অকণিৰ অংকুৰণ সম্পৰ্কীয় ঘোষণা

অকণিহঁতৰ আলোচনী

'অকণিৰ অংকুৰণ' সম্পৰ্কীয় বিশেষ ঘোষণা

অকণিহঁতৰ মৰমৰ মাহেকীয়া শিশু আলোচনী 'অকণিৰ অংকুৰণ' আগন্তুক ১ জুন, (২০২১) তাৰিখৰ পৰা নিয়মীয়াকৈ অনলাইন যোগে প্ৰকাশৰ দিহা কৰা হৈছে। সাম্প্ৰতিক কভিড পৰিস্থিতিৰ বাবে আলোচনীখনৰ কেবাটাও সংখ্যা আমি ছপা আকাৰে প্ৰকাশ কৰিব পৰা নাছিলোঁ যদিও আলোচনীখন নিয়মীয়াকৈ পঢ়া অকণিহঁতৰ লগতে লেখক-লেখিকা, শিক্ষক-শিক্ষয়িত্ৰী সকলৰ আগ্ৰহৰ প্ৰতি সন্মান জনাই আমি এই সিদ্ধান্তত উপনীত হৈছোঁ। উল্লেখ্য যে কভিড সৃষ্ট এই জটিল পৰিস্থিতিৰ অৱসান ঘটাৰ পাছতেই পুনৰ আগৰ দৰেই আলোচনীখন ছপা আকাৰে অকণিহঁতে ঘৰতে পঢ়িবলৈ পাব।

এই ছেগতে অংকুৰণৰ সমূহ সন্মানীয় প্ৰতিনিধি, শুভাকাংক্ষীলৈ অনুৰোধ জনোৱা হ'ল যাতে তেওঁলোকে পূৰ্বৰ দৰেই আলোচনীখনৰ অনলাইন সংখ্যা কেইটা প্ৰকাশৰ ক্ষেত্ৰতো সহায়-সহযোগিতা আগবঢ়ায়। আনহাতে লেখক-লেখিকা, শিক্ষক-শিক্ষয়িত্ৰী আৰু অকণিহঁতৰ পৰাও গল্প, কবিতা, প্ৰৱন্ধ, ভ্ৰমণ কাহিনী, বিখ্যাত লোকৰ জীৱনী, সাধু, আদি বিচৰা হৈছে। অকণিহঁতে আগৰ দৰেই আলোচনীখনৰ জন্ম দিনৰ শুভেচ্ছা, মোক ৰঙীণ কৰা, সাঁথৰ ভঙা, ছবি অঁকা আদি প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব পাৰিব।

হেমেন নাথ

সম্পাদক, অকণিৰ অংকুৰণ

আলোচনীখনৰ বাবে লেখা অথবা ছবি প্ৰেৰণৰ ঠিকনাঃ

9678696861 (হোৱাট্এপ)

ankuran2014@gmail.com(ই-মেইল)


Post a Comment

0 Comments