অংকুৰণ প্ৰকাশনৰ গ্ৰন্থ-উন্মোচনী আৰু বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন


আজি যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অংকুৰণ প্ৰকাশনৰ উদ্যোগত তথা কাব্য পত্ৰিকা 'কাব্যমালা'ৰ সহযোগত অনুষ্ঠিত এখন গ্ৰন্থ-উন্মোচনী সভাত অংকুৰণ প্ৰকাশন (যোৰহাট) দ্বাৰা প্ৰকাশিত পাঁচখন গ্ৰন্থ উন্মোচন কৰা হয়। এই অভাজনৰ সঞ্চালনাতে অনুষ্ঠিত গ্ৰন্থ-উন্মোচনী সভাখনত কবি শ্ৰীযুত ৰণজিত গগৈয়ে কবিতা গগৈৰ 'এচেৰেঙা পোহৰ বিচাৰি'(কবিতা পুথি), ড° অনিল কুমাৰ শইকীয়াই শ্ৰীলৱ কুমাৰ দত্তৰ ' এবুকু আশা'(কবিতা পুথি), শ্ৰীযুত নাৰায়ণ চন্দ্ৰ ভূঞাই শ্ৰীমতী ৰাণুপ্ৰভা দত্তৰ 'মেকুৰী ডিঙিত টিলিঙা'( শিশু পুথি), শ্ৰীমতী বীণাপাণি মহন্তই শ্ৰীমতী হিৰণ্য দত্ত বৰদলৈৰ 'বৰেণ্য ব্যক্তিৰ বিচিত্ৰ জীৱন' আৰু শ্ৰীযুত দিগন্ত বৰগোহাঁয়ে শ্ৰীমতী জীতামণি ভূঞাৰ 'তুহিন তিনা আৰু গুণগুণহঁতৰ কথাৰে (শিশু গ্ৰন্থ)ৰ শুভ উন্মোচন কৰে । প্ৰতিজন গ্ৰন্থ উন্মোচকেই গ্ৰন্থ উন্মোচন কৰি সেই সম্পৰ্কত নিজৰ মূল্যৱান বক্তব্য আগবঢ়ায় ।
সেই সভাতে অংকুৰণ প্ৰকাশনৰ দ্বাৰা আয়োজিত চতুৰ্থ বাৰ্ষিক চিত্ৰাংকন প্ৰতিযোগিতাৰ 'ক', 'খ' আৰু 'গ' শাখাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয় । উল্লিখিত পুৰস্কাৰসমূহ বিতৰণ কৰি ক্ৰমে শ্ৰীযুত দুৰ্গেশ্বৰ শইকীয়া (মাজুলী), শ্ৰীযুত কিশোৰী মোহন পাল (মাজুলী) আৰু শ্ৰীযুত লৱ কুমাৰ দত্তই প্ৰতিযোগীসকলক উদ্দেশি নিজ নিজ বক্তব্য আগবঢ়ায়।

উল্লেখ্য চিত্ৰাংকন প্ৰতিযোগিতাৰ 'ক' শাখাৰ প্ৰথম পুৰস্কাৰ কবি তথা শিল্পী মৌচুমী বৰদলৈৰ সোঁৱৰণত তেওঁৰ পৰিয়ালৰ্গৰ হৈ ভনীয়েক শ্ৰীমতী মিতালী বৰদলৈয়ে আগবঢ়ায় । আনহাতে চিত্ৰাংকন প্ৰতিযোগিতাৰ 'খ' শাখাৰ প্ৰথম পুৰস্কাৰ প্ৰয়াত অধ্যাপক ৰোহিতেশ্বৰ শইকীয়াৰ সোঁৱৰণত তেখেতৰ পুত্ৰ-কন্যাসকলে আগবঢ়ায় ।

সেই অনুষ্ঠানতে কাব্য পত্ৰিকা ' কাব্যমালা'ৰ চতুৰ্থ বৰ্ষৰ প্ৰথম সংখ্যাটিৰ শুভ উন্মোচন কৰা হয় আৰু ' কাব্যমালা'ৰ সম্পাদক শ্ৰীযুত প্ৰভাত হাজৰিকাই এটি নাতিদীৰ্ঘ বক্তৃতা প্ৰদান কৰে। তাৰউপৰি অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰ শ্ৰীযুত হেমেন নাথে প্ৰকাশকৰ একাষাৰ সুন্দৰভাবে উপস্থাপন কৰে।

সভাত কবি শ্ৰীধন দাস আৰু শ্ৰীযুত পূৰ্ণ বৰাই দুটি স্বৰচিত কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে। তাৰ উপৰি কল্যাণী বাল্যভৱনৰ এটি কণমানি ছাত্ৰ বিৰাজ দত্তই সাম্প্ৰতিক পৰিস্থিতিৰ লগত সংগতি ৰাখি লিখা এটি কবিতা পাঠ কৰি সকলোকে আনন্দ দিয়ে । তিতাবৰৰ চুঙীৰ আলোকসন্ধানী মইনা পাৰিজাতৰ কেইটিমান মইনাই এটি সুন্দৰ সমবেত সংগীত পৰিৱেশন কৰে ।
অনুষ্ঠানৰ আৰম্ভণিতে 'কাব্যমালা' প্ৰকাশত প্ৰথম উদ্যোগ গ্ৰহণ কৰা প্ৰয়াত কবি বন্তি দত্ত শইকীয়াৰ প্ৰতিচ্ছবি আগত এগছি বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । তাৰউপৰি শ্বহীদ সকলৰ লগতে জগন্নাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সদ্য প্ৰয়াত মুকুল চলিহাদেৱৰ আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।
'অংকুৰণ'ৰ প্ৰচাৰ সম্পাদক শ্ৰীযুত গোপাল কৃষ্ণ বাঢ়ৈয়ে আঁত ধৰা সভাখনৰ শেষত অকণিৰ অংকুৰণ শিশু আলোচনীখনৰ সম্পাদক শ্ৰীযুত হেমেন নাথে শলাগৰ শৰাই আগবঢ়ায় ।

Post a Comment

0 Comments