ ঘড়ীটোলৈ চাওঁতে, সেই সময়ত ঘড়ীৰ ঘণ্টাৰ কাঁটাই আঠ সংখ্যাটো চুইছিল। পাঁচমিনিট পিছতে ৰূপজৰ ফোন বাজিছিল। কল চেণ্টাৰৰ পৰা আহিছিল ফোন! প্ৰথম দিনাই সময়ত গৈ উপস্থিত নোহোৱা বাবে ফোনত দুখ প্ৰকাশ কৰিছিল ৰূপজে। ইথাৰৰ সিমূৰৰ পৰা ব্যক্তি গৰাকীয়ে বুজিছিল ৰূপজৰ অৱস্থাটো। কেৱল ৰূপজে নহয় , প্ৰায়ভাগেই উপস্থিত হোৱা নাছিল সেইদিনা! প্ৰাকৃতিক দুৰ্যোগৰ বাবে, প্ৰায়ভাগেই অফিচত উপস্থিত নোহোৱা কথাষাৰ শুনাৰ পিছতে, ৰূপজে স্বস্তিৰ নিশ্বাস এৰি ফোনৰ সংযোগ বিচ্ছিন্ন কৰে। কিছু সময় পিছত, বাওঁফালৰ পৰা কোনো যুৱকৰ মাতত মুখ ঘূৰাইছিল ৰূপজে! যুৱকজনৰ কাষতে আছিল ছোৱালী দুজনী‌। অচিন চিনাকিৰ দোমোজাত থকাৰ মাজতে, মনলৈ আহে ৰূপজৰ। ইণ্টাৰভিউৰ দিনাখন দেখিছিল সিহঁতক! ছোৱালী দুজনীৰ মাজত অলপ চাপৰ ছোৱালীজনীক দেখি, দুইওঁঠ চেপি ধৰিছিল ৰূপজে! ইণ্টাৰভিউৰ দিনাখন ছোৱালীজনীক বান্ধৱী গৰাকীয়ে নাৰ্ভাছ নহবলৈ কিমান বাৰ যে বুজাইছিল! হয়তো প্ৰথম ইণ্টাৰভিউ আছিল! সেয়ে উদ্বিগ্ন হৈছিল। কিন্তু, বাছনি কৰা হয় ছোৱালীজনীকো! 

: হাতীগাঁৱলৈ যাবা ন' ? আমিও ৰৈ আছোঁ। 

         ছোৱালীজনীলৈ চাই থকাৰ মাজতে, পুনৰ সুধিছিল যুৱকজনে। "হয়!" বুলিয়ে উত্তৰ দি, চা-চিনাকি হৈছিল সিহঁতৰ সৈতে। মানৱ, জুমি আৰু তন্ময়া! 

:তন্ময়া! 

      ঈষৎ হাঁহি নিজৰ নামটো কৈ, পুনৰ ডিঙি মেলি চাইছিল বাছ অহাৰ দিশে।  কিছু সময় পিছত নিলগত বাছ এখন আহি থকা দেখি, মানৱে কৈ পেলাইছিল। 

: এইবাৰ যেনেতেনে উঠিব লাগিব দেই! নহলে আজি আমি অফিচ গৈ নাপাম! 

: এটা কাম কৰোঁ নেকি ? আমি অকণ আগুৱাই যাওঁ! আগুৱাই গৈ উঠিলে হয়তো , ঠাই পাম। নাইবা ইয়াত মানুহ দেখিছা ?

           মানৱৰ কথাৰ প্ৰত্যুত্তৰত কয় ৰূপজে। আছিল বহুত মানুহ! বহু যাত্ৰীয়ে বাছখন দেখি যেন, উশাহহে ঘূৰাই পাইছিল। ৰূপজৰ কথা মতে, মানৱ, জুমি আৰু তন্ময়াই খৰকৈ খোজ আগবঢ়াইছিল। এসময়ত বাছখনক মানৱে হাত বাউলি ৰখাবলৈ নিৰ্দেশ দিয়াৰ পিছমুহূৰ্ততে ৰৈ যায় বাছখন! খালী নাছিল যদিও, কোনোমতে উঠি লৈছিল সিহঁত। মানৱ, জুমি উঠাৰ পিছমুহূৰ্ততে! তন্ময়াই ৰূপজলৈ চাইছিল। "উঠা আকৌ!" ৰূপজৰ কথাত মূৰ দুপিয়াই, উঠিছিল তাই। 

          ঠেলি হেঁচি বাছত উঠা তন্ময়াই যেন ভীষণ অস্বস্তি পাইছিল! স্থিৰেৰে থাকিবলৈ হাতখনেৰে ধৰিব পৰাকৈ কোনো খালী ঠাই নাছিল। ওপৰৰ লোৰ ৰ'ডডালত ধৰিবলৈ ঠাই নাছিল! এহাতেৰে বেগটো আগলৈ আনি ধৰি ৰাখিছিল। আনখন হাতেৰে ছীটতে কোনোমতে ধৰি ৰৈছিল! বাছখন ব্ৰেক মৰাৰ লগে লগেই সোঁফালে হাউলি গৈ কিমান বাৰ যে খুন্দিয়াইছিল ৰূপজৰ বাউসিত! আৰু কিমান বাৰ যে শুনিছিল ৰূপজে এটা শব্দ "চৰি!" 
হাঁহি উঠিছিল ৰূপজৰ। কিন্তু, কোনোমতে চেপি ৰাখিছিল। 

          ট্ৰেইনিংৰ দিনকেইটাত মানৱ, জুমি আৰু তন্ময়াৰ সৈতে ৰূপজৰ ভাল বন্ধুত্ব গঢ় লয়। সেইকেইদিনতে সহজ হৈ পৰে তন্ময়া। ট্ৰেইনিংৰ কম্পিউটাৰৰ সন্মুখত একেলগে বহে মানৱ, জুমি, তন্ময়া। আৰু তন্ময়াৰ কাষত ৰূপজ!  ট্ৰেইনিং শেষ হোৱা পিছত, আঠ ঘণ্টীয়া কাম আৰম্ভ হৈ গৈছিল। দিনবোৰ ব্যস্ততাৰ মাজেৰে পাৰ হয়। কথা কমকৈ কোৱা যেন লগা তন্ময়া,  আচলতে মানৱ, জুমি আৰু ৰূপজৰ বাবে আছিল  প্ৰশ্নবোধক চিন! কেৱল প্ৰশ্ন সুধিয়ে থাকে! কিছুমান কথা বুজি পাবলৈ সময় লাগিছিল তাইৰ। 

: ডাম্বো! 

          জোকাইছিল তন্ময়াক ৰূপজে। নাকৰ পাহি ফুলাই, মুখ বেকেটাই কাষেৰে পাৰ হৈ যোৱা তন্ময়াক, সি পলক নেপেলোৱাকৈ চাই ৰৈছিল! ৰূপজৰ ভাল লাগিছিল তন্ময়াক! নহয়! কেৱল ভাগলগাই নাছিল সেয়া!  ভালপোৱা। জনা নাছিল আজলীজনীয়ে চাগে সেইসময়ত। 

        বগা ৰঙৰ কুৰ্টিটো পিন্ধি যোৱাৰ দিনা, অলপ মৰম লাগিছিলনে তাইক! ডাঠকৈ কাজল সনা চকুযুৰী যেতিয়া ঘনাই পলক জপাই আছিল! অজানিতে ৰূপজৰ ওঁঠৰ কোণ বহল হৈছিল! টি ব্ৰেকৰ সময়ত পাৰ্চটো হাতত উলিয়াই, বাহিৰলৈ ওলাই যাবলৈ সাজু হয় জুমি আৰু তন্ময়া।
 "আহি থাক!" বুলিয়ে জুমি মানৱৰ সৈতে আগবাঢ়ে। এখোজ আগুৱাই গৈ, পুনৰ পিছুৱাই আহে তন্ময়া! বেগৰ চেইনডাল বন্ধ কৰিলেনে নাই, পৰীক্ষা কৰিবলৈ! অভ্যাস তাইৰ! বেগৰ চেইন বন্ধ কৰিলেনে নাই, দুই তিনিবাৰ পৰীক্ষা কৰি চোৱাটো! বেগটো পূনৰ  নিৰ্দিষ্ট ঠাইত থৈ, বাহিৰলৈ যাবলৈ সাজু হোৱা মাত্ৰকে, ৰূপজ গৈ ৰৈছিল তাইৰ কাষত! 

: হোলা হেৰমোচা! 

      সামান্য হাউলি তন্ময়াৰ কাণৰ ওচৰত কোৱা কথাষাৰত, নাক মুখ কোঁচ খাই গৈছিল তন্ময়াৰ! এসপ্তাহ আগৰ পৰাই ৰূপজৰ মুখত মাজে মাজে শুনিবলৈ পাইছিল তাই স্পেনিছ ভাষাৰ কিছু শব্দ।
"হোলা, ক'ম' এছটাছ,  আডিঅ'চ... ইত্যাদি ইত্যাদি। 
অৱশ্যে, অৰ্থ কৈ দিছিল ৰূপজে তাইক ! 

"হোলা মানে হেল্ল বা হাই
  ক'ম' এছটাছ মানে কি খবৰ ?" 
বিদায় দিয়াৰ সময়ত প্ৰায়ে কৈছিল আডিঅ'ছ! অস্বস্তি প্ৰকাশ কৰি, তন্ময়াই মৃদুকৈ গৰজি কৈছিল তেতিয়া । 

: কিনো কৈ থাকা ? বুজি চুজি নাপাওঁ! অসমীয়া ভাষা কবা মোৰ আগত! নাইবা থাপৰ খাবা!

         তাইৰ খং তুলিবলৈ বেছিকৈ কৈছিল ৰূপজে। ফেচবুকত কোনোবা স্পেনিছ ছোৱালী, ৰূপজৰ বন্ধুৰ তালিকাত সোমাইছিল! কৈছিল সেই বিষয়ে ৰূপজে তন্ময়াক! স্পেনিছ ছোৱালীজনীৰ সৈতে বৰকৈ মেচেজৰ আদান প্ৰদান চলা কথাটো শুনি, তন্ময়াই দুচকু বিশেষ অভিব্যক্তিৰে ঘূৰাই কাষৰী হৈছিল! 

       "হোলা হেৰমোচা!" শব্দ দুটা শুনি তন্ময়া হেবাং হৈ চাই ৰয় ৰূপজৰ ফালে। হাঁহি উঠে ৰূপজৰ! 

: স্পেইনৰ কোনোবা ভূতে পালে তোমাক ৰূপ!

: যি হলেও! কিবা এটা ভাল লাগে ন' ভাষাটো! 

: তোমাৰ মূৰটো! আৰু! হোলা হেৰমোচা মানে কিনো ? 

       উত্তৰ নিদি, বাহিৰলৈ খোজ আগবঢ়াইছিল ৰূপজে। পিছে পিছে অকণ বেগাবেগিকৈ আগবাঢ়ি গৈ পুনৰ সুধিছিল 

: কোৱানা ? কি হয়! 

: নকওঁ! নিজে বিচাৰি উলিয়াবা! 

           মুখ বেকেটাই, আঁতৰি গৈছিল তন্ময়া। আৰু তন্ময়া যোৱাৰ ফালে ৰ' লাগি চাই ৰৈছিল ৰূপজে।
। দুদিন পাছত তন্ময়াই লাজুকী হাঁহি এটা মুখত ওলোমাই ৰূপজৰ সন্মুখত থিয় হৈ কৈছিল! 

: থেংক ইউ! 

: থেংক ইউ কিয় ? 

: হোলা হেৰমোচা মানে কি জানিলো যে । ধুনীয়া লাগিছিল মোক সেইদিনা ? 

        সোধো নোসোধোকৈ সোধা সময়তে তন্ময়াৰ ৰঙা পৰা গাল দুখন চাই ৰৈছিল ৰূপজে। লাহেকৈ মূৰ দুপিয়ায় নিজৰ আসনলৈ গৈছিল ৰূপজ! অনুভৱ কৰিছিল ৰূপজে! তন্ময়াক কেৱল ভাল নালাগে। ৰূপজে তন্ময়াক ভালপায়! কিন্তু, ব্যক্ত কৰিব পৰা নাছিল। পিছলৈ শ্বিফ্টিং সলনি হৈছিল ৰূপজ আৰু মানৱৰ। দুপৰীয়া দুই বজাৰ পৰা নিশা দহ বজালৈ। উদাসী হৈ পৰিছিল ৰূপজ আৰু তন্ময়া উভয়ে। কিন্তু, নিৰুপায়। খুব কমকৈ লগ পাইছিল পৰস্পৰে পৰস্পৰক! ফোনত বাৰ্তালাপো কমেই হৈছিল! যি সময়ত ৰূপজ ৰুমত আছিল! সেই সময়ত তন্ময়া চেণ্টাৰত থাকে।  দহ বজাত ছুটী হোৱা পিছত ৰুমলৈ উভতি যোৱা সময়ত ৰূপজে তন্ময়ালৈ কেতিয়াবা ফোন কৰে। ভাগৰি থকা ৰূপজৰ মাতষাৰ শুনি, তায়ো বৰকৈ কথা নাপাতে তেতিয়া! অৱশ্যে, সেই সময়ত সঁচাকৈয়ে ভাগৰি থাকিছিল ৰূপজ। কল চেণ্টাৰৰ কামটোক লৈ ৰূপজ পিছলৈ অসন্তুষ্ট হৈ পৰে।

      এদিন টি ব্ৰেকৰ সময়ত জুমি আৰু তন্ময়া বাহিৰলৈ ওলাই অহা দেখি, পদপথত থিয় হৈ ৰোৱা ৰূপজ আগবাঢ়ি যায়। বহুদিনৰ মূৰত ৰূপজক দেখি, তন্ময়াৰ দুচকু উজ্বলি উঠিছিল। জুমিয়েও মিচিকিয়া হাঁহি মাৰি মাত লগায় ৰূপজক। ওচৰৰ চাহ দোকানখনলৈ আগবাঢ়ি গৈ থকা সময়তে মন কৰিছিল ৰূপজে। তন্ময়া ক্ষীণাইছে। চকুৰ গুৰিও কলা পৰিছে। 

     চাহ দোকানৰ চকীত বহিয়ে ৰূপজে কৈ দিছিল সি মুম্বাইলৈ যোৱা কথাটো!মায়ানগৰীত কিবা চাকৰি কৰি, তাত বাস কৰাটো ৰূপজৰ সপোন আছিল। ৰূপজৰ সপোন ফলিয়াব গৈ আছিল। কিন্তু, সুখী হ'ব পৰা নাছিল তন্ময়া। ৰূপজ হঠাৎ যাব ওলোৱা কথাটোত আচৰিত হৈছিল তন্ময়া। দুখী হৈ পৰে তন্ময়াৰ মন । 

: ৰূপ তুমি সঁচাকৈয়ে যাবা ? 

         আকুলতাৰে সোধা তন্ময়াৰ প্ৰশ্নটিত দুইওঁঠ চেপি মূৰ দুপিয়ায় ৰূপজে। গুচি গৈছিল ৰূপজ! সোনকালে উভতি অহাৰ প্ৰতিশ্ৰুতিৰে গৈছিল ৰূপজ। উভতি অহালৈ ৰবলৈ কৈছিল তন্ময়াক। সফল হৈ উভতি অহাৰ পিছত মনৰ কথা ব্যক্ত কৰাৰ উদ্দেশ্যেৰে গৈছিল ৰূপজ। মায়ানগৰীত উপস্থিত হৈয়ে ফোন কৰিছিল তন্ময়াক। মনৰ বেজাৰতে হয়তো, তন্ময়াই বেছি কথা নাপাতিলে। আৰু এদিন মায়ানগৰীত ট্ৰেইনত যাত্রা কৰি থাকোঁতে চুৰি হৈছিল ৰূপজৰ মোবাইল ফোন আৰু ৱালেটটো। ফোন কৰিবলৈ তন্ময়া, জুমি, মানৱহঁতৰ নম্বৰ ৰূপজৰ মনত নাছিল! মায়ানগৰীলৈ গৈ হেৰাই গৈছিল যেন ৰূপজৰ মনটো। কিছুদিন পিছত নতুন ফোনটোত ফেচবুকত বিচাৰিছিল তন্ময়াক। কিন্তু বিচাৰি নাপায় ৰূপজে। হয়তো ব্লক কৰিছিল তাই ! নতুন একাউণ্ট খুলি তন্ময়ালৈ বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছত ৰৈ থাকিছিল সি। কিন্তু প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল তন্ময়াই। চাগৈ তাইৰ খং উঠি আছিল। স্বাভাৱিকতে উঠিবই। কিন্তু, ৰূপজৰ হাতত উপায় আছিল জানো ? মানৱ আৰু জুমিকো মেচেজ দিছিল । কিন্তু, চোৱা নাছিল সিহঁতিও! তাৰ পিছত কৰ্মক্ষেত্ৰত ব্যস্ত হৈ পৰে ৰূপজ। তেনেকৈয়ে পাৰ হয় দিন, মাহ আৰু শেষলৈ দেৰটা বছৰ।

        এদিন হঠাৎ খিটিংকৈ বজা শব্দটোত চাইছিল ৰূপজে ফোনটো। জুমিয়ে ফেচবুকত মেচেজ দিছিল। ফোন নম্বৰ এটা দিছিল তাত। ফোন কৰিছিল ৰূপজে সেই নম্বৰত। ফোন কৰি শুনিবলৈ পাইছিল ৰূপজে হৃদয় ভঙা বাতৰিটো। 

: তন্ময়াৰ পৰহি বিয়া ৰূপ! বিয়ালৈ মান্তি হৈছে তাই ! কিন্তু মনৰ বিৰুদ্ধে গৈ! তুমি এবাৰ তাইক ফোন কৰাচোন! মই তাইৰ নতুন নম্বৰটো দি আছোঁ ৰবা। 

          দিছিল জুমিয়ে তন্ময়াৰ নতুন নম্বৰ। ভগ্ন হৃদয়খন লৈ কঁপা কঁপা আঙুলিৰে তন্ময়ালৈ ফোন লগাইছিল ৰূপজে। সিমূৰে ফোন উঠোৱা মাত্ৰকে কৈছিল ৰূপজে। 

: কংগ্ৰেচ্যুলেশ্বন মি আমৰ! 

        কিছু সময় মৌন হৈ ৰয় দুয়ো। কিছু সময় পিছত নাকৰ পানী উজাই, কন্দনামুৱা কণ্ঠৰে কয় তন্ময়াই। 

: এটা শব্দ ইংৰাজীত ক'লা যে ? সেইটোৰ স্পেনিছ শব্দটো নাজানা নেকি ?

: ওহহো! আই এম চৰি তন্ময়া। মোৰ ফোন চুৰি হৈছিল। 

      তন্ময়াই হুমুনিয়াহ এৰা শব্দ শুনে ৰূপজে। পুনৰ নীৰৱে ৰয় দুয়ো।  কিছু সময়ৰ পিছত মৌনতা ভংগ কৰি ৰূপজে পুনৰ মাত লগায় 

: লেবেলে আৰু ! হয় ? ইমান দিনৰ মূৰত ফোন কৰিছোঁ! ৰূপক একো নোসোধেও! বিয়া হৈ যোৱাৰ পাছত চাগে, পাহৰিয়ে যাবা তোমাৰ যে এজন ফ্ৰেণ্ড আছিল! 

: মি আমৰ মানে ফ্ৰেণ্ড হয় নেকি কিবা ?এতিয়া, কিছু কিছু স্পেনিছ শব্দৰ অৰ্থ মই জানো ৰূপ! মি আ'মৰ মানে ফ্ৰেণ্ড নহয়টো মাই লাভ হে। 

         জানে তন্ময়াই! বুজি পালে তাই ৰূপজে কোৱা শব্দৰ অৰ্থ। সুখ, দুখৰ মিশ্ৰণত ৰূপজৰ দুচকু সজল হৈ পৰে। ফোনৰ সংযোগ বিচ্ছিন্ন কৰা নাছিল।  অথচ, কথাও কোৱা নাছিল বহু সময়!  কান্দিছিল দুয়ো!  ৰূপজে মনৰ কথা ব্যক্ত কৰাত, পলম কৰিলে।  বহুত পলম কৰিলে। খং উঠে তন্ময়াৰ । গালিও পাৰে ৰূপজক! নীৰৱে শুনি গৈছে ৰূপজে তন্ময়াৰ গালি!  এসময়ত অকস্মাতে সংযোগ বিচ্ছিন্ন কৰিছিল  তন্ময়াই! পিছমুহূৰ্ততে উশাহটো সলাই, ৰূপজে পুনৰ ফোন কৰে তন্ময়ালৈ। নুঠায় তাই ফোন। কাট খাই যোৱাৰ পিছত আকৌ কৰে। দুই, তিনিবাৰ ৰিং হোৱা পিছত উঠায় তন্ময়াই ফোন। 

: খং কৰিছা ? 

: চাগে ! 

: কিয় ? 

: মনৰ কথাবোৰ খুলি নকলা তেতিয়া! এতিয়া কৈছা! তাকো চমুকৈ। এতিয়া  ক'লে কি হ'ব ৰূপ! কাইলৈ মোৰ জোৰোণ!

        উশাহবোৰ লবলৈ কষ্ট হয় ৰূপজৰ! বিৰহৰ চকুলোৱে ভিৰ কৰে ৰূপজৰ দুচকু! বুকুত বিন্ধি থকা শেল পাতে যেন বেছিকৈ খোঁচে। কন্দনামুৱা কণ্ঠৰে খোকোজা লগাকৈ কৈছিল ৰূপজে। 

: মই তোমাক কনটেক্ট কৰিবলৈ বহুত চেষ্টা কৰিছোঁ সোণ! তুমি সকলোতে ব্লক কৰি থৈছা । এইটো নম্বৰ জুমিয়েহে দিলে, অলপ সময় আগত। 

        প্ৰত্যুত্তৰ দিয়াৰ সলনি ফেকুৰিছিল তাই! পুনৰ সোধে ৰূপজে। 

: আৰু, অলপ দিন ৰ'ব নোৱাৰানে ? প্লিজ! 

: বহুত দেৰি হৈ গ'ল ৰূপ! এতিয়া মই কেনেকৈ বিয়া নহওঁ বুলি কব পাৰিম! কোৱা ? দেতাৰ হাৰ্টৰ প্ৰৱলেম আছে! মই নোৱাৰিম ৰূপ! মোক ক্ষমা কৰি দিবা! তোমাক ভালপাওঁ মই ৰূপ! ভাগ্যত নাই। কিন্তু, উশাহ থকালৈকে হৃদয়ত তুমিয়ে থাকিবা। 

        সংযোগ বিচ্ছিন্ন কৰিছিল তন্ময়াই। ৰূপজৰ হাতৰ পৰা সৰি পৰিছিল ফোনটো! অসহনীয় যন্ত্ৰণাত পাৰ হয় ৰূপজৰ দিনবোৰ! বিবেকে যদিও তন্ময়াক পাহৰিবলৈ আদেশ দিয়ে। অবুজন মনে নোৱাৰে। নোৱাৰে ৰূপজে। হৃদয়ৰ পৰা তন্ময়াৰ নাম মচি পেলোৱাটো জানো সহজ ? নহয়। সেয়া অসম্ভৱৰ দৰে।
ভঙা হৃদয়খন লৈ জীয়াই থাকে ৰূপজ। দৈনন্দিন কামৰ মাজতো আমনি কৰিব লয় স্মৃতিয়ে।  

     এমাহ পিছত, হঠাৎ ফোন আহে ৰূপজৰ মোবাইলত। জুমিৰ নামটো স্ক্ৰীণত জিলিকি উঠাৰ পিছতে, ৰূপজৰ বুকু বৰ জোৰকৈ ঢপঢপায়। আগৰবাৰ জুমিয়ে ফোন কৰোঁতে পাইছিল, তন্ময়াৰ বিয়াৰ খবৰ! দ্বিতীয়বাৰ ফোন কৰাৰ কাৰণ জনাৰ আগতে, ৰূপজৰ হাত ভৰি কঁপিছে। চাই থকাৰ মাজতে, কাট খাই গৈছিল ফোন। বাৰম্বাৰ ফোন কৰি থকাৰ পিছতো নুঠায় ৰূপজে! 
"ৰূপ! এবাৰ ফোন উঠোঁৱা প্লিজ! মাত্র এবাৰ।" জুমিৰ পৰা পোৱা মেচেজটো পঢ়ি, ভয়ে ভয়ে জুমিলৈ ফোন কৰিছিল ৰূপজে। আৰু ইথাৰৰ সিমূৰৰ পৰা জুমিয়ে ফোন ৰিচিভ কৰাৰ পিছমুহূৰ্ততে,  কঁপি উঠে ৰূপজৰ সৰ্বশৰীৰ। পাছদিনাই ৰূপজে গুৱাহাটী মহানগৰলৈ যাত্ৰা আৰম্ভ কৰিছিল!  

         " চিলিণ্ডাৰ ব্লাষ্ট হৈ, জুই লাগে তন্ময়া বাস কৰা নতুন ঘৰখনত! তন্ময়াক হস্পিতেলত ভৰ্তি কৰোৱা হৈছে।"
 পৃথিৱীখন শেষ হ'বলৈ গৈ আছিল যেন! জুমিৰ আগত অস্পষ্টকৈ কৈছিল তন্ময়াই।  ৰূপজক যেন এবাৰ তাইৰ ওচৰলৈ আহিব কয়। প্ৰাণবিহীন শৰীৰটো লৈ, চিকিৎসালয়ত উপস্থিত হয় ৰূপজ! আৰু, শুনিবলৈ পায় ৰূপজে! চিকবেডত পৰি ৰোৱা তন্ময়াই আচৰণবোৰ আচহুৱা হয়। মাকৰ বাদে কাকো নিচিনে। কোনোবা ওচৰলৈ গ'লেই! ফোপাই উঠে তন্ময়া! চিনা নাছিল স্বামীকো! এচুকৰ চকীখনত বহি  উচুপি থকা তন্ময়াৰ স্বামীয়ে কেৱল তলমূৰ কৰি উচুপি থাকে! এপাকত জুমি আগুৱাই আহি, ৰূপজক লৈ যায় আই.চি.ইউলৈ। দুৱাৰত এপৰলৈ ৰৈ, চিকিৎসকৰ পৰামৰ্শ মানি সেউজীয়া এপ্ৰন, আৰু মাস্ক পিন্ধি নাৰ্চগৰাকীৰ পিছে পিছে ভিতৰলৈ সোমাই যায় ৰূপজ। 

        প্ৰশ্নবোধক চাৱনিৰে ৰূপজৰ ফালে চাই থকা অসুস্থ তন্ময়াই পলক নেপেলায়।  তন্ময়াক চুই চোৱাৰ অনুমতি নথকা বাবে আগুৱাই যোৱা সোঁহাতখন পিছুৱাই আনে সি। 
"হোলা হেৰমোচা!" বুলি কোৱা কথাষাৰত দুচকু বহলকৈ মেলে তন্ময়াই। আৰু তেতিয়াই তাইৰ উশাহবোৰ  চুটি হবলৈ লৈছিল! 

: ৰূপক মাতি দিয়ানা প্লিজ! এবাৰ । যোৱাৰ আগত জানিব বিচাৰোঁ! মই ৰূপৰ হৃদয়ত আছিলোঁনে, নাই ? মাতিবানে ?

      ভাগৰুৱা মাতটোৰে খোকোজা লগাকৈ কোৱা তন্ময়াৰ কথাষাৰত ৰূপজৰ চকুৰে সৰে বিৰহৰ পানী। ৰূপজকে কয়, তাইৰ ৰূপক মাতি দিবলৈ!

        এসময়ত আই.চি.ইউ. ৰ পৰা উলিয়াই দিয়া হয় ৰূপজক। চাৰি পাঁচজন চিকিৎসকে  বেৰি ধৰে, তন্ময়াক! চিকিৎসকে আৱৰি ধৰা তন্ময়ালৈ চাই, ওলাই যোৱা সময়তে বিৰবিৰায় ৰূপজে।
"মোৰ সপোন তুমি তন্ময়া! ৰূপৰ হৃদয়ত থাকিবা তুমি সোণ!" 

হৃদয়ৰ ৰাণীজনী হাৰি যায়, মৃত্যুৱে এসময়ত হৰুৱাই দিয়ে তন্ময়াক। 

            বাছখন বাছ আস্থানত আহি, হৰ্ন বজাই দিয়াৰ লগে লগেই বৰ্তমানলৈ উভতি আহে ৰূপজ! গধুৰ হুমুনিয়াহ এটা সৰি পৰে ৰূপজৰ শ্বাসনলীৰে।
" দূৰ! বহু দূৰলৈ গুচি গ'লা তুমি সোণ। আধৰুৱা হৈ ৰ'ল আমাৰ ৰূপ আৰু তন্ময়াৰ কাহিনী । আধৰুৱা, অথচ বিশেষ আমাৰ প্ৰণয়ৰ কাহিনী!"- স্বগতোক্তি কৰি নিশ্বাস এৰে ৰূপজে। জিৰণি চৰাত ষ্টীলৰ আসনত বহি চাইছে ৰূপজ যাত্ৰী সকলৈ। এনেকৈয়ে তন্ময়ায়ো ৰৈ আছিল। ডিঙি মেলি বাছ অহাৰ ফালে চোৱা তন্ময়াৰ চকুযুৰী ৰূপজৰ চকুত ভাহি উঠে। চিকবেডৰ বিছনাত ৰূপজলৈ কৰা সেই কাতৰোক্তি। 
"ৰূপক মাতি দিয়ানা প্লিজ!", " যোৱাৰ আগত  মই জানিব বিচাৰোঁ! মই ৰূপৰ হৃদয়ত আছিলোঁনে নাই ? 

       দুচকু লাহেকৈ জপাই, মুখৰ ভিতৰতে উচ্চাৰিলে ৰূপজে তন্ময়াৰ নামটো।
হৃদয়ৰ নিভৃত কোণত খোপনি পুতি আছে তন্ময়া! ৰূপজৰ আছুতীয়া মন কোঠাৰ সপোন, তন্ময়া! কৰ্ণকুহৰত আজিও বাজে প্ৰণয়ৰ ৰিণি!  আজীৱন থাকিব! এই জনমত নহ'ল। অহা জনমত চাগৈ পূৰ হ'ব, তাৰ আছুতীয়া মন কোঠাৰ সপোনটো। 


.....সমাপ্ত....


      গুৱাহাটী
       

অঙ্গন:  পৃষ্ঠাঃ ৩৯
  
 চৰিত্ৰহীনা

বৃষ্টিশিখা দত্ত
          
   নিসংগতাই আবৰি ৰখা নীলাঞ্জনাই প্ৰতিদিনে কথা পাতে  অস্তাচলৰ সূৰুযৰ সৈতে। আনদিনাৰ দৰে আজিও ভাবত বিভোৰ হৈ থাকোতে কেতিয়ানো  সূৰুযে মেলানি মাগি ৰূপালীমৰ আগমন হ'ল তাই গমকে নাপালে! শৰৎ মাহ! বিঢৌত জোনাকত জিলিকি উঠিল বুটা বচা এখনি নীলা চাদৰ!শুকুলা মেঘে তাতে খেলি আছে লুকা-ভাকু। কি যে নৈসৰ্গিক দৃশ্য। এজাক মৃদু মলয়াই নীলাঞ্জনাৰ গালে-মুখে চুমি গ'ল। মনটোও নীলিমৰ বুকুৰ কপহুৱা মেঘৰ দৰে নাচি উঠিল। হঠাৎ ক'ৰ পৰা জানো নামি আহিল এচমকা কলীয়া ডাৱৰ। ডাৱৰ চপৰাই যেন বাৰে বাৰে নীলাঞ্জনাৰ বুকুত আঘাত সানিছে। অথচ মূকবধিৰ দৰে চাই আছে কলীয়া ডাৱৰচপৰাৰ সৈতে শুকুলা মেঘৰ অঘোষিত এখন যুঁজ। হাৰ মানিলে ডাৱৰ চপৰাই। ক্ষত-বিক্ষত হৈ প্ৰাণ ভিক্ষা মাগি যেন আঁতৰি গ'ল ডাৱৰৰ টুকুৰাবোৰ! পুনৰ চঞ্চলা হৈ  নাচি উঠিল নীলা চাদৰৰ আঁৰে আঁৰে শুকুলা মেঘ। কিবা এক অজানা সুখত কবনোৱাৰাকৈয়ে তাইৰ ওঁঠজুৰিতো  হাঁহি নিগৰিল!বুকুখন ডাঠ হৈ সাহস পালে তাই।

    এনেএটি স্ফটিক জোনাকৰ বুকুতে তাইৰ জীৱনলৈ এদিন নামি আহিছিল প্ৰতিশ্ৰুতিৰ বন্যা! দুয়ো দুয়োৰে লগত এক হোৱাৰ! কিমান মধুৰ আছিল সেই সময়বোৰ! সেই দিনবোৰ! কৰ্ণকূহৰত আকৌ প্ৰতিধ্বনিত হ'ল অবিনাশৰ কথাবোৰ! প্ৰতিশ্ৰুতিবোৰ!
    এনেএজাক ফিৰফিৰিয়া বতাহ আৰু মায়াবী জোনাকৰ সৈতে এটি সংগীতময় গধূলিতে নীলাঞ্জনা দুৱৰাই  লগ পাইছিল অবিনাশ চৌধুৰীক। ওখ -পাখ, হৃষ্ট-পুষ্ট মাগুবৰণৰ এজন চফল ডেকা। পেশাত ইঞ্জিনীয়াৰ!প্ৰথম চাৱনিতে এজনী গাভৰুৰ মন জয় কৰিব পৰা গুণৰ অধিকাৰী। প্ৰথমে দুয়োৰে মাজত বন্ধুত্ব পিছলৈ প্ৰেম! এই প্ৰেম নীলাঞ্জনাৰ বাবে আছিল গভীৰ আস্থাৰ প্ৰেম। বন্ধুত্বৰ পৰা প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াওঁতে প্ৰথমে নীলাই অস্বীকাৰ কৰিছিল যদিও অবিনাশৰ অনুসন্ধিৎসু আৰু সৃষ্টিশীল মনটোৰ প্ৰতি তাইও বৰকৈ আকৰ্ষিত হৈছিল!
   অবিনাশে নীলাক কৈছিল-বন্ধুত্ব মানেই এখন ৰামধেনু য'ত থাকে বিশ্বাস, আস্থা, প্ৰেম, ভালপোৱা, নৈতিকতা, হৃদয়ৰ অনাবিল সুখ আৰু আনন্দ!সেয়ে মই তোমাক বিচাৰোঁ। একেবাৰে আপোন কৰিব বিচাৰোঁ!অনাগত সময়ত তোমাৰ সুখ-দুখৰ সমভাগী হৈ আজীৱন একেলগে থাকিব বিচাৰোঁ নীলা! তুমি মোক বুজিবলৈ এবাৰ চেষ্টা কৰা নীলা--প্লীজ তুমি না নকৰিবা!
      অবিনাশৰ কথাত নীলাৰ হৃদয়তো অনুৰাগৰ অনুৰণন !কব নোৱাৰাকৈয়ে তাই কৈছিল-
"প্ৰেম হেনো এনেকুৱাই।কেতিয়াবা আৱৰণ খুলি হৃদয় জুৰায়।"
      অবিনাশৰ উজ্জ্বল চকুত জিলিকিছিল গভীৰ প্ৰশান্তি।নীলাৰ দুহাত খামুচি বুকুৰ মাজলৈ টানি লৈ গৈছিল আৰু নীলাক আকুলতাৰে কৈছিল-
    "দিবানে মোক স্বাধীনতা মুক্ত বিহংগৰ দৰে পান কৰিবলৈ প্ৰেমৰ অলকানন্দা!কোৱানা নীলা --এবাৰ কোৱা!!তোমাৰ মুখেৰে শুনিবৰ বৰ ইচ্ছা হৈছে।"

     এনেকৈয়ে দুয়ো আগবাঢ়িছিল বন্ধুত্বৰ পৰা প্ৰেমৰ সাগৰলৈ! হাতে-হাত ধৰি গভীৰ আস্থাৰে সাঁতুৰিছিল দুয়ো পৰস্পৰে পৰস্পৰক আপোন ভাবি।কেতিয়াবা আব্দাৰ-অভিমান কৰিছিল এজনে আনজনৰ ওচৰত। সেই সময়খিনি সিহঁতৰ বাবে কিমান কষ্টকৰ আছিল। নীলাই অন্ধৰ দৰে বিশ্বাস কৰিছিল অবিনাশক।আকাশৰ দৰে বিশাল, সাগৰৰ  গভীৰ আছিল অবিনাশৰ প্ৰতি তাইৰ প্ৰেম। অবিনাশৰ আব্দাৰ অভিমানবোৰ ভাঙিবলৈ তাই সকলো কৰি গৈছিল! এদিন অবিনাশৰ ইচ্ছাৰ ওচৰত তাই নিজকে অৰ্পণ কৰিব লগা হৈছিল!মনত আপচোচ আছিল যদিও অবিনাশৰ সুখৰ বাবে সকলো কৰি গৈছিল! তাই অবিনাশক বিয়াৰ কথাও কৈছিল-
   "অভি এইদৰে আমি থকাতকৈ বিয়াখনকে পাতি লোৱা ভাল হ'ব! কাৰণ তুমি-মই দুয়োয়ে স্বাৱলম্বী!
    কিন্তু আকাশে ওলোটাই নীলাঞ্জনাক প্ৰশ্নহে কৰিলে-তুমি মোক সন্দেহ কৰিছা ? মই তোমাক এৰি যাম ? বিশ্বাস নাই তোমাৰ ?ভাল পাঁও তোমাক ? বিয়া এতিয়াই পতাতকৈ আমি চোন লিভিং টুগেদাৰৰ দৰে থাকিব পাৰো!
     সিদিনা অবিনাশৰ ব্যৱহাৰত অলপ আচৰিত হৈছিল যদিও তাৰ প্ৰতি থকা অগাধ আস্থা আৰু বিশ্বাসৰ বাবে  তাইৰ সৰল মনটোৱে একো প্ৰতিবাদ নকৰিলে।
   তাৰ এসপ্তাহৰ পিছতে শিলচৰলৈ অবিনাশৰ ট্ৰেঞ্চফাৰৰ অৰ্ডাৰ আহিল!নীলাঞ্জনাৰ হৃদয়ত সৃষ্টি হ'ল আলোড়ন! অবিনাশ ইমান দূৰত থাকিব! পাৰিবনে তাই অবিনাশক নেদেখাকৈ থাকিব! মনৰ ভিতৰত আবেগৰ ঢৌ বোৰে বৰকৈ হেন্দুলিয়াব ধৰিলে। অবিনাশ যাবলৈ ওলাল! অবিনাশক বিদায় দিবৰ বাবে তাৰ পেকেজ বোৰ ৰেডি কৰি দিবৰ বাবে নীলাঞ্জনা অবিনাশৰ কোৱাৰ্টাৰলৈ গ'ল!আবেগ বিহ্বল এটি মুহুৰ্তত দুয়ো দুয়োকে সাৱটি ধৰিল বহু সময়! উশাহবোৰ এক হ'ল কব নোৱাৰাকৈয়ে!
       অবিনাশ গ'লগৈ--। নীলাঞ্জনাই গোপনে বুকুত সামৰিলে সুখাস্মৃতিবোৰ।প্ৰথম কেইদিনমান অবিনাশে নীলাঞ্জনাৰ খবৰ কৰি আছিল! লাহে লাহে খবৰ লবলৈ সময় নোহোৱা হ'ল।নীলাৰ ফোনো ৰিচিভ নকৰে!কেতিয়াবা ব্যস্ত থকাৰ অজুহাত দেখুৱাই ফোন কাটি দিয়ে।

    এদিন তাইলৈ অবিনাশৰ পৰা এটা অনাকাংক্ষিত মেছেজ আহিল-"মোৰ সৈতে মোৰ পত্নী আৰু মোৰ ছোৱালী থাকে। তোমাৰ দৰে চৰিত্ৰহীনা ছোৱালী এজনীয়ে মোৰ সংসাৰ ভঙাৰ বৃথা চেষ্টা নকৰিবা"
   নীলাঞ্জনা মূৰত সৰগ ভাগি পৰাৰ দৰে হ'ল! এইয়া কি মেছেজ ? অবিনাশ চৌধুৰী বিবাহিত ? প্ৰফেচৰ নীলাঞ্জনা বৰুৱা এজনী চৰিত্ৰহীনা ছোৱালী ? ইমান গভীৰ আস্থা আৰু বিশ্বাসে কেনেকৈ প্ৰতাৰণা কৰিব পাৰে! নে বিশ্বাস নামৰ শব্দটোৱে বিশ্বাসঘাটক ?
     নীলাঞ্জনাৰ এতিয়াহে অনুভব হৈছে "সঁচাই আকাশ মানে শূণ্যতা। এই শূণ্যতাক হাতেৰে ধৰি ৰাখিব নোৱাৰি!নীলাকাশৰ বিশালতাত জিৰাব নোৱাৰি মাথোঁ দুচকুৱে উপভোগহে কৰিব পাৰি।" সেয়ে আজি ৩০টা বছৰে উপভোগ কৰি আছে মাথোঁ নীলাকাশৰ নৈসৰ্গিক দৃশ্য !


অঙ্গন:  পৃষ্ঠাঃ ৪০

বিপৰীত মেৰুত সম্বন্ধ

বিষাদ ৰঞ্জন বৰবৰা
যোৰহাট

       কৰ পৰা কি হৈ গ'ল ! কথাবোৰ আজিও ভাৱি থাকে  অভিৰঞ্জনে। কথাবোৰৰ জটিলতালৈ সোমাই গ'লেই তাৰ বিশ্বাসৰ ওপৰত আস্থা হেৰাই। বিশ্বাস কৰিয়েই তাৰ আৰু সিহঁতৰ মাজত হোৱা কথাবোৰ সি ৰেকৰ্ডিং কৰি থোৱা নাছিল। সি ভাৱিছিল মৰম আৰু শ্ৰদ্ধাৰে আৱৰি থকা পৃথিৱীখনত সি কাহানিও ঠেকা নেখাব। পিছে কথাটো তেনেকোৱা নহ'ল। অৱশেষত তাক ঘৃণাৰ পাত্ৰ সজাই সকলোৰে মাজৰ পৰা অকলে থাকিবলৈ বাধ্য কৰা হ'ল। আজিকালি তাক যেন তেজৰ সম্বন্ধইও চিনি নেপায়। প্ৰতি মূহুৰ্ততে তাক উপহাস কৰা হয় , তাক অৱজ্ঞা কৰা হয়। সেয়ে তাৰ কাৰো ওপৰতে বিশ্বাস নোহোৱা হ'ল আজিকালি। যিমানে সি সম্পৰ্কবোৰ আগৰ দৰে মধুৰ কৰিবলৈ চেষ্টা কৰিছে সিমানেই যেন তাক উপলুঙা কৰি আঁতৰি গৈছে তাৰ আপোন মানুহবোৰ। ইয়াৰ কাৰণ বিশ্লেষণ কৰি অভিৰঞ্জনে যে কাহানিও নিজক সমালোচনা কৰা নাই বা অনুসুচনাত ভোগা নাই তেনে নহয়। তাৰ হাঁহিৰ আঁৰৰ চকুলো কেৱল সি হে দেখে। সি হে বুজে তাৰ বুকুৰ বেথা। প্ৰতিক্ষণত শুধৰণিৰ এটা বাট বিচাৰি বিচাৰি হাহাকাৰ কৰি ভাগৰি পৰা অভিৰঞ্জনে এতিয়া অনিচ্ছাস্বৰ্তেও পথ সলনি কৰিবলৈ বাধ্য হৈ পৰিছে। তাৰ অভিযোগ এটাই সকলো ভুলৰ যদি শুধৰণি থাকে তেন্তে সেই শুধৰণিৰ বাবে তাক সুবিধা দিয়া নহ'ল কিয় ? খং আৰু অভিমানত হঠাৎ ওঁঠৰ ফাঁকেৰে নিগৰি অহা এটা শব্দৰ বাবেই ইমান কঠোৰ শাস্তি বিহা হ'ল তাক। যাৰ বাবে সি হস্তাঙ্গে ক্ষমাও খুজিছিল সকলোৰে ওচৰত অথচ তাক অবজ্ঞা কৰা হ'ল। তিৰস্কাৰ কৰা হ'ল। উপলুঙা কৰা হ'ল। আৰু এই সমস্তবোৰত কেৱল কিছুমান দূৰ সম্পৰ্কই নহয় তেজৰ সম্পৰ্কও জড়িত হৈ পৰিল।
              সেই দিনটো জানো সি পাহৰিব পাৰিব। যিদিনা ৰাতি তাৰ বাবে বাট চাই আছিল এই অবাঞ্চিত ক্ষণবোৰে। সিদিনা আছিল ভোগালী বিহুৰ উৰুকা নিশা। সি Hawalder Promotional trainingৰ বাবে Madhyapradeshৰ Nimachত আছিল। সি দিনত সকলোৰে লগত হাঁহি মাতি দুই এষাৰ কথা পাতি সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি ৰাতিলৈ শুই পৰিছিল। শোৱাৰ আগ মুহুৰ্তত সি ঘৰলৈ ফোন কৰি জনাইছিল যে ল'ৰাটোৰ মৰমৰ হাঁহ "মিকু"ক ভিতৰত ভৰাই থোৱা। কাৰণ সি মানুহৰ লগত থকা সেয়ে মানুহ দেখিলে সি ওচৰচাপি আহিব আৰু সুবিধাতে চোৰে তাকেই নিব। কিন্তু ৰাতি তালৈ সেইটো বাৰ্তা দিয়ে ঘৈনিয়েকে ফোন কৰিলে যিটো সি বিচৰা নাছিল। সি ঘৈনিয়েকক যিমান বকিব লাগে বকি ততাতৈয়াকৈ ভেলাঘৰত থকা ভায়েক সম্বন্ধীয় ডেকাহঁতলৈ ফোন কৰিলে

: হেল্ল' ৰঞ্জন। আমাৰ ঘৰৰ পৰা বোলে হাঁহ এটা আনিছে। কেনেবাকৈ তহঁতৰ তাত ওলাইছিলহি নেকি ? যদি আহে তেতিয়া এটা কাম কৰিবি সিহঁতক কবি যে সেই হাঁহটো থৈ অন্য দুটা মতা হাঁহ আছে তাকে লৈ আহিবগৈ। কিন্তু সেই হাঁহটো থৈ আহিবলৈ কবি। নহ'লে ৰাতিপুৱা ল'ৰাটোৱে হুলস্থুলখন লগাব।
    তাৰ কথাত সিমূৰৰ পৰা উত্তৰ আহিল " আমাৰ ইয়াৰ পৰা কোনো যোৱা নাই। আমি ভেলাঘৰতে বহি আছো।" সি কথাষাৰত মান্তি হৈ ফোন কাটিলে। সি ভাবিলে ওচৰতে এখন ফাৰ্ম আছে হয়তু সিহঁতেও ভোগালী বুলি এইভাগি কাম কৰিব পাৰে। সেই বুলি সিহঁতলৈও ফোন লগালে পিছে নাই সিহঁতেও অনা নাই বুলিয়ে ক'লে। ওচৰৰ যিমান ভেলাঘৰ আছে প্ৰায় সকলোবোৰলৈ ফোন কৰি ভেলাঘৰৰ কাম নহয় বুলি সি থিৰাং হ'ল। কিন্তু লগে লগে তাৰ খংটোও উঠি আহিল। সেয়ে সি ফেচবুকতে লিখিলে
" আমাৰ "মিকু"ক আজি চোৰে নিলে। মই দুই এঠাইলৈ ফোন কৰিছিলো। সেই হাঁহটো থৈ অন্য দুটা হাঁহ আনিবলৈও কৈছিলো ভাইটিহঁতক। পিছে সিহঁতি চোৰ কৰা নাই বুলি জনালে। সেয়ে হাঁহটো যিহেতু মানুহৰ দৰে ডাঙৰ হোৱা গতিকে ঘৰখনৰ শান্তি আৰু তাৰ আত্মাৰ শান্তিৰ বাবে কালিলৈ দুমাহি দিনা নাম ঘৰত চাকি এগচ দিবলৈ ক'ব লাগিব।" এই পষ্টটো দি পষ্টটোত দিয়া দুই এটা কমেণ্টৰ উত্তৰ দি সি শুই থাকিল। 
           ৰাতিপুৱা শুই উঠিয়ে একেইটা বিষয়ৰ ওপৰতে তালৈ ফোন কৰা হ'ল‌। তাহাঁতৰ হাঁহটো চোৰ কৰি ওচৰৰ পুলটোতে মাৰি পখীয়াই থৈ যোৱাৰ উপৰিও বাৰীৰ কুঁহিয়া আৰু ওলকবিও চোৰ হৈছে লগতে ওলকবিৰ ওপৰত গোটখা খাই পিকাই থৈ যোৱা হৈছে‌। এই কথাবোৰে তাৰ খঙটো আকৌ তুলি আনিল। সি পুনৰ ফেচবুকত দুটামান পষ্ট লিখিলে। তাৰে এটা পষ্টত সি লিখিলে " এই চোৰ কৰি ফুৰা মানুহবোৰ জহৰা সন্তান। চাল্লা তহঁতৰ যদি ইমানেই খকে ধৰিছিল মোক ক'ব লাগিছিলে। মই তহঁতৰ সাত পুৰুষলৈ মাংস খোৱাই থাকিলোহেঁতেন।" এই কথাষাৰে কি প্ৰতিক্ৰিয়া কৰিব পাৰে সি সেই সময়ত ভবা নাছিল। কিন্তু পিছ মূহুৰ্ততে কথাষাৰক লৈ গাঁৱৰ সৰু ল'ৰা এজনে তাক বেয়াকৈ কোৱাতহে তাৰ উপলব্ধি হ'ল সি ভুল কৰিলে। সি লগে লগে গাঁৱৰ ল'ৰা দুজনক Conference কৰি কথা পাতিলে। তাক বেয়াকৈ কোৱা ল'ৰা জনকো conferenceত ল'বলৈ বিচৰা হৈছিল যদিও সি ফোন ৰিচিভ নকৰিলে।

: হেল্ল ৰঞ্জন, পল। যিটো কথাৰ বাবে তহঁতৰ খং উঠিছে প্ৰকৃতাৰ্থত কথাটো মই তহঁতক উদ্দেশ্যি কোৱা নাছিলো। তহঁত মোৰ সৰু ভাই গতিকে তহঁতক কিয় তেনেকৈ কম। আৰু তহঁতৰ ওপৰত মোৰ আক্ষেপ থকা হ'লে মই তহঁতক প্ৰথম ফোনতেই বেয়াকৈ ক'লোহেঁতেন। মই জানো তেনেকোৱা কিবা কৰিছোঁ।....
: দাদা ৰব মই আপোনাৰ কথাখিনি ৰেকৰ্ডিং কৰি থওঁ কাইলৈ সকলোকে শুনাই দিম। পলে তাক এনেকৈ কৈ কথাখিনি ৰেকৰ্ডিং কৰিলে।
: উম ঠিক আছে বুলি কৈ সি পুনৰ আৰম্ভ কৰিলে। চা ভাই চুৰি কোনে কৰিছে মই নেজানো। বাৰু যি কৰিলে কৰিলে এতিয়া কথা হ'ল তহঁতক উদ্দেশ্যি মই একো কোৱা নাই। এই কথাবোৰ মই তহঁতক ক'বও নোৱাৰো আৰু নকওঁও। তথাপিও মোৰ কথাকেইষাৰে তহঁতৰ মনত আঘাত দিলে। তহঁতক দুখী কৰিলে তাৰ বাবে মই তহঁতৰ ওচৰত হাত যোৰ কৰি ক্ষমা খুজিছোঁ। তহঁতে মোক ক্ষমা কৰি দিবি। লগৰবোৰক কথাষাৰ বুজাবি আৰু চুমিকো কবি।"
: বাৰু ঠিক আছে আপোনাৰ কথা আমি লগৰখিনিক  শুনাম। সিহঁতে কি কয় ক'ব।সিমূৰৰ পৰা ফোন Disconnect কৰা হ'ল। সিও নিচিন্ত হৈ শুই থাকিলে।
            
          মাঘ বিহু শেষ হ'ল ইফালে তাৰো ট্ৰেইনিং শেষ হ'ল। সি নিজৰ ইয়ুনিটলৈ আহি ব'হাগত এটা নতুন মন লৈ ঘৰলৈ আহিল। কিন্তু ঘৰলৈ আহি সি একেবাৰে ওলোটা এটা পৰিবেশৰ সন্মুখিন হ'লহি। যিখিনি ল'ৰাই প্ৰতিটো কথাতে তাৰ লগত সমনীয়াৰ দৰে ধেমালি কৰিছিল সেইখিনি ল'ৰাই তাক মাতিবলৈকে টান পোৱা হ'ল। সি চেষ্টা কৰিলেও সিহঁতে তাৰ চকুলৈও নেচাই। অৱশেষত সি ইচ্ছা থাকিলেও গাঁৱৰ হুচৰিত যোগ দিব নোৱাৰিলে। দিন বাগৰিল গাঁৱৰ বিহু সিদিনা সিহঁতৰ চুকত। সি আৰু তাৰ পৰিয়ালটিয়ে হাতত শৰাই লৈ ৰৈ থাকিল পিছে সিহঁতৰ ঘৰত হুচৰি নোসোমাল। কিন্তু ওচৰৰে প্ৰমোদাৰ ঘৰত দুবাকৈ হুচৰি গোৱা হ'ল। সি কথাৰ গুৰি ক'ত ভালকৈ বুজি পালে। পিছ দিনা সম্পাদকক লগ কৰিলে। লগ কৰি সকলো কথা পাতি ল'ৰাখিনিকো লগ কৰিলে। সি কথাবোৰ ইমানতে শেষ হওক বুলি সম্পাদকক মিটিং এখন দিবলৈও কৈ আহিল। সম্পাদকৰ লগতে ল'ৰাখিনিয়ে সন্মতিও জনালে। কিন্তু পিছদিনা মিটিং দিয়া নহ'ল। কথাৰ প্ৰসঙ্গত ওচৰৰ দদায়েক এজনৰ পৰা গম পালে যে প্ৰমোদাই কৈছে " তাৰ দৰকাৰ সি মিটিং দিয়ক। আমি কিয় দিম।" মানে মিটিংখন দিবলৈ ল'ৰাখিনিক বাধা দিয়া হ'ল। সি যি হ'ল হ'ল অহা বছৰ সকলো ঠিক হৈ যাব বুলি ভাবি সি পুনৰ কৰ্মৰস্থান পালেগৈ।

      প্ৰথম বছৰৰ দৰে পিছৰ বছৰো তাক অবজ্ঞা কৰা হ'ল। কোনো জাননী জাৰি নকৰাকৈয়ে তাক যুৱক সংঘই ত্যাগ কৰিলে। সি নীৰবে গৰল পি পি চকুলো টুকি থাকিল। তাৰ এই সময়খিনিত সহযোগ কৰাটো দূৰৰ কথা তেজৰ সম্পৰ্কবোৰেও তাক এৰাই চলিবলৈ ল'লে। কেৱল এৰাই চলাই নহয় তাৰ দূৰণিৰ বন্ধুবোৰৰ আগত তাৰ সম্পৰ্কে বেয়াকৈ কৈ নিজৰ শুদ্ধতাৰ প্ৰমাণ কৰাত লাগিল। কথাবোৰে অভিৰঞ্জনক বৰ বেয়াকৈ আঘাত কৰিলে। আজি তিনিটা বছৰে তেজৰ চকুলো টুকি টুকি অৱশেষত অভিৰঞ্জনে সকলোকে ত্যাগ কৰি কিছু নতুন সম্বন্ধৰ আশাত ওচৰৰ গাঁৱখনৰ কেইজনমান দদায়েক সম্বন্ধীয় লোকৰ লগত কথা পাতি তাৰ মনৰ কথা জনালে। তেওঁলোকে তাক আদৰি লোৱাৰ প্ৰস্তাৱ দিলে। সি সন্তুষ্টিৰ হাঁহি মাৰি নৱ যাত্ৰাৰ বাবে সাজু হৈ পৰিল। 
             
              এখন বিশাল সমাজত তাৰ উঠা বহা। সাহিত্যৰ সমাজখনত সি বহুতকে লগ পাইছে। বহুতেই তাৰ সহযাত্ৰী হৈ খোজত খোজ মিলাইছে। আজি বিশেষ একো বুলি তাৰ নাম নেথাকিলেও বিশাল অন্তৰৰ কিছু বহল মনৰ মানুহে তাক প্ৰতিনীয়ত সহযোগ কৰি থাকে। সি আজি অকলসৰীয়া নহয় তাৰ লগত এখন বহল সমাজ আছে। তথাপিও জানো তেজৰ সম্বন্ধই দিয়া যন্ত্ৰণাক সি পাহৰি থাকিব পাৰিছে ? সিনো কি বিচাৰিছিল মৰমৰ এষাৰ মাত ! তাৰ পৰাও বঞ্ছিত কৰা সেই সম্বন্ধবোৰক সি বাৰু খোকোজা নথকাকৈ আজীৱন পালন কৰি যাব পাৰিবনে ? পাৰিবনে তাৰ সন্তানক সৎ উপদেশ আৰু সম্বন্ধৰ সম্পৰ্কে ধনাত্মক জ্ঞান দিবলে। কথাবোৰ ভাবি ভাবি আজিও অভিৰঞ্জনে কোনো সঠিক উত্তৰ বিচাৰি নেপায়।।।


অঙ্গন: পৃষ্ঠা ৪১
শেষ পৃষ্ঠাৰ লেখাঃ

কোন দিশে ধাৱমান নৱপ্ৰজন্ম

          জ্যেষ্ঠ জনৰ আশা, আকাংক্ষা, সপোন এই সকলোবোৰ নতুন প্ৰজন্মৰ সৈতে সাঙুৰ খাই থাকে। যি দৰে বেলি অস্ত যোৱাৰ পিছত  ন-সূৰুযৰ ন ৰেঙনীয়ে পৃথিৱীলৈ কঢ়িয়াই আনে এটি নৱতম পূৱা । সেইদৰে নৱপ্ৰজন্মই এটা জাতি বা দেশখনলৈ নতুনত্ব কঢ়িয়াই আনি ধৰণী ধৰিব বুলি জ্যেষ্ঠ জনে আশা কৰে। সেয়ে কোৱা হয় নৱপ্ৰজন্ম দেশৰ ভৱিষ্যত। কিন্তু আজি এই ভৱিষ্যত কোন দিশে ধাৱমান ?
          যদিও খুব কম সংখ্যক যুৱক-যুৱতীহে অবাটে বাট বুলিছে তথাপিও ই জানো চিন্তাৰ কাৰণ নহয়। বৰ্তমান সময়ত যোৰহাট, বঙাইগাঁও আদিৰ ঘটনাৰ সম্পৰ্কে আপোনালোকে খুব সুন্দৰকৈ জানে। ইয়াৰোপৰি সৌসিদিনা এটা Reel ৰ সম্পৰ্কে ফেচবুকত দুআষাৰ পঢ়িছিলোঁ। লগতে লেখিকা গৰাকীয়ে Reel টোও দি দিছিল। Reel টোত তিনিজনী তেনেই কম বয়সৰ ছোৱালীৰ যিবোৰ দৃশ্য প্ৰত্যক্ষ কৰিছিলোঁ। সেই দৃশ্যই বহু সময়লৈ মূক কৰি ৰাখিছিল। ইমান কম বয়সৰ ছোৱালীয়ে নিৰ্ভিক ভাৱে অশ্লীল Reel বনাবলৈ সাহস পলে ক'ত ? আমাৰ অভিভাবক সকলে এটা এণ্ড্ৰইড ফোন কিনিদিয়ে দায়িত্ব সামৰিলে হ'বনে ? তেওঁলোকৰ ল'ৰা ছোৱালীয়ে সেই ফোনটো ব্যৱহাৰ কৰিব জানিছেনে ? কেনেধৰণৰ কামত ফোনটো ব্যৱহাৰ কৰিছে ? আদি সমূহৰ প্ৰতি লক্ষ্য ৰখাটো অভিভাৱকৰ কৰ্তব্য নহয় জানো !
          ইমান সৰুতে কেৱল ভাইৰেল হোৱাৰ হাবিয়াসত বা কেইটামান লাইক কমেণ্টৰ আশাত আমাৰ নৱপ্ৰজন্মৰ এচাম ( সকলো নহয়) অবাটে গমন কৰা মানেই জানো চিন্তাৰ কাৰণ নহয় ! যি সময়ত নিজক গঢ়িতোলাৰ প্ৰতিযোগিতা চৰম পৰ্যায়ত তেনে সময়ত নিজৰ কৰ্তব্য পাহৰি কেৱল এই ধৰণৰ কামত লিপ্ত হোৱাটো আজি আৰু সহজে ল'ব নোৱাৰি। গতিকে অভিভাবক সকলে নিজৰ দায়িত্ব সঠিক ভাৱে পালন কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে। অন্যথা এটা ৰোগীয়া প্ৰজন্মৰ হাতত দেশ আৰু জাতিক গতাই দি আত্মসনন কৰাৰ বাহিৰে আমাৰ হাতত আৰু অন্য পথ নৰ'বগৈ।

মঞ্জিত হাজৰিকা
সহ সম্পাদক অঙ্গন
6000709096
            


অঙ্গন:  পৃষ্ঠাঃ ৪২





Post a Comment

0 Comments