গ্ৰন্থ পাণ্ডুলিপি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা ২০২১

অংকুৰণ প্ৰকাশনৰ উদ্যোগত আৰু

অঙ্গন ই-আলোচনীৰ সহযোগত আয়োজিত

গ্ৰন্থ পাণ্ডুলিপি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা


অংকুৰণ প্ৰকাশনৰ উদ্যোগত আৰু অঙ্গন ই-আলোচনীৰ সহযোগত আয়োজিত গ্ৰন্থ পাণ্ডুলিপি প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। গল্প, কবিতা, অণুগল্প, ভ্ৰমণ কাহিনী আৰু শিশু উপযোগী গ্ৰন্থ - এই পাঁচটা শিতানত আয়োজিত পাণ্ডুলিপি প্ৰতিযোগিতাত তলত উল্লেখ কৰা ধৰণে প্ৰতিযোগীসকলে স্থান লাভ কৰে।

গল্প পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ‘সহযাত্ৰী’ নামৰ পল্লৱী কোশিক শৰ্মাই লিখা গ্ৰন্থখনে। একেদৰে ৰূপালীম মহন্তই লিখা ‘কথা কোৱা পুতলা’ নামৰ গ্ৰন্থখনে দ্বিতীয় আৰু অংকিতা বৰুৱাই লিখা ‘বৈদেহী’ নামৰ গ্ৰন্থখনে তৃতীয় স্থান লাভ কৰে। গল্প প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ সন্মান লাভ কৰে শ্যামলিমা কাকতিয়ে লিখা ‘ফাগুনৰ সৰাপাতৰ কথা’ নামৰ গ্ৰন্থখনে।

কবিতা পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চিন্ময় বৰুৱাই লিখা ‘ফাগুনৰ কেনভাচত তুমি পলাশ হৈ জিলিকিছা’ নামৰ গ্ৰন্থখনে। একেদৰে জ্যোতিমণি শইকীয়াই লিখা ‘নৈয়ে গান গায়’ নামৰ গ্ৰন্থখনে দ্বিতীয় আৰু শৰ্মীষ্ঠা বৰ্মনে লিখা ‘জাফৰিণ কল্পনা মোৰ’ নামৰ গ্ৰন্থখনে তৃতীয় স্থান দখল কৰে। বিচাৰকৰ বিশেষ সন্মান লাভ কৰে অজন্তা চৌধুৰীয়ে লিখা ‘সুগন্ধি বিচাৰি’ নামৰ গ্ৰন্থখনে। আনহাতে এই প্ৰতিযোগিতাত নিচুকণি বঁটাৰ বাবে বিবেচিত হয় দৰ্শনা কলিতাৰ গ্ৰন্থ ‘মৌ কুঁৱৰী’। উল্লেখ্য যে এই বঁটা কবিগৰাকীয়ে অতি কম বয়সতে কবিতা চৰ্চা কৰা হেতুকে তেখেতক উতসাহিত কৰিবলৈ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অণুগল্প পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বিজুমণি শইকীয়া বৰাই লিখা ‘অপৰাহ্নৰ একাঁজলি ৰ’দ’ নামৰ গ্ৰন্থখনে। শ্যামলিমা কাকতিয়ে লিখা ‘এমুঠি’ নামৰ গ্ৰন্থখনে দ্বিতীয় আৰু শৰ্মীষ্ঠা বৰ্মনে লিখা ‘পাহাৰী নিজৰা’ নামৰ গ্ৰন্থখনে তৃতীয় স্থান পাবলৈ সক্ষম হয়। এই শিতানত বিচাৰকৰ বিশেষ সন্মান লাভ কৰে বন্দনা দত্তই লিখা ‘জীৱনৰ ৰং’ নামৰ গ্ৰন্থখনে।

ভ্ৰমণ কাহিনী পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰতিযোগীৰ সংখ্যা নিচেই কম হোৱা হেতুকে মাত্ৰ দুটা স্থানহে বিবেচনা কৰা হৈছে। এই প্ৰতিযোগিতাত শৰ্মীষ্ঠা বৰ্মনে লিখা ‘বেলি ডুবাৰ আগে আগে ভূটান’ শীৰ্ষক গ্ৰন্থখনে প্ৰথম আৰু শ্যামলিমা কাকতিয়ে লিখা ‘খেলিমেলি ভ্ৰমণ কাহিনী’ নামৰ গ্ৰন্থখনে দ্বিতীয় স্থান পাবলৈ সক্ষম হয়।

শিশুগ্ৰন্থ পাণ্ডুলিপি প্ৰতিযোগিতাত কৃষ্ণাময়ুৰী হাজৰিকাই লিখা ‘নিকি ৰিকি আৰু পৰিভ্ৰমী ৰাজহাঁহৰ সাধু’ নামৰ গ্ৰন্থখনে প্ৰথম স্থান লাভ কৰে। একেদৰে হিৰণ ভূঞাই লিখা ‘দহজন প্ৰথম অসমীয়া’ নামৰ গ্ৰন্থখনে দ্বিতীয় আৰু বিজুমণি শইকীয়া বৰাই লিখা ‘লীজা-লিচা আৰু এহাল বালিমাহী’ নামৰ গ্ৰন্থখনে তৃতীয় স্থান লাভ কৰে। এই প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ সন্মান লাভ কৰে বন্দিতা শৰ্মা কন্দলীয়ে লিখা ‘নতুন দিনৰ সপোন’ নামৰ গ্ৰন্থখনে। উল্লেখ্য যে এই প্ৰতিযোগিতাতো অতি কম বয়সতে সাহিত্য-চৰ্চাৰ ক্ষেত্ৰখনত ভৰি দিয়া বাবে ‘আশাৰ ৰেঙণি’ নামৰ গ্ৰন্থখনৰ লেখক বিৰাজ দত্তলৈ নিচুকণি বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

গ্ৰন্থ পাণ্ডুলিপি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আটাইকেইগৰাকী লেখক-লেখিকালৈ অংকুৰণ প্ৰকাশন আৰু অঙ্গন ই-আলোচনীৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰা হ’ল। লগতে উল্লেখ কৰা হ’ল যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিজন লেখক-লেখিকাক আগন্তুক অক্টোবৰ মাহৰ প্ৰথম পষেকত সম্বৰ্ধনা জনোৱাৰ লগতে বিজয়ীসকলক পুৰস্কৃত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অংকুৰণ প্ৰকাশন আৰু অঙ্গন ই-আলোচনীৰ হৈ--

ড০ অখিল চক্ৰৱৰ্তী, উপদেষ্টা

হেমেন নাথ, মুখ্য সম্পাদক

মঞ্জিত হাজিৰকা, সহঃ সম্পাদক।


Post a Comment

0 Comments